মূল পৃষ্ঠা / কৃষি / পশু পালন / দুগ্ধ উৎপাদন / দুগ্ধ উৎপাদকৰ হাতপুথি:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দুগ্ধ উৎপাদকৰ হাতপুথি:

 

অসমৰ কৃষি সামৰ্থ্য বৰ্দ্ধক প্ৰকল্পৰ বিষয়ে এটি চমু আবাস:

 

অসমৰ কৃষি ভিত্তিক অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰাৰ লক্ষ্যেৰে বিশ্ব বেংকৰ অৰ্থসাহায্যত এক পঞ্চবাৰ্ষিক প্ৰকল্প ৰূপায়ণৰ প্ৰচেষ্ঠা হাতত লোৱা হৈছে।ইয়াৰ সময়সীমা ইং ২০০৪ চনৰ ডিচেম্বৰ মাহৰ পৰা ২০১১ চনৰ ডিচেম্বৰ মাহলৈ।অসমৰ কৃষি সামাৰ্থ্যবৰ্দ্ধক প্ৰকল্প নাম্ৰ এই প্ৰকল্পটোৱে গ্ৰাম্য উন্নয়নৰ আটাইকেইটা দিশ যেনে-কৃষি,মীনপালন,পশু ধন উন্নয়ন,দুগ্ধ উন্নয়ন,সংহত জীৱন নিৰ্বাহৰ বাবে প্ৰাকৃতিক সম্পদ পৰিচালনা আৰু আন্ত:গাঁথনি উন্নয়ন আদি সামৰি লৈছে।

দৰাচলতে এই প্ৰকল্পটো হ’ল অসম আন্ত:গাঁথনি আৰু কৃষি সেৱা প্ৰকল্পৰ পৰৱৰ্তী পৰ্য্যায়।

প্ৰকল্পৰ লক্ষ্য:

 

নিৰ্দিষ্ট কৰা সামূহিক গোটৰ বজাৰ সংযোগ আৰু উৎপাদন বৃদ্ধিৰ যোগেদি কৃষি অৰ্থনীতি বিকাশত উদ্দীপনা যোগোৱা।

কাৰ্য্যপদ্ধতি:

 

বজাৰৰ চাহিদা অনুসৰি কৃষিজাত সামগ্ৰীৰ উৎপাদন বৃদ্ধি আৰু বিবিধকৰণৰ যোগেদি কৃষকক সামৰ্থ্যবান কৰি তোলা।প্ৰয়োজনীয় গ্ৰাম্য অন্ত:গাঁথনিৰ সম্প্ৰসাৰণৰ যোগেদি বজাৰ তথা কৃষকৰ সাংগঠনিক ব্যৱস্থাপনা শক্তি বৃদ্ধি কৰা।

দুগ্ধ উন্নয়নৰ ক্ষেত্ৰত অসম কৃষি সামৰ্থ্যবৰ্দ্ধক প্ৰকল্প:

অসম কৃষি সামৰ্থ্য বৰ্দ্ধক প্ৰকল্প(এএচিপি)ৰ অন্তৰ্গত দুগ্ধ উন্নয়ন বিভাগ,অসমৰ দ্বাৰা পৰিচালিত এটা প্ৰকল্প।এই প্ৰকল্পৰ মুঠ পুঁজি ১০.৮৩ কোটি টকা।এই প্ৰকল্পৰ মুখ্য কামবোৰ হ’ল-

1.মুঠ ৩১২ খন দুগ্ধ সমবায় সমিতি গঠন।

2.  মুঠ ১৫০ টা আত্মসহায়ক গোট গঠন।

3.  কামৰূপ,নগাওঁ আৰু মৰিগাওঁ জিলাত গাখীৰ উৎপাদন সংস্থা(এম.পি.আই)৩০০ খন গঠন।

4.  কামৰূপ জিলাৰ খানাপাৰাত এটা দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীৰ পৰীক্ষাগাৰ স্থাপন।বৰ্তমান ৰাজ্যৰ ৮ খন জিলাক এই আঁচনিৰ অধীনত সাঙুৰি লোৱা হৈছে-শোণিতপুৰ,কামৰূপ,যোৰহাট আৰু গোলাঘাটৰ কিছু অংশ,বৰপেটা,মৰিগাঁও,নগাঁও,দৰং আৰু কাছাৰ।

আঁচনিখনৰ উদ্দেশ্য:

 

1‘আনন্দ আৰ্হি’ৰ দুগ্ধ সমবায় সমিতি স্থাপনৰ জৰিয়তে দুগ্ধ উৎপাদকসকলৰ এখন সুস্থিৰ আৰু সবল বজাৰ প্ৰদান কৰা।

2.  উপভোক্তাসকলক নিয়ন্ত্ৰিত মূল্যত উৎকৃষ্ট মানৰ দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰী নিয়মীয়াকৈ যোগান ধৰা।

আনন্দ আৰ্হিৰ দুগ্ধ সমবায় সমিতি:

 

আনন্দ আৰ্হি/চানেকি:

 

ভাৰতবৰ্ষৰ পশ্চিম প্ৰাপ্তত গুজৰাট ৰাজ্য।এই ৰাজ্যৰ দাঁতিতে আৰব সাগৰ।আনন্দ হ’ল গুজৰাট ৰাজ্যৰ এখন জিলা।আগৰ খেৰা জিলা ভাগ হৈ আনন্দ জিলা হৈছে।স্বাধীনতাৰ আগৰে পৰাই অঞ্চলটোৰ ৰাইজৰ গাখীৰ উৎপাদন এটা প্ৰধান জীৱিকা।তেতিয়া পলচন লিমিটেড নামৰ কোম্পানী এটাই গাখীৰ সংগ্ৰহ কৰি মুম্বাইত বিক্ৰী কৰিছিল।কিন্তু গাখীৰ উৎপাদকসকলে গাখীৰত উচিত মূল্য পোৱা নাছিল।তেওঁলোক শোষিত হৈ আহিছিল।লগে লগে মন প্ৰাণ ভৰি পৰিছিল ক্ষোভ-বেদনাৰে।সেই সময়ৰ এগৰাকী স্বাধীনতা সংগ্ৰামী দেশপ্ৰেমী চৰ্দাৰ বল্লভভাই পেটেলে ঘটনাটো সহজভাৱে ল’ব পৰা নাছিল।তেওঁ গাখীৰ উৎপাদকসকলক সমবায় গঠন কৰিবলৈ পৰামৰ্শ দিলে।সেই পৰামৰ্শ মৰ্মেই জন্ম পালে “আনন্দ” আৰ্হিৰ সমবায় সমিতি।ফলত পলচন কোম্পানীৰ শোষণৰ পৰা উৎপাদকসকলে মুক্তি পালে।এয়াই হ’ল আনন্দ আৰ্হিৰ সমবায় সমিতিৰ জন্ম কাহিনী।

আনন্দ আৰ্হিনো প্ৰকৃততে কি?

 

1.আনন্দ আৰ্হিৰ দুগ্ধ সমবায় সমিতি হ’ল এখন তিনিখলপীয়া সু-সংহত সমবায় সমিতি।

2.  ই হৈছে দুগ্ধ উৎপাদকসকলৰ দ্বাৰা নিৰ্বাচিত প্ৰতিনিধিৰে নিয়ন্ত্ৰিত আৰু পাৰদৰ্শী পৰিচালিত সমিতি।

3.  ই সু-সংহত উৎপাদন,দুগ্ধ সংগ্ৰহ,দুগ্ধজাত সামগ্ৰী উৎপাদন প্ৰকৰণ আৰু ইয়াৰ বিক্ৰীৰ জৰিয়তে দুগ্ধ উৎপাদক আৰু উপভোক্তাৰ মাজৰ এক পোনপতীয়া সম্পৰ্ক নিশ্চিত কৰে।

তিনিখলপীয়া আনন্দ আৰ্হিৰ দুগ্ধ সমবায় সমিতি হৈছে-

1.প্ৰাথমিক দুগ্ধ সমবায় সমিতি।

2.  জিলা দুগ্ধ সমবায় সংঘ।

3.  ৰাজ্যিক ফেডাৰেচন।

1)প্ৰাথমিক দুগ্ধ সমবায় সমিতি

গাঁৱৰ দুগ্ধ উৎপাদকসকলৰ দ্বাৰাই ‘আনন্দ আৰ্হি’ৰ দুগ্ধ সমবায় সমিতি এখন গঠন কৰিব পৰা যায়।উৎপাদকসকলৰ অতি কমেও এজনী বা দুজনী গাই থকা বাঞ্চনীয় আৰু তেওঁ সমবায় সমিতিখনৰ নিৰ্দিষ্ট এলেকাৰ স্থায়ী বাসিন্দা হ’ব লাগিব।দুগ্ধ উৎপাদকজনে এটা অনুমোদিত অংশ ক্ৰয় কৰি তথা উৎপাদিত গাখীৰ কেৱল সমিতিক দিয়াৰ প্ৰতিশ্ৰুতিৰে সেই সমিতিখনৰ সদস্য হ’ব পাৰিব।প্ৰতিখন সমিতিতে এটা গাখীৰ সংগ্ৰহ কেন্দ্ৰ থাকে য’ত সদস্যসকলে প্ৰতিদিনে গাখীৰ জমা দিয়ে।গাখীৰৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি সদস্যসকলে গাখীৰৰ মূল্য পায়।বছৰৰ শেষত সমিতিখনৰ পৰা হোৱা লাভ দুগ্ধ উৎপাদকসকলৰ মাজত গাখীৰ যোগানৰ অনুপাতে বিতৰণ কৰা হয়।

দুগ্ধ সমবায় সমিতিৰ কাৰ্য্যাৱলী:

 

ক)উৎপাদকসকলৰ পৰা দুই বেলা গাখীৰৰ সংগ্ৰহ কৰা।

খ)উৎপাদকসকলক নিয়মিতভাৱে গাখীৰৰ উচিত মূল্য প্ৰদান কৰা।

গ)সংগৃহীত গাখীৰ জিলা দুগ্ধ সমবায় সংঘলৈ প্ৰেৰণ কৰা।

সমিতিয়ে দুগ্ধ উৎপাদক সকললৈ আগবঢ়োৱা সুবিধাসমূহ হ’ল-

ক)সন্তুলিত পশু খাদ্য যোগান ধৰা।

খ)উন্নত জাতৰ ঘাঁহৰ বীজ যোগান ধৰা।

গ)পশু স্বাস্থ্য সম্পৰ্কীয় সা-সুবিধা প্ৰদান কৰা।

ঘ)কৃত্ৰিম প্ৰজননৰ সুবিধা কৰি দিয়া।

ঙ)উৎপাদকসকলৰ মাজত সমিতিৰ বছৰেকীয়া লাভ বিতৰণ কৰা।

চ)গ্ৰাম্য উন্নয়নৰ বাবে সাহায্য প্ৰদান কৰা।

ছ)ঋণৰ বাবে বেংকৰ লগত যোগাযোগ।ইত্যাদি।

2)জিলা ভিত্তিক দুগ্ধ সমবায় সংঘ:

জিলা ভিত্তিক দুগ্ধ উৎপাদক সংঘৰ মালিকী স্বত্ব দুগ্ধ সমবায়সমূহৰ অৰ্থাৎ দুগ্ধ উৎপাদকসকলৰ হাততে থাকে।সমিতিৰ সকলোখিনি গাখীৰ সংঘই ক্ৰয় কৰি লয়।উক্ত ক্ৰয় কৰা গাখীৰ জিলা সংঘই জুলীয়া তথা দুগ্ধজাত সামগ্ৰীৰূপে বিক্ৰী কৰে।অধিকাংশ সংঘই সমিতি আৰু সদস্যসকলৰ বাবে অনুদান আৰু আন্ত:সুবিধা যেনে:-পশু খাদ্য,পশু চিকিৎসা,গাখীৰ সংগ্ৰহ আৰু পৰীক্ষণৰ যতন,উন্নত মানৰ গাই গৰুৰ প্ৰজননৰ ব্যৱস্থা আদি প্ৰদান কৰে।এনেধৰণৰ আন্ত:সুবিধাবোৰে গাইৰ উৎপাদন বৃদ্ধিৰ লগতে সমিতিৰ ব্যৱসায় বৃদ্ধিতো সহায় কৰে।উল্লেখযোগ্য যে সংঘই সমিতিৰ কৰ্মচাৰীসকলক প্ৰশিক্ষণ আৰু প্ৰয়োজনীয় পৰামৰ্শ দিয়াৰো ব্যৱস্থা কৰে।

জিলা দুগ্ধ সমবায় সংঘৰ কাৰ্য্যাৱলী:

 

ক)দুগ্ধ সংগ্ৰহ আৰু দুগ্ধজাত সামগ্ৰী উৎপাদন আৰু বিক্ৰী।

খ)পশু-স্বাস্থ্য,পশু-খাদ্য সম্বন্ধীয় কিছুমান সা-সুবিধা প্ৰদান।

গ)দুগ্ধ সমবায় সমিতিৰ সদস্য,কাৰ্য্যকৰী সমিতিৰ সদস্য আৰু কৰ্মচাৰীসকলক প্ৰশিক্ষণ তথা শিক্ষা প্ৰদান।

3)ৰাজ্যিক ফেদাৰেচন:

