অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কুকুৰা পোৱালীৰ প্ৰতিপালন ব্যৱস্থা

কুকুৰা পোৱালীৰ প্ৰতিপালন ব্যৱস্থা

কুকুৰা পোৱালীবোৰ জন্মৰ পাছতে একোটা নিৰ্দ্দিষ্ট ঘৰত উপযুক্ত তাপ, পোহৰ, বতাহ চলাচল আৰু পানী যোগান ধৰি কিছুদিনলৈ প্ৰতিপালন কৰা ব্যৱস্থাটোক “ব্ৰুডিং” বুলি কোৱা হয়৷ কণী বা মাংস উপযোগী কুকুৰা পালন কৰিবলৈ হ’লে, পোৱালীবোৰ প্ৰথম অৱস্হাৰ পৰাই কি দৰে পালন কৰা হয় তাৰ ওপৰত সিহঁতৰ উৎপাদন ক্ষমতা বহুগুণে নিৰ্ভৰ কৰে ৷ সেয়েহে পোৱালীবোৰ স্বাস্থ্যবান আৰু নিৰোগীকৈ ডাঙৰ-দীঘল কৰা বৰ দৰকাৰ৷ উন্নত প্ৰথাৰে কুকুৰা পালন কৰিবলৈ হ’লে তলৰ কথা কেইটালৈ চকু ৰখা দৰকাৰ৷

  • উপযুক্ত স্থানত বিজ্ঞান সন্মত গড়াল নিৰ্ম্মাণ৷
  • দানা-পানী যোগান ধৰা বাবে দানা-পানীৰ পাত্ৰ সংগ্ৰহ৷
  • উপযুক্ত ব্ৰুডাৰ যন্ত্ৰৰ সংগ্ৰহ৷
  • সময়মতে গুণবিশিষ্ট দানা-পানী যোগান৷
  • সময়মতে ৰোগ-প্ৰতিৰোধ, প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ৷
  • দৈনন্দিন লবলগীয়া বিভিন্ন সাৱধানতা৷

কুকুৰা গড়াল সাধাৰণতে ওখ, ৰ’দ ঘাই ঠাইত সাজিব লাগে৷ পোৱালী অৱস্হাত প্ৰতিটো কুকুৰাৰ বাবেই ১/২-১ ১/২ ব:ফু: জোখৰ মজিয়াৰ দৰকাৰ৷ বিজ্ঞান সন্মত বিভিন্ন প্ৰথাৰ ভিতৰত “ডিপলিটাৰ” পদ্ধতিৰে কুকুৰা পালন ব্যৱস্থা গাওঁ অঞ্চলৰ বাবে বেছ উপযোগী বুলি গণ্য কৰা হয়৷ এই প্ৰথাৰে কুকুৰা পালন কৰিবলৈ হ’লে নিৰ্দ্দিষ্ট জোখত সজোৱা গড়ালটোৰ মজিয়াখন পকা কৰি ল’ব লাগে৷ মজিয়া, বেৰ চিলিং আদি ভালদৰে চাফ-চিকুণ কৰি মজিয়াখন ফেনাইল পানীৰে ধুব লাগে৷ মজিয়াখন শুকালে ১'২"-১" ডাঠকৈ শুকান বালি আৰু তাৰ ওপৰত ৩"-৪" মান ডাঠকৈ নতুনকৈ অনা শুকান ফলিয়া তুঁহ মেলি দিব লাগে৷ ইয়াৰ ওপৰত প্ৰতি ১০০ ব:ফু:ত প্ৰায় ৩-৪ কি:গ্ৰা: চূণৰ গুৰি চটিয়াব লাগে৷ ঘৰটো পৰিস্কাৰ কৰা, ফেনাইল পানীৰে ধোৱা, মজিয়াখন প্ৰস্তুত কৰা আদি কামবোৰ প্ৰতিবাৰ পোৱালী পালন কৰাৰ পুৰ্বতে কৰা দৰকাৰ৷ ওপৰত উল্লেখ কৰা দৰে “ডিপলিটাৰ” প্ৰস্তুত কৰাৰ পাছত পোৱালী ঘৰত আৰু কিছু বিশেষ ব্যৱস্থা কৰা দৰকাৰ৷

১)ব্ৰুডাৰ যন্ত্ৰৰ ব্যৱহাৰ

আজিকালি বজাৰত নিৰ্দ্দিষ্ট জোখৰ ২০০/৩০০ পোৱালীৰ বাবে ব্ৰুডাৰ যন্ত্ৰ কিনিবলৈ পোৱা যায়৷ এই বিলাক নহলেও ঘৰতে উপযুক্ত ব্ৰুডাৰ যন্ত্ৰ তৈয়াৰ কৰি ল’ব পাৰি৷ ইয়াৰ বাবে বাঁহেৰে সাজি লব পাৰি৷ মনত ৰখা উচিত যে প্ৰতিটো পোৱালীৰ বাবে প্ৰায় ২ ৱাট্ বিজুলী শক্তিৰ আৱশ্যক হয়৷ গতিকে প্ৰতিবাৰত কিমান পোৱালী প্ৰতিপালন কৰা হয় তাৰ ওপৰত ব্ৰুডাৰ সংখ্যা নিৰ্ণয় কৰা হয়৷

২)ব্ৰুডাৰ যন্ত্ৰ স্থাপন

নিৰ্দ্দিষ্ট জোখৰ “ডিপলিটাৰ” প্ৰস্তুত কৰাৰ পিছত ব্ৰুডাৰ যন্ত্ৰটো প্ৰায় মাজ ভাগত স্থাপন কৰা দৰকাৰ৷ ইয়াৰ চাৰিওফালে অন্তত: ৩-৪ ফুট আতঁৰত বাঁহ বা ডাঠ কাগজেৰে তৈয়াৰী একোখন বেৰ দিয়া প্ৰয়োজন যাতে পোৱালীবোৰক নিৰ্দ্দিষ্ট ঠাইতে আৱদ্ধ কৰি ৰাখিব পাৰি৷ এই বেৰখন ভিতৰৰ মজিয়াত পুৰণা খবৰ কাগজ বা বস্তাৰে সম্পূৰ্ণকৈ ঢাকিব লাগে৷ এই কাগজ বা বস্তাৰ ওপৰতে পোৱালীবোৰ ৮-১০ দিন মানলৈ ৰাখিব লাগে৷ কাগজবোৰ/বস্তাবোৰ লেতেৰা হ’লে প্ৰতিদিনে সলাই দিব লাগে ৷

ব্ৰুডাৰ যন্ত্ৰৰ দ্বাৰা উপযুক্ত তাপ বা পোহৰৰ বাবে নিৰ্দ্দিষ্ট জোখৰ বিজুলী চাকিৰ দৰকাৰ হ’ব৷ আজিকালি বজাৰত পোৱা ব্ৰুডাৰ বিলাকৰ নিৰ্দ্দিষ্ট জোখৰ বিজুলী চালিত হিচাব যুক্ত কৰা থাকে৷ ব্ৰুডাৰৰ চাৰিওফালে নিৰ্দ্দিষ্ট পৰিমাণৰ দানা-পানী দিয়া পাত্ৰ যোগান ধৰা হয়৷ ব্ৰুডাৰৰ ভিতৰত থকা বিজুলী বাল্বৰ উপৰিও কোঠাটোত ৬-৭ ফুট উচ্চতাত একোটা ৪০ ৱাটৰ বাল্ব জ্বলোৱাৰ দৰকাৰ হ’ব৷ আজি কালি “ইনফ্ৰাৰেড” বাল্ব বিলাক ব্ৰুডাৰৰ সলনি ব্যৱহাৰ কৰি পোৱালী প্ৰতিপালন কৰিব পাৰি৷ এই বিলাক ১৫০-২০০ ৱাটৰ পোৱা যায় আৰু মজিয়াৰ পৰা অন্তত ১১/২ -২ ফুট উচ্চতাত ওলোমাই ৰাখিব পাৰি৷ ব্ৰুডিংৰ সময়ত পোৱালী বিলাকে যাতে উপযুক্ত তাপ আৰু উপযুক্ত দানা-পানী পায় তালৈ লক্ষ্য ৰখা দৰকাৰ ৷ ব্ৰুডিংৰ সময়ত নিৰ্দ্দিষ্ট জোখৰ তাপৰ নিৰ্দ্দেশনা এনে ধৰণৰ:

প্ৰথম সপ্তাহ       -          প্ৰায় ৯৫০ ফাৰেণহাইট

দ্বিতীয় সপ্তাহ     -           প্ৰায় ৯০০ ফাৰেণহাইট

তৃতীয় সপ্তাহ     -           প্ৰায় ৮৫০ ফাৰেণহাইট

চতুৰ্থ সপ্তাহ     -            প্ৰায় ৮০০ ফাৰেণহাইট

ব্ৰুডিংৰ সময়ত পোৱালী থুপ  খাই থাকিলে তাপৰ যোগান কম হোৱা বুলি ধৰিব লাগিব আৰু তাৰ উপযুক্ত ব্যৱস্থা কৰিব লাগে৷ পোৱালীবোৰ ব্ৰুডাৰ যন্ত্ৰৰ পৰা আঁতৰি গ’লে তাপৰ পৰিমান বেছি বুলি জানিব আৰু তাৰ উপযুক্ত ব্যৱস্থা ল’ব লাগিব৷

ব্ৰুডাৰ যন্ত্ৰ স্থাপন কৰাৰ পিছত পোৱালী অনাৰ প্ৰায় ১২-১৫ ঘন্টাৰ আগতেই ব্ৰুডাৰ যন্ত্ৰ চলাই ৰাখি কোঠাটোৰ উষ্ণতা উপযুক্ত পৰিমানত ৰখা হয় ৷ ইয়াৰ পাছতহে পোৱালী ৰাখিবৰ উপযুক্ত হয় ৷ অৱশ্যে শীতকালি ব্ৰুডিং কৰিলেহে এই ব্যৱস্হা দৰকাৰ হয়৷ পোৱালীবোৰ ব্ৰুডাৰ যন্ত্ৰৰ তললৈ পঠোৱাৰ পিছত প্ৰথম ৮-১০ দিন বৰ সাৱধানে প্ৰতিপালন কৰা দৰকাৰ৷ তলত ব্যৱহাৰ কৰা খবৰ কাগজ বা বস্তাবোৰ প্ৰতি দিনে সলাই দিয়া দৰকাৰ ৷ পাছলৈ ৮-১০ দিনৰ মূৰত এইবিলাক প্ৰয়োজন নহয়৷ পোৱালী ব্ৰুডিং কৰাৰ সময়ত ৰোগ প্ৰতিৰোধ ব্যৱস্থা বা প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰিব ৷ সকলো সময়তে উপযুক্ত তাপ, পোহৰ, বতাহ চলাচলৰ প্ৰতি চকু ৰাখিব৷ মজিয়াখন যাতে সকলো সময়তে শুকানে থাকে তালৈ চকু ৰাখিব ৷ পানী পৰি তিতি যোৱা, সেমেকা তুঁহ বোৰ উলিয়াই নতুন তুঁহ যোগ কৰিব ৷ মজিয়াখনৰ তুঁহ-বালিবোৰৰ মাজেৰে ভৰিটো চলাই তল ওপৰ কৰিলে মজিয়াখন শুকানে থাকিব৷ ১০-১৫ দিন ব্ৰুডিং কৰাৰ পিছত ব্ৰুডাৰৰ বেৰখন আঁতৰাই কেৱল কোঠাটোৰ চকু কেইটাহে ঘূৰণীয়াকৈ বেৰ দিব৷ মনত ৰাখিব প্ৰথম অৱস্হাৰ পৰাই কুকুৰা পোৱালীবোৰ স্বাস্থ্যবান আৰু নিৰোগীকৈ ডাঙৰ-দীঘল কৰিলেহে ভৱিষ্যতে উৎপাদনক্ষম হোৱাৰ সম্ভাৱনা থাকে৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 7/3/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate