মূল পৃষ্ঠা / কৃষি / পশু পালন / দুগ্ধ উৎপাদন / গাখীৰ উৎপাদনত সেউজীয়া ঘাঁহৰ আৱশ্যকতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গাখীৰ উৎপাদনত সেউজীয়া ঘাঁহৰ আৱশ্যকতা

গাখীৰ উৎপাদনত সেউজীয়া ঘাঁহৰ আৱশ্যকতাৰ কথা লিখা হৈছে

 

পশুৰ স্বাস্থ্য ৰক্ষা আৰু গাখীৰ উৎপাদন বঢ়াবলৈ সেউজীয়া ঘাঁহ অতি প্রয়োজনীয়। ঘাঁহ গৰুৰ অতি প্রিয় খাদ্য আৰু ই অতি সহজে জীণ যায়। সেউজীয়া ঘাঁহত পর্যাপ্ত পৰিমাণৰ ভিটামিন এ আৰু খনিজ পদার্থ থাকে। ই প্রজনন শক্তিৰ কাৰণে অতি প্রয়োজনীয়। কিছুমান মাহজাতীয় শস্যকো সেউজীয়া ঘাঁহ হিচাপে ব্যৱহাৰ কৰিব পাৰি। মাহজাতীয় শস্যই নৰম আঁহ জাতীয় খাদ্য যোগান ধৰাৰ লগতে যথেষ্ট পৰিমাণৰ প্ৰ’টিন জাতীয় আহাৰৰ যোগান ধৰে। মাহজাতীয় শস্যই মাটিৰ উৰ্বৰতাও বঢ়ায়। গো-পালকসকলে সেউজীয়া ঘাঁহৰ নিয়মীয়া যোগানৰ বাবে ঘাঁহ খেতি কৰাটো অতি গুৰুত্বপূর্ণ বিষয়। কিয়নো সেউজীয়া ঘাঁহে গাইজনীৰ দুগ্ধ উৎপাদনত আৰু স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। তদুপৰি, দিনে দিনে চৰণীয়া পথাৰ কমি যোৱাৰ ফলত পর্যাপ্ত পৰিমাণৰ ঘাঁহৰ নাটনি পৰিলক্ষিত হৈছে। সেয়ে উন্নত মানৰ খেতি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো সকলোৰে কর্তব্য হোৱা উচিত।

ঘাঁহ খেতি কৰাৰ কিছুমান গুৰুত্বপূর্ণ দিশ-

 

(১) উন্নতমানৰ বীজ ব্যৱহাৰ কৰা|

(২) অনুৰ্বৰ মাটি খেতিৰ বাবে উপযুক্ত কৰি ঘাঁহ উৎপাদন কৰা।

(৩) গাঁৱৰ সমূহীয়া মাটিত বহু বার্ষিক ঘাঁহ আৰু মাহ জাতীয় শস্য যেনে – মাটি মাহ, লেচেৰা মাহ, চেচবনীয়া আদি খেতি কৰা।

(৪) ঘৰৰ পিছফালে থকা লেতেৰা পানী উলিয়াই সেই স্থানত বছৰত এবাৰতকৈ বেছি কাটিব পৰা বহু বার্ষিক ঘাঁহ, দিননাথ, নেপিয়েৰ, গিনি, পাৰা আদি লগোৱা।

কেইবিধমান উন্নত জাতৰ ঘাঁহ-

 

নেপিয়াৰ

কেইবা ঋতুজোৰা নেপিয়াৰ, অসমৰ কৃষি জলবায়ুৰ সৈতে খাপ খোৱা এবিধ অতি উত্তম ঘাঁহ৷ ইয়াক বৰষুণপুষ্ট মাটি এডোখৰত দুই-তিনিটা গাঁঠিযুক্ত পূৰঠ গা-গছ ৰোপণৰ পদ্ধতিৰে ৰোৱা হয়। দুফুট আঁতৰৰ শাৰীত প্রতিজোপা নেপিয়াৰ ঘাঁহ ডেৰ ফুটৰ পৰা ২ ফুট অন্তৰত ৰুব লাগে। হাইব্রিড নেপিয়াৰ ঘাঁহৰ উৎপাদন বিঘাই প্রতি ১০-১২ টন (সেউজীয়া ঘাঁহ)।

গিনি ঘাঁহ

গিনি ঘাঁহ ওখ কিন্তু বৰষুণপুষ্ট মাটিত কৰা হয়। ইয়াক তিনি ফুট আঁতৰে আঁতৰে লাইন কৰি তিনিফুট ব্যৱধানত দুই-তিনিটাকৈ শিপাযুক্ত মূল, ধানৰ কঠীয়া ৰোৱাদি ৰুব লাগে। এই ঘাঁহ ছমাহৰ পিছৰ পৰা প্রতি মাহত কাটিব পৰা হয়।

ৰীণা ঘাঁহ

মাটিত সহজে খোপনি পুতি লহপহীয়াকৈ বাঢ়ি আহিব পৰা ক্ষমতাৰ এইবিধ ঘাঁহে শেহতীয়াকৈ পশুপালকসকলৰ ব্যাপক সঁহাৰি পাইছে| গাঢ় সেউজ বৰণৰ এইবিধ ঘাঁহ অতি ওখ হয় (৬-৮)ফুট)।

উৎপাদন ক্ষমতা

বিঘাই প্রতি ৬-৭ টন। সেউজীয়া ঘাঁহ।

ওটচ

গো পালকসকলে সচৰাচৰ জাৰকালি সেউজীয়া ঘাঁহৰ অভাৱত জুৰুলা হয়। তেওঁলোকক বিশেষ সকাহ দিয়াৰ বাবে নৱেম্বৰ-ডিচেম্বৰ মাহত এই ঘাঁহৰ ৰোপণ অতি প্ৰয়োজনীয়।

বিঘাই প্ৰতি বীজৰ পৰিমাণ ১৪ কিল’গ্ৰাম।

উৎপাদন ক্ষমতা

বিঘাই প্রতি ৪ টন সেউজীয়া ঘাঁহ।

লেখিকা: অংকিতা শইকীয়া, অসম বাণী।

2.83870967742
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top