জিলা ভিত্তিক দুগ্ধ উৎপাদক সংঘসমূহে মিলি এখন ৰাজ্যিক দুগ্ধ ফেডাৰেচন গঠন কৰে।ফেডাৰেচনে উৎপাদিত দুগ্ধজাত সামগ্ৰী ৰাজ্যৰ বাহিৰত বিক্ৰীৰ ব্যৱস্থা কৰে।কোনো কোনো ফেডাৰেচনে পশু খাদ্যও উৎপাদন কৰে।ইয়াৰ ওপৰিও জিলা সমিতিক অন্যান্য সা-সুবিধা প্ৰদান কৰে।

ৰাজ্যিক ফেডাৰেচনৰ কাৰ্য্যাৱলী:

 

ক)দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰী বিক্ৰী কৰা।

খ)ৰাজ্যিক স্তৰত গাখীৰৰ আদান-প্ৰদান কৰা আৰু ইয়াৰ বাবে পৰিচালনা,উৎপাদন আৰু আঁচনিমূলক ব্যৱস্থা হাতত লোৱা।

গ)ৰাজ্য চৰকাৰ,ৰাষ্ট্ৰীয় দুগ্ধ বিকাশ পৰিষদ আৰু অন্যান্য সংস্থাবিলাকৰ লগত সম্পৰ্ক স্থাপন কৰা।

দুগ্ধ সমবায় সমিতিত মহিলাৰ ভূমিকা:

 

আজিৰ নাৰী সমাজ উন্নয়নৰ দিশত আগুৱাই গৈছে।পুৰুষসকলৰ কান্ধত কান্ধ মিলাই নিজৰ পৰিয়াল তথা সমাজৰ উন্নতিৰ হকে কাম কৰি গৈছে।সকলো ক্ষেত্ৰতে মহিলাসকল আশাতীতভাৱে সফলো হৈছে।দুগ্ধ সমবায় সমিতিৰ ক্ষেত্ৰতে মহিলাসকলে উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে।তাৰে এক জ্বলন্ত উদাহৰণ হৈছে গুজৰাটৰ মহিলা সকল।ভাৰতবৰ্ষৰ কেইখনমান দুগ্ধ সমবায় সমিতি কেৱল মহিলাৰ দ্বাৰাই পৰিচালিত হয়।মহিলাসকলে আগবঢ়াব পৰা উল্লেখযোগ্য বৰঙণিসমূহ হ’ল-

1)      মহিলাসকলে পশুৰ উপযুক্ত প্ৰতিপালন কৰিব পাৰে।

2)      গাখীৰ খীৰোৱাত মহিলাসকলে আগভাগ লয়।

3)      গোহালিৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো মহিলাসকলে আগভাগ লয়।

4)      পশুৰ উপযুক্ত খাদ্যৰ বাবে মহিলাসকলে চকু ৰাখে।

5)      মহিলাসকলে অতি সহজে দুগ্ধ সমবায় সমিতিলৈ গাখীৰ বিক্ৰীৰ বাবে আহিব পাৰে।

6)      তেওঁলোকে সঞ্চয়ৰ ক্ষেত্ৰতো যথেষ্ট সাৱধান।

7)    দুগ্ধ সমবায় সমিতিৰ কাম-কাজত মহিলাসকলেও অতি সহজে পুৰুষৰ সৈতে সমানে কাম কৰিব পাৰে।

8) মাতৃসকলে শিশুসকলক অতি সহজে আৰু নিয়াৰিকৈ দুগ্ধ সমবায় সমিতিৰ কাৰ্য্যাৱলী আৰু ইয়াৰ প্ৰয়োজনীতাৰ বিষয়ে বুজাব পাৰে লগতে সমিতিৰ প্ৰতি তেওঁলোকৰ মন আকৰ্ষিত কৰিব পাৰে।

9)   মহিলাসকলে তেওঁলোকৰ আজৰি সময়খিনি দুগ্ধ সমবায় সমিতিৰ বাবে উপযুক্তভাৱে ব্যয় কৰিব পাৰে।এই ব্যৱসায়টো সহজলভ্য আৰু ইয়াত লঘু পৰিশ্ৰমৰহে প্ৰয়োজন।

মহিলাসকল সমবায় সমিতিৰ জৰিয়তে তেনেদৰে উপকৃত হ’ব পাৰে:

1)      সমিতিত যোগদানৰ জৰিয়তে মহিলাসকলে এটি ঘৰুৱা ব্যৱসায় আৰম্ভ কৰিব পাৰে।

2)  মহিলাসকলে আজৰি সময়খিনি দুগ্ধ উৎপাদনৰ জৰিয়তে সৎ ব্যৱহাৰ কৰি পৰিয়ালটিক অৰ্থনৈতিকভাৱে টনকিয়াল কৰিব পাৰে।

3)  দুগ্ধ সমবায়ত যোগদানৰ জৰিয়তে তেওঁলোকে বাহিৰাৰ সমাজৰ সংস্পৰ্শলৈ আহি নিজকে সমাজত প্ৰতিষ্ঠিত কৰিব পাৰে।

গৰু-ম’হৰ প্ৰতিপালন আৰু যত্ন:

পাতনি:

 

আমাৰ বাবে গৌৰৱৰ বিষয় যে ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত সৰ্বাধিক দুগ্ধ উৎপাদনকাৰী দেশ হিচাপে পৰিগণিত হৈছে।এইটো সম্ভৱ হৈছে ভাৰতৰ কেইখনমান আগশাৰীৰ ৰাজ্যৰ কৃষকৰ নিৰৱচ্ছিন্ন প্ৰচেষ্টাৰ বলত।কিন্তু দুখৰ কথা যে সৰ্বভাৰতীয় পৰ্য্যায়ত অসমৰ অৰিহণা তেনেই নগণ্য।সেয়েহে অন্য ৰাজ্যৰ দৰে অসমতো দুগ্ধ উৎপাদন বঢ়াবলৈ প্ৰচেষ্টা লোৱা হৈছে।সদ্যহতে বিশ্ববেংকৰ অৰ্থ-সাহায্যত দুগ্ধ উন্নয়ন সঞ্চালকালয়,অসমৰ দ্বাৰা কেতবোৰ আঁচনি লোৱা হৈছে।ইয়াৰ ভিতৰত অসমৰ আঠখন জিলাত ৩১২ খন প্ৰাথমিক দুগ্ধ সমবায় সমিতি আৰু আন ১৫০ খন দুগ্ধ আত্মসহায়ক গোট গঠনৰ লক্ষ্য স্থিৰ কৰা হৈছে।উক্ত উৎপাদনত আশাতীতভাৱে বঢ়াব বুলি ভবা হৈছে।ইয়াৰ উপৰিও কামৰুপ,নগাওঁ আৰু মৰিগাওঁ জিলাত ৩০০ খন গাখীৰ উৎপাদন সংস্থা(এম.পি.আই.)গঠনৰ লক্ষ্য স্থিৰ কৰা হৈছে।

 

কেনেকৈ আমি দুগ্ধ উৎপাদন বঢ়াব পাৰোঁ?

 

অসমৰ থলুৱা জাত গাই গৰুৰ দুগ্ধ উৎপাদন দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত খুবেই কম।প্ৰতিজনী গাইৰ উৎপাদন একৰ পৰা ডেৰ লিটাৰৰ অধিক নহয়।তদুপৰি এনে গাইয়ে গাখীৰ নিদিয়াকৈ বহু দিন পাৰ কৰে।দেয়েহে থলুৱা গাই গৰু পুহি আমাৰ ৰাজ্যত দুগ্ধ প্লাৱন ঘটাব নোৱাৰি।ইয়াৰ বাবে আমাক লাগিব উন্নত বৰ্ণসংকৰ জাতৰ গাই।

বৰ্ণসংকৰ মানেনো কি?

 

বৰ্ণসংকৰ হৈছে অধিক উৎপাদনক্ষম বিদেশী জাত।যেনে-জাৰ্চি,হলষ্টেইন,ফ্ৰিজিয়ান,জেবু ইত্যাদি জাতৰ লগত থলুৱা জাতৰ মিলনৰ ফলত উৎপন্ন হোৱা এটা জাত।ইয়াৰ বৈশিষ্ট্য হ’ল-ই অধিক উৎপাদনক্ষম হোৱাৰ লগতে স্থানীয় পৰিবেশৰ লগত খাপ খাব পাৰে।এজনী বৰ্ণসংকৰ গাইৰ পৰা আমি চাৰি-পাঁচ লিটাৰ গাখীৰ সহজে পাব পাৰোঁ।কিন্তু তেনে গাইৰ পৰা অধিক উৎপাদন পাবলৈ প্ৰতিপালনো উন্নত মানৰ হ’ব লাগিব।

উন্নত মানৰ প্ৰতিপালন বুলিলে কি বুজায়?

 

অধিকতম উৎপাদনৰ কাৰণে আমি পোৱালী অৱস্থাৰ পৰাই গাইগৰুৰ যত্ন ল’ব লাগিব।পোৱালী অৱস্থাত যথেষ্ট পৰিমাণে মাকৰ গাখীৰ খাবলৈ পাব লাগিব।তিনি মাহৰ পাছত পোৱালিৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা দানা(কাফৰেচন)নিয়মিত ভাৱে খাব লাগিব।লগতে সময়মতে পেলুৰ দৰব আৰু প্ৰতিষেধক ছিটা স্থানীয় পশু-চিকিৎসকৰ পৰামৰ্শমতে দিব লাগিব।সাধাৰণতে বৰ্ণসংকৰ চেঁউৰী এজনীয়ে ২৪ মাহৰ ভিতৰত পাল খায়।অন্যথা চেঁউৰীজনীৰ বিশেষ পৰ্য্যাবেক্ষণৰ আৱশ্যক হয়।চেঁউৰী বা গাই গৰুক কৃত্ৰিম উপায়েৰেও গৰ্ভ ধাৰণ কৰাব লাগে।

কৃত্ৰিম প্ৰজনন কি?

 

আজিকালি আমাৰ বহুত খেতিয়কে উন্নত গৰু পোহাত আগ্ৰহী হৈছে।এইটো এটা ভাল লক্ষণ।কিন্তু আৰ্থিক দুৰৱস্তাৰ বাবে বহুতৰ কাৰণে এজনী উন্নত জাতৰ গাই কিনাটো কঠিন।গতিকে আমাৰ কৃষকসকলে টকা নাই বুলি বহি থাকিলে নহ’ব।তাৰ উপায় আছে।উপায়টো হ’ল থলুৱা গৰুজনীকে কৃত্ৰিম প্ৰজনন(এ.আই)কৰাই তাৰ জৰিয়তে এটি বৰ্ণসংকৰ  অধিক উৎপাদনক্ষম পোৱালী লাভ কৰা।

অৱশ্যে আমাৰ বহুতৰে কৃত্ৰিম প্ৰজননৰ ওপৰত সম্যক জ্ঞান নাই।কৃত্ৰিম প্ৰজনন হ’ল-আন কোনো অধিক উৎপাদনক্ষম জাতৰ ষাঁড় গৰুৰ শুক্ৰ এজনী গৰম হোৱা থলুৱা গাইৰ জৰায়ুত কৃত্ৰিমভাৱে স্থাপন কৰোৱা।এইদৰে কৃত্ৰিমভাৱে প্ৰজনন ঘটাই থলুৱা গাইৰ পৰা উন্নত জাতৰ পোৱালী আৰু অধিক গাখীৰ পাব পাৰি।এতিয়া প্ৰশ্ন হ’ল ইয়াৰ উপকাৰিকাসমূহ কি কি?

উপকৰিতাসমূহ:

 

ক)এজনী থলুৱা গাইৰ পৰা অধিক উৎপাদনক্ষম বৰ্ণসংকৰ জাতৰ গৰু পাব পাৰি।

খ)কৃত্ৰিম প্ৰজনন দ্বাৰা জন্ম হোৱা চেঁউৰীৰ বাঢ়ন ক্ষমতা আছে।

গ)এনে চেঁউৰীয়ে সোনকালে পোৱালী দিয়া ক্ষমতা লাভ কৰে।পোৱালীবোৰ সু-স্বাস্থ্যৰ হয় আৰু ৰোগ প্ৰতিৰোধী ক্ষমতাও বেছি থাকে।

ঘ)এনে বৰ্ণসংকৰ জাতৰ দমৰাবোৰৰ কৃষি কাৰ্য্য কৰাৰ ক্ষমতা থলুৱা গৰুতকৈগ্বেছি।

ঙ)এনে বৰ্ণসংকৰ গাই গৰুৱে কমেও দিনে পাঁচ-ছয় লিটাৰ গাখীৰ দিয়ে।

চ)কৃত্ৰিম প্ৰজনন জৰিয়তে বহুধৰণৰ যৌন ৰোগৰ পৰা গাইজনী ৰক্ষা পৰে।

কৃত্ৰিম প্ৰজননৰ সময়ত গো পালকে মন কৰিবলগীয়া দিশসমূহ-

কৃত্ৰিম প্ৰজনন এনে এক পদ্ধতি য’ত গাইজনী পাল খুওৱাৰ এক নিৰ্দিষ্ট সময়ত প্ৰজনন ঘটালেহে ইয়াৰ পৰা আশানুৰূপ ফল পাব পাৰি।

গো পালকে তলত উল্লেখ কৰা কথাকেইটা মন কৰাটো অতি প্ৰয়োজনীয়-

ক)গাইজনীয়ে যেতিয়া হেম্বেলিয়াই থাকে আৰু বাহিৰলৈ ওলাই যাবলৈ উত্ৰাৱল হয়।

খ)গাইজনীয়ে যেতিয়া গোহালিৰ অন্য গৰুৰ ওপৰত জঁপিয়াই উঠিব বিচাৰে।

গ)গাইজনীয়ে যোনীদ্বাৰেদি যেতিয়া তৰল বগা জুলীয়া পদাৰ্থ নি:সৰিত হয়।

ঘ)ঘনে ঘনে কম পৰিমানে প্ৰসাৱ কৰে।

ওপৰত উল্লেখ কৰা লক্ষণসমূহ গাইজনীৰ গাত দিলে ওচৰৰ পশু-চিকিৎসালয়ত বা ব্যক্তিগত প্ৰতিষ্ঠানত জনাব লাগে আৰু কৃত্ৰিম প্ৰজনন ব্যৱস্থা কৰিব লাগে।

উক্ত লক্ষণসমূহ দেখা দিয়াৰ ৮ৰ পৰা ১২ ঘন্টাৰ ভিতৰত গাইজনীক কৃত্ৰিম প্ৰজনন কৰোৱাৰ বাবে নিলেহে ভাল ফল পাব পাৰি।

সামৰণিত ইয়াকে ক’ব পাৰি যে কৃত্ৰিম প্ৰজননৰ জৰিয়তে অধিক উৎপাদনক্ষম পোৱালী লাভ কৰি,নিজে লাভৱান হোৱাৰ লগতে দেশকো আৰ্থিক ভাবে চহকী কৰিব পাৰি।

দুগ্ধ উৎপাদকৰ হাতপুথি:

শুক্ৰ গুণাগুণ আৰু যোগানৰ উৎস সম্পৰ্কীয় তথ্য:

 

শুক্ৰৰ গুণাগুণসমূহ যেনে শুক্ৰাণুৰ গতিশীলতা আৰু শুক্ৰাণুৰ সংখ্যা আদি পৰীক্ষাগাৰত নিৰূপন কৰা হয়।শুক্ৰাণুসমূহ সক্ৰিয় কৰি ৰাখিবৰ বাবে কিছুমান লগ লগাই এবিধ বিশেষ ধৰণৰ এমুৰ বন্ধ নলীত সুমুৱাই আনটো মুৰ প্ৰয়োগশালত বন্ধ কৰি দিয়া হয়।নলীবোৰ ইংৰাজী ষ্ট্ৰ’ বোলা হয়।এই ষ্ট্ৰ’বোৰ জুলীয়া নাইট্ৰ’জেন গেছ থকা ক্ৰায়োকেনত কেনিষ্টাৰত ডুব খাই থাকে।এই ক্ৰায়োকেনৰ উষ্ণতা ১৯৬° চে:ত ৰখা হয়।কেতিয়াবা এই জুলীয়া নাইট্ৰ’জেন গেছৰ পৰিমাণ কমি গ’লে বা নোহোৱা হ’লে শুক্ৰাণুৰ সক্ৰিয়তা নোহোৱা হৈ যায়।গতিকে ক্ৰায়োকেনত জুলীয়া নাইট্ৰ’জেন গেছ এক নিৰ্দিষ্ট পৰিমাণত ৰখাটো অতি আৱশ্যকীয়।মাজে সময়ে ক্ৰায়োকেনৰ পৰ ষ্ট্ৰ উলিয়াই শুক্ৰাণুসমূহৰ গতিশীলতাৰ পৰীক্ষা কৰা অতি প্ৰয়োজনীয়।

যোগানৰ উৎস:

 

গো পালক ৰাইজৰ সুবিধাৰ বাবে অসম পশুপালন আৰু পশু চিকিৎসা বিভাগে গুৱাহাটীক মূল কেন্দ্ৰ কৰি অসমৰ বিভিন্ন ঠাইত আঞ্চলিক গো-প্ৰজনন কেন্দ্ৰ আৰু উপকেন্দ্ৰ কিছুমান মুকলি কৰিছে।উক্ত কেন্দ্ৰ আৰু উক্কেন্দবোৰত গাই গৰুৰ প্ৰজনন সময় হ’লে উন্নত ষাঁড়ৰ বীজেৰে কৃত্ৰিম প্ৰজনন কৰাব পাৰি।সময়মতে খবৰ কৰি ওচৰৰ কেন্দ্ৰ বা উপকেন্দ্ৰবোৰৰ জৰিয়তে নিজৰ ঘৰৰ চোতালতে গাই গৰুৰ প্ৰজনন কৰাব পাৰি।

প্ৰাৰম্ভিক চিকিৎসা প্ৰণালী:

 

পশুক নিয়মীয়া নিৰীক্ষণৰ প্ৰয়োজন।অস্বাভাৱিক ব্যৱহাৰ চকুত পৰাৰ লগে লগে পশু চিকিৎসকৰ পৰামৰ্শমতে পশুক চিকিৎসাৰ ব্যৱস্থা কৰাব লাগে।

বিজ্ঞানসন্মত প্ৰতিপালন আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাই পশুৰ বেমাৰ বহু পৰিমাণে প্ৰশমিত কৰে।

গোহালিৰ মজিয়াখন প্ৰতিদিনে তিনিবাৰকৈ পানী মাৰি পৰিষ্কাৰ কৰিব লাগে আৰু নলাৰে লেতেৰাবোৰ দূৰলৈ পঠিয়াব লাগে।এনে কৰিলে পেলুজনিত ৰোগ,খীৰতী গাইৰ ওহাৰফুলা ৰোগ,পোৱালীৰ ঘূৰণীয়া পেলু আৰু হাগনী আদি ৰোগৰ পৰা হাত সাৰিব পাৰি।

গোহালিত অচিনাকি বা বেমাৰী মানুহ সোমাব দিব নালাগে।তেওঁলোকে কিছুমান মাৰাত্মক বেমাৰৰ বীজাণু পশুলৈ কঢ়িয়াব পাৰে।

গাভিনী চেঁউৰী আৰু গাইৰ যত্ন:

 

গাভিনী গৰুজনীৰ ভাল পুষ্টিকৰ খাদ্য খুৱাব লাগে।উন্নত জাতৰ ঘাঁহ যেনে-হাইব্ৰিদ নেপিয়াৰ,গিনি,পাৰা,কাউপি,বাৰ্চিম ইত্যদিৰ খেতি কৰি উন্নত মানৰ কেঁচা ঘাঁহৰ্ ধৰিব পৰা যায়।চাউলৰ মল,খলিহৈ,গুৰ,খনিজ লৱণ,ভিটামিন ইত্যাদিৰে আমি গাই গৰুৰ বাবে সুষম খাদ্য তৈয়াৰ কৰি ল’ব পাৰো।

গাইজনীক পৰিষ্কাৰ পৰিছন্নভাৱে ৰাখিব লাগে।গোহালিটোৰ মজিয়া পাৰিলে পকা কৰি ল’ব লাগে আৰু চৌহদটো নিতৌ পৰিষ্কাৰ কৰি ৰাখিব লাগে।গাইজনীক বাহিৰত চৰিব নিদিয়াকৈ ৰাখিব লাগে।

গোহালি ঘৰটো বতাহ চলাচল কৰিব পৰা আৰু ৰ’দ পৰা ঠাইত সাঁজিব লাগে।ঘৰটোৰ ভেটি  টান আৰু ওখ হোৱাটো বাঞ্ছনীয়।গাভিনী অৱস্থাৰ শেখৰ তিনিমাহ বৰ গুৰুত্বপূৰ্ণ সময়।এই সময়ছোৱাত যাতে গৰুজনীয়ে কোনো ধৰণৰ আঘাত বা কষ্ট নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

দুগ্ধ পামৰ আটাইতকৈ গুৰুত্ৰপূৰ্ণ বেমাৰ-ওহাৰ ফুলাৰ প্ৰতিৰোধৰ বাবে মজিয়াখন ডেটল পানী নতুবা ফেনাইল পানীৰে দৈনিক দুবাৰকৈ ধুব লাগে।

গাইজনী জগাৰ সময়ত কিবা অসুবিধা সৃষ্টি হ’লে পশু-চিকিৎসকৰ সহায় ল’ব লাগে।জগাৰ ঠিক পাছত ৰৈ যোৱা অতিৰিক্ত ফেঁহুখিনি খীৰাই উলিয়াই দিব লাগে।সাধাৰণতে গাইজনী জগাৰ পাঁচদিনৰ পাছৰ পৰাহে মানুহে গাখীৰ খোৱাৰ উপযোগী বুলি ধৰা হয়।

 

গৰু-ম’হৰ কেইটামান উল্লেখযোগ্য ৰোগ,ইয়াৰ লক্ষণ আৰু প্ৰতিকাৰ:

দুগ্ধ জ্বৰ(মিল্ক ফিভাৰ)

অধিক গাখীৰ দিয়া গাইয়ে পোৱালী দি দিয়াৰ ২-৩ দিনৰ পাছত দুগ্ধ জ্বৰত আক্ৰান্ত হোৱা দেখা যায়।

সাধাৰণতে গাই গৰুৰ তেজত থকা কেলছিয়ামৰ পৰিমাণ কমি যোৱাৰ ফলত এই বেমাৰটো হয়।

ৰোগৰ লক্ষণ সমূহ:

1.এই ৰোগত সাধাৰণতে গাই গৰুৰ শৰীৰৰ তাপমাত্ৰা কমি যায়।

2.  উশাহ-নিশাহ লোৱাত কষ্ট পায়।

3.  গাইজনীয়ে দানা,ঘাঁহ আদি খাবলৈ আগ্ৰহ নকৰে আৰু গাখীৰৰ উৎপাদন একেবাৰে কমি যায়।

4.  গাইজনী শুই থাকিলে উঠিব নোৱাৰা হয় আৰু মূৰটো ভাঁজখুৱাই পিছফালে লৈ যায় বা কেতিয়াবা মূৰটো চিধাকৈ মাটিত থৈ দিয়ে।

5.  নাক-মুখ শুকান হয় আৰু অস্থিৰতা দেখা যায়।মূৰটো কঁপি থাকে,শৰীৰত শক্তি হ্ৰাস পায়।

প্ৰতিকাৰ:

1.পোৱালী জগাৰ এমাহৰ আগৰ পৰা কেলছিয়াম আৰু ফছফৰাছযুক্ত দানা খুৱাই এই ৰোগৰ পৰা সকাহ পাব পাৰি।

2.  অধিক পৰিমাণৰ ঘাঁহ খুৱাইও এই ৰোগৰ পৰা হাত সাৰিব পাৰি।

চিকিৎসা:

উপৰোক্ত লক্ষণসমূহ দেখা দিলে পশু-চিকিৎসকৰ পৰামৰ্শমতে ভিটামিন-ডি আৰু কেলছিয়ামযুক্ত ইনজেকচন

(কেলবৰ’ল,কেল’মেস্ক,ইনটাকেল)দিয়াব লাগে।

সংক্ৰামক গৰ্ভপাত(ব্ৰুচেল’ছিছ):

গৰ্ভপাত হৈছে এটা ভয়াবহ সংক্ৰামক ৰোগ।এইটো ৰোগত সাধাৰণতে আক্ৰান্ত জন্তটোৰ শেষৰ তিনিমাহত গৰ্ভপাত হয় আৰু গৰ্ভধাৰণ ক্ষমতাও বহু গুণে কমি যায়।

ৰোগৰ লক্ষণ:

1.আক্ৰান্ত জন্তুটোৰ শেষৰ তিনিমাহত গৰ্ভপাত হয়।

2.  চাৰি-পাঁচ মাহ বয়সৰ চেঁউৰী পোৱালীক ছিটা দিয়াব লাগে।

3.  গৰ্ভপাত হোৱা বস্তুখিনি জ্বলাই দিব লাগে বা গাঁতত ভালদৰে পুতি তাৰ ওপৰত চূণ ছটিয়াই দিব লাগে।

4.  গৰ্ভপাত হোৱা ঠাইখিনিত কীটনাশক দ্ৰব্য-ফেনাইল আদি চাফা কৰিব লাগে।

চিকিৎসা:

এনে ৰোগৰ লক্ষণ দেখা মাত্ৰকে ওচৰৰ পশু-চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

ওহাৰ ফুলা(মেচটাইটিছ)

খীৰতী গাইৰ ওহাৰফুলা এক মাৰাত্মক ব্যাধি।এই ব্যাধিয়ে দুগ্ধ ফাৰ্ম এখনক আৰ্থিক দিশত জুৰুলা কৰে।সাধাৰণতে বেছি গাখীৰ দিয়া বৰ্ণসংকৰ জাতৰ গৰুৰ ক্ষেত্ৰত এই ৰোগ বেছিকৈ হোৱা দেখা যায়।এই ৰোগৰ গাইজনীৰ গাখীৰ কমি যায় আৰু গাখীৰ মানুহে খোৱাৰ অনুপযোগী হৈ পৰে।এই ৰোগ সাধাৰণতে বীজাণুৰ পৰা হয়।

ৰোগৰ লক্ষণসমূহ:

1.ওহাৰ ৰঙা পৰি ফুলি উঠে আৰু টান হয়।

2.  ওহাৰত চুই দিলে গাইজনীয়ে বিষ অনুভৱ কৰি জঁপিয়াবলৈ ধৰে।

3.  গাখীৰ পনীয়া হয় আৰু গৰম কৰি দিলে ফাটি যায়।

4.  কেতিয়াবা গাখীৰৰ লগত তেজো ওলায়।

5.  শেষলৈ গাখীৰ ওলোৱা একেবাৰে বন্ধ হৈ ওহাৰত ফোঁহা ওলায়।

প্ৰতিকাৰ:

    1.বেমাৰী গাইজনীক আৰু পোৱালীটোক নিৰোগী গৰুৰ পৰা আতৰাই ৰাখিব লাগে।

     

    2.  গোহাহি ঘৰটো চাফ-চিকুণ আৰু শুকান কৰি ৰাখিব লাগে।খীৰোৱাৰ আগতে ওহাৰখন ভালদৰে ধুই ল’ব লাগে।

    3.  গাইজনীয়ে খাদ্য খোৱা,পানী খোৱা সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতা অৱলম্বন কৰিব লাগে।

    4.  গাখীৰ খীৰোৱাৰ সময়ত বেমাৰী গৰু জনীৰ গাখীৰ সকলোতকৈ শেষত খীৰাব লাগে।

    5.  গাখীৰ খীৰোৱাৰ পিছতে আয়ড’ফৰ্ম বা কৰচলিন পানীত মিহলাই হৈ ওহাৰৰ বাট কেইটা একৰ পৰা দুই মিনিট সময় ডুবাই ৰাখিব লাগে।

    6.  গাখীৰ দিয়া মাহত অন্তত: এবাৰকৈ হ’লেও মাচটেক পেপাৰ দি গাখীৰ পৰীক্ষা কৰাতো বাঞ্ছনীয়।

    চিকিৎসা:

    1.ওহাৰখন ফুলি উঠিলে সাধাৰণতে ওহাৰৰ গাখীৰখিনি উলিয়াই পেলাব লাগে।

    2.  নিমখ গৰম পানীত দি বা মেগনেচিয়াম চালফেট পানীত মিহলাই লৈ ওহাৰখন সেকিব লাগে।

    3.  সেকাৰ পাছত মেচটিলেপ,মেচটিচিন,উইচপেক জাতীয় মলম ওহাৰখনত লেপিব লাগে।

    4.  প্ৰয়োজন সাপেক্ষে ওহাৰৰ বাটেদি পেণ্ড্ৰিচটিন,মাইমিটেল জাতীয় টিউব ভৰাইও মেচটাইটিচ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

    5.  প্ৰয়োজন অনুসৰি পশু-চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

    চবকা ৰোগ(ফুট এণ্ড মাউথ ডিজিজ)

    চবকা হৈছে এটা ভয়াবহ সংক্ৰামক ৰোগ।এই ৰোগ আক্ৰান্ত জন্তুৰ পৰা সুস্থ জন্তুলৈ বিয়পিব পাৰে।দানা,পানী আৰু ঘাঁহৰ জৰিয়তেও এই ৰোগ সংক্ৰমিত হয়।এই ৰোগত আক্ৰান্ত গৰু-ম’হৰ গাখীৰ উৎপাদন আৰু গৰ্ভধাৰণ ক্ষমতা বহু পৰিমাণে কমি যায়।

    ৰোগৰ লক্ষণসমূহ:

    1.হঠাৎ তীব্ৰ জ্বৰ উঠে আৰু দানা-পানী খাবলৈ এৰি দিয়ে।ফলত গাখীৰ উৎপাদন যথেষ্ট পৰিমাণে কমি যায়।

    2.  জিভা,খুৰা আৰু মুখত পানী জলা বান্ধে আৰু ফুটি যোৱাৰ ফালত তাত ঘা লাগে।কেতিয়াবা এনেকুৱা ঘাত মাখিয়ে কণী পাৰি অধিক জটিল কৰি তোলে।

    3.  আক্ৰান্ত গৰু-ম’হৰ খুৰাত ঘা হোৱাৰ বাবে ভালদৰে খোজ কাঢ়িব নোৱাৰা হয় আৰু লাহে লাহে দুৰ্বল হৈ পৰে।

    প্ৰতিকাৰ:

    1.নিয়মিতভাৱে গৰু-ম’হক ছিটা দিয়াব লাগে।ৰকসা-বায়ভেক ছিটা প্ৰথম পালি চাৰি মাহত,দ্বিতীয় পালি ন মাহত আৰু পাছত বছৰেকত এবাৰকৈ দিব লাগে।

    2.  আক্ৰান্ত গৰু-ম’হক নিৰোগী জন্তুৰ পৰা আঁতৰাই ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।

    চিকিৎসা:

    1.নিতৌ দুই-তিনিবাৰকৈ পটাচিয়াম পাৰমাংগানেট পানীত মিহলাই ঘা বিলাকত লগাব লাগে।

    2.  স্থানীয় পশু-চিকিৎসকৰ সহায় লোৱা উচিত।

    গল ফুলা ৰোগ(হিম’ৰেজিক চেপ্টিচেমিয়া)

    গৰু-ম’হৰ গল ফুলা এটা অতি ভয়াবহ ৰোগ।বাৰিষাৰ দিনত গৰু-ম’হবোৰ সাধাৰণতে এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়।বানপানী হোৱা বা পানী জমা হৈ থকা ঠাইত এই ৰোগৰ বীজাণু বহু দিনলৈকে জীয়াই থাকিব পাৰে।এখন ঠাইৰ পৰা অন্য এখন ঠাইলৈ অনা গৰু-ম’হৰ ক্ষেত্ৰত এই ৰোগ সহজে হোৱা দেখা যায়।

    ৰোগৰ লক্ষনসমূহ:

    1.হঠাৎ কঁপি কঁপি তীব্ৰ জ্বৰ উঠে,চকু ৰঙা হৈ পৰে আৰু দানা পানী খাবলৈ এৰি দিয়ে।

2.  খীৰতী গাইৰ গাখীৰৰ পৰিমাণ বহু পৰিমাণে কমি যায়।

3.  আক্ৰান্ত গৰুৰ ডিঙি আৰু গলধন ফুলি উঠে আৰু উশাহ লওঁতে কষ্ট পায়।

4.  জিভা শুকাই যায় আৰু বাহিৰলৈ ওলাই আহে।

5.  উপযুক্ত চিকিৎসা নাপালে আক্ৰান্ত গৰু এক বা দুই দিনৰ ভিতৰত মৃত্যু মুখত পৰে।

প্ৰতিকাৰ:

1.বাৰিষাৰ আগতে সকলো জন্তুকে ‘গলফুলা বেমৰ’ৰ ছিটা দিব লাগে।

2.  নিৰোগী গৰুজনীক আক্ৰান্ত গৰুৰ পৰা নিলগত ৰাখিব লাগে আৰু ঘাঁহ,দানা,পানী আদিও আক্ৰান্ত গৰুৰ পৰা নিলগত ৰাখিব লাগে।

চিকিৎসা:

এনে ৰোগৰ লক্ষণ দেখা দিলে অতি সোনকালে পশু-চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।

তিনিদিনীয়া জ্বৰ(এফিমাৰেল ফিভাৰ)

এফিমাৰেল ফিভাৰ বা তিনিদিনীয়া জ্বৰ এটা ভাইৰাছজনিত সংক্ৰামক ৰোগ।এই ৰোগটো সাধাৰণতে তিনিদিনৰ কাৰণেহে হয় বাবে ইয়াক তিনিদিনীয়া জ্বৰ বুলিও জনা যায়।এই ৰোগত আক্ৰান্ত গাইজনীৰ গাখীৰৰ পৰিমাণ বহু পৰিমাণে কমি যায়।ফলত দুগ্ধ উৎপাদকসকলৰ অৰ্থনৈতিকভাৱে বহুত ক্ষতি হয়।

ৰোগৰ লক্ষণসমূহ:

1.আক্ৰান্ত গৰুজনীৰ তিনিদিনৰ কাৰণে তীব্ৰ জ্বৰ(১০৪-১০৬ ডিগ্ৰী চেলছিয়াছ)উঠে আৰু তিনিদিনৰ ভিতৰত জ্বৰ কমি যায়।

2.  গৰুজনী অতি দুৰ্বল হৈ পৰে,চকু আৰু নাকৰ পৰা পানী ওলায় থাকে আৰু দানা-পানী খাবলৈ এৰি দিয়ে।

3.  খীৰতী গাইৰ গাখীৰৰ পৰিমাণ বহু পৰিমাণে কমি যায়।

4.  তিনিৰ পৰা ছয় দিনৰ পাছত আক্ৰান্ত গৰুজনী পুনৰ সুস্থ হৈ উঠে আৰু দানা পানী খাবলৈ আৰম্ভ কৰে।

চিকিৎসা:

এনে ৰোগৰ লক্ষণে দেখা দিলে ওচৰৰ চিকিৎসা কেন্দ্ৰলৈ গৈ পশু চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে আৰু চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।

গৰুৰ পোৱালীৰ সচৰাচৰ হোৱা বেমাৰ আৰু ইয়াৰ প্ৰতিকাৰ:

গৰুৰ পোৱালীবোৰ হৈছে এজন খেতিয়কৰ ভৱিষ্যত।‘যাৰ নাই গৰু সি সবাতোকৈ সৰু’।সেয়েহে গৰু সুখ সন্মানৰ সম্পত্তি।কিন্তু আমাৰ গাঁৱলীয়া অঞ্চলবোৰত দেখা যায় যে জন্মৰ পাছতে বহু সংখ্যক গৰু পোৱালীয়েউ যত্নৰ অভাৱত মৃত্যু মুখত পৰে।পোৱালীৰ বিভিন্ন বেমাৰবোৰ হয় প্ৰধানকৈ-

1.অপৰিষ্কাৰ পৰিবেশত ৰখাৰ কাৰণে,

2.  জন্মৰ পাছতে ভালকৈ ফেঁহু(কলষ্ট্ৰাম)খাবলৈ নোপোৱাৰ কাৰণে,

3.  অতিমাত্ৰা ঠাণ্ডা পৰিবেশত ৰখাৰ কাৰণে,

4.  বৈজ্ঞানিক পদ্ধতিত লালন-পালন নকৰাৰ কাৰণে।

গৰুৰ পোৱালীবোৰক তলত উল্লেখ কৰা বেমাককেইটাত প্ৰধানকৈ আক্ৰান্ত হোৱা দেখা যায়।

ক)কাফস্ক’ৰ

খ)কাফ ডিফথেৰিয়া

গ)কাফ চেফটিচেমিয়া

ঘ)কাফ নিমোনিয়া

ঙ)কাফ ককচিডিয়চিচ

চ)ভিটামিন-এ হীনতা

ক)কাফস্ক’ৰ:কাফস্ক’ৰ হৈছে গৰুৰ পোৱালীবোৰৰ আটাইতকৈ সহজতে হোৱা বেমাৰ।

ৰোগৰ লক্ষণসমূহ:

1.আক্ৰান্ত পোৱালীটোৰ সাধাৰণতে বগা বা হালধীয়া ঢিলা পায়খানা হয় আৰু শৰীৰৰ তাপমাত্ৰা কমি যায়।

2.  পোৱালীটো অতি দুৰ্বল হৈ পৰে আৰু চকু শুকাই যায়।

চিকিৎসা:

1.বেমাৰী পোৱালীটোক ইলেকট্ৰলাইট খুৱাবলৈ অভ্যাস কৰা উচিত।

2.  জৰুৰী অৱস্থাত চেলাইন দিব লগা হ’ব পাৰে।

3.  ষ্ট্ৰেকলিন বলাচ বা নিয়চাইক্লিন বলাচ বা ছালফাৰ ড্ৰাগছ ব্যৱহাৰ কৰি সুফল পাব পাৰি।

খ)কাফ ডিফথেৰিয়া:সাধাৰণতে ছয়মহীয়া গৰু পোৱালী এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়।অপৰিষ্কাৰ আৰু সেমেকা পৰিবেশত ৰাখিলে এই ৰোগ সহজে হয়।

ৰোগৰ লক্ষণসমূহ:

1.অতিমাত্ৰা লেলাৱতি ওলায়,উশাহ-নিশাহত আৰু গিলোঁতে কষ্ট পায়।

2.  মুখৰ ভিতৰত,ওঁঠত আৰু জিভাত ঘা হয়।

3.  পাছলৈ মুখৰ ভিতৰত টেমুনাৰ সৃষ্টি হয়।

চিকিৎসা:

অস্কিটেট্ৰাচাইক্লিন,টেৰমাইচিন আদি ব্যৱহাৰ কৰি সুফল পাব পাৰি।

গ)কাফ চেফটিচেমিয়া:

ৰোগৰ লক্ষণসমূহ:

এই ৰোগত আক্ৰান্ত গৰুৰ পোৱালীবোৰ দুৰ্বল হৈ পৰে।দানা-পানী খাবলৈ এৰি দিয়ে,ঢিলা পায়খানা হয় শৰীৰৰ তাপমাত্ৰা বৃদ্ধি হয়।যদি প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰা নহয় তেন্তে আক্ৰান্ত পোৱালীটো তিনিৰ পৰা পাঁচ দিনৰ ভিতৰত মৃত্যু মুখত পৰে।

চিকিৎসা:

ষ্ট্ৰেপট’পেনিচিলিন,টেৰামাইচিন দি ব্যৱহাৰ কৰি সুফল পাব পাৰি।

ঘ)কাফ নিমোনিয়া:

ৰোগৰ লক্ষণসমূহ:

1.আক্ৰান্ত পোৱালীৰ শৰীৰৰ তাপ মাত্ৰা অতি বৃদ্ধি পায়।

 

2.  উশাহ-নিশাহত কষ্ট পায়।

3.  নাকেৰে পানী ওলাই থাকে দুৰ্বল হৈ পৰে।

চিকিৎসা:

ষ্ট্ৰেপট’পেনিচিলিন,টেট্ৰাচাইক্লিন আৰু এমপিচিলিন জাতীয় এন্টিবায়’টিক ব্যৱহাৰ কৰি সুফল পাব পাৰি।

ঙ)কাফ ককচিডিয়চিচ:

সাধাৰণতে ছয় মাহৰ পৰা ন মাহৰ গৰুৰ পোৱালীবোৰ এই ৰোগৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়।পোৱালীবোৰক অপৰিষ্কাৰ আৰু সেমেকা পৰিবেশত ৰাখিলে এই বেমাৰ সহজে বিয়পি পৰে।

ৰোগৰ লক্ষণসমূহ:

    1.আক্ৰান্ত পোৱালীবোৰে হঠাতে বেছি পৰিমাণে ঢিলা পায়খানা কৰে।

     

    2.  পায়খানাত কেতিয়াবা তেজৰ চেকুৰাও দেখা যায়।

    3.  পোৱালীবোৰ খীণাই যায় আৰু দুৰ্বল হৈ পৰে।

    চিকিৎসা:

    এনে ৰোগৰ লক্ষণ দেখা দিলে তৎকালে চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।

    চ)ভিটামিন-এ হীনতা:

    কৃমি বা পেলুবিলাক পৰজীৱী প্ৰাণী আৰু ইহঁতে জন্তুৰ পেটৰ ভিতৰত থাকি তেজ শুহি খাই জন্তুটোক দিনে দিনে দুৰ্বল কৰি তোলে।

    ৰোগৰ লক্ষণসমূহ:

    1.বেছিকৈ আক্ৰান্ত হোৱা গৰু-ম’হৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে।

    2.  দানা-পানীৰ প্ৰতি আগ্ৰহ কমি যায়।

    3.  গাখীৰৰ উৎপাদন কমি যায়।

    4.  গৰ্ভধাৰণ ক্ষমতা কমি যায়।

    5.  গৰু-ম’হৰ পোৱালীবোৰৰ বাঢ়্ন ক্ষমতাত প্ৰত্যক্ষভাৱে বাধা দিয়ে।

    প্ৰতিকাৰ:

    বাৰিষাৰ আগতে এবাৰ আৰু পাছত এবাৰ পেলুৰ দৰব খুওৱাটো অত্যন্ত জৰুৰী।

    চিকিৎসা:

    পাইপাৰাজিন,পেনাকিউৰ,নিয়জাইড আদি পেলুৰ দৰব চিকিৎসকৰ পৰামৰ্শ অনুসৰি খুৱাব লাগে।

    গৰু-ম’হৰ সচৰাচৰ হোৱা ৰোগৰ প্ৰতিষেধক ছিটা:

    ক)চবকা(ফুট এণ্ড মাউথ ডিজিজ)ৰোগৰ লক্ষণ:

    প্ৰথমে জ্বৰ উঠে আৰু এদিনমান পাছতেই মুখৰ ভিতৰ আৰু খুৰাৰ মাজত পানীজোলা বান্ধে।পাছলৈ জোলাবোৰ ফাটি ঘা হয় আৰু খাবলৈ নোৱাৰা হয়।ঘাবোৰত মাখিয়ে কণী পাৰিলে,ঘা সোনকালে নুশুকায়।

    প্ৰতিষেধক ছিটা(এফ এম ডি ভেকছিন):প্ৰথম চাৰিমাহ বয়সত আৰু দ্বিতীয় ছিটা আঠ মাহত দিয়া হয়।প্ৰতি ছমাহৰ মূৰে মূৰে ছিতা দিব লাগে।

    ছিটাৰ পৰিমাণ:প্ৰথম ছিটা 5 মিলি লিটাৰ আৰু পিছত 10 মিলি লিটাৰ।

    খ)টেটুৱা(এনথ্ৰাক্স)ৰোগৰ লক্ষণ:

    ৰোগাক্ৰান্ত জন্তুবোৰৰ জ্বৰ উঠে,খাবলৈ অনীহা হয় আৰু অতি কম সময়তেই খৰতকীয়া গতিৰে উশাহ-নিশাহ লৈ মৃত্যুত পৰে।মৰাৰ পিচত নাক,মুখ আৰু শৌচ দ্বাৰেৰে ক’লা তেজ ওলায়।মৃত জীৱ-জন্তু দ গাঁত কৰি পুতিব লাগে যাতে ইয়াৰ সংক্ৰমণ হ’ব নোৱাৰে।

    প্ৰতিষেধক ছিটা:
    (এনথ্ৰাক্সস্পৰ ভেকচিন)

    ডাঙৰ গৰু-ম’হ - 1 মিলি লিটাৰ

    সৰু গৰু-ম’হ -  ০.৫ মিলি লিটাৰ

    প্ৰতি বছৰ ফাগুন মাহত এই ৰোগৰ ছিটা দিয়া হয়।

    গ)গলফুলা(হেম’ৰেজিক চেপ্টিচেমিয়া)ৰোগৰ লক্ষণ:

    আক্ৰান্ত জন্তুবোৰৰ ডিঙিৰ ভিতৰভাগ ঘাইকৈ জিভাৰ গুৰিটো ফুলি জিভাখন মুখৰ পৰা বাহিৰলৈ ওলাই আহে,মুখেৰে ডাঠ লেলাউটি দীঘলকৈ মাটিলৈ বৈ পৰে।উশাহ-নিশাহত কষ্ট পায় আৰু মৃত্যুমুখত পৰে।

    প্ৰতিষেধক ছিটা:(হেম’ৰেজিক চেপ্টিচেমিয়া ভেকচিন)

    ছিটাৰ পৰিমাণ:

    ডাঙৰ - ৪ মিলি লিটাৰ

    সৰু -   ২ মিলি লিটাৰ

    প্ৰতি বছৰ মাঘ ফাগুন মাহত এই ছিতা দিব লাগে।

    ঘ)জহৰ বাত(ব্লেক কুৱাৰ্টাৰ):

    এই ৰোগ সাধাৰণতে ছমহীয়াৰ পৰা দুবছৰলৈ গৰু ম’হৰ ক্ষেত্ৰত দেখা যায়।

    ৰোগৰ লক্ষণ:

    প্ৰথমে জ্বৰ উঠে।পিছলৈ ফুলা ঠাইৰ মাংসপেশী ক’লা পৰে আৰু পিহি দিলে মৰমৰকৈ শব্দ কৰে।এইদৰে থাকি দুদিনৰ ভিতৰত ৰোগাক্ৰান্ত জন্তুটোৰ মৃত্যু হয়।

    প্ৰতিষেধক ছিটা(ব্লেক কুৱাৰ্টাৰ ভেকচিন):

    ছিটাৰ পৰিমাণ:

    ডাঙৰ -       ৪ মিলি লিটাৰ

    সৰু এমহীয়া পোৱালী – ২ মিলি লিটাৰ

    ৮-৯ মাহৰ মূৰে মূৰে পুনৰ ছিটা দিয়াৰ ব্যৱস্থা কৰিব লাগে।

    গৰু-ম’হৰ ছিটা পোৱাৰ বাবে যোগাযোগৰ ঠিকনা:

    Institute of Veterinary Biologicals,

    Deptt of A.H. and Vety.Assam,

    Khanapara,Guwahati-22

    পশুৰ ছিটাকৰণ কাৰ্য্যসূচী:

     

    ছিটাৰ নাম

    কিৰোগতব্যৱহাৰ  কৰা হয়

    আক্ৰান্তপশুধনৰ          প্ৰজাতিৰ নাম

    ছিটাকৰণ কাৰ্য্যসূচী

    মন্তব্য

    চবকা ৰোগৰ ছিটা এফ.এম.ডি ভেকচিন

    চবকা ৰোগ(ফুট এণ্ড মাউথ ডিজিজ)

    গৰু,ম’হছাগলী,ভেৰা  আদি যিবিলাক জন্তুৰ  ভৰিৰ খুৰা ফটা।

    পোৱালী গৰু,ম’হক ৫ মি: লি: ছিটা ডিঙি বা গলবিচনীৰ ছালৰ তলত।ডাঙৰ গৰু,ম’হক ১০ মি: লিটাৰ।ইয়াকে প্ৰাথমিক পালি দিয়া হয় ২ সপ্তাহ বা তাৰ ওপৰৰ পোৱালীক।ইয়াৰ দুই মাহৰ ভিতৰত আন এটা বুষ্টাৰ পালি দিয়া হয় আৰু পাছত ছ মাহৰ অন্তৰে অন্তৰে দিব লাগে।

    বাৰিষা বতৰ আৰম্ভ হোৱাৰ আগেয়ে এই ছিটা দিয়া হয়।

    গলফুলা ৰোগৰ ছিটা এইচ.এছ ভেকচিন

    গলফুলা ৰোগ

     

    আজিকালি এই দুয়োবিধ ছিটা সংযুক্তভাৱে ১০০ মিলি লিটাৰ বটলত পোৱা যায়।পোৱালী গৰু-ম’হ(৫ মাহৰ তলৰ)ক ০.৫ মিলি লিটাৰ ছালৰ তলত দিয়া হয়।ডাঙৰ গৰু-ম’হ ৫ মিলি লিটাৰ।প্ৰতিবছৰে এবাৰকৈ বিশেষকৈ বাৰিষাৰ আগত এই ছিটা দিব লাগে।

     

    জহৰ বাচ ৰোগৰ ছিটা বি.কিউ ভেকচিন

    জহৰ বাত(ব্লেক কুৱাৰ্টচ)

    গৰু,ম’হ

    টেটুৱা ৰোগৰ এনথ্ৰাক্স’স্পৰ ভেকচিন

    টেটুৱা ৰোগ(এনথ্ৰাক্স)

    গৰু,ম’হ,গাহৰি,ভেৰা,হাতী

    ১ মিলি লিটাৰ ছিটা ছালৰ তলত দিয়া হয়।হাতীৰ ক্ষেত্ৰত প্ৰথম পালি দিয়াৰ ১ মাহ পিছত৩ মিলি লিটাৰ একে পদ্ধতিৰে আৰু এবাৰ দিব লাগে।

    এই ৰোগ জীৱ-জন্তুৰ পৰা মানুহৰ গালৈ বিয়পে।বাৰিষা বতৰৰ আগে আগে এই ছিটা দিব লাগে।

     

    গাখীৰ উৎপাদনত সেউজীয়া ঘাঁহৰ আৱশ্যকতা:

    পশুৰ স্বাস্থ্য ৰক্ষা আৰু গাখীৰ উৎপাদন বঢ়াবলৈ ঘাঁহ অতি প্ৰয়োজনীয়।ঘাঁহ গৰুৰ অতি প্ৰিয় খাদ্য আৰু ই অতি সহজে জীণ যায়।সেউজীয়া ঘাঁহত পৰ্য্যাপ্ত পৰিমাণৰ ভিটামিন-এ আৰু খনিজ পদাৰ্থ থাকে।ই প্ৰজনন শক্তিৰ কাৰণে অতি প্ৰয়োজনীয়।কিছুমান মাহজাতীয় শস্যকো সেউজীয়া ঘাঁহ হিচাপে ব্যৱহাৰ কৰিব পাৰি।মাহজাতীয় শস্যই নৰম আঁহ জাতীয় খাদ্য যোগান ধৰাৰ লগতে যথেষ্ট পৰিমাণৰ প্ৰ’টিন জাতীয় আহাৰৰ যোগান ধৰে।মাহজাতীয় শস্যই মাটিৰ উৰ্বৰতাও বঢ়ায়।গো পালকসকলে সেউজীয়া ঘাঁহৰ নিয়মীয়া যোগানৰ বাবে ঘাঁহ খেতি কৰাটো অতি গুৰুত্বপূৰ্ণ বিষয়।কিয়নো সেউজীয়া ঘাঁহে গাইজনীৰ দুগ্ধ উৎপাদনত আৰু স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।তদুপৰি দিনে দিনে চৰণীয়া পথাৰ কমি যোৱাৰ ফলত পৰ্য্যাপ্ত পৰিমাণৰ ঘাঁহৰ নাটনি পৰিলক্ষিত হৈছে।সেয়ে উন্নত মানৰ খেতি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো সকলোৰে কৰ্তব্য হোৱা উচিত।

    ঘাঁহ খেতি কৰাৰ কিছুমান গুৰুত্বপূৰ্ণ দিশ:

     

    1.উন্নত মানৰ বীজ ব্যৱহাৰ কৰা।

    2.  অনুৰ্বৰ মাটি খেতিৰ বাবে উপযুক্ত কৰি ঘাঁহ উৎপাদন কৰা।

    3.  গাঁৱৰ সমূহীয়া মাটিত বহু বাৰ্ষিক ঘাঁহ আৰু মাহ জাতীয় শস্য যেনে-মাটি মাহ,লেচেৰা,চেচবেনীয়া আদি খেতি কৰা।

    4.  ঘৰৰ পিছফালে থকা লেতেৰা পানী উলিয়াই পঠিওৱা স্থানত বছৰত এবাৰকৈ বেছি কাটিব পৰা বহু বাৰ্ষিক ঘাঁহ যেনে-হাইব্ৰিড নেপিয়েৰ,গিনি,পাৰা আদি লগোৱা।

    কেইবিধমান উন্নত জাতৰ ঘাঁহ:

     

    নেপিয়াৰ:

    কেইবা ঋতুজোৰা নেপিয়াৰ,অসমৰ কৃষি জলবায়ুৰ সৈতে খাপ খোৱা এবিধ অতি উত্তম ঘাঁহ।ইয়াক বৰুষুণপুষ্ট মাটি এডোখৰত দুই তিনিটা গাঁঠিযুক্ত পূৰঠ গাগছ ৰোপণৰ পদ্ধতিৰে ৰোৱা হয়।গাঁঠিবোৰ দুফুট আঁতৰৰ শাৰীত প্ৰতিজোপা নেপিয়াৰ ঘাঁহ ডেৰ ফুটৰ পৰা ২ ফুট অন্তৰত ৰুব লাগে।হাইব্ৰিড নেপিয়াৰ ঘাঁহৰ উৎপাদন বিঘাই প্ৰতি ১০-১২ টন সেউজীয়া ঘাঁহ।

    গিনি ঘাঁহ:

    গিনি ঘাঁহ ওখ কিন্তু বৰুষুণপুষ্ট মাটিত কৰা হয়।ইয়াক তিনি ফুট আঁতৰে আঁতৰে লাইন কৰি তিনিফুট ব্যৱধানত(প্ৰতিটো শাৰীত)দুই তিনিটাকৈ শিপাযুক্ত মূল,ধানৰ কঠিয়া ৰোৱাদি ৰুব লাগে।এই ঘাঁহ ছমাহ পিছৰ পৰা প্ৰতি মাহত কাটিব পৰা হয়।গিনি ঘাঁহৰ উৎপাদন ক্ষমতা নেপিয়াৰৰ সদৃশ।

    ৰীণা ঘাঁহ:

    মাটিত সহজে খোপনি পুতি লহপহীয়াকৈ বাঢ়ি আহিব পৰা ক্ষমতাৰ এইবিধ ঘাঁহে শেহতীয়াকৈ পশুপালকসকলৰ ব্যাপক সঁহাৰি পাইছে।গাঢ় সেউজ বৰণৰ এইবিধ ঘাঁহ অতি ওখ হয়(৬-৭ ফুট)।বিঘাই প্ৰতি ৮৫০০ গ্ৰাম বীজৰ দৰকাৰ।

    উৎপাদন ক্ষমতা:বিঘাই প্ৰতি ৬-৭ টন সেউজীয়া ঘাঁহ।

    ওটচ:

    গো পালকসকলে সচৰাচৰ জাৰকালি সেউজীয়া ঘাঁহৰ অভাৱত জুৰুলা হয়।তেওঁলোকক বিশেষ সঁকাহ দিয়াৰ বাবে নবেম্বৰ ডিচেম্বৰ মাহত এই ঘাঁহৰ ৰোপন অতি প্ৰয়োজনীয়।

    বিঘাই প্ৰতি বীজৰ পৰিমাণ ১৪ কিলোগ্ৰাম।

    উৎপাদন ক্ষমতা:বিঘাই প্ৰতি ৪ টন সেউজীয়া ঘাঁহ।

    ঘাঁহ শুকাই ৰখা পদ্ধতি(হে’ মেকিং):

    এই পদ্ধতিত ঘাঁহবোৰ কাটি দুদিনমান ৰ’দত লেৰেলাই তাৰ পিছত মৰণা মাৰি শুকাই সংৰক্ষণ কৰা হয়।

    ঘাঁহ পচাই ৰখা পদ্ধতি(চাইলেজ):

    ওখ পানী আৱদ্ধ নোহোৱা ঠাইত গাঁত খান্দি(পাৰিলে পকী কৰি ল’ব)ঘাঁহবোৰ ইয়াৰ ভিতৰত তৰপে তৰপে পূৰোৱা হয়।লক্ষ্য ৰাখিব লাগে যাতে ইয়াৰ ভিতৰত বেছি বায়ু সোমাই থাকিব নোৱাৰে।গাঁতটো এইদৰে ভৰাই লৈ মুখখন বস্তা,পলিথিন বা ঢাৰি আদি দি তাৰ ওপৰত মাটি জাপি বায়ু ৰুদ্ধ কৰা হয়।চাইলেজ সজাৰ ৪০-৫০ দিন পিছত ইয়াক খুৱাব পৰা যায়।চাইলেজ গৰু-ম’হৰ বৰ প্ৰিয়।ইয়াৰ খাদ্যমানো যথেষ্ট বেছি।

    ঘাঁহৰ গুটি অথবা শিপাৰ বাবে যোগাযোগ ঠিকনা:

    গাঁহ উন্নয়ন বিষয়া

    পশুপালন আৰু পশু চিকিৎসা সঞ্চালকালয় অসম

    চেনিকুঠি,গুৱাহাটী-৩

    Fodder Development Officer

    Directorate of A.H. and Vety,Assam

    Chenikuthi,Guwahati-3

    National Seed Corportation(NSC)

    Six mile,Khanapara

    Guwahati-22

    কেইবিধমান অতি প্ৰয়োজনীয় ঘাঁহ আৰু ঘাঁহ জাতীয় শস্যৰ কৃষি প্ৰণালী:

     

     

    নাম

    মাটি

    ৰোৱাৰ সময়

    দূৰতত্ব:(ছে.মি.)

    সাৰ(কটাৰ পাছত)

    কটাৰ সময়

    বছৰত কাটিব পৰা সংখ্যা

    উৎপাদন(টন হেক্টৰ)

    1

    হাইব্ৰিড নেপিয়াৰ

    বালিচহীয়া আলতীয়া

    মাৰ্চ-অক্টোবৰ

    ৬০*৬০

    পচন সাৰ-২৫ টন

    N2-৪০ কেজি

    P2O5-৩০ কেজি

    K2O-২০ কেজি

    ৩৫ দিনৰ পাছত

    ৬ ৮

    ২-২৫

    পাৰা

    আলতীয়া

    মাৰ্চ-আগষ্ট

    ৬০*৬০

    পচন সাৰ ২৫ টন

    N2-৪০ কেজি

    P2O5-৩০ কেজি

    ৩০-৩৫ দিনৰ পিছত

    ৪-৫

    ২-২৫

    গিনি

    পলসুৱা আলতীয়া

    মাৰ্চ-জুলাই

    ১০০*৫০

    পচন সাৰ ২৫ টন

    N2-৩০-৪০ কেজি

    P2O5-৩০ কেজি

    ৪০-৪৫ দিনৰ পিছত

    ৫-৬

    ০.৭৫-০.৮৫

    মাকৈ

    বালিচহীয়া

    এপ্ৰিল-আগষ্ট

    ২৫*৩০

    পচন সাৰ ২৫ টন

    N2-৫০-৬০ কেজি

    P2P5-৩০ কেজি

    K2O-২০ কেজি

    ৭০-৮০ দিনৰ পাছত

    ০.৩৫-০.৪৫

    লেচেৰা মাহ

    বালিচহীয়া

    মাৰ্চ-আগষ্ট

    ৪০*৫০

    পচন সাৰ ১০ কেজি

    N2-২০ কেজি

    P2O5-৪০ কেজি

    K2O-২০ কেজি

    ৬০-৭০ দিনৰ পাছত

    .০৪৫

    অ’টছ

    বালিচহীয়া আলতীয়া

    অক্টোবৰ-নবেম্বৰ

    ২০*২৫

    পচন সাৰ ২০ টন

    N2-৪০ কেজি

    P2O5-৩০ কেজি

    ৭০-৭৫ দিনৰ পাছত

    ২-৩

    ০.৪-০.৪৫

     

     

    দানাৰ বাবে কেইটামান উন্নত মানৰ উপাদান:

     

    1. মাকৈ

    2.  ঘেঁহু(চাপৰ)

    3.  চাউলৰ মল

    4.  খলিহৈ(বাদাম,সৰিয়হ,তিল)

    5.  মাটি কলাই

    6.  খনিজ লৱণ(মিনাৰেল মিকচাৰ)

    উপৰোক্ত উপাদানসমূহ বিভিন্ন সংমিশ্ৰণত মিহলাই গৰু-ম’হৰ সন্ত্তলিত দানা তৈয়াৰ কৰিব পাৰি।আজিকালি বজাৰতো এনে উৎকৃষ্ট পশু-খাদ্য বিভিন্ন(পেকেট আৰু মেচ)ৰূপত কিনিবলৈ পোৱা যায়।

    গাখীৰ উৎপাদনক্ষম দেশী-বিদেশীয় জাতৰ গাই গৰু:

     

    দেশী জাতৰ গৰু:

    1.সিন্ধী বা ৰঙা সিন্ধী জাতৰ গৰু:

    সিন্ধী জাতৰ গৰুৰ পাকিস্তানৰ কৰাচী আৰু হায়দৰাবাদত উৎপত্তি স্থল।ইয়াৰ আচল প্ৰজনন স্থল হ’ল কাজাখস্তান।এই গৰুবোৰ মধ্যম আকাৰৰ,ডাঙৰ চুট আৰু ওলমি পৰা নাভি মণ্ডলৰে দেখাত বৰ শুৱনি।গাঢ় ৰঙা ৰঙৰ,শিংবোৰ শকত,চুটি আৰু ঘোঁৰা খোৱা।গাখীৰ উৎপাদনো প্ৰতি পিয়নত প্ৰায় তিনি হাজাৰ লিটাৰৰ পৰা পাঁচ হাজাৰ লিটাৰ।এই জাতৰ মতা গৰুবোৰ হাল বোৱা আৰু গাড়ী টনা কামত পাৰ্গত।চেউৰীবোৰে ডেৰ বা দুই বছৰ বয়সতে প্ৰজনন ক্ষমতা লাভ কৰে।সকলো ধৰণৰ জলবায়ুতে খাপ খাব পৰা কাৰণে ভাৰতত ইয়াৰ চাহিদা বেছি।

    2.  গীড় জাত গৰু:

    গুজৰাটৰ গীড় জংঘলৰ আশে পাশে ইয়াৰ উৎপত্তি স্থল।গাই গৰুবোৰে ১৭৪৬ৰ পৰা ৩১৭০ লিটাৰলৈকে বছৰি গাখীৰ উৎপাদন কৰে।মতা গৰুবোৰ শক্তিশালী আৰু হালবোৱাৰ বাবে উপযোগী।

    3.  ডেউনী জাতৰ গৰু:

    হায়দৰাবাদৰ উত্তৰ পশ্চিম অংশত এই জাতৰ গৰুৰ উৎপত্তি স্থল।এই জাতৰ গৰু গাখীৰ উৎপাদনৰ কাৰণে ভাল।৯০০ লিটাৰৰ পৰা ১৮০০ লিটাৰ পৰ্য্যন্ত প্ৰতি পিয়নত গাখীৰ দিয়ে।

    4.  চাহিয়াল:

    চাহিয়াল জাতৰ গৰুবোৰৰ উৎপত্তি স্থল পঞ্জাব।ভালকৈ প্ৰতিপালন কৰিলে প্ৰতি পিয়নত ৪০০০-৫০০০ লিটাৰ গাখীৰ দিয়ে।চাহিয়াল জাতৰ গাইবোৰৰ ওহাৰখনৰ সৈতে পাঁচফালটো বহল।মতা গৰুবোৰ কৰ্মঠ নহয়।এই জাতৰ চেউৰীবোৰে ২ বছৰৰ পৰা ৩ বছৰৰ ভিতৰত প্ৰজনন ক্ষমতা লাভ কৰে।

    5.  থাৰপাৰকাৰ গৰু:

    এই জাতৰ গৰু ৰাজস্থান,মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ অংশ বিশেষত পোৱা যায়।গাখীৰ দিয়া,গাড়ী টনা বা হালবোৱা উভয় কামতে পটু।গৰুবোৰৰ শিং দীঘল,চুট ওখ আৰু গলধন ডাঙৰ।প্ৰতি পিয়নত ১২০০-১৫০০ লিটাৰ গাখীৰ দিয়ে।

    6.  হাৰিয়ানা জাতৰ গৰু:

    হাৰিয়ানা জাতৰ গৰু পঞ্জাবৰ পূব ভাগত বিশেষকৈ ৰোহতক,হিচাৰ,কাৰনাল আৰু দিল্লীত পোৱা যায়।বৰ্তমান ভাৰতৰ প্ৰায় সকলো ঠাইতে বিস্তৃত হৈ আছে।প্ৰতি পিয়নত ১৪০০ৰ পৰা ২২০০ লিটাৰ পৰ্য্যন্ত গাখীৰ দিয়ে।বলধবোৰ হালবোৱা আৰু গাড়ী টনা কামৰ কাৰণে উপযোগী।হাৰিয়ানা জাতৰ গৰুবোৰৰ গাৰ ৰং বগা আৰু ওখ।

    7.  অসমৰ স্থানীয় জাতৰ গৰু:

    অসমৰ গৰুবোৰৰ কোনো বিশেষ স্বীকৃতিপ্ৰাপ্ত জাত নাই।এই গৰুবোৰ সৰু আটিল।আমাৰ গাইবোৰৰ গাখীৰ দিয়া ক্ষমতা দৈনিক গড়ে আধা লিটাৰৰ পৰা দুই লিটাৰ মাত্ৰ।চেউৰীবোৰে প্ৰায় ২১ মাহৰ পৰা ২৪ মাহৰ ভিতৰত প্ৰজনন ক্ষমতা পায় আৰু এটা পোৱালীৰ পৰা আনটো পোৱালী দিয়া সময়ৰ পাৰ্থক্য বেছি।অৱশ্যে মতা গৰুবোৰ হাল বোৱা আৰু গাড়ী টনা কামত ব্যৱহাৰ হয়।অসমৰ শ্ৰেণীবদ্ধ নোহোৱা থলুৱা জাতৰ গাইৰ ফলোৎপাদক আৰু পুনৰুদ্ভৱ কৰিব পৰা ক্ষমতা কম।সেয়েহে এই গৰুবিলাকক কোনো বিশেষ জাত হিচাবে গণ্য কৰা নহয়।

    বিদেশীয় জাতৰ গৰু:

    1)জাৰ্চী জাতৰ গৰুবোৰ ইউৰোপৰ ইংলিচ চেনেলৰ জাৰ্চী দ্বীপত পোৱা যায়।বৰ্তমান জাৰ্চী জাতৰ গৰু,ইহঁতৰ গাখীৰ দিয়া গুণৰ বাবে গোটেই পৃথিৱীতে বিস্তাৰিত হৈ পৰিছে।এই জাতৰ গৰুৱে প্ৰতি পিয়নত ৪০০০-৪৫০০ লিটাৰ গাখীৰ দিয়ে।জাৰ্চী(জাতৰ গৰুৰ)চেউৰীবোৰে খুব কম বয়সতে প্ৰজনন ক্ষমতা পায়(১৫-১৮ মাহৰ ভিতৰত)।এটা পোৱালী দিয়াৰ পাছত আনটো পোৱালীলৈ সাধাৰণতে ১৩-১৪ মাহ সময় লোৱা দেখা যায়।জাৰ্চী জাতৰ গৰু আকাৰত বৰ ডাঙৰ নহয়।প্ৰতিপালনৰ বাবে বৰ সুবিধা।অসমৰ জলবায়ুত এই জাতৰ গৰু পুহিবৰ বাবে অসুবিধা নহয়।অসম চৰকাৰৰ পশুপালন বিভাগে এই জাতৰ গৰুৰ পৰা বৰ্ণসংকৰ জাতৰ গৰু উৎপাদন কৰি গাখীৰ উৎপাদন বঢ়াবৰ বাবে ৫০ ভাগ জাৰ্চী আৰু ৫০ ভাগ থলুৱা গাই প্ৰজননৰ বাবে অনুমোদন জনাইছে।এই জাতৰ বৰ্ণসংক্ৰ গাই গৰুৱে প্ৰতি পিয়নত ১৫০০-২৫০০ লিটাৰ পৰ্য্যন্ত গাখীৰ উৎপাদন ক্ষমতা লাভ কৰে।বৰ্তমান অসমত আমাৰ কৃষকৰ মাজত এই বৰ্ণসংকৰ জাতৰ গৰুৱে যথেষ্ট সমাদৰ লাভ কৰিছে।ষাঁড় গৰুবোৰৰ চুট নাই যদিও বিজ্ঞানসন্মত সঁজুলি ব্যৱহাৰ কৰি হালবোৱা আৰু গাড়ী টনা কামত ব্যৱহাৰ কৰিব পাৰি।

    2)ফ্ৰিজিয়ান জাত গৰু:

    ইয়াৰ উৎপত্তি হলেণ্ডত।ফ্ৰিজিয়ান জাতৰ গৰুৰ গাখীৰ উৎপাদন ক্ষমতা যথেষ্ট বেছি।এই জাতৰ গৰুৱে প্ৰতি পিয়নত ৬১৫০ৰ পৰা ৬৫০০ লিটাৰ পৰ্য্যন্ত গাখীৰ দিয়ে।অসমৰ পাহাৰীয়া অঞ্চলৰ কৃষকসকলে এই জাতৰ গৰু পুহি যথেষ্ট লাভৱান হৈছে।২৪ৰ পৰা ২৬ মাহৰ ভিতৰত চেউৰীবোৰে প্ৰজনন ক্ষমতা পায়।

    সুষম আহাৰত গাখীৰ আৰু গাখীৰজাত সামগ্ৰীৰ ভূমিকা:

     

    1.গাখীৰ আৰু ইয়াৰ উপকাৰিতা

    2.গাখীৰৰ পৰা হ’ব পৰা ৰোগ আৰু ইয়াৰ বাবে ল’ব লগা সাৱধানতা

    3.গাখীৰৰ সংগ্ৰহ

    4.দুগ্ধ শীতলীকৰণ কেন্দ্ৰ

    5.দুগ্ধ উৎপাদকসকলৰ কাৰণে গাখীৰৰ মূল্য

    গাখীৰ আৰু ইয়াৰ উপকাৰিতা

     

    পুষ্টিকৰ খাদ্যবোৰৰ ভিতৰত গাখীৰ অন্যতম।গাখীৰৰ প্ৰধান উপাদানবোৰ হ’ল-পানী,চৰ্বী,মাংসসাৰ,শৰ্কৰা আৰু ধাতৱলোণ।অন্যান্য উপাদানবোৰ হ’ল-ফছফোলিপিদছ,ষ্টেৰ’লছ,ভিটামিন,এনজাইমছ,পিগমেন্টছ ইত্যাদি।

    ক)গাখীৰৰ উপাদানত প্ৰভাৱ কৰা কাৰক:

    সকলোবোৰ গাখীৰতেই একেধৰণৰ উপাদান থাকে।কিন্তু সেইবোৰৰ পৰিমাণ বিভিন্ন হয়।সাধাৰণতে,গাখীৰৰ চৰ্বীয়ে প্ৰতিদিনে আটাইতকৈ বেছি বিভিন্নতা দেখুৱায়।গাখীৰৰ উপাদানবোৰত প্ৰভাৱ কৰা কাৰকবোৰ হ’ল শ্ৰেণী বা জাতি,সঁচ নিজস্বতা,গাখীৰ খীৰণৰ সম্পূৰ্ণতা,গাখীৰ খীৰণৰ তাৰতম্যতা,অনিয়মিত গাখীৰ খীৰণ,জন্তুৰ ৰোগ,বয়স,বতৰ,পোৱালী জগোৱাৰ সময়ত গাইৰ অৱস্থা,উত্তেজনা,ঔষধ বা হাৰাম’নৰ ব্যৱহাৰ আদি।

    খ)গাখীৰৰ খাদ্য আৰু পুষ্টিকাৰক মূল্য:

     

    গাখীৰ এবিধ আদৰ্শ আহাৰ ইয়াৰ উচ্চ পুষ্টিকাৰক মূল্য আছে।ই দেহৰ গঠনৰ কাৰণে মাংসসাৰ,হাড় গঠনৰ কাৰণে ধাতৱলোণ,স্বাস্থ্য ৰক্ষাৰ কাৰণে ভিটামিন আৰু শক্তি প্ৰদানৰ কাৰণে শৰ্কৰাৰ যোগান ধৰে।কিছুমান অত্যাৱশ্যকীয় ফেটি এছিড যোগান ধৰাৰ উপৰিও গাখীৰত ওপৰোক্ত পুষ্টিকাৰক সমূহ সহজে হজম হ’ব পৰাকৈ সানমিহলি হৈ থাকে।এই সকলোবোৰ ধৰ্মই গাখীৰক উঠি অহা শিশু,ডেকা,বৃদ্ধ আৰু ৰোগীৰ কাৰণে এবিধ অতি দৰকাৰী খাদ্যৰূপে পৰিগণিত কৰিছে।

    সুষম আহাৰৰ বাবে আৱশ্যকীয় পুষ্টিকাৰক পদাৰ্থ সমূহ যোগান ধৰাত গাখীৰ আৰু গাখীৰ জাতীয় সামগ্ৰীসমূহৰ ভূমিকা তালিকাত দেখুৱা হ’ল-



    পুষ্টিকাৰক পদাৰ্থ

    উদ্দেশ্য

    উৎস

    মাংসসাৰ

    পেশীৰ গঠন আৰু মেৰামতিৰ বাবে আৱশ্যক দেহত শক্তি আৰু তাপৰ যোগান ধৰা।

    মাছ,মাংস,গাখীৰ

    শৰ্কৰা

    দেহত শক্তি আৰু তাপৰ যোগান ধৰা।

    ৰুটি,চেনি,শাকপাচলি,ফলমূল।

     

    চৰ্বী

    দেহত শক্তি আৰু তাপৰ যোগান ধৰা।

    মাখন,ঘিউ,তেল

    ধাতৱ লোণ

    হাড়,দাঁত আৰু তাপৰ যোগান ধৰা।

    গাখীৰ জাতীয় সামগ্ৰী,ফল,শাকপাচলি।

    খাদ্যপ্ৰাণ ‘ক’

    শৰীৰৰবৃদ্ধি,দৃষ্টিশক্তি,ছালৰ গঠন আৰু কাম-কাজৰ   সহায় কৰা।

    চৰ্বী যুক্ত গাখীৰ জাতীয় সামগ্ৰী,কণী            গাজৰ,বিলাহী,মাছৰ তেল।

    খাদ্যপ্ৰাণ ‘খ’

    বৃদ্ধি,ভোক লগোৱাত সহায় কৰা,বেৰি-বেৰিআৰু স্নায়বিক দুৰ্বলতাৰ বাধা প্ৰদান কৰা।

    কণী,সেউজীয়া শাক পাচলি,ইষ্ট,যকৃত।

    খাদ্যপ্ৰাণ ‘খ’

    বৃদ্ধি,ছাল আৰু মুখৰ স্বাস্থ্য,চকুৰ কাম কাজত সহায় কৰা।

    গাখীৰ বন্ধাকবি,গাজৰ,যকৃত,কণী,ইষ্ট ফিকিৰীয়া   মাংস।

    নায়চিন

    পাকস্থলী,অন্ত্ৰ আৰু স্নায়ুতন্ত্ৰৰ কাম-কাজত সহায় কৰা।

    মাংস,কলিজা,বৃক্ক,যকৃত,মাছ,গাখীৰ,ইষ্ট।

    খাদ্যপ্ৰাণ ‘গ’

    হাড় আৰু দাঁত গঠনত সহায় কৰা,স্কাৰ্ভে বেমাৰক সুৰক্ষা প্ৰদান কৰা।

    টেঙা ফল,মাকৈ,বিলাহী,বন্ধাকবি।

    খাদ্যপ্ৰাণ ‘ঘ’

    হাড়ক শক্তিশালী কৰা,পয়ালগা বেমাৰক বাধা প্ৰদান কৰা।

    কণী,গাখীৰ,মাছৰ তেল।

     

    গাখীৰৰ পৰা হ’ব পৰা ৰোগ আৰু ইয়াৰ বাবে ল’ব লগা সাৱধানতা:

     

    এইটো প্ৰমাণিত হৈছে যে গাখীৰ ৰোগ সৃষ্টিকাৰী জীৱাণুৰ পৰিবাহক হ’ব পাৰে।গাখীৰত জীৱাণুবোৰ বিভিন্নধৰণে প্ৰৱেশ কৰে।তলত সেইবোৰৰ লগতে ৰোগবোৰ তালিকাভুক্ত কৰা হৈছে-

    ক)গাইগৰুৰ পৰা প্ৰত্যক্ষভাৱে সংক্ৰমণ:

    এইবোৰ ৰোগ সাধাৰণতে জন্তুৰ দেহত হয়।ৰোগ সৃষ্টিকাৰী জীৱাণুবোৰ ওহাৰৰ জৰিয়তে গাখীৰত প্ৰৱেশ কৰে।উদাহৰণ-বোভাইন টিউবাৰকিউলোচিছ,আণ্ডুলেন্ট জ্বৰ,মাল্টা জ্বৰ আদি।

    খ)গাখীৰ খীতোৱা ব্যক্তিৰ দ্বাৰা প্ৰত্যক্ষভাৱে গাখীৰৰ দূষিতকৰণ:

    গাখীৰ খীৰোৱা ব্যক্তিজনে যদি মলিয়ান হাতেৰে গাখীৰ খীৰায় আৰু মলিয়ন বস্ত্ৰ পৰিধান কৰে তেন্তে তাৰ পৰা জীৱাণুবোৰ গৈ গাখীৰত প্ৰৱেশ কৰে আৰু ফলত সেই গাখীৰ খালে নানাধৰণৰ ৰোগ হ’ব পাৰে।উদাহৰণ-টাইফয়দৰ জ্বৰ,প্যাৰাটাইফয়ড জ্বৰ,গ্ৰহণী,ডিপথিৰিয়া,চেপ্তিক গল-ক্ষত,স্কাৰলেট জ্বৰ ইত্যাদি।

    গ)ব্যক্তিৰ দ্বাৰা পৰোক্ষভাৱে গাখীৰৰ দূষিতকৰণ:

    এইবোৰ ৰোগ মানুহৰ দেহত হয়।ৰোগ সৃষ্টিকাৰী জীৱাণুবোৰ দূষিত বাচন-বৰ্ত্তন,দূষিত পানী,কীট-পতংগ অথবা ধূলিকণাৰ জৰিয়তে গাখীৰত প্ৰৱেশ কৰে।উদাহৰণ-টাইফয়দ জ্বৰ,প্যাৰটাইফড জ্বৰ,গ্ৰহণী অথবা ডায়েৰিয়া ইত্যাদি।

    ঘ)ব্যক্তিৰ পৰাই গাই গৰুলৈ আৰু তাৰ পৰা গাখীৰলৈ সংক্ৰমণ:

    এইবোৰ ৰোগ মানুহৰ দেহত হয়।কিন্তু গাই গৰুৰ ওহাৰতো প্ৰতিষ্ঠিত হ’ব পাৰে।উদাহৰণ-চেপ্তিক গ’ল-ক্ষত,স্কাৰলেট জ্বৰ,ডিপথিৰিয়া ইত্যাদি।সুষম আহাৰৰ বাবে আৱশ্যকীয় পুষ্টিকাৰক পদাৰ্থ সমূহ যোগান ধৰাত গাখীৰ আৰু গাখীৰ জাতীয় সামগ্ৰী সমূহৰ ভূমিকা তলৰ তালিকাত দেখুৱা হ’ল-

    গাখীৰ দূষিত হোৱাৰ উৎস আৰু নিৰাময়ৰ উপায়:

     

    দূষিত হোৱাৰ উৎস

    নিৰাময়ৰ উপায়

    ওহাৰৰ ভিতৰভাগ

    ক)মাষ্টাইটিজৰ কাৰণে পৰীক্ষা।

    খ)খীৰোৱাৰ আগে আগে অলপমান গাখীৰ পেলাই দিয়া।

    গাইজনীৰ বৰ্হিভাগ

    ক)ওহাৰখন ভালদৰে ধুই লব লাগে।

    খ)ওহাৰত ক্লিপ লগোৱা।

    ধূলি আৰু বতাহ

    গাখীৰ ঢাকি ৰখা।

    মাখি আৰু পোক-পৰুৱা

    মাখি স্প্ৰে অথবা জালৰ ব্যৱস্থা।

    খীৰোৱা ব্যক্তি

    পৰিষ্কাৰ পৰিচন্ন হোৱাৰ অভ্যাস।

    বাচন-বৰ্ত্তন

    ব্যৱহাৰৰ আগতে পৰিষ্কাৰ কৰা আৰু শুকোৱা।

     

    গাখীৰৰ সংগ্ৰহ:

     

    সকলোবোৰ উন্নত দেশতেই গাখীৰৰ উৎপাদন প্ৰায় গাঁও অঞ্চলতেই হয় আৰু ইয়াৰ প্ৰয়োজন প্ৰকৃততে নগৰ অঞ্চলতে হোৱা দেখা যায়।সেইকাৰণে উৎপাদন কেন্দ্ৰৰ পৰা গাখীৰ সংগ্ৰহ কৰি নগৰৰ বিতৰণ কেন্দ্ৰলৈ পঠিওৱা হয়।

    গাখীৰ সংগ্ৰহৰ সাধাৰণ ব্যৱস্থাবোৰ তলত দিয়া ধৰণে হয়:-

    ক)সমবায় সংগঠনৰ দ্বাৰা

    খ)ঠিকাদাৰৰ দ্বাৰা

    গ)ব্যক্তিগত দুগ্ধ উৎপাদকৰ দ্বাৰা

    4.দুগ্ধ শীতলীকৰণ কেন্দ্ৰ:

    ই সাধাৰণতে চহৰৰ দুগ্ধশালাৰ লগত জড়িত হৈ থাকে।

    উদ্দেশ্য:

    ক)যোগান ধৰা কেঁচা গাখীৰৰ গুণাগুণ নষ্ট নোহোৱাকৈ ৰখা।

    খ)কেন্দ্ৰীয় দুগ্ধশালালৈ গাখীৰ সুচল আৰু খৰতকীয়াকৈ প্ৰেৰণ নিশ্চিত কৰা।

    প্ৰধান সা-সঁজুলি:

    ক)গাখীৰ ওজন কৰা টেঙ্ক আৰু স্কেল,

    খ)ঢাকনি সহ ডাম্পটেঙ্ক,

    গ)কেন ওৱাচাৰ,

    ঘ)গাখীৰ পাম্প,

    ঙ)চাৰ্ফেল/প্লেট কুলাৰ,

    চ)উপযুক্ত ক্ষমতাৰ ৰেফ্ৰিজাৰেচন শাখা,

    ছ)শীতল কক্ষ,

    জ)গাখীৰৰ পৰীক্ষাগাৰ।

    কাৰ্য্যকৰণ পদ্ধতি:

    কেন্দ্ৰত গাখীৰ অহাৰ লগে লগে ইয়াৰ গ্ৰহণযোগ্যতা অথবা অগ্ৰাহ্যকৰণৰ বাবে গ্ৰ্ডিং কৰা হয়।তাৰ পিছত গাখীৰৰ ওজন কৰা হয়।গাখীৰ পৰীক্ষাৰ কাৰণে নমুনা লোৱা হয়।ইয়াক ঠাণ্ডা কৰা হয় আৰু কেন্দ্ৰীয় দুগ্ধশালালৈ পঠিওৱাৰ বাবে নিম্ন-উষ্ণতাত ইয়াক জমা কৰি থোৱা হয়।দুগ্ধশালাত পৰিকল্পিত ভাৱে এটা নিৰ্দিষ্ট সময়ত গাখীৰ জমা হোৱা উচিত যাতে ভিতৰৰ কামবোৰ লৰালৰিকৈ হয়।এইটো বিশেষকৈ আৱশ্যক য’ত বৃহৎ পৰিমাণৰ গাখীৰ জমা হয়।পলমকৈ অহা গাখীৰ নিম্নমানৰ হয়,বনুৱাৰ খৰচো বৃদ্ধি হয় আৰু কেন ওৱাচাৰৰ খৰচো বৃদ্ধি হ’ব পাৰে।যদি নিৰ্দিষ্ট সময়ৰ ভিতৰত ক্ৰমান্বয়ে গাখীৰ জমা হয় তেন্তে দুগ্ধশালাত কাৰ্য্যকৰণত কোনো ধৰণৰ ব্যাঘাত নজন্মে আৰু কৰ্মচাৰীসকলকো বিভিন্ন শাখাত সকলো প্ৰকাৰে পোৱা যায়।৩-৪ ঘন্টাৰ ভিতৰত সম্পূৰ্ন গাখীৰ জমা হোৱাটোৱেই লক্ষ্য হোৱা উচিত।

    গাখীৰৰ শীতলীকৰণ পদ্ধতি:

     

    দুগ্ধ পামত যেতিয়া গাখীৰ খীৰোৱা হয় তেতিয়া গাখীৰত জীৱাণু পোৱা যায়।পিছত জীৱাণু ইফালে-সিফালে অনা নিয়া কৰাৰ সময়ত ইহঁতৰ সংখ্যা ২০ ছেন্টিগ্ৰেড পৰা ৪০ ছেন্টিগ্ৰেডৰ মাজত বৃদ্ধি হয়।জীৱাণুৰ বৃদ্ধিৰ বাবে গাখীৰত অম্লতাৰ বিকাশ ঘটে আৰু গাখীৰ নিম্নমানৰ হয়।গাখীৰ নষ্ট নোহোৱাকৈ ৰখাৰ এটা পদ্ধতি হৈছে নিম্ন উষ্ণতালৈ ইয়াক ত্ৎক্ষণাত শীতল কৰা।

    পদ্ধতি:

     

    ক)কেনডুবাওন পদ্ধতি:

    এই পদ্ধতিত গাখীৰ লাহে লাহে চেঁচা হয়।গাখীৰত টেঙ্কৰ পানী সোমালে গাখীৰ দূষিত হোৱাৰ সম্ভাৱনা থাকে।

    খ)চাৰ্ফেচ কুলাৰ:

    এইবিধ যন্ত্ৰ আকাৰত জাপিটুপীয়া অথবা পাক খোৱা ধৰণৰ।এইবিধ আপেক্ষিকভাৱে কম খৰচী।এই ব্যৱস্থাত বতাহৰ পৰা গাখীৰ দূষিত হোৱাৰ সম্ভাৱনা বেছি।

    গ)বাল্ক কুলাৰ :

    ইয়াত যান্ত্ৰিক শীতলীকৰণ পদ্ধতিৰে চলোৱাৰ ব্যৱস্থা থাকে।গাখীৰ ৫ ছেন্টিগ্ৰেড উষ্ণতা অথবা তাৰ তললৈ চেঁচা কৰা হয়।আৰু আপোনা-আপুনি এই উষ্ণতা জমা থোৱা কালছোৱাত বৰ্ত্তি থাকে।কুলাৰৰ ভিতৰত গাখীৰ প্ৰত্যক্ষভাৱে ঢালা হয় আৰু শীতল কৰা হয়।তাৰ পিছত পাম্পেৰে গাখীৰখিনি টেঙ্কাৰত ভৰাই কেন্দ্ৰীয় দুগ্ধশালালৈ পঠিয়াব পাৰি।

    ঘ)গাখীৰ শীতলীকৰণ কেন্দ্ৰ:

    আজিকালি প্ৰায়বোৰ গাঁৱতে বিদ্যুত পোৱা যায়।গাঁৱত গাখীৰ উৎপাদন প্ৰায়ে সিচৰিত হৈ থকা দেখা যায়।আমাৰ দেশত সংগঠিত দুগ্ধ পামৰ সংখ্যাও কম।ফলস্বৰূপে এই কেন্দ্ৰবিলাকে গাঁৱসমূহৰ গাখীৰৰ সংগ্ৰহ আৰু শীতলীকৰণৰ এঁটা বিকল্প সমাধান দিব পাৰিছে।দুগ্ধ উৎপাদকসকলৰদ্বাৰা নিজস্বভাৱে সমবায় সংগঠনৰ জৰিয়তে এইবোৰ লাভজনক ভাৱে চলাব পৰা যায়।

    ঙ)দুগ্ধ উৎপাদকসকলৰ কাৰণে গাখীৰৰ মূল্য:

    গাখীৰৰ প্ৰধান উপাদান দুবিধ হ’ল-চৰ্বী আৰু এছ এন এফ (চলিড নট ফেট)।ইয়াৰ মূল্য চৰ্বী অথবা চৰ্বী আৰু এছ এন এফ উভয়ৰে ওপৰত ভিত্তি কৰি নিৰূপন কৰা হয়।চৰ্বী আৰু এছ এন এফ অনুসৰি গাখীৰৰ মূলে নিৰূপন কৰাৰ কাৰণে বিভিন্ন পদ্ধতি অৱলম্বন কৰা হয়।তলত সেইবোৰ উল্লেখ কৰা হ’ল-

    ক)চৰ্বী অনুসৰি মূল্য(এক-অক্ষ অনুসৰি মূল্য)

    গাখীৰত থকা চৰ্বী পৰিমাণৰ ভিত্তিত গাখীৰৰ মূল্য পৰিশোধ কৰা হয়।

    সুবিধাসমূহ:

    ক)গাণিতিকভাৱে গাখীৰৰ মূল্য নিৰ্ণয় কৰিবলৈ এই পদ্ধতিটো সহজ।

    খ)পদ্ধতিটো সহজ যিহেতুকে ইয়াত কেবল চৰ্বীৰ পৰিমাণহে চোৱা হয়।

    গ)এজন সাধাৰণ মানুহ অথবা কৃষকৰ বাবে পদ্ধতিটো বুজিবলৈ সহজ।

    অসুবিধা সমূহ:

    ক)গাখীৰ ভেজাল হোৱাৰ সম্ভাৱনা খুবেই বেছি।যিহেতু এছ এন এফ অংশ গণ্য কৰা নহয়।

    খ)গাই গৰুৰ গাখীৰৰ বাবে উপযোক্ত মূল্য দিয়া নহয়।

    গ)এই পদ্ধতিটো ম’হ থকা অঞ্চলৰ বাবে বেছিকৈ প্ৰযোজ্য।

    খ)দুই-অক্ষ অনুসৰি মূল্য(টু-এক্সিছ):

    এই পদ্ধতিটো গাই-গৰু আৰু ম’হ উভয়ৰ গাখীৰৰ কাৰণে ব্যৱহাৰ কৰা হয়।

    দুই-অক্ষ সূত্ৰটোত চৰ্বী আৰু এছ এন এফ দুয়োটাই গণ্য কৰা হয়।

    সুবিধাসমূহ:

    এই পদ্ধতিটোত তলত উল্লেখ কৰা সুবিধাসমূহ দেখা যায়-

    ক)গাই গৰুৰ গাখীৰক উপযুক্তভাৱে মূল্য দিয়া হয়।

    খ)ব্যৱস্থাটোৱে গাই গৰু অথবা ম’হৰ গাখীৰ বুলি কোনো প্ৰভেদ নুবুজায়।

    গ)চৰ্বী আৰু এছ এন এফৰ যিকোনো লেভেলৰ(উচ্চতা)কাৰণে মূল্য দিব পৰা যায়।

     

    উৎস:দুগ্ধ উন্নয়ন সঞ্চালকালয়,অসম(খানাপাৰ,গুৱাহাটী-৭৮১০২২)।

     

     

     

     

     

     

     

     

     

     

     

     

     

     

3.02941176471
কমল Mar 09, 2018 11:19 AM

ওপৰত উল্লেখ কৰা কথাসমূহ পঢ়ি ভাল লাগিল । মই এজন সাধাৰণ মানুহ । মোৰ মনত গাই পুহি দুগ্ধ উৎপাদন কৰি স্বাৱলম্বী হোৱাৰ আশা আছে । অনুগ্ৰহ কৰি কিছুমান পৰামৰ্শ দিব পাৰিব নেকি ?


কমল মনালী
৯৯৫৪৪৪৫৫৮৪

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top