মূল পৃষ্ঠা / কৃষি / পশু পালন / দুগ্ধ উৎপাদন / দুগ্ধ উৎপাদনত এটা খোজ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

দুগ্ধ উৎপাদনত এটা খোজ

 

শ্ৰম আৰু উৎপাদনৰ সৈতে মোকাবিলা কৰা এদল যুৱকৰ সৈতে অলপতে মুখামুখি হ’লোঁ। এই মুখামুখি আছিল কিছু আনুষ্ঠানিক আৰু নিতান্তই আন্তৰিকতাপূর্ণ। যোৰহাটৰ পৰা নাতিদূৰত পৰ্বতীয়া গাঁৱত চৌৱন্নজন কর্মঠ আৰু শ্ৰম পিপাসু যুৱকে আৰম্ভ কৰিছে এক উৎপাদনমুখী বিপ্লৱৰ আখৰা আৰু এই আখৰা হ’ল দুগ্ধ বিপ্লৱৰ আখৰা। আজিৰ পৰা দহ বছৰৰ আগতেই কেইজনমান যুৱকে আৰম্ভ কৰিছিল বিজ্ঞান সন্মতভাৱে গো-ধন পালনৰ এক কাৰ্যসূচী আৰু ইয়াক এক সামূহিক ৰূপ দিবলৈ তেওঁলোকে এক সমবায়ধর্মী নিকায় গঠন কৰিছিল আৰু নাম দিছিল সুৰভি দুগ্ধ উৎপাদক সমবায় সমিতি। যোৱা দহ বছৰত সুৰভি দুগ্ধ উৎপাদক সমবায় সমিতিৰ উৎপাদনশীল সদস্যৰ সংখ্যা হৈছেগৈ ৫৪ জন আৰু সামগ্রিকভাৱে সমিতিখনত আছে ৩৬০ জনী উৎপাদনশীল গাই। গতিশীল আৰু উদ্যমী যুৱক পৱিত্ৰ বৰাই সমবায় সমিতিখনৰ সম্পাদকৰ দায়িত্ব বহন কৰি দুগ্ধ উৎপাদন আৰু বিপণনৰ ক্ষেত্ৰখন সম্প্রসাৰিত কৰি আনি আছে যাৰ বাবে সমিতিখনে দৈনিক গড় হিচাপে বাৰশ লিটাৰ গাখীৰ উৎপাদন কৰিছে আৰু সেই মর্মে দৈনিক গড় উপার্জনো পঞ্চলিছ হাজাৰ টকা পর্যন্ত পাইছেগৈ। অলপতে সুৰভিৰ দুগ্ধ সংগ্রহ কক্ষত সম্পাদক পৱিত্ৰ বৰা আৰু উৎপাদক সদস্যসকলৰ লগত হোৱা আলোচনাত আমি লক্ষ্য কৰিছিলোঁ যে সমিতিৰ অন্তর্ভুক্ত আটাইকেইজন গো-পালকেই কম-বেছি পৰিমাণে বিজ্ঞানসন্মত গো-পালনৰ কাৰিকৰী কৌশলসমূহ আয়ত্ত কৰিবলৈ সক্ষম হৈছে, যাৰ কাৰণে তেওঁলোকৰ স্কীলশক্তি যথেষ্ট উচ্চ পৰ্য্যায়ৰ বুলি অভিহিত কৰিব পাৰি।

অসমত গো-পালনৰ ক্ষেত্ৰত সুবিধা যেনেকৈ আছে ঠিক তেনেধৰণেৰেই আছে বিভিন্ন সমস্যা। দুটা মুখ্য সমস্যাই মূলত: পশুপালকসকলক পশ্চাদগামিতাত পর্যবসিত কৰিছে বুলি পশুপালকসকলে অনুভৱ কৰে। প্রথম মৃত্যু সমস্যাটো হ’ল পশুপালন আৰু পশু চিকিৎসা বিভাগৰ নিস্ক্রিয়তা। পশুধনৰ বিকাশ আৰু পশুভিত্তিক উৎপাদিত সামগ্ৰীৰ বিপণন আদিৰ দিশত পশুপালন আৰু পশু চিকিৎসা বিভাগটোত বিশেষ কোনো নিবিড় আৰু নিৰৱচিছন্ন কাৰ্যসূচী নাই। কৃত্ৰিম প্ৰজননৰ বাবে শুক্ৰ যোগানৰ বাদে বিভাগটোৰ আন দিশত অৱদান প্রায় শূন্য বুলিয়েই পশু পালকসকলে অনুভৱ কৰে। পশু পালকসকলৰ সৈতে হোৱা আলোচনাত তেওঁলোকে ব্যক্ত কৰা আনটো সমস্যা হ’ল সুষম খাদ্যৰ অভাৱ আৰু খাদ্যৰ উৰ্ধ্বমুখী দাম। ধানৰ বাহিৰে আন শস্যৰ উৎপাদন যিহেতু ৰাজ্যখনত প্রায় সীমিত আৰু ঘাঁহ খেতি কৰাৰ বাবেও কোনো আঁচনি আদি নথকাৰ বাবে ভাল জাতৰ ঘাঁহৰ খেতিও তেওঁলোকে ইচ্ছা থাকিলেই কৰিব নোৱাৰে। বহুবর্ষী ঘাঁহ যেনে চেটেৰীয়া, গিনি, নেপিয়াৰ, কংগ’ছিগনেল আদি জাতৰ ঘাঁহৰ খেতি সুৰভিৰ সদস্যসকলেও কৰিছে আৰু তাৰ জৰিয়তে তেওঁলোকৰ গো-খাদ্যৰ আংশিক প্রয়োজনীয়তা পূৰণ হৈছে। কিন্তু খৰালিৰ সময়ৰ বাবে ঋতুকালীন ঘাঁহ খেতিত তেওঁলোকে মনোযোগ দিব পৰা নাই। বিশেষকৈ ওট, ৰাইচ বিন, মাকৈ, লুচার্ন আদি উচ্চ খাদ্যগুণ সম্পন্ন ঋতুকালীন ঘাঁহবোৰে গাইবোৰৰ উৎপাদন বৃদ্ধি কৰাৰ লগতে নিয়মীয়াকৈ এনে ঘাঁহ খুউৱাৰ ফলত পশুধনৰ ৰোগ প্রতিৰোধ ক্ষমতাও বৃদ্ধি পায়। কিন্তু এনে খেতি কৰাৰ প্রয়োজনীয় তথ্য, প্রশিক্ষণ, বীজৰ যোগান সহজলব্ধ নোহোৱা বাবে পশুপালকসকলে ইচ্ছা থাকিলেও এনে উৎপাদনৰ পৰা দূৰতে থাকিব লগা হৈছে।

