মূল পৃষ্ঠা / কৃষি / পশু পালন / দুগ্ধ উৎপাদন / গো-পামত খাদ্য যোগান প্ৰণালীঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গো-পামত খাদ্য যোগান প্ৰণালীঃ

গো-পামত খাদ্য যোগান প্ৰণালী আলোচনা কৰা হৈছে

গো-পামত খাদ্য যোগান-

 

অসমত অতীজৰে পৰা কৃষক তথা গোপালকসকলে গৰু-ম’হ পালন কৰি আহিছে আৰু কম-বেছি পৰিমাণে গাখীৰো উৎপাদন কৰিছে। অসমত যিবোৰ থলুৱা জাতৰ গাইগৰু পালন কৰা হয় সেইবোৰৰ উৎপাদন ক্ষমতা বৰ কম। গাখীৰ উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান গোপালকসকলে জাৰ্চি, ফ্ৰিজিয়ান, ৰেডডেন আদি অধিক উৎপাদনক্ষম বৰ্ণশংকৰ গাইগৰু উৎপাদন কৰিবলৈ লৈছে। বৰ্তমান নিবনুৱা যুৱকসকলেও গোপালন এক ব্যৱসায় হিচাপে অৱলম্বন কৰি স্ব-নিয়োজনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গৱেষণা তথা ব্যৱহাৰিক দিশৰ পৰা দেখা গৈছে যে গো-পামৰ মুঠ খৰচৰ ৫০-৬০ শতাংশ অকল খাদ্যতেই খৰচ হয়। গতিকে গৰু-ম’হক বিজ্ঞানসন্মত আৰু কম খৰচতে পুষ্টিকৰ আহাৰ যোগান ধৰিব পাৰিলেহে পালকসকল অধিক লাভৱান হ’ব পাৰিব।

খীৰতী গাইজনীৰ সুস্বাস্থ্য আৰু গাখীৰ উৎপাদনৰ বাবে পুষ্টিকৰ আৰু সুষম আহাৰৰ প্ৰয়োজন। গৰু-ম’হৰ খাদ্য দুই ধৰণৰ- ঘাঁহ আৰু দানা।

ঘাঁহঃ

 

শুকান ঘাঁহঃ ধান খেৰ, ঘেঁহুৰ খেৰ আৰু মিশ্ৰিত শুকান ঘাঁহ ইত্যাদি।

সেউজীয়া ঘাঁহ, থলুৱা জাতৰ ঘাঁহঃ দল, উৰিদল, এৰালি, নল, খাগৰি, বহপতীয়া বন, কঁহুৱা বন ইত্যাদি।

গছপাতঃ আম, জাম, কঁঠাল, ডিমৰু, সৌৰা, কুঁহিয়াৰৰ পাত ইত্যাদি।

উন্নত জাতৰ ঘাঁহঃ হাইব্ৰিড নেপিয়াৰ, গিনি, পাৰা, মাকৈ, বজ্ৰা, ওট আৰু মাহজাতীয় ঘাঁহ যেনে- কাউপি, বাৰ্চিম, লুচাৰ্ণ, মটৰ মাহ আৰু ৰাইচবিন ইত্যাদি।

দানাৰ উপাদানঃ চাউলৰ মল, চাউলৰ খুদি, মাকৈৰ গুড়ি, চাপৰ আৰু বিভিন্ন খলিহৈ যেনে- বাদামৰ খলিহৈ, সৰিয়হৰ খলিহৈ, তিলৰ খলিহৈ, তিচি গুটিৰ খলিহৈ আৰু বুটৰ গুড়ি, মটৰ মাহ, মাটি মাহ, খেচিৰী দাইল ইত্যাদি।

অন্যান্যঃ বন্ধাকবি, ওলকবি, গাজৰ, মূলা আদিৰ সেউজীয়া পাত আৰু ৰান্ধনী ঘৰৰ পেলনীয়া অংশ, মিঠা আলু ইত্যাদি।

খনিজ পদাৰ্থঃ খনিজ পদাৰ্থৰ মিশ্ৰণ।

ভিটামিনঃ ভিটামিন মিশ্ৰণ।

নিমখঃ আয়’ডিনযুক্ত নিমখ।

পোৱালিৰ আহাৰঃ

 

নৱজাত পোৱালিক জন্মৰ দুই ঘণ্টাৰ ভিতৰত মাকৰ ফেঁহু খাবলৈ দিব লাগে। ইয়াৰ পাছত প্ৰথম চাৰিদিন ৪-৫ ঘণ্টাৰ ব্যৱধানত ফেঁহু খুৱাব লাগে আৰু তলত উল্লেখ কৰা ধৰণে গাখীৰ খুৱাব লাগে।

পোৱালিক গাখীৰ খুওৱাৰ নিয়মঃ

-  জন্মৰ পৰা ৪ সপ্তাহ বয়সলৈকে দেহৰ ওজনৰ ১০ শতাংশ গাখীৰ খাব দিব লাগে।

- জন্মৰ পৰা ৫-৮ সপ্তাহ বয়সলৈকে দেহৰ ওজনৰ ৬-৫ শতাংশ গাখীৰ খাব দিব লাগে।

- জন্মৰ পৰা ৯-১২ সপ্তাহ বয়সলৈকে দেহৰ ওজনৰ ৫ শতাংশ গাখীৰ খাব দিব লাগে।

- পোৱালিৰ বয়স যেতিয়া ২১ দিন হয় তেতিয়া পোৱালিৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা পোৱালিৰ আৰম্ভণি দানা খুৱাব লাগে।

পোৱালিৰ আৰম্ভণিৰ দানাৰ আৰ্হিঃ

 

২১ দিনৰ পৰা ২ মাহ বয়সলৈকে মাকৈৰ গুড়ি ৫০ কিঃ গ্ৰাঃ, বাদামৰ খলিহৈ ৩৩ কিঃ গ্ৰাঃ, গুড়ি গাখীৰ ১০ কিঃ গ্ৰাঃ, চাপৰ ৫ কিঃ গ্ৰাঃ আৰু খনিজ পদাৰ্থৰ মিশ্ৰণ ২ কিঃ গ্ৰাঃ। এনেদৰে ১০০ কিলোগ্ৰাম দানা প্ৰস্তুত কৰিব লাগে।

প্ৰতি ১০০ কিলোগ্ৰাম দানাত ওপৰঞ্চি মিহলাবলগীয়া উপাদানসমূহ হ’লঃ

 

ভিটামিনঃ ২০ গ্ৰাম, এণ্টিবায়’টিকঃ ৬০ গ্ৰাম আৰু গুৰঃ ৫ কিঃ গ্ৰাঃ। পোৱালিবোৰক কুমলীয়া সেউজীয়া ঘাঁহ খাব খোজা অনুপাতত যোগান ধৰাৰ লগতে নিতৌ ১০০-২০০ গ্ৰাম আৰম্ভণিৰ দানা যোগান ধৰিব লাগে। বয়সৰ লগে লগে ঘাঁহ আৰু দানাৰ পৰিমাণো বঢ়াই দিয়া উচিত।

বাঢ়নীয়া গৰু পোৱালিৰ আহাৰঃ

 

পোৱালিৰ বয়স ৩ মাহ হ’লে ইহঁতৰ পাকস্থলীৰ গঠন পূৰ্ণ হয় আৰু তেতিয়া ডাঙৰ গৰুৰ দৰে ঘাঁহ-দানা আদি হজম কৰিব পাৰে। এজনী বাঢ়নীয়া পোৱালিক আৰম্ভণিতে ৩ মাহ বয়সত দৈনিক ৫-১০ কিলোগ্ৰাম সেউজীয়া ঘাঁহ আৰু ২০০ গ্ৰাম দানা যোগান ধৰি পাছলৈ বয়স বাঢ়ি অহাত দানা আৰু ঘাঁহৰ পৰিমাণো বঢ়াই দিব লাগে।

বাঢ়নীয়া পোৱালিৰ দানাঃ

 

(৩ মাহৰ পৰা ১ বছৰ বয়সলৈ) মাকৈৰ গুড়ি ৪২ কিলোগ্ৰাম, বাদাম/সৰিয়হৰ খলিহৈ ৩৫ কিলোগ্ৰাম, চাউলৰ মল/চাপৰ ২০ কিলোগ্ৰাম, খনিজ পদাৰ্থ ২ কিলোগ্ৰাম আৰু নিমখ ১ কিলোগ্ৰাম। এনেদৰে এবাৰত ১০০ কিলোগ্ৰাম দানা প্ৰস্তুত কৰিব লাগে। এনে প্ৰস্তুত কৰা প্ৰত্যেক ১০০ কিলোগ্ৰাম দানাত বভিমিক্স ২০ গ্ৰাম আৰু অৰোফেক ২০ গ্ৰাম মিহলি কৰিব লাগে।

প্ৰাপ্তবয়স্ক বা চেঁউৰীৰ আহাৰঃ

 

প্ৰাপ্তবয়স্ক বা চেঁউৰী গৰুৰ সুস্বাস্থ্য আৰু উপযুক্ত সময়ত যাতে প্ৰজনন ক্ষমতা আহৰণ কৰিব পাৰে তাৰ বাবে প্ৰতিপালন আৰু সুষম আহাৰ যোগান ধৰিব লাগে।

প্ৰাপ্তবয়স্ত বা চেঁউৰীৰ দানাৰ আৰ্হিঃ

 

মাকৈৰ গুড়ি ৪২ কিলোগ্ৰাম, চাপৰ ৩০ কিলোগ্ৰাম, বাদামৰ খলিহৈ ২৫ কিলোগ্ৰাম, খনিজ পদাৰ্থ মিশ্ৰণ ২ কিলোগ্ৰাম আৰু নিমখ ১ কিলোগ্ৰাম। এনেদৰে এবাৰত ১০০ কিলোগ্ৰাম দানা প্ৰস্তুত কৰিব লাগে।

 

(উৎসঃ অসমীয়া খবৰ)।

3.0625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top