খূৰা ফটা জন্তু যেনে গৰু, ছাগলি,ভেৰা,গাহৰি, আদিৰ ঠেং আৰু মুখত এই অতিশয় সংক্ৰামক চবকা বেমাৰ(FMD)হোৱাৰ সম্ভাবনা থাকে ৷এই ৰোগ ভাৰতৰ বিভিন্ন ৰাজ্যত বিয়পে আৰু তাৰ ফলত প্রচুৰ অর্থনৈতিক ক্ষতি হয় কাৰণ এই ৰোগ বিয়পিলে পশুৰ ৰপ্তানি নিষিদ্ধ হয় আৰু ইহঁতৰ জনসংখ্যাও কমি যায়৷
কি কি লক্ষণ দেখা যায় ?
- অতিপাত জ্বৰ
- গাখীৰৰ উত্পাদন কমি যায়
- ঠেং, মুখৰ ভিতৰত আৰু ওহাৰত জোলোঙা বান্ধে
- ঠেংত জোলোঙা বন্ধাৰ বাবে লেঙেৰায়
- মুখৰ ভিতৰত জোলোঙা বন্ধাৰ বাবে খুব বেছি ফেন যুক্ত লালটি নিঃসৰন হয়।
এই ৰোগ কিদৰে বিয়পে?
- ৰোগগ্রস্ত পশুৰ মল-মুত্রত এই ৰোগৰ ভাইৰাছ নিঃসৰন হয়, আনকি পুঁজ,লালটি,গাখীৰৰ দ্বাৰাও ই বিয়পে৷
- এই ৰোগৰ ভাইৰাছ এঠাইৰ পৰা আন ঠাইলৈ বতাহৰ দ্বাৰা, বিশেষকৈ অধিক আৰ্দ্র বতাহৰ দ্বাৰা সিঁচৰিত হয়৷
- ৰোগগ্রস্ত পশুৰ দানা,পানী, আনকি পামকর্মী,কুকুৰ,চৰাই ইত্যাদিৰ দ্বাৰাও এই বেমাৰৰ ভাইৰাছ সিচঁৰিত হব পাৰে৷
- ৰোগগ্রস্ত ভেড়া আৰু গাহৰিয়ে প্রচুৰ পৰিমাণে সংক্ৰামক ভাইৰাছ নিঃসৰন কৰি এই বেমাৰ সিঁচৰিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লয়।
- এই বেমাৰৰ দ্বাৰা সঙ্কৰ জাতৰ পশুধন থলুৱাজাতৰ পশুধনতকৈ বেছিকৈ আক্রান্ত হোৱাৰ সম্ভাৱনা থাকে।
- এঠাইৰ পৰা আনঠাইলৈ পশুধন লৈ যাওঁতেও এই বেমাৰ সিচঁৰিত হ’ব পাৰে।
এই ৰোগ হৈ যোৱাৰ পিছত কি কি প্রভাব দেখা যায় ?
এই ৰোগত আক্ৰান্ত পশুধন সহজতে ওহাৰ ফুলা, প্রজনন ক্ষমতা কমি যোৱা,গৰম সহ্য কৰিব নোৱাৰা আদি বেমাৰত আক্ৰান্ত হয় আৰু গাখীৰ উত্পাদন কমি যায়।
ৰোগ সিচঁৰিত হোৱাটো কেনেকৈ ৰোধ কৰিব পৰা যায়?
- সুস্থ, সহজতে আক্রান্ত হ’ব পৰা পশুধন বেমাৰ থকা অঞ্চলত লৈ নোযোৱা।
- ৰোগ গ্রস্ত অঞ্চলৰ পৰা পশুধন ক্ৰয় নকৰা।
- ৰোগসংক্রমন প্রতিৰোধ কৰিবলৈ নতুনকৈ কিনা পশুধনক ২১ দিনলৈকে অন্য পশুধনৰ পৰা বেলেগে ৰাখিব লাগে।
চিকিৎসা
- ৰোগাক্ৰান্ত পশুধনক ১% প’টাচিয়াম পাৰম্যাঙ্গানেট ছলিউচ’নৰ দ্বাৰা মুখৰ ভিতৰত আৰু ঠেং ধুওৱা৷ ঠেংৰ জোলেঙা বিলাকত এন্টিছেপ্টিক লোচন লগাব লাগে৷ মুখৰ ভিতৰৰ জোলেঙাবিলাকত ব’ৰিক এছিড আৰু গ্লিচাৰিন পেস্ট লগাব পৰা যায়৷
- ৰোগগ্রস্ত পশুধনক উপশামক খাদ্য দিয়া দৰকাৰ আৰু অন্য সুস্থ পশুধনৰ পৰা বেলেগে ৰখা দৰকাৰ৷
টিকাকৰণ সময়তালিকা
- প্রত্যেক ৬ মাহৰ মূৰে মূৰে এবাৰ FMD ভেকচিন দিব লাগে ৷এই ভেকচিন গাখীৰতী গাই, ভেড়া, ছাগলি আৰু গাহৰিকো দিয়া প্ৰয়োজন৷
- পোৱালি বিলাকক চতুর্থ মাহত প্রথম ভেকচিন আৰু পঞ্চম মাহত দ্বিতীয় ভেকচিন দিব লাগে৷ তাৰ পিছত প্রত্যেক ৪ ৰ পৰা ৬ মাহৰ ভিতৰত বুস্টাৰ ড’জ দিব লাগে৷
উৎস: আইএনডিজি দল
শেহতীয়া উন্নীতকৰণ: : 6/19/2020
0 ratings and 0 comments
Roll over stars then click to rate.
© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.