অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গৰু-ম’হৰ প্ৰতিপালন আৰু যত্ন

আমাৰ বাবে গৌৰৱৰ বিষয় যে বৰ্তমান ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত সৰ্বাধিক দুগ্ধ উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে। এইটো সম্ভৱ হৈছে ভাৰতৰ কেইখনমান আগশাৰীৰ ৰাজ্যৰ কৃষকৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ বলত। কিন্তু দুখৰ কথা যে সৰ্বভাৰতীয় পৰ্য্যায়ত অসমৰ অৰিহণা তেনেই নগণ্য। সেয়েহে অন্য ৰাজ্যৰ দৰে অসমতো দুগ্ধ উৎপাদন বঢ়াবলৈ প্ৰচেষ্টা লোৱা হৈছে।

কেনেকৈ আমি দুগ্ধ উৎপাদন বঢ়াব পাৰোঁ?

অসমৰ থলুৱা জাতৰ গাই গৰুৰ দুগ্ধ উৎপাদন দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত খুবেই কম। প্ৰতিজনীৰ গাইৰ উৎপাদন একৰ পৰা ডেৰ লিটাৰৰ অধিক নহয়। তদুপৰি এনে গাইয়ে গাখীৰ নিদিয়াকৈ বহুদিন পাৰ কৰে। সেয়েহে থলুৱা গাই গৰু পুহি অমাৰ ৰাজ্যত দুগ্ধ প্লাৱন ঘটাব নোৱাৰি। ইয়াৰ বাবে আমাক লাগিব উন্নত বৰ্ণসংকৰ জাতৰ গাই।

বৰ্ণসংকৰ মানেনো কি?

বৰ্ণসংকৰ মানে হৈছে অধিক উৎপাদনক্ষম বিদেশী জাত। যেনে-জাৰ্চি হল্‌ষ্টেইন ফ্ৰিজিয়ান, জেবু ইত্যাদি জাতৰ লগত থলুৱা জাতৰ মিলনৰ ফলত উৎপন্ন হোৱা এটা নতুন জাত। ইয়াৰ বৈশিষ্ট হ’ল-ই অধিক উৎপাদনক্ষম হোৱাৰ লগতে স্থানীয় পৰিবেশৰ লগত খাপ খাব পাৰে। এজনী বৰ্ণস্ংকৰ গাইৰ পৰা আমি চাৰি-পাঁচ লিটাৰ গাখীৰ সহজে পাব পাৰোঁ। কিন্তু তেনে গাইৰ পৰা অধিক উৎপাদন পাবলৈ প্ৰতিপালনো উন্নত মানৰ হ’ব লাগিব।

উন্নত মানৰ প্ৰতিপালন বুলিলে কি বুজায়?

অধিকতম উৎপাদনৰ কাৰণে আমি পোৱালি অৱস্থাৰ পৰাই গাইজনীৰ যত্ন ল’ব লাগিব। পোৱালি অৱস্থাত যথেষ্ট পৰিমাণে মাকৰ গাখীৰ খাবলৈ পাব লাগিব। তিনি মাহৰ পাছত পোৱালিৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা দানা(কাফ্‌ৰেচন) নিয়মিতভাৱে খুৱাব লাগিব। লগতে সময়মতে পেলুৰ দৰব আৰু প্ৰতিষেধক ছিটা স্থানীয় পশু-চিকিৎসকৰ পৰামৰ্শমতে দিব লাগিব। সাধাৰণতে বৰ্ণসংকৰ চেঁউৰী এজনীয়ে ২৪ মাহৰ ভিতৰত পাল খায়। অন্যথা চেঁউৰীজনীৰ বিশেষ পৰ্য্যবেক্ষণৰ আৱশ্যক হয়। চেঁউৰী বা গাই গৰুক কৃত্ৰিম উপায়েৰেও গৰ্ভ ধাৰণ কৰাব লাগে।

 

উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম

শেহতীয়া উন্নীতকৰণ: : 5/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate