অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দুগ্ধ সমবায় সমিতিত মহিলাৰ ভূমিকা

দুগ্ধ সমবায় সমিতিত মহিলাৰ ভূমিকা

আজিৰ নাৰী সমাজ উন্নয়নৰ সকলো দিশতে আগুৱাই গৈছে। পুৰুষসকলৰ কান্ধ মিলাই নিজৰ পৰিয়াল তথা সমাজৰ উন্নতিৰ হকে কাম কৰি গৈছে। সকলো ক্ষেত্ৰতে মহিলাসকল অশাতীতভাৱে সফলো হৈছে। দুগ্ধ সমবায় সমিতিৰ ক্ষেত্ৰতো মহিলাসকলে উল্লেখযোগ্য বৰঙণি আগবঢ়াইছে। তাৰে এক জলন্ত উদাহৰণ হৈছে গুজৰাটৰ মহিলা সকল। ভাৰতবৰ্ষৰ কেইখনমান দুগ্ধ সমবায় সমিতি কেৱল মহিলাৰ দ্বাৰাই পৰিচালিত হয়।

মহিলাসকলে আগবঢ়াব পৰা উল্লেখযোগ্য বৰঙণিসমূহ –

• মহিলাসকলে পশুৰ উপযুক্ত প্ৰতিপালন কৰিব পাৰে।

• গাখীৰ খীৰোৱাত মহিলাসকলে আগ ভাগ লয়।

• গোহালিৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো মহিলাসকলে চকু ৰাখে।

• পশুৰ উপযুক্ত খাদ্যৰ বাবে মহিলাসকলে চকু ৰাখে।

• মহিলাসকলে অতি সহজে দুগ্ধ সমবায় সমিতিলৈ গাখীৰ বিক্ৰীৰ বাবে আহিব পাৰে।

• তেওঁলোক সঞ্চায়ৰ ক্ষেত্ৰতো যথেষ্ট সাৱধান।

• দুগ্ধ সমবায় সমিতিৰ কাম কাজত মহিলাসকলেও অতি সহজে পুৰুষৰ সৈতে সমানে কাম কৰিব পাৰে।

• মাতৃসকলে শিশুসকলক অতিসহজে আৰু নিয়াৰিকৈ দুগ্ধ সমবায় সমিতিৰ কাৰ্য্যাৱলী আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে বুজাব পাৰে লগতে সমিতিৰ প্ৰতি তেওঁলোকৰ মন আকৰ্ষিত কৰিব পাৰে।

• মহিলাসকলে তেওঁলোকৰ আজৰি সময়খিনি দুগ্ধ সমবায় সমিতিৰ বাবে উপযুক্তভাৱে ব্যয় কৰিব পাৰে। এই ব্যৱসায়টো সহজলভ্য আৰু ইয়াত লঘু পৰিশ্ৰমৰহে প্ৰয়োজন।

 

উৎসঃ দুগ্ধ উন্নয়ন সঞ্চালকালয়, অসম

শেহতীয়া উন্নীতকৰণ: : 5/1/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate