অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কৃত্ৰিম প্ৰজনন

কৃত্ৰিম প্ৰজনন কি?

আজিকালি আমাৰ বহুত খেতিয়কে উন্নত জাতৰ গৰু পোহাত আগ্ৰহী হৈছে। কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে বহুতৰ কাৰণে এজনী উন্নত জাতৰ গাই কিনাটো কঠিন। গতিকে আমাৰ কৃষকসকলে টকা নাই বুলি বহি থাকিলে নহ’ব। তাৰ উপায় নাই। উপায়টো হ’ল থলুৱা গৰুজনীকে কৃত্ৰিম প্ৰজনন (এ.আই) কৰাই তাৰ জৰিয়তে এটি বৰ্ণসংকৰ অধিক উৎপাদন ক্ষম পোৱালি লাভ কৰা।

অৱশ্যে আমাৰ বহুতৰে কৃত্ৰিম প্ৰজননৰ ওপৰত সম্যক জ্ঞান নাই। কৃত্ৰিম প্ৰজনন হ’ল-আন কোনো অধিক উৎপাদনক্ষম জাতৰ ষাঁড় গৰুৰ শুক্ৰ এজনী গৰম হোৱা থলুৱা গাইৰ জৰায়ুত কৃত্ৰিমভাৱে স্থাপন কৰোৱা। এইদৰে কৃত্ৰিমভাৱে প্ৰজনন ঘটাই থলুৱা গাইৰপৰা উন্নত জাতৰ পোৱালি আৰু অধিক গাখীৰ পাব পাৰি। এতিয়া প্ৰশ্ন হ’ল ইয়াৰ উপকাৰিতাসমূহ কি কি?

উপকাৰিতাসমূহ

  • এজনী থলুৱা গাইৰ পৰা অধিক উৎপাদনক্ষম বৰ্ণসংকৰ জাতৰ গৰু পাব পাৰি।
  • কৃত্ৰিম প্ৰজননৰ দ্বাৰা জন্ম হোৱা চেঁউৰীৰ বাঢ়ন ক্ষমতা বেছি।
  • এনে চেঁউৰীয়ে সোনকালে পোৱালি দিয়া ক্ষমতা লাভ কৰে। পোৱালিবোৰ সু স্বাস্থ্যৰ হয় আৰু ৰোগ প্ৰতিৰোধী ক্ষমতাও বেছি থাকে।
  • এনে বৰ্ণসংকৰ জাতৰ দমৰাবোৰৰ কৃষি কাৰ্য কৰাৰ ক্ষমতা থলুৱা গৰুতকৈ বেছি।
  • এনে বৰ্ণসংকৰ গাই গৰুৱে কমেও দিনে পাঁচ-ছয় লিটাৰ গাখীৰ দিয়ে।
  • কৃত্ৰিম প্ৰজননৰ জৰিয়তে বহুধৰণৰ যৌন ৰোগৰ পৰা গাইজনী ৰক্ষা পৰে।

কৃত্ৰিম প্ৰজননৰ সময়ত গো পালকে মন কৰিবলগীয়াদিশসমূহ

কৃত্ৰিম প্ৰজনন এনে এক পদ্ধতি য’ত গাইজনী পাল খুওৱাৰ এক নিৰ্দিষ্ট সময়ত প্ৰজনন ঘটালেহে ইয়াৰ পৰা আশানুৰুপ ফল পাব পাৰি।

গো-পালকে তলত উল্লেখ কৰা কথা কেইটা মন কৰাটো অতি প্ৰয়োজনীয়-

  • গাইজনীয়ে যেতিয়া হেম্বেলিয়াই থাকে আৰু বাহিৰলৈ ওলাই যাবলৈ উত্ৰাৱল হয়।
  • গাইজনীয়ে যেতিয়া গোহালিৰ অন্য গৰুৰ ওপৰত জঁপিয়াই উঠিব বিচাৰে।
  • গাইজনীয়ে যোনীদ্বাৰেদি যেতিয়া তৰল বগা জুলীয়া পদাৰ্থ নিঃসৰিত হয়।
  • ঘনে ঘনে কম পৰিমাণে প্ৰস্ৰাৱ কৰে।

ওপৰত উল্লেখ কৰা লক্ষণসমূহ গাইজনীৰ গাত দেখা দিলে ওচৰৰ পশু-চিকিৎসালয়ত বা ব্যক্তিগত প্ৰতিষ্ঠানত জনাব লাগে আৰু কৃত্ৰিম প্ৰজননৰ ব্যৱস্থা কৰিব লাগে।

উক্ত লক্ষণসমূহ দেখা দিয়াৰ ৮ৰ পৰা ১২ ঘণ্টাৰ ভিতৰত গাইজনীৰ কৃত্ৰিম প্ৰজনন কৰোৱাৰ বাবে নিলেহে ভাল ফল পাব পাৰি।

