অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাসায়নিক বিক্ৰিয়া জনিত ৰোগ

ৰাসায়নিক বিক্ৰিয়া জনিত ৰোগ

জীৱদেহৰ অভ্যন্তৰত নানা ধৰণৰ ৰাসায়নিক বিক্ৰিয়া চলি থাকে| খাদ্য হজম কৰা প্ৰক্ৰিয়াও এক ধৰণৰ ৰাসায়নিক বিক্ৰিয়াৰ মাজেদি পাৰ হয়| এই বিক্ৰিয়াৰ ফলত শৰীৰে শক্তি লাভ কৰে আৰু দেহৰ গঠনে গতি লাভ কৰে| যিকোনো কাৰণত এই কাৰ্য্যত বাধা আহি পৰিলে শৰীৰে শক্তি লাভ কৰিব নোৱাৰে আৰু দেহৰ গঠনৰ গতি স্থবিৰ হয়, ফলত দেহৰ নানা ৰোগে দেখা দিয়ে| এনে ধৰণৰ ৰোগক ‘মেটাবলিক ৰোগ’ বা ৰাসায়নিক বিক্ৰিয়া জনিত ৰোগ বোলা হয়| পশুধন সমূহে গ্ৰহণ কৰা খাদ্য সমূহ খাদ্যনলীত বিভিন্ন স্তৰৰ মাজেদি গৈ সৰল হয়| এই সৰল হোৱা খাদ্যৰ বিভিন্ন উপাদান সমূহ তেতিয়া খাদ্যনলীৰ কিছুমান নিৰ্দ্দিষ্ট অংশইদি শোষণ হয় আৰু তেজৰ সহায়ত শৰীৰৰ বিভিন্ন অংগই পায়| এইদৰে শৰীৰ গঠন হয় আৰু পশুধনৰ পৰা আমি পোৱা বিভিন্ন উৎপাদিত সামগ্ৰী যেনে-গাখীৰ,কণী,মাংস ইত্যাদি পৰ্য্যাপ্ত পৰিমাণে লাভ কৰাত সহায়ক হয়| এই কথা পশুধনৰ বাহিৰেও ঘৰচীয়া পোহনীয়া চৰাইৰ ক্ষেত্ৰতো প্ৰয়োজ্য|উক্ত সমস্ত কাৰ্য্যৰ লগত দেহৰ গ্ৰন্থীসমূহৰ পৰা নি:সৰন হোৱা ৰস,পাচক ৰস আদিৰো পৰোক্ষ বা প্ৰত্যক্ষ সম্পৰ্ক আছে| এই গোটেই কাৰ্য্যৰ শৃংখলটোৰ যি কোনো এটা স্তৰত যদি বিসংগতি ঘটে,তেন্তে সমগ্ৰ কাৰ্য্য বাধা প্ৰাপ্ত হ’ব আৰু শৰীৰত ৰোগ উৎপন্ন হ’ব| শিৰোনামত উল্লেখ কৰাৰ দৰে এই ৰোগ গাখীৰতী জন্তুৰ ক্ষেত্ৰত বেচিকৈ হোৱা দেখা যায়| এই কথা সকলোৰে জ্ঞাত যে,গাখীৰত “সমতুল” আহাৰত থাকিব লগা প্ৰায় সকলো উপাদান থাকে| ইয়াত খনিজ লৱণ(মিনাৰেল) যেনে-কেলচিয়াম,ফচফৰাচ,মেংগানিজ,পটাচিয়াম বা খাদ্য প্ৰাণ-“এ”, “বি”, “ই” আদি মজুত থাকে|স্বাভাৱিক কাৰণত যেতিয়া এজনী গাখীৰতী গাই বা মহে এই উপাদান সমূহ নথকা খাদ্য খাই থাকে, তেতিয়া ইহঁতে নিজৰ শৰীৰত মজুত থকা সেই উপাদান সমুহ গাখীৰলৈ উলিয়াই দিব লগা হয় ফলত উক্ত পশুধনৰ শৰীৰত অপুষ্টিয়ে দেখা দিয়ে| কেতিয়াবা এই অপুষ্টি হঠাৎ সৃষ্টি হয় আৰু সেই পশুধনৰ তেজত উক্ত খনিজ লৱণৰ পৰিমাণ হ্ৰাস পাই, পশুধনৰ মৃত্যুৰ কাৰণ হ’ব পাৰে| কোনো কোনো ক্ষেত্ৰত ওপৰত উল্লেখ কৰা “হৰম’নৰ” অভাৱ বা বিসংগতি ঘটি বিপাক প্ৰক্ৰিয়াত বিভ্ৰাট ঘটে আৰু শৰীৰত দূষিত পদাৰ্থ উৎপন্ন হৈ ৰোগ সৃষ্টি কৰে| সততে পোৱা গাখীৰতী জন্তুৰ “মেটাবলিক ৰোগ” কেইবিধ মান হ’ল-

১) ডাউনাৰচ্‌-কাও-চিন্দ্ৰমচ্‌

২) কিটোচিচ

৩) মিল্কফিভাৰ

৪) পাৰচুৱেন্ট পেৰেচিচ্‌/হাইপ’কেলচিমিয়া

৫) লেক্‌টেটিং টিটেনি

৬) ট্ৰেনচ্‌প’ৰ্ট টিটেনি ইত্যাদি|

১) ডাউনাৰচ্‌-কাও-চিন্দ্ৰমচ্‌: পোৱালি দিয়াৰ আগে-পিছে এই ৰোগ হোৱা দেখা যায়|পিছ ঠেঙত আঘাত প্ৰাপ্ত হ’লে আৰু গাইজনী “মিল্কফিভাৰ’ ৰোগত ভুগি থাকিলে এই ৰোগ জটিল ৰুপত দেখা দিয়ে,মৃত্যুৰ হাৰ বেচি হয়|চিকিৎসা আৰু উপযুক্ত প্ৰতিপালনৰ দ্বাৰা এই ৰোগৰ পৰা ৰক্ষা পৰিব পাৰি|

২) কিটোচিচ্‌: পোৱালি দিয়া জন্তুৰ,পোৱালি দিয়াৰ ২০-৩০ দিনৰ ভিতৰত এই ৰোগ হয়|শ্বেতসাৰ “মেটাবলি জিম”ৰ বিসংগতিৰ বাবে এই ৰোগ হয়|গৰু,মহ,ভেৰা আদিৰ এই ৰোগ হোৱা দেখা যায়|উপযুক্ত চিকিৎসা(গ্লুকজ চেলাইন ইত্যাদি) প্ৰদান কৰি এই ৰোগ নিৰাময় কৰিব পাৰি|

৩) মিল্কফিভাৰ হাইপ’কেলচিমিয়া: গাখীৰতী জন্তুৰ পোৱালী দিয়াৰ ৪৮ ঘণ্টাৰ ভিতৰত এই ৰোগ হোৱা দেখা যায়|কিছু কিছু ক্ষেত্ৰত পোৱালি দিয়াৰ আগত,গৰ্ভৱতী অৱস্থাত এই ৰোগ হয়|মুলত: তেজত কেলচিয়াম আয়ন হ্ৰাস পোৱাৰ বাবে এই ৰোগ হয়|যোগান ধৰা খাদ্যত কেলচিয়ামৰ অভাৱ,খাদ্যত খাদ্যপ্ৰাণ “D” ৰ অভাৱ,পেৰাথাইৰড গ্ৰন্থীৰ কাৰ্য্যক্ষমতা হ্ৰাস পোৱা ইত্যাদি কাৰণত এই ৰোগ হব পাৰে|সময়মতে চিকিৎসা নকৰিলে এই ৰোগত মৃত্যু ঘটাৰ উদাহৰণ আছে|কিন্তু উপযুক্ত সময়ত উপযুক্ত চিকিৎসা গ্ৰহণ কৰিলে পশুধনক ৰোগমুক্ত কৰিব পৰা যায়|

৪) লেক্‌টেটিং টিটেনি: গাই গৰু, ভেৰা বা ঘোঁৰাৰো এই ৰোগ হোৱা দেখা যায়|গাখীৰতী জন্তুৰ গাখীৰ দি থকাৰ কালত “মেগনেচিয়াম” ৰ অভাৱত এই ৰোগে দেখা দিয়ে|সধাৰণতে জন্তুক যোগান ধৰা কেঁচা ঘাঁহত যদি “মেগনে্‌চিয়াম” ৰ অভাৱ থাকে, তেনেহ’লে এই ৰোগ হ’ব পাৰে| ইয়াৰ কাৰণ হ’ল ঘাঁহৰ খেতি কৰা মাটিত উক্ত ‘মেগনে্‌চিয়াম” আয়নৰ অভাৱ| মেগনে্‌চিয়াম যুক্ত ঔষধ তেজত দি (চেলাইন) এই ৰোগ আৰোগ্য কৰিব পাৰি| আক্ৰান্ত জন্তুক বেচি কষ্ট দিব নালাগে| তদুপৰি পুষ্টিকৰ খাদ্য যোগান ধৰা অতি আৱশ্যক|

ট্ৰেনচ্‌প’ৰ্ট টিটেনিং

গৰ্ভৱতী অৱস্থাত ভ্ৰমণ কৰালে এই ৰোগ পশুধনৰ ক্ষেত্ৰত বেচিকৈ হোৱা দেখা যায়| প্ৰাথমিক গাখীৰতী জন্তুৰ ক্ষেত্ৰতো ভ্ৰমণৰ পিছত এই ৰোগ হ’ব পাৰে| গ্লুকজ চেলাইন, “ক্লৰেল হাইড্ৰেট” ব্যৱহাৰ কৰি এই ৰোগৰ পৰা পশুধনাক ৰক্ষা কৰিব পাৰি|

সামৰণি

দেখা গ’ল যে, গাখীৰতী জন্তুৰ ক্ষেত্ৰত “মেটাবলিক” ৰোগ শৰীৰৰ বিপাক প্ৰক্ৰিয়াৰ বিসংগতিৰ বাবে হয়|যি বিলাক কাৰক এই বিসংগতিৰ মূল, তেনে কাৰক সমূহক দূৰ কৰি উপযুক্ত যতন ল’ব পাৰিলে পশুধনক বিশেষকৈ গাখীৰতী জন্তুক এই ৰোগৰ পৰা মুক্ত ৰাখিব পাৰি| সঠিক সমতুল আহাৰ যোগান তথা এই ৰোগৰ পৰা পৰিত্ৰান পোৱাৰ মূল উপাই গৰ্ভৱতী অৱস্থাৰ পৰাই এই ক্ষেত্ৰত বিশেষ যত্ন লোৱাটো| তাৰ উপৰিও খাদ্যনলীৰ যি বিলাক অঞ্চলত খাদ্যৰ উপাদান সমূহ শোষণ হয়,যি বিলাক নলী বিহীন গ্ৰন্থীৰ পৰা ৰস নি:সৰণ হৈ খাদ্য বিপাক ক্ৰিয়াত সহায়ক হয় বা যি অঞ্চলৰ পৰা বিভিন্ন পাচক ৰস নি:সৰণ ঘটি হজম ক্ৰিয়াত সহায় কৰে সেই অংগ সমূহৰ হ’ব পৰা ৰোগ,আগতীয়াকৈ অনুসন্ধান কৰি চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে|এই ক্ষেত্ৰত যকৃৎৰ যিকোনো ৰোগৰ আগতীয়া অনুসন্ধান আৰু তাৰ প্ৰতিকাৰ বা প্ৰতিৰোধ কৰা অতি আৱশ্যক| কাৰণ এই সকলো প্ৰক্ৰিয়াত যকৃৎৰ অংশ গ্ৰহণ অতি গুৰুত্বপূৰ্ণ| সময়োচিত পেলুৰ প্ৰতিষেধক ঔষধ আৰু বেমাৰৰ ৰোগ প্ৰতিৰোধক টিকা দিয়াও অতি আৱশ্যক|

ডা° অৰুণ বৰকটকী।

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate