মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / আলু খেতিৰ উন্নত কৃষি পদ্ধতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আলু খেতিৰ উন্নত কৃষি পদ্ধতি

আলু খেতিৰ উন্নত কৃষি পদ্ধতিৰ বিষয়ে লিখা হৈছে

 

শীতকালৰ বিভিন্ন শস্যৰ ভিতৰত আলুৰ চাহিদা যথেষ্ট বেছি। ব্যৱসায়িক দিশৰ পৰাও আলু অধিক লাভজনক। বৰ্তমান অসমত প্ৰায় ৭৮ হেজাৰ হেক্টৰ মাটি আলু অধিক লাভজনক হৈ আছে। পদ্ধতিগতভাৱে খেতি কৰিলে আলুৰ পৰা যথেষ্ট লাভৱান হ’ব পাৰি। জলবায়ুৰ ফালৰ পৰা বিবেচনা কৰিলে দেখা যায় যে আলুৰ গোট ধৰাৰ বাবে উষ্ণতা ২০° ছেঃ গ্রেঃতকৈ বেছি হ’ব নালাগে। তাপমাত্রা বাঢ়ি গ’লে আলুৰ গোট ধৰা প্রক্রিয়াত বাধাগ্রস্ত হয় আৰু ২৯° ছেঃ গ্রেঃ উষ্ণতাত এই প্রক্রিয়া বন্ধ হৈ যায়।

মাটি নির্বাচন আৰু প্ৰস্তুতি

 

আলু খেতিৰ বাবে পানী জমা নোহোৱা জৈৱিক পদার্থৰে সমৃদ্ধ বালিচহীয়া বা পলসুৱা মাটি উত্তম। খেতি কৰিব লগা মাটিডোখৰ ভালকৈ হালবাই মিহি কৰি ল’ব লাগে। মাটিৰ ওপৰভাগ মৈৰে সমান কৰি লোৱা আৱশ্যক যাতে জলসিঞ্চন বা বৰষুণৰ পানী চাৰিওদিশে সমভাৱে বিস্তাৰিত হ’ব পাৰে। মাটিডোখৰ চহ কৰা সময়ত যথেষ্ট পৰিমাণে পচন সাৰ দিব লাগে। আলুৰ আকৃতি আৰু উৎপাদন মাটিৰ গঠন আৰু ভৌতিক গুণাগুণৰ ওপৰত বহুলাংশে নির্ভৰ কৰে। আলতীয়া মাটিত আলুৰ শ্ৰীবৃদ্ধি সমভাৱে নহয় আৰু আলুৱে ওখোৰা মোখোৰা হয়। সেয়েহে পানী বন্ধ নোহোৱা বালিচহীয়া পলসুৱা মাটিত আলু খেতি ভাল হয়। মাটিৰ অম্লতা ৫-৭.৫ ৰ ভিতৰত হ’লে ভাল।

জাত আৰু বীজ নির্বাচন

 

আলুৰ উৎপাদন বঢ়াবলৈ হ’লে উপযুক্ত জাত বাছনি কৰাৰ উপৰি বীজৰ আকৃতিৰ লগতে আন গুণাগুণসমূহো লক্ষ্য কৰিব লাগে। বীজৰ বাবে কৰা আলুৰ ওজন অতি কমেও ২৫ ৰ পৰা ৪০ গ্ৰাম হোৱা উচিত। বীজ হিচাপে ব্যৱহাৰ কৰা আলুত সদায় ২-৩ টাকৈ চকু লাগে। আলুৰ অনুমোদিত জাতসমূহ হ’ল কুফ্রী জ্যোতি, কুফ্রী চন্দ্ৰমুখী, কুফ্রী মেঘা, কুগ্ৰী সিন্দুৰী ইত্যাদি।

ৰোৱা পদ্ধতি

 

আলু যদিও কেইবাটাও পদ্ধতিৰে ৰুব পাৰি, তথাপি আমাৰ কৃষকসকলে সাধাৰণতে অৱলম্বন কৰা পদ্ধতিটো হ’ল লোৰত ৰোৱা পদ্ধতি। এই লোৰত ৰোৱা পদ্ধতিটো আনবোৰতকৈ শ্রেয়। আলু ৰোৱাৰ সময়ত গজালিবোৰ যাতে ভাঙি নাযায়। তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। গজালিবোৰ ওপৰলৈ মূৰ কৰি থাকিব লাগে।

দুটা লোৰৰ মাজৰ দূৰত্ব ৫০-৬০ ছেঃ মিঃ আৰু দুটা বীজৰ দূৰত্ব ১৫-২০ ছেমিঃ হ’ব লাগে। এবিঘা মাটি ৰুবলৈ প্রায় ৩-৩.৫ কুইণ্টল আলুৰ প্রয়োজন হয়। আলু ৰোৱাৰ উপযুক্ত সময় হ’ল কাতিমাহ।

সাৰ প্ৰয়োগ

 

যিকোনো খেতিৰ বাবে মাটিত ৰাসায়নিক সাৰৰ উপৰি জৈৱিক সাৰ প্রয়োগ কৰাটো অতি প্রয়োজন। আলু খেতিত যথেষ্ট পৰিমাণে জৈৱিকসাৰ প্রয়োগ কৰাৰ উপৰি প্ৰতিবিঘা মাটিৰ বাবে ১৯ কেজি ইউৰিয়া, ৪৫ কেজি একক ছুপাৰ ফছফেট আৰু ১২ কেজি মিউৰেট অব পটাছ প্রয়োগ কৰিব লাগে। যদিহে ডি এ পি প্রয়োগ কৰা হয়। তেতিয়া হ’লে প্রতিবিঘা মাটিৰ বাবে ১৩ কেজি ইউৰিয়া, ১৫ কেজি ডি এ পি আৰু ১২ কেজি মিউৰেট অব্‌ পটাছ প্রয়োগ কৰিব লাগে। সমুদায় সাৰখিনি লোৰবোৰত প্রয়োগ কৰিব লাগে। বীজৰ লগত যাতে সাৰৰ প্ৰত্যক্ষ সংযোগ নঘটে তাৰ বাবে সাৰখিনি দিয়াৰ পিছত মাটিত ভালদৰে মিহলাই দিব লাগে।

মধ্যকালীন পৰিচৰ্যা

 

আলুৰ গুৰিত মাটি চপোৱাটো এক গুৰুত্বপূর্ণ কথা। মাটিৰ উপৰিভাগৰ ঠিক তলতেই আলুবোৰ হয় আৰু ৰ’দ লাগিলে আলুবোৰ সেউজীয়া ৰং ধৰি খোৱাৰ বাবে অনুপযুক্ত হৈ পৰে। আলু ৰোৱাৰ ২৫ দিনমানৰ পাছত এবাৰ আৰু ৫৫-৬০ দিনৰ পাছত আনবাৰ মুঠতে দুবাৰ মাটি চপাই দিলে লোৰবোৰ ঢাপলৈ ৰূপান্তৰিত হয়।

জলসিঞ্চন আৰু অপতৃণ নিয়ন্ত্রণ

 

আলু খেতিত জলসিঞ্চনৰ যথেষ্ট গুৰুত্ব আছে। নির্দিষ্ট সময়ত পানী যোগান ধৰিলে শস্যৰ বৃদ্ধিত সহায় হোৱাৰ উপৰি ৰঙা পৰুৱা আৰু গুৰি কটা পোকৰ নিয়ন্ত্ৰণত সহায় কৰে। আলু খেতিত বিশেষকৈ তিনিটা সময়ত পানী যোগান ধৰা অতি আৱশ্যক। প্রথমবাৰ ৰোৱাৰ পৰা ২৫-৩০ দিনৰ পাছত, দ্বিতীয়বাৰ ৫৫-৬০ দিনৰ পাছত যেতিয়া আলু ধৰিবলৈ লয় আৰু তৃতীয়বাৰ ৭০-৮০ দিনৰ পাছত অর্থাৎ আলুৰ বৃদ্ধিৰ সময়ত।

পানী যোগানৰ সুবিধা নাথাকিলে সীৰলুবিলাক পানীমেটেকা, খেৰ আদিৰে ঢাকি দিব পাৰি যাতে মাটিত থকা জলীয় বাষ্প উৰি যাব নোৱাৰে আৰু গছৰ গুৰি অংশ কিছু পৰিমাণে জীপাল হৈ থাকে। মেটেকাৰে ঢাকি দিলে বন-বাতৰ উপদ্ৰৱ কম হয়। তদুপৰি ৰোৱাৰ ৬ সপ্তাহলৈকে খেতিডৰা বন বাত নোহোৱাকৈ ৰখাটো অতি প্রয়োজনীয়। গতিকে উপযুক্ত সময়ত আলু খেতিৰ উপযুক্ত যতন ল’লে আমাৰ কৃষকসকলে ভাল উৎপাদন আশা কৰিব পাৰে।

ড° ৰিঞ্জুমণি দত্ত, দৈনিক জনমভূমি।

2.92
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top