মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / অসমত বৰ্ষাকালীন পাচলি খেতিৰ আৱশ্যকতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমত বৰ্ষাকালীন পাচলি খেতিৰ আৱশ্যকতা

অসমত বৰ্ষাকালীন পাচলি খেতিৰ আৱশ্যকতাৰ বিষয়ে লিখা হৈছে

 

আমাৰ খাদ্য বুলিলে মুল আহাৰ,যেনে-ভাত,ৰুটি বা ব্ৰেডৰ উপৰি মাছ,মাংস,কণী,গাখীৰ,ফল-মুল আৰু শাক-পাচলিৰ কথাই সততে মনলৈ আহে।এনে খাদ্যসমুহৰ ভিতৰত পাচলিৰ প্ৰয়োজনীয়তা আমাৰ বাবে যথেষ্ট বেছি।কিয়নো পাচলি হৈছে খনিজ লৱণ,প্ৰ’টিন,ভিটামিন আৰু আঁহৰ মুখ্য উৎস।তাতেই শাক-পাচলিসমৃদ্ধ নিৰামিষ আহাৰ আমাৰ সুস্বাস্থ্য আৰু আয়ুস বৃদ্ধিৰ এটা প্ৰভাৱশালী কাৰক বুলিও বৰ্তমানে স্বীকৃত হৈছে।আনফালে মানৱ দেহৰ দাঁতৰ বিন্যাস আৰু প্ৰকৃতি,পৌষ্টিক নলীৰ জটিলতা আৰু তাত সংযোজিত এপেনডিক্স নামৰ গ্ৰন্থিৰ উপস্থিতিৰ বাবে মানুহক তৃণভোজী প্ৰাণীৰ শাৰীত ধৰিব পৰা হয় বুলি শৰীৰ বিগানীসকলে মত পোষণ কৰি আহিছে।এই তত্ত্বয়ো শাক-পাচলিৰ প্ৰয়োজনীয়তা বৃদ্ধি কৰে।

বাস্তৱত  দেখা যায় যে পাচলি উৎপাদনত অসম অতি আগবঢ়া।অসমৰ খেতি-পথাৰত পাচলিৰ ৰুপ দেখিলে মনত এনে ভাবৰ উদয় হয়-এই ৰাজ্যত নহয়নো কি?আলু,কবি,বেঙেনা,কেৰেলা,বিলাহী,মটৰ,গাজৰ,ফুলকবি,ওলকবি,বন্ধাকবি,মুলা,জাতিলাও,ৰঙালাও,কোমোৰা,জিকা,ভোল,উৰহী,তিঁয়হ ,ভাতকেৰেলা,ইত্যাদি ইত্যাদি।মুঠতে এখন দীঘল তালিকা।পিছে পাচলিৰ প্ৰাচুৰ্য ঘটে খৰালিৰ মাহকেইটাৰ লগতে বাৰিষাৰ দুটামান মাহতহে।তাৰ পাছত ৰাজ্যখনত হোৱা প্ৰবল বৰষুণ আৰু জলবায়ুৰ প্ৰতিকুল পৰিৱেশৰ হেতুকে বাৰিষাৰ শেষভাগত ৰাজ্যখনত সামগ্ৰিকভাৱে কচুৰ বাহিৰে প্ৰায় সকলো পাচলিৰেই বিলুপ্তপ্ৰায় অৱস্থা হয়।তেনে সময়তো অৱশ্যে ওখ চানেকীয়া এলেকাৰ স্থানবিশেষত পটল,জিকা,ভোল,লেচেৰা,কোমোৰা,স্কোৱাচ আদিৰ খেতি কিছু পৰিমাণে তিষ্ঠি থকাটো চকুত পৰে।পিছে সেইখিনি অসমৰ লোকৰ চাহিদাৰ দিশত এপাচি শাকত এটা জালুকৰ দৰেহে হৈ পৰে।তাতেই আকৌ এটা সময়ত ,অৰ্থাৎ ভাদ ,আহিনত গৈ সেইখিনিও বিলুপ্তি হৈ পৰিবলৈ ধৰাত,বিশেষকৈ তেনে সময়ত থলুৱা পাচলিৰ অভাৱ হোৱাটো অৱধাৰিত হৈ পৰে।লক্ষ্যণীয় বিষয় এয়ে যে তেনে সময়তো দাম কিছু বেছি হ’লেও বজাৰত পাচলিৰ অভাৱ তেনেদৰে পৰিলক্ষিত নহয়।বৰঞ্চ আমাৰ পৰিৱেশত সেই সময়ত সম্পুৰ্ণ আচহুৱা ধৰণৰ কেইবিধমান পাচলি,যেনে-মুলা,গাজৰ,বীন,বিলাহী,বন্ধাকবি,ওলকবি,ফুলকবি,মটৰ বজাৰত সহজলভ্য হৈয়ে থাকে।এই পাচলিবোৰ ক’ৰ পৰা আহিছে বুলিলে বেপাৰীৰ পৰা সহজেই উত্তৰ পোৱা যায়-“শ্বিলঙৰপৰা আহিছে”।

হয়,মেঘালয়ৰ শ্বিলঙেই হৈছে সেই পাচলিবোৰৰ মুল উৎপাদনস্থলী।এইবিলাকৰ উৎপাদনস্থলী এই লেখকে স্বচক্ষে দেখাৰ অভিজ্ঞতা আছে।আপাৰ শ্বিলঙৰ উপৰিভাগত হোৱা এইবিলাকৰ দৃশ্য অতি মোহনীয়।তাতেই অতি পৰিপাটিকৈ বাগনবোৰ সজাই তোলাৰ বাবে অতি শুৱনিও দেখায়।তাৰে কিছু উৎপাদন,যেনে-আলু,জহা-কোমোৰা,ৰঙালাও,বন্ধাকবি,পটল,লেচেৰা,ভাতকেৰেলা আদিৰ খেতি অৱশ্যে মেঘালয়ৰে নংপো,চুমেৰ,বৰাপানী বা চেৰাপুঞ্জী আদিতো দেখা পোৱা যায়।প্ৰসংগক্ৰমে উল্লেখনীয় যে অসমৰো ওখ চানেকীয়া ঠাইবিশেষত বাৰিষাও জিকা,ভাতকেৰেলা,ভেণ্ডি,কোমোৰা,স্কোৱাচ,পটল,কুন্দুলি আদি কৰাৰ নিদৰ্শন পোৱা যায়।সেয়ে হ’লেও আহিন-কাতি পৰ্যন্ত এইবোৰৰ উৎপাদন হোৱা দেখা নাযায়।তাতোকৈ ডাঙৰ কথা যে অন্য খেতি এই সময়ত কিছু পৰিমাণে সম্ভৱ হ’লেও কিন্তু শ্বিলঙৰ দৰে ইয়াত মুলা,গাজৰ,ফুলকবি,ওলকবি,বন্ধাকবি,বিলাহী,মটৰ আদিৰ খেতি অদ্যাপি চকুত পৰা নাই।অসমত এনে খেতি এইসময়ত সম্ভৱ নোহোৱাৰ মুলতে বতৰ,মাটিৰ জলগ্ৰাহী ৰুপ আৰু প্ৰ ধানকৈ প্ৰতিকুল জলবায়ুকে জগৰীয়া কৰা হয়।পিছে এই অভিযোগ সম্পুৰ্ণ সত্য বুলিব নোৱাৰি।কিয়নো পৰীক্ষামুলকভাৱে ঘৰৰ ছাদৰ ওপৰত থোৱা টাবত বাৰিষাও বিলাহীৰ কেইজোপামান গছ কৰি আগষ্ট পৰ্যন্ত ফল পোৱাৰ আমাৰ ব্যক্তিগত অভিজ্ঞতা আছে।তেনেকৈ এনে সময়ত অতি কম পৰিসৰত ভেণ্ডি,তিতাকেৰেলা,জলকীয়া,জিকা,কোমোৰা আদিৰ খেতি কৰিও সফলকামী হোৱাৰ অভিজ্ঞতা আছে।

এতিয়া কথা হ’ল ,শ্বিলঙৰ পৰিৱেশ অসমত নথকাৰ বাবে বাৰিষা সেই ৰাজ্যৰ দৰে অসমত খেতি কৰাটো সম্ভৱ নহয় বুলিয়েই আমি আজিকোপতি অৱজ্ঞাসুচক মন্তব্য আগবঢ়াই আহিছোঁহক।কিন্তু বাৰিষা কালত মণিপুৰৰ ইম্ফল অঞ্চলতো গাজৰ,বিলাহী আদি কৰাৰ খবৰ পোৱা গৈছে।এনে বাৰ্তা আৰু আমাৰ ব্যক্তিগত অভিজ্ঞতা অৰ্জনৰদ্বাৰা মনলৈ ভাব আহিছে ‘মন কৰিলেই ছন,বাকৰি মাটিতো ধন’হোৱাটো সম্ভৱ।সমান্তৰালভাৱে এটি বিশ্বাসো গাঢ় হ’বলৈ ধৰিছে যে অসমৰ কাৰ্বি আংলং জিলাৰ ডিফু বা সিংহাসন পাহাৰৰ উচ্চভুমি আৰু তেনেকৈ ডিমা হাছাও জিলাৰ হাফলঙৰ দৰে পাহাৰীয়া ঠাইত বাৰিষা কালতো শ্বিলঙৰ দৰে ভালেমান খেতি সম্ভব হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে।কেৱল প্ৰয়োজন হ’ব পাৰে উল্লিখিত খেতিবোৰত অৱলম্বন কৰিব লগীয়া কিছু পৰিৱেশসাপেক্ষ ব্যৱস্থা গ্ৰহণৰহে।এনে কামত আমাৰ ৰাজ্যৰ সংশ্লিষ্ট বিভাগ আদিয়ে হাত দিব নোৱৰাৰ কাৰণ দেখা নাযায়।আমাৰ বিশ্বাস-নেতিবাচক চিন্তাধাৰাতে আমি আবদ্ধ নাথাকি প্ৰত্যাহ্বান গ্ৰহণেৰে,অন্তত:পৰীক্ষামুলকভাৱে হ’লেও,এনে কৰ্মৰ প্ৰতি সক্ৰিয়তা প্ৰদৰ্শন কৰাটো জানো অযুগুত হ’ব?প্ৰণিধানযোগ্য ,এনে কাৰ্যত সফলকামী হ’লে অসমত এটা নতুন অধ্যায়ৰ সুচনা হোৱাটো নিশ্চিত।

লেখক:অৰ্পণ দত্ত (প্ৰান্তিক)

3.09375
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top