মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / অসমৰ প্ৰচুৰ সম্ভাৱনাপুৰ্ণ জলকীয়াৰ খেতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ প্ৰচুৰ সম্ভাৱনাপুৰ্ণ জলকীয়াৰ খেতি

অসমৰ প্ৰচুৰ সম্ভাৱনাপুৰ্ণ জলকীয়াৰ খেতিৰ বিষয়ে লিখা হৈছে

 

অসমৰ এবিধ সহজলভ্য খেতি হৈছে জলকীয়াৰ খেতি।ইয়াক প্ৰধানকৈ মচলাজাতীয় সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়।জ্বলা গুণ আৰু গোন্ধযুক্ত হোৱা বাবে মুলত:জলকীয়াক ব্যঞ্জন ৰন্ধাত ব্যৱহাৰ কৰা হয়।বৰ্তমান জলকীয়াৰপৰা উৎপাদিত সামগ্ৰী অন্য ধৰণেও ব্যৱহাৰ কৰা হয়।ঔষধি গুণ থকা কাৰণে জলকীয়াক আয়ুৰ্বেদত কফ,হাপানী,ডিঙিৰ বিষ,কেঁচুমুৰীয়া,কুকুৰী কণা,নাকৰ ঘা আৰু বহুমুত্ৰ আদি ৰোগ উপশমত ব্যৱহাৰ কৰা হয়।ই কামোদ্বীপক,হজমকাৰক,শক্তিবৰ্দ্ধক আৰু দৃষ্টিশক্তি বৰ্দ্ধক।দাঁতৰ বিষ,প্লীহা আৰু মাংসপেশীৰ বিষ,ওখহা,কঁকালৰ বিষ,বাত বেমাৰ আদিতো জলকীয়াৰ ব্যৱহাৰ হয়।বজাৰত ইয়াৰ ভাল মুল্য আৰু চাহিদালৈ চাই ব্যৱসায় ভিত্তিত ইয়াৰ খেতি কৰি খেতিয়কসকল উপকৃত হোৱাৰ লগতে নিবনুৱা যুৱক-যুৱতীসকলেও স্বাৱলম্বী হোৱাৰ থল যথেষ্ট আছে বুলি ক’ব পাৰি।এইখিনিতে জলকীয়া খেতিৰ কেইটিমান উল্লেখনীয় দিশৰ বিষয়ে আলোচনা কৰাৰ প্ৰয়াস কৰা হ’ল-

জলবায়ু আৰু মাটি:জলকীয়াৰ খেতিৰ বাবে জলীয় বাষ্পপুৰ্ণ গৰম জলবায়ু অতিকে প্ৰয়োজন।জলকীয়াৰ খেতি কৰা মাটিডৰা জৈৱিক সাৰযুক্ত আৰু সতকাই পানী ওলাই যাব পৰা হ’ব লাগে।আকৌ মাটিডৰা ওখ চানেকীয়া হোৱা অতিকৈ আৱশ্যক।এইফালৰ পৰা চালে অসমৰ মাটি আৰু জলবায়ু জলকীয়া খেতিৰ বাবে অতিকে উত্তম।

জলকীয়াৰ জাত নিৰ্বাচন আৰু পুলি প্ৰস্তুতকৰণ:অসমৰ জলকীয়াৰ খেতিৰ বাবে জাত নিৰ্বাচন অতি আৱশ্যকীয় কথা।অসমত প্ৰচলিত তথা অনুমোদিত জলকীয়াৰ উন্নত জাতসমুহ হৈছে-পন্নিউৰ ১,কল্লুভালি,বালান কট্টা,কাৰিমুণ্ডা ,কট্টানাডান আৰু আৰ্কুলাম মুণ্ডা।অৱশ্যে আমাৰ থলুৱা জাতৰ ভিতৰত সুৰ্যমুখী,আহু জলকীয়া,শালি জলকীয়া,ক’লী জলকীয়া আদিৰ খেতিও কৰা দেখা যায়।জলকীয়াৰ গুটিবোৰ (সঁচ)বজাৰৰ পৰা কিনি আনি সাধাৰণতে আহিন-কাতি মাহত বীজতলীত সিঁচি দিয়া হয়।তাৰ পিছত পুলিবোৰ অলপ ডাঙৰ হ’লে প্ৰস্তুত কৰা মাটিডৰাত শাৰী শাৰীকৈ এফুট-ডেৰফুট ব্যৱধানত ৰোপণ কৰা হয়।কিছুমানে পুলিডালৰপৰাই কলম দিও প্ৰস্তুত কৰে।তাৰ বাবে অতি কমেও তিনিটা গাঠি থকা আগ নিৰ্বাচন কৰি চোকা কটাৰীৰে কাটি ল’ব লাগে।পাতবোৰ টুকি ডালবোৰ পলিথিনৰ মোনাত মাটি ভৰাই পচাব লাগে।মাটিৰ লগত যথেষ্ট পৰিমাণৰ পচন সাৰ মিহলাই লোৱা যুগুত।মোনাটো মাটিৰে পুৰ্ণ কৰাৰ পিছত সোঁমাজতে ডালটো গুজি গুৰিটোৰ মাটিখিনি হেঁচি দিব লাগে।তাৰ পিছত অলপ পানী দি ছাঁত ৰখাৰ ব্যৱস্থা কৰিব লাগে।দুই-তিনি মাহৰ ভিতৰত পুলিত শিপা আৰু নতুন পাত ওলায় আৰু ৰুবৰ বাবে ই উপযুক্ত হৈ পৰে।এইদৰে পুলি প্ৰস্তুত কৰণৰ উপযুক্ত সময় হৈছে মাৰ্চ-এপ্ৰিল মাহ।

জলকীয়াৰ পুলি ৰোৱাৰ সময়:আগেয়ে উল্লেখ কৰাৰ দৰে ওখ চানেকীয়া মাটিডৰা প্ৰস্তুত কৰি লোৱাৰ পিছত জলকীয়া কলম দিয়া পুলিবোৰ এক-ডেৰমিটাৰ ব্যৱধানত ৰোপণ কৰা হয়।সাধাৰণতে পুলি ৰোৱাৰ সময় মে-জুন মাহ।পুলি ৰোপণৰ বাবে গাঁত খান্দি গাঁতবোৰত জৈৱিক সাৰ দিব লাগে।গাঁতবোৰত পুলিবোৰ পুতি পানী দিব লাগে।পুলিবোৰ বাঢ়ি আহিবলৈ ধৰাৰ লগে লগে ৩০ ছেণ্টিমিটাৰ ব্যৱধানত বান্ধ একোটা দি যাব লাগে।মুকলি পথাৰত কৰা জলকীয়াৰ খেতি কৰিলে খেতিডৰাত ছাঁ দিয়াৰ ব্যৱস্থা কৰিব লাগে।সেয়ে বহুতে জলকীয়া ৰোপণ  কৰিব বিচৰা মাটিডৰাৰ চৌপাশে ওখ ডাঙৰ গছ ৰোৱাৰ ব্যৱস্থা কৰে।

সাৰ প্ৰয়োগ আৰু প্ৰতিপালন:আন খাদ্য শস্যৰ দৰে জলকীয়াৰ খেতিতো সাৰ প্ৰয়োগ কৰিলে অধিক উৎপাদন পাব পাৰি।জলকীয়া খেতিত জৈৱিক সাৰ প্ৰয়োগ কৰিলে উৎপাদন ভাল হয়।ৰাসায়নিক সাৰৰ ভিতৰত ইউৰিয়া,ছুপাৰ ফছফেট আৰু মিউৰেট অব পটাচ সাৰো দিব পাৰি।জলকীয়াৰ খেতি প্ৰতিপালন কৰাটো অতি দৰকাৰ।জলকীয়াৰ গছবোৰ তলছোৱাৰ ডালবোৰ কাটি চাফা কৰি ৰাখিব লাগে।লগতে তলৰ বন-জংঘল চাফা কৰি দিব লাগে।সেইদৰে জলকীয়া গছত পোক-পৰুৱাই বাহ ল’লে সেইবোৰত ঔষধ ছটিয়াব লাগে।সম্ভৱপৰ ক্ষেত্ৰত পোকৰ বাহবোৰ হাতেৰে ছিঙি এৰুৱাই পেলাব লাগে।পোক-পৰুৱাৰ ভিতৰত পাগু বিটল নামৰ গুবৰুৱা জাতীয় পোকবিধে কুমলীয়া গুটিবিলাক খাই ফলবোৰ নষ্ট কৰি পেলায়।এইবিধ পোক নিয়ন্ত্ৰণ কৰিবৰ বাবে এণ্ডচালফান নামৰ দৰৱ পানীত মিহলাই ছটিয়াব লাগে।

ৰোগ নিয়ন্ত্ৰণ:জলকীয়াৰ গছৰ গুৰিত এবিধ ভেকুৰে সংক্ৰমিত কৰে।ফলত ২৫-৩০ ছেণ্টিমিটাৰ ওপৰত মুজুৰা পৰা গছজোপা মৰহি যায়।সংক্ৰমিত হোৱাৰ ১০-১২ দিনৰ ভিতৰত গছবোৰ মৰিবলৈ আৰম্ভ কৰে।এই ওপৰলৈ ছটিয়াব লাগে।চাব লাগে যাতে গা-গছ আৰু ঠাৰিবোৰ ভালদৰে তিতে।এই দৰবখিনি স্প্ৰে কৰিলে উক্ত ৰোগবিধৰ পৰা গছবোৰ ৰক্ষা পৰে।

চপোৱাৰ ব্যৱস্থা আৰু সংৰক্ষণ:জলকীয়াৰ ফলবোৰ পকিলে ছিঙি আনি দুই-তিনিদিন ছাঁত ৰাখি থোৱা হয়।তাৰ পিছত ৰ’দত দি শুকোৱা হয়।তাৰ পিছত উপযুক্ত পদ্ধতিৰে সংৰক্ষণ অথবা বিক্ৰীৰ ব্যৱস্থা কৰিব লাগে।

লেখক:অশ্বিনী কুমাৰ নাথ (দৈনিক অসম)

2.79166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top