মূল পৃষ্ঠা / কৃষি / পশু পালন / দুগ্ধ উৎপাদন / গো-পালন আৰু ঘাঁহ খেতিৰ হাতপুথি:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গো-পালন আৰু ঘাঁহ খেতিৰ হাতপুথি:

দেশৰ ক্ৰমবৰ্দ্ধমান জনসংখ্যা আৰু সংকুচিত কৃষি ভূমিৰ পৰিপ্ৰেক্ষিতত আৰু নিবনুৱা সমস্যাই গা কৰি উঠাৰ সময়ত পশুপালনে এক বিশেষ গুৰুত্ব লাভ কৰিছে।কিন্তু পশুধন পাম স্থাপনত প্ৰয়োজনীয় পৰিশ্ৰম,আগ্ৰহ আৰু ধৈৰ্য্যই হ’ল সফলতাৰ আধাৰ স্বৰূপ।

 

স্বনিয়োজনত দুগ্ধ পাম:

 

দেশৰ ক্ৰমবৰ্দ্ধমান জনসংখ্যা আৰু সংকুচিত কৃষি ভূমিৰ পৰিপ্ৰেক্ষিতত আৰু নিবনুৱা সমস্যাই গা কৰি উঠাৰ সময়ত পশুপালনে এক বিশেষ গুৰুত্ব লাভ কৰিছে।কিন্তু পশুধন পাম স্থাপনত প্ৰয়োজনীয় পৰিশ্ৰম,আগ্ৰহ আৰু ধৈৰ্য্যই হ’ল সফলতাৰ আধাৰ স্বৰূপ।

যাহওঁক,ৰাজ্যৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনত ৮ শতাংশ বৰঙণি যোগোৱা পশুধন আৰু পশুপালন বিষয়ক উন্নয়নমূলক আচঁনিত চৰকাৰে গুৰুত্ব আৰোপ কৰাৰ লগে লগে পশুপালনৰ বিভিন্ন ব্যৱহাৰিক দিশসমূহক সহজ-সৰল ভাষাত বুজাই আগ্ৰহী কৃষক,পশুপালক,নিবনুৱা যুৱক-যুৱতীক এই ক্ষেত্ৰত অংশ গ্ৰহণৰ বাবে আগ্ৰহী কৰি তোলাৰ লগতে সম্যক আভাস দিয়াৰ চেষ্টা পুস্তিকাখনত কৰা হৈছে।

আৰ্থিক সকাহ তথা অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত দুগ্ধ পামৰ বৰঙণি মন কৰিবলগীয়া।ৰাষ্ট্ৰীয় দুগ্ধ গৱেষণা প্ৰতিষ্ঠানৰ এক অধ্যয়ন মতে ৩,৬ আৰু ৮ জনী গাই-গৰুৰে আৰু ৩,৬ জনী ম’হেৰে আৰম্ভ কৰা দুগ্ধ পাম গোটৰ পৰিচালনা আৰু আৰ্থিক লাভালাভৰ দিশেৰে আদৰ্শনীয়।তদুপৰি এনে বৰ্ণসংকৰ প্ৰতিজনী গাই আৰু ম’হৰ পৰা প্ৰতি পিয়নত ১৮০০ লিটাৰৰ পৰা ২০০০ লিটাৰ গাখীৰ পাব পাৰি যদিহে পৰিপুষ্টি আৰু পৰিচালনাত যথোচিত গুৰুত্ব দিয়া হয়।কিন্তু ম’হৰ ক্ষেত্ৰত ১৭০০ লিটাৰৰ তলৰ উৎপাদন আৰ্থিকভাৱে ঋণাত্মক।আনহাতে প্ৰতি লিটাৰ গাখীৰ উৎপাদনত হোৱা খৰচৰ দিশটোও চাবলগীয়া বিষয়।

পশু স্বাস্থ্য:

 

দুগ্ধ পামৰ আৰ্থিক সফলতাৰ ক্ষেত্ৰত পশুধনৰ স্বাস্থ্যৰ সুৰক্ষা এক গুৰুত্বপূৰ্ণ উপাদান।বিশেষকৈ বৰ্ণসংকৰ জাতৰ গাই-গৰুসমূহক সংক্ৰামক আৰু মাৰাত্মক ৰোগসমূহৰ পৰা মুক্ত ৰখাৰ বাবে নিয়মীয়া প্ৰতিষেধক ছিটা দিয়াব লাগে।তেনেদৰে পাক-প্ৰক্ৰিয়াজনিত ৰোগ যেনে-পেটফুলা,বদহজম আদি ৰোগৰ প্ৰতি সাৱধানতা অৱলম্বন কৰিব লাগে।মিল্ক ফিভাৰ আদি মেটাবলিজিম সম্পৰ্কিত ৰোগৰ প্ৰতিৰোধৰ বাবে নিয়মীয়াকৈ কেলচিয়াম,মেগনেছিয়াম আদি জাতীয় ঔষধ খুৱাই থাকিব লাগে।এই ৰোগ অধিক গাখীৰ উৎপাদনক্ষম গাই-গৰুৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়।যিকোনো ৰোগত আক্ৰান্ত হোৱাৰ লক্ষণ দেখা পালেই পশু চিকিৎসকৰ সহায় ল’ব লাগে।

বিজ্ঞানসন্মত খাদ্য যোগান:

 

দুগ্ধ পামৰ সফলতাৰ ক্ষেত্ৰত বিজ্ঞানসন্মত দানা যোগান এক অন্যতম উপাদান।সাধাৰণতে পামৰ পৰিচালনাত ব্যয় হোৱা মুঠ ধনৰ ৬০ শতাংশই দানাৰ যোগানত ব্যয় হয়।সেয়ে মুকলি বজাৰৰ পৰাই হওক বা নিজাববীয়াকৈ প্ৰস্তুত কৰা দানাসমূহত পৰিপুষ্টিৰ বাবে প্ৰয়োজনীয় আটাইবোৰ উপাদান থকা উচিত।

তেনেদৰে ঘাঁহ যোগানৰ ক্ষেত্ৰত থলুৱাভাৱে উৎপাদিত ঘাঁহৰ ওপৰত নিৰ্ভৰ নকৰি উন্নত জাতৰ ঘাঁহ যেনে-ওট,লুচাৰ্ণ,দীননাথ,নেপিয়াৰ,গিনি,পাৰা,কাওপি,মাকৈ,জোৱাৰ আদি ঘাঁহৰ খেতি কৰিব লাগে।এই ক্ষেত্ৰত পশুপালন বিভাগৰ পৰা যথোচিত পৰামৰ্শ লোৱা উচিত।

কৃত্ৰিম প্ৰজনন আৰু গো-পালন:

 

কৃত্ৰিম প্ৰজনন কি?

ই এটা আধুনিক বৈজ্ঞানিক পদ্ধতি।উন্নত জাতৰ ষাড়ৰ বীৰ্য্য কৃত্ৰিমভাৱে সংগ্ৰহ কৰি যন্ত্ৰৰ সহায়ত পালখোৱাৰ সময়ত গাইৰ জৰায়ুত শুক্ৰ নিক্ষেপ কৰি গৰ্ভধাৰণ কৰোৱাকে কৃত্ৰিম প্ৰজনন বোলে।

দিনে ১-১/২ লিটাৰ গাখীৰ দিয়া গাইজনীৰ কৃত্ৰিম প্ৰজনন কৰাই অধিক উৎপাদনক্ষম চেউৰীৰ গৰাকী হ’ব পাৰি।

কৃত্ৰিম প্ৰজনন প্ৰথাৰ লাভ:

 

1.কৃত্ৰিম প্ৰজনন প্ৰথাৰে জন্মলাভ কৰা চেউৰীয়ে ৫-৬ লিটাৰ গাখীৰ দিব পাৰে।

style="text-align: justify; ">2.  দমৰাবোৰ অধিক শক্তিশালী হয়।

3.  দিনে ১-১/২ লিটাৰ গাখীৰ দিয়া গাইৰ কাৰণে কৰা খৰচতে কৃত্ৰিম প্ৰজননৰ দ্বাৰা জন্মহোৱা গাইৰ পৰা অধিক উৎপাদন পাব পাৰি।

4.  ষাড়ৰ সংস্পৰ্শত নহা বাবে যৌনৰোগৰ সংক্ৰমন নহয়।

5.  চেউৰী/গাই কম সময়ৰ ভিতৰতে প্ৰজননক্ষম হয় আৰু গৰ্ভধাৰণৰ ক্ষমতা লাভ কৰে।

6.  খৰচৰ তুলনাত আয়ৰ পৰিমান বৃদ্ধি হয়।

7.  কৃত্ৰিম প্ৰজনন প্ৰথাত উন্নত জাতৰ ষাড়ৰ শুক্ৰ ব্যৱহাৰ কৰা হয়।

 

কৃত্ৰিম প্ৰজনন কৰাৰ সময়:

 

তলত উল্লেখ কৰা লক্ষণবোৰ গাই বা চেউৰীজনীৰ দেহত দেখিলে ২৪ ঘন্টাৰ ভিতৰতে কৃত্ৰিম প্ৰজনন কৰাৰ বাবে ব্যৱস্থা কৰা উচিত।

1.গাইজনীয়ে অনবৰতে হেম্বেলিয়াই থাকে,কিন্তু কিছুসংখ্যক গাই বা চেউৰীয়ে নেহেম্বেলিয়ায়।

2.  গোহালি ঘৰৰ পৰা বাহিৰলৈ যাবলৈ উত্ৰাৱল হয় বা গোহালিৰ আন গৰুৰ ওপৰত জঁপিয়ায়।

3.  ঘাঁহ দানা আদি খোৱাৰ আগ্ৰহ কমি যায়।

4.  খীৰতি গাই হ’লে গাখীৰ কিছু কমি যায়।

5.  কম পৰিমানে ঘনাই প্ৰস্ৰাৱ কৰে আৰু যোনিদ্বাৰেদি তৰল বিজলুৱা পদাৰ্থ বৈ থাকে।

গো-পালনৰ ক্ষেত্ৰত অসমৰ বাবে উপযোগী জাত:

1.অসমৰ থলুৱা গো-সম্পদ উন্নয়নৰ কাৰণে জাৰ্চী জাতৰ গৰুক গ্ৰহণ কৰা হৈছে।অৱশ্যে পাহাৰীয়া অঞ্চলত হলষ্টেইন ফ্ৰেজিয়ান জাতো পুহিবলৈ অনুমোদন দিয়া হৈছে।

2.  শতকৰা ৫০ ভাগ জাৰ্চী/হলষ্টেইন ফ্ৰেজিয়ান আৰু শতকৰা ৫০ ভাগ স্থানীয় বৰ্ণসংকৰ জাতৰ গৰু দুগ্ধ উৎপাদনৰ বাবে উপযোগী বুলি প্ৰমাণিত হৈছে।

3.  এই জাতৰ গৰু অসমৰ জলবায়ুত সহজে পালন কৰিব পাৰি আৰু ইহঁত বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পন্ন হয়।

4.  শতকৰা ৬২ ভাগতকৈ অধিক জাৰ্চী বা ফ্ৰেজিয়ান গুণসম্পন্ন হ’লে সিহঁতক অসমত পালনৰ উপযোগী নহয়।

অসমত পালন কৰা বৰ্ণসংকৰ জাৰ্চী গাইৰ গুণাৱলী:

 

দুগ্ধ উৎপাদন ক্ষমতা       : 1.প্ৰতি পিয়নত কমেও ১৫০০ কি:গ্ৰা: গাখীৰ উৎপাদন।

2.  জন্মৰ সময়ত ওজন       : ১৬ কি:গ্ৰা:ৰ ওপৰ

3.  পূৰ্ণ বয়সত ওজন         : ২০০-২৫০ কি:গ্ৰা:

4.  প্ৰথম প্ৰজনন ক্ষমতা       : ২০-২৪ মাহ বয়সত

5.  প্ৰথম পোৱালী দিওঁতে বয়স   : ৩০-৩৬ মাহ

6.  প্ৰজনন কাল             : ২-৩ মাহ

7.  পিয়ন এৰাৰ সময়         : ২-৩ মাহ

8.  পোৱালী দিয়া সময়ৰ ব্যৱধান  : ১২-১৩ মাহ বয়সত

9.  পিয়ন কাল              : ১০ মাহ

10. প্ৰতিদিন গাখীৰৰ পৰিমাণ     : ৬ কি:গ্ৰা: বা অধিক

11. উষ্ণতা সহিষ্ণুতা           : ভাল

12. ৰোগ প্ৰতিৰোধ ক্ষমতা       : ভাল

 

পূৰ্ণবয়স্ক প্ৰাপ্ত আৰু প্ৰথম পোৱালী জন্ম:

 

প্ৰথম প্ৰজনন ক্ষমতা প্ৰকাশৰ তাৰিখ আৰু প্ৰথম পোৱালী জন্মৰ তাৰিখৰ পৰা গাইজনীৰ জন্মৰ তাৰিখ বাদ দি গাইজনীৰ প্ৰজনন ক্ষমতাপ্ৰাপ্ত পূৰ্ণ বয়স পোৱা যায়।

ক)ভালকৈ দান-পানী খূউৱা গাই সোনকালে পূৰ্ণবয়স্ক হয় আৰু সোনকালে পোৱালী দিয়ে।

খ)যদি অতি সোনকালে পোৱালী দিয়ে,চেউৰী দুৰ্বল হয় আৰু গাখীৰৰ উৎপাদন কমি যায়।

গ)দেৰিকৈ পূৰ্ণবয়স্ক প্ৰাপ্ত গাইৰ পৰা পালক অৰ্থনৈতিক দিশত ক্ষতিগ্ৰস্ত হয়।

ঘ)বৰ্ণসংকৰ চেউৰীৰ পূৰ্ণবয়স্ক হোৱাৰ বয়স ২০-২৪ মাহ হ’লে ভাল।

 

প্ৰতি পিয়নত গাখীৰ উৎপাদন:

 

ক)দুগ্ধ উৎপাদনৰ কাৰণে এজনী গাইৰ গুণ প্ৰতি পিয়নত গাখীৰৰ উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰে।

খ)সাধাৰণতে তৃতীয় পিয়নত অধিক গাখীৰ উৎপাদন হয়।ইয়াৰ পিচত গাখীৰৰ উৎপাদন ক্ৰমে কমি আহে,সেয়ে অৰ্থনৈতিক দিশৰ পৰা এজনী গাই ৭ বা ৮ পিয়নলৈ অৰ্থনৈতিকভাৱে লোকচান নোহোৱাকৈ পালন কৰিব পাৰি।যাহওক,গুণৰ ওপৰত নিৰ্ভৰ কৰিহে গাই এজনী আঁতৰোৱা ভাল।

গ)জাৰ্চী গাইৰ পিয়নৰ ২৮-৪২ দিনৰ ভিতৰত দুগ্ধ উৎপাদন অধিক হয়।পিয়নত ১২০ দিনৰ পিচত ক্ৰমান্বয়ে গাখীৰ কমি আহে।পোৱালী দিয়াৰ ব্যৱধান ৩৬৫-৩৯৫ দিনৰ ভিতৰত ৰাখিবৰ কাৰণে গাইৰ পিয়ন কাল ৩০০ দিনতকৈ অধিক হ’ব নালাগে।অধিক উৎপাদনক্ষম গাইয়ে সাধাৰণ উৎপাদনক্ষ গাইৰ তুলনাত পিয়নৰ শেষৰ ফালে অধিক গাখীৰ উৎপাদন কৰে।এনে ক্ষেত্ৰতো পিয়নৰ কাল ৩০০ দিনৰ ভিতৰত ৰাখি পালকৰ অৰ্থনৈতিক লাভৰ বাবে নিৰ্দিষ্ট ব্যৱধানত পোৱালী জন্ম দিয়াৰ ব্যৱস্থা কৰা ভাল।

ঘ)গাইৰ প্ৰয়োজনীয় পিয়ন এৰাৰ সময় দিলে পাছৰ পিয়নবোৰত অধিক গাখীৰ দিয়ে।

 

পোৱালী জন্ম দিয়াৰ ব্যৱধান কাল:

 

যি গাইৰ পিয়ন এৰাৰ কাল প্ৰয়োজনীয়তাতকৈ কম বা বেছি তেনে গাইৰ পিচৰ পিয়নবোৰত গাখীৰৰ উৎপাদন কমি আহে।প্ৰয়োজনীয় পিয়ন এৰাৰ কাল নিয়মিতভাৱে ৰখাৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰা উচিত।

ক)পিয়ন এৰাৰ কাল আৰম্ভ হোৱাৰ কিছুদিন আগৰে পৰা দানা আৰু পানীৰ পৰিমাণ কমাই আনিব লাগে।

খ)এদিন বাদে এদিন গাখীৰ খীৰাই আৰু হঠাতে খীৰোৱা বন্ধ কৰি দিব লাগে।

গ)যদি কেতিয়াবা ওহাৰখন গাখীৰেৰে ওফন্দি পৰে তেনেহ’লে পুনৰ খীৰাই পেলাব লাগে।

ঘ)যদি দিনে দুবাৰ খীৰাই তেনেহ’লে দিনে এবাৰ খীৰাই হঠাতে খীৰোৱা বন্ধ কৰিব দিব লাগে।

 

গাখীৰতি গাইৰ দৈহিক গঠন:

 

1.ছাল মিহি,গঢ় ধুনীয়া,অধিক মেদ মাংস নথকা।

2.  মূৰৰ অংশ মিহি নিমজ,বৈ পৰা।

3.  ঘাৰ অৰ্থাৎ ডিঙি আৰু দেহৰ জোৰা পৰিসফুট।

4.  আগফালৰ পৰা পিচফাললৈ বহল আকৃতিৰ শৰীৰ ওহাৰ আগভাগলৈকে বহল আৰু আগঠেঙৰ ওচৰলৈকে ঠেক,সংকোচিত বুকু আৰু ডাঙৰ পেট।

5.  তপিনা ডাঙৰ,সুগঠিত কৰঙন ক্ষীণ।

6.  প্ৰকট,ডাঙৰ অকোৱা-পকোৱা বিস্তাৰিত দুগ্ধ শিৰা।

 

উন্নত চেউৰীৰ দৈহিক গঠন:

 

1.সুন্দৰ,সুগঢ়ি,গভীৰ কামিহাড়,মিহি কান্ধ,ওপৰভাগ পোণ,সুগঢ়ি ঠেং।

2.  মূৰ,ডিঙি মাইকী গঢ়ি সবল।

3.  ওহাৰৰ বিষয়ে যদি সুস্পষ্টকৈ ধৰিব নোৱাৰি বাতৰ স্থান সঠিক হোৱা উচিত।

 

দেহৰ ওজনৰ বৰ্ণনা:

 

পশুধনৰ ৰং - জন্মৰ তাৰিখ

জন্মৰ ওজন – মতা/মাইকী

৩ মাহত – কি: গ্ৰাম:

৬ মাহত - কি: গ্ৰাম:

১ বছৰত - কি: গ্ৰাম:

১ বছৰ ৬ মাহ - কি: গ্ৰাম:

২ বছৰত - কি: গ্ৰাম:

৩ বছৰত - কি: গ্ৰাম:

৪ বছৰত - কি: গ্ৰাম:

৫ বছৰত - কি: গ্ৰাম:

৬ বছৰত - কি: গ্ৰাম:

 

প্ৰজনন বৰ্ণনা:

 

বিজ্ঞানসন্মত পালনৰ ক্ষেত্ৰত প্ৰজনন বৰ্ণনা ৰখাটো অতি প্ৰয়োজনীয় কথা।এই ব্যৱস্থাৰে উন্নত জাতৰ গাই,ষাড় নিৰ্বাচন কৰাৰ সুবিধাৰ উপৰিও সিহঁতৰ উন্নয়নৰ ক্ৰমবিকাশৰ প্ৰতি চকু ৰখা সুবিধাজনক।তলত প্ৰজনন বৰ্ণনা ৰখাৰ কাৰণে এখন প্ৰ-পত্ৰ দিয়া হ’ল-

গৰু-ম’হৰ প্ৰজনন বৰ্ণনা/প্ৰ-পত্ৰ

 

গৰাকীৰ নাম :                                                       গাইৰ বৰ্ণনা :

পশুধনৰ নম্বৰ :                                                       নম্বৰ :

জন্মৰ তাৰিখ :                                                        জাত :

চিনাক্তকৰণ চিহ্ন :                                                    পিয়ন কাল :

দৈহিক বৰ্ণনা :                                                         পিয়ন কাল এৰাৰ সময় :

পোৱালী/গাইৰ বৰ্ণনা

প্ৰতিজনী গাইৰ কাৰ্য্যাৱলীৰ বিৱৰণ

কৃত্ৰিম প্ৰজনন কৰাৰ তাৰিখ

প্ৰথম পোৱালী দিয়াৰ তাৰিখ

পিয়ন নম্বৰ

পিয়ন কাল (দিন হিচাবত)

পিয়ন এৰা কাল (দিন হিচাবত)

প্ৰতি পিয়নত উৎপাদিত গাখীৰৰ পৰিমাণ

টিকা/চিকিৎসা ইত্যাদিৰ বৰ্ণনা

 

গো-পালকে ৰাখিবলগীয়া খতিয়ান বহী:

  1. গাখীৰ সংগ্ৰহৰ খতিয়ান বহী।
  2. গো-খাদ্যৰ হিচাবৰ খতিয়ান বহী।
  3. কৃত্ৰিম প্ৰজনন/চিকিৎসা/চিটাকৰণ খতিয়ান বহী।
  4. পিয়নৰ খতিয়ান বহী।
  5. স্বাস্থ্য খতিয়ান বহী।
  6. পোৱালীৰ খতিয়ান বহী।
  7. বিত্তীয় হিচাবৰ খতিয়ান বহী।
  8. সামগ্ৰী জমা তথ্যৰ খতিয়ান বহী।

পশুধনৰ ভাল-বেয়া বাছনি:

পালকে  অৰ্থনৈতিক দিশত লাভবান হ’বৰ কাৰণে ভাল-বেয়া গাই বাছনি কৰি উৎপাদনক্ষমহীনবোৰ আঁতৰাই পেলাব লাগে।নিন্মলিখিত যিকোনো লক্ষণ থাকিলে তেনে পশুধন আঁতৰাই পেলোৱা উচিত।

ক)জন্মত যদি প্ৰয়োজনীয় পৰিমাণতকৈ বহু কম ওজনৰ হয়।

খ)কম উৎপাদনক্ষম।

গ)বাৰে বাৰে প্ৰজনন কৰিবলগীয়া।

ঘ)১২-১৪ বছৰৰ অধিক বয়স হ’লে।

ঙ)বহুদিনীয়া ৰোগ নিৰাময় নহ’লে।

চ)সংক্ৰমিত ব্যাধি থাকিলে।

ছ)দৈহিক আৰু সৰ্বতোপ্ৰকাৰ বৰ্দ্ধন কম হ’লে।

জ)পিয়াহ শিৰা বেমাৰ থাকিলে।

 

গোহালি সাজোতে মন কৰিবলগীয়া বিষয় :

 

সফল দুগ্ধ উৎপাদন পামৰ কাৰণে গৰুৰ গোহালি বিজ্ঞানসন্মত হোৱা উচিত।

  1. গোহালি চাপৰ ঠাইত সাজিব নালাগে।ওখ ঠাইত ভেঁটি  ওখ কৰি গোহালি সাজিব লাগে।
  2. গোহালি কম খৰচত সজা প্ৰয়োজন।
  3. মুকলি বতাহ,পোহৰ,ছাঁ আৰু পৰিষ্কাৰ পানীৰ ব্যৱস্থা থকা প্ৰয়োজন।
  4. গোহালি ঘৰটো উত্তৰা-দক্ষিণাকৈ সাজিব লাগে।গোহালি এনেকৈ সাজিব যাতে সূৰ্য্যৰ পোহৰ পোনপটীয়াকৈ মজিয়া,পানীৰ পাত্ৰ,নলা,ঘাঁহ,দানাৰ পাত্ৰত পৰে।
  5. দুগ্ধ পাম এনে স্থানত স্থাপন কৰিব লাগে য’ৰ পৰা গৰাকীয়ে সহজে উৎপাদিত গাখীৰ বিক্ৰী কৰিব পাৰে।
  6. গোহালিত বিজুলীৰ যোগান ধৰা উচিত।
  7. গৰম সেমেকা জলবায়ু প্ৰধান অঞ্চলত বন্ধ গোহালি প্ৰথাতকৈ মুকলি গোহালি প্ৰথা ভাল।
  8. গাঁৱৰ পৰিৱেশত গোহালিৰ ঢাল-খেৰেৰে দিয়া ভাল।অৱশ্যে অন্য সামগ্ৰীৰে চালি দিয়াৰ কথা ভাবিলে টিনপাততকৈ এচবেচটচ দিয়া ভাল কাৰণ টিনপাত ৰ’দত বৰ গৰম হয়।
  9. পশুচিকিৎসকৰ দিহা-পৰামৰ্শ ল’ব লাগে।

 

মুকলি প্ৰথাত গাখীৰ খীৰোৱা বা চিকিৎসাৰ সময়ৰ বাহিৰে পশুধনসমূহ মুকলিকৈ ৰখা হয়।এই প্ৰথা বৰ লাভজনক।

  1. গোহালি নিৰ্মাণৰ খৰচ হ্ৰাস।
  2. পিচলৈ বিশেষ পৰিবৰ্তন নকৰাকৈ সম্প্ৰসাৰণ ব্যৱস্থাৰ সুবিধা।
  3. গাই প্ৰজনন ক্ষমতা প্ৰাপ্ত হোৱাত সিহঁতৰ স্বাস্থ্য আৰু উৎপাদন ভালে থাকে।
  4. পশুধনৰ যথেষ্ট ব্যায়াম হোৱাত সিহঁতৰ স্বাস্থ্য আৰু উৎপাদন ভালে থাকে।
  5. কষ্ট কমি যায়।

 

গোহালিৰ মজিয়াৰ প্ৰয়োজনীয় কালি:

 

বৰ্ণসংকৰ গাই : থিয় হৈ থকাৰ বাবে প্ৰতিজনীক : দীঘলে ৫ ফুট * ৫ ফুট

দানাৰ পাত্ৰ (প্ৰতিজনীৰ বাবে)

বহল      : ০.৬ মি:

দীঘল     : ০.৬ মি:

গভীৰতা : ৩০ ছে:মি:

পানীৰ পাত্ৰ (প্ৰতিজনীৰ বাবে)

বহল      : ২৫-৩০ ছে:মি:

দীঘল     : প্ৰয়োজন অনুসৰি

গভীৰতা : ২.৫ ছে:মি:

 

(দানা পানীৰ পাত্ৰৰ তলি পৰিষ্কাৰ কৰিব পৰাকৈ এঢলীয়া লাগে।)

 

প্ৰতিটো সৰু পোৱালীৰ বাবে গোহালিৰ আকাৰ:

 

বেৰ দিয়া : ১*১ মিটাৰ

মুকলি     : ২*১ মিটাৰ

ডাঙৰ পোৱালীৰ বাবে গোহালিৰ আকাৰ:

বেৰ দিয়া : ১*১ মিটাৰ

মুকলি     : ২*২ মিটাৰ

দুগ্ধ উৎপাদন পামৰ বাবে বিস্তৃত,অৰ্দ্ধনিবিড় আৰু নিবিড়-এই তিনিটা প্ৰথা প্ৰচলিত হৈ আহিছে।

অৰ্দ্ধনিবিড় ব্যৱস্থা সাধাৰণতে গাঁও অঞ্চলত প্ৰচলিত।গাওঁ অঞ্চলত চলিবৰ কাৰণে দিনৰ ভাগত গৰুবোৰ এৰি দিয়া হয় আৰু গধূলি সিহঁতক বান্ধি ৰাখে।খীৰতী গাইক সামান্য পৰিমাণৰ দানা দিলেই হয়।

সুসংগঠিত পামত য’ত উন্নত জাতৰ গাই পালন কৰা হয় তেনে পামৰ নিবিড় পালন পদ্ধতি গ্ৰহণ কৰা উচিত।

কৃত্ৰিম প্ৰজননৰ উচিত সময়:

 

চেউৰী/গাইজনীৰ গৰম হোৱা লক্ষণ দেখাৰ ১২ ঘন্টাৰ পাচত প্ৰজনন কৰা উচিত।যদি গাইজনীয়ে পুৱাৰ ভাগত গৰম হোৱা লক্ষণ দেখুৱায় তেনেহ’লে আবেলি আৰু আবেলিৰ ভাগত এনে লক্ষণ দেখা পালে পিচদিনা পুৱাৰ ভাগত গাইজনীক কৃত্ৰিম প্ৰজনন কৰোৱা উচিত।যদি চেউৰী  বা গাইজনী ৩-৪ দিন একেৰাহে গৰম হৈ থাকে তেতিয়া দিনে এবাৰকৈ কৃত্ৰিম প্ৰজনন কৰাব লাগে।

গৰ্ভধাৰণ পৰীক্ষা :

 

গাই আৰু চেউৰীবোৰক গৰ্ভধাৰণ পৰীক্ষা কৰিব পাৰি।এই পৰীক্ষা কৰোৱাৰ বাবে ওচৰৰ পশুচিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

 

প্ৰসৱৰ পাছত কৃত্ৰিম প্ৰজনন :

 

পোৱালী জন্মাৰ পিচত অতি কমেও ৬০ দিন বাদ দিহে দ্বিতীয় কৃত্ৰিম প্ৰজনন কৰাব লাগে।সাধাৰণতে ৯০ দিনৰ ভিতৰত কৰাব লাগে।

 

গাখীৰ খীৰোৱা পদ্ধতি :

 

  1. গাখীৰ খীৰোৱাৰ আগতে গাইজনীক ভালকৈ গা ধুৱাই ল’ব।
  2. প্ৰতিদিনে একেসময়তে নিয়মিতভাৱে খীৰাব।
  3. একে সময়ৰ ব্যৱধানত খীৰাব।
  4. খীৰোৱাৰ আগতে ওহাৰখন ভালকৈ ধুই শুকুৱাই ল’ব।
  5. দীঘলীয়া পাত্ৰত খীৰাব।
  6. অতি সোনকালে খৰকৈ সম্পূৰ্নকৈ খীৰাব।
  7. এটা পিয়ন কালত ৩০৫ দিনৰ অধিক খীৰাব নালাগে।

 

খীৰতি গাইৰ প্ৰতিপালন :

 

  1. খীৰতি গাইক প্ৰচুৰ পৰিমাণে কেঁচা ঘাঁহ যোগান ধৰা উচিত।এজনী গাইক(পূৰ্ণবয়স্ক) দিনে ৩৫-৪০ কি:গ্ৰা: ঘাঁহ দিয়া উচিত।
  2. কেঁচা ঘাঁহৰ লগত ৩-৪ কি:গ্ৰা: শুকান খেৰ দিব।
  3. কেঁচা ঘাঁহৰ অভাৱত দিনত (শুকান ধান-খেৰত যদি ইউৰীয়া সংমিশ্ৰণ কৰিব পৰা নাযায়) শুকান ধান-খেৰ চুটিকৈ কাটি গুড় মিহলোৱা পানী ছটিয়াই সেমেকাই লৈ গৰুক দিব লাগে।
  4. প্ৰতি ২.৫ লিটাৰ গাখীৰৰ বাবে এক কি:গ্ৰা: সুষম দানা যোগান ধৰিব লাগে।
  5. পোৱালী জন্ম দিয়াৰ ২ মাহ নোহোৱালৈকে গাই প্ৰজনন নকৰাব।
  6. পোৱালী দিয়াৰ সময়লৈকে গাই নিখীৰাব।কমেও ৬০ দিনত পিয়ন এৰাব লাগে।
  7. গাভিনী পিয়ন এৰা গাইক ১ কি:গ্ৰা: সুষম আহাৰ,কেঁচা ঘাঁহৰ লগত দিব লাগে।

 

গৰম দিনত প্ৰতিপালন:

 

  1. পোনপটীয়া সূৰ্য্যৰ উত্তাপৰ পৰা পশুধনক আঁতৰত ৰাখিব।
  2. প্ৰয়োজনীয় পৰিমাণৰ পৰিষ্কাৰ পানী যোগান ধৰিব।
  3. খাদ্যৰ পাত্ৰ প্ৰয়োজনীয় আকাৰৰ দিব।
  4. মহ,মাখি,চিকৰা আদি আঁতৰাই ৰাখিব।
  5. স্থান অনুসৰি অধিক সংখ্যাৰ পশুধন নাৰাখিব।
  6. পশুধন মুকলিমুৰীয়াকৈ ঘূৰা-ফুৰাৰ সুবিধা কৰা উচিত

গাভিনী গাইৰ প্ৰতিপালন :

 

গাভিনী গাইৰ লালন-পালনৰ ক্ষেত্ৰত সকলো দিশৰ পৰাই বিশেষ ধৰণে যত্নপৰ হোৱা উচিত।এই ক্ষেত্ৰত তলৰ কথাবোৰলৈ চকু দিয়া উচিত।

  1. গাইজনীক কৃত্ৰিম প্ৰজনন কৰাৰ ৬০ দিন পিচতহে গৰ্ভধাৰণৰ পৰীক্ষা কৰা উচিত।
  2. ৬ মাহৰ পিচৰ পৰা গাইজনীক সাধাৰণ দানাৰ বাহিৰেও ২ কিলো গ্ৰামকৈ সুষম আহাৰ আৰু উন্নত জাতৰ কেঁচা ঘাঁহ প্ৰচুৰ পৰিমাণে দিয়া উচিত।
  3. গাভিনী অৱস্থাৰ শেষ পৰ্যায়ত গাইজনীৰ ওপৰত বিশেষ ধৰণে চকু দিবৰ বাবে পোৱালী দিয়া স্থানলৈ স্থানান্তৰ কৰিব লাগে।
  4. গোহালিৰ মজিয়া পিচল হ’লে সেইবোৰ পৰিষ্কাৰ কৰি পেলাব লাগে।পিছল মজিয়াৰ কাৰণে গাইজনী পৰি অঘটন ঘটিব পাৰে।
  5. খীৰতি গাই ৰখা মজিয়া সদায় পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি বীজাণু নাশক দৰৱ ছটিয়াই বীজাণুমুক্ত কৰি ৰাখিব লাগে।

পোৱালী দিয়াৰ সময়ত আৰু পাচত ল’বলগা ব্যৱস্থা :

 

  1. পোৱালী দিয়াৰ কালত গাইজনীক আমনি নিদিব।পোৱালী দিয়াত অসুবিধা হ’লে পশুচিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।
  2. জলখন পুতি পেলাব।
  3. গাইজনীক জলখন খাবলৈ নিদিব।১২ ঘন্টাৰ ভিতৰত জল নসৰিলে পশুচিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।
  4. ওহাৰখন আৰু গাইজনীৰ দেহৰ পিচৰ অংশ পটাচ পানীৰে ধুই পৰিষ্কাৰ কৰি পেলাব লাগে।
  5. পোৱালীৰ জন্মৰ তাৰিখ,সময় লিপিবদ্ধ কৰি ৰাখিব।

 

জন্মতে পোৱালীৰ প্ৰতিপালন :

 

  1. পোৱালী জন্ম হোৱাৰ পিচতেই পোৱালীটোৰ মূৰ-নাকত থকা বিজলুৱা পদাৰ্থ পৰিষ্কাৰ কৰি পেলাব।এখন পৰিষ্কাৰ কাপোৰেৰে গোটেই শৰীৰ পৰিষ্কাৰ কৰি পেলোৱাৰ পিচত পোৱালীটো মাকৰ ওচৰত চেলেকিবলৈ  দিব।
  2. জন্মৰ পাচত যদি পোৱালীটোৱে উশাহ লোৱা দেখা নাযায়,তেনেহ’লে পিচঠেং দুখনত ধৰি মূৰটো তললৈ ওলোমাই জোকাৰি দিব,তেতিয়াও উশাহ হোৱা পৰিলক্ষিত নহ’লে  নাকৰ ফুটাত আপোনাৰ মুখেৰে ফুৱাই দিব।
  3. নাকৰ নলী টিনচাৰ আয়’ডিন,ডেটল পানীৰে মোহাৰি দিব।
  4. পোৱালীটো জন্ম হোৱাৰ আধা ঘন্টাৰ পিচত মাকৰ গাখীৰ খাবলৈ দিব।পোৱালীটোৱে যাতে খুব কম বা বেছি গাখীৰ নাখায় তালৈ চকু দিব।
  5. প্ৰথম পাঁচদিন অতি সঘনাই গাখীৰ খাবলৈ দিব।লক্ষ্য ৰখা উচিত যাতে পোৱালীটোৱে তাৰ দেহৰ ওজনৰ ১/১০ ভাগ পৰিমাণৰ গাখীৰ খাবলৈ পায়।
  6. পোৱালীটোৱে প্ৰথম গাখীৰ খোৱাৰ ২ ঘন্টাৰ ভিতৰত মলত্যাগ কৰে।যদি মলত্যাগ কৰা দেখা নাযায় আধা চামুচ চডিয়াম বাইকাৰ্বনেট ১ লিটাৰ কুহুমীয়া পানীৰ লগত মিহলাই জুলাপ দিব লাগে।
  7. প্ৰতি ১৫ দিনত পোৱালীটোৰ ওজন লিপিবদ্ধ কৰা উচিত।
  8. পোৱালীটোৰ স্বাস্থ্যৰক্ষা আৰু দৈহিক বাঢ়নৰ কাৰণে নিয়মীয়া পেলুৰ দৰৱ খুৱাব লাগে।
  9. শিং গজাৰ লগে লগে কচটিক পটাচেৰে শিং মাৰি পেলাব লাগে।

10. ৰোগ সংক্ৰমণৰ পৰা হাত সাৰি থাকিবৰ কাৰণে পোৱালী গোহালিত ৰাখি প্ৰতিপালন কৰা উচিত।

পোৱালীটো জন্ম দিয়াৰ পিচতে যদি মাকৰ মৃত্যু হয়,তেনেহ’লে ২৭৫ মি:লি: গৰম পানীত কণী এটা ভাঙি ১-২ চামুচ কেষ্টৰ অইল ভিটামিন ‘এ’ৰ ১০,০০০ আই ইউ ৫২৫ মি:লি: গৰম গাখীৰ আৰু ৫০ মি:গ্ৰা: অৰিয়মাইচিন ভালকৈ মিহলাই ৩৭° ছে:গ্ৰে: উত্তাপত ৰাখি দিনটোত ৩ বাৰ ৩ দিনলৈ খুৱাব পাৰিলে ভাল।আৱশ্যক হ’লে পশুচিকিৎসাৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।

 

পোৱালীৰ স্বাস্থ্য ৰক্ষা ব্যৱস্থা :

 

জন্ম হোৱাৰ পিচৰে পৰা পোৱালীৰ স্বাস্থ্যৰক্ষা ব্যৱস্থা গ্ৰহণ কৰা উচিত।তেনে ব্যৱস্থা এটিৰ চমু বিৱৰণ দিয়া হ;ল-

পোৱালীৰ  বয়স       –         প্ৰতিৰোধ কৰিব লগা ৰোগ

১ দিনীয়া পোৱালী    -        পুষ্টিহীনতা,নাভিৰ ৰোগ

২-৩ দিনীয়া পোৱালী -       কুকুৰি কণা

৪ দিনীয়া পোৱালী     -       পেটচলা

৭ দিনীয়া পোৱালী     -       ঘূৰণীয়া পেলু

৮-১১ দিনীয়া পোৱালী-      ককচিডিয়চিচ (এককোষী পৰজীৱি)

৩ মহীয়া পোৱালী       -      পৰজীৱি যেনে চিকৰা,পেলু ইত্যাদি তান্ত্ৰিক ৰোগ।

ইয়াৰ উপৰি পোৱালী আৰু গাইৰ পশুচিকিৎসকৰ পৰামৰ্শ অনুসৰি বিভিন্ন মহামাৰীৰ নিয়মিতভাৱে টিকা দিয়া প্ৰয়োজন।

বিজ্ঞানসন্মত গো-পালন বিষয়ৰ বিতং তথ্যৰ বাবে নিকটৱৰ্তী ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসক,সম্প্ৰসাৰণ বিষয়া (পশুপালন) লগত যোগাযোগ কৰিব পাৰে।

ঘাঁহ খতি:

 

ওট:

ওট এবিধ শীতকালীন ঘাঁহ।এই ঘাঁহ অতি পুষ্টিকৰ।সেউজীয়া ঘাঁহ বা খেৰ ৰূপে গৰু-ম;হক খুৱাব পাৰি।পানী জমা হৈ নথকা পলসুৱা আৰু বালিচহীয়া মাটিত এই খেতি ভাল হয়।এনে মাটিত শালিধানৰ খেতি উঠাৰ পিচত ওট ঘাঁহৰ খেতি কৰি পৰ্য্যাপ্ত পৰিমাণৰ ঘাঁহ উৎপন্ন কৰিব পাৰি।এই খেতিৰ বাবে ৫-৬ বাৰ হাল বাই,মৈ দি মিহিকৈ মাটি উলিয়াব লাগে।

এই ঘাঁহৰ খেতি কেতিয়া আৰু কেনেকৈ কৰিব?

 

কাতি মাহৰ পৰা পুহ মাহৰ মাজভাগলৈ বীজ সিঁচাৰ উৎকৃষ্ট সময় (ইংৰাজী অক্টোবৰ মাহৰ শেষৰ পৰা ডিচেম্বৰ মাহলৈ)।সাধাৰণতে এবিঘা মাটিত সিঁচিবলৈ ১৩-১৪ কিল’গ্ৰাম বীজৰ প্ৰয়োজন।শাৰী শাৰী এফুট ব্যৱধানত বীজ সিঁচিব লাগে আহুধান  সিঁচাৰ দৰেও এই ঘাঁহ ৰুব পাৰি।

সাৰ প্ৰয়োগ কেনেদৰে কৰিব?

 

হাল বোৱাৰ সময়তে প্ৰতি বিঘাত ৬ কুইন্টল পচন সাৰ মিহলাই দিব লাগে।ইয়াৰ উপৰিও এক বিঘা মাটিত ইউৰীয়া ১২ কিল’গ্ৰাম,চিঙ্গল চুপাৰ ফচফেট ১৭ কিল’গ্ৰাম আৰু মিউৰিয়েট অব পটাচ ৪ কি:গ্ৰা: প্ৰয়োগ কৰাৰ দৰকাৰ।সাৰ প্ৰয়োগৰ ফলত উৎপাদন কেইবাগুণে বাঢ়ি যায়।ৰাসায়নিক সাৰখিনিৰ ইউৰীয়া ৬ কি:গ্ৰা: বাকী দুবিধৰ সমুদায় অংশ বীজ সিঁচাৰ আগতে মাটি প্ৰস্তুত কৰোতে প্ৰয়োগ কৰা উচিত।বাকী ৩ কি:গ্ৰা: ইউৰীয়া বীজ সিঁচাৰ ৬০-৭০ দিনত প্ৰথমবাৰ ঘাঁহ কটাৰ পিচত টপদ্ৰেচ কৰিব পাৰিলে ঘাঁহৰ উৎপাদন বৃদ্ধি হয়।

নিৰণি আৰু জলসিঞ্চনৰ প্ৰয়োজন আছেনে?

বীজ সিঁচাৰ এমাহত এবাৰ নিৰণি কৰি অলাগতিয়াল ঘাঁহ,বনবিলাক উঘালি পেলাব লাগে।খৰাং বতৰত ১৫-২০ দিনৰ মূৰে মূৰে প্ৰয়োজন সাপেক্ষে জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰিলে উৎপাদন বৃদ্ধি পায়।

 

কেতিয়া ঘাঁহ চপাব?

 

উপযুক্ত সময় মতে বীজ সিঁচিব পাৰিলে সিঁচাৰ ৬০-৭০ দিনৰ পিচত প্ৰথমবাৰ ঘাঁহ কাটিব পাৰি।পিচৰবাৰ ফুল ফুলিবলৈ আৰম্ভ কৰাৰ লগে লগেই কাটিব লাগে।

সাধাৰণতে এক বিঘা মাটিত ৩০-৪০ কুইন্টল ঘাঁহ পাব পাৰি।

 

এই ঘাঁহত পোৱা উপাদানসমূহ কি কি?

 

ইয়াত জীন নিয়াব পৰা মাংসহাৰ (প্ৰ’টিন) থাকে ৭-৯%, কেলছিয়াম ০.৩৫%, ফচফৰাছ ০.১৫% আৰু পটাছিয়াম থাকে ২.৪৩%।

এই ঘাঁহৰ খেতি কৰোতে আমি যদি নাইট্ৰ’জেন জাতীয় সাৰ বিঘাই প্ৰতি ৮ কি:গ্ৰা: প্ৰয়োগ কৰিব পাৰো তেতিয়া এই ঘাঁহত থকা জীন নিয়াব পৰা মাংসহাৰৰ পৰিমাণ ১১%লৈ বৃদ্ধি হয় বাবে উৎপাদনক্ষম পশুধনৰ গাখীৰ উৎপাদনৰ পৰিমাণো বৃদ্ধি হয়।

 

নেপিয়াৰ ঘাঁহ:

 

নেপিয়াৰ এবিধ বাৰমহীয়া ঘাঁহ।বছৰৰ সকলো সময়তে ইয়াৰ উৎপাদন পাব পাৰি।উষ্ণ আৰু আৰ্দ্ৰ জলবায়ুত ইয়াৰ খেতি ভাল হয়।খৰ মাৰিলেও এই ঘাঁহ বাচি থাকিব পাৰে।সকলো প্ৰকাৰৰ মাটিতে এই ঘাঁহৰ খেতি হয় যদিও বোকা বা আলতীয়া মাটিত ইয়াৰ উৎপাদন ভাল হয়।

 

এই ঘাঁহৰ খেতি কেতিয়া আৰু কেনেকৈ কৰিব?

 

চ’তৰ শেষৰ পৰা আহাৰ মাহৰ মাজভাগলৈ (ইংৰাজী মাৰ্চ মাহৰ পৰা জুলাই মাহলৈ) এই ঘাঁহ ৰোৱাৰ সময়।ঘাঁহৰ কাণ্ডৰ টুকুৰা (যাতে ২-৩টা চকু থাকে) বা শিপাসহ গুৰি অংশ ৰুব লাগে।কাণ্ডৰ এটা চকু মাটিৰ তলত ৰাখি কুঁহিয়াৰ যেনেকৈ ৰোৱে ঠিক তেনেকৈ হেলনীয়া কৰি (৪৫° কোণ) এই ঘাঁহৰ কাণ্ডবিলাক ৰোৱা হয়।এই ঘাঁহৰ টুকুৰাবোৰ শাৰী শাৰীকৈ দুই শাৰীৰ পমাজত ৯০ ছে:মি: আৰু দুটা শিপাৰ মাজত ৭৫ ছে:মি: ব্যৱধান ৰাখি ৰুব লাগে।

সাৰ প্ৰয়োগ কেনেকৈ কৰিব?

 

মাটি চহ কৰাৰ সময়ত এক বিঘা মাটিত ১০-১৫ কুইন্টল পচন সাৰ দিব পাৰিলে ভাল হয়।ইয়াৰ উপৰিও ৰাসায়নিক সাৰ বিঘাই প্ৰতি ইউৰিয়া ৩৫ কি:গ্ৰা:,চিঙ্গল চুপাৰ ফচফেট ৪৪ কি:গ্ৰা: আৰু মিউৰিয়েট অব পটাচ ৭ কি:গ্ৰা: প্ৰয়োগ কৰিলে ঘাঁহৰ উৎপাদন ভাল হয়।ঘাঁহ ৰোৱাৰ আগেয়ে চাৰিভাগৰ১ ভাগ ইউৰিয়া আৰু বাকী দুবিধ সাৰৰ সমুদায় অংশ মাটিত মিহলাই দিব লাগে।বাকী ৰোৱা ৩ ভাগ এভাগকৈ প্ৰথমবাৰ ঘাঁহ কটাৰ পৰা আৰম্ভ কৰি তৃতীয় আৰু পঞ্চমবাৰ কটাৰ পিচত তপদ্ৰেচ কৰিব পাৰিলে ঘাঁহৰ উৎপাদন বাঢ়ে।

জলসিঞ্চনৰ প্ৰয়োজন আছেনে?

 

খৰাং বতৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিব পাৰিলে ঘাঁহৰ উৎপাদন বৃদ্ধি কৰিব পাৰি।অলাগতিয়াল ঘাঁহ,বন থাকিলে সেইবিলাক গুচাই পেলাব লাগে।

ঘাঁহ কেতিয়া চপাব?

 

ৰোৱাৰ ৬০ দিনৰ পিচত প্ৰথমবাৰ ঘাঁহ কাটিব পাৰি।তাৰ পিচত ৪৫ দিনৰ অন্তৰে অন্তৰে ঘাঁহ চপাব পাৰি।আহি এবিঘা মাটিত খেতি কৰি প্ৰায় ১৭৫ কুইন্টল ঘাঁহ চপাব পাৰো।তিনি বছৰৰ পিচত পুৰণা জোপা ভাঙি নতুনকৈ ৰুব লাগে।

 

এই ঘাঁহৰ পৰা আমাৰ গৰু-ম’হে কি কি পায়?

 

নেপিয়াৰ ঘাঁহৰ মুঠ জীন নিয়াব পৰা মাংসহাৰ থাকে ১০.২%,কেলছিয়াম ০.৪৬%,আৰু ফচফৰাছ ০.৩৭% থাকে।

 

গাইমুগ বা ৰাইচবীনৰ খেতি:

 

গাইমুগ বা ৰাইচবিন এবিধ মাহজাতীয় শস্য।ই এবিধ অতি পুষ্টিকৰ পশুখাদ্য।উষ্ণ আৰ্দ্ৰ জলবায়ুত এই খেতি ভাল হয়।খৰাং বতৰতো এই শস্য বাচি থাকিব পাৰে।

সকলো ধৰণৰ মাটিতে ইয়াৰ খেতি কৰিব পাৰি যদিও আলতীয়া মাটিত এই খেতি ভাল হয়।

 

বীজ কেতিয়া আৰু কেনেকৈ সিঁচিব?

 

মাটিডৰা ভালদৰে চহ কৰাৰ পিচত ২-৩ ওবাৰ মৈ দি ল’ব পাৰিলে বেছি ভল হয়।চ’তৰ দ্বিতীয় পষেকৰ পৰা জেঠৰ প্ৰথম পষেকৰ ভিতৰত (ইংৰাজী মাৰ্চ মাহৰ পৰা মে’ মাহলৈ) বীজ সিঁচিব পাৰিলে আমি বেছি লাভবান হওঁ।দুই প্ৰকাৰে আমি বীজ সিঁচিব পাৰো-একেলগে ছটিয়াই নতুবা শাৰী-শাৰীকৈ দুশাৰীৰ মাজত ব্যৱধান ২৫-৩০ ছে:মি: আৰু দুটা বীজৰ দূৰত্ব ১০ ছে:মি: ৰাখি বীজ সিঁচিব পাৰো।দুটা শাৰীৰ মাজৰ ব্যৱধান ৬০-৭০ ছে:মি: ৰাখিব লাগে যদিহে বীজ উৎপাদনৰ বাবে এই খেতি কৰা হয়।ঘাঁহ উৎপাদনৰ বাবে হ’লে এবিঘা মাটিত বীজৰ প্ৰয়োজন হয় ৫-৬ কি:গ্ৰা: আৰু বীজ উৎপাদনৰ বাবে ৩-৪ কি:গ্ৰা: সিঁচিলেই হয়।

সাৰ প্ৰয়োগ কেনেদৰে কৰিব?

 

বীজ সিঁচাৰ ৪ সপ্তাহৰ আগতে বিঘাই প্ৰতি ৪-৫ কুইন্টল পচন সাৰ প্ৰয়োগ কৰি ল’ব লাগে।তাৰোপৰি বিঘাই প্ৰতি ৬ কি:গ্ৰা: ইউৰিয়া,৩৫ কি:গ্ৰা: চিংগল চুপাৰ ফচফেচ,৫ কি:গ্ৰা: মিউৰিয়েট অব পটাছ মাটি প্ৰস্তুত কৰাৰ সময়তে প্ৰয়োগ কৰি বীজ সিঁচিলে ঘাঁহৰ উৎপাদন ভাল হয়।

জলসিঞ্চনৰ প্ৰয়োজন আছেনে?

 

খৰাং বতৰত প্ৰয়োজন অনুসৰি ২-৩ বাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।বেছি বৰষুণৰ বতৰত মাটিডৰাত যাতে পানী জমা হৈ নাথাকে তাৰ ব্যৱস্থা কৰিব লাগে।কাৰণ জমা হৈ থকা পানীয়ে শস্যৰ ক্ষতি কৰে।

কেতিয়া ঘাঁহ চপাব?

বীজ সিঁচাৰ ৬০ দিনৰ পিচত প্ৰথমবাৰ ঘাঁহ কাটিব পাৰি।তাৰ পিচত ঠিক মতে জলসিঞ্চন ও সাৰ প্ৰয়োগ কৰিলে ৪৫-৫০ দিন পিচত আৰু এবাৰ কাটিব পাৰি।

উৎপাদন:

জেঠ-আহাৰ মাহত আৰু পুহ-মাঘ মাহত যেতিয়া ঘাঁহৰ অতি অভাৱ হয়,সেই সময়তে এইবিধ শস্য কাটি খুৱাব পাৰি।বাৰিষা কালত বিঘাই প্ৰতি প্ৰায় ৬০-৬৫ কুইন্টল আৰু শীতকালত ৪০-৪৫ কুইন্টল ঘাঁহৰ উৎপাদন পোৱা যায়।দুইবাৰ কাটিব পাৰিলে ৮০-৯০ কুইন্টল ঘাঁহৰ উৎপাদন পাব পাৰি।

এই ঘাঁহত পোৱা উপাদানসমূহ কি কি?

 

ৰাইচবীনত জীন নিয়াব পৰা মাংসহাৰ (প্ৰ’টিন)ৰ পৰিমাণ ১৪.২৪%,কেলছিয়াম ১.২২% আৰু ফচফৰাছ ০.৪৩% থাকে।

দীননাথ ঘাঁহ:

 

দীননাথ ঘাঁহ বাৰিষা কালত হোৱা এবিধ উন্নত জাতৰ ঘাঁহ।এই ঘাঁহ গৰু-ম’হৰ উত্তম খাদ্য।খুব কম পৰিচৰ্য্যাতে এই ঘাঁহৰ পৰা অধিক উৎপাদন পাব পাৰি।গো-খাদ্যৰ বাহিৰেও মাটি সংৰক্ষণৰ কামতো এই ঘাঁহ ব্যৱহ্ৰত হয়।

কেনেধৰণৰ জলবায়ুত এই ঘাঁহ হয়?

 

শুকান আৰু জলীয় উভয় প্ৰকাৰৰ জলবায়ুতে ইয়াৰ খেতি হয়।তথাপিতো বেছিকৈ বৰষুণ হোৱা ঠাইত এই খেতি ভাল হয়।

মাটি কেনেদৰে প্ৰস্তুত কৰিব?

পানী জমা নোহোৱা ওখ চানেকীয়া মাটিত এই ঘাঁহৰ উৎপাদন ভাল হয়।৩-৪ বাৰ হাল বাই থৈ দি মাটিখিনি প্ৰস্তুত কৰিব লাগে।

বীজ কেতিয়া আৰু কেনেদৰে সিঁচিব?

চ’তৰ দ্বিতীয় পষেকৰ পৰা আহাৰৰ প্ৰথম পষেকৰ ভিতৰত বীজ সিঁচাৰ সময়।সাধাৰণতে এবিঘা মাটিত সিঁচিবলৈ ১ কি:গ্ৰা: বীজৰ প্ৰয়োজন।শাৰী-শাৰীকৈ ১ ফুট ব্যৱধানত বীজ পেলাব লাগে।দুডাল গছৰ মাজত দূৰত্ব ২ ইঞ্চি বা ৫ ছে:মি: হ’ব পৰাকৈ বীজ সিঁচা বাঞ্চনীয়।

সাৰ কেনেদৰে প্ৰয়োগ কৰিব?

প্ৰতি বিঘাত ৬-৮ কুইন্টল পচন সাৰ প্ৰয়োগ কৰি হাল-মৈ দিয়াৰ সময়ত মাটিত মিহলাই দিয়াৰ উপৰিও ১৮ কি:গ্ৰা: ইউৰিয়া আৰু ২৭ কি:গ্ৰা: চিঙ্গল চুপাৰ ফচফেট সাৰখিনি পচন সাৰ দিয়াৰ সময়তে মাটিত মিহলাই দিব লাগে।ইউৰিয়া সাৰৰ আধা অংশ বীজ সিঁচাৰ আগতে অন্যান্য সাৰৰ লগতে প্ৰয়োগ কৰি বাকী আধা অংশ প্ৰথমবাৰ ঘাঁহ কটাৰ পিচত টপড্ৰেচ কৰা উচিত।

জলসিঞ্চনৰ প্ৰয়োজন আছেনে?

এই ঘাঁহ বাৰিষা হয় বাবে জলসিঞ্চন ব্যৱস্থাৰ প্ৰয়োজন নহয়।খৰাং বতৰ হ’লে প্ৰয়োজন অনুসৰি জলসিঞ্চন কৰিব লাগে।

ঘাঁহ কেতিয়া কাটিব আৰু উৎপাদন কিমান হ’ব?

বীজ সিঁচাৰ দুমাহ পিচৰ পৰাই দীননাথ ঘাঁহ কাটি গৰুক খুৱাব পাৰি।প্ৰথমবাৰ কটাৰ ৪৫ দিন পিচত আৰু এবাৰ ঘাঁহ কাটিব পাৰি।এইবিধ খেতি কৰি প্ৰতি বিঘাত ৬০-৮০ কুইন্টল ঘাঁহ আহৰণ কৰিব পাৰি।

গিনি ঘাঁহৰ খেতি:

গিনি এবিধ বাৰমহীয়া সেউজীয়া ঘাঁহ।ই এবিধ সুস্বাদু আৰু পুষ্টিকৰ পশু খাদ্য।এই ঘাঁহত পাত বেছিকৈ থাকে বাবে গৰু-ম’হে খাবলৈ ভাল পায় আৰু নষ্টও কম হয়।নেপিয়াৰৰ দৰে এই ঘাঁহ খৰাং বতৰতো বাচি থাকিব পাৰে।বৰষুণৰ বতৰত এই ঘাঁহৰ খেতি ভাল হয়।জাৰকালি বেছি ঠাণ্ডা পৰিলে গছৰ বৃদ্ধি কমি যায় যদিও গৰম পৰাৰ লগে লগে আকৌ ইয়াৰ বৃদ্ধি আৰম্ভ হয়।ছাঁ পৰা সেমেকা মাটিত এই ঘাঁহৰ খেতি ভাল হয়।

সকলো ধৰণৰ মাটিতে এই খেতি কৰিব পাৰি যদিও ওখ চানেকীয়া উৰ্বৰ মাটিত গিনি ঘাঁহৰ খেতি বেছি ভাল হয়।

এই ঘাঁহৰ খেতি কেতিয়া আৰু কেনেকৈ কৰিব?

মাটিডৰা ভালদৰে ৩-৪ বাৰ হাল বাই প্ৰস্তুত কৰি ল’ব লাগে।বীজ আৰু শিপা বা গা-গছ দুয়োবিধেই সিঁচিব বা ৰুবৰ কাৰণে ব্যৱহাৰ কৰা হয় যদিও শিপা বা গা-গছ ৰুই খেতি কৰিলে ভাল ফল পোৱা যায়।ইংৰাজী জুন মাহৰ পৰা জুলাই মাহৰ ভিতৰত এই খেতি কৰিব পাৰিলে বেছি ভাল ফল পোৱা যায়।ভালদৰে চহ কৰা মাটিডৰাত বিঘাই প্ৰতি শিপা বা গা-গছৰ টুকুৰা ৪০০০-৪৬৬৬ টুকুৰা শাৰী শাৰীকৈ প্ৰতি শাৰীৰ মাজত দূৰত্ব ৭৫ ছে:মি: আৰু দুডাল গছৰ মাজত ৩৫ ছে:মি: ৰাখি ৰুব লাগে।

সাৰ প্ৰয়োগ কেনেদৰে কৰিব?

 

মাটি প্ৰস্তুত কৰাৰ সময়ত মাটিৰ লগত পচন সাৰ মিহলাই ল’ব লাগে।এবিঘা মাটিত ২৮-৪৩ কি:গ্ৰা: ইউৰিয়া,৪০-৪৪ কি:গ্ৰা: ফচফৰাছ আৰু ৫.৫-৭ কি:গ্ৰা: পটাচ প্ৰয়োগ কৰিব পাৰিলে ভাল ফল পোৱা যায়।নাইট্ৰ’জেন সাৰৰ চাৰিভাগৰ এক ভাগ আৰু বাকী দুবিধ সাৰৰ সমুদায় অংশ মাটি প্ৰস্তুত কৰাৰ সময়তে প্ৰয়োগ কৰিব লাগে।বাকী থকা নাইট্ৰ’জেন সাৰ সমানে ভাগ কৰি প্ৰত্যেকবাৰ ঘাঁহ কটাৰ পিচত প্ৰয়োগ কৰিলে উৎপাদন ভাল হয়।গোবৰ সাৰ প্ৰয়োগ কৰিলে নাইট্ৰ’জেন জাতীয় সাৰৰ পৰিমাণ কমাই দিলেও হয়।

জলসিঞ্চনৰ প্ৰয়োজন আছেনে?

 

গিনি ঘাঁহ সাধাৰণতে বছৰত ৬-৭ বাৰ কাটিব পাৰি।ৰোৱাৰ ৯০ দিনৰ পিচত প্ৰথমবাৰ ঘাঁহ কাটিব লাগে।পিচত ঘাঁহৰ পৰিচৰ্য্যা আৰু বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি ঘাঁহ কাটিব লাগে।বৃদ্ধি বেছি হ’লে গছৰ তলৰ অংশ টান হৈ যায়,তেতিয়া এই ঘাঁহ গৰু,ম’হে খাবলৈ ভাল নাপায়।সাধাৰণতে ৪৫-৬০ দিনৰ অন্তৰে অন্তৰে ঘাঁহ কাটিব পাৰিলে ভাল হয়।এই ঘাঁহ খাবলৈ সুস্বাদু হয়।

এবিঘা মাটিত সাধাৰণতে ১০০-১৩৫ কুইন্টল ঘাঁহ পোৱা যায়।

এই ঘাঁহত পোৱা উপাদানসমূহ কি কি?

গিনি ঘাঁহত জীন নিয়াব পৰা মাংসহাৰ (প্ৰ’টিন) ৭.৮৮%, কেলছিয়াম ০.৫১%, ফচফৰাছ ০.৩৯% আৰু পটাছিয়াম থাকে ৩.১৪%।

বিজ্ঞানসন্মত পদ্ধতিৰে কাউপী বা লেচেৰা মাহৰ খেতি:

 

কাউপী এবিধ মাহজাতীয় ৰবি শস্য।পানী জমা নোহোৱা বালিচহীয়া বা পলসুৱা মাটিত এই খেতি কৰা উচিত।প্ৰচুৰ পৰিমাণে প্ৰ’টিনযুক্ত এই ঘাঁহ পশুধনৰ বাবে এবিধ পুষ্টিকৰ খাদ্য।

এই ঘাঁহৰ খেতি কেতিয়া আৰু কেনেকৈ কৰিব?

ইংৰাজী মাৰ্চ মাহৰ পৰা চেপ্তেম্বৰ মাহলৈ এই খেতি কৰিব পাৰি।মাটি ২-৩ বাৰ চহ কৰি এক বিঘা মাটিত ৫-৬ কি:গ্ৰা: বীজ 30-35 ছে:মি: অন্তৰে অন্তৰে শাৰী-শাৰীকৈ সিঁচিব লাগে।

সাৰ প্ৰয়োগ কেনেদৰে কৰিব পাৰি?

 

মাটি চহোৱাৰ সময়তে বিঘাই প্ৰতি ৪-৬ কুইন্টল পচন সাৰ বা শুকান গোবৰ মিহলাই দিব লাগে।ৰাসায়নিকপ সাৰ বিঘাই প্ৰতি ৬ কি:গ্ৰা: ইউৰিয়া,৩৫ কি:গ্ৰা: চিঙ্গল চুপাৰ ফচফেট আৰু পটাচ প্ৰয়োগ কৰিব পাৰিলে বেছি ভাল ফল পোৱা যায়।

জলসিঞ্চনৰ প্ৰয়োজন আছেনে?

যদিহে এই খেতি খৰালি কালতে কৰা হয় তেতিয়া ১০-১৫ দিনৰ মূৰে মূৰে মাটিত জমা হৈ থাকিলে শস্যৰ ক্ষতি কৰে।সেয়ে বেছি বৰষুণ হ’লে খেতিত যাতে বৰষুণৰ পানী জমা হৈ নাথাকে তাৰ বাবে পানী সহজে ওলাই যাব পৰাৰ ব্যৱস্থা কৰি দিব লাগে।

কেতিয়া ঘাঁহ চপাব?

উপযুক্ত সময়ত বীজ সিঁচিলে সিঁচাৰ ৬০ দিনৰ পিচত শতকৰা ৫০ ভাগ ফুল ফুলা পৰ্য্যায়ত ঘাঁহ কাটিব পাৰিএই খেতি কৰি এক বিঘা মাটিত ৩০-৩৫ কুইন্টল ঘাঁহ পাব পাৰি।

এই ঘাঁহত পোৱা উপাদানসমূহ কি কি?

এই ঘাঁহত ১৭.৩৮% জীন নিয়াব পৰা মাংসহাৰ ১.৪০% কেলছিয়াম, ০.৩৪% ফচফৰাছ আৰু ১.৫৪% পটাছিয়াম থাকে।

ৰীণা ঘাঁহৰ খেতি:

‘ৰীণা’ এবিধ গ্ৰীষ্মকালীন পশুখাদ্য শস্য।ই এবিধ কোমল ঘাঁহজাতীয় শস্য।গোমধানৰ লগত ইয়াৰ ভালেমান সাদৃশ্য আছে আৰু গোমধানৰ উপযোগী মাটি,যেনে-পানী ওলাই যাব পৰা,পলসুৱা,বাহিচহীয়া আলতীয়াৰ পৰা বালিচহীয়া মাটি ৰীণাৰ খেতিৰ বাবেও উপযোগী।উষ্ণ সেমেকা জলবায়ুত ইয়াৰ খেতি ভাল হয়।তলত দিয়া ধৰণে এই খেতি কৰা হয়।

  1. জাত: ৰাজ্যখনৰ বাবে অনুমোদিত জাতসমূহ হৈছে-ছিৰছা,টি.এল. ১৬ আৰু টি.এল. ২।
  2. খেতিৰ সময়: বহাগ-জেঠ মাহ হৈছে অসমত ৰীণা খেতিৰ বাবে উপযুক্ত সময়।
  3. মাটিৰ প্ৰস্তুতি:এবাৰ হাল বাই আৰু ৪-৫ বাৰ মৈয়াই এই খেতিৰ বাবে মাটি প্ৰস্তুত কৰিব লাগে।জাবৰ-জোঁথৰ,ঘাঁহ-বন আদি সম্পূৰ্ণৰূপে আঁতৰাই পেলাব লাগে।মাজে মাজে নলা খান্দি দিলে অতিৰিক্ত পানী ওলাই যোৱাত সুচল হয় আৰু তাৰ দ্বাৰা ভাল উৎপাদন আশা কৰিব পাৰো।
  4. সাৰ প্ৰয়োগ: মাটি প্ৰস্তুত কৰাৰ সময়ত বিঘাই প্ৰতি ৬ কুইন্টল গোবৰ বা পচন সাৰ মাটিত মিহলাই দিব লাগে।লগতে বিঘাই প্ৰতি ১২ কি:গা: চিংগল ফচফেট আৰু ৭ কি:গ্ৰা: পটাচ সাৰ মাটিৰ লগত মিহলাই দিয়া উচিত।পুনৰ বীজ সিঁচাৰ ৪০ দিনৰ পিচত ১২ কি:গ্ৰা: টপড্ৰেচ কৰিব লাগে।
  5. বীজৰ পৰিমাণ আৰু ৰোপণ পদ্ধতি: এই খেতি বীজ ছটিয়াই সিঁচি অথবা শাৰীবদ্ধভাৱে ৰুই কৰিব পাৰি যদিও শাৰীবদ্ধভাৱে বীজ ৰোপণ কৰাটো ভাল,অধিক উৎপাদনৰ বাবে উত্তম।এই পদ্ধতিত দুটা শাৰীৰ মাজৰ ব্যৱধান ৪০ ছে:মি: আৰু দুজোপা গছৰ মাজৰ ব্যৱধান ১৫ ছে:মি: হোৱা উচিত।
  6. অপতৃণ নিয়ন্ত্ৰণ: শস্য ৰোপণৰ পৰা ২৫-৩০ দিনৰ পাচত এবাৰ হাবি-বনবোৰ আঁতৰাই দিয়াটো অধিক উৎপাদনৰ বাবে অতি প্ৰয়োজন।
  7. জলসিঞ্চন: জলসিঞ্চনৰ সুবিধা থাকিলে খৰাং পৰিস্থিতি সাপেক্ষে জলসিঞ্চন কৰাটো বাঞ্চনীয়।
  8. শস্য চপোৱা আৰু উৎপাদন: বীজ ৰোপণৰ পৰা ৬৫-৭৫ দিনৰ ভিতৰত এইবিধ ঘাঁহ চপাবৰ যোগ্য হয়।পুনৰ ৫০ দিনৰ অন্তৰে অন্তৰে ২-৩ বাৰ এই ঘাঁহ চপাব পাৰি।

ৰীণা খেতিৰ পৰা প্ৰতি বিঘাত ৫৫-৬৫ কুইন্টল সেউজীয়া পশুখাদ্য পাব পাৰি।

পাৰা ঘাঁহৰ খেতি:

 

নেপিয়াৰৰ দৰে পাৰাও এবিধ বাৰমহীয়া ঘাঁহ,সেয়ে বছৰৰ সকলো সময়তে ইয়াৰ পৰা পুষ্টিকৰ সেউজীয়া ঘাঁহ পাই থাকিব পাৰি।সাৰুৱা,দ মাটিত এইবিধ ঘাঁহৰ খেতি ভাল হয়।জেকা অথবা পানী থকা মাটি ইয়াৰ বাবে উপযোগী।এইবিধ ঘাঁহৰ খেতি শিপা অথবা পোখাৰ কাটিঙত পৰা কৰা হয়।

  1. খেতিৰ সময়: অসমত বহাগ মাহৰ পৰা আহাৰ মাহলৈ পাৰা ঘাঁহৰ খেতিৰ বাবে উপযোগী সময়।
  2. মাটি প্ৰস্তুতি: পাৰা খেতিৰ বাবে মাটি ভালদৰে চহ কৰিব লাগে আৰু মাটি বোকা কৰি প্ৰস্তুত কৰিব লাগে।
  3. সাৰ প্ৰয়োগ: মাটি প্ৰস্তুত কৰাৰ সময়ত বিঘাই প্ৰতি ৮ কি:গ্ৰা: ইউৰিয়া সাৰ প্ৰয়োগ কৰিব লাগে।প্ৰতিবাৰ ঘাঁহ চপোৱাৰ পিচত বিঘাই প্ৰতি ৪ কি:গ্ৰা: ইউৰিয়া পুনৰ টপড্ৰেচ কৰিব লাগে।
  4. ৰোপণ পদ্ধতি: বিঘাই প্ৰতি ২০০০-২৫০০ কাটিং (প্ৰায় ১-১.৫ কুইন্টল) ৰুব লাগে।প্ৰতিটো কাটিঙত ২-৩টা পোখা থাকিব লাগে।কাটিংবোৰ শাৰী শাৰীকৈ ৰুব লাগে।দুটা শাৰীৰ মাজৰ দূৰত্ব ৬০ ছে:মি: হ’ব লাগে আৰু দুটা কাটিঙৰ মাজত দূৰত্ব প্ৰায় ৫০ ছে:মি: হ’ল ভাল উৎপাদন আশা কৰিব পাৰি।
  5. জলসিঞ্চন: জলসিঞ্চনৰ ব্যৱস্থা থাকিলে খৰাং বতৰত অথবা মাটিৰ জীপ নাইকিয়া হোৱা অৱস্থাত ইয়াৰ ব্যৱহাৰ কৰিলে ভাল উৎপাদন পোৱা যায়।
  6. ঘাঁহ চপোৱা: ৰোপণৰ পৰা তিনি মাহৰ পিচত ঘাঁহ চপাব পাৰি।তাৰ পিচত ৩০ দিনৰ অন্তৰে অন্তৰে  এইবিধ ঘাঁহ চপাই থাকিব পাৰি।
  7. উৎপাদন: এইবিধ খেতিৰ পৰা এবিঘা মাটিত বছৰি প্ৰায় ১১০ৰ পৰা ২২০ কুইন্টল সেউজীয়া ঘাঁহ পোৱা যায়।
  8. খাদ্যগুণ: পাৰা ঘাঁহত প্ৰায় ৬.৯% মাংসহাৰ থাকে।তাৰোপৰি ০.৩৫% ফচফৰাছো থাকে।

 

মাকৈৰ খেতি:

 

ই ‘গোমধান’ নামেও পৰিচিত।ঘাঁহজাতীয় পশুখাদ্যসমূহৰ ভিতৰত মাকৈ হৈছে আটাইতকৈ সুস্বাদু তথা পুষ্টিকৰ।ইয়াৰ খেতি গ্ৰীষ্ম কালত বিশেষকৈ বৰষুণৰ বতৰত কৰা হয়।ভাৰতৰ অন্যান্য খেতিয়কৰ মাজত এইবিধ এবিধ অতি জনপ্ৰিয় শস্য আৰু ইয়াৰ মূল কাৰণ হৈছে ইয়াৰ দ্বৈত ব্যৱহাৰৰ যোগ্যতা।মাকৈবোৰ খাদ্যশস্য হিচাবে চপোৱাৰ পিচত ৰৈ যোৱা সেউজীয়া অংশ পশুখাদ্য হিচাবে ব্যৱহাৰ কৰিব পাৰি।অৱশ্যে কেৱল পশুখাদ্য হিচাবে উৎপাদন কৰিবলৈ হ’লে ইয়াক ৰেচমী অৱস্থাত (Silk stage) চপাব লাগে,কাৰণ এই সময়ত আটাইতকৈ বেছি পুষ্টি পোৱা যায়।

এই খেতিৰ বাবে উষ্ণ সেমেকা জলবায়ু আৰু পানী ওলাই যাব পৰা পলসুৱা ,বালিচহীয়া-আলতীয়া অথবা বালিচহীয়া মাটি উপযোগী।এইবিধ খেতি সম্পৰ্কে তলত থূলমূলকৈ আলোচনা কৰা হ’ল।

  1. জাত: এইবিধ পশুখাদ্য শস্যৰ অসমৰ বাবে অনুমোদিত জাতসমূহ হৈছে-গংগা ৫,বিজয় আৰু আফ্ৰিকান টল।
  2. খেতিৰ সময়: অসমত এইবিধ খেতি সাধাৰণতে বহাগ মাহত কৰা হয়।
  3. মাটি প্ৰস্তুতি: মাকৈ খেতিৰ বাবে প্ৰায় ১০ মিলিমিটাৰ গভীৰকৈ মাটি চহাব লাগে।মাটিৰ এই তৰপটো ভালদৰে চহাই আৰু মৈয়াই প্ৰস্তুত কৰিব লাগে।
  4. সাৰ প্ৰয়োগ: মাকৈ খেতিৰ বাবে প্ৰতি ৫ৰ পৰা ৬ কুইন্টল পচন সাৰ প্ৰয়োগ কৰিব লাগে।মাটি প্ৰস্তুত কৰাৰ সময়তে ইয়াক মাটিৰ লগত মিহলাই দিব লাগে।

ৰাসায়নিক সাৰৰ ভিতৰত ইউৰিয়া সাৰৰ ভিতৰত ইউৰিয়া সাৰ প্ৰতি বিঘাত ১৮ কি:গ্ৰা: প্ৰয়োগ কৰিব লাগে,ইয়াৰে আধা অংশ মাটি প্ৰস্তুত কৰাৰ সময়তে আৰু বাকী আধা অংশ পিচত টপড্ৰেচিং কৰিব লাগে।মাটি প্ৰস্তুত কৰাৰ সময়তে ইউৰিয়াৰ লগতে ২৭ কি:গ্ৰা: ছিংগল চুপাৰ ফচফেট আৰু ৭ কি:গ্ৰা: পটাছ সাৰ বিঘাই প্ৰতি প্ৰয়োগ কৰিব লাগে।

  1. বীজৰ পৰিমাণ আৰু ৰোপণ পদ্ধতি: মাকৈ খেতি বীজ ছটিয়াই অথবা নিদিষ্ট ব্যৱধানত শাৰী শাৰীকৈ বীজ ৰোপণ কৰিব পাৰি।এনে পদ্ধতিত দুটা শাৰীৰ মাজৰ ব্যৱধান ৪৫ ছে: মি: আৰু দুজোপা গছৰ মাজত ব্যৱধান ২৫ ছে:মি: হোৱা উচিত।এই খেতিৰ বাবে বিঘাই প্ৰতি ৪ ১/2ৰ পৰা ৭ কি:গ্ৰা:লৈকে বীজৰ আৱশ্যক হয়।
  2. শস্য চপোৱা: বীজ সিঁচাৰ পৰা ৬০-৭০ দিনৰ ভিতৰত এই শস্য  চপাব পৰা হয়।সাধাৰণতে ৰেচমী অৱস্থাত চপালে ইয়াৰ পৰা সৰ্বাধিক সেউজীয়া পশুখাদ্য পোৱা যায়।ভালদৰে কৰিলে এই খেতিৰ পৰা হেক্টৰে প্ৰতি ২৫০ৰ পৰা ৩০০ কুইন্টললৈকে উৎপাদন পাব পাৰি।
  3. খাদ্যগুণ: এইবিধ সেউজীয়া পশুখাদ্যত প্ৰায় ৮-১০ শতাংশ মাংসসাৰ থাকে।তাৰোপৰি ০.৫২% কেলছিয়াম, ০.২৮% ফচফৰাছ আৰু ১.৩৪% পটাছিয়ামো থাকে।
  4.  

    উৎস:পশুপালন আৰু পশুচিকিৎসা বিভাগ,অসম

3.05
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top