উন্নতজাতৰ ঘাঁহৰ যোগান থকা বাবেই অৱশ্যে সুৰভি সমিতিৰ পালকসকলৰ দানাৰ খৰচ বহু খিনি কমি যায়। তাত্ত্বিক আৰু ব্যাৱহাৰিক দুয়োটা দিশতে বিকাশ হোৱা বাবে এই গোটৰ পশুপালকসকলে পশুধনৰ বিকাশ আৰু সুস্বাস্থ্যৰ বাবে নিয়মীয়াকৈ পশুধনক খুৱায় পেলুৰ ঔষধ, খাদ্যত যোগান ধৰে বিভিন্নধৰণৰ মিনাৰেল মিক্সাৰ আৰু খাদ্য সহযোজক আৰু সংক্রমনজনিত ৰোগসমূহৰ বাবে প্রদান কৰে প্ৰতিষেধক টীকা। আমাৰ সৈতে হোৱা আলোচনাত তেওঁলোকে প্রকাশ কৰে যে ১২ ৰ পৰা ১৫ মিটাৰ পর্যন্ত গাখীৰ দিয়া এজনী গাইৰ খাদ্যৰ বাবত পশুপালকসকলে গড় হিচাপে প্রায় ২০০ টকা মানকৈ খৰচ কৰে। এই দুশ টকা ভিতৰত খেৰ আৰু ঘাঁহৰ খৰচ হিচাপে ধৰা চল্লিশ টকাও অন্তর্ভুক্ত হৈ আছে, বাকী ১৬০ টকা মান তেওঁলোকে খৰচ কৰে সুষম দানাৰ বাবে। সম্পাদক পৱিত্ৰ বৰাৰ তত্ত্বাৱধানত পৰিচালিত এই সমিতিৰ সদস্যসকলে কিছু গাখীৰ মুকলি বজাৰত বিক্ৰী কৰে, যাৰ বাবে তেওঁলোকে উচিত মূল্য লাভ কৰে। কিন্তু বাকী গাখীৰখিনি তেওঁলোকে যোৰহাট নগৰ গাখীৰ যোগান আঁচনিত যোগান ধৰে যাৰ বাবে তেওঁলোকে প্রতি লিটাৰত মূল্য প্রায় মাত্র ৪১ টকা। স্বাভাৱিকতেই এই মূল্য গাখীৰৰ মুকলি বজাৰ মূল্যতকৈ বহু কম। গৰম কালিৰ সময়ছোৱাত পালকসকলে গাখীৰ বিক্ৰী কৰাত বিশেষ সমস্যা নহয়, যিহেতু এই সময়ত গাখীৰৰ চাহিদা যথেষ্ট গাখীৰৰ উৎপাদনো বৃদ্ধি হোৱাৰ লগতে চাহিদাও কমি যোৱা বাবে বিক্ৰীৰ সমস্যাই পালকসকলক জুৰুলা কৰে। এইখিনি সময়ত নগৰ গাখীৰ যোগান কর্তৃপক্ষয়ো গাখীৰ কমকৈ লয়। এনে অৱস্থাত বহু সময়ত গাখীৰ নষ্ট হোৱাৰ উদাহৰণো তেওঁলোকৰ আছে।

অন্যান্য পশুপালকসকলৰ নিচিনাকৈ সুৰভিৰ সদস্যসকললেও বর্ণসংকৰ গাইৰ প্ৰতিপালন আৰু ৰোগব্যাধিৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাবোৰ ব্যক্তিগত প্রচেষ্টাৰেই মোকাবিলা কৰে। গৰ্ভাৱস্থাৰ শেষৰ ফালে আৰু প্ৰসৱকালীন সময়ত হোৱা ‘মিল্ক-ফিভাৰ’ ৰোগ আৰু যিকোনো সময়তে পশুপালকসকলে সন্মুখীন হোৱা ‘ওহাৰফুলা’ ৰোগৰ বাবত পালকসকলৰ বিস্তৰ খৰচ হোৱাৰ লগতে উৎপাদনো হৈ পৰে নিম্নগামী। পালকসকলৰ অভিযোগ যে এনেবোৰ ৰোগৰ প্ৰতিৰোধ, নিৰাময় আৰু চিকিৎসাৰ বাবে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কোনো আঁচনি বা কাৰ্যসূচী নাই। দুই এজন চিকিৎসকৰ ব্যক্তিগত দায়ৱদ্ধতা আৰু সহযোগিতাৰ বাদে বিভাগটোৰ পৰা পশুপালকসকল বিশেষ উপকৃত হোৱা নাই বুলিয়েই তেওঁলোকে অনুভৱ কৰে। এই অনুভৱ হয়তো মিছাও নহয়। যক্ষ্মা, ফাইলেৰিয়া, এনকেফেলাইটিছ, মেলেৰিয়া আদি বিভিন্ন ৰোগৰ প্ৰতিৰোধ আৰু নিৰাময়ৰ বাবে স্বাস্থ্য বিভাগৰ যেনেকৈ একোখনকৈ আঁচনি আছে, পশু চিকিৎসা বিভাগৰো তেনেকৈ মাৰাত্মক আৰু উৎপাদন সংলগ্ন ৰোগবোৰ নিৰ্ম বা প্ৰতিৰোধৰ আঁচনি থকা হ’লে পালকসকল যথেষ্ট উপকৃত হ’লহেঁতেন।

দীৰ্ঘদিন ধৰি তেওঁলোকে নিজা উদ্যোগত গাখীৰ উৎপাদন আৰু বিক্ৰী কৰি আহিছে যদিও বর্তমান তেওঁলোকে উন্নত বিক্ৰী ব্যৱস্থাৰ সপোন দেখে। বর্তমান মুকলি বজাৰৰ নিচিনাকৈ তেওঁলোকেও প্রতিলিটাৰ গাখীৰৰ নিম্নতম মূল্য ৫০ টকা পাব লাগে বুলি অনুভৱ কৰে। ইতিমধ্যে এই সমিতিৰ সম্পাদক পৱিত্ৰ বৰাকে আদি কৰি যোৰহাট আৰু গোলাঘাটৰ কেইবাখনো দুগ্ধ উৎপাদক সমবায় সমিতি লগ হৈ ‘যোৰহাট-গোলাঘাট মিল্ক ইউনিয়ন লিমিটেড’ নামৰ এটা সংস্থা গঠন কৰি গাখীৰ বিপণন প্রক্রিয়া চলাই আছে। সমস্যাটো হৈছে, নগৰ গাখীৰ যোগান আঁচনিয়েই হওক বা আন ব্যৱস্থাৰেই হওক, তেওঁলোকে বিক্ৰী কৰে কেৱল তৰল গাখীৰ, মাজে মাজে সামান্যভাৱে বিক্ৰী কৰা হয় দৈ বা পানীৰ। স্থায়ীভাৱে দুয়োখন জিলাৰ সমুদায় গাখীৰ সংগ্ৰহৰ দ্বাৰা আৰু গাখীৰৰ পৰা উৎপাদন হ’ব পৰা সংৰক্ষণযোগ্য খাদ্যসমূহৰ বিপণনৰ দ্বাৰা যুৱক-যুৱতীসকলক স্বাৱলম্বনৰ পথ দেখুৱাব পৰাকৈ তেওঁলোকে সক্ষম হৈ উঠিছে বুলি তেওঁলোকে অনুভৱ কৰে। এনে এটা দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰী উৎপাদন কেন্দ্ৰৰ বাবে সকলো সময়তে তৎপৰ হৈ থকা এই আগ্রহী পশুপালক সকলক দিশ দিবলৈ আৰু বিভিন্ন আঁচনিৰ জৰিয়তে সহায় সহযোগিতা আগবঢ়াবলৈ বর্তমানলৈকে কোনো আগবাঢ়ি অহা নাই। পশুপালকসকলৰ লগত কথা বতৰা পাতোতে অনুভৱ কৰিলোঁ যে তেওঁলোকে এনে এটা ক্ষোভ তথা আশা সকলো সময়তে হৃদয়ৰ মাজত কঢ়িয়াই ফুৰিছে।

লিখকদ্বয়: ডাঃ চন্দ্ৰ কুমাৰ সিংহ আৰু ডাঃ প্রবীণ কুমাৰ নেওগ, দৈনিক জনমভূমি।

 

3.16129032258
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top