অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গাভিনী গাইজনীৰ যতন কেনেকৈ ল’ব?

গাভিনী গাইজনীৰ যতন কেনেকৈ ল’ব?

  • সাধাৰণতে গাইগৰু এজনীয়ে গৰ্ভধাৰণ কৰাৰ পৰা পোৱালি জন্ম দিয়ালৈকে ২৮২ দিন সময় লাগে। পৰিস্থিতি অনুসৰি এই সময়ৰ ৫ দিনমান কম-বেছি হ’ব পাৰে। গোপালকসকলে গাইজনী গৰম হোৱা আৰু পালখোৱা প্ৰজনন কৰোৱাৰ সঠিক তাৰিখ হিচাপ কৰি প্ৰসৱৰ্ দিনটো আগতীয়াকৈ ঠিক কৰি প্ৰয়োজনীয় ব্যৱস্থা লোৱা উচিত।
  • গাভিনী গাইক কেতিয়াও জপিয়াবলৈ, দৌৰিবলৈ বা জাকৰ মাজত সোমাবলৈ নিদিব।
  • পোৱালী জন্ম দিয়াৰ আগমুহুৰ্তত গাইজনীৰ ওহাৰখন ফুলি উঠি তললৈ ওলমি পৰে আৰু যোনী অংশ ওখ হৈ ফুলি উঠে। পোৱালী জন্ম দিয়াৰ আগমুহুৰ্তত গাইজনীক মুকলি, পৰিষ্কাৰ কোঠাত ৰাখি তাত নৰা, খেৰ, বস্তা আদিৰে কোমল পাৰি দিব লাগে।
  • প্ৰসৱৰ সময়ত যদি প্ৰথমে পোৱালিটোৰ আগঠেং দুটা আৰু নাকটো যোনীৰে ওলাই আহে তেনেহ’লে চিন্তা কৰিব নালাগে। কিন্তু এই কাৰ্য যদি ৪ ঘণ্টাৰ ভিতৰত সম্পন্ন নহয় তেনেহ’লে লগে লগে পশু চিকিৎসকৰ সহায় লোৱা উচিত।
  • প্ৰসৱৰ পাছত মাকজনীৰ পিছফালৰ অংশ আৰু পেটৰ আধাভাগলৈ পটাচ বা নিমপাত সিজোৱা কুহুমীয়া গৰম পানীৰে পৰিষ্কাৰকৈ ধুই দিয়ক। কোঠাটো সামান্য গৰম কৰি ৰাখিব পাৰিলে ভাল। প্ৰসৱৰ পাছত গৰুজনীক খোৱা পানীৰ সৈতে গুৰ মিহলাই চৰ্বত হিচাপে খাবলৈ দিয়ক। কিছু পৰিমাণে গাখীৰ (ফেঁহু) খীৰাই দিয়ক।
  • জল বা ফুল ২-৪ ঘণ্টাৰ ভিতৰত ওলাই আহিবলৈ দিব লাগে। যদিহে ১২ ঘণ্টাৰ পাছতো ফুল নসৰে তেন্তে চিকিৎসকৰ সহায় লওক। ফুল সৰাৰ পাছত লগে লগে দকৈ পুতি পেলাওক। গৰুজনীয়ে যাতে ফুলখিনি চেলেকি খাই নেপেলাই তাৰ প্ৰতি লক্ষ্য ৰাখক। ফুল খালে গাখীৰৰ পৰিমাণ কমি যায়।
  • জল বা ফুল নিজে নসৰাকৈ কেতিয়াও টানি আনিব নালাগে।
  • সাধাৰণতে অধিক পৰিমাণৰ গাখীৰ দিয়া গাইবোৰৰ মিল্ক ফিভাৰ বা ওহাৰ ফুলা বেমাৰ হোৱা দেখা যায়। প্ৰথম বেমাৰবিধৰ পৰা হাত সাৰিবলৈ পোৱালি জন্ম দিয়াৰ ৪-৫ দিনলৈ সম্পূৰ্ণকৈ গাখীৰ খীৰাব নালাগে আৰু দ্বিতীয় বেমাৰবিধৰ ক্ষেত্ৰত ওহাৰৰ বাটবোৰ পৰিষ্কাৰকৈ কুহুমীয়া পটাচ পানীৰে ধুব লাগে। প্ৰাৰম্ভিক অৱস্থাত চিকিৎসা কৰিলে দুয়োটাৰ পৰা হাত সাৰিব পৰা যায়।

 

উৎসঃ ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠান

শেহতীয়া উন্নীতকৰণ: : 7/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate