অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নৱজাত গাই পোৱালিৰ যতন

নৱজাত গাই পোৱালিৰ যতন

নৱজাত পোৱালিৰ মুখ আৰু নাকৰ পৰা বীজলুৱা পদাৰ্থবোৰ সোনকালে গুচাই দিব লাগে। উশাহ-নিশাহত কষ্ট পালে লগে লগে কৃত্ৰিমভাৱে উশাহ-নিশাহ দিব লাগে নাইবা বুকুৰ ওপৰত মালিচ কৰি দিব লাগে। নাভিৰ নাড়ীডাল ২ ইঞ্চিমান দূৰত্বত কাটি লগে লগে টিনচাৰ আয়’ডিন লগাই সামান্য বড়িক পাউদাৰ ছটিয়াই দিব লাগে। পোৱালিটোৱে মাকৰ গাখীৰ খোৱাৰ আগতে ওহাৰ পৰিষ্কাৰকৈ ধূব লাগে আৰু দৰকাৰ হ’লে পোৱালিক গাখীৰ খোৱাত সহায় কৰি দিব লাগে। এইটো নিশ্চিত হ’ব যাতে পোৱালিয়ে জন্মৰ পৰা আধা (১/২) ঘণ্টাৰ ভিতৰত মাকৰ গাখীৰ (ফেঁহু) খায়। ফেঁহুৱে পোৱালিক বহুতো সম্ভাৱনীয় বেমাৰৰ পৰা মুক্ত কৰি ৰাখে।

এটা পোৱালিক তাৰ ওজনৰ ১/১০ ভাগ গাখীৰ দিনটোত খাবলৈ দিব লাগে। যদি কোনো পেটৰ বেমাৰ হয় তেনেহ’লে গাখীৰৰ পৰিমাণ কমাই দিয়া দৰকাৰ। প্ৰথম অৱস্থাত ৪-৫ দিন মাকৰ গাখীৰ খোৱাৰ পাছত পোৱালিবোৰ মাকৰ পৰা আঁতৰ কৰি নিৰ্দিষ্ট পৰিমাণৰ গাখীৰ বটলৰ সহায়ত খুৱাব লাগে। প্ৰতিটো পোৱালিকে সহজে চিনি পাবলৈ স্থায়ী চিহ্ন গাত দিব লাগে। পোৱালিৰ ১৫ দিন বয়সত গলফুলা আৰু ৩ মাহ বয়সত জহৰবাট বেমাৰৰ ছিটা দিয়া দৰকাৰ। প্ৰয়োজন অনুসৰি ভৱিষ্যতত হ’ব পৰা শিংবোৰ জন্মৰ পৰা ১৫ দিনত নাইকিয়া কৰিব পাৰি। ওহাৰত যদি ৪ টাতকৈ বেছি বাট থাকে, সেইবোৰ চিকিৎসকৰ সহায়ত উঠাই দিব লাগে (অদৰকাৰী বাটবোৰ)।

খীৰতি গাইৰ গোহালিঃ

উপযুক্ত আঁচনি আৰু আৰ্হিৰে গোহালি ঘৰটো যদি সাজি উলিয়াব পাৰি, তেনেহ’লে অধিক উৎপাদন আশা কৰিব পৰা যায়। গোহালি ঘৰ সজাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা, ঘৰৰ ম্যাদ, গাখীৰ উৎপদনৰ বাবে দৈনন্দিন লাগতিয়াল সা-সৰঞ্জামবোৰৰ ওপৰতো গুৰুত্ব দিয়া উচিত।

উৎসঃ অসমীয়া খবৰ

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate