অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নিবনুৱা সকলৰ বাবে জীৱিকাৰ এটি পথ,বৈজ্ঞানিক পদ্ধতিৰে ব্ৰইলাৰ কুকুৰা পালন এক লাভজনক ব্যৱসায় :

নিবনুৱা সকলৰ বাবে জীৱিকাৰ এটি পথ,বৈজ্ঞানিক পদ্ধতিৰে ব্ৰইলাৰ কুকুৰা পালন এক লাভজনক ব্যৱসায় :

 

কেৱল মাত্ৰ মাংসৰ বাবে প্ৰতিপালন কৰা ব্ৰইলাৰ হৈছে এবিধ উন্নতমানৰ অতি সোনকালে বাঢ়িব পৰা ক্ষমতা থকা কুকুৰা, যিবোৰে উপযুক্ত প্ৰতিপালনত মাত্ৰ ৭/৮ সপ্তাহ বয়সত ১.৫ ৰ পৰা ২ কেজি পৰ্যন্ত ওজন হয়৷ সেয়েহে বৰ্ধিত জনসংখ্যা, অভূতপূৰ্ব নিবনুৱা সমস্যাই জৰ্জৰিত কৰা অসম তথা ভাৰতবৰ্ষত এই ব্ৰইলাৰ কুকুৰা পালন এক লাভজনক ব্যৱসায় হিচাপে ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰিছে৷

ফাৰ্মৰ বাবে স্থান নিৰ্বাচন আৰু ঘৰ দুৱাৰ নিৰ্মাণ -

কুকুৰাৰ ঘৰ নিৰ্মাণ এখন ওখ, শুকান, ৰ’দ পৰা, পানী, বিজুলী, যান-বাহন আৰু বজাৰৰ সুব্যৱস্থা থকা ঠাই হোৱা উচিত৷ স্থানীয় সামগ্ৰীয়ে তৈয়াৰ কৰা ঘৰটো ভেটিৰ পৰা ৩ ফুট ওখলৈ সম্পূৰ্ণ বেৰ দি ওপৰৰ অংশত বাহঁ, তাৰঁৰ জালি আদিৰে আবদ্ধ কৰি দিব লাগে৷ মজিয়াখন পকা হ’লে ভাল হয়৷ ঘৰটো সম্পূৰ্ণ হোৱাৰ পিছত কীটনাশক ছটিয়াই পৰিস্কাৰ কৰি ল’ব লাগে৷ শুকান ডাঠ মাটিৰ ওপৰত ২-৩ ইঞ্চিমান তুঁহ গুৰি বা কাঠৰ গুৰি পাৰি দি লিটাৰ প্ৰস্তুত কৰিব পাৰি৷ প্ৰতিটো ব্ৰইলাৰৰ বাবে ১ বৰ্গফুটকৈ মজিয়াৰ জোখত ঘৰটো নিম্ৰ্মাণ কৰা হয়৷ প্ৰতিটো কোঠাত ২৫০-৩০০ টাতকৈ অধিক কুকুৰা নৰখাই ভাল৷ এদিনীয়া পোৱালীবোৰ ৭-৮ সপ্তাহলৈ ৰাখি বিক্ৰি কৰাৰ পিছত, ঘৰটো ১০-১৫ দিন খালি কৰি ৰাখিব লাগে৷ এই সময়ছোৱাত কুকুৰা ঘৰটো পৰিস্কাৰ কৰি পুনৰ বীজাণুনাশক দ্ৰব্য ছটিয়াব লাগে৷

পোৱালী ৰখা ঘৰ -

এদিনীয়া পোৱালীবোৰ পামলৈ অনাৰ পিছতেই বিশেষভাৱে নিৰ্মাণ কৰা বুডাৰ বা তোলনীয়া ঘৰত ৰখা হয়৷ এই সময়চোৱাত এটা বুডাৰত ৬০ ৱাট ক্ষমতাৰ ৪ টা বাল্ব জ্বলাই ৰাখিব লাগে৷ বুডাৰৰ চাৰিওফালে চিক্ৰ্গাড লগোৱাৰ ব্যৱস্থা কৰিব লাগে যাতে পোৱালীবোৰ বুডাৰৰ পৰা বাহিৰ ওলাই যাব নোৱাৰে৷ বুডাৰৰ ভিতৰতে পানী আৰু দানা ৰখাৰ ব্যৱস্থা কৰিব লাগে৷ ছয় ফুট দীঘল আৰু চাৰি ফুট বহল এটা কাঠৰ বুডাৰত ৩৫০টা পোৱালী ৰাখিব পৰা যায়৷ পোৱালী জন্মাৰ প্ৰথম সপ্তাহত বুডাৰ উষ্ণতা ৯৫ ডিগ্ৰী ফাৰেণহাইট আৰু পিচত প্ৰত্যেক সপ্তাহত অন্তত ৫ ডিগ্ৰী ফাৰেণহাইটতকৈ কমাই ৪ সপ্তাহৰ শেষত কৃত্ৰিম উত্তাপ দিয়াৰ প্ৰয়োজন নহয়৷ জাৰকালি পাৰিপাশ্বিক উষ্ণতা ১০ ডিগ্ৰী চেন্টিগ্ৰেডতকৈ কম হ’লে কুকুৰাঘৰৰ আটাইবোৰ লাইট জ্বলাই ৰাখিব লাগে৷ অন্যথাই দিনৰ ভাগত লাইটবোৰ জ্বলাই ৰখাৰ প্ৰয়োজন হয়৷ প্ৰথম চাৰিদিন লিটাৰখিনিৰ ওপৰত খবৰ কাগজ পাৰি দিব লাগে যাতে পোৱালীবোৰে লিটাৰ খাব নোৱাৰে৷

দানা পানীৰ যোগান -

দানা যোগানৰ বাবে দীঘলীয়া বা ঘূৰণীয়া দানাৰ পাত্ৰ ব্যৱহাৰ কৰিব পাৰি৷ দুসপ্তাহ বয়সলৈকে প্ৰত্যেক পোৱালীকে দীঘলে ২.৫ চে:মি: ঠাইৰ প্ৰয়োজন৷ সেইদৰে ৩-৬ সপ্তাহলৈ ৫ চে:মি: আৰু সপ্তম সপ্তাহৰ পৰা ৭.৫ চে:মি: ঠাইৰ প্ৰয়োজন ৷ ব্ৰইলাৰক ৫ সপ্তাহ বয়সলৈ ষ্টাৰ্টৰ দানা আৰু তাৰ পিছত ফিনিছাৰ দানা খুৱাব লাগে৷ প্ৰথম তিনিদিন পোৱালীক দানাৰ পাত্ৰ পূৰাকৈ, পিচৰ সাতদিন পাত্ৰৰ আধালৈকে আৰু তাৰ পিছত পাত্ৰটোৰ এক-তৃতীয়াংশ পূৰ হোৱাকৈ দানাৰ যোগান ধৰিব লাগে৷ ব্ৰইলাৰ কুকুৰাক প্ৰচুৰ পৰিমাণে নিৰ্মল পানী যোগান ধৰা উচিত৷ প্ৰত্যেক ১০০ ব্ৰইলাৰৰ বাবে প্ৰথম দুই সপ্তাহত ২ লিটাৰ আৰু তাৰ পিচত প্ৰত্যেক সপ্তাহত ২ লিটাৰকৈ যোগ কৰি গ’লেই ইয়াৰ বাবে লাগতিয়াল পানীৰ জোখ উলিয়াই লব পাৰি৷

ব্ৰইলাৰ পালনত মনত ৰাখিবলগীয়া কথা -

ব্ৰইলাৰ কুকুৰা পালনৰ বাবে এদিনীয়া পোৱালীবোৰ সদায় কোনো নিৰ্ভৰ যোগ্য প্ৰতিষ্ঠানৰ পৰাহে সংগ্ৰহ কৰিব লাগে৷ প্ৰথম দুসপ্তাহ সময় পোৱালীবোৰক সঘনাই পৰিদৰ্শন কৰি থাকিব লাগে৷ এই সময়ছোৱাত মৃত্যুৰ হাৰ আটাইতকৈ অধিক৷ দিনটোৰ দানা এক-তৃতীয়াংশ পুৱাৰ ভাগত, এক-তৃতীয়াংশ দুপৰীয়াৰ ভাগত আৰু বাকীখিনি সন্ধিয়ালৈ দিব লাগে৷ এজাক পোৱালী বিক্ৰী কৰাৰ পিছত ব্ৰইলাৰ ঘৰটো দুসপ্তাহ সময় খালী ৰাখিব লাগে৷ মন গলেই খাব পৰাকৈ পানীৰ যোগান অব্যাহত ৰাখিব লাগে৷ পশু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী সময়মতে বিভিন্ন ৰোগৰ চিটা সমূহ দিব লাগে৷ বাহিৰৰ দৰ্শকক পামৰ ভিতৰত প্ৰৱেশ কৰিব দিব নালাগে৷ প্ৰৱেশ পথত ফেনাইল দ্ৰৱ ৰখাৰ ব্যৱস্থা কৰিব লাগে যাতে জোতা-চেন্দেল আদি তিয়াই পামত সোমাব পাৰে৷ প্ৰত্যেক সপ্তাহত লিটাৰখিনি ভৰি বা জেং কোৰ এখনেৰে তল-ওপৰ কৰি ভাঙি দিব লাগে৷ ৰোগাক্ৰান্ত কুকুৰাক ততালিকে জাকৰ পৰা আতৰাই পশু চিকিৎসকৰ পৰামৰ্শ লব লাগে৷

উৎস :- অসম কৃষি বিশ্ববিদ্যালয়

শেহতীয়া উন্নীতকৰণ: : 4/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate