অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খেতিত সংহত পোষক মৌল যোগান পদ্ধতি

খেতিত সংহত পোষক মৌল যোগান পদ্ধতিৰ বিষয়ে লিখা হৈছে ।

 

দেশত খাদ্যশস্যৰ উৎপাদন উল্লেখযোগ্যভাৱে বৃদ্ধি হোৱাটো আমাৰ পৰিলক্ষিত হৈছে। উৎপাদনৰ এই বিশেষ বৃদ্ধি আমাৰ কাৰণে সুখবৰ। আনহাতে শস্য উৎপাদনৰ বাবে শস্যই মাটিৰ পৰা খাদ্যমৌল অধিক আৰু ভাৰসাম্যহীনভাৱে আহৰণ কৰাটো দুখবৰ। মাটিৰ সুস্বাস্থ্য বজাই ৰাখি উৎপাদনৰ অধিক বৃদ্ধিয়ে বৰ্তমান সময়ত যথেষ্ট গুৰুত্ব পাইছে। বৰ্তমান সময়ত মুখ্য খাদ্যমৌল হিচাপে নাইট্ৰ’জেন, ফছফৰাছ আৰু পটাছৰ ব্যৱহাৰৰ অনুপাত হ’ল ৫.৩: ২.২:১ যিটো আচলতে ৪:২: ১ হোৱাটো যুগুত। কৃষি উৎপাদনৰ সময়ত এইটো লক্ষ্য কৰা হৈছে যে খেতিত প্ৰয়োজন হোৱা সাৰৰ প্ৰায় আটাইখিনিয়ে অকল ৰাসায়নিক সাৰৰ জৰিয়তে দি অহা হৈ আহিছে। ৰাসায়নিক সাৰৰ অবিৰত আৰু জধেমধে কৰা প্ৰয়োগৰ ফলত মাটিত অম্লতা বাঢ়ি গৈ আছে বা মাটি জৰজৰীয়া হৈ আহিব ধৰিছে। জৰজৰীয়া মাটি অৱক্ষয়ৰ অনুকুল। কিছুমান মৌলৰ আকৌ মাটিত অস্বাভাৱিকভাৱে বৃদ্ধি হৈ শস্যত বিষক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰয়োগ কৰা সাৰখিনি শুদ্ধ পৰিমাণত, সঠিক সময়ত বা উপযুক্ত পদ্ধতিত প্ৰয়োগ নকৰাৰ ফলত গছে আহৰণ কৰাৰ পৰিৱৰ্তে পানীৰ লগত মিহলি হৈ জান-জুৰি বা ভু-গৰ্ভৰ পানীলৈ বিয়পি গৈ খোৱাৰ অনুপযোগী হৈ পৰাত সহায়ক হৈছে। সংক্ষেপে ক’বলৈ হ’লে ৰাসায়নিক সাৰ অকলে প্ৰয়োগ কৰাৰ ফলত উৎপাদনৰ ধাৰণশীলতা বজাই ৰখাত অসুবিধা হোৱাৰ লগতে পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকিস্বৰুপ হৈছে। এই আটাইবিলাক দিশক সামৰি সাৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত গুৰুত্ব পোৱা এটা নতুন দিশ হ’ল সুসংহত সাৰ ব্যৱস্থাপনা পদ্ধতি বা সংগত পোষক মৌল যোগান পদ্ধতি। এই পদ্ধতি হ’ল এনেকুৱা এক পদ্ধতি য’ত প্ৰয়োজনসাপেক্ষে খাদ্যমৌলৰ উৎস হিচাপে জৈৱিক আৰু অজৈৱিক দিশক সমন্বিতভাৱে প্ৰয়োগ কৰি মাটিৰ উৰ্বৰতা শক্তি বজাই ৰাখি শস্যৰ উৎপাদিকা শক্তি বৰ্তাই ৰখা হয়। সুসংহত যোগান ব্যৱস্থাপনা পদ্ধতিয়ে সম্পদ ব্যৱহাৰ, অধিক খাদ্যশস্য উৎপাদন, মাটিৰ উৰ্বৰতা শক্তি অক্ষুণ্ণ ৰখা আৰু শেষত কৃষকৰ আয় বৃদ্ধিত অৰিহণা যোগায়।

সংহত পোষক মৌল যোগান পদ্ধতি পাবলৈ হ’লে গছক লগা খাদ্যমৌল অকল ৰাসায়নিক সাৰৰ পৰা যোগান নধৰি অন্যান্য উৎসৰ পৰা নিৰ্দিষ্ট কৃষি পৰিস্থিতিত খাপখোৱাকৈ প্ৰাচুৰ্যতা আৰু উপযুক্ততাৰ ভিত্তিত বিজ্ঞানসন্মতভাৱে প্ৰয়োগ কৰিব লাগিব। অন্যান্য উৎসৰ ভিতৰত জৈৱিক সাৰ (পথাৰত কটাৰ পাছতে ৰৈ যোৱা শস্যৰ নৰা বা অৱশিষ্ট অংশ), জীৱাণু সাৰ (ৰায়জ’বিয়াম, এজ’লা, নীল সেউজ শেলাই, এজ’স্পাইৰিলাম, এজ’ট’বেক্টাৰ, ফছফৰাছ দ্ৰ্ৱীভুত বা গতিশীলতা বঢ়োৱা অণুজীৱ সাৰ)আৰু কাৰখানাৰ পেলনীয়া বা ওপৰঞ্চি উৎপাদন ইত্যাদিয়ে প্ৰধান।

সংহত পোষক মৌল যোগান পদ্ধতিৰ মুখ্য উদ্দেশ্য হৈছে -

ক) পৰিৱেশ বা পাৰিপাৰ্শ্বিকতা (বায়ু, পানী আৰু মাটি) ৰ কোনো ক্ষতি নোহোৱা,

খ) দীৰ্ঘকালীন সময়ৰ বাবে মাটিৰ উৰ্বৰতা বজাই ৰখা আৰু ধাৰণশীলতা বৃদ্ধি কৰা।

গ) অৰ্থনৈতিকভাৱে লাভৱান হ’ব পৰাকৈ শস্য উৎপাদন কৰা

ঘ) উৎপাদনৰ গুণগত মান বৃদ্ধি কৰা।

ঙ) প্ৰয়োগ কৰা খাদ্যমৌলৰ পথাৰত লোকচানৰ পৰিমাণ কমোৱা আৰু কাৰ্যকাৰিতা বঢ়োৱা আৰু

চ)মাটিত ৰাসায়নিক সাৰ প্ৰয়োগৰ মাত্ৰা কমোৱা।

সুসংহত খাদ্যমৌল যোগান ব্যৱস্থাপনাৰ উপাদানকেইটাৰ আলোচনা তলত কৰা হ’ল -

১) জৈৱিক সাৰ প্ৰয়োগ:

বছৰে বছৰে ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত বিনষ্ট হোৱা ভুমিডৰা জৈৱিক সাৰ প্ৰয়োগ কৰি উৰ্বৰ কৰি তুলিব পাৰি। জৈৱিক সাৰ প্ৰয়োগ ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰিপুৰক। জৈৱিক সাৰ প্ৰয়োগৰ ফলত মাটিত জৈৱিক পদাৰ্থৰ পৰিমাণ বঢ়োৱাৰ উপৰি ভৌতিক গুণাগুণ উন্নত হয় আৰু ফলত মাটিৰ ধাৰণ ক্ষমতা বৃদ্ধি হয়। জৈৱিক সাৰে মাটিত থকা বিভিন্ন জীৱাণুক সক্ৰিয় কৰে। জৈৱিক সাৰৰ মুখ্য উৎস হ’ল- জীৱ-জন্তু, যেনে- গৰু, ছাগলী, ম’হৰ বিষ্ঠা আৰু মুত্ৰ, ছাগলী, ভেঁড়া আৰু মুৰ্গীৰ গঁড়ালৰ আৱৰ্জনা, কেঁচুসাৰ , গাওঁ আৰু নগৰৰ পেলনীয়া বস্তৰ পৰা পোৱা পচনসাৰ, সেউজ সাৰ , পথাৰত কটাৰ পাছতে ৰৈ যোৱা শস্যৰ অৱশিষ্ট, কৃষিজাত উদ্যোগৰ পেলনীয়া অংশ, যেনে- তুঁহ, ছাই, চেনি শিল্পৰ পৰা পোৱা বিভিন্ন ওপৰইঞ্চি উৎপাদন, কাঠফলা মিলৰ গুড়ি , বস্ত্ৰ আৰু ঊনশিল্পৰ পেলনীয়া পদাৰ্থ, চাহ, ধঁপাত আৰু শাক-পাচলি আৰু ফলমুল জড়িত কাৰখানাৰ পেলনীয়া দ্ৰব্য আৰু বিভিন্ন তৈল পিঠা।

ভাৰতত পোৱা বিভিন্ন জৈৱিক পদাৰ্থৰ খাদ্যমৌলৰ মান (ণুত্ৰিএন্ত ৱলুএ) হ’ল প্ৰায় ৮৯৫২ নিযুত টন। দেশ হিচাপে ভাৰতৰ জৈৱিক পদাৰ্থৰ গড় উৎপাদনৰ পৰিমাণ হ’ল বছৰে প্ৰায় ২ টন প্ৰতি হেক্টৰত। তথ্যমতে বিভিন্নধৰণৰ জৈৱিক পদাৰ্থই প্ৰয়োজন হোৱা মুঠ খাদ্যমৌলৰ ২৫ শতাংশহে যোগান ধৰিব পাৰে। ভাৰতত গড় হিচাপে পাব পৰা গোবৰৰ মাত্ৰা হ’ল প্ৰায় ৭৯২ নিযুত টন। সেয়েহে উৎপাদিত গোবৰৰ ৭০ শতাংশই ইন্ধন হিচাপে পুৰি পেলোৱাটো দুখজনক কথা।

বিভিন্নধৰণৰ জৈৱিক পদাৰ্থৰ পৰা পাব পৰা বিভিন্ন খাদ্যমৌল তালিকাত দিয়া হ’ল-

তালিকা নং ১

খাদ্যমৌলৰ পৰিমাণ(%)

 

জৈৱিক সাৰ

নাইট্ৰ’জেন

ফছফৰাছ

পটাছিয়াম

কেঁচুসাৰ

১.৫-২.৫

১.২-১.৮

১.৫-২.৪

পচনসাৰ

০.৪৫-০.৮০

০.২-০.৪০

০.৫-০.৭০

গাঁৱলীয়া পচনসাৰ

০.৫

০.১৫

০.৫

নগৰীয়া পচনসাৰ

১.৪০

১.০

১.৪

গাহৰিৰ গোবৰ

১.১৯

০.৩৯

১.০১

গোবৰ গেছৰ পৰা

১.৫-২.২৫

০.৯০-১.২০

০.৮০-১.২০

পোৱা ঘোলা গোবৰ

০.৪০

০.২০

০.১০

খলিহৈ

৫.২

১.৮

১.২০

নিম পিঠা

৫.২

১.০

১.৪০

ছাগলী/ভেঁড়াৰ গোবৰ

৩.০

০.৪

১.৭০

মুৰ্গীৰ বিষ্ঠা

১.৮৭

০.৫৪

২.১৫

 

শীতকালি কৰা শস্যত পামসাৰ প্ৰয়োগ গ্ৰীষ্মকালীন শস্যতকৈ অধিক লাভজনক। পামসাৰৰ অধিক প্ৰয়োগে মাটিত কাৰ্বনৰ মাত্ৰা বৃদ্ধিত সহায় কৰাৰ লগতে মাটিত উপলব্ধ ফছফৰাছ, পটাছ, গন্ধক আৰু সুক্ষ্ম খাদ্যমৌলৰ পৰিমাণ বৃদ্ধি কৰে। খেতিপথাৰত প্ৰয়োগ হোৱা বিভিন্ন জৈৱিক সাৰৰ ভিতৰত পামসাৰ হ’ল অধিক মাত্ৰাত ব্যৱহৃত জৈৱিক সাৰ।

জৈৱিক সাৰৰ উৎস হিচাপে আমাৰ দেশখনত পাব পৰা শস্যৰ মুঠ অৱশিষ্ট অংশৰ পৰিমাণ হ’ল বছৰে ৬০৪ নিযুত টন। ইয়াৰ পৰা পাব পৰা খাদ্যমৌলৰ পৰিমাণ হ’ল ২০১ নিযুত টন। শস্যৰ অৱশিষ্ট অংশত নাইট্ৰ’জেন , ৬০-৭০ শতাংশ ফছফৰাছ আৰু ৭৫ শতাংশ পটাছ প্ৰথম শস্যত ব্যৱহৃত হৈ বাকীখিনি পাছৰ শস্যত ব্যৱহৃত হয়।

ভাৰতত পাব পৰা গ্ৰাম্য আৰু নগৰীয়া পচনসাৰৰ মাত্ৰা হ’ল ক্ৰমে ১৮৪.৩ নিযুত টন আৰু ১২.২ নিযুত টন। ইয়াৰ খাদ্যমৌল হিচাপে মান হ’ল ক্ৰমে ২.৫৬ আৰু ০.৪২৭ নিযুত টন। উন্নত পচনসাৰ প্ৰস্তুত এটা নতুন কৌশল হিচাপে পৰিগণিত হৈছে য’ত বিভিন্ন আহিলা, যেনে-গোবৰ, শস্যৰ অৱশিষ্ট অংশ, ৰক ফছফেট, পাইৰাইট , ইউৰিয়া, এজ’লা আদি প্ৰয়োগ কৰা হয়।

২) সেউজ কৰা:

সেউজ সাৰ গছৰ খেতি পুৰণিকালৰ পৰা কৰি  অহা হৈছে যদিও বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা বৃদ্ধি হৈছে। গৱেষণাৰ পৰা পোৱা গৈছে যে ধইনচা, শ’ন, মগুমাহ, মাটিমাহ, লেচেৰা, খেচাৰী, বাৰচিম ইত্যাদি সেউজ সাৰ হিচাপে প্ৰয়োগ কৰিব পাৰি। ধইনচা, শ’ন, মগুমাহ, মাটিমাহ বাৰিষা কালত কৰিব পাৰি আৰু অন্যবিলাক খৰালি সময়ত কৰা হয়। ধানখেতি কৰাৰ আগতে বিদেশী ধইনচা (চেছবেনীয়া ৰোষ্ট্ৰাটা) ৰ খেতি কৰি ৪৫ দিনলৈ পথাৰত বাঢ়িব দিলে প্ৰায় ১৯ টন পৰিমাণৰ সেউজ সাৰ পোৱা যায় আৰু মাটিত মিহলাই দিয়াৰ পাছত প্ৰায় ৬১-৬২ কেজি নাইট্ৰ’জেন যোগান ধৰে। ধানগছে সেউজ সাৰৰ জৰিয়তে যোগান ধৰা নাইট্ৰ’জেন (৪২ শতাংশ) ইউৰিয়া সাৰৰ জৰিয়তে যোগান ধৰা নাইট্ৰ’জেন (২৪-২৫ শতাংশ)তকৈ অধিক আহৰণ কৰে। ধানখেতিৰ আগতে কৰা ধইনচাই ৪০-৬০ শতাংশ নাইট্ৰ’জেন ৰাহি কৰে। সেউজ সাৰৰ খেতিয়ে মাটিত খাদ্যমৌল একত্ৰিত কৰা, মাটিত থকা অণুজীৱক উপযুক্ত পৰিৱেশ দিয়াৰ লগতে বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন সংশ্লেষণ কৰি মাটিৰ উৰ্বৰতা শক্তি বঢ়াই দিয়ে।

সেউজ সাৰ হিচাপে ব্যৱহৃত বিভিন্ন গছত থকা নাইট্ৰ’জেনৰ মাত্ৰা হ’ল দেশী ধইনচা ০.৪২ শতাংশ, বিদেশী ধইনচা ০.৫৫ শতাংশ, শ’ন ০.৪৩ শতাংশ, মগুমাহ ০.৫৩ শতাংশ, লেচেৰামাহ ০.৪৯ শতাংশ, খেচাৰী ০.৫৪ শতাংশ, বাৰচিম ০.৪৩ শতাংশ।

৩) জীৱাণু সাৰ:

সম্প্ৰতি ধাৰণশীল বা স্বনিৰ্বাহী কৃষিৰ প্ৰতি লক্ষ্য ৰাখি জীৱাণু সাৰৰ জৰিয়তে গছৰ আৱশ্যকীয় খাদ্যমৌলসমুহ বিভিন্ন উৎসৰ পৰা উপলব্ধ কৰোৱাটো অপৰিহাৰ্য হৈ পৰিছে। জীৱাণু সাৰ সাধাৰণতে কম খৰচী, পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব পৰা কৃষিৰ এক আহিলা হিচাপে গণ্য কৰা হয়। জীৱাণু সাৰৰ প্ৰস্তুতিৰ ক্ষেত্ৰত মাটিত থকা উপকাৰী বেক্টেৰিয়া বা ভেঁকুৰ অণুজীৱক ব্যৱহাৰ কৰা হয়। সেয়েহে জীৱাণু সাৰ হ’ল জীৱিত অৱস্থাত এটা বা একেলগে ততোধিক অণুজীৱ বহনকাৰী এক মাধ্যম যাক খেতিপথাৰত প্ৰয়োগ কৰিলে শস্যৰ উৎপাদন বায়ুমণ্ডলৰ নাইট্ৰ’জেন স্থিৰীকৰণ কৰি, ফছফেট দ্ৰৱীভত কৰি, শস্যৰ শ্ৰীবৃদ্ধিৰ বাবে শক্তি দি বা শস্যৰ অৱশিষ্ট অংশ মাটিত পচাই শস্যৰ উৎপাদন বৃদ্ধি কৰিব পাৰে। সাধাৰণতে চাৰি প্ৰকাৰৰ জীৱাণু সাৰ পোৱা যায়।

১) নাইট্ৰ’জেন ধৰি ৰাখিব পৰা জীৱাণু সাৰ-

ক) সহজীৱী-ৰায়জ’বিয়াম আৰু এনাবিনা এজ’লি(এজ’লা)

খ) সহযোগী-এজ’স্পাইৰিলাম

গ) মুক্তজীৱী-এজট’বেক্টাৰ, নীল-সেউজ শেলাই।

২) ফছফৰাছ দ্ৰৱীভুত কৰিব পৰা জীৱাণুসাৰ-ফছফৰাছ দ্ৰৱীভুত কৰা বেক্টেৰিয়া, ভেঁকুৰ আৰু এক্টিনো মাইচিটিছ।

৩) ফছফৰাছ সৰবৰাহ (mobility) কৰিব পৰা জীৱাণু সাৰ- ভাম বা ভেচিকুলাৰ আৰবাচকুলাৰ মাইক’ৰাইজা।

৪) জৈৱিক পদাৰ্থ পচন ঘটাব পৰা চেলুলাইটিক বেক্টেৰিয়া।

ৰায়জ’বিয়ামৰ সহায়ত মাহঅজতীয় শস্যৰ দ্বাৰা বায়ুমণ্ডলৰ নাইট্ৰ’জেন ধৰি ৰাখি পাছত খেতিপথাৰত সেউজ সাৰ হিচাপে প্ৰয়োগ কৰা হয়। মাহজাতীয় শস্যই প্ৰায় ৮০ শতাংশ নাইট্ৰ’জেন ৰায়জ’বিয়ামৰ সহায়ত পায়।

এজ’লা সাৰৰ খেতি প্ৰধানত: ধানখেতিত কৰা হয়। ই এবিধ ঢেঁকীয়া বৰ্গৰ গছ। কৃত্ৰিমভাৱে কৰা খালত এজ’লাৰ খেতি কৰি ধানখেতিৰ উপৰি অন্যান্য শস্যত প্ৰয়োগ কৰিব পাৰি।

নীল সেউজ শেলাই বা শেলুৱৈ বিভিন্নধৰণৰ পৰিৱেশত মুক্তভাৱে বিস্তৃত হৈ থাকে। এইবিধ শেলুৱৈয়ে বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন ধৰি ৰাখিব পৰা গুণ ১৯ শতিকাৰ আৰম্ভণিতেই আৱিষ্কৃত হৈছিল যদিও বৰ্তমান সময়তহে ইয়াৰ তাৎপৰ্য বৃদ্ধি হৈছে। গ্ৰীষ্মকালত ইয়াৰ বৃদ্ধি বেছি হয়। নীল সেউজ শেলুৱৈক ৩-৪ টা মান শস্যকালত একেৰাহে প্ৰয়োগ কৰিলে বংশ বিস্তাৰ হোৱাৰ বাবে পাছলৈ প্ৰয়োগৰ প্ৰয়োজনীয়তা দুৰ হয়।

এজ’স্পাইৰিলাম আৰু এজ’ট’বেক্টাৰ -

বীজত মিহলাই লৈ কঠীয়াৰৰ্/ পুলিৰ শিপাত নিৱেষণ কৰি বা মুল পথাৰত প্ৰয়োগ কৰি ইয়াৰ সুফল পাব পাৰি। প্ৰয়োগৰ কৃতকাৰ্যতা অৱশ্যে পথাৰত প্ৰয়োগ কৰা জীৱাণু সাৰখিনিৰ গুণগত মানৰ ওপৰত নিৰ্ভৰ কৰে। মুক্তজীৱী এজ’টোবেক্টাৰে বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন আহৰণ কৰে। বেক্টেৰিয়াযুক্ত এই জীৱাণু সাৰবিলাকৰ সীমাবদ্ধতা হ’ল মাটিৰ অম্লতা, মাটিৰ জৈৱিক কাৰ্বন আৰু ফছফৰাছৰ কম পৰিমাণ আৰু গুণগত মানসম্পন্ন নোহোৱা। শাক-পাচলিৰ পুলিৰ বাবে ১ কেজি পৰিমাণৰ জীৱাণু সাৰ এক লিটাৰ পানীত মিহলাই শিপা ৩০-৪০ মিনিট সময়ৰ বাবে জুবুৰিয়াই ৰাখিব লাগে। ধানখেতিৰ কঠীয়াৰ ক্ষেত্ৰত মাটি টুকুৰাৰ এটা চুকত মিশ্ৰণটো বনাই কঠীয়াৰ শিপা ৮-১০ ঘণ্টাৰ বাবে জুবুৰিয়াই ৰাখিব লাগে। মাটিত প্ৰয়োগৰ ক্ষেত্ৰত ৪ কেজি সাৰ ২০০ কেজি পচনসাৰৰ লগত মিহলাই এটা ৰাতিৰ বাবে ৰাখিব লাগে। মিশ্ৰিত সাৰখিনি বীজ সিঁচাৰ বাবে ৰোৱাৰ সময়ত মাটিত প্ৰয়োগ কৰিব লাগে। উদ্যানশস্যৰ ক্ষেত্ৰত গছৰ চাৰিওপিনে আঙঠি কৰি প্ৰয়োগ কৰিব লাগে।

ফছফৰাছ দ্ৰবীভুত আৰু সৰবৰাহ কৰিব পৰা অণুজীৱ -

এই দুয়োটা অণুজীৱৰ সংখ্যা শিপা বৃদ্ধি হোৱা মণ্ডলত বেছি। এইবোৰ অণুজীৱই শৰীৰৰ পৰা কিছুমান ৰস নি:সৰণ কৰি মাটিত থকা বা প্ৰয়োগ কৰা ফছফৰাছ দ্ৰ্ৱীভুত কৰি গছে গ্ৰহণ কৰিব পৰা অৱস্থালৈ আনে। ভেঁকুৰ অণুজীৱবোৰ আম্লিক বা ক্ষাৰকীয় গুণাগুণযুক্ত মাটিত সক্ৰিয়, আনহাতে বেক্টেৰিয়াবোৰ আম্লিক আৰু ক্ষাৰকীয় গুণৰ মাজতহে সক্ৰিয়। মাটিৰ বায়ৱীয় অৱস্থা, মধ্যমীয়া উষ্ণতা (২৫-৩০° চেলছিয়াছ), উচ্চ মাত্ৰাত জৈৱ পদাৰ্থ আৰু মুঠ ফছফৰাছ থাকিলে ফছফৰাছ দ্ৰৱীভুত অণুজীৱৰ কাৰ্যকাৰিতা বৃদ্ধি হয়। অণুজীৱ সাৰ সচৰাচৰ বীজ বা কঠীয়াৰ শিপাত নি ৱেষণ কৰি নাইবা পথাৰত প্ৰত্যক্ষভাৱে প্ৰয়োগ কৰি মাটিৰ লগত মিহলাই দিয়া হয়।

ভাম বা ভেচিকুলাৰ আৰবাচকুলাৰ মাইকৰাইজা -

ই এবিধ ভেঁকুৰজাতীয় জীৱাণুসাৰ। এইবিধ সাৰে মাটিত থকা কম গতিশীল খাদ্যমৌল, যেনে-ফছফৰাছ, দস্তা, তাম, লৌহ, মেংগানিজ আৰু কিছুমান মৌলৰ গতিশীলতা বঢ়াই শিপাৰ সংস্পৰ্শলৈ আনি গছৰ দ্বাৰা আহৰণৰ মাত্ৰা বৃদ্ধি কৰে। বাম বা দ’ উভয় ক্ষেত্ৰতে কৰা ধানখেতিৰ ভামৰ সহযোগিতা পোৱা গৈছে। অৱশ্যে বাম মাটিত ইয়াৰ সহযোগিতা বেছি। ভামৰ সম্প্ৰসাৰিত ডাল (Hyphae) বিলাকে মাটিত বৃহৎ আয়তনৰ পৰা ফছফৰাছ ধৰি আনি গছক আহৰণ কৰিব দিয়ে। ভামৰ অন্যান্য উপকাৰিতা হ’ল শস্যৰ শ্ৰীবৃদ্ধি ঘটোৱা কিছুমান ৰাসায়নিক পদাৰ্থৰ নি:সৰণ, গছৰ বেমাৰ-আজাৰ আৰু খৰাং পৰিস্থিতিৰ প্ৰতি সহনশীলতা বৃদ্ধি ইত্যাদি। প্ৰয়োগত জটিলতা থকা বাবে খেতিত ইয়াৰ প্ৰয়োগ ব্যৱসায়িক ভিত্তিত হোৱা নাই।

তালিকা নং ২: জীৱাণু সাৰৰ প্ৰকাৰ, প্ৰভাৱ, সীমাবদ্ধতা আৰু শস্যৰ উপযোগিতা:

অণুজীৱৰ নাম, প্ৰভাৱ, সীমাবদ্ধতা, শস্যৰ উপযোগিতা:

ক) নাইট্ৰ’জেনযুক্ত অণুজীৱ

১) ৰাইজ’বিয়াম (সহজীৱী)

প্ৰভাৱ:

১) ৫০-১০০ কেজি নাইট্ৰ’জেন স্থিৰীকৰণ কৰে।

২) উৎপাদন ১০-১৫ শতাংশ বৃদ্ধি।

৩) অৱশিষ্ট নাইট্ৰ’জেন মাটিত ৰৈ যায়।

সীমাবদ্ধতা:

১) অকল মাহজাতীয় শস্যৰ লগত সহজীৱী

২) মাটিত উপযুক্ত মাত্ৰাত ফছফৰাছ আৰু মলিবডেনাম লাগে।

৩) সৌৰশক্তিৰ প্ৰয়োজন।

৪) ফছফৰাছ বেছি লাগে।

শস্যৰ উপযোগিতা:

নাইট্ৰ’জেন স্থিৰীকৰণ কৰিব পৰা মাহজাতীয় , তৈল, ঘাঁহ আৰু উদ্যানশস্যত ফলপ্ৰসু।

২) এজ’ট’বেক্টাৰ (অসহজীৱী )

প্ৰভাৱ:

১) হেক্টৰত ২০-২৫ কেজি নাইট্ৰ’জেন স্থিৰীকৰণ হয়

২) ১০-১৫ শতাংশ উৎপাদন

সীমাবদ্ধতা:

জৈৱিক পদাৰ্থৰ প্ৰয়োজন হয়।

শস্যৰ উপযোগিতা:

ঘেঁহু, মাকৈ, কপাহ, জোৱাৰ, কুঁহিয়াৰ , ধান, শাক-পাচলি আৰু অন্যান্য।

৩) এজ’স্পাইৰিলাম (সহযোগী)

প্ৰভাৱ:

১) প্ৰতি হেক্টৰত ২০-২৫ কেজি নাইট্ৰ’জেন স্থিৰীকৰণ

২) ১০-১৫ শতাংশ উৎপাদন বৃদ্ধি।

৩) শস্যৰ শ্ৰীবৃদ্ধিৰ কাৰক ৰাসায়নিক পদাৰ্থৰ সৃষ্টি।

সীমবদ্ধতা:

জৈৱিক পদাৰ্থৰ মাত্ৰা বেছি লাগে।

শস্যৰ উপযোগিতা:

ঘেঁহু, মাকৈ, কপাহ, জোৱাৰ, কুঁহিয়াৰ, ধান, শাক-পাচলি আৰু অন্যান্য শস্য।

৪) নীল সেউজ শেলাই (সহযোগী)

প্ৰভাৱ:

১) প্ৰতি হেক্টৰত ২০-৩০ কেজি নাইট্ৰ’জেন স্থিৰীকৰণ,

২) ১০-১৫ শতাংশ উৎপাদন বৃদ্ধি

৩)শস্যৰ শ্ৰীবৃদ্ধিৰ কাৰক দ্ৰব্যৰ সৃষ্টি।

সীমাবদ্ধতা:

পানীত হোৱা ধানখেতিৰ বাবে উপযোগী , সুৰ্যৰ প্ৰখৰ ৰশ্মি লাগে।

শস্যৰ উপযোগিতা:

পানীত হোৱা ধানখেতি।

৫) এজ’লা (সহযোগী)

প্ৰভাৱ:

১) প্ৰতি হেক্টৰত ৩০-১০০ কেজি নাইট্ৰ’জেন স্থিৰীকৰণ,

২) উৎপাদন বৃদ্ধি ১০-২৫ শতাংশ।

সীমাবদ্ত্তা:

১) যথেষ্ট ফছফৰাছ লাগে

২) অতি বেছি উষ্ণতাত বাচি থকা কঠিন।

শস্যৰ উপযোগিতা:

পানীত হোৱা ধানখেতি।

খ) ফছফৰাছযুক্ত জীৱাণু সাৰ:

১) ফছফৰাছ দ্ৰ্ৱীভুত কৰিব পৰা অণুজীৱ (বেক্টেৰিয়া/ভেঁকুৰ)

প্ৰভাৱ:

১) অদ্ৰৱীভুত ফছফৰাছ সহজে দ্ৰৱীভুত কৰে।

২) উৎপাদন বৃদ্ধি ১০-১২ শঅতংশ।

সীমাবদ্ধতা:

১) বেক্টেৰিয়া কোনো ৰাসায়নিকভাৱে নিষ্ক্ৰিয় (Neutral) ৰ পৰা খাৰুৱা আৰু ভেঁকুৰ আম্লিক মাটিত সক্ৰিয়।

শস্যৰ উপযোগিতা:

যিকোনো শস্য

২) ভাম (ভেচিকুলাৰ আৰবাচকুলাৰ মাইক’ৰাইজা) (জীৱিত গছত সহজীৱী)

প্ৰভাৱ:

১) ফছফৰাছ, দস্তা, গন্ধক, লৌহ, তাম আৰু পানীৰ আহৰণ বৃদ্ধি

২) সুষমভাৱে গছৰ বৃদ্ধি হয়।

৩) উৎপাদন বৃদ্ধি।

সীমাবদ্ধতা:

জীৱিত গছত উপযোগী

শস্যৰ উপযোগিতা:

বনজ উদ্ভিদত প্ৰযোজ্য।

ধানখেতিত ‘এজ’লা’ জীৱাণু সাৰৰ খেতি -

এজ’লা এবিধ পানীত হোৱা ঢেঁকীয়া বৰ্গৰ উদ্ভিদ। আৱদ্ধ পানীত ইয়াৰ জন্ম আৰু শ্ৰীবৃদ্ধি সহজতে হয় আৰু পানীত ওপঙি থকা দেখা যায়। ইয়াৰ পাতত ‘এনাবিনা’ এজলি নামৰ এবিধ নীল সেউজ  শেলাই থাকে। ইয়ে বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেন ধৰি ৰাখে। শুকান ওজনৰ ভিত্তিত ইয়াত থকা ফছফৰাছ আৰু পটাছিয়ামৰ মাত্ৰা হ’ল ক্ৰমে ০.৫-০.৯ শতাংশ আৰু ২.০-৬.০ শতাংশ। এজ’লা সহজতে পচি মাটিত মিলি গৈ গছৰ কাৰণে দৰকাৰী খাদ্যমৌল সোনকালে উপলব্ধ হ’ব পৰা কাৰণে খেতিপথাৰত ইয়াক সাৰ হিচাপে গণ্য কৰা হয়।

ধানখেতিত ইউৰিয়া সাৰৰ মাত্ৰা এজ’লা সাৰ প্ৰয়োগৰ দ্বাৰা প্ৰায় ৫০ শতাংশ কমাব পাৰি। শেষবাৰ বোকা দিয়াৰ ২-৩ সপ্তাহ আগতে ৫-১০ চে.মি. পানীৰ গভীৰতাযুক্ত পথাৰত বিঘাই প্ৰতি ৬৫-৭০ কেজি বহল সজীৱ এজ’লা দি ৰাখিলে ধানখেতি ৰোৱাৰ সময়লৈকে যথেষ্ট পৰিমাণে ব্ৰ্ত্ৰিদ্ধি হয়। পথাৰত এজ’লা এৰি দিয়া সময়ত বিঘাই প্ৰতি ৯ কেজি হাৰত একক ছুপাৰ ফছফেট প্ৰয়োগ কৰিব লাগে। আগতীয়াকৈ প্ৰয়োগ কৰা একক ফছফেটখিনি ধানখেতিত প্ৰয়োগ কৰিব লগা ছুপাৰ সাৰখিনিৰ পৰা বিয়োগ কৰিহে বাকী থকা সাৰখিনি ধানখেতিৰ বাবে প্ৰয়োগ কৰিব লাগে। অৰ্থাৎ ওখ জাতৰ বাবে ফছফৰাছযুক্ত সাৰৰ প্ৰয়োগ কৰিব নালাগে, কিন্তু অৰ্ধচাপৰ জাতৰ বাবে ৯ কেজি প্ৰয়োগ কৰিব লাগে।

ধান ৰোৱাৰ পাছতো খেতিপথাৰত এজ’লা এৰি দি প্ৰয়োগ কৰিবলগীয়া নাইট্ৰ’জেনৰ মাত্ৰা কমাব পাৰি। কঠীয়া সঁজাল ধৰাৰ আৰম্ভণিৰ লগে লগে ফুৰাডন ৩ জি প্ৰতি কেজি এজ’লাত ১ গ্ৰামকৈ দি পাছত ২ ঘণ্টাৰ বাবে ঢাকি ৰাখি বিঘাই প্ৰতি আগত দিয়াৰ দৰে ৬৫-৭০ পানী কেজিকৈ এৰি দিব লাগে। এজ’লা এৰি দিয়া সময়ত পথাৰত অৱশ্যে ১০ চে.মি. গভীৰতাত পানী জমা থাকিব লাগে। দুসপ্তাহৰ পাছত যেতিয়া এজ’লাৰ বৃদ্ধি হৈ যথেষ্ট পৰিমাণৰ হয়, তেতিয়া মাটিৰ লগত মিহলাব লাগে। এজ’লাৰ বংশবৃদ্ধিৰ বাবে খেতিপথাৰৰ বাহিৰত অৱস্থিত প্ৰাকৃতিকভাৱে দ’ ঠাই বা পুখুৰী আদিত ব্যৱহাৰ কৰিব পাৰি। ১৫-২০ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰাত এজ’লাৰ বৃদ্ধি ভালদৰে হয়। সেয়েহে পাহাৰীয়া অঞ্চল আৰু অসমত (ডিচেম্বৰ-জানুৱাৰী মাহক বাদ দি) এজ’লাৰ খেতি কৰিব পাৰি।

৪) শস্যক্ৰমত মাহজাতীয় শস্যৰ অন্তৰ্ভুক্তি:

মাহজাতীয় শস্যৰ শস্যক্ৰমত অন্তৰ্ভুক্তিয়ে আৰু তাক মাটিত মিহলি কৰি দিলে মাটিত নাইট্ৰ’জেন, ফছফৰাছ, পটাছ আৰু সুক্ষ্ম খাদ্যমৌল দস্তা, মেংগানিজ, লৌহ আৰু তামৰ দ্ৰৱণীয়তা বৃদ্ধি হয়। নাইট্ৰ’জেন স্থিৰীকৰণ কৰিব পৰা মাহজাতীয় শস্যই মাটিৰ উৰ্বৰতা শক্তি বজাই ৰখাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপুৰ্ণ ভুমিকা গ্ৰহণ কৰে। কম দিনত কৰিব পৰা মাহজাতীয় শস্য হিচাপে মগুমাহ আৰু মাটিমাহ উল্লেখনীয়। এইবোৰ শস্যৰ ছেঁইবোৰে ছিঙি দিয়াৰ পাছত খেতিডৰাত হালবাই দিব লাগে। ধানজাতীয় শস্য প্ৰধান শস্যক্ৰমত মাহজাতীয় শস্যৰ খেতি কৰাটো বাঞ্চনীয়।

ধানখেতিৰ বাবে সংহত পোষক মৌল যোগান পদ্ধতি -

জৈৱিক বা পচনসাৰ হেক্টৰে প্ৰতি শুষ্ক ওজনৰ ভিত্তিত ১ টন প্ৰয়োগ কৰিব লাগে। অণুজীৱ সাৰ, যেনে- এজ’স্পাইৰিলাম আৰু ফছফেট দ্ৰৱণকাৰী অণুজীৱ প্ৰতিবিধৰ হেক্টৰে প্ৰতি ৪ কেজি, ৰকফছফেট হেক্টৰে প্ৰতি ৫৬ কেজি মিউৰিয়েট অৱ পটাছ ৬৭ কেজিকৈ প্ৰতি হেক্টৰ হিচাপত লৈ শুষ্ক জৈৱিক সাৰখিনিৰ লগত মিহলাই বা অকলে খেতিপথাৰত ধান ৰোৱাৰ আগতে প্ৰয়োগ কৰিব লাগে। ধান-ধান, ধান-মাহঅজতীয় শস্য-ধান বা অকল ধান শস্যক্ৰমত এনেকৈ সাৰ ব্যৱস্থাপনা পদ্ধতি অৱলম্বন কৰিলে অধিক উৎপাদন পোৱা যায়।

লেখক: ড° ৰমনীকান্ত ঠাকুৰীয়া

উৎস: আধুনিক কৃষিকথা (কৃষি আৰু পৰিৱেশ)

 

 

 

 

 

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top