সামৰণিত ইয়াকে ক’ব পাৰি যে কৃত্ৰিম প্ৰজননৰ জৰিয়তে অধিক উৎপাদনক্ষম পোৱালি লাভ কৰি, নিজে লাভৱান হোৱাৰ্ লগতে দেশতো চহকী কৰিব পাৰি।

শুক্ৰ গুণাগুণ আৰু যোগানৰ উৎস সম্পৰ্কীয় তথ্য

শুক্ৰৰ গুণাগুণ গতিশীলতা আৰু শুক্ৰাণুৰ সংখ্যা আদি পৰীক্ষাগাৰত নিৰুপণ কৰা হয়। শুক্ৰাণুসমূহ সক্ৰিয় কৰি ৰাখিবৰ বাবে কিছুমান মিশ্ৰণক লগ লগাই এবিধ বিশেষ ধৰণৰ এমূৰ বন্ধ নলীত সুমুৱাই আনটো মূৰ প্ৰয়োশালাত বন্ধ কৰি দিয়া হয়। নলীবোৰ ইংৰাজীত ‘ষ্ট’ বোলা হয়। এই ষ্ট্ৰ’বোৰ জুলীয়া নাইট্ৰজেন গেছ থকা ক্ৰায়োকেনত কেনিষ্টাৰত ডুব খাই থাকে। এই ক্ৰায়োকেনৰ উষ্ণতা -১৯৬o চে:ত ৰখা হয়। কেতিয়াবা এই জুলীয়া নাইট্ৰ’জেন  গেছৰ পৰিমাণ কমি গলে বা নোহোৱা হ’লে শুক্ৰাণুৰ সক্ৰিয়তা নোহোৱা হৈ যায়। গতিকে ক্ৰায়োকেনেত জুলীয়া নাইট্ৰজেন গেছ এক নিৰ্দিষ্ট পৰিমাণত ৰখাটো অতি আৱশ্যকীয়। মাজে সময়ে ক্ৰায়োকেনৰ পৰা ষ্ট্ৰ্ৰ উলিয়াই শুক্ৰাণুসমূহৰ গতিশীলতাৰ পৰীক্ষা কৰা অতি প্ৰয়োজনীয়।

যোগানৰ উৎস

গো পালক ৰাইজৰ সুবিধাৰ বাবে অসম পশুপালন আৰু পশুচিকিৎসা বিভাগে গুৱাহাটীক মূল কেন্দ্ৰ কৰি অসমৰ বিভিন্ন ঠাইত আঞ্চলিক গো-প্ৰজনন কেন্দ্ৰ আৰু উপকেন্দ্ৰ কিছুমান মুকলি কৰিছে। উক্ত কেন্দ্ৰ আৰু উপকেন্দ্ৰবোৰত গাই গৰুৰ প্ৰজননৰ সময় হ’লে উন্ন্ত ষাঁড়ৰ বীজেৰে কৃত্ৰিম প্ৰজনন কৰাব পাৰি। সময়মতে খবৰ কৰি ওচৰৰ কেন্দ্ৰ বা উপকেন্দ্ৰবোৰৰ জৰিয়তে নিজৰ ঘৰৰ চোতালতে গাই গৰুক প্ৰজনন কৰাব পাৰি।

প্ৰাৰম্ভিক চিকিৎসা প্ৰণালী

পশুক নিয়মীয়া নিৰীক্ষণৰ প্ৰয়োজন। অস্বাভাৱিক ব্যৱহাৰ চকুত পৰাৰ লগে লগে পশু চিকিৎসকৰ পৰামৰ্শ মতে পশুক চিকিৎসাৰ ব্যৱস্থা কৰাব লাগে।

বিজ্ঞানসন্মত প্ৰতিপালন আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাই পশুৰ বেমাৰ বহু পৰিমাণে প্ৰশমিত কৰে। গোহালিৰ মজিয়াখন প্ৰতিদিনে তিনিবাৰকৈ পানী মাৰি পৰিষ্কাৰ কৰিব লাগে আৰু নলাৰেলেতেৰাবোৰ দূৰলৈ পঠিয়াব লাগে। এনে কৰিলে পেলুজনিত ৰোগ, খীৰতী গাইৰ ওহাৰফুলা ৰোগ, পোৱালিৰ ঘূৰণীয়া পেলু আৰু হাগনী আদি ৰোগৰ পৰা হাত সাৰিব পাৰি।

গোহালিত অচিনাকি বা বেমাৰী মানুহ সোমাব দিব নালাগে। তেওঁলোকে কিছুমান মাৰাত্মক বেমাৰৰ বীজাণু পশুলৈ কঢ়িয়াব পাৰে।

 

উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম

শেহতীয়া উন্নীতকৰণ: : 7/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate