অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাখীৰ উৎপাদনক্ষম বিদেশীয় জাতৰ গৰু

গাখীৰ উৎপাদনক্ষম বিদেশীয় জাতৰ গৰু

জাৰ্চী জাতৰ গৰু

জাৰ্চী জাতৰ গৰুবোৰ ইউৰোপৰ ইংলিচ চেনেলৰ জাৰ্চী দ্বীপত পোৱা যায়। বৰ্তমান জাৰ্চী জাতৰ গৰু, ইহঁতৰ গাখীৰ দিয়া গুণৰ বাবে গোটেই পৃথিৱীতে বিস্তাৰিত হৈ পৰিছে। এই জাতৰ গৰুৱে প্ৰতি পিয়নত ৪০০০-৪৫০০ লিটাৰ গাখীৰ দিয়ে। জাৰ্চী (জাতৰ গৰুৰ)চেউৰীবোৰে খুব কম বয়সতে প্ৰজনন ক্ষমতা পায়(১৫-১৮ মাহৰ ভিতৰত)। এটা পোৱালি দিয়াৰ পাছত আনটো পোৱালিলৈ সাধাৰণতে ১৩/১৪ মাহ সময় লোৱা দেখা যায়। জাৰ্চী জাতৰ গৰু আকাৰত বৰ ডাঙৰ নহয়। প্ৰতিপালনৰ বাবে বৰ সুবিধা। অসমৰ জলবায়ুত এই গৰু  পুহিবৰ বাবে অসুবিধা নহয়। অসম চৰকাৰৰ পশুপালন বিভাগে এই জাতৰ গৰুৰ পৰা বৰ্ণসংকৰ জাতৰ গৰুৱে যথেষ্ট সমাদৰ লাভ কৰিছে। ষাড়ঁ গৰুবোৰৰ চুট নাই যদিও বিজ্ঞানসন্মত সঁজুলি ব্যৱহাৰ কৰি হালবোৱা আৰু গাড়ীটনা কামত ব্যৱহাৰ কৰিব পাৰি।

  • ফ্ৰিজিয়াম জাতৰ গৰু

ইয়াৰ উৎপত্তি হলেণ্ডত। ফ্ৰিজিয়ান জাতৰ গৰুৰ গাখীৰ উ্পাদন ক্ষমতা যথেষ্ট বেছি। এই জাতৰ গাই গৰুৱে প্ৰতি পিয়নত ৬১৫০ ৰ পৰা ৬৫০০ লিটাৰ পৰ্য্যন্ত গাখীৰ দিয়ে। অসমৰ পাহাৰীয়া অঞ্চলৰ কৃষকসকলে এই জাতৰ গৰু পুহি যথেষ্ট লাভৱান হৈছে। ২৪ ৰ পৰা ২৬ মাহৰ ভিতৰত চেউৰীবোৰে প্ৰজনন ক্ষমতা পায়।

শেহতীয়া উন্নীতকৰণ: : 4/25/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate