মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / উদ্যান শস্যৰ সংহত বিকাশৰ বাবে প্ৰযুক্তি অভিযান ৰূপায়ণৰ কাৰ্যকৰী নিৰ্দেশিকা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উদ্যান শস্যৰ সংহত বিকাশৰ বাবে প্ৰযুক্তি অভিযান ৰূপায়ণৰ কাৰ্যকৰী নিৰ্দেশিকা:

উদ্যান শস্যৰ সংহত বিকাশৰ বাবে প্ৰযুক্তি অভিযান ৰূপায়ণৰ কাৰ্যকৰী নিৰ্দেশিকা লিখা হৈছে

 

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত উদ্যান শস্যৰ বাবে প্ৰযুক্তি অভিযানৰ ৰূপায়ণত বেচৰকাৰী সংস্থাসমূহৰ সহযোগীকৰণ:

 

ক)নতুনকৈ গঠিত হোৱা বেচৰকাৰী সংস্থাসমূহৰ ক্ষেত্ৰত যিসমূহে কেন্দ্ৰীয় মন্ত্ৰালয়/উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বিভাগে পৰিচালনা কৰা আঁচনিৰ বাবে প্ৰথমবাৰলৈ সাহায্য বিচাৰি প্ৰস্তাৱ জমা দিছে তেনেবোৰ বেচৰকাৰী সংস্থাৰ ক্ষেত্ৰত গৃহ মন্ত্ৰালয়ৰ অনুমোদনৰ প্ৰয়োজন।

খ)ইতিমধ্যে প্ৰতিষ্ঠিত, কৰ্ম সম্পাদন কৰি থকা আৰু বিভিন্ন কাম-কাজৰ বাবে আগতে কেন্দ্ৰীয় সাহায্য লাভ কৰা বেচৰকাৰী সংস্থাৰ ক্ষেত্ৰত গৃহ মন্ত্ৰালয়ৰ অনোমোদনৰ প্ৰয়োজন নহ’ব। বেচৰকাৰী সংস্থাৰ পূৰ্ববৰ্তী কোনো সন্দেহজনক কাৰণ দেখা দিলে বেচৰকাৰী সংস্থাটোৱে পূৰ্বতে প্ৰকল্পৰ বিপৰীতে সাহায্য লাভ কৰা সংশ্লিষ্ট মন্ত্ৰালয়/বিভাগৰ পৰা সবিশেষ তথ্য আহৰণ কৰা হ’ব। যদিহে কেন্দ্ৰীয় মন্ত্ৰালয়/কেন্দ্ৰীয় সংস্থাসমূহে বেচৰকাৰী সংস্থাটোৰ অস্তিত্ব আৰু সংস্থাটোলৈ পূৰ্বতে মুকলি কৰি দিয়া পুঁজিৰ ব্যৱহাৰৰ ক্ষেত্ৰত সন্তুষ্টি প্ৰকাশ কৰে তেন্তে নিৰ্দ্দিষ্ট বেচৰকাৰী সংস্থাটোৱে পুঁজি মঞ্জুৰীৰ বাবে আবেদন কৰিব পাৰে আৰু বিধি অনুসৰি প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিব পৰা যায়। পৰবৰ্তী কিস্তিৰ ক্ষেত্ৰত, কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পদস্থ বিষয়াই পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰত নিজে কৰা সবিশেষ তদন্তৰ পিচতহে যদিহে পুঁজিৰ প্ৰকৃত ব্যৱহাৰ হোৱা বুলি নিশ্চিত হয় তেনে ক্ষেত্ৰতহে কেন্দ্ৰীয় মন্ত্ৰালয়/কেন্দ্ৰীয় সংস্থাসমূহে অনুমোদিত আঁচনিৰ বিপৰীতে পৰবৰ্তী পুঁজি মুকলি কৰাৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব। যদিহে কোনো বেচৰকাৰী সংস্থাই প্ৰাপ্ত পুঁজিৰ ব্যৱহাৰ নকৰে বা উপযুক্ত ধৰণে ব্যৱহাৰ নকৰে তেনেহ’লে কেন্দ্ৰীয় মন্ত্ৰালয়/কেন্দ্ৰীয় সংস্থাসমূহে বেচৰকাৰী সংস্থাটোৰ নাম অপৰাধী তালিকাত অন্তৰ্ভুক্ত কৰাৰ লগে লগে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব। পৰবৰ্তী কিস্তিত ধন একেধৰণৰ বাস্তৱিক পৰিস্থিতিৰ অনুধাৱন সাপেক্ষেহে মুকলি কৰি দিয়া হ’ব।

আদৰ্শ পুষ্প কেন্দ্ৰ:

 

ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সামগ্ৰিক তত্বাৱধান আৰু কাৰিকৰী সহযোগিতাতহে আদৰ্শ পুষ্প কেন্দ্ৰ স্থাপন কৰিব পাৰিব। এটা আদৰ্শ পুষ্প কেন্দ্ৰ স্থাপনৰ বাবে মুঠ অনুমোদিত ব্যয়ৰ পৰিমাণ ৭০ লাখ টকা। ৰাজ্যখনৰ পুষ্পখণ্ডৰ বিকাশৰ বাবে আদৰ্শ পুষ্পকেন্দ্ৰই কেন্দ্ৰীয় গোট হিচাপে সেৱা আগবঢ়ায়। ইয়াৰ বাবে ৰাজ্য চৰকাৰে আদৰ্শ পুষ্প কেন্দ্ৰ স্থাপন কৰিবলৈ বিচৰা স্থানৰ সবিশেষ, আন্তঃগাঁথনি আৰু সঁজুলিৰ সুবিধা আৰু ক্ৰয়ৰ বাবে প্ৰস্তাৱ আদিৰে বিশদ প্ৰকল্প প্ৰতিবেদন যুগুতাব লাগিব। উৎপাদিত ফুলৰ বিপণনৰ প্ৰতি লক্ষ্য ৰাখি ৰোপণ সামগ্ৰী/জনন সামগ্ৰী ভাৰতীয় কৃষি গৱেষণা পৰিষদ বা বিদেশৰ পৰা সংগ্ৰহ কৰিব লাগিব। আদৰ্শ পুষ্প কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াজন প্ৰশিক্ষণপ্ৰাপ্ত বিশেষজ্ঞ হোৱাৰ উপৰিও দেশত ইতিমধ্যে স্থাপন কৰা কোনোবাটো আদৰ্শ পুষ্প কেন্দ্ৰ তেওঁ দৰ্শন পকৰিব লাগিব। আদৰ্শ পুষ্প কেন্দ্ৰৰ বিষয়াজনে কেন্দ্ৰটোত কমেও তিনিবছৰ কাৰ্যনিৰ্বাহ কৰাতো ৰাজ্য চৰকাৰে নিশ্চিত কৰিব লাগিব। আদৰ্শ পুষ্প কেন্দ্ৰ ৰাজহুৱা খণ্ডত স্থাপন কৰা হ’ব।

সংহত মাশ্বৰুম গোট:

 

সংহত মাশ্বৰুম গোটতো ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সামগ্ৰিক তত্বাৱধান আৰু কাৰিকৰী সহযোগত স্থাপন কৰিব লাগিব। মুঠ অনুমোদিত ৫০ লাখ টকা ব্যয় সাপেক্ষে সংহত মাশ্বৰুম গোটটোত প্ৰাথমিকভাৱে এটা পচন গোট, এটা বীজ উৎপাদন গোট, এটা প্ৰশিক্ষণ গোট আৰু এটা সংসাধন গোট থাকিব। মাশ্বৰুম গোটটোৰ ভাৰপ্ৰাপ্ত বিষয়াজন প্ৰশিক্ষিত উদ্ভিদ ৰোগ বিশেষজ্ঞ(Plant pathologist) হ’ব লাগিব। সম্ভাৱনাপূৰ্ণ স্থানত সংহত মাশ্বৰুম গোটটো স্থাপন কৰিব লাগিব। মাশ্বৰুম গোটটো স্থাপন কৰোতে নিৰ্দেশিকাত উল্লেখিত উপাংশসমূহ আৰু সোলানত থকা ৰাষ্ট্ৰীয় মাশ্বৰুম গৱেষণা কেন্দ্ৰৰ দ্বাৰা নিৰ্দেশিত নক্সা অনুসৰি পুঁজি ব্যয় কৰিব লাগিব। সংহত মাশ্বৰুম উৎপাদন গোটটোৰ কৰ্মীসকল সোলানৰ ৰাষ্ট্ৰীয় মাশ্বৰুম গৱেষণা কেন্দ্ৰৰ দ্বাৰা প্ৰশিক্ষিত হ’ব লাগিব। মাতৃ গোটটোক যোগান ধৰা ট্ৰাকৰ জৰিয়তে কৃষকসকলৰ দুৱাৰদলিত পচন সামগ্ৰী আৰু মাশ্বৰুম বীজ যোগান ধৰিব লাগিব। তেনেদৰে কৃষকৰ পৰা উৎপাদিত সামগ্ৰী মাতৃ গোটলৈ আনি সংসাধন কৰি বিপণনৰ দিহা কৰিব লাগিব। সংহত মাশ্বৰুম উৎপাদন গোটটো ৰাজহুৱা খণ্ডত স্থাপন কৰা হ’ব।

পানীৰ উৎসৰ সৃষ্টি:

 

উদ্যান শস্যত বছৰ জুৰি জলসিঞ্চনৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ পানীৰ উপযুক্ত উৎস কৰিব লাগিব। ১ হেক্টৰ মাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ সৃষ্টি কৰা এটা সমূহীয়া পুখুৰীৰ বাবে ১ লাখ টকাৰ ৰাজসাহায্যৰ ব্যৱস্থা আছে। ১০ হেক্টৰ কৃষিভূমিত জলসিঞ্চন কৰিবলৈ প্ৰতিটো পুখুৰীৰ বাবে আগবঢ়োৱা ৰাজসাহায্যৰ উৰ্দ্ধতম সীমা ১০ লাখ টকা। এই ৰাজসাহায্য কৃষক গোটক বা সমূহীয়াভাৱে আগবঢ়োৱা হ’ব। পুখুৰীৰ চাৰিওফালঅৰ বেৰ, তলি কংক্ৰিটেৰে সাজি পকা কৰিব লাগিব। ১ হেক্টৰ কৃষিভূমিত ১ ছেন্টিমিটাৰকৈ বছৰত তিনিটা জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ পুখুৰীটোৰ আয়তন ৩০০ ঘন মিটাৰ হ’ব লাগিব। এনেকুৱা এটা পুখুৰীৰ আকাৰ, ওপৰৰ ফালেৰে ২০ মিটাৰ দৈৰ্ঘৰ, ১৫ মিটাৰ প্ৰস্থৰ আৰু ১.৫ মিটাৰ গভীৰতাৰ আৰু তলীৰ দৈৰ্ঘ ১৮ মিটাৰ আৰু প্ৰস্থ ১৩ মিটাৰ হ’ব।

এই গাঁথবিবোৰ ব্যাখ্যাসূচক আৰু ইয়াৰ প্ৰকৃত আকাৰ পুখুৰীটোৰ নিৰ্মাণ স্থানৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াৰ নক্সা প্ৰয়োজন সাপেক্ষে অসামৰিক অভিযন্তাৰ(Civil Engineer)সহায় লৈ প্ৰস্তুত কৰা হ’ব যাতে ই স্থায়িত্ব লাভ কৰিব পৰা হয়।

  • ওপৰোক্ত আকাৰৰ(পকা গাঁথনিৰ) এটা সমূহীয়া পুখুৰীৰ বাবে বিত্তীয় সাহায্যৰ পৰিমাণ ১ লাখ টকা।
  • এনেকুৱা সমূহীয়া পুখুৰী এটা কমেও ২০-২৫ বছৰৰ বাবে কাৰ্যক্ষম হৈ থাকিব লাগিব।

আয়তন:

 

গড় দৈৰ্ঘ্য*গড় প্ৰস্থ*গভীৰতা

২০+১৮/২*১৫+১৩/২*১.৫

অৰ্থাৎ, ১৯*১৪*১.৫= ৩০০ ঘনমিটাৰ।

পুখুৰীৰ সংগৃহীত পানী ২০ শতাংশ মুকলি তলৰ সৈতে ১.২৭ মিটাৰ গভীৰতাৰ হ’ব।

পুখুৰীটোৰ কাষৰ বেৰবোৰ ইটাৰে ১৮ ইঞ্চি ডাঠকৈ গাঁথি চিমেন্টেৰে প্লাষ্টাৰ কৰিব লাগিব। পুখুৰীটোৰ তলী কমেও ৯ ইঞ্চি ডাঠ কংক্ৰিটেৰে সাজিব লাগিব। প্ৰয়োজন আৰু ভূমিৰ সহজলভ্যতাৰ ওপৰত নিৰ্ভৰ কৰি অধিক জলসিঞ্চনৰ বাবে পুখুৰীৰ উল্লেখিত আকাৰ বৃদ্ধি কৰিব পাৰি। ইয়াৰ বাবে বিত্তীয় সাহায্যৰ হাৰো সমানুপাতিকভাৱে বৃদ্ধি পাব।

  • যদিহে জান-জুৰি বা সৰু নদীৰ পৰা পানী সংগ্ৰহ কৰা হয়, তেনেহ’লে বান্ধটোৰ আকাৰ নিম্নোক্ত ধৰণৰ হ’ব। যিয়েই নহওক, মাটিৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি বান্ধৰ নক্সা তৈয়াৰ কৰা হ’ব।
  • নলীনাদ স্থাপনৰ ক্ষেত্ৰত মুঠ ব্যয়ৰ ৫০ শতাংশ ৰাজসাহায্য হিচাপে আগবঢ়োৱা হ’ব। ৰাজসাহায্যৰ উৰ্দ্ধতম সীমা ১২,৫০০.০০ টকা। নলীনাদসমূহ কৃষকে ব্যক্তিগতভাৱে বা সমূহীয়াভাৱে স্থাপন কৰিব লাগিব।

কৃষকৰ পথাৰত জল ব্যৱস্থাপনা:

 

বছৰ জুৰি জলসিঞ্চনৰ ব্যৱস্থা নিশ্চিত কৰিবলৈ পানীৰ উৎস সৃষ্টি কৰাৰ উপৰিও, খেতি পথাৰত পোনে পোনে পানী যোগানৰ দিহা কৰাটোও জৰুৰী। শেহতীয়াভাৱে খেতি পথাৰত পানীৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত প্লাষ্টিকৰ ব্যৱহাৰে বিশেষ গুৰুত্ব লাভ কৰিছে। পথাৰত পানী বিতৰণৰ ক্ষেত্ৰত প্লাষ্টিকালচাৰে সামৰি লোৱা দিশসমূহ হ’ল- প্লাষ্টিক পাইপৰ জৰিয়তে পানী বিতৰণৰ ব্যৱস্থা, প্লাষ্টিক স্প্ৰিংকলাৰ, সুক্ষ্ম জলসিঞ্চন, ক্ষুদ্ৰ স্প্ৰিংকলাৰ, নাৰ্চাৰী বেগ, গ্ৰীন হাউচ বা সেউজ গৃহ, নেট, ক্ষুদ্ৰ সেউজ গৃহ, ভিতৰত সোমাই যাব পৰা চাপৰ সুৰঙ্গাকৃতি ঘৰ আৰু মাটি ঢাকনি/(প্লাষ্টিক মালচিং) আদী। কম পৰিমাণে পোৱা পৃষ্ঠীয় আৰু ভূ-জলৰ ক্ষেত্ৰত পানীৰ মিতব্যয়ী ব্যৱহাৰৰ বাবে ড্ৰীপ জলসিঞ্চন ব্যৱস্থা লাভজনক। পানী আৰু বেলিৰ পোহৰৰ মিতব্যয়ী বা উপযুক্ত ব্যৱহাৰৰ উপৰিও বতৰৰ খেয়ালী প্ৰকৃতিৰ পৰা শস্যক ৰক্ষা কৰাৰ ক্ষেত্ৰত প্লাষ্টিকালচাৰৰ প্ৰয়োগ লাভজনক বুলি প্ৰমাণিত হৈছে। প্লাষ্টিকালচাৰত বিভিন্ন যতনৰ জৰিয়তে প্ৰাকৃতিক সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ দ্বাৰা শস্যৰ উৎপাদিকা শক্তি আৰু ধাৰণশীলতা বৃদ্ধি কৰিবলৈ প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ কৰা হয়। বিভিন্ন মানৰ প্লাষ্টিক সামগ্ৰী যেনে নিম্ব ঘনত্বৰ পলিথিলিন(LDPE), ড্ৰীপ জলসিঞ্চন ব্যৱস্থাৰ বাবে উচ্চ ঘনত্বৰ পলিথিলিন(HDPE) পাইপ, গ্ৰীণ হাউচ বা সেউজ গৃহত কাপোৰ ঢাকনি হিচাপে ব্যৱহৃত আলট্ৰা ভায়’লেট ষ্টেবিলাইজদ ফিল্ম বা প্লাষ্টিকৰ কাপোৰ, মাটি ঢাকনিৰ বাবে বিভিন্ন ডাঠৰ প্লাষ্টিক কাপোৰ আজিকালি সহজতে পোৱা যায়। এইবোৰ কম ওজন বিশিষ্ট, দীৰ্ঘদিনলৈ ব্যৱহাৰৰ বাবে উপযোগী আৰু কম খৰচী।

প্লাষ্টিকালচাৰ প্ৰয়োগৰ এটা মুখ্য ক্ষেত্ৰ হ’ল জল ব্যৱস্থাপনা আৰু জল সংৰক্ষণ। সুক্ষ্ম জলসিঞ্চন ব্যৱস্থাৰ জৰিয়তে ৫০-৭০ শতাংশ পানী সঞ্চয় কৰাৰ উপৰিও ৩০-১০০ শতাংশ উৎপাদিকা শক্তি বৃদ্ধি কৰিব পাৰি। ড্ৰীপ জলসিঞ্চন ব্যৱস্থাৰ ব্যৱহাৰৰ দ্বাৰা ৰাসায়নিক সাৰ ব্যৱহাৰৰ পৰিমাণো কাৰ্যকৰীভাৱে বৃদ্ধি পোৱাৰ উপৰিও ৩০-৪০ শতাংশ ৰাসায়নিক সাৰ ৰাহি কৰিব পাৰি। সম্প্ৰতি ড্ৰীপ জলসিঞ্চন ব্যৱস্থা যথাৰ্থভাৱে কৰা কৃষি পদ্ধতিৰ এক এৰাব নোৱাৰা অংগলৈ পৰিবৰ্তিত হৈছে। একেদৰে নাৰ্চাৰী স্থাপন, আবতৰীয়া শাক-পাচলি আৰু ফুলৰ উৎপাদন, কোষাকৰ্ষণ বা টিছু কালছাৰ পদ্ধতিত পৰীক্ষাগাৰৰ ভিতৰত উৎপাদন কৰা পুলিসমূহক প্ৰাকৃতিক প্ৰতিকূলতাৰ পৰা ৰক্ষা কৰাৰ লগতে পথাৰৰ পৰিবেশৰ বাবে উপযুক্ত কৰি তোলা আদি বিভিন্ন দিশত গ্ৰীণ হাউচ/পলিহাউচ সমূহ বৰ সফল বুলি পৰিগণিত হৈছে। পলি হাউচত কৰা খেতিৰ উৎপাদিকা শক্তি অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰি ৩-৪ গুণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। গ্ৰীণ হাউচ বা সেউজ গৃহত কৰা ফলমূল, শাক-পাচলি আৰু ফুলৰ গুণগত মানদণ্ডও বৃদ্ধি পায়। উদ্যান শস্যৰ উন্নয়নৰ ক্ষেত্ৰত প্লাষ্টিকৰ ব্যৱহাৰে ধাৰণশীলতাৰে উৎপাদন আৰু উৎপাদিকা শক্তি বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে।

ড্ৰীপ জলসিঞ্চন ব্যৱস্থা:

 

  • বিভিন্ন পাইপৰ সমাহাৰেৰে গছত পানী যোগান ধৰাৰ প্ৰযুক্তিকে ড্ৰীপ/সুক্ষ্ম জলসিঞ্চন বুলি কোৱা হয়। গছৰ শিপা অঞ্চলত পোনপটীয়াকৈ পানী যোগান ধৰাত ই সহায় কৰে।
  • ড্ৰী/সুক্ষ্ম জলসিঞ্চন ব্যৱস্থাই ড্ৰীপাৰ, সুক্ষ্ম স্প্ৰিংকলাৰ, সুক্ষ্ম জেট, মিষ্টাৰ্চ, ফেন জেট, সুক্ষ্ম স্প্ৰেয়াৰ ফোগাৰ, নিক্ষেপক পাইপ, সুক্ষ্ম নলীকা আৰু একেধৰণৰ অন্যান্য নিক্ষেপক নলীকাৰ সহায়ত পানী নিক্ষেপণ ব্যৱস্থাক বুজায়। এই ব্যৱস্থাত ব্যৱহাৰ কৰা সামগ্ৰী বা যতন শস্যৰ প্ৰকাৰ, পানীৰ প্ৰয়োজনীয়তাৰ পৰিমাণ, গছৰ মাজৰ দূৰত্ব, মাটিৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰি বেলেগ বেলেগ হয়। ড্ৰীপ/সুক্ষ্ম জলসিঞ্চন প্ৰযুক্তিয়ে সকলো প্ৰকাৰৰ পৃষ্ঠীয় আৰু উপ-পৃষ্ঠীয় জলসিঞ্চন ব্যৱাস্থাক সামৰি লৈছে।
  • এই আঁচনিৰ অধীনত সকলো প্ৰকাৰৰ সুক্ষ্ম জলসিঞ্চন ব্যৱস্থালৈ সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা আছে। বিভিন্ন উদ্যান শস্য যেনে- ফলমূল, শাক-পাচলি, বনৌষধি আৰু সুগন্ধি তৰু তৃণৰ খেতি কৰা সকলো কৃষকলৈ এই আঁচনিৰ অধীনত সাহায্য আগবঢ়োৱা হৈছে। দখলত থকা মাটিৰ পৰিমাণৰ ওপৰত ভিত্তি নকৰাকৈ সকলো কৃষকলৈ এই আঁচনিৰ অধীনত সাহায্য আগবঢ়োৱা হৈছে। একত্ৰিত কৃষিভূমি(Compact area)ৰ ক্ষেত্ৰত এই আঁচনিৰ সুবিধা আগবঢ়োৱা হ’ব।
  • ড্ৰীপ জলসিঞ্চন আঁচনিত সাহায্যৰ পৰিমাণ মুঠ ব্যয়ৰ ৫০ শতাংশ। প্ৰতি হেক্টৰ কৃষিভূমিৰ বাবে উৰ্দ্ধতম সীমা ২৮,৫০০.০০ টকা। এই আঁচনিৰ সবিশেষ যদিহে প্ৰয়োজন হয় তেনেহ’লে কৃষি আৰু সমবায় বিভাগৰ পৰা জানিব পৰা যায়।

স্প্ৰিংকলাৰ জলসিঞ্চন:

 

স্প্ৰিংকলাৰ জলসিঞ্চন ব্যৱস্থাত পাইপ আৰু নজলৰ সমন্বয়ত গছৰ পাতত পানী ছটিয়াই জলসিঞ্চন কৰা হয়। পাতল গঠনৰ আৰু ওখ-চাপৰ মাটিত কৰা বিভিন্ন শস্যৰ ক্ষেত্ৰত জলসিঞ্চন কৰাৰ বাবে স্প্ৰিংকলাৰ জলসিঞ্চন ব্যৱস্থাই জনপ্ৰিয়তা লাভ কৰিছে। উদ্যানখণ্ডৰ শাক-পাচলি আৰু ফুলৰ খেতিৰ দৰে কম দূৰত্বত কৰা খেতিৰ বাবে স্প্ৰিংকলাৰ জলসিঞ্চন ব্যৱস্থা অধিক সুবিধাজনক।

ক্ষুদ্ৰ, উপান্ত, অনুসূচীত জাতি, জনজাতি আৰু মহিলা কৃষকৰ বাবে প্ৰতি হেক্টৰ কৃষিভূমিত ৰাজসাহায্যৰ উৰ্দ্ধতম সীমা ১৫,০০০.০০ টকা হিচাপে ধৰি মুঠ ব্যয়ৰ ৫০ শতাংশ সাহায্য হিচাপে আগবঢ়োৱা হ’ব। অন্য শ্ৰেণীৰ কৃষকৰ বাবে প্ৰতি হেক্টৰ কৃষিভূমিত সাহায্যৰ উৰ্দ্ধতম সীমা ১০,০০০.০০ টকা নিৰ্দ্দিষ্ট কৰি মুঠ ব্যয়ৰ ৩০ শতাংশ সাহায্য হিচাপে আগবঢ়োৱা হ’ব।

যিহেতু স্প্ৰিংকলাৰ জলসিঞ্চন ব্যৱস্থাটো ড্ৰীপ জলসিঞ্চন ব্যৱস্থাৰ দৰে নহয় আৰু ইয়াক অ’লৈ ত’লৈ লৈ ফুৰিব পাৰি, সেইবাবে এই আঁচনিৰ অধীনত অকল সেইসকল কৃষককহে স্প্ৰিংকলাৰ জলসিঞ্চনৰ বাবে সাহায্য দিয়া হ’ব, যিসকলে অন্য আঁচনিৰ অধীনত এই জলসিঞ্চন ব্যৱস্থাৰ সুবিধা পোৱা নাই। খেতি কৰা শস্যৰ ওপৰত নিৰ্ভৰ কৰি একত্ৰিতভাৱে কৃষিভূমি থকা কৃষক স্প্ৰিংকলাৰৰ লগতে ড্ৰীপ জলসিঞ্চন ব্যৱস্থাৰ সুবিধাও লাভ কৰিব পাৰে। মাথো ক্ষেত্ৰত হিতাধিকাৰীজনৰ একত্ৰিত কৃষিভূমি ৪ হেক্টৰৰ অধিক হ’ব নালাগিব। কিন্তু মাথো এটা শস্যৰ খেতিহে কৰা কৃষকলৈ একেলগে স্প্ৰিংকলাৰ আৰু ড্ৰীপ জলসিঞ্চন দুয়োবিধ ব্যৱস্থাৰ সুবিধা আগবঢ়োৱা নহ’ব।

গ্ৰীণ হাউচ বা সেউজ গৃহ:

 

গ্ৰীণ হাউচ প্ৰযুক্তি য’ত অতি বেঙুনীয়া ৰশ্মিৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰিব পৰা প্লাষ্টিক কাপোৰেৰে ঢাকি থোৱা ঘৰ বিশেষত গছৰ বৃদ্ধিৰ বাবে অনুকূল পৰিবেশৰ সৃষ্টি কৰা হয়। এই সেউজ গৃহটোৱে গছক প্ৰতিকূল বতৰৰ প্ৰভাৱৰ পৰাও ৰক্ষা কৰে। সেউজ গৃহৰ ভিতৰত উদ্ভিদৰ বৃদ্ধিৰ বাবে প্ৰয়োজন হোৱা অনুকূলতম পোহৰ, উষ্ণতা, আৰ্দ্ৰতা, কাৰ্বন ডাই অক্সাইড আদি যোগান ধৰি সৰ্বোচ্ছ আৰু মানবিশিষ্ট উৎপাদন লাভ কৰিব পৰা যায়।

স্থানীয়ভাৱে পোৱা সামগ্ৰীৰে হিতাধিকাৰীয়ে নিজেও সেউজ গৃহ সাজি ল’ব পাৰে। কিন্তু ঘৰটোৰ ঢাকনি হিচাপে ব্যৱহাৰ কৰা কাপোৰখন অতি বেঙুনীয়া ৰশ্মি নিয়ন্ত্ৰণ কৰা কাপোৰ(UV Stabillized film) হ’বই লাগিব কাৰণ এইবিধ কাপোৰেহে সূৰ্য্যৰ অতিবেঙুনীয়া ৰশ্মিক বাধা দিব পাৰে। এই বিশেষ কাপোৰখন ২০০ মাইক্ৰ’ণ ডাঠ আৰু ভাৰতীয় পেট্ৰ’কেমিকলচ কাৰ্পোৰেশ্যন লিমিটেডৰ যিকোনো আঞ্চলিক কাৰ্যালয় বা অন্য কোম্পানীৰ পৰা পাব পাৰি। এই কাপোৰখন মানবিশিষ্ট হোৱা উচিত।

২০০ মাইক্ৰ’ণ ডাঠ অতি বেঙুনীয়া ৰশ্মি নিয়ন্ত্ৰক কাপোৰখনৰ ১ কিলোগ্ৰামে ৫.৩ বৰ্গমিটাৰ আয়তন সামৰে। এই হিচাপেৰে এটা নিৰ্দিষ্ট সেউজ গৃহৰ বাবে কিমান কাপোৰৰ প্ৰয়োজন হ’ব সেয়া হিচাপ কৰি উলিয়াব পাৰি। এই কাপোৰখন পাব পৰা পদ্ধতি প্লাষ্টিক মালংছিং কাপোৰ লাভ কৰিবলৈ লগা পদ্ধতিৰ সৈতে একে। ৰাজ্য চৰকাৰে ৰাজ্যখনত ৩ মাহ/৬ মাহ/বছৰটোৰ বাবে প্ৰয়োজন হোৱা এই অতি বেঙুনীয়া ৰশ্মি নিয়ন্ত্ৰক বিশেষ কাপোৰখন আগ্ৰহী কৃষকৰ অংশগ্ৰহণেৰে একেলগে বেছিকৈ ক্ৰম কৰিব পাৰে।

এজন কৃষকে সৰ্বাধিক ৫০০ বৰ্গমিটাৰ আয়তনৰ বাবে এই আঁচনিৰ অধীনত সাহায্য লাভ কৰিব পাৰে। কৃষি বিশ্ববিদ্যালয়/বেচৰকাৰী সংস্থা/ৰাজ্য চৰকাৰৰ পাম/কেন্দ্ৰীয় চৰকাৰৰ সাহায্য আগবঢ়োৱা হ’ব। এখন পামে সৰ্বাধিক ৫০০ বৰ্গমিটাৰ আয়তনৰ বাবেহে এই আঁচনিৰ অধীনত সেউজগৃহ স্থাপনৰ সাহায্য পাব। ৫০০ বৰ্গমিটাৰ আয়তনৰ বাবে প্ৰতি বৰ্গমিটাৰত ২০০,০০ টকাকৈ মুঠ ব্যয়ৰ ৪০ শতাংশ অথবা ৪০,০০০,০০ টকা যিটোৱেই সৰ্বনিম্ন হয় সেইটোৰ বাবেহে ৰাজসাহায্য আগবঢ়োৱা হ’ব। পাৰফোগিং, উষ্ণতা নিয়ন্ত্ৰণ, পোহৰ নিয়ন্ত্ৰণ, ফাৰ্টিগেশ্যন আদিৰ সুবিধাযুক্ত ৫০০ বৰ্গমিটাৰ আয়তনৰ ফুলৰ খেতি কৰা সেউজ গৃহৰ বাবে ৰাজসাহায্যৰ পৰিমাণ ১.৫ লাখ টকাৰ ভিতৰত সীমাবদ্ধ থাকিব।

ল’ টানেলচ(Low Tunnels):

 

ল’ টানেলচ হ’ল ক্ষুদ্ৰাকৃতিৰ সেউজ গৃহ যিয়ে বৰষুণ, বতাহ, নিম্ন উষ্ণতা, তুষাৰপাত তথা প্ৰতিকূল বতৰৰ পৰা গছক ৰক্ষা কৰে। ল’ টানেলত কৃত্ৰিমভাৱে পৰিৱেশ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয়। ল’ টানেল সাজিবলৈ অতি সহজ। বিশেষ পাৰদৰ্শিতা নথকাকৈও ইয়াক ব্যৱহাৰ কৰিব পাৰি আৰু ইয়াৰ সুবিধাও বহুমুখী। ল’ টানেলৰ সহায়ত পুলি খৰতকীয়াকৈ বৃদ্ধি কৰিব পৰাটো প্ৰমাণিত হৈছে। কিছুমান ক্ষেত্ৰত ইয়াৰ সহায়ত এমাহ আগতীয়াকৈ পুলি উৎপাদন কৰি মূল খেতিৰ সময় এমাহ আগুৱাব পৰা যায়। সেইবাবে যিসকল ক্ষুদ্ৰ আৰু উপান্ত কৃষক সেউজ গৃহ স্থাপন কৰি ল’বলৈ সক্ষম নহয় তেওঁলোকৰ বাবে ল’ টানেল সুবিধাজনক আৰু ইয়াৰ বাবে সাহায্য আগবঢ়াব পৰা যায়।

ল’ টানেল সাজিবলৈ ১০০ মাইক্ৰ’ণ ডাঠ প্লাষ্টিক কাপোৰেই যথেষ্ট। প্ৰতি বৰ্গ মিটাৰ ১০০ মাইক্ৰ’ণ ডাঠ অতি বেঙুনীয়া ৰশ্মি নিয়ন্ত্ৰক প্লাষ্টিক কাপোৰৰ দাম প্ৰায় ১০.০০ টকা। সৰ্বাধিক ১ হেক্টৰ মাটিৰ বাবে মুঠ ব্যয়ৰ ৫০ শতাংশ অথাৎ প্ৰতি বৰ্গ মিটাৰত ৫.০০ টকা হাৰত বিত্তীয় সাহায্য আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে।

ছাঁ দিয়া নেট হাউচ(Shade Net Houses):

 

ছাঁ দিয়া নেট হাউচ বা জালিকা গৃহই শস্যক ৰ’দৰ প্ৰচণ্ড তাপ, তীব্ৰ বতাহ, পোনপটীয়া বৰষুণ আদিৰ পৰা ৰক্ষা কৰাৰ লগতে কীট-পতংগৰ আক্ৰমণৰ পৰাও ৰক্ষা কৰে। নাৰ্চাৰী, ঘৰৰ ভিতৰত ৰখা সৌন্দৰ্য্যবৰ্দ্ধক গছ, টিছু কালচাৰ পদ্ধতিত উৎপন্ন কৰা পুলি, শাক-পাচলি আদিৰ খেতিৰ ক্ষেত্ৰত ছাঁ দিয়া নেট হাউচ ব্যৱহাৰ কৰা হয়। সমগ্ৰ দেশতে ছাঁ দিয়া নেট হাউচ শস্যৰ বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। নৱম পৰিকল্পনাতো ছাঁ দিয়া নেট হাউচ স্থাপনৰ বাবে সাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱ ৰখা হৈছে।

কেৱল ছাঁ দিয়া নেট বা জালখনৰ বাবেহে সাহায্য আগবঢ়োৱা হৈছে(সঁজাটোৰ বাবে নহয়)। প্ৰতি বৰ্গমিটাৰত ১৪.০০ টকাকৈ বা মুঠ ব্যয়ৰ ৫০ শতাংশ- যিটোৱেই কম তাৰ ওপৰত সাহায্য আগবঢ়োৱা হ’ব। প্ৰতিজন হিতাধিকাৰীয়ে সৰ্বাধিক ৫০০ বৰ্গমিটাৰ আয়তনৰ বাবে সাহায্য লাভ কৰিব।

শিলাবৃষ্টি প্ৰতিৰোধী জালিকা(Anti Hail Nets):

 

সঘনাই শিলাবৃষ্টি হোৱা অঞ্চলসমূহত শস্যক শিলাবৃষ্টি প্ৰতিৰোধী জালিকা ব্যৱহাৰ কৰা হয়। সাধাৰণতে গছে প্ৰতি এই জালিকা ব্যৱহাৰ কৰা হয়। অকল সঘনাই শিলাবৃষ্টি হোৱা অঞ্চলতহে ইয়াৰ বাবে সাহায্য আগবঢ়োৱা হয়। প্ৰতিজন হিতাধিকাৰীলৈ ৫০ জোপা গছৰ বাবে প্ৰতিজোপা গছত ৫০০.০০ টকাকৈ অথবা মুঠ ব্যয়ৰ ৫০ শতাংশ যিটোৱেই কম, সেয়া সাহায্য হিচাপে আগবঢ়োৱা হ’ব। এই উপাংশৰ অধীনত পুঁজি মুকলি কৰাৰ আগেয়ে ৰাজ্যই প্ৰযুক্তি অভিযান কোষলৈ উদ্যান আয়ুক্তৰ অনুমোদনৰ বাবে নিৰ্দ্দিষ্ট প্ৰস্তাৱ প্ৰেৰণ কৰিব লাগিব।

চৰাইৰ আক্ৰমণ প্ৰতিৰোধী নেট(Bird Protection Net):

চৰাইৰ আক্ৰমণত বেছিভাগ শস্যৰেই উৎপাদন ক্ষতিগ্ৰস্ত হয়। ভাটৌ চৰাইৰ আক্ৰমণত ভয়ংকৰ ধৰণে ক্ষতিগ্ৰস্ত হোৱা শস্যসমূহ হ’ল- আঙুৰ, মধুৰিআম, ডালিম আদি। কেতিয়াবা ভাটৌ চৰাইয়ে কিছুমান গছৰ ফল ঘন্টাৰ ভিতৰতে নিঃচিহ্ন কৰিব পাৰে। এনেধৰণৰ ক্ষতিৰ পৰা গছজোপা ৰক্ষা কৰিবলৈ চৰাইৰ আক্ৰমণ প্ৰতিৰোধী নেট বা জাল ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে। সৰ্বাধিক ১ হেক্টৰ কৃষিভূমিৰ বাবে ২০০০.০০ টকাকৈ বা মুঠ ব্যয়ৰ ৫০ শতাংশ- যিটোৱেই কম সেই হিচাপে সাহায্য আগবঢ়োৱা হ’ব। এই উপাংশৰ অধীনত পুঁজি মুকলি কৰাৰ আগেয়ে উদ্যান আয়ুক্তৰ অনুমোদনৰ বাবে প্ৰস্তুতি অভিযান কোষলৈ নিৰ্দিষ্ট প্ৰস্তাৱ প্ৰেৰণ কৰিব লাগিব।

প্লাষ্টিকালচাৰ প্ৰযুক্তিৰ প্ৰদৰ্শন:

প্লাষ্টিকালচাৰ প্ৰযুক্তিৰ অন্তৰ্গত বেছিভাগ প্ৰযুক্তিয়েই কৃষকৰ বাবে তুলনামূলকভাৱে নতুন আৰু এতিয়াও ভালদৰে কৃষকৰ পথাৰত ব্যৱহাৰ হোৱাহৈ নাই। ইয়াৰ বাবে কৌশলগতভাৱে নিৰ্দ্দিষ্ট কেতবোৰ স্থানত কৃষকৰ অংশগ্ৰহণেৰে প্ৰদৰ্শনৰ প্ৰয়োজন আছে।

এনেধৰণৰ প্ৰদৰ্শন ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় চৰকাৰ/ৰাজ্যৰ কৃষি বিশ্ববিদ্যালয়/বেচৰকাৰী সংস্থা/ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ স্বীকৃত পাম আৰু উদ্যানশস্য খেতি কৰা প্ৰগতিশীল কৃষকলৈ(ড্ৰীপ জলসিঞ্চন ব্যৱস্থাত উল্লেখ কৰা ধৰণৰ) আগবঢ়োৱা হ’ব।

এই আঁচনিৰ অধীনত ৰূপায়ণ কৰা ব্যৱস্থাসমূহ ড্ৰীপ জলসিঞ্চন ব্যৱস্থা স্থাপন কৰাৰ ক্ষেত্ৰত উল্লেখ কৰা ব্যৱস্থাসমূহৰ সৈতে একে। ড্ৰীপ জলসিঞ্চন ব্যৱস্থা স্থাপনৰ বাবে অনুমোদন জনোৱা প্ৰস্তুতাকাৰী/যোগানকাৰীয়ে এই প্ৰদৰ্শনসমূহ কৰিব পাৰিব।

পামত উৎপাদিত শস্যৰ ব্যৱহাৰ পদ্ধতিৰ গোট(On Farm Handling Unit):

উপযুক্ত কাৰ্য্যপন্থা অৱলম্বন নকৰাৰ ফলতেই পামৰ শস্য চপোৱাৰ পাছত ফলমূল আৰু শাক-পাচলিৰ নষ্ট হোৱা পৰিমাণ অতি বেছি। একমাত্ৰ ব্যৱহাৰযোগ্য উপযুক্ত পদ্ধতিৰ জ্ঞানৰ অভাৱ আৰু উপযুক্ত গুদান ঘৰৰ সুবিধাৰ অভাৱতেই বৃহৎ পৰিমাণৰ ফলমূল আৰু শাক-পাচলি নষ্ট হয়। এই সমস্যাৰ পৰা মুক্ত হোৱাৰ বাবে উপযুক্ত গুদাম ঘৰৰ সুবিধা আৰু চপোৱাৰ পাছত পামত উৎপাদিত শস্যক উপযুক্ত ধৰণে ইফাল সিফাল কৰা পদ্ধতিৰ উন্নয়নৰ প্ৰয়োজন আছে।

সাহায্যৰ পৰিমাণ:

প্ৰতিটো গোটক উল্লেখিত শিতানত সৰ্বাধিক ৫০,০০০.০০ টকা বা মুঠ ব্যয়ৰ ৩০ শতাংশ সাহায্য হিচাপে আগবঢ়োৱাৰ সুবিধা আছে।

ৰোপণ সামগ্ৰীৰ উৎপাদন:

উদ্যান শস্যখণ্ডৰ কম উৎপাদিকা শক্তিৰ এটা অন্যতম কাৰণ হ’ল সহজতে পোৱা নিম্ন মানবিশিষ্ট বীজ আৰু ৰোপণ সামগ্ৰী। অভিযানৰ কাম-কাজ সফলভাৱে ৰূপায়িত কৰিবলৈ সেয়েহে উপযুক্ত মানবিশিষ্ট ৰোপণ সামগ্ৰীৰ উৎপাদন আৰু বিতৰণৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিছে। এই আঁচনিৰ মুখ্য উদ্দেশ্য হ’ল- ক্ৰান্তীয়, উপক্ৰান্তীয় আৰু নাতিশীতোষ্ণ জলবায়ুৰ বাবে উপযোগী, বেমাৰ-আজাৰৰ পৰা মুক্ত, স্বাস্থ্যবান বিশুদ্ধ সঁচৰ প্ৰকৃত(True to type) ৰোপণ সামগ্ৰী উৎপাদন। বিভাগীয় প্ৰজেনী অৰ্চাড/নাৰ্চাৰী আৰু টিছু কালচাৰ পৰীক্ষাগাৰসমূহে উৎপাদন কৰা ৰোপণ সামগ্ৰীৰ সংখ্যা ৰাজ্যৰ উদ্যানশস্য কৃষকৰ বাবে বছৰি প্ৰয়োজন হোৱা ৰোপণ সামগ্ৰীৰ তুলনাত যথেষ্ট কম। সেইবাবে ক্ষুদ্ৰ আৰু বৃহৎ নাৰ্চাৰী স্থাপন, টিচু কালচাৰ পৰীক্ষাগাৰ স্থাপন, বনৌষধিৰ বাগিচা স্থাপন আৰু মাশ্বৰুম উৎপাদন গোট স্থাপনৰ জৰিয়তে ৰোপণ সামগ্ৰীৰ উৎপাদনত সংহতি ৰাখিবলৈ প্ৰস্তাৱ কৰা হৈছে। এই আঁচনিৰ অধীনত ৰাজ্য চৰকাৰ, ব্যক্তিগত খণ্ড, সমবায় খণ্ড আৰু বেচৰকাৰী সংস্থাৰ জৰিয়তে সংহত বা বহুমুখী শস্যৰ নাৰ্চাৰী, প্ৰজেনী অৰ্চাড, বনৌষধিৰ বাগিছা আৰু টিছু কালচাৰ পৰীক্ষাগাৰ স্থাপনৰ বাবে সাহায্য আগবঢ়োৱা হ’ব। এই সাহায্যৰ ভিতৰত মাটিৰ মূল্য, ভৱন আৰু বেৰৰ বাবে কাঁইটীয়া তাঁৰৰ মূল্য অন্তৰ্ভুক্ত কৰা হোৱা নাই আৰু এইসমূহ হিতাধিকাৰীয়ে নিজে বহন কৰিব লাগিব।

উদ্যান শস্যৰ উন্নত জাতৰ ৰোপণ সামগ্ৰী এই নাৰ্চাৰীসমূহত উৎপাদন কৰা হ’ব। জাতৰ উপযোগিতা অনুসৰি জাতসমূহ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ প্ৰতিষ্ঠান বা বাহিৰৰ পৰা আমদানি কৰা হ’ব। ব্যাপক সংখ্যক ৰোপণ সামগ্ৰী উৎপাদন আৰু যোগান ধৰিব পৰাকৈ নাৰ্চাৰীসমূহ স্থাপন কৰা হ’ব। কৃষকে সহজতে অহা যোৱা কৰিব পৰা স্থানত নাৰ্চাৰীসমূহ স্থাপন কৰিব লাগিব। প্ৰাৰম্ভিক অনুদান লাভ কৰাৰ পিছত নাৰ্চাৰীসমূহ নিজে চলিব পৰা হ’ব লাগিব আৰু ইয়াৰ এটা ঘূৰ্ণীয়মান(Revolving) পুঁজি থাকিব লাগিব। ব্যক্তিগতখণ্ডত নাৰ্চাৰীসমূহ স্থাপন কৰোতে কৃষি স্নাতকক অগ্ৰাধিকাৰ দিব লাগিব। চৰকাৰী খণ্ডত নাৰ্চাৰী স্থাপনৰ ক্ষেত্ৰত পাৰদৰ্শী ব্যক্তিৰ জৰিয়তে নাৰ্চাৰীখনৰ কাম-কাজ চলাব লাগিব। নিয়মীয়া পৰিদৰ্শনৰ জৰিয়তে ৰাজ্য চৰকাৰে এই নাৰ্চাৰীসমূহত উৎপাদিত ৰোপণ সামগ্ৰীৰ গুণগত মান অক্ষুণ্ণ ৰখাটো নিশ্চিত কৰিব লাগিব।

চৰকাৰী খণ্ডতেই হওক বা ব্যক্তিগত খণ্ডতেই হওক, সকলো নাৰ্চাৰীৰে বছৰজুৰি জলসিঞ্চন কৰিব পৰাকৈ নিশ্চিত জলসিঞ্চনৰ ব্যৱস্থা থাকিব লাগিব। জলসিঞ্চনৰ সুবিধা নথকা স্থানত সমূহীয়া পুখুৰী খান্দি জলসিঞ্চনৰ ব্যৱস্থা নিশ্চিত কৰিব লাগিব।

সংহত বহুমুখী নাৰ্চাৰী:

মিনি মিশ্যন- ১ৰ অধীনত ভাৰতীয় কৃষি গৱেষণা পৰিষদে নিৰ্দিষ্ট কৰা উদ্যান শস্য/জাতসমূহৰ ৰোপণ সামগ্ৰী এই সমূহ নাৰ্চাৰীত মুখ্যতঃ উৎপাদন কৰা হ’ব। এই কামৰ বাবে আগবাঢ়ি আহিবলৈ ব্যক্তিগত খণ্ডক উৎসাহ যোগোৱা হ’ব। প্ৰতিখন ৰাজ্যত কমেও ২-৩ খন এনেধৰণৰ সংহত বহুমুখী নাৰ্চাৰী স্থাপনৰ প্ৰস্তাৱ কৰা হৈছে। এনেধৰণৰ সংহত বহুমুখী নাৰ্চাৰীসমূহলৈ উচ্চ প্ৰযুক্তিৰ সুবিধা আগবঢ়োৱাৰ লগতে নাৰ্চাৰীসমূহৰ সৰু সেউজ গৃহ, ড্ৰীপ জলসিঞ্চনৰ সুবিধা, মিষ্ট আৰু ফ’গিং ব্যৱস্থা আৰু নাৰ্চাৰীৰ পৰা কৃষকৰ দুৱাৰদলিত ৰোপণ সামগ্ৰীৰ যোগান ধৰিবলৈ গাড়ীৰ ব্যৱস্থা থাকিব লাগিব। কমপক্ষেও ২ হেক্টৰ আয়তনৰ ভূমিত নাৰ্চাৰীখন স্থাপন কৰিব লাগিব আৰু এনে নাৰ্চাৰীৰ ৰোপণ সামগ্ৰী উৎপাদন ক্ষমতা প্ৰতি বছৰত কমেও পাঁচ লাখ হ’ব লাগিব।

উপাংশ অনুযায়ী নাৰ্চাৰীৰ মূল্য সংযোজন ১(গ)ত সন্নিবিষ্ট কৰা হৈছে।

ক্ষুদ্ৰ নাৰ্চাৰী:

ডাঙৰ ৰাজ্যসমূহত য’ত ২-৩ খন সংহত বহুমুখী নাৰ্চাৰীত কৰা ৰোপণ সামগ্ৰীৰ উৎপাদনৰ দ্বাৰা ৰাজ্যৰ প্ৰয়োজন পূৰোৱা সম্ভৱ নোহোৱাৰ লগতে দূৰণিৰ কৃষকৰ বাবেও ৰোপণ পৰিবহন কৰাটো সম্ভৱপৰ নহয়, তেনেবোৰ ৰাজ্যত জিলা পৰ্যায়ত ক্ষুদ্ৰ নাৰ্চাৰী স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে। এনেবোৰ নাৰ্চাৰী স্থাপনৰ ক্ষেত্ৰত স্থানীয় নিৱনুৱা কৃষি স্নাতক আৰু মহিলা কৃষকক উৎসাহিত কৰা হ’ব। এই নাৰ্চাৰীসমূহৰ বছৰত ২ লাখ পুলি উৎপাদনৰ ক্ষমতা থাকিব লাগিব। এই নাৰ্চাৰীসমূহত উৎপাদিত ৰোপণ সামগ্ৰী উন্নত জাতৰ হোৱাৰ লগতে উচ্চ মানবিশিষ্ট হোৱাটো ৰাজ্য চৰকাৰে নিশ্চিত কৰিব লাগিব।

জৈৱ কৃষি পদ্ধতিৰ জনপ্ৰিয়কৰণ আৰু জৈৱ সাৰৰ ব্যৱহাৰ:

বিশ্বজুৰি জৈৱিক পদ্ধতিৰে উৎপাদিত খাদ্য সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাৰ পৰিপ্ৰেক্ষিতত পাহাৰীয়া অঞ্চলসমূহে এইক্ষেত্ৰত বহন কৰা সম্ভাৱনাৰ সাৰ্থক ব্যৱহাৰ কৰিব পৰা যায়। প্ৰশিক্ষণ আৰু তথ্য সম্বলিত পুস্তিকাৰ বিতৰণেৰে কৃষকক জৈৱিক কৃষি পদ্ধতিৰ প্ৰমাণিকৰণকে ধৰি এই সন্দৰ্ভীয় বিভিন্ন দিশৰ প্ৰতি সজাগ কৰি তুলিব পৰা যায়। জৈৱ কৃষি পদ্ধতি অৱলম্বন কৰিবলৈ বিচৰা কৃষকসকলক প্ৰতি হেক্টৰ কৃষিভূমিৰ বাবে ১০ হাজাৰ টকা সাহায্য দিয়াৰ প্ৰস্তাৱ কৰা হৈছে। জৈৱ কৃষি পদ্ধতি অৱলম্বন কৰা কৃষকৰ গোটলৈ প্ৰমাণিকৰণৰ বাবে মুঠ ব্যয়ৰ ৯০ শতাংশ আৰু প্ৰতিবছৰে ৫ লাখ টকাৰ সীমাবদ্ধতাত সাহায্য আগবঢ়োৱা হ’ব।

জৈৱিক কৃষি এনে এটি কৃষি উৎপাদন ব্যৱস্থা য’ত প্ৰাকৃতিক নিয়মক গুৰুত্ব দিয়া হয়। জৈৱিক কৃষি পদ্ধতিত পামখনক জৈৱিকভাৱে সম্পূৰ্ণ, সুষম, জীৱন্ত আৰু প্ৰাচুৰ্যৰে ভৰপূৰ বুলি অনুভৱ কৰাৰ লগতে পামখন পাৰিপাৰ্শ্বিকভাৱেও স্থিৰ আৰু ধাৰণশীল হয়। আমাৰ ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ধাৰণশীল বা স্ব-নিৰ্বাহী কৃষি ব্যৱস্থাৰ জৰিয়তে পৰিৱেশ আৰু মাটিৰ উৰ্বৰা শক্তিৰ সংৰক্ষণ কৰাই জৈৱিক কৃষিৰ মূল উদ্দেশ্য। সম্প্ৰতি পৰম্পৰাগতভাৱে কৰি অহা কৃষি পদ্ধতিক পুষ্টি ব্যৱস্থাপনা আৰু শস্য ৰক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত ‘সমৃদ্ধ ভৰাঁল’ হিচাপে স্বীকাৰ কৰি লোৱা হৈছে। সেইবাবে জৈৱ কৃষিৰ ক্ষেত্ৰত শস্য চক্ৰ ব্যৱস্থাপনা, কেঁচু সাৰৰ ব্যৱহাৰ, সেউজ সাৰৰ ব্যৱহাৰ আৰু পাৰিৱেশিকভাৱে গ্ৰহণযোগ্য শস্য ৰক্ষা ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। জৈৱ কৃষিত গুৰুত্ব দিয়া আন এক বিষয় হৈছে জৈৱ সাৰ। জৈৱ সাৰত কিছুমান নিৰ্দিষ্ট সুক্ষ্ম জীৱাণুৰ প্ৰয়োগ কৰা হয় যিয়ে বিশেষ জৈৱ প্ৰক্ৰিয়াৰ জৰিয়তে পুষ্টিৰ দিশেৰে সমৃদ্ধ পদাৰ্থক উদ্ভিদৰ বাবে গ্ৰহণযোগ্য কৰি তোলে। শেহতীয়াভাৱে জৈৱ সাৰ সংহত উদ্ভিদ পুষ্টি যোগান ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি বিবেচিত হৈছে আৰু পুষ্টিৰ যোগানৰ জৰিয়তে উৎপাদিকা শক্তি বৃদ্ধিৰ ক্ষেত্ৰত ব্যাপক নিশ্চয়তা প্ৰদান কৰিছে। কেতবোৰ দৰকাৰী জৈৱ সাৰ এনেধৰণৰ:

ক)নাইট্ৰ’জেনযুক্ত জৈৱ সাৰ।

খ)ফছফেটযুক্ত জৈৱ সাৰ।

গ)জৈৱিক পেলনীয়া সামগ্ৰীৰ পুনৰাৱৰ্তন/পাচনকাৰী নিবেশ্য(Inoculant)।

যোগ্যতা:

ব্যক্তি, কৃষক গোট, সমবায় আদি।

সাহায্যৰ ধৰণ:

কেঁচু সাৰ উৎপাদন গোট স্থাপনৰ বাবে সৰ্বাধিক ৩০ হাজাৰ টকাৰ সাহায্য। এই কেঁচুসাৰ উৎপাদনৰ গোটটো ৩০ ফুট দৈৰ্ঘ্যৰ, ৮ ফুট প্ৰস্থৰ আৰু ২ ১/২ ফুট উচ্চতা বিশিষ্ট কংক্ৰিটেৰে সজা হ’ব লাগিব। এই গোটটো এখন ওখ চালিৰ তলত থাকিব। চালিখন টিনপাত, এচবেষ্টচ বা স্থানীয় সামগ্ৰীৰ হ’ব লাগিব। কেঁচুসাৰ উৎপাদন গোটটো ২ ১/২ ফুট বিশিষ্ট ১২ টা শাৰীত ভাগ কৰিব পৰা যায়। এটা এৰি আনটো শাৰী পচন পদাৰ্থৰে পূৰ কৰি জীৱাণুৰে অন্তঃক্ৰমণ কৰিব লাগিব। পচন গোটটোক শাৰীত বিভক্ত কৰিবলৈ বেৰ দিয়াৰ কোনো প্ৰয়োজন নাই।

সংহত কীট ব্যৱস্থাপনাৰ উন্নয়ন:

মিনি মিশ্যন- ১ৰ অধীনত ভাৰতীয় কৃষি গৱেষণা পৰিষদে উদ্যান শস্যৰ লগতে শাক-পাচলিৰ বাবে সংহত কীট ব্যৱস্থাপনাৰ প্ৰণালী বিকাশ কৰিব।

কৃষি আৰু সমবায় বিভাগে উন্নতি সাধন কৰা সংহত কীট ব্যৱস্থাপনা প্ৰণালী ৰাজ্য এখনে অৱলম্বন কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট ৰাজ্যৰ উদ্যানশস্য সঞ্চালক আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদে আলোচনা কৰিব পাৰে।

যোগ্যতা:

কৃষকে ব্যক্তিগতভাৱে, গোট হিচাপে, সমবায় হিচাপে আৰু সমিতি হিচাপে সংহত কীট ব্যৱস্থাপনা অৱলম্বন কৰি পাৰে। ৰাজহুৱা খণ্ডত/ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰৰ গৱেষণা প্ৰতিষ্ঠানসমূহ/নিগম বা সমিতিৰ জৰিয়তে জৈৱ নিয়ন্ত্ৰণ পৰীক্ষাগাৰ স্থাপনৰ উদ্যোগ লোৱা হৈছে। ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰৰ গৱেষণা প্ৰতিষ্ঠানসমূহত বা ৰাজহুৱাখণ্ডত বেমাৰ-আজাৰৰ আগলি বতৰা দিয়া গোট স্থাপন কৰা হ’ব।

সাহায্যৰ ধৰণ:

জৈৱ কীটনাশকৰ ব্যৱহাৰক উৎসাহ যোগাবলৈ দেশত বাণিজ্যিকভাৱে সহজলভ্য জৈৱ কীটনাশক যেনে- নিমভিত্তিক কীটনাশক, বেচিলাচ থুৰিনজিয়েনচিচ, ফেৰোম’নচ(পোক-পৰুৱাৰ উপস্থিতি আগতীয়াকৈ নিৰ্ণয়ৰ বাবে), ট্ৰাইকোডাৰমা আদিৰ ব্যৱহাৰৰ বাবে উদ্যান শস্যৰ খেতি কৰা কৃষকলৈ প্ৰতি হেক্টৰত এহেজাৰ টকাকৈ বিত্তীয় সাহায্য আগবঢ়োৱা হ’ব।

জৈৱ নিয়ন্ত্ৰক(ট্ৰাইকোগ্ৰামা, ট্ৰাইকোডাৰমা, ক্ৰাইচ’পেৰলা, এন.পি.ভি. আদি)ৰ ব্যাপক উৎপাদনেৰে সংহত কীট ব্যৱস্থাপনাক উৎসাহ যোগাবলৈ ৰাজহুৱাখণ্ডত জৈৱ নিয়ন্ত্ৰন পৰীক্ষাগাৰ স্থাপন কৰিবলৈ প্ৰতিটোতে ৮০ লাখ টকা(জৈৱ নিয়ন্ত্ৰক পৰীক্ষাগাৰ সাজিবলৈ ৫০ লাখ টকা আৰু সঁজুলি আৰু গাড়ীৰ বাবে ৩০ লাখ টকা) সাহায্য আগবঢ়োৱা হৈছে। ব্যক্তিগতখণ্ডত এই সাহায্যৰ পৰিমাণৰ সৰ্বোচ্চ সীমা ৪০ লাখ টকা আৰু মুঠ মূল্যৰ ৫০ শতাংশ। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ তত্বাৱধানত আৰু কাৰিকৰী সহযোগিতাত জৈৱ নিয়ন্ত্ৰক পৰীক্ষাগাৰ স্থাপন কৰিব লাগিব।

উদ্যান শস্যত পোক-পৰুৱা আৰু বেমাৰ আজাৰৰ আক্ৰমণৰ আগতীয়াকৈ সাৱধানবাণী শুনাবলৈ পোক-পৰুৱা, বেমাৰ-আজাৰৰ আক্ৰমণৰ আগলি বতৰা দিয়া প্ৰতিটো গোটৰ বাবে ৪ লাখ টকাকৈ বিত্তীয় সাহায্য আগবঢ়োৱা হৈছে। পোক-পৰুৱা আৰু বেমাৰ আজাৰৰ আক্ৰমণৰ আগলি বতৰা দিয়া এই গোটটো ৰাজ্যৰ কৃষি বিশ্ববিদ্যালয় বা উদ্যানশস্য সঞ্চালকালয়ৰ দ্বাৰা পৰিচালিত হ’ব লাগিব। বতৰ বিজ্ঞান কেন্দ্ৰৰ সৈতে সমন্বয় ৰক্ষা কৰিবলৈ এই গোটটো কম্পিউটাৰ ব্যৱস্থাৰ দ্বাৰা চালিত হ’ব লাগিব। গোটটোত আগৰ বছৰবোৰৰ তথ্য সংগ্ৰহৰ সুবিধা থাকিব লাগিব। গোটটোৱে আগৰ তথ্যসমূহৰ সৈতে সংগতি ৰাখি বৰ্তমানৰ বতৰৰ সম্পৰ্কে অৱগত হ’ব পাৰিব লাগিব আৰু অঞ্চলটোত দেখা দিব পৰা পোক-পৰুৱা, বেমাৰ-আজাৰৰ ভৱিষৎবাণী কৰাৰ লগতে এইসমূহৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ বিষয়েও জনাব লাগিব। উপগ্ৰহৰ জৰিয়তে তথ্য লাভ কৰিবলৈ গোটটোৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ স্থানীয় কেন্দ্ৰৰ সৈতে সংযোগ স্থাপনৰ ব্যৱস্থা থাকিব লাগিব। পোক-পৰুৱা, বেমাৰ আজাৰৰ আগলি বতৰা দিয়া এই গোটটোৰ প্লেন্ট হেলথ ক্লিনিকৰ সৈতে সমন্বয় থাকিব লাগিব।

জৈৱ নিয়ন্ত্ৰণ পৰীক্ষাগাৰ, বেমাৰ-আজাৰৰ আগলি বতৰা দিয়া গোট আদিৰ সবিশেষ সংযোজন- ১(চ)ত সন্নিবিষ্ট কৰা হৈছে।

প্লেন্ট হেলথ ক্লিনিক স্থাপন:

মানবিশিষ্ট ব্যৱস্থাপনা আৰু বেমাৰ আজাৰ নিৰ্ণয় কৰাত সহায়ক হ’বলৈ প্লেন্ট হেলথ ক্লিনিক স্থাপনৰ প্ৰস্তাৱ লোৱা হৈছে। এই ক্লিনিক সমূহ উদ্যানশস্য সঞ্চালকালয়/ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ কেন্দ্ৰ/ৰাজ্যৰ কৃষি বিশ্ববিদ্যালয় বা ব্যক্তিগত খণ্ডত স্থাপন কৰা হ’ব। এনেধৰণৰ ক্লিনিক স্থাপন কৰিবলৈ ৰাজ্য চৰকাৰ/ৰাজ্যৰ কৃষি বিশ্ববিদ্যালয়ক প্ৰতিটো ক্লিনিকৰ বাবে সৰ্বাধিক ২০ লাখ টকাৰ সাহায্য আগবঢ়োৱাৰ প্ৰস্তাৱ কৰা হৈছে। এই পৰিমাণৰ ধনে ভৱন নিৰ্মাণ আৰু সঁজুলিৰ ব্যয় সামৰি লৈছে। ইয়াৰ বাবে প্ৰয়োজন হোৱা কৰ্মচাৰী আৰু সকলো ধৰণৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব। ব্যক্তিগতখণ্ডত স্থাপন কৰিবলৈ বিচৰা প্লেন্ট হেলথ ক্লিনিকৰ বাবে সাহায্যৰ সৰ্বোচ্ছ সীমা ৫ লাখ টকা হ’ব। প্লেন্ট হেলথ ক্লিনিকত নিমোক্ত সঁজুলিসমূহ থাকিব:

ক)কম্পিউটাৰ

খ)Ph মিটাৰ

গ)পৰিবাহিতা সাকোঁ

ঘ)অনুবীক্ষণ যন্ত্ৰ

ঙ)চীড টেষ্টাৰ

চ)BOD ইনক্যুবেটৰ

ছ)শ্বেকাৰ

জ)চেন্ট্ৰিফিউজ

ঝ)কাঁচৰ সামগ্ৰী

ঞ)এলিজা টেষ্টিং কীট

ট)আচবাব পত্ৰ, ৰেক

ঠ)পানী ডিষ্টিলেশ্যন গোট

ড)ঠিকাভিত্তিক নিপুণ কৰ্মীৰ নিযুক্তি

ঢ)পৰীক্ষাগাৰ নিৰ্মাণ।

ভাৰতীয় কৃষি গৱেষণা পৰিষদ বা অন্য সক্ষম প্ৰতিষ্ঠানৰ তত্বাৱধান আৰু কাৰিকৰী সহযোগিতাত এই ক্লিনিক স্থাপন কৰা হ’ব।

প্লেন্ট হেলথ ক্লিনিক, জৈৱ নিয়ন্ত্ৰণ পৰীক্ষাগাৰ আৰু পত্ৰ বিশ্লেষণ পৰীক্ষাগাৰ যত দূৰ সম্ভৱ একেটা ভৱনতে স্থাপন কৰা হ’ব। ইয়াৰ দ্বাৰা পুঁজি ৰাহি হোৱাৰ লগতে এই ৰাহি পুঁজি সুকীয়াকৈ ঘৰ নিৰ্মাণত ব্যৱহাৰ হ’ব পাৰে।

কোষ/পত্ৰ বিশ্লেষণ পৰীক্ষাগাৰ স্থাপন(Establishment of Tissue/Leaf Analysis Lebortory):

পুষ্টিৰ অৱস্থা আৰু সহজলভ্যতা নিৰ্ণয়ৰ বাবে পত্ৰ কোষৰ বিশ্লেষণ অপৰিহাৰ্য। ৰাজ্যৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰি এটাৰ পৰা দুটালৈ এনেধৰণৰ পত্ৰ বিশ্লেষণ পৰীক্ষাগাৰ প্ৰতিখন ৰাজ্যলৈ আগবঢ়োৱা হ’ব। ব্যক্তিগতখণ্ডকো এনেধৰণৰ পৰীক্ষাগাৰ স্থাপনৰ বাবে উৎসাহিত কৰা হ’ব আৰু এনেধৰণৰ ব্যক্তিগতখণ্ডৰ পৰীক্ষাগাৰসমূহে প্ৰতিটো নমুনা/পুষ্টি বিশ্লেষণৰ বাবে মাচুল লব পাৰিব। অৰ্চাৰ্ডত পুষ্টি ব্যৱস্থাপনাৰ বাবে মাটি পৰীক্ষাতকৈ পত্ৰ বিশ্লেষণ বেছি কাৰ্যকৰী বুলি প্ৰমাণিত হৈছে। এনেধৰণৰ প্ৰতিটো পৰীক্ষাগাৰৰ বাবে ২০ লাখকৈ টকাৰ সাহায্য আগবঢ়োৱা হৈছে। ৰাজহুৱা খণ্ডৰ গোট/ৰাