অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি আৰু পৰিৱেশ :

কৃষি আৰু পৰিৱেশৰ বিষয়ে লিখা হৈছে ।

পাতনি -

আমাৰ পৃথিৱীখনত প্ৰায় ২০ লাখ বছৰ ধৰি মানুহে বসবাস কৰি আহিছে। কৃষিকাৰ্যৰ প্ৰচলন হোৱাৰ আগলৈকে আদিম মানুহে চিকাৰ কৰি পেট প্ৰৱৰ্তাইছিল। সেই সময়ত প্ৰকৃতিৰ সৈতে অছিল তেওঁলোকৰ নিবিড় সম্পৰ্ক। প্ৰকৃতিৰ বিভিন্ন উপাদানবোৰৰ মাজত থকা অপুৰ্ব সমলয়ৰ বাবে সিবোৰ আছিল মানুহ, পশু-পক্ষী আৰু অন্যান্য জীৱৰ বাবে অনুকুল। এটা ভাৰসাম্য পৰিৱেশ বৰ্তি থকাৰ ফলত আদিম মানৱ সমাজত পুষ্টিহীনতা অথবা ক্ষুধা কম আছিল আৰু মানুহৰ আয়ুসকলো বেছি আছিল। অৱশ্যে শিশুৰ মৃত্যুৰ হাৰ বেছি আছিল আৰু ফৈদবোৰৰ মাজত সঘনাই হৈ থকা যুঁজবাগৰসমুহতহে মানুহৰ বেছিকৈ মৃত্যু হৈছিল। আদিম মানৱ সমাজত জনসংখ্যা তাকৰ আছিল। তেওঁলোকৰ প্ৰয়োজন কাম আছিল। তদুপৰি তেওঁলোকে ব্যৱহাৰ কৰা প্ৰযুক্তিও আছিল অলপীয়া। প্ৰকৃতিৰ ওপৰত তাৰ প্ৰভাৱ নুন্যতম আছিল।

বিবৰ্তনৰ ফলত লাহে লাহে মানুহ কৃষিজীৱীলৈ পৰিৱৰ্তিত হ’ল। এই ব্যৱস্থা আৰম্ভ হ’ল আজিৰে পৰা প্ৰায় ৯-১০ হেজাৰ বছৰৰ পুৰ্বে। মানুহৰ অঘৰী জীৱনৰ অৱসান ঘটিল আৰু মানুহে খেতিপথাৰৰ আশে-পাশে স্থায়ীভাৱে বাস কৰিবলৈ ল’লে। কৃষিকাৰ্য আৱিষ্কাৰ হোৱাৰ পাছৰে পৰা প্ৰকৃতিৰ ওপৰত মানুহৰ অত্যাচাৰ আৰম্ভ হ’ল। সেই সময়ত হাবি কাটি আমাৰ পুৰ্ব- পুৰুষসকলে যেতিয়াই কৃষিকাৰ্যৰ বাবে মাটি মোকলাবলৈ ধৰিলে প্ৰকৃতিৰ বুকুৰ পৰাও এপদ এপদকৈ জৈৱ-বৈচিত্ৰ্য ধ্বংসৰ প্ৰক্ৰিয়ায়ো পাতনি মেলিলে। মানুহে নিজৰ প্ৰয়োজন অনুসৰি খাল খান্দিলে, ঘৰ-দুৱাৰ সাজিলে, গছ-গছনি কাটিলে, পাহাৰৰ শিলাময় ভুমি ক্ষয় কৰালে। লগে লগে প্ৰকৃতিৰ ভাৰসাম্যত আঘাত লাগিল।

জনসংখ্যা বঢ়াৰ লগে লগে মানুহে উৎপাদন বৃদ্ধিত গুৰুত্ব দিবলগা হ’ল। অত্যধিক জনসংখ্যা বৃদ্ধিয়ে জনমুৰি মাটিৰ পৰিমাণো হ্ৰাস কৰি আনিবলৈ ধৰিলে। জনসংখ্যা বৃদ্ধিৰ লগে লগে পৃথিৱীত অন্যান্য প্ৰজাতিৰ (মানুহৰ বাহিৰে) সংখ্যা কমি আহিবলৈ ধৰিছে।

পৃথিৱীত মানুহৰ সংখ্যা বঢ়াৰ লগে লগে কম মাটিত অধিক উৎপাদনৰ কথাটোও আহি পৰিল। কৃষিকাৰ্য অধিক কৰিবলৈ নিতৌ ন ন প্ৰযুক্তি কৌশল আৱিষ্কাৰ হ’বলৈ ধৰিলে। বছৰৰ পিছত বছৰ ধৰি একেডৰা মাটিত একেধৰণৰ খেতি কৰি থকাৰ ফলত অথবা একেডৰা মাটিত অধিক উৎপাদনৰ বাবে গোটেই বছৰটো খেতি কৰি থকাৰ ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পাবলৈ ধৰিলে । ইয়াৰ ফলস্বৰুপে গছ এজোপা বা শস্য এডৰাৰ বাবে প্ৰয়োজনীয় পুষ্টিদ্ৰব্য বাহিৰৰ পৰা প্ৰয়োগ কৰিবলগীয়া হ’ল। তদুপৰি, মানুহে উৎপন্ন কৰা খাদ্যশস্যৰ বহলেখিনি পোক-পৰুৱা আৰু এন্দুৰ-নিগনিয়ে খাই ধ্বংস কৰে। আকৌ শস্য মজুত ৰখা ভঁৰালঘৰতো পোক অৰু এন্দুৰ-নিগনিয়ে বুজন পৰিমাণৰ খাদ্যশস্য নষ্ট কৰে। প্ৰাপ্ত তথ্য অনুসৰি আমাৰ দেশত কীট-পতংগৰ আক্ৰমণৰ বাবে বাৰ্ষিক হিচাপত প্ৰায় ৯০,০০০ কোটি টকাৰ লোকচান হয় (২০০২)। বৰ্তমান বিশ্বত ক্ষুধাতুৰ মানুহৰ সংখ্যা অনেক। তাৰ উপৰি বৰ্ধিত জনসংখ্যাৰ প্ৰয়োজন পুৰাবলৈও আমাক অধিক উৎপাদন লাগে। গতিকে আধাসংখ্যক খাদ্যই যদি পোক-পৰুৱা, এন্দুৰ-নিগনি, অপতৃণ, ভেঁকুৰ, বেক্টেৰিয়া, শস্যকৃমি আদিয়ে ধ্বংস কৰে, মানুহ নিশ্চয়কৈ অপুষ্টিত ভোগাৰ উপৰি পৃথিৱীৰ ঠায়ে ঠায়ে ভয়াৱহ দুৰ্ভিক্ষ হ’ব। এইখিনিতে আয়াৰলেণ্ডৰ বিখ্যাত ‘আলু দুৰ্ভিক্ষ’ৰ (Irish Potato Famine) ৰ উদাহৰণ উল্লেখ কৰিব পাৰি। এবিধ ভেঁকুৰৰ দ্বাৰা সৃষ্ট ‘ডেইযোৱা’ (Late Blight Potato) বেমাৰৰ দ্বাৰা আলুৰ খেতিপথাৰসমুহ আক্ৰান্ত হৈ ১৮৪৫-১৮৪৮ চনত আয়াৰলেণ্ডত এক ভয়াবহ দুৰ্ভিক্ষৰ সুচনা হয়। এই দুৰ্ভিক্ষৰ ফলত কেইবাহাজাৰো মানুহে জীয়াই থকাৰ তাড়নাত আমেৰিকালৈ প্ৰব্ৰজন কৰিছিল। মানৱ ইতিহাসত সেয়েহে ইয়াৰ এক উল্লেখনীয় ভুমিকা আছে। গতিকে শস্য এডৰাক এনেদৰে হোৱা ধ্বংসৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ ৰাসায়নিক দৰব ব্যৱহাৰৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি।

এনেদৰে ৰাসায়নিক সাৰ, কীটনাশক দৰব নিৰ্ভৰ কৃষি ব্যৱস্থা এটাৰ জন্ম হ’ল। বৰষুণ নিৰ্ভৰশীল কৃষি পদ্ধতিৰ সলনি জলসিঞ্চন ব্যৱস্থাৰ সৃষ্টি হ’ল। কৃষি ব্যৱস্থাটো অধিক খৰতকীয়া কৰিবলৈ ট্ৰেক্টৰ, পাৱাৰটিলাৰকে ধৰি বিভিন্ন যন্ত্ৰ-পাতিৰ ব্যৱহাৰ আৰম্ভ হ’ল। কিন্তু এই আটাইবোৰ ব্যৱস্থা যিহেতু কৃত্ৰিম, অৰ্থাৎ পৰিবেশৰ বাবে আচহুৱা, সেয়েহে পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাবো ব্যাপক।

ৰাসায়নিক সাৰ আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ -

শস্য বা গছ-গছনিয়ে নিজৰ গঠন আৰু বৃদ্ধিৰ কাৰণে মাটিৰ পৰা সাৰ শুহি লয়। ফলত মাটিত সাৰৰ পৰিমাণ কমি যায়। অধিক উৎপাদনক্ষম শস্যৰ খেতি কৰিলে ই আৰু বেছিকৈ কমে। ইয়াৰ উপৰি অধিক বৰষুণৰ ফলত মাটিত থকা সাৰ পদাৰ্থৰ এক বুজন অংশ গৰাখহনীয়া হৈ বা নিগৰি যোৱা পানীৰ লগত উটি গৈ ক্ষয় হয়। এনেবোৰ কাৰণতে শস্যৰ পৰিপুষ্টি সাধনৰ বাবে সাৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা আহি পৰে। অন্যথাই শস্যৰ উৎপাদন আশানুৰুপ নহ’ব।

উদ্ভিদৰ পৰিপুষ্টিৰ বাবে ১৬ টা অত্যাৱশ্যকীয় মৌল (essential elements) আছে। সিবোৰ হ’ল: কাৰ্বন (C), হাইড্ৰজেন (H), অক্সিজেন (O), নাইট্ৰ’জেন (N), ফছফৰাছ (P), ছালফাৰ (S), পটাছিয়াম (K), কেলচিয়াম (CA), মেগনেছিয়াম (MG), আইৰণ (Fe), মেংগানিজ (Mn),জিংক (Zn), কপাৰ (Cu), মলিবডেনাম (Mo), ব’ৰণ (B) আৰু ক্ল’ৰিন (CI)। ইয়াৰে নাইট্ৰ’জেন, ফছফৰাছ, পটাছিয়াম, কেলচিয়াম, মেগনেছিয়াম আৰু ছালফাৰ- এই ছটাক মুখ্য পুষ্টিদ্ৰব্য বোলা হয়, কাৰণ উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে এইকেইটা মৌল  বেছি পৰিমাণে লাগে। ইয়াৰ ভিতৰত নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছিয়ামক ‘প্ৰধান পুষ্টিদ্ৰব্য’ আৰু কেলচিয়াম, মেগনেছিয়াম আৰু ছালফাৰক ‘গৌণ পুষ্টিদ্ৰব্য’ বোলা হয় (চৌধাৰী, ১৯৯৮)। ইয়াৰ বাহিৰেও কেতবোৰ পুষ্টি মৌল আছে। সিবোৰক ‘উপকাৰী পুষ্টি মৌল’ (BENEFICIAL ELEMENTS) বোলে। ক’বাল্ট (Co), ছ’ডিয়াম (Na), ছিলেনিয়াম (Sc), ছিলিকন (Si), গেলিয়াম (Ga), ৰুবিডিয়াম (Ru), ষ্ট্ৰনচিয়াম (Sr) আৰু এলিউমিনিয়াম (Al) আদি উপকাৰী পুষ্টি মৌল।

সাৰক তিনিটা ভাগত ভগাব পাৰি:

ক) জৈৱিক সাৰ (Organic fertilizer)

খ) অজৈৱ বা ৰাসায়নিক সাৰ (Inorganic fertilizer) আৰু

গ) জীৱসাৰ (Bio-fertilizer)

উদ্ভিদজাত আৰু প্ৰাণীজাত পদাৰ্থসমুহৰ পৰা লাভ কৰা সাৰক জৈৱিক সাৰ বোলে। যেনে- গোবৰ, মল-মুত্ৰ, পচনসাৰ, হাড়ৰ গুৰি, মাছৰ গুৰি ইত্যাদি। আনহাতে ৰসায়নগাৰত ৰাসায়নিক পদাৰ্থ হিচাপে প্ৰস্তুত কৰা সাৰক অজৈৱ সাৰ বোলা হয়। যেনে-নাইট্ৰ’জেনীয়, ফছফেটীয়া আৰু পটাছীয় সাৰ। আকৌ, কিছুমান অণুজীৱ আৰু নীলহৰিৎ শেলায়ে কিছু পৰিমাণৰ বায়ুমণ্ডলীয় নাইট্ৰ’জেন এনেকুৱা যৌগলৈ ৰুপান্তৰিত কৰে যাক উদ্ভিদে নিজৰ পুষ্টিৰ বাবে ব্যৱহাৰ কৰিব পাৰে। এই প্ৰক্ৰিয়াৰ লগত জড়িত জীৱসমুহক জীৱসাৰ বোলে আৰু প্ৰক্ৰিয়াটোক জৈৱিক নাইট্ৰ’জেন স্থিৰীকৰণ বোলা হয়।

আমাৰ দেশত সাৰৰ ব্যৱহাৰ -

ষাঠিৰ দশকৰ পৰা হাতত লোৱা নতুন কৃষি নীতিৰ ফলত ভাৰতৰ কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰ ব্যৱহাৰৰ পৰিমাণ বাঢ়িবলৈ ধৰিছে। খাদ্যশস্যৰ উৎপাদন বঢ়াবলৈ চৰকাৰেও এইক্ষেত্ৰত লক্ষ্যণীয়ভাৱে উৎসাহ প্ৰদান কৰাত সাৰৰ ব্যৱহাৰ ১৯৫০-৫১ চনৰ ৭০,০০০ টনৰ পৰা ১৯৭০-৭১ চনত অভাবনীয়ভাবে ২১,৭৭,০০ও টনলৈ বৃদ্ধি পায়। আনহাতে সাৰ ব্যৱহাৰৰ পৰিমাণ ১৯৯৯-২০০০ চনলৈ বাঢ়ি ১,৯১,৪৫,০০০ টন হয়গৈ। এই পৰিমাণ বাঢ়িহে আছে। অৱশ্যে প্ৰতি হেক্টৰত সাৰ প্ৰয়োগৰ পৰিমাণ অন্য বহুতো উন্নত দেশতকৈ কমি থকাহে পৰিলক্ষিত হৈছে। ২০০৪-০৫ চনৰ পৰিসংখ্যা মতে প্ৰতি হেক্টৰত ৬৫.০ কেজি নাইট্ৰ’জেন , ২৫.৭ কেজি ফছফৰাছ আৰু ১১.৪ কেজি (মুঠ ১০২.১ কেজি/ হেক্টৰ) পটাছ সাৰ ভাৰতৰ কৃষিভুমিত প্ৰয়োগ কৰা হয়।

সাৰ ব্যৱহাৰৰ লগে লগে শস্যৰ উৎপাদন বৃদ্ধি পাবলৈ ধৰিলে সঁচা, কিন্তু ই মানুহৰ জীৱন আৰু পৰিৱেশলৈও ভাবুকিও মাতি আনিলে। অথচ, আমাৰ দেশৰ বৰ্ধিত জনসংখ্যাৰ বাবে অধিক উৎপাদন প্ৰয়োজন হোৱাত সাৰ প্ৰয়োগ আছিল সময়ৰ একান্ত আহ্বান।

এতিয়া আমি সাৰৰ ব্যৱহাৰৰ ফলত হ’ব পৰা কেতবোৰ সমস্যাৰ বিষয়ে আলোচনা কৰিম। পৰীক্ষাৰ পৰা দেখা গৈছে যে জৈৱিক সাৰ নোহোৱাকৈ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি থাকিলে মাটিত থকা উপকাৰী জীৱাণুবোৰে লাহে লাহে কমি যাবলৈ ধৰে। ফলস্বৰুপে জৈৱিক সাৰ কম থকা বা একেবাৰে নথকা মাটিত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে প্ৰথমতে শস্যৰ উৎপাদন বৃদ্ধি পায় যদিও পাছলৈ মাটিডৰাৰ উৎপাদন ক্ষমতা হ্ৰাস পাবলৈ ধৰে। গতিকে, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে মাটিত যথেষ্ট পৰিমাণে জৈৱিক সাৰ থকাটো বাঞ্চনীয়। তদুপৰি, ৰাসায়নিক সাৰৰ পৰা সাম্ভাব্য অপকাৰখিনিৰ পৰা ৰক্ষা পাবলৈও মাটিডৰাত জৈৱিক সাৰ থকাটো প্ৰয়োজন।

ইউট্ৰ’ফিকেশ্যন প্ৰক্ৰিয়া -

কেৱল উৎপাদন বৃদ্ধিৰ ওপৰত গুৰুত্ব দি, ভৱিষৎ বিপদৰ অনুমান নকৰাকৈ শস্যক্ষেত্ৰত জধে মধে সাৰ প্ৰয়োগৰ ফলত নানান সমস্যাৰ সৃষ্টি হৈছে। শস্যক্ষেত্ৰৰ পৰা এই সাৰ প্ৰাকৃতিক নিষ্কাষণ ব্যৱস্থাই উটুৱাই নি বা বতাহৰ দ্বাৰা উৰি গৈ ওচৰৰ পানীৰ উৎসবোৰত পৰেগৈ। আৰু এইদৰে পানী দুষিত হৈ পৰে। পানীত নাইট্ৰ’জেনীয় আৰু ফছফেটীয় সাৰৰ পৰিমাণ বৃদ্ধি পালে পুখুৰী-কুঁৱা, নদ-নদী বা হ্ৰদত কেতবোৰ শেলাই জাতীয় অলাগতিয়াল উদ্ভিদ, প্ৰাণী আৰু অণুজীৱৰ জন্ম হয় আৰু এইবোৰে পানীখিনি ছানি ধৰে। ইয়াৰ ফলত পানীত থকা দ্ৰৱীভুত অক্সিজেনৰ (Dissolved Oxygen) পৰিমাণ কমি যায় আৰু পানীৰ মাছ-কাছ আৰু অন্যান্য জলজ প্ৰাণী নোহোৱা হৈ পৰে। সুৰ্যৰ পোহৰ পানীৰ ভিতৰলৈ প্ৰৱেশ কৰাত শেলুৱৈয়ে বাধা প্ৰদান কৰাৰ ফলত পানীৰ প্ৰাকৃতিক বীজাণুনাশক ক্ৰিয়া বন্ধ হয়। আনহাতে, দ্ৰৱীভুত অক্সিজেনৰ পৰিমাণ কমি যোৱাত অণুজীৱবোৰৰ ক্ৰিয়াৰ ফলত কিছুমান দুৰ্গন্ধময় আৰু বিষাক্ত পদাৰ্থৰ সৃষ্টি হয়। এই প্ৰক্ৰিয়া চলি থাকিলে পানীখিনিৰ আবিলতা (turbidity) বৃদ্ধি হৈ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু পানীৰ উৎসটো এটা ‘মৃত উৎস’ত পৰিণত হয়। এই প্ৰক্ৰিয়াটোকে ‘ইউট্ৰ’ফিকেশ্যন’ বোলা হয় (ভট্টাচাৰ্য, ১৯৯৮)

ৰাসায়নিক সাৰ আৰু ভু-গৰ্ভস্থ জল -

মাটিত থকা সৰু সৰু ৰন্ধ্ৰসমুহেদি ৰাসায়নিক সাৰ মাটিৰ অন্তৰ্ভাগত প্ৰৱেশ কৰি ভু-গৰ্ভস্থ জল প্ৰদুষিত কৰি তোলে।

নাইট্ৰ’জেনীয় সাৰৰ পৰা হ’ব পৰা বিপদ:

ক) ‘ব্লু বেবী’ ৰোগ:

খোৱাপানীত নাইট্ৰ’জেনীয় সাৰৰ পৰা উৎপন্ন ‘নাইট্ৰট’ৰ পৰিমাণ বৃদ্ধি পালে শিশু   বা  (নীলা শিশু) নামৰ এবিধ মাৰাত্মক ৰোগৰ দ্বাৰ আক্ৰান্ত হয়। ইয়াৰ ফলত মানৱ কোষৰ বাবে প্ৰয়োজনীয় অক্সিজেনৰ পৰিমাণ তেজৰ কণিকাত হ্ৰাস হয় আৰু শিশুৰ বৰণ নীলা হৈ পৰে।

খ) নাইট্ৰেট গ্ৰহণ আৰু কৰ্কট ৰোগৰ সম্ভাৱনা:

নাইট্ৰেটৰ পৰা কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা খুব বেছি। নাইট্ৰেট গ্ৰহণৰ সৈতে গ্ৰেছট্ৰিক কৰ্কট ৰোগৰ এক গাঢ় সম্পৰ্ক আছে। ভাৰতবৰ্ষৰ কৰ্কট ৰোগীৰ সংখ্যা বৰ্ধনলৈ মন কৰি খোৱাপানীত থকা নাইট্ৰেটৰ পৰিমাণ আৰু কৰ্কট ৰোগৰ সম্পৰ্ক বিস্তৰ গৱেষণাৰ স্থল আছে।

ভু-গৰ্ভস্থ জলত নাইট্ৰেট আয়নৰ পৰিমাণৰ বৰ্ধিত গাঢ়তাই বিশ্বৰ সচেতন মহলক চিন্তিত কৰি তুলিছে। নাইট্ৰ’জেনীয় সাৰৰ ক্ৰমবৰ্ধমান ব্যৱস্থাই ভু-গৰ্ভস্থ জলত এই সমস্যাৰ সৃষ্টি কৰিছে। পৰিৱেশ বিজ্ঞানীসকলে গৱেষণাৰ জৰিয়তে পাইছে যে পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ পশ্চিম অঞ্চলত ভু-গৰ্ভস্থ জলত নাইট্ৰেটৰ পৰিমাণ বৃদ্ধি হৈছে ঘাইকৈ ইয়াত অৱস্থিত বৃহৎ কৃষিপামসমুহত ব্যৱহৃত নাইট্ৰ’জেনীয় সাৰৰ বৰ্ধিত পৰিমাণৰ বাবে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, প্ৰতিলিটাৰ পানীত ৪৫ মিলিগ্ৰামতকৈ অধিক নাইট্ৰেট থাকিলে, সি খোৱাৰ অনুপযোগী হৈ পৰে। কিন্তু ভাৰতবৰ্ষৰ ভালেমান ঠাইত পানীত থকা নাইট্ৰেটৰ পৰিমাণ ইয়াতকৈ বহুত বেছি। সিপিঠিত দিয়া তালিকাত সেই কথা প্ৰমাণিত হৈছে।

তালিকা নং-১ ভাৰতবৰ্ষৰ কেতবোৰ অঞ্চলত পানীত থকা নাইট্ৰেটৰ পৰিমাণ

অঞ্চল

ৰাজ্য

নাইট্ৰেটৰ পৰিমাণ

আলিগড়

উত্তৰ প্ৰদেশ

২৭০

মীৰাট

উত্তৰ প্ৰদেশ

৬৯৪

আগ্ৰা

উত্তৰ প্ৰদেশ

২৪০

মহেন্দ্ৰগড়

হাৰিয়ানা

১৩১০

আম্বালা

হাৰিয়ানা

৯৯০

হিছাৰ

হাৰিয়ানা

৪১৯

ভাটিণ্ডা

পঞ্জাৱ

৫৬৭

চাংগ্ৰুৰ

পঞ্জাৱ

৪৩৫

 

পানীত ইমান পৰিমাণৰ নাইট্ৰেটৰ উপস্থিতিয়ে ভয়াৱহ অৱস্থা এটাৰে ইংগিত বহন কৰা নাই জানো?

গ) N2O ৰ প্ৰভাৱ:

আমি জানো যে গছ-গছনি , ঘাঁহ-বন আৰু জীৱভৰৰ দহনৰ ফলত N20  ৰ সৃষ্টি হয়। এই N20  গেছ পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ অন্যতম কাৰক। এই N20 ৰ অন্যতম উৎস হ’ল শস্যক্ষেত্ৰত ব্যৱহৃত নাইট্ৰ’জেনীয় সাৰ।

ইয়াৰ উপৰি, প্ৰয়োজনতকৈ অধিক মাত্ৰাত ব্যৱহাৰ কৰিলে শস্যৰ আৱশ্যকীয় অনুমাত্ৰিক মৌলবোৰৰ (trace elements) পৰাও মাটি দুষিত হ’ব পাৰে আৰু শস্যত বিষক্ৰিয়া সংঘটিত কৰাব পাৰে। কিছুমান ঠাইত ব’ৰন, ক্ল’ৰিন আদিৰে দুষিত হৈ থকা পানী জলসিঞ্চনৰ কাৰণে ব্যৱহাৰ কৰাত সেই অঞ্চলৰ মাটি এই পদাৰ্থবোৰেৰে দুষিত হৈ পৰিছে। আকৌ , কৃত্ৰিম ৰাসায়নিক সাৰ প্ৰয়োগত হেৰফেৰ হ’লেও মাটিৰ অপকাৰ হ’ব পাৰে।

ওপৰৰ আলোচনাৰ পৰা এই কথা স্পষ্ট হ’ল যে ৰাসায়নিক সাৰে পৰিৱেশ প্ৰদুষিত কৰি উদ্ভিদ আৰু মানৱ স্বাস্থ্যত আঘাত হানিছে। সেয়েহে ৰাসায়নিক সাৰৰ যোগেদি হ’ব পৰা সম্ভাব্য বিপদ সম্পৰ্কে আগতীয়া সচেতনতাৰ অতীৱ প্ৰয়োজন।

কীটনাশক দৰব আৰু পাৰিৱেশিক সমস্যা -

ইতিমধ্যে আমি আলোচনা কৰি আহিছোঁ যে শস্য এডৰাক বা মজুত ভঁৰালৰ খাদ্যশস্যক পোক-পৰুৱা, বেমাৰ-আজাৰ, শস্যকৃমি আৰু এন্দুৰ-নিগনিৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ কীটনাশক দৰব ব্যৱহাৰ কৰা হয়। এই কীটনাশক দৰবসমুহৰ প্ৰকৃতিও বিভিন্নধৰণৰ। যেনে-পতংগনাশক, ভেঁকুৰনাশক, বেক্টেৰিয়ানাশক, অপতৃণনাশক, শস্যকৃমিনাশক, এন্দুৰনাশক ইত্যাদি। কীটনাশক দৰবেনো কেনেদৰে পৰিৱেশৰ ওপৰত ক্ৰিয়া কৰে, সেই কথা আলোচনা কৰাৰ আগেয়ে আমাৰ দেশৰ বিভিন্ন শস্যত দেখা দিয়া কেতবোৰ কীট-পতংগ , বেমাৰ –আজাৰ আৰু অপতৃণ আদিৰ তালিকা এখন তলত দিয়া হ’ল।

তালিকা নং ২: বিভিন্ন শস্যত দেখা দিয়া কেতবোৰ কীট-পতংগ, বেমাৰ-আজাৰ, অপতৃণ আদি (আমাৰ দেশত)

পোক, পতংগ, বেমাৰ আজাৰ আদিৰ নাম

আক্ৰান্ত শস্যৰ নাম

ব্ৰাউন প্লেণ্ট হ’পাৰ(Brown Plant Hopper)

ধান

গ্ৰীণ লিফ হ’পাৰ (Green Leaf Hopper)

ধান

ৰাইচ টুংগ্ৰ’ ভাইৰাছ (Rice Tungro Virus)

ধান

পাত মেৰিওৱা পোক(Leaf roller)

ধান

লুজ স্মাট (Loose Smut)

ঘেঁহু

কাৰ্ণেল বানট (Karnal Bunt)

ঘেঁহু

ট’বেকো কেটাৰপিলাৰ (Tobacco Caterpillar

ধঁপাত, কপাহ আৰু শাক-পাচলি

পিংক বলৱাৰ্ম(Pink Bollworm)

কপাহ

হোৱাইট ফ্লাই (White Fly)

কপাহ আৰু শাক-পাচলি

পাইৰিলা (লিফ হ’পাৰ) (Pyrilla-Leaf Hopper

কুঁহিয়াৰ

ছুগাৰকেন ব’ৰাৰ Sugarcane Borer)

কুঁহিয়াৰ

মিলি বাগ (Mealy Bugs

নাৰিকল, কুঁহিয়াৰ

গ্ৰাম পড ব’ৰাৰ (Gran Pod Borer

মাহ, কপাহ আৰু শাক-পাচলি

মোৱা পোক (Aphid)

তেলজাতীয় শস্য, জলকীয়া, কল অৰু কপাহ

ডাইমণ্ড বেক মথ (Diamond Back Moth)

বন্ধাকবি আৰু ফুলকবি

ৰেড স্পাইডাৰ মাইট (Red Spider Mite)

কপাহ, মৰাপাট আৰু চাহখেতি

বৰলীয়া পোক (Fruit Fly)

আম, মধুৰি-আম অৰু কোমোৰা

মেংগো ফেলফৰমেশ্যন (Mango Malformation)

আম

আপেল স্কেব (Apple Scab)

আপেল

ৰুট নট আৰু ৰেইনফৰ্ম নিমাট’ড( Root knot and Reinform Nematodes)

শাক-পাচলি, মাহ আৰু তেলজাতীয় শস্য আদি

 

ওপৰত উল্লেখ কৰা পোক-পতংগ, বেমাৰ-আজাৰ, শস্যকৃমি আদিৰ উপৰি আৰু অনেকে আমাৰ দেশত শস্যৰ ক্ষতিসাধন কৰে। এই ক্ষতিৰ পৰিমাণ কমাবলৈয়ে প্ৰয়োগ কৰা হয় কীটনাশক দৰব। আমাৰ দেশত এই দৰব ব্যৱহাৰৰ মাত্ৰা নিতৌ বাঢ়িবই লাগিছে। এতিয়া আমি কীটনাশক ঔষধেনো কেনেদৰে পৰিৱেশৰ ওপৰত ক্ৰিয়া কৰে আলোচনা কৰিম।

কীটনাশক দৰবে কেনেদৰে পৰিৱেশ দুষিত কৰে -

আমাৰ খেতিয়কসকলে তেওঁলোকৰ খেতিপথাৰ বা কৃষিপামসমুহত জধে মধে কীটনাশক ঔষধ প্ৰয়োগ কৰে ঘাইকৈ দুটা কাৰণত-

১) অধিক উৎপাদন আৰু

২) অজ্ঞতা বা পৰিৱেশ সচেতনাৰ অভাৱৰ হেতু।

ইয়াৰ ফলত উৎপাদিত শস্য বা ফলমুলৰ ভিতৰত এই বিষাক্ত কীটনাশক সোমাই ফচলবিধ দুষিত কৰে। এনে শস্য বা ফলমুল মানুহে খোৱাৰ ফলত ই মানুহৰ শৰীৰত প্ৰৱেশ কৰে। আনহাতে কীটনাশক ঔষধ ব্যৱহাৰ কৰা কৃষিপামবিলাকত থকা ঘাঁহ বন ঘৰচীয়া জীৱ-জন্তু, যেনে- গৰু, ম’হ, ছাগলী আদিয়ে খালে সিহঁতৰ শৰীৰত এই ঔষধ প্ৰৱেশ কৰে। এনে পোহনীয়া জীৱ-জন্তু গাখীৰ বা মাংস খালে বিষাক্ত কীটনাশক দৰব গাখীৰ বা মাংসৰ যোগেদি মানুহৰ শৰীৰত প্ৰৱেশ কৰে। তদুপৰি, এনে গাখীৰ খোৱা মাতৃৰ স্তনৰ গাখীৰ যোগেদি কেচুঁৱাৰ শৰীৰতো বিষাক্ত কীটনাশক প্ৰৱেশ কৰিব। আকৌ, কীটনাশক ঔষধ ব্যৱহৃত খেতিপথাৰৰ পৰা বাগৰি যোৱা বিষাক্ত কীটনাশক প্ৰৱেশ কৰিব। আকৌ , কীটনাশক ঔষধ ব্যৱহৃত খেতিপথাৰৰ পৰা বাগৰি যোৱা বিষাক্ত পানী ওচৰৰ নদ-নদী, জান-জুৰি, পুখুৰী, কুঁৱা আদিত মিহলি হৈ খোৱাপানী দুষিত কৰে। গতিকে কীটনাশক দৰবৰ অত্যধিক আৰু অবৈজ্ঞানিক ব্যৱহাৰে মানৱ সমাজলৈ কেনেদৰে বিপদ মাতি আনিব পাৰে সি সহজে অনুমেয়।

পৰিৱেশত কীটনাশক দৰব:

কীটনাশক দৰববোৰ সাধাৰণতে মাটি, পানী আৰু শস্যত প্ৰয়োগ কৰা হয়। এক আদৰ্শ কীটনাশক দৰব প্ৰয়োগৰ নিয়ম অনুসাৰে দৰবটো যাৰ উদ্দেশ্যে প্ৰয়োগ কৰা হৈছে কেৱল তাত পৰিব লাগে আৰু মানুহ বা অন্য জীৱ-জন্তুৰ অনিষ্ট সাধন হ’ব নালাগে। কিন্তু এয়া কেতিয়াও নহয়। কীটনাশক দৰবৰ এক বুজন অংশই পৰিৱেশত ৰৈ যায় আৰু ই মাটি, পানী আৰু বায়ু প্ৰদুষিত কৰে।

কীটনাশক দৰৱে কেৱল মানুহ বা ঘৰচীয়া জীৱ-জন্তুৱেই নহয়, মাছ-কাছ, চৰাই-চিৰিকতি, স্তন্যপায়ী জীৱ, উদ্ভিদজগত আৰু বনৰীয়া জীৱ-জন্তুৰো স্বাস্থ্যৰ চৰম অপকাৰ সাধন কৰে। এইটো লক্ষ্য কৰা গৈছে যে কীটনাশক দৰৱে সমগ্ৰ পৰিৱেশতন্ত্ৰৰ ওপৰত বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে: জীৱ জন্তুৰ স্বাভাৱিক আচৰণবিধিৰ পৰিৱৰ্তন ঘটায়, গছ বা জীৱ-জন্তুৰ বৰ্ধনৰ হ্ৰাস বা বৃদ্ধি ঘটায়, জীৱ-জন্তুৰ প্ৰজনন ক্ষমতাৰ হ্ৰাস বা বৃদ্ধি কৰে, উদ্ভিদ বা প্ৰাণীৰ ৰোগ গ্ৰহণৰ ক্ষমতা বঢ়ায় আৰু অঞ্চলবিশেষে প্ৰাকৃতিক বিৱৰ্তনৰ ওপৰতো প্ৰভাৱ পেলায়।

লক্ষ্ণৌস্থ ‘ঔদ্যোগিক বিষক্ৰিয়া গৱেষণা সংস্থা’ৰ দ্বাৰা চলোৱা অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে মানুহৰ দৈনন্দিন ব্যৱহৃত খাদ্য আৰু পানীত প্ৰভুত পৰিমাণে বি এইচ চি, লিনদেন, হেপ্তাক্ল’ৰ , এণ্ড’ছালফন আৰু ডেলড্ৰিন নামৰ বিষাক্ত কীটনাশক দৰবৰ অৱশিষ্ট থাকে। য়েল বিশ্ববিদ্যালয়ৰ প্ৰখ্যাত পৰিৱেশ আঁচনিৰ প্ৰবক্তা জন ৱাগৰ     Our children’s Toxic Legacy নামৰ কিতাপখনৰ মতে খাদ্যত অৱশিষ্ট হিচাপে থকা ৩২৫ বিধ বৈধভাৱে অনুমোদিত কীটনাশক ঔষধৰ এক তৃতীয়াংশই মাৰাত্মক কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে, আন এক তৃতীয়াংশই শৰীৰৰ স্নায়ুতন্ত্ৰৰ বিকাৰ ঘটাব পাৰে। তাৰ উপৰি, গৰ্ভস্থ সন্তান বা ভ্ৰুণৰ বিকাশত, কেঁচুৱাৰ শাৰীৰিক বৃদ্ধিত আৰু গৰ্ভধাৰণৰ ক্ষমতা আদিত বিশেষ ভুমিকা লোৱা হৰম’নীয় সংকেতৰ বিকৃতি ঘটোৱাৰ অৱকাশ আছে।

কীটনাশক দৰবৰ অৱশিষ্ট ক’ত ধৰা পৰিছে:

কীটনাশক দৰবে সমগ্ৰ মানৱ সভ্যতাক ভয়ংকৰ বিপদৰ মুখলৈ ঠেলি দিছে। এতিয়া এনেকুৱা এটা অৱস্থা হৈছেগৈ যে মানৱদেহকে ধৰি মানুহে ব্যৱহাৰ কৰা সকলো সামগ্ৰীতে জীৱজগতৰ বাবে বিষাক্ত কীটনাশক দৰবৰ অৱশিষ্ট ধৰা পৰিছে। আমাৰ দেশৰ বিভিন্ন অঞ্চলত এই অৱস্থা প্ৰত্যক্ষ কৰা হৈছে (তালিকা নং ৩)

তালিকা নং ৩: কীটনাশক দৰবৰ অৱশিষ্ট ধৰা পৰা অঞ্চল

কীটনাশক দৰবৰ অৱশিষ্ট ক’ত ধৰা পৰিছে

কীটনাশক দৰবৰ অৱশিষ্ট ধৰা পৰা অঞ্চল

মানুহৰ চৰ্বী

আহমেদাবাদ, কলিকতা, দিল্লী, লক্ষ্ণৌ

মাতৃদুগ্ধ

আহমেদাবাদ, লক্ষ্ণৌ,চণ্ডীগড় আৰু দিল্লী

মাছ

মুম্বাই

মানুহৰ তেজ

কইম্বাটোৰ, দিল্লী আৰু জয়পুৰ

ভেঁৰাৰ মাংস

জয়পুৰ আৰু শ্ৰীনগৰ

কণী

মুম্বাই আৰু লক্ষ্ণৌ

মাখন

হিছাৰ, চণ্ডীগড়, দিল্লী, লক্ষ্ণৌ, লুধিয়ানা আৰু পণ্টনগৰ

ঘি

লক্ষ্ণৌ, পণ্টনগৰ আৰু লুধিয়ানা

শিশুৰ বাবে প্ৰস্তুত গাখীৰ

মুম্বাই, চণ্ডীগড় আৰু গুজৰাট

ছাগলী আৰু ম’হৰ মাংস

লক্ষ্ণৌ

জন্তুৰ চৰ্বী আৰু তেল

কলিকতা

বনস্পতি

দিল্লী, লক্ষ্ণৌ আৰু ছিটাপুৰ

মাটি

চিকমাগালোৰ, দিল্লী আৰু পণ্টনগৰ

খোৱাপানী

লক্ষ্ণৌ

বায়ু

আহমেদাবাদ

 

এইবোৰৰ উপৰি বিভিন্ন খাদ্যশস্যত কীটনাশক দৰবৰ অৱশিষ্ট ধৰা পৰিছে। এই বিষয়ে চলোৱা এটা জৰীপৰ ফলাফল তলৰ তালিকাত দিয়া হ’ল।

তালিকা নং ৪ ৰ পৰা এইটো প্ৰতীয়মান হৈছে যে কীটনাশক দৰবে আমাৰ চৌকাষৰ পৰিৱেশ সমুলি বিনষ্ট কৰি বিশ্বৰ সন্মুখত প্ৰত্যাহ্বানৰ ৰুপত দেখা দিছে।

কীটনাশক দৰব আৰু কৰ্কট ৰোগ -

উদ্যোগশীল দেশবোৰত হোৱা অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে কৰ্কট ৰোগৰ বৰ্ধিত হাৰৰ সৈতে কীটনাশক দৰবৰ এক নিবিড় সম্পৰ্ক আছে। কীটনাশক দৰবে কৰ্কট ৰোগৰ ক্ষেত্ৰত দুইধৰণে ক্ৰিয়া কৰে-

১) প্ৰত্যক্ষ ক্ৰিয়া: কীটনাশক দৰবে নিজেই কৰ্কট ৰোগৰ সৃষ্টি কৰে অথবা

২) পৰোক্ষ ক্ৰিয়া: কীটনাশক দৰবে ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা হ্ৰাস কৰি কৰ্কট ৰোগ বঢ়াই তোলে।

কীটনাশক দৰব আৰু অন্যান্য ৰোগ:

কিছুমান কীটনাশক দৰবে ছালৰ বেমাৰৰ সৃষ্টি কৰে। তদুপৰি এজমা, এলাৰ্জিক ৰাইনিটিছ (immune system) আদি ৰোগ ৰো অন্যতম কাৰক এই ঔষধসমুহ।

কীটনাশক দৰব আৰু ৰোগ-প্ৰতিৰোধকাৰী ক্ষমতা -

ইমানদিনে বিজ্ঞানীসকল কীটনাশক ঔষধৰ পৰা কৰ্কট অথবা স্নায়ৱিক ৰোগ হ’ব পৰাৰ সম্ভাৱনাৰ বিষয়েহে অৱগত আছিল। কিন্তু শেহতীয়া গৱেষণাই প্ৰমাণ কৰিছে যে কীটনাশক দৰবে প্ৰাণীৰ ৰোগ প্ৰতিৰোধকাৰী (immune system) ক্ষমতাও কমাই পেলায়। মুলত: কৃষি নিৰ্ভৰশীল উন্নয়নশীল দেশসমুহত কীটনাশক দৰবে ভয়ংকৰ ৰুপত দেখা দিছে, কাৰণ এই দেশসমুহত-

১) উন্নত দেশত বন্ধ কৰি দিয়া দৰবসমুহ এতিয়াও ব্যাপক ৰুপত ব্যৱহৃত হৈ আছে।

তালিকা নং-৪ : বিভিন্ন খাদ্যশস্যত কীটনাশক দৰবৰ অৱশিষ্ট

খাদ্যশস্য

স্থান

পৰীক্ষা কৰা নমুনাৰ সংখ্যা

অৱশিষ্ট ধৰাপৰা নমুনাৰ সংখ্যা

অৱশিষ্টৰ পৰিমাণ (ppm)

কীটনাশক দৰবৰ নাম

ঘেঁহু

লুধিয়ানা

দিল্লী

পণ্টনগৰ

 

৫৪

 

১৫০

১৫

১৭

১৩

৪-৭৬

৭৪

০.০৭-৭

০.০৫

০.৪১

 

DDT BHC

BHC

BHC+DDT

DDT

ধানজাতীয় শস্য

হায়দৰাবাদ

৭৭

৩৪

২২

*Tr-০.৮

*Tr-৮.০

DDT

BHC

ধান

হায়দৰাবাদ

৯-১৬

DDT

মাহজাতীয় শস্য

হায়দৰাবাদ

১২

১২

*Tr-০.৫

DDT

তেলজাতীয় শস্য

দিল্লী

১৫

১৫

২.২-৩.১

DDT

তেল

আলু

দিল্লী

হায়দৰাবাদ

১৪

১৫

১৪

১১.৬-১৩.৯

১.০

৩.০, ২.০

DDT

DDT,Endrin

DDT,Endrin

বিন

হায়দৰাবাদ

০.৪

DDT

 

বেঙেনা

হায়দৰাবাদ

২১

১৩

০.২

২.০

০.০৮-৮.০

DDT

Heptachlor

DDT

বন্ধাকবি

হায়দৰাবাদ

সামান্য

০.১

০.১,০.২

DDT

Endrin

DDT, Endrin

অন্যান্য শাক-পাচলি

হায়দৰাবাদ

১৫৯

৭১

সামান্য-০.৫

DDT,BHC

 

২) জনসংখ্যা বাঢ়ি অহালৈ লক্ষ্য কৰি অধিক উৎপাদনৰ বাবে কীটনাশক ঔষধৰ ব্যৱহাৰ প্ৰতিদিনে বাঢ়ি আহিছে আৰু

৩) কীটনাশক ঔষধৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ কম আৰু খেতিয়ক সকলৰো ইয়াৰ ব্যৱহাৰ সম্পৰ্কে কোনোধৰণৰ প্ৰশিক্ষণ নাই।

আকৌ, উন্নয়নশীল দেশসমুহত বৃহৎ সংখ্যক মানুহ অস্বাস্থ্যকৰ পৰিৱেশত বাস কৰে আৰু এওঁলোকৰ সৰহ সংখ্যকেই অপুষ্টিজনিত ৰোগত ভোগাৰ ফলত এনেয়েও ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা কমি থাকে। তদুপৰি, সৰ্বসাধাৰণ ৰাইজ শ্বাসৰোগ আৰু ‘গেষ্ট্ৰোইনটেচাইনেল ইনফেকশ্যন’ৰ দ্বাৰা আক্ৰান্ত। এইবোৰ কাৰণত কীটনাশক ঔষধ এওঁলোকৰ বাবে আৰু বেছি ক্ষতিকাৰক হৈ উঠাৰ সম্ভাৱনা প্ৰকট।

কীটনাশক দৰবে মানৱ দেহৰ বিভিন্ন স্থানত ক্ৰিয়া কৰি ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা কমাই পেলায় (চিত্ৰ নং ৪)। ইয়াৰ উপৰি, অন্যান্য প্ৰাণীদেহৰ ৰোগ প্ৰতিৰোধকাৰী ক্ষমতাৰ ওপৰত ইয়াৰ প্ৰভাৱ ব্যাপক। বিভিন্ন পৰীক্ষাৰ পৰা এই কথা প্ৰমাণিত হৈছে।

পৰীক্ষাসমুহ-

১ নং পৰীক্ষা:

তাহানিৰ ছোভিয়েট দেশৰ উজেবেকিস্তানৰ কপাহ খেতিত হাৰত কীটনাশক দৰব ব্যৱহাৰ কৰা হৈছিল। এটা পৰীক্ষাৰ অন্তত দেখা গ’ল যে কপাহ খেতি কৰা এই অঞ্চলৰ মানুহৰ শ্বাস, পেট আৰু বৃক্কৰ ৰোগ কপাহ খেতিত কীটনাশক দৰব কমকৈ ব্যৱহৃত অঞ্চলতকৈ বেছি হৈছে। উসাহৰণস্বৰুপে চমৰ খণ্ডত, য’ত কীটনাশক ঔষধ কমকৈ ব্যৱহাৰ কৰা হৈছিল, তাত বিভিন্ন সংক্ৰামক আৰু বৃক্কৰ ৰোগ ১.৬ শতাংশ মানুহৰ হোৱাৰ বিপৰীতে কীটনাশক দৰব বেছিকৈ ব্যৱহৃত অঞ্চলত এই ৰোগ ৭.৯ শতাংশ হোৱা দেখা গৈছিল। কীটনাশক দৰব বেছিকৈ ব্যৱহৃত অঞ্চলৰ শিশুসকলৰ ওপৰত চলোৱা আন এটা অধ্যয়নৰ পৰা গম পোৱা গৈছে যে কীটনাশক দৰব আৰু পেটৰ ৰোগৰ এক গভীৰ আৰু পোনপটীয়া সম্পৰ্ক আছে। এই দৰবে আগতে হৈ থকা ‘টিবি’ জাতীয় ৰোগো বঢ়াই তোলে, ঘাইকৈ ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা হ্ৰাস কৰি। কীটনাশক দৰবৰ ক্ৰিয়াই ৰোগ প্ৰতিৰোধকাৰী কোষৰ পৰিমাণ আৰু কামত ব্যাঘাত জন্মায়।

২ নং পৰীক্ষা:

নব্বৈৰ দশকত ভুমধ্য সাগৰ, উত্তৰ সাগৰ আৰু উত্তৰ আটলাণ্টিক সাগৰত বিস্ময়জনকভাৱে ‘ডলফিন’ৰ মৃত্যু হোৱাত ই সুধীমহলৰ দৃষ্টি আকৰ্ষণ কৰে। কাৰণ নিৰ্ধাৰণ কৰাৰ পাছত গম পোৱা গ’ল যে এবিধ ভাইৰাছৰ দ্বাৰা সংঘটিত ইনফেকশ্যনৰ ফলত ডলফিনবোৰৰ মৃত্যু হৈছে। অথচ সাধাৰণতে, এই সাগৰীয় স্থন্যপায়ীটোৱে এইধৰণৰ আক্ৰমণ প্ৰতিহত কৰিব পাৰে। এজন ব্ৰিটিছ পশু চিকিৎসকৰ মতে, এনেধৰণৰ মহামাৰী যোৱা এশ বছৰে সংঘটিত হোৱা নাছিল। শেষত বিজ্ঞানীসকল এই সিদ্ধান্তলৈ আহিল যে প’লিক্ল’ৰিনেটেড বাইফিনাইল (Polychlorinated biphenyls), অ’ৰেগেনো ক্ল’ৰিন (Organochlorine) নামৰ কীটনাশক দৰব আৰু অন্যান্য কিছুমান প্ৰদুষকৰ কাৰণে ডলফিনবোৰে ৰোগ প্ৰতিৰোধীকাৰী ক্ষমতা হেৰুৱাই ভাইৰাছবিধ প্ৰতি অধিক সংবেদনশীল হৈ পৰে।

৩ ন্ং পৰীক্ষা:

কপাহ খেতিত নিয়োজিত ভাৰতীয় কৃষক কিছুমানৰ ওপৰত চলোৱা অধ্যয়নৰ পৰা গম পোৱা গৈছে যে কীটনাশক দৰবে মানৱ দেৱৰ ক্ৰ’ম’জম ধ্বংস কৰে।

কীটনাশক দৰবসৃষ্ট অন্যান্য সমস্যা -

ক) কীটনাশক দৰব প্ৰতিৰোধ সমস্যা:

কোনো এটা কীটৰ বিৰুদ্ধে কোনো এটা কীটনাশক দৰব সঘনাই প্ৰয়োগ কৰি থাকিলে সেই কীটটোৱে প্ৰয়োগ কৰা কীটনাশক দৰববিধৰ প্ৰতি প্ৰতিৰোধৰ ক্ষমতা অৰ্জন কৰে। ফলত, পাছলৈ সেই কীটনাশক দৰবৰ দ্বাৰা উক্ত কীটটো নিয়ন্ত্ৰণ কৰিব নোৱৰা অৱস্থা এটাৰ সৃষ্টি হয়। ইয়াকে ‘কীটনাশক দৰব প্ৰতিৰোধ সমস্যা’ বোলা হয়।তলত তাৰে কেইটামান উদাহৰণ দিয়া হ’ল-

তালিকা নং ৫: কীটনাশক দৰবৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা

শস্যৰ পোক-পতংগ/ কীট

কোনবোৰ কীটনাশকৰ দৰবৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা অৰ্জন কৰিছে

ৱাটাৰনাট বিটল (Water nut beetle)

HCH, DDT ক্ল’ৰডেন, এলড্ৰিন, আইছ’ড্ৰিন ইত্যাদি।

ট’বেকো কেটাৰ পিলাৰ(Tobacco catter pillar)

HCH, DDT এণ্ডছালফন, মালাথিয়ন, পাইৰিথ্ৰাম, লিনদেন ইত্যাদি

ডইমণ্ড বেক মথ (Diamond Back Moth)

DDT, HCH, পাৰাথিয়ান, ফেনট্ৰ’থিয়ন, মালাথিয়ন, কুইনলফছ ইত্যাদি

মাষ্টাৰ্ড এডিফ(Mustard Aphid)

মালাথিয়ন,DDVP, HCH  লিনডেন ইত্যাদি

ৰাইচ উইভিল (Rice Weevil)

মালাথিয়ন, লিনডেন ফছফাইন, ইত্যাদি

শ্ব টুথেড গ্ৰেইন বিটল(Saw toothed grain beetle)

মালাথিয়ন, লিনডেন ইত্যাদি

 

খ) অনিষ্টকাৰী কীটৰ পুনৰুজ্জীৱন (Pest Ressurgence):

সাধাৰণতে প্ৰাকৃতিক পৰিৱেশত কোনো এক কীটৰ দ্বাৰা শস্য এডৰা যাতে অৰ্থনৈতিকভাৱে লোকচানৰ সন্মুখীন নহয়, তাৰ বাবে সেই কীটটো নিয়ন্ত্ৰণ কৰিবলৈ অন্য কেতবোৰ ‘প্ৰাকৃতিক শত্ৰু’ (natural enemy) থাকে। সেইবোৰে যিহেতু সেই কীটটোৰ ওপৰতে জীৱননিৰ্বাহ কৰে, গতিকে প্ৰাকৃতিকভাৱেই কীটটো নিয়ন্ত্ৰণত থাকি শস্যডৰাক অৰ্থনৈতিক লোকচানৰ মুখৰ পৰা ৰক্ষা কৰি থাকে। কিন্তু কীটনাশক দৰবৰ ব্যাপক প্ৰয়োগৰ ফলত কেতিয়াবা সেই ‘প্ৰাকৃতিক শত্ৰু’(Natural enemy) বোৰ মৰি যোৱাত অনিষ্টকাৰী কীটটোৰ পুনৰুজ্জীৱন হয় আৰু ই সংখ্যাত বাঢ়িবলৈ ধৰে। ফলস্বৰুপে শস্যডৰাৰ ওপৰত ইয়াৰ আক্ৰমণো বৃদ্ধি পায়, আৰু শস্যডৰা অৰ্থনৈতিকভাৱে লোকচানৰ মুখামুখি হ’বলগাত পৰে। উদাহৰণ হিচাপে, ধানত দেখা দিয়া অনিষ্টকাৰী পোক ‘ব্ৰাউন প্লেণ্ট’ হ’পাৰ(Brown Plant Hopper) নিয়ন্ত্ৰণ কৰিবলৈ সাধাৰণতে ডেল্টামেথৰিন (Deltamenthrin) নামৰ দৰব ব্যৱহাৰ কৰা হয়। কিন্তু এই দৰবৰ সঘন প্ৰয়োগৰ ফলত ‘ব্ৰাউন প্লেণ্ট হ’পাৰ’ৰ পুনৰুজ্জীৱন হোৱা পৰিলক্ষিত হয়, ঘাইকৈ ইয়াৰ ‘প্ৰাকৃতিক শত্ৰু’বোৰ মৰি যোৱাৰ ফলত। কটন বা কপাহ গছত দেখা দিয়া ‘বগা মাখি’ (White Fly) আৰু এফিড’ৰ (Aphid) ক্ষেত্ৰতো ‘Synthetic Pyrethroid’  নামৰ দৰব সঘনাই প্ৰয়োগৰ ফলত ‘কটন এফিড’ৰ (Cotton Aphid) পুনৰুজ্জীৱন হোৱা দেখা গৈছে।

কীটনাশক দৰবৰ ব্যৱহাৰ আৰু আমাৰ দেশ -

আমাৰ দেশত কীটনাশক দৰবৰ ব্যৱহাৰ প্ৰতিবছৰে বাঢ়ি আহিছে। ভাৰতবৰ্ষৰ কীটনাশক ঔষধ প্ৰস্তুতকাৰী উদ্যোগসমুহৰ উৎপাদন ক্ষমতা প্ৰতিবছৰত ১,১৬,০০০ টন। ১৯৯৩-৯৪ বছৰটোত ভাৰতবৰ্ষই কেৱল কৃষিক্ষেত্ৰতেই প্ৰায় ৮৩,০০০ টন কীটনাশক ঔষধ খৰচ কৰিছিল। প্লেনিং কমিছনৰ এটি অধ্যয়নত এইটো দেখুওৱা হৈছে যে ভাৰতে ২০০০ চনত মুঠ ১,১৮,০০০ টন কীটনাশক ঔষধ খৰচ কৰিছে। ইয়াৰে কৃষিক্ষেত্ৰত ৯৭,০০০ টন আৰু জনস্বাস্থ্য শিতানত ২১,০০০ টন। বৰ্তমান আমাৰ দেশত হেক্টৰে প্ৰতি ৩৮০ গ্ৰাম কীটনাশক দৰব ব্যৱহাৰ কৰা হয়।

কীটনাশক ঔষধৰ ভয়াৱহতাৰ কথা চিন্তা কৰিয়েই পশ্চিমীয়া উন্নত দেশবিলাকত বুজন পৰিমাণৰ এনেকুৱা মাৰাত্মক কীটনাশক দৰবৰ উৎপাদন আৰু ব্যৱহাৰ কেতিয়াবাই বন্ধ কৰি দিছে। অথচ ভাৰতবৰ্ষত পশ্চিমীয়া দেশত বন্ধ কৰি দিয়া ঔষধসমুহ এতিয়াও বহুলভাৱে ব্যৱহাৰ কৰি থকা হৈছে। তলত তাৰে এখন তালিকা দিয়া হ’ল-

তালিকা নং ৬: পশ্চিমীয়া দেশত বন্ধ/ সীমিত কৰি দিয়া অথচ ভাৰতত চলি থকা কীটনাশক ঔষধসমুহ (১৯৯৪-৯৫) ( টন হিচাপত)

 

কীটনাশক দৰব

কৃষিক্ষেত্ৰত ব্যৱহাৰ

জনস্বাস্থ্য শিতানত ব্যৱহাৰ

বি এইচ চি

২৪,০০০

৬৩০৫.০০

কাৰ্ব’ফুৰান

২৮০

 

ডি ডি টি

 

৮১৮১.২৫

২,৪- ডি

 

১২০০.০০

ডাইক্ল’ৰভছ (DDVP)

১,৫০০

 

ডাইমিথ’ৱেট

১,৯০০

 

এণ্ড’ছালফন

৪,৬০০

 

লিনডেন

৫০

 

মিথাইল পেৰাথিয়ন

২,৬০০

 

ম’ন’ক্ৰ’ট’ফছ

৬,২৯৬

 

মেনক’জেৱ

৪,০০০

 

পাৰাকুৱেট

৪০০

 

গ) কীটনাশক দৰব আৰু মাটিত থকা অণুজীৱ:

মাটিত থকা অণুজীৱবোৰে মাটিৰ উৰ্বৰতা শক্তি বৰ্ধন কৰা উপৰি মাটিৰ জলসংৰক্ষণ ক্ষমতাত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আছে। উদাহৰণস্বৰুপে, মাহজাতীয় শস্যৰ শিপাত এবিধ বেক্টেৰিয়াই বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন সংগ্ৰহ কৰি মাটিত নাইট্ৰ’জেনীয় সাৰ যোগান ধৰে। কিন্তু কীটনাশক দৰব প্ৰয়োগৰ ফলত এই অণুজীৱবোৰৰ সংখ্যা আৰু কাৰ্যত বিৰুপ প্ৰভাৱ পৰিলক্ষিত হয়। কীটনাশক দৰৱে অণুজীৱবোৰ ধ্বংস কৰি মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস কৰে। তদুপৰি, মাটিৰ জলসংৰক্ষণ ক্ষমতাও কমি যোৱা পৰিলক্ষিত হয়।

ঘ) ভেকুঁৰনাশক আৰু মাটিত থকা অণুজীৱ:

শস্যক ভেঁকুৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ সাধাৰণতে বীজ, মাটি পাতত ভেঁকুৰনাশক ঔষধ প্ৰয়োগ কৰা হয়। কিন্তু দেখা গৈছে যে সময়ত এই দৰব যিবিধ ভেঁকুৰৰ বিৰুদ্ধে প্ৰয়োগ কৰা হয়, তাৰ বাহিৰে আন বেলেগ অণুজীৱও আক্ৰান্ত হয়। তাৰ উপৰি, কেতবোৰ ভেঁকুৰনাশকে অণুজীৱৰ সংখ্যাৰ হ্ৰাস বা বৃদ্ধিও ঘটোৱা পৰিলক্ষিত হৈছে। পিঁয়াজৰ খেতি কৰা মাটি এডৰা ‘বিন’ মিল’ নামৰ দৰবেৰে শোধন কৰাৰ পাছত দেখা গ’ল যে মাটিত কেতবোৰ ৰোগজনকৰ (Pathogen) সংখ্যা দুগুণ ব্ৰিদ্ধি পাইছে, আনহাতে, কিছুমান নাইকীয়া হৈ গৈছে আৰু কিছুমান সংখ্যা আগতকৈ কমি গৈছে (তালিকা নং ৭)

তালিকা নং ৭: বিন’মিলৰ দ্বাৰা পৰিশোধিত মাটিত ভেঁকুৰৰ সংখ্যা:

বিভিন্ন প্ৰজাতিৰ সংখ্যা

ভেঁকুৰৰ সংখ্যা

অপৰিশোধিত মাটি

পৰিশোধিত মাটি

ফাইক’মাইছেটিছ

এছক’মাইছেটিছ

বেছিডিঅ’মাইছেটিভ

হাইফ’মাইছেটিছ

৫৪

৩৯

মাইচেলিয়া ষ্টেৰিলিয়া

সৰ্বমুঠ

৭১

৫১

 

ভেঁকুৰনাশক দৰব আৰু কেঁচুৰ ওপৰত ইয়াৰ প্ৰভাৱ -

কেঁচু কৃষকৰ পৰম বন্ধু। কেঁচুৰ উপকাৰৰ কথা আমি সকলোৱে জানো। কেঁচুৱে অমটি উৰ্বৰতা শক্তি বৃদ্ধি কৰে। কিন্তু পৰীক্ষাৰ পৰা প্ৰমাণ পোৱা গৈছে কেতবোৰ ভেঁকুৰনাশক দৰৱে মাটিত থকা কেঁচুৰ সংখ্যাত আঘাত পৰে। আনকি কেঁচুৰ কিছুমান প্ৰজাতি সেই ভেঁকুৰনাশক দৰব প্ৰয়োগ কৰা মাটিৰ পৰা সম্পুৰ্ণৰুপে নাইকীয়া হৈ যায়। অকল কৃষকৰ বাবেই নহয়, সমগ্ৰ পৰিৱেশৰ ভাৰসাম্য ৰক্ষাৰ বাবেও ই চিন্তনীয় বিষয় হৈ পৰিছে। কেঁচুৰ ওপৰত ভেঁকুৰনাশক প্ৰভাৱ সম্পৰ্কে তলত এখন তালিকা (তালিকা নং ৮) দিয়া হ’ল-

জলসিঞ্চন ব্যৱস্থা আৰু পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ:

আধুনিক কৃষি ব্যৱস্থাৰ অন্যতম প্ৰধান উপাদান হ’ল জলসিঞ্চন ব্যৱস্থা। অধিক উৎপাদন পাবলৈ যিদৰে আমাক অধিক উৎপাদনক্ষম শস্যৰ জাত আৰু ৰাসায়নিক সাৰ লাগে, তেনেদৰে জলসিঞ্চন ব্যৱস্থাৰ যোগেদি উপযুক্তভাৱে জলব্যৱস্থাপনা কৰিব লাগিব। গতিকে বিশ্বৰ উন্নত দেশসমুহত জলসিঞ্চন ব্যৱস্থা আৰু লগতে জলবিদ্যুৎ প্ৰকল্পসমুহে পানীৰ বিভিন্ন উৎসবোৰৰ ঘাই গ্ৰাহক হিচাপে ভুমিকা গ্ৰহণ কৰি আহিছে। কিন্তু দেখা গৈছে যে জলসিঞ্চনৰ বাবে নৈৰ পানী কামত খটুওৱাৰ ফলত পানীৰ স্বাভাৱিক সোঁত বাধাপ্ৰাপ্ত হৈ চাৰিওকাষৰ পৰিৱেশৰ ওপৰত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰে। নৈৰ পানীত থকা বিভিন্ন জলজ প্ৰাণীসমুহৰ উপৰি মানুহো ক্ষতিগ্ৰস্ত হয়। জলসিঞ্চন ব্যৱস্থাৰ ফলত ৰাসায়নিক সাৰ, কীটনাশক দৰব আদি খেতিপথাৰৰ পৰা অন্য ঠাইলৈ উটি গৈ পানী আৰু স্থল প্ৰদুষিত কৰে। অনুন্নত জলসিঞ্চন ব্যৱস্থাই ভুমিক্ষয়ত অৰিহণা যোগোৱাৰ উপৰি ঠায়ে ঠায়ে মেলেৰিয়া প্ৰাদুৰ্ভাৱত হাত উজান দিছে। কেতবোৰ ঠাইত পানীবন্ধ অৱস্থাৰ সৃষ্টি কৰি মানুহ তথা অন্য জীৱজন্তুৰ দেহলৈ নানান ৰোগৰ সংক্ৰমণ হোৱাত অৰিহণা যোগাইছে।

কেঁচুৰ প্ৰজাতি

বিন’মিল প্ৰয়োগ কৰা মাটি

থিয়’ফেনেট মিথাইল প্ৰয়োগ কৰা মটি

দৰব প্ৰয়োগ নকৰা মাটি

বিন’মিল প্ৰয়োগ কৰা মাটি

থিয়’ফেনেট মিথাইল প্ৰয়োগ কৰা মাটি

দৰব প্ৰয়োগ নকৰা মটি

এল.টেৰেষ্ট্ৰিছ

৭.০০

৩৪.৫৬

এল. কাছটানিয়াছ

০.৭৬

২.২৮

০.২৮

০.৬০

এল. ফেষ্টিভাছ

০.৩৬

০.৬০

০.৩৬

০.৭০

লুম্ব্ৰিকাছ-ইমমেচিঅ’ৰ

১.২০

২.১২

০.২৩

১.০৪

এল.ৰুবেলাছ

১.৬৮

০.৬০

৩.৫৬

১.৫২

০.৩৬

৩.০০

এ.কেলিজিন’ছা

১.৯৬

৫.৪৪

০.৬০

২.৪৮

এ.ক্ল’ৰ’টিকা

০.৭৬

০.২৪

এ লংগা

১.৭৪

০.৬০

৩.৪৪

২.১৪

০.৪৮

৬.৩৬

এ’ৰজি

১.৬৪

১.৯৬

২.৪৮

০.৩৬

০.৪৪

০.৮৮

এ.টিউবাৰকুলাটা

০.৭৬

১৭.২৪

০.৩৬

১২.৩৬

এলোলোব’ফ’ৰা ইমমেচি’অৰ

১৩.০৩

১.৯৬

৪৯.৮৪

৩.৬২

০.৪৪

১৩.৪৬

মুঠ প্ৰজাতি

২২.৭৪

৫.৪৮

৯৪.৭৬

৯.০১

২.০৮

৭৫.৬৮

 

জলসিঞ্চনৰ লগে লগে জলবিদ্যুৎ উৎপাদন কৰিবলৈ নদী উপত্যকাৰ সুবিধাজনক ঠাইত সজা বৃহৎ বান্ধবোৰে নামনি অঞ্চলৰ মানৱ সভ্যতা তথা অন্য জীৱজগতৰ ওপৰতো বিৰুপ প্ৰভাৱ পেলাইছে। উদাহৰণস্বৰুপে কেৰেলাৰ ‘চাইলেণ্ট ভেলী’ত সাজিবলৈ লোৱা বৃহৎ নদীবান্ধ আঁচনিৰ বিৰোধিতা কৰি ব্যাপক আন্দোলন গঢ়ি তোলা হৈছিল ঘাইকৈ এই উপত্যকাৰ চিৰসেউজ বনাঞ্চল আৰু প্ৰাণীজগতক ৰক্ষা কৰিবলৈয়ে। বৃহৎ বান্ধৰ সৈতে জড়িত অনেক সমস্যা আছে। কাৰণ বান্ধ এটা সাজোঁতে বহুসময় লাগে। এই সময়ছোৱাত বান্ধ সাজিবলৈ প্ৰয়োজন হোৱা বিভিন্ন যন্ত্ৰপাতি আৰু সামগ্ৰীসমুহ কঢ়িয়াই নিওঁতে ৰাস্তা নিৰ্মাণ কৰিবলগা হয়। ফলস্বৰুপে বৃহৎ বনাঞ্চল ধ্বংসপ্ৰাপ্ত হয়। তদুপৰি, যন্ত্ৰপাতিত তথা মানুহৰ আহে-যাহে নীৰৱ অঞ্চলত এক হুলস্থুলীয়া পৰিৱেশৰো সৃষ্টি কৰে। শ্ৰমিকসকলেও তেওঁলোকৰ প্ৰয়োজনীয় ইন্ধনৰ বাবে বনাঞ্চলৰ ওপৰতেই নিৰ্ভৰ কৰাত অঞ্চলটোৰ পৰা বহুতো মুল্যৱান গছ- গছনিৰ কাললৈ বিলুপ্তি ঘটে। আকৌ, কিবা প্ৰাকৃতিক কাৰণত যদি বান্ধ ভাঙি যায়, তেন্তে বান্ধৰ পানীৰ প্ৰচণ্ড হেঁচাত মানুহ আৰু অন্য জীৱ-জন্তুৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ আশংকা থাকে। এনেবোৰ কাৰণতে অৰুণাচলত নিৰ্মাণ হ’বলগা অনেক নদীবান্ধ আঁচনিৰ বিৰোধিতা কৰিবলৈ অসমৰ ৰাইজ ওলাই আহিছে।

খেতিপথাৰৰ মাটি লৱণসিক্ত হৈ পৰাটো জলসিঞ্চন ব্যৱস্থাৰেই অন্য এক কুফল। কেতবোৰ ঠাইত গভীৰ নলীনাদ খান্দি পাম্পৰ সহায়ত ভু-গৰ্ভস্থ পানী জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰা ফলত মাটিৰ তলত জলস্তাৰ বহু তললৈ নামি যোৱাত কুঁৱা, সাধাৰণ নলীনাদ আদিত পানী শুকাই কৃত্ৰিম খৰাং অৱস্থাৰ সৃষ্টি কৰি সেই অঞ্চলৰ জনসাধাৰণৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে।

অৱশ্যে এনবোৰ অসুবিধা সত্ত্বেও শস্যত উপযুক্ত পৰিমাণে জল ব্যৱস্থাপনা কৰিবলৈ আমাক জলসিঞ্চন লাগিবই। সেয়েহে বিজ্ঞানীসকলে মাটিৰ ওপৰৰ পানীভাগৰ সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। তদুপৰি, জীৱজগতৰ হানি নকৰাকৈ কিদৰে জলসিঞ্চন কৰিব পাৰি, সেই বিষয়ে নানান চিন্তা-চৰ্চাও নোহোৱাকৈ থকা নাই। সম্পুৰ্ণ পৰিৱেশবাহিত জল ব্যৱস্থাপনাইহে মানৱ সভ্যতাক ৰক্ষা কৰিব পাৰিব।

অধিক উৎপাদনক্ষম আৰু হাইব্ৰিড সঁচৰ পৰা হোৱা বিপদ -

কম মাটিত অধিক উৎপাদন কৰিবলৈ বৰ্তমানে অধিক উৎপাদনক্ষম শইচৰ সঁচ অথবা হাইব্ৰিড সঁচৰ ওপৰত গুৰুত্ব দিয়া দেখা গৈছে। কিন্তু এই সঁচবোৰে পৰিৱেশৰ ওপৰত বিৰুপ প্ৰভাৱ পেলায়। কাঠমাণ্ডুত (১-৩ নৱেম্বৰ’ ৯৮) অনুষ্ঠিত হৈ যোৱা ক্ৰিষি আৰু পৰিৱেশ সম্পৰ্কীয় আন্তৰ্জাতিক আলোচনাচক্ৰত বাংলাদেশৰ এজন বিজ্ঞানীয়ে কিদৰে অধিক উৎপাদনক্ষম শইচে বাংলাদেশৰ কৃষিভুমিৰ অনিষ্ট সাধন কৰি পৰিৱেশ বিনষ্ট কৰিছে, সেই বিষয়ে চিন্তনীয় গৱেষণা পত্ৰিকা পাঠ কৰি বিশ্বৰ বিজ্ঞানীসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

এই কথাত সন্দেহ নাই যে অধিক উৎপাদনক্ষম সঁচ আৰু হাইব্ৰিড প্ৰযুক্তিবিদ্যাৰ প্ৰচলনে বিভিন্ন শস্যৰ উৎপাদন বৃদ্ধিত প্ৰভুত পৰিমাণে সহায় কৰিছে। কিন্তু এই সঁচবোৰৰ ব্যাপক প্ৰচলন স্থানীয় জৈৱ-বৈচিত্ৰ্যৰ ওপৰত বিৰুপ প্ৰভাৱ পেলায়। প্ৰাপ্ত তথ্য অনুসাৰে আমাৰ দেশৰ কৃষকসকলে প্ৰাকস্বাধীন কালত ৫০,০০০ তকৈয়ো অধিক বিধ ধানৰ প্ৰজাতিৰ খেতি কৰিছিল। কিন্তু সেউজ বিপ্লৱৰ কালছোৱাত অধিক উৎপাদনক্ষম সঁচৰ প্ৰচলন হোৱাত ভাৰতীয় কৃষকে অধিক উৎপাদন পোৱাৰ আশাত এই সঁচবোৰৰ খেতি কৰা বাদ দিলে। এতিয়া সমগ্ৰ দেশতে ধানৰ প্ৰজাতি ৫০ বিধমানহে আছে। অৰ্থাৎ ইমানবোৰ স্থানীয় সঁচ বিলুপ্ত হৈ গ’ল। আমাৰ ৰাজ্য অসমতো আগতে কৰা নানান ধানৰ সঁচ নাইকিয়া হৈ গৈছে। এতিয়া যদিহে কেনেবাকৈ এই আধুনিক সঁচবোৰৰ উৎপাদন ক্ষমতা হ্ৰাস পায় অথবা ৰোগৰ বলি হয়, সি যে আমাৰ সমাজলৈ চৰম দুৰ্যোগ কঢ়িয়াই আনিব সেয়া সহজেই অনুমেয়।

আধুনিক কৃষি পদ্ধতিসমুহে কঢ়িয়াই অনা পৰিৱেশীয় সমস্যাৰ বিষয়ে বিজ্ঞানীমহলত ব্যাপক চিন্তা-চৰ্চা আৰম্ভ হৈছে। এইবোৰ বাহিৰেও বৰ্তমান সময়ত সঘনাই আলোচনা হোৱা জৈৱ-প্ৰযুক্তিবিদ্যা আৰু জেনেটিক ইঞ্জিনীয়াৰিঙৰ কেতবোৰ ধাৰণাও মানৱ স্বাস্থ্যৰ অনুকুল নহয় বুলি এচাম বিজ্ঞানীয়ে মতপোষণ কৰিছে। গতিকে সময়ত ইয়াৰ কুফল সন্দৰ্ভত বিশদ জানিব পৰা যাব। আকৌ, আধুনিক যন্ত্ৰপাতি , যেনে-ট্ৰেক্টৰ, পাৱাৰটিলাৰ আদিৰ প্ৰচলনেও মাটিৰ গুণ নষ্ট কৰা বুলি বিজ্ঞানীসকলে পৰিৱেশ সুৰক্ষা ব্যৱস্থা থকা কৃষিপ্ৰণালী উদ্ভাৱনাত গুৰুত্ব প্ৰদান কৰিবলগীয়া হৈছে।

কৃষি সম্পৰ্কীয় পৰিৱেশীয় সমস্যাৰ প্ৰতিকাৰৰ উপায় -

১) ৰাসায়নিক সাৰ নিৰ্ভৰ কৃষি ব্যৱস্থাৰ যোগেদি পৰিৱেশীয় সমস্যাৰ সৃষ্টি হোৱাত আজিকালি জৈৱিক সাৰ, পচনসাৰ, পাম সাৰ আদি প্ৰয়োগ কৰাত গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।

ক) জৈৱিক কৃষি পদ্ধতিৰ গুৰুত্ব:

বিশ্বৰ বিভিন্ন বিজ্ঞানীৰ বিভিন্ন পৰীক্ষাৰ পৰা এই কথাও প্ৰমাণিত হৈছে যে জৈৱিক পদ্ধতিৰে কৰা কৃষিজাত সামগ্ৰীৰ মানুহৰ শৰীৰৰ প্ৰয়োজনীয় মৌল বেছি থাকে। ১৯৯৩ চনত আমেৰিকাত চলোৱা এটা অধ্যয়নৰ পৰা গম পোৱা গৈছে যে জৈৱিক পদ্ধতিৰে ৰোপণ কৰা আপেল,  নাচপতি আৰু আলুত ৩০ শতাংশতকৈও অধিক মানুহৰ প্ৰয়োজনীয় কেলচিয়াম (Ca), মেগনেছিয়াম (Mg) আৰু আইৰণ (Fe) থাকে।

খ) সমন্বিত উদ্ভিদ পোষক দ্ৰব্য পদ্ধতি:

বৰ্তমান সময়ত পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ ‘সমন্বিত উদ্ভিদ পোষক দ্ৰব্য’ৰ (Integrated Plant Nutrient Management System) ওপৰত গুৰুত্ব দিয়া হৈছে। দীৰ্ঘম্যাদী ব্যৱস্থাত মাটিৰ গুণাগুণ অটুট ৰাখি শস্যৰ উৎপাদিকা শক্তি বাহাল ৰখাই হ’ল ইয়াৰ ঘাই উদ্দেশ্য। সহজ অৰ্থত, ৰাসায়নিক সাৰ, জৈৱিক সাৰ যথা, পাম সাৰ, শস্যৰ অৱশিষ্ট, জীৱ-জন্তু তথা মানুহৰ মল-মুত্ৰ আৰু জীৱসাৰৰ (Bio-fertilizer) সুষম ব্যৱহাৰেই হ’ল এই পদ্ধতিৰ মুল নীতি। এই পদ্ধতি বহু পৰিমাণে পৰিৱেশ অনুকুল বুলি প্ৰমাণিত হৈছে। অৱশ্যে এই পদ্ধতিৰ পৰিচালনা শস্যৰ সঁচ আৰু ব্যৱহৃত কৃষি পদ্ধতিৰ ওপৰত নিৰ্ভৰশীল। কৃষকক বিভিন্ন জৈৱসাৰ সন্দৰ্ভত সচেতন কৰিব পৰাৰ ওপৰতে এই পদ্ধতিৰ সফলতা নিৰ্ভৰ কৰিছে। তলত কিছুমান জৈৱসাৰত (Organic manure) থকা নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছৰ (NPK) পৰিমাণৰ এখন তালিকা দিয়া হ’ল-

তালিকা নং ৯- কিছুমান জৈৱসাৰত থকা (NPK) ৰ পৰিমাণ:

সাৰ

N(%)

P2O5(%)

K2O (%)

১.জীৱ-জন্তুৰমল-মুত্ৰ

ক) ম’হৰ গোবৰ

খ) গাহৰিৰ মল-মুত্ৰ

গ) হাঁহৰ মল-মুত্ৰ

ঘ) কুকুৰাৰ মল-মুত্ৰ

১.২৩

১.৯১

১.৯১

 

২.১৫

 

১.৮৭

০.৫৫

০.৫৬

০.৩৯

 

১.১৩

 

০.৪৫

০.৬৯

১.৪০

১.০১

 

১.১৫

 

২.১৫

 

২.কৃষিক্ষেত্ৰৰ পেলনীয়া সামগ্ৰী

ক) ধানৰ নৰা

খ)বিন

 

০.৩০

২.৩০

 

০.০৪

০.৫৪

 

০.৯১

২.৯২

৩.কৃষি উদ্যোগৰ পেলনীয়া সামগ্ৰী

ক)কুঁহিয়াৰ

খ) কাঠৰ গুৰি

গ) নাৰিকল

ঘ) মাটিকঁঠাল

 

০.৮৭

০.৫১

 

০.৬১

১.২৩

 

০.২৫

০.১৬

 

০.১৪

৪.০৩

 

০.৯৮

০.৪৩

 

২.০৩

১.২৯

ঘৰুৱা আৰ্ৱজনা

০.৯৮

১.০৪

১.০৬

 

গতিকে আমাৰ চৌকাশত সহজতেই পোৱা কেতবোৰ সামগ্ৰীৰ সু-বৈজ্ঞানিকভাৱে পৰিচালনা কৰি আমি পৰিৱেশবাহিত সাৰ তৈয়াৰ কৰি ল’ব পাৰোঁ। ইয়ে আমাৰ ৰাসায়নিক সাৰ নিৰ্ভৰশীলতাও কমাই ৰখাত সহায় কৰিব পাৰে।

গ) পচনসাৰৰ গুৰুত্ব:

ৰাসায়নিক সাৰৰ সম্ভাব্য বিপদৰ পৰা ৰক্ষা পোৱাৰ অন্য এক উপায় হ’ল পচনসাৰৰ ব্যৱহাৰ। গছৰ পাত, কুমলীয়া ডাল, শিপা, শস্যৰ পেলনীয়া অংশ, মেটেকা, জাবৰ-জোঁথৰ আদিৰ পচন ঘটাই পচনসাৰ প্ৰস্তুত কৰা হয়। পচনসাৰত থকা বিভিন্ন উদ্ভিদ পোষক দ্ৰব্যৰ এখন তালিকা দিয়া হ’ল-

তালিকা নং-১০: পচনসাৰত উদ্ভিদ পোষক দ্ৰব্যৰ অনুপাত

উৎস

N(%)

P2O5(%)

K2O (%)

পাম

০.৫

০.২

০.৫

মেটেকা

২.০

১.০

২.৩

ৰাস্তাৰ আৱৰ্জনা, মল-মুত্ৰ

১.৫

১.০

১.৫

 

ইয়াৰ উপৰি ছাই (ash) এবিধ উন্নতমানৰ জৈৱসাৰ । ঘৰুৱাভাৱে উৎপাদিত ছাইত ০.৫-১.৯ শতাংশ N, ১.৬-৪.২ শতাংশ P2O5  আৰু ২.৩-১২.০ K2O পোৱা যায়।

ঘ) শস্যৰ উৎপাদন বৃদ্ধিত পাম সাৰৰ ভুমিকা:

মাটিৰ ভৌতিক গুণাগুণ উন্নত কৰিবলৈ মাটিত জৈৱিক সাৰ (পামসাৰ-Farm Yard Manure), পচনসাৰ (Compost), সেউজীয়া সাৰ (Green manure) প্ৰয়োগ কৰা হয়। শস্যৰ উৎপাদন বৃদ্ধিত পামসাৰৰ এক গুৰুত্বপুৰ্ণ ভুমিকা আছে। পামসাৰ (FYM) প্ৰয়োগ কৰিলে মাটিৰ নষ্ট হোৱা গুণ ঘুৰাই আনিব পাৰি। আকৌ, পামসাৰ প্ৰয়োগ কৰি মগুমাহৰ শিপাত থকা ‘টেমুনাৰ’(nodules) সংখ্যাও বঢ়াব পৰা যায়।

ঙ) সেউজীয়া সাৰ-

সেউজীয়া সাৰ, যেনে- শ’ন, ধেইনচা আদিয়ে শস্যৰ বাবে প্ৰয়োজনীয় নাইট্ৰ’জেনৰ যোগান ধৰে। এইবিধ সাৰে মাটিত ফছফৰাছ, কেলচিয়াম, পটাছিয়াম, মেগনেছিয়াম আৰু লোৰ যোগান বঢ়োৱাৰ উপৰি মাটিত জৈৱ পদাৰ্থ বৃদ্ধি কৰাৰ ফলত মাটিত থকা অণুজীৱবোৰ সক্ৰিয় হয়। মাটিৰ নিৰ্গমন ক্ষমতা আৰু সংগঠনৰ উন্নতিৰ বাবেও সেউজীয়া সাৰ গুৰুত্বপুৰ্ণ।

চ) জীৱ সাৰ (Bio-fertilizer)

জীৱসাৰৰ অন্তৰ্ভুক্ত অণুজীৱবোৰক দুটা ভাগত ভগাব পাৰি।

১) নাইট্ৰ’জেন যৌগীকীকৰণ কৰা মুক্তজীৱী অণুজীৱ(Nonsymbiotic or free living nitrogen fixing organisms) যেনে- বায়ৱ বেক্টেৰিয়া (এজট’বেক্টাৰ), অবায়ৱ বেক্টেৰিয়া, নীলহৰিৎ শেলাই আদি।

২) নাইট্ৰ’জেন যৌগিকীকৰণ কৰা সহজীৱী অণুজীৱ (Symbiotic nitrogen fixing organisms) যেনে-এজ’লা- এনাবিনা।

এনেদৰে আমি ৰাসায়নিক সাৰনিৰ্ভৰ কৃষি ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাই পৰিৱেশক সুৰক্ষা প্ৰদান কৰিব পাৰো। কিয়নো এই জৈৱসাৰ, পচনসাৰ, পামসাৰ, সেউজীয়া সাৰ বা জীৱসাৰ পৰিৱেশবাহিত বুলি ইতিমধ্যেই প্ৰমাণিত হৈছে। সেয়েহে ‘সমন্বিত ‘ উদ্ভিদ পোষক দ্ৰব্য পদ্ধতিত (Integrated Plant Nutrient Management System) এইবোৰৰ গুৰুত্ব অধিক বুলি বিজ্ঞানীমহলে নিৰ্ণয় কৰিছে।

কীটনাশক দৰব আৰু আমাৰ দায়িত্ব -

কীটনাশক দৰব মানৱ সভ্যতাৰ সন্মুখত এক জ্বলন্ত সমস্যা হৈ থিয় দিছে। উন্নয়নশীল দেশবোৰৰ আঁচনি প্ৰস্তুতকৰ্তাসকলে এই সমস্যা সমাধানৰ বাবে হ্ৰস্ব আৰু দীৰ্ঘকালীন কৌশল উদ্ভাৱনাৰ দিশত গুৰুত্ব দিয়াৰ সময় সমাগত। সম্প্ৰতিক তথ্যই প্ৰমাণ কৰিছে যে এই বিষ লগতে অন্যান্য জীৱজগতৰ বিস্তৰ ক্ষতিসাধন কৰিছে। দৰাচলতে এই সন্দৰ্ভত এক আন্তৰ্জাতিক চুক্তিৰেই প্ৰয়োজন হৈছে বুলি ক’ব পাৰি।

কীটনাশক দৰবৰ পৰা পৰিত্ৰাণ পাবলৈ হ্ৰস্বকালীন ব্যৱস্থা:

১) কীটনাশক দৰব ব্যৱহাৰৰ ক্ষেত্ৰত এক কঠোৰ চৰকাৰী নিয়ন্ত্ৰণ ব্যৱস্থাৰ প্ৰয়োজন, যাতে খাদ্য আৰু পানীত ই বিষক্ৰিয়া ঘটাব নোৱাৰে।

২) কীটনাশক দৰববোৰ ব্যৱহাৰৰ আগয়ে সিহঁতৰ বিষক্ৰিয়া সন্দৰ্ভত ব্যাপক পৰীক্ষা-নিৰীক্ষাৰ প্ৰয়োজন।

৩) নব্য-বৈজ্ঞানিক অনুসন্ধানৰ সহায়ত সকলো পঞ্জীয়নভুক্ত কীটনাশক দৰব নিৰ্দিষ্ট সময়ৰ মুৰে মুৰে পৰীক্ষা কৰিব লাগে আৰু এই পদ্ধতি যথেষ্ট শিথিল আৰু কম সময়তে হোৱা হ’ব লাগে।

৪) পৰিৱেশ বিজ্ঞানীসকলে বৈজ্ঞানিক অনুসন্ধানৰ ভিত্তিত সময়ে সময়ে কীটনাশক দৰবৰ পৰা হ’ব পৰা পৰিৱেশ আৰু স্বাস্থ্যৰ বিপদ সন্দৰ্ভত ৰিপ’ৰ্ট দাখিল কৰিব লাগে।

৫) কম বিষকাৰী কীটনাশক দৰব প্ৰস্তুতকৰণত অগ্ৰাধিকাৰ দিব লাগে।

৬) কৃষিক্ষেত্ৰত নিয়োজিত বনুৱাসকলৰ স্বাস্থ্যৰক্ষাৰ আঁচনি গ্ৰহণ কৰিব লাগে।

৭) জনসাধাৰণক কীটনাশক দৰবৰ সঘন প্ৰয়োগৰ দ্বাৰা সম্ভাব্য বিপদৰ পৰা মুক্ত কৰিবলৈ আঁচনি গ্ৰহণ কৰিব লাগে।

৮) গণ সচেতনতা বৃদ্ধি কৰিব লাগে, ইত্যাদি।

দীৰ্ঘকালীন ব্যৱস্থা:

১) কীটনাশক দৰব ব্যৱহাৰ কৰিব নলগা এক বিকল্প কৃষি ব্যৱস্থাৰ উদ্ভাৱন কৰিবলৈ নেৰানেপেৰা গৱেষণা চলাব লাগে।

২) ‘সমন্বিত কীট নিয়ন্ত্ৰণ’ ব্যৱস্থা অধিক জনপ্ৰিয় কৰি তুলিব লাগে আৰু ইয়াৰ বাবে জনসাধাৰণক সহায় কৰিবলৈ চৰকাৰী ব্যৱস্থা থাকিব লাগে।

৩) ‘জৈৱিক কৃষি পদ্ধতিত’ গুৰুত্ব প্ৰদান কৰিব লাগে।

এইবোৰ দায়িত্ব মুখ্যত: পৰিৱেশ বিজ্ঞানী, কৃষি বিজ্ঞানী আৰু আঁচনি প্ৰস্তুতকৰ্তাসকলৰ ওপৰত ন্যস্ত। ৰাজনীতিসকল এই দিশত অধিক সচেতন হৈ প্ৰাণীজগতক এই ভয়ংকৰ বিপদৰ পৰা ৰক্ষা কৰিব পাৰে।

সমন্বিত কীট-পতংগ ব্যৱস্থা (Integrated Pest Management) -

এই ব্যৱস্থাত কীটনাশক দৰব উপযুক্ত আৰু কম পৰিমাণেহে ব্যৱহাৰ কৰা হয়। এই পদ্ধতি অনুসৰি ৰোগমুক্ত বীজ অথবা পোক-পৰুৱা অথবা ৰোগ-প্ৰতিৰোধকাৰী সঁচৰ ব্যৱহাৰ, সঠিক কৃষি পদ্ধতি অৱলম্বন, জৈৱিক পদ্ধতিৰে ৰোগ বা কীট নিয়ন্ত্ৰণ, যান্ত্ৰিক পদ্ধতিৰ ব্যৱহাৰ, ফেৰ’মোনৰ (Pheromone) ব্যৱহাৰ আৰু সময়মতে আৰু উপযুক্ত পৰিমাণে কীটনাশক দৰব ব্যৱহাৰ কৰা হয়। তদুপৰি এই পদ্ধতিত Quarantine  আঁচনিও অন্তৰ্ভুক্ত কৰা হৈছে। অৰ্থাৎ এক সমন্বিত পদ্ধতিৰ ব্যৱহাৰ কৰা হয়। কীট নিয়ন্ত্ৰণ ব্যৱস্থা অধিক ফলপ্ৰসু কৰিবলৈ সময়ে সময়ে অভিজ্ঞ ব্যক্তিৰ হতুৱাই খেতিপথাৰ পৰিদৰ্শন কৰোৱাই ঘাই ঘাই শস্যৰ পোক-পৰুৱা  অথবা ৰোগৰ লক্ষণ অথবা সম্ভাৱনাৰ বিষয়ে অধ্যয়ন কৰি উপযুক্ত ব্যৱস্থাপনাৰ দ্বাৰা ইয়াৰ নিৰাময়ৰ ব্যৱস্থা হাতত লোৱা হয়। এই পদ্ধতি ভাৰতৰ তামিলনাডুত ধান আৰু কপাহ খেতিত আৰু উত্তৰ-পশ্চিম ভাৰতৰ ঘেঁহু আৰু কুঁহিয়াৰ খেতিত সফলকাম হোৱা পৰিলক্ষিত হৈছে।

বৰ্তমান সময়ত কেতবোৰ উদ্ভিদজাত কীটনাশক দৰব (Botanical Pesticides) প্ৰস্তুত কৰা হৈছে। তদুপৰি, পোক-পতংগ আৰু শস্যকৃমিৰ পৰা শস্যক ৰক্ষা কৰিবলৈ ভালেমান উদ্ভিদ দ্ৰব্য (Plant Product) ব্যৱহাৰ কৰা হৈছে।

অব্যাহত কৃষি প্ৰণালী (Sustainable Development of Agriculture) অথবা পৰিৱেশবাহিত বিকাশ:

ভৱিষ্যৎ পিৰিসমুহৰ বিকাশৰ সম্ভাৱনাক অকণো হ্ৰাস নকৰাকৈ নিজৰ প্ৰয়োজনখিনি পুৰাই ল’ব পৰা সমাজকে পৰিৱেশবাহিত সমাজ বুলি ক’ব পাৰি (), অনুবাদ ড° কুলেন্দু পাঠকৰ)। কৃষিক্ষেত্ৰত এই ধাৰণা প্ৰয়োগ কৰা সহজ কথা নহয়। ইয়াৰ বাবে কোনো এখন ঠাইৰ সম্পদৰাজি, পৰম্পৰাগত কৃষি প্ৰযুক্তি কৌশল, পৰিৱেশৰ অৱস্থা, মানুহৰ আৰ্থ-সামাজিক দিশ চালিজাৰি চাই তথা পৰিৱেশৰ সুৰক্ষাৰ ব্যৱস্থা কৰি আৰু ভৱিষ্যৎ প্ৰজন্মৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি কোনো এটা কৃষি প্ৰণালী হাতত লোৱা হয়। অব্যাহত কৃষি প্ৰণালী বা পৰিৱেশবাহিত কৃষি প্ৰণালীৰ বাবে সুক্ষ্ম জৰীপ আৰু প্ৰায়োগিক জ্ঞানৰ অতীৱ প্ৰয়োজন। তদুপৰি, জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ অৱশ্যেই প্ৰয়োজন। ‘সমন্বিত কৃষি পদ্ধতি’ , সমন্বিত কীট নিয়ন্ত্ৰণ ব্যৱস্থা, সমন্বিত উদ্ভিদ পোষক দ্ৰব্য’ পদ্ধতিতো গুৰুত্ব প্ৰদান কৰা হৈছে।

এনেধৰণৰ উৎপাদন প্ৰক্ৰিয়া অৱলম্বন কৰিলে পোনপটীয়া বস্তবোৰো সম্পদ হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। গৱেষকসকলৰ পৰা জানিব পৰামতে এনে উৎপাদন ব্যৱস্থাৰ যোগেদি বছৰি ৪০-৪৫ হেজাৰ টকা লাভ কৰিব পৰা যায়। পৰিৱেশবাহিত উৎপাদন পদ্ধতিত তলত দিয়া কথাকেইটা মনত ৰখা প্ৰয়োজন বুলি ড° কুলেন্দ পাঠকে মতামত আগবঢ়াইছে।

১) কোনো এক উৎপাদন উপাংশৰ (যেনে- পশুধনৰ আৱৰ্জনা অন্য উপাংশৰ, যেনে- খেতিৰ) কেঁচা সামগ্ৰী বা সম্পদ হিচাপে ব্যৱহাৰ কৰা হ’ব।

২) সম্পদৰ পুনৰ ব্যৱহাৰৰ সুবিধা থাকিব লাগিব।

৩) সাৰ, খাদ্য আদি প্ৰাকৃতিক উপায়েৰে উৎপাদন ক্ষেত্ৰত তৈয়াৰ কৰিব লাগিব।

৪) ওচৰৰ মানুহৰ শ্ৰমৰ বা নিয়োজনৰ ব্যৱস্থাও থাকিব।

৫) কৃত্ৰিম আৰু ৰাসায়নিক কীটনাশকৰ প্ৰয়োগ প্ৰথমতে নুন্যতম হ’ব লাগিব আৰু পাছত এনে প্ৰয়োগ সমুলঞ্চে নাইকিয়া হ’ব।

৬) ইন্ধন, শক্তি আদিৰ ক্ষেত্ৰতো এনে পদ্ধতিয়ে স্ব-নিৰ্ভৰশীল হ’বলৈ যত্ন কৰা উচিত।

৭) এনে উৎপাদন ব্যৱস্থাৰ ক্ষেত্ৰ ওচৰা-ওচৰিকৈ কেইবাখনো থাকিলে পৰিচালকসকলে অৰ্থহীন প্ৰতিযোগিতাৰ সলনি সহযোগিতাৰ মনোভাৱেৰে কাম কৰিবলৈ অধিক লাভৱান হ’ব।

গতিকে, এনে উৎপাদন ব্যৱস্থাৰ সহায়ত আমি সহজতেই এক প্ৰদুষণমুক্ত অথচ অধিক উৎপাদনক্ষম কৃষি ব্যৱস্থা পাব পাৰোঁ। অৱশ্যে ইয়াৰ বাবে গণসচেতনতাৰ প্ৰয়োজনতকৈ আটাইতকৈ বেছি।

লেখক: ড° প্ৰশান্ত মিশ্ৰ

উৎস: আধুনিক কৃষিকথা (কৃষি আৰু পৰিৱেশ)

 

3.10256410256
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top