মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / আহক বতৰলৈ বাট নাচাই সেউজ গৃহত তিয়ঁহ খেতিত ধৰোঁ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আহক বতৰলৈ বাট নাচাই সেউজ গৃহত তিয়ঁহ খেতিত ধৰোঁ

আহক বতৰলৈ বাট নাচাই সেউজ গৃহত তিয়ঁহ খেতিত ধৰোঁ, সেই বিষয়ে লিখা হৈছে ।

 

তিয়ঁহৰ দাম এতিয়া কিমান গম পাইনে? নে বজাৰ কৰা অভ্যাস নাইয়ে?বজাৰত এই অবতৰত  তিয়ঁহৰ বজাৰত জুই লাগে। কিনিম বুলি দাম সুধি, হাত কোঁচখাই যোৱা দাম ক’লে কাৰনো বাৰু কিনিব মন যাব, হয়নে! তিয়হৰ খেতিৰ বতৰঠাণ্ডাকালি আৰু জহকালিৰ মাজৰ সময়ছোৱা। তিয়ঁহ গছে ঠাণ্ডাও সহ্য নকৰে, অধিক গৰমো সহ্য নকৰে। সেয়েহে ফাগুন সোমালেহে আমাৰ খেতিয়কে  তিয়ঁহখেতিত হাত দিয়ে। ফাগুন মানে ফেব্ৰুৱাৰী মাজ সীমাৰ পৰা মাৰ্চৰ মাজ সীমা।

তিয়ঁহৰ গুণৰ বিষয়ে নকলেও চলে। কেঁচা তিয়ঁহৰ বাকলিতো ঔযধীয় গুণআছে। সৌন্দয্য চৰ্চাত  তিয়ঁহৰ স্থান নিগাজী। চকুৰ গুৰি কলা পৰিছে? তিয়ঁহৰ চকলমুদা চকুৰ ওপৰত, চকুৰ তলত অলপসময় লগাই ৰাখক।

*মুখৰ ছাল,

*হাতৰ ছাল,

*ভৰিৰ ছাল নিমজ কৰিবলৈ তিয়ঁহৰ ৰস তুলনাবিহীন।

সৌন্দয্য চৰ্চা বিশেষজ্ঞসকলৰ কাৰণে তিয়ঁহ মকৰধ্বজৰ দৰে। আজি কালি এণ্টিঅক্সিজেনৰ কথা সকলোৰেমুখত শুনা যায়। কেঁচা সতেজ তিয়ঁহ এই ক্ষেত্ৰত অতি চহকী।

*খাদ্যপ্ৰাণ,

*ধাতৱখাদ্যগুণ,

*শ্বেতসাৰ,

*পানী ইত্যাদি আটাইবোৰ খাদ্যৰ গুণ লৈ তিয়ঁহৰ গুণানুকীৰ্ত্তনগাই শেষ কৰিব নোৱাৰি।

শৰীৰত অন্য খোৱা বস্তুৰ পৰা সৃষ্টি হোৱা মুক্ত যৌগ (ফ্ৰীৰেডিকেলচ)নাশ কৰিব পৰা ক্ষমতা এই এণ্টিঅক্সিডেণ্টৰে কাম। তিয়ঁহত থকা এবিধএণ্টিঅক্সিডেণ্ট হল ‘গ’ ভিটামিন বা ভিটামিন ‘চি’।  একোজন প্ৰাপ্তবয়স্ক মানুহকদৈনিক প্ৰয়োজনীয় খাদ্যপ্ৰাণ ‘গ’ এটা তিয়ঁহেই যোগান ধৰিব পাৰে।

প্ৰকৃতিৰ নিয়ম অনুযায়ী অসমত ফেব্ৰুৱাৰীৰ প্ৰথমসপ্তাহৰ পৰাই দৈনিক তাপমাত্ৰা বাঢ়িবলৈ আৰম্ভ  কৰে। আজি যি তিয়ঁহক আমি বিদেশী জাতৰ নামেৰেহে চিনিপাওঁ; সেই তিয়ঁহৰ মূল ঘৰখন অসম-ম্যানমাৰৰ সীমাতবুলি কলে উচপ খাই নুঠিব। নাগা পাহাৰৰ মুকংচোঙৰস্থানীয় তিয়ঁহ তুলনাবিহীন। তিয়ঁহ নিজৰ হৈয়ো আমাৰনিজা জাত নাই বুলি কলে মিছা কোৱা নহয়। এইগছজোপাৰ স্ত্ৰীপুষ্প আৰু পুংপুষ্পৰ সংখ্যাৰ অনুপাতত তাপমানৰ প্ৰত্যক্ষ প্ৰভাব পৰে।

গঢ় তাপমান আঠাইশ ডিগ্ৰী চেলচিয়াচৰ ওপৰলৈ গলেই তিয়ঁহ গছজোপাৰ পুষ্পবোৰপুংপুষ্পলৈ পৰিবৰ্ত্তিত হয়। এই ক্ষুদ্ৰ তত্ত্বটোৱেই তিয়ঁহ  খেতিৰ সময়টো আমাৰ ইয়াতসংকীৰ্ণ কৰি ৰাখিছে। ঠাণ্ডাতো নহয়, গৰমতো নহয়। সেয়ে কোৱা হয় তিয়ঁহ মধ্যউষ্ণতাৰ খেতি।

এতিয়া বজাৰত অধিক মাত্ৰাত স্ত্ৰীপুষ্প ওলোৱা বৰ্ণসংকৰ (এফ ওৱান) জাতউভৈনদী হৈ পৰিছে। আজিৰ তাৰিখত সাতাইশটা জাত আমাৰ অসমৰ বজাৰতেপায়। ইয়াৰে সৰহখিনি বিদেশী বজাৰৰ গুটি। বছৰটোৰ চাৰিমাহতেই শেষ হৈ যোৱাখেতি এতিয়া বিজ্ঞানৰ বলত আৰু তিনি মাহলৈ বঢ়াব পৰা হৈ পৰিছে। অৰ্থাত দুগুণউত্পাদন। কেনেকৈ এইয়া সম্ভব হব পাৰে? মুকলি মাটিত খেতিৰ উপযোগী তাপ ৰাখিব পৰা কম খৰচী একো ব্যৱস্থাই নাই।

এডাল দীঘল আঁচক নুচুৱাকৈ চুটিকৰিবলৈ, আঁচডালৰ কাষতে আৰু এডালবেছি দীঘল আঁচ টানি দিলেই হোৱাৰ দৰেখেতি কৰিব পৰা পৰিসৰ বঢ়াবলৈ ঠাণ্ডাকালিকে বাচি লোৱা হৈছে। ঠাণ্ডাত তিয়ঁহখেতি নহয়, কি হল? আমি ঠাণ্ডা পৰিবেশকগৰম কৰিব পৰা ব্যৱস্থা জানোঁ।

কম খৰচী সেউজ গৃহত অতি সহজেইঠাণ্ডাকালিতেই তিয়ঁহ খেতি কৰিব পাৰি। যিহেতু সেউজ গৃহত ব্যৱহাৰ হোৱাপলিইথাইলিনৰ ঢাকোন খনেই নৱেম্বৰ, ডিচেম্বৰ আৰু জানুৱাৰী মাহৰ ঠাণ্ডা বতৰকোঘৰটোৰ তলত গৰম কৰি ৰাখিব পাৰে। সেউজ গৃহটোৰ ভিতৰলৈ অহাৰ লগে লগেতিয়ঁহ খেতিৰ নিয়ম নীতিৰ পৰিবৰ্ত্তন কৰিবলগীয়াত পৰে।

মুকলিত কৰিলে তিয়ঁহৰপুলিৰ দুৰত্ব ডেৰমিটাৰৰ পৰা দুই  মিটাৰ ৰখা হয়। সেই একেবোৰ জাত ব্যৱহাৰকৰি সেউজ গৃহত এশবিশ চেণ্টিমিটাৰ বহল ভেটীত  দুটা শাৰীৰ মাজত ষাঠিচেণ্টিমিটাৰ ৰাখি শাৰীত পুলিৰ দুৰত্ব ত্ৰিশ চেণ্টিমিটাৰলৈ কমাই সৰহ সংখ্যক পুলিলগোৱা হয়। এই গোটেই প্ৰক্ৰিয়াৰ বাবে ওপৰৰ পৰা ওলমোৱা ৰচীৰ প্ৰয়োজন হৈ পৰে।

অসমীয়া মানুহে মাটি তিয়ঁহক খুউব ভালদৰেই চিনি পায়। দুঃখৰ বিষয়আমাৰ ইয়াত মাথোন ইয়াৰ আদৰ নাই। তুলনামূলক ভাবে সামান্য চুটি, মাটিৰবৰণৰ গোটা টিয়ঁহ কলা বৰণৰ সৰু সৰু কাঁইট থকা মাটি তিয়ঁহ।

মাটিতেই বগাইহয় কাৰণে মাটি তিয়ঁহ নাম ৰাখিছে। বহাগ বিহুত ছাট সাজি লাউ, বেঙেনা, তিতাকেৰেলাৰ লগত শিঙি লোৱা তিয়ঁহৰ চকলবোৰ বোৰ মাটি তিয়ঁহেই। আমাৰ  অসমতমাঘৰ বিহুৰ পৰা বহাগলৈকে উপলদ্ধ হোৱা এইবিধ তিয়ঁহৰ খাদ্য গুণ অধিক বেছি। এই মাটি তিয়ঁহবোৰকে ইংৰাজীত Prickling cucumber বুলি কয়। আমিসাধাৰণতে চিনি পোৱা তিয়ঁহবোৰ Slicing cucumber। এইবোৰৰ ওপৰিও আৰুএবিধ গুটি নোহোৱা তিয়ঁহ আছে যাক Burpee বা Seedless cucumber বুলিকোৱা হয়।

এই তিনিওবিধ আবতৰীয়া, আগতীয়াকৈ তিযঁহ পাবলৈ নৱেম্বৰৰ (কাতি মাহৰঅৰ্দ্ধেক যাওঁতেই)আৰম্ভনীতেই তিযঁহৰ গুটি সিচিব পাৰোঁ। মাটিত গুটি সিঁচাৰ পৰাপঞ্চলিশ দিনৰ ভিতৰতেই প্ৰথম ফুল ওলায়। তিয়ঁহ গছৰ বৰ ডাঙৰ গুণ এটা আছে।

এই গুণটো হল ইয়াৰ প্ৰতিটো গাঁঠিৰ গুৰিত এখিলা পাত আৰু পাতৰ ঠাৰিৰ গুৰিতএকোটা বা ততোধিক ফুলৰ কলি ওলায়। সেই ফুল হয় পুৰুষ লিঙ্গী নতুবা স্ত্ৰীলিঙ্গী। একেৰাহে ছয়-সাতোটা একে লিঙ্গী ফুল ওলাই তাৰ পিচৰ স্তৰত বিপৰীত লিঙ্গৰ ফুলওলায়। ফুল নোলালে মাজে মাজে ডাল ওলায়। ফুলৰ লিঙ্গ নিৰ্দ্ধাৰণত বতৰৰতাপমানৰ পোনপটীয়া প্ৰভাব পৰে। তাপমান ঠাণ্ডাও নহয়, গৰমো নহয় তেনেকুৱামানদণ্ডৰ তাপত তিয়ঁহ গছত ফুলবোৰ স্ত্ৰীলিঙ্গী হৈ ওলায়। আঠাইশ  ডিগ্ৰী পাৰ হলেইদ্বীলিঙ্গ লাউ, ৰঙালাউ, তিয়ঁহ জাতীয় গছবোৰত পুৰুষ লিঙ্গী ফুল বেছি ওলায়।  লাউ, ৰঙালাউ সেয়েহে লগোৱা সময় আঘোন-পুহতে পৰে। অথচ তিয়ঁহ ফাগুনলৈ ৰবলাগে। বিশ্বৰ বজাৰত এতিয়া তিয়ঁহৰ জাতবোৰ স্ত্ৰীলিঙ্গী  বা পাৰথিন’কাৰপিকচৰিত্ৰৰ।

ভাৰতত এই ধৰণৰ স্ত্ৰীলিঙ্গী জাত সহজে পোৱা নাযায়। হলেণ্ডৰ পৰাআমদানী কৰা তিনিবিধ পাৰথিন’কাৰপিক তিয়ঁহ বাঙ্গালুৰুৰ বজাৰত ওলাইছে। চিন্তাকৰকচোন প্ৰতিটো গাঁঠিত দুটা তিনিটাকৈ তিয়ঁহ লাগিলে আপুনি কিমান তিয়ঁহগছজোপাই প্ৰতি লাভ কৰিব।  নহলেও নাই, দ্বীপুষ্পী জাতবোৰকে ব্যৱহাৰ কৰিওঅনেক লাঙ হব।

এই কথাবোৰ নিজে কৰি নিজৰ অভিজ্ঞতাৰ পৰাহে লিখিছোঁ। কিতাপৰ কথানহয়। কম খৰচী সেউজ গৃহ তিয়ঁহ খেতিৰ কাৰণে অতি উত্তম।ৰব, এতিয়াই এইআলোচনা শেষ হোৱা নাই। তিয়ঁহ  গছজোপাৰ আৰু এটা গুণ হল ইয়াৰ মূল ডালতফুল মেলা প্ৰক্ৰিয়া, কাষৰ পৰা ওলোৱা ডালবোৰতোহুবহু (Sympodial) একেহোৱাৰ কাৰণে মাত্ৰাধিক তিয়ঁহ গছজোপাত লাগিবলৈ লোৱাত ক্ৰমান্বয়ে  ওপৰৰআটাইবোৰ তিয়ঁহ সৰু হৈ পৰে।

সেয়ে ডালবোৰৰ আগ অলপ কাটি নিয়ন্ত্রণ কৰাৰপ্ৰয়োজন হয় পৰে যাতে আটাইবোৰ তিয়ঁহ প্ৰায় একে জোখৰ হয়। বাকী থাকিল সাৰ-পানী।  পচন সাৰ আৰু পানী যোগান ধৰিলেই আপুনি আকৌ এই খেতিৰো এজনসফল খেতিয়ক হৈ উঠিব।

তিয়ঁহৰ মূৰটো খাবলৈ তিতা হয়েই। মূৰটোৰ অলপ কাটি লৈ পুণৰ কটাদিশটোৰে আন অংশত ঘঁহি ঘঁহি ফেনাই আঁতৰাই ললেই তিতা ভাবটো নোহোৱা হৈপৰে।

পাৰথিন’কাৰপিক জাতবোৰৰ মূৰটো  সমূলি তিতা নহয়। আৰু এটা কথা কওঁ।তিয়ঁহ বাকলিৰ সৈতেহে খাব লাগে। যেনেকৈ আপেলো বাকলিৰ সৈতে খায়।

হে সুধী পাঠক, ৰৈ নাথাকিব। আজিয়ে আৰম্ভ কৰক। ব্যৱসায় নকৰে নাই,নিজে খাবলৈকে কৰক। আদিম ভোকে সদায় জোকাই আছে নহয়। দুই-চাৰিজোপাগছ লগাই তাৰ ফল আনকো বিলাওক। আপোনাৰ সাধু ও বিনয়ী ভগাই খোৱাস্বভাৱক  সকলোৱে প্ৰশংসা কৰিব। ইচ্ছা কৰিলে আৰ চি চি ঘৰৰ ওপৰৰ চাদলৈওতিয়ঁহৰ খেতিক তুলি নিব পাৰে। থাৰ্মোকোল বাকচত সাৰুৱা মাটি আৰু পচন সাৰভৰাই খেতি কৰিব পাৰিব।

আৰু বেছি ইচ্ছা কৰিলে তিয়ঁহ খেতিক ব্যৱসায়িক ৰূপোদিব পাৰ।

লেখক: ড° লোচন শইকীয়া

অসম কৃষি বিশ্ববিদ্যালয়,যোৰহাট ,

ম’বাইল: ৯১০১৭৬১২১৪

 

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top