মূল পৃষ্ঠা / কৃষি / পশু পালন / দুগ্ধ উৎপাদন / গো-পামত খাদ্য যোগান প্ৰণালীঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গো-পামত খাদ্য যোগান প্ৰণালীঃ

অসমত অতীজৰে পৰা কৃষক তথা গো-পালকসকলে গৰু-ম’হ পালন কৰি আহিছে আৰু কম-বেছি পৰিমাণে গাখীৰো উৎপাদন কৰিছে

 

অসমত অতীজৰে পৰা কৃষক তথা গো-পালকসকলে গৰু-ম’হ পালন কৰি আহিছে আৰু কম-বেছি পৰিমাণে গাখীৰো উৎপাদন কৰিছে। অসমত যিবোৰ থলুৱা জাতৰ গাইগৰু পালন কৰা হয় সেইবোৰৰ উৎপাদন ক্ষমতা বৰ কম। গাখীৰ উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান গো-পালকসকলে জাৰ্চি, ফ্ৰিজিয়ান, ৰেডডেন আদি অধিক উৎপাদনক্ষম বৰ্ণসংকৰ গাইগৰু পালন কৰিবলৈ লৈছে। বৰ্তমান নিবনুৱা যুৱকসকলেও গো-পালন এক ব্যৱসায় হিচাপে অৱলম্বন কৰি স্ব-নিয়োজনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। গৱেষণা তথা ব্যৱহাৰিক দিশৰ পৰা দেখা গৈছে যে গো-পামৰ মুঠ খৰচৰ ৫০-৬০ শতাংশ অকল খাদ্যতেই খৰচ হয়। গতিকে গৰু-ম’হক বিজ্ঞানসন্মত আৰু কম খৰচতে পুষ্টিকৰ আহাৰ যোগান ধৰিব পাৰিলেহে পালকসকল অধিক লাভৱান হ’ব পাৰিব। খীৰতী গাইজনীৰ সুস্বাস্থ্য আৰু গাখীৰ উৎপাদনৰ বাবে পুষ্টিকৰ আৰু সুষম আহাৰৰ প্ৰয়োজন। গৰু-ম’হৰ খাদ্য দুই ধৰণৰ- ঘাঁহ আৰু দানা।

ঘাঁহঃ

 

শুকান ঘাঁহঃ ধান খেৰ, ঘেঁহুৰ খেৰ আৰু মিশ্ৰিত শুকান ঘাঁহ ইত্যাদি।

সেউজীয়া ঘাঁহঃ-

 

থলুৱা জাতৰ ঘাঁহঃ দল, উৰিদল, এৰালি, নল, খাগৰি, বাঁহতীয়া বন, কহুৱা বন ইত্যাদি।

গছপাতঃ আম, জাম, কঁঠাল, ডিমৰু, সৌৰা, কুঁহিয়াৰৰ পাত ইত্যাদি।

উন্নতজাতৰ ঘাঁহঃ হাইব্ৰিড নেপিয়াৰ, গিনি, পাৰা, মাকৈ, ৰীণা, বজ্ৰা, ওট আৰু

মাহজাতীয় ঘাঁহঃ যেনে- কাউপি, বাৰ্চিম, লুচাৰ্ণ, মটৰ মাহ আৰু ৰাইচবিন ইত্যাদি।

দানাৰ উপাদানঃ চাউলৰ মল, চাউলৰ খুদি, মাকৈৰ গুড়ি, চাপৰ আৰু বিভিন্ন খলিহৈ যেনে- বাদামৰ খলিহৈ, সৰিয়হৰ খলিহৈ, তিলৰ খলিহৈ, তিচি গুটিৰ খলিহৈ আৰু বুটৰ গুড়ি, মটৰমাহ, মাটিমাহ, খেচাৰি দাইল ইত্যাদি।

অন্যান্যঃ বন্ধাকবি, ওলকবি, গাজৰ, মূলা আদিৰ সেউজীয়া পাত আৰু ৰান্ধনি ঘৰৰ পেলনীয়া অংশ, মিঠা আলু ইত্যাদি।

খনিজ পদাৰ্থঃ খনিজ পদাৰ্থৰ মিশ্ৰণ।

ভিটামিনঃ ভিটামিন মিশ্ৰণ।

নিমখঃ আয়’ডিনযুক্ত নিমখ।

পোৱালিৰ আহাৰঃ

 

নৱজাত পোৱালিক জন্মৰ দুই ঘণ্টাৰ ভিতৰত মাকৰ ফেহু খাবলৈ দিব লাগে। ইয়াৰ পাছত প্ৰথম চাৰিদিন ৪-৫ ঘণ্টাৰ ব্যৱধানত ফেহু খুৱাব লাগে আৰু তলত উল্লেখ কৰা ধৰণে গাখীৰ খুৱাব লাগে।

পোৱালিক গাখীৰ খুউৱাৰ নিয়মঃ

 

-  জন্মৰ পৰা ৪ সপ্তাহ বয়সলৈকে দেহৰ ওজনৰ ১০ শতাংশ গাখীৰ খাব দিব লাগে।

-  জন্মৰ পৰা ৫-৮ সপ্তাহ বয়সলৈকে দেহৰ ওজনৰ ৬-৫ শতাংশ গাখীৰ খাব দিব লাগে।

-  জন্মৰ পৰা ৯-১২ সপ্তাহ বয়সলৈকে দেহৰ ওজনৰ ৫ শতাংশ গাখীৰ খাব দিব লাগে।

পোৱালিৰ বয়স যেতিয়া ২১ দিন হয় তেতিয়া পোৱালিৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা পোৱালিৰ আৰম্ভণি দানা খুৱাব লাগে।

পোৱালিৰ আৰম্ভণিৰ দানাৰ আৰ্হিঃ

 

(২১ দিনৰ পৰা ২ মাহ বয়সলৈকে) মাকৈৰ গুড়ি ৫০ কিঃ গ্ৰাঃ, বাদামৰ খলিহৈ ৩৩ কিঃ গ্ৰাঃ, গুড়ি গাখীৰ ১০ কিঃ গ্ৰাঃ, চাপৰ ৫ কিঃ গ্ৰাঃ আৰু খনিজ পদাৰ্থৰ মিশ্ৰণ ২ কিঃ গ্ৰাঃ। এনেদৰে ১০০ কিঃ গ্ৰাঃ দানা প্ৰস্তুত কৰিব লাগে।

প্ৰতি ১০০ কিঃ গ্ৰাঃ দানাত ওপৰঞ্চি মিহলাবলগীয়া উপাদানসমূহ হ’লঃ-

ভিটামিনঃ ২০ গ্ৰাম

এণ্টিবায়’টিকঃ ৬০ গ্ৰাম আৰু

গুৰঃ ৫ কিঃ গ্ৰাঃ।

পোৱালিবোৰক কুমলীয়া সেউজীয়া ঘাঁহ খাব খোজা অনুপাততে যোগান ধৰাৰ লগতে নিতৌ ১০০-২০০ গ্ৰাম আৰম্ভণিৰ দানা যোগান ধৰিব লাগে। বয়সৰ লগে লগে ঘাঁহ আৰু দানাৰ পৰিমাণ বঢ়াই দিয়া উচিত।

বাঢ়নীয়া গৰু পোৱালিৰ আহাৰঃ

 

পোৱালিৰ বয়স ৩ মাহ হ’লে ইহঁতৰ পাকস্থলীৰ গঠন পূৰ্ণ হয় আৰু তেতিয়া ডাঙৰ গৰুৰ দৰে ঘাঁহ, দানা আদি হজম কৰিব পাৰে। এজনী বাঢ়নীয়া পোৱালিক আৰম্ভণিতে ৩ মাহ বয়সত দৈনিক ৫-১০ কিঃ গ্ৰাঃ সেউজীয়া ঘাঁহ আৰু ২০০ গ্ৰাম দানা যোগান ধৰি পাছলৈ বয়স বাঢ়ি অহাত দানা আৰু ঘাঁহৰ পৰিমাণো বঢ়াই দিব লাগে।

বাঢ়নীয়া পোৱালিৰ দানাঃ

 

(৩ মাহৰ পৰা ১ বছৰলৈ) মাকৈৰ গুড়ি ৪২ কিঃ গ্ৰাঃ, বাদাম-সৰিয়হৰ খলিহৈ ৩৫ কিঃ গ্ৰাঃ, চাউলৰ মল-চাপৰ ২০ কিঃ গ্ৰাঃ, খনিজ পদাৰ্থ ২ কিঃ গ্ৰাঃ আৰু নিমখ ১ কিঃ গ্ৰাঃ। এনেদৰে এবাৰত ১০০ কিঃ গ্ৰাঃ দানা প্ৰস্তুত কৰিব লাগে। এনেদৰে প্ৰস্তুত কৰা প্ৰত্যেক ১০০ কিঃ গ্ৰাঃ দানাত বভিমিক্স ২০ গ্ৰাম আৰু অৰোফেক ২০ গ্ৰাম মিহলি কৰিব লাগে।

প্ৰাপ্তবয়স্ক বা চেঁউৰীৰ আহাৰঃ

 

প্ৰাপ্তবয়স্ক বা চেঁউৰী গৰুৰ সুস্বাস্থ্য আৰু উপযুক্ত সময়ত যাতে প্ৰজনন ক্ষমতা আহৰণ কৰিব পাৰে তাৰ বাবে প্ৰতিপালন আৰু সুষম আহাৰ যোগান ধৰিব লাগে।

প্ৰাপ্তবয়স্ক বা চেঁউৰীৰ দানাৰ আৰ্হিঃ

মাকৈৰ গুড়ি ৪২ কিঃ গ্ৰাঃ, চাপৰ ৩০ কিঃ গ্ৰাঃ, বাদামৰ খলিহৈ ২৫ কিঃ গ্ৰাঃ, খনিজ পদাৰ্থৰ মিশ্ৰণ ২ কিঃ গ্ৰাঃ আৰু নিমখ ১ কিঃ গ্ৰাঃ। এনেদৰে এবাৰত ১০০ কিঃ গ্ৰাঃ দানা প্ৰস্তুত কৰিব লাগে।

পামৰ বাবে মাইকী ছাগলী বাছনিঃ

মাইকী ছাগলীজনী থলুৱা জাতৰ হোৱা ভাল। দৈহিক গঠন আকৰ্ষণীয়, সুস্বাস্থ্য আৰু থিয় হৈ থাকোতে চাৰিওখন ঠেঙতেই সমানে ভৰ পৰা হ’ব লাগে। গাখীৰ উৎপাদনৰ বাবে পোহা ছাগলীৰ ক্ষেত্ৰত সন্মুখৰ ফালতকৈ পিছফালটো বেছি বহল আৰু ছাল নিমজ হ’ব লাগে। ওহাৰ আৰু ইয়াৰ বাটবোৰ যথাস্থানত থকাটো অতি প্ৰয়োজনীয়। কম বয়সত প্ৰজনন ক্ষমতা পোৱা তথা পোৱালি জন্ম দিয়া, এবাৰ পোৱালি দিয়াৰ পাছত আনটো পোৱালি হোৱালৈকে কম সময়ৰ ব্যৱধান, পোৱালিৰ সংখ্যা অধিক, গাখীৰৰ পৰিমাণ বেছি, কম দিনতে ওজন বৃদ্ধি আদি লক্ষণবোৰ চাইহে মাইকী ছাগলী বাছনি কৰিব লাগে। তেনেবোৰ গুণসম্পন্ন মাইকী ছাগলীৰ পোৱালিও পামলৈ আনিব পাৰি।

মতা ছাগলীৰ বাছনি পদ্ধতিঃ

ভৱিষ্যৎ প্ৰজন্মৰ পৰা আশানুৰূপ ফল পাবলৈ মতা ছাগলীৰ বাছনিৰ ওপৰতো গুৰুত্ব দিব লাগে। এটা মতা ছাগলীৰে কেইবাজনীও ছাগলী প্ৰজনন কৰাই বহুসংখ্যক পোৱালি জন্ম দিয়াব পাৰি। মতা ছাগলীটোৰ গাৰ গঠন উন্নত, উচ্চ ক্ষমতাসম্পন্ন, বলী, আটিল স্বাস্থ্য, ঠেংকেইটা মাটিত সমানে পৰিব পৰা, স্বাস্থ্যৱান আৰু নিৰোগী হোৱা দৰকাৰ।

বৰ্ণসংকৰ ছাগলীঃ

যেতিয়া সম্পৰ্ক নথকা কোনো দুটা বেলেগ জাতৰ ছাগলীৰ প্ৰজনন কৰা হয়, ইহঁতৰ উৎপাদিত পোৱালিক বৰ্ণসংকৰ বোলে। এই পদ্ধতিৰে উচ্চ ক্ষমতাসম্পন্ন চৰিত্ৰসমূহক একত্ৰিত কৰি উন্নতমানৰ ছাগলীৰ সঁচ সৃষ্টি কৰিব পাৰি।

মতা ছাগলী খাহী কৰাঃ

যিবোৰ মতা ছাগলী প্ৰজননৰ বাবে উপযুক্ত বুলি গণ্য কৰা নহয় সিহঁতক তিনিমাহ বয়সত খাহী কৰি দিয়া উচিত। খাহী কৰিলে দেহৰ ওজন সোনকালে বাঢ়ে তথা ডাঙৰ হয়। মাংস হিচাপে বিক্ৰী কৰিবলগীয়া মতা ছাগলীবোৰ খাহী কৰাটোৱে লাভজনক।

মাইকী ছাগলীৰ যত্নঃ

মাইকী ছাগলী সাধাৰণতে ৬-১২ মাহ বয়সত প্ৰথম গৰম হয়। এজনী মাইকী ছাগলী দুই-তিনিদিন ধৰি গৰম হৈ থাকে আৰু সেই সময়ছোৱাতেই উপযুক্ত জাতৰ মতাৰে প্ৰজনন কৰাব লাগে। প্ৰজননৰ বাবে ৰখা মাইকী ছাগলীবোৰক কেঁচা ঘাঁহ, গছৰ পাত, দানা-পানী আদি খাবলৈ দিব লাগে।

গাভিনী ছাগলীৰ যত্নঃ

গাভিনী অৱস্থাত খাদ্যৰ প্ৰতি বিশেষ মনোনিৱেশ দিয়াটো উচিত। ইহঁতক যুদ্ধ কৰা, ঠেলা-হেঁচা কৰা, জাক পাতি থকা, বহু দূৰ খোজকঢ়া, সৰু ফুটাৰে সৰকি যোৱা আদিত বাধা দিব লাগে। ইহঁতক আমনি নোপোৱাকৈ বেলেগ কোঠাত ৰাখিব লাগে। পোৱালি জন্ম পোৱাৰ সময়ত ইহঁতক প্ৰায় ৪ ফুট দীঘল আৰু ৪ ফুট বহল এটা কাঠেৰে নিৰ্মিত বাকচ দিব পাৰিলে ভাল নাইবা বীজাণুনাশক দ্ৰব্য ছটিয়াই মজিয়াত খেৰ আদি পাৰি কোমল কৰিব লাগে যাতে পোৱালিয়ে কোনো কষ্ট নাপায়। কোঠাটো পৰিষ্কাৰ হোৱা দৰকাৰ। পোৱালি জন্ম দিয়াৰ আগদিনা সহজে হজম হোৱা আৰু পাকস্থলী পৰিষ্কাৰ কৰিব পৰা খাদ্য দিব লাগে। মাকজনীক অকলশৰে থাকিবলৈ দি প্ৰতি আধাঘণ্টাৰ মূৰে মূৰে নিৰীক্ষণ কৰিব লাগে। পোৱালি জন্ম হোৱাৰ ৩০ মিনিটৰ পৰা ৪ ঘণ্টাৰ ভিতৰতে ফুল ওলাই নাহিলে ওচৰৰ পশু চিকিৎসকক খবৰ দিব।

(উৎসঃ খবৰ)।

3.16129032258
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top