মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / “আহু ৰোবা খোজত বুৰি, শালি ৰোবা বেগেত জুৰি”
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

“আহু ৰোবা খোজত বুৰি, শালি ৰোবা বেগেত জুৰি”

“আহু ৰোবা খোজত বুৰি, শালি ৰোবা বেগেত জুৰি”, ৰ বিষয়ে লিখা হৈছে ।

 

ধান এনে এবিধ শস্য যিবিধৰ গুটি সিঁচি নাইবা কঠীয়া ৰুই খেতি কৰিব পৰা যায়। সিঁচি কৰা খেতি শুকান নাইবা বোকা মাটিত কৰাৰ বিপৰীতে ৰোৱাখেতিৰ বাবে মাটিখিনি ভালদৰে চহাই বোকা কৰাৰ প্রয়োজন হয়। এনে বোকা মাটিত আলি বান্ধি পানী জমা কৰি খেতিটোত আৱশ্যক হোৱা পানীৰ যোগান ধৰিব লাগে। পানীত কৰাৰ বাবেই এনেবিধ ধানখেতিক পানীখেতিও বোলে। পণ্ডিতসকলৰ মতে এই পানীখেতি আহোমসকলৰ অৱদান। যিকি নহওঁক, আহু আৰু শালি দুয়োটা বতৰতে কৰিব পৰা এনে খেতিত কঠীয়া কিমান দূৰত্বত ৰোৱ লাগিব সেই বিষয়ে বুঢ়ালোকসকলে এইদৰে কোৱা শুনা যায়- “আহু ৰোবা খোজত বুৰি, শালি ৰোবা বেগেত জুৰি।”

আহুৰ বতৰত কৰা ধানৰ জাতবোৰৰ কৃষিকাল চমু। এনে কম কৃষিকালৰ জাতবোৰৰ কম বয়সীয়া কঠীয়া কিছু ঘনকৈ ৰোৱ লাগে। আনহাতে শালিৰ বতৰৰ জাতবোৰ দীর্ঘদিনীয়া হোৱাৰ বাবে কিছু সেৰেঙাকৈ ৰোৱ পাৰি। এই জ্ঞান আমাৰ কৃষকসকলে নিজ অভিজ্ঞতাৰে আহৰণ কৰিছিল আৰু সেয়ে এনে বচন শুনিবলৈ পাওঁ। শালিখেতি অসমৰ প্রধান খেতি। বৰষুণৰ ওপৰত নির্ভৰ কৰি কৰা এই খেতিৰ সময়ত অধিক মাত্রাত হোৱা বৰষুণৰ বাবে ঠাই বিশেষে অধিক পানী জমা হৈ কঠীয়া ৰোৱাত অসুবিধা কৰে। এনে পানী জমা হোৱা পথাৰত কঠীয়া সেৰেঙাকৈ ৰোৱ লাগে। এই কথাও কৃষকসকলে জানে। সেয়ে তেখেতসকলে কয় ---“ যেবেহে দেখিবা আঠু সম পানী, হাতেকত গোছা দিবা জানি।”

এয়া শাওণ মাহ; কঠীয়া ৰোৱাৰ সময়। এতিয়া কৃষক ৰাইজৰ কোনোবাজন যদি পথাৰ প্রস্তুত কৰাত ব্যস্ত আছে আন কোনোবাজন ৰোবলৈ সাজু হৈছে। বুঢ়ালোকে কৈ যোৱা জোখ-মাপবোৰ বহুতে পাহৰিছে। বহুতো আকৌ এনেবোৰ কথাৰ প্রতি আগ্রহী নহয়; আধুনিক কৃষিৰ প্রতিহে আগ্রহী। সেয়ে আধুনিক কৃষি পদ্ধতিত কিমান আঁতৰে আঁতৰে গোছাবোৰ দিবলৈ কৈছে সেয়া জানি লওঁ আহক। বিজ্ঞানীসকলে বিভিন্ন কৃষিকালৰ জাতবোৰ লৈ কৰা পৰীক্ষা-নিৰীক্ষাবোৰৰ অন্তত পতিয়ন গৈছে যে কৃষিকালৰ ওপৰত ভিত্তি কৰি কঠীয়াৰ বয়স আৰু ৰোৱাৰ দূৰত্ব বেলেগ বেলেগ হ’ব লাগে। তলৰ তালিকাখনত উল্লেখ কৰা এই জোখ-মাপবোৰলৈ লক্ষ্য কৰিলে দেখা যায় যে আমাৰ বুঢ়ালোকসকলে কৈ যোৱা হিচাপবোৰৰ লগত এই হিচাপবোৰৰ কোনো পার্থক্য নাই। কাৰণ শালিৰ বতৰত এবেগেত আঁতৰত ৰোৱলৈ কোৱাৰ অর্থ হ’ল আঠ ইঞ্চিৰ আঁতৰত ৰোৱা যিটো আজিৰ বিজ্ঞানীসকলেও কয়। আনহাতে আহুৰ জাতবোৰ কম দিনীয়া হোৱা বাবে ইমান ঘনকৈ ৰুব লাগে যেন এটা খোজত এবুৰি অর্থাৎ একুৰিমান গোছা পৰে।

 

কঠীয়াৰ বয়স আৰু দূৰত্ব -

 

জাত

বয়স

দূৰত্ব

১০০ দিনীয়া

২০-২৫ দিন

১০ x ১০ বা

১৫ x ১০ চে:মি:

১২০-১৩০ দিনীয়া

২৫-৩০ দিন

১৫ x ১৫ চে:মি:

১৫০-১৫৫ দিনীয়া

৩০-৩৫ দিন

২০ x ২০ চে:মি:

মনোহৰ শালি আৰু আন ওখ জাত

৩৫-৫৫ দিন

২৫ x২৫ চে:মি:

 

এইখিনিতে কোনো কোনোৱে প্রশ্ন কৰিব পাৰে যে - বুঢ়ালোকসকলে শাৰী পাতি ৰোৱলৈ যে কোৱা নাছিল ? হয়, তেনে কথা বুঢ়ালোকসকলে কৈ যোৱা নাই। কাৰণ সেই সময়ত কৃষক পৰিয়াল এটাৰ হাতত থকা মাটিত খেতি কৰি যি পৰিমাণৰ ধান উৎপাদন কৰিছিল সেয়া পৰিয়ালটোৰ বাবে যথেষ্ট আছিল। কিন্তু আজিৰ কৃষকৰ মাটিৰ পৰিমাণ যথেষ্ট কম। এই কম পৰিমাণৰ মাটিত খেতি কৰি আশানুৰূপ উৎপাদন পাবলৈ হ’লে কৃষি পদ্ধতিত কিছু সাল-সলনি কৰিব লাগিব। এনে সাল-সলনিবোৰৰ ভিতৰত অন্যতম দুটা হ’ল - অধিক উৎপাদনক্ষম জাত ব্যৱহাৰ আৰু ডৰাবোৰত গোছাৰ সংখ্যা বৃদ্ধি কৰা। অসমৰ কৃষকসকলে বিভিন্ন কাৰণত থলুৱা জাত ব্যৱহাৰ কৰি আছে যদিও বর্তমান সময়ত কিছু সংখ্যক কৃষক অধিক উৎপাদনক্ষম জাতৰ প্রতি আগ্রহী উঠা দেখা গৈছে। অৱশ্যে গোছাৰ সংখ্যা বৃদ্ধি কৰাৰ ক্ষেত্রত তেওঁলোক সিমান আগ্রহী হৈ উঠা নাই। কাৰণ এনে কৰিবলৈ যাওঁতে গোছাবোৰ কিছু ঘন কৰিব লাগিব যিটো কৰিবলৈ তেওঁলোকে ভয় কৰে। ওখ, দীর্ঘদিনীয়া থলুৱা জাত ব্যৱহাৰ কৰি অভ্যষ্ট হোৱা কৃষকসকলে দেখিছে যে গোছা ঘনকৈ দিলে তেওঁলোকৰ ভাষাত “ধান উৰি যায়”। কমকৈ পোখা ওলোৱা ওখ আৰু দোঁ খোৱা দীঘল পাতৰ থলুৱা জাতবোৰৰ গঠনৰ বাবে ঘনকৈ ৰোপণ কৰিলে থোকবোৰ চুটি আৰু পতনুৱা হব যিটোক “ধান উৰি যোৱা” বুলি কোৱা হয়। আনহাতে অধিক উৎপাদনক্ষম জাতবোৰ চাপৰ, পাতবোৰ চুটি আৰু থিয় হোৱাৰ লগতে জাতবোৰৰ পোখা মেলাৰ ক্ষমতা বেছি। এনে হোৱাৰ বাবে “ধান উৰি যোৱাৰ” ভয় নাথাকে। সেয়ে ডৰাবোৰত গোছাৰ পৰিমাণ এক নির্দিষ্ট সংখ্যালৈ বৃদ্ধি কৰি উৎপান বঢ়াব পৰা যায়। বিজ্ঞানীসকলে দেখিছে যে জাত অনুসৰি এই সংখ্যা ভিন্ন। শালিৰ বতৰত ৰোৱা দীর্ঘদিনীয়া জাতবোৰৰ ক্ষেত্রত প্রতি বর্গ মিটাৰত ২৫টা গোছা ৰোৱ লাগে অর্থাৎ প্রতি হেক্টৰত ১০,০০০ x ২৫ = ২৫,০,০০০ গোছা থাকিব লাগে। কিন্তু এখন বহল পথাৰত এনেদৰে হিচাপ কৰি গোছা ৰোৱ নোৱাৰি। সেয়ে বিজ্ঞানীসকলে এটা সহজ উপায় দি কৈছে যে গোছাবোৰ শাৰী শাৰী কৈ ৰোৱ লাগে আৰু প্রতি দুটা শাৰীৰ মাজত ২০ চে: মিটাৰ অর্থাৎ ৮ ইঞ্চি ব্যৱধান ৰাখিব লাগে। সেইদৰে দুটা গোছাৰ মাজত ব্যৱধান ২০ চে: মিটাৰ হ’ব লাগে। এইদৰে ৰোপণ কৰিলে প্রতি বর্গ মিটাৰত অনায়সে ২৫টা গোছা ৰোৱ পৰা যাব, যাৰ বাবে অতি কমেও ৬০০ গ্রাম ধান পাব পাৰি। প্রতি বর্গ মিটাৰত ৬০০ গ্রাম ধান পোৱাৰ সম্ভাৱনাৰ কথা ক’লে কৃষকসকল আচৰিত হৈ এইটো কিদৰে সম্ভৱ জানিব বিচাৰে। এই বিষয়ে জানিবলৈ হ’লে এটা সৰু অংক কৰিব লাগিব। পৰীক্ষাৰদ্বাৰা দেখা গৈছে যে আশানুৰূপ উৎপাদন পাবলৈ হ’লে ধানৰ প্রতিটো গোছাত ৮-১০টা পুৰঠ থোক থাকিব লাগে যি কেইটাৰ প্রতিটোৱে ৩-৫ গ্রাম ধান দিব। অর্থাৎ এটা গোছাৰপৰা অতি কমেও ৮ x ৩ = ২৪ গ্রাম ধান পাব পৰা যায় যদিহে প্রয়োজন হোৱা সাৰ-পানী সঠিকভাবে যোগান ধৰি শস্যৰক্ষাৰ ব্যৱস্থাসমূহ যথাযথভাবে গ্রহণ কৰা হয়। এই হিচাপ মতে অর্থাৎ প্রতিটো গোছাত ২৪ গ্রাম ধান পালে এটা বর্গ মিটাৰত থকা ২৫টা গোছাৰপৰা ২৪ x ২৫ = ৬০০ গ্রাম ধান পাম। বিঘাৰ হিচাপত হ’ব ৮ কুইণ্টল বা ২১.৪৩ মোন।

ওপৰত উল্লেখ কৰা সৰু অংকটোৰ পৰা বুজিব পাৰি যে পথাৰত এটা গোছা কমকৈ দিয়াৰ অর্থ হ’ব ২৪ গ্রাম ধান কম পোৱা। বিভিন্ন সময়ত পথাৰ পৰিদর্শন কৰি দেখা যায় যে প্রতি বর্গ মিটাৰত আমাৰ কৃষকসকলে ১৫-১৮ গোছা ৰোৱে, যাৰ বাবে অধিক উৎপাদনক্ষম জাত এটাৰ পৰাও আশানুৰূপ উৎপাদন পাবলৈ সক্ষম নহয়। সেয়ে ধানৰ উৎপাদন বৃদ্ধিৰ বাবে পথাৰত গোছাৰ সংখ্যা বৃদ্ধি কৰাত আনবোৰ কৌশলৰ সমানে গুৰুত্ব দিব লাগিব। এইখিনিতে আন এক প্রশ্ন মনলৈ আহে- এইদৰে ৰোৱলৈ যাওঁতে সময় বেছি লগাৰ লগতে খৰছ অধিক নহ’বনে? এনে প্রশ্নৰ উত্তৰত ক’ব পাৰি যে যদি শাৰী পাতি ৰোৱাৰ বাবদ হোৱা খৰছ যদি অতিৰিক্তভাবে পোৱা ধানৰ মূল্যতকৈ বেছি হয়, তেন্তে এইদৰে ৰোৱাটো লাভজনক নহ’ব। এই ক্ষেত্রত শাৰী পাতি ৰোৱাতকৈ প্রতি বর্গ মিটাৰত অধিক গোছা ৰোৱাৰ ওপৰত গুৰুত্ব দিব লাগিব। মনত ৰাখিব যে শাৰী শাৰীকৈ ৰোপণ কৰিলে বেছি গোছা ৰোৱ পৰা যাব, যাৰ বাবে থোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে উৎপাদন বাঢ়িব। আনহাতে এইদৰে ৰোপণ কৰিলে টপ ড্রেছিং, নিৰণি, ঔষধ আদি প্রয়োগ কৰিবলৈ সুবিধা হ’ব ।

লেখক - ড: ছাদিকুল হুছেইন

উৎস- কৃষি জিজ্ঞাস

 

 

 

3.42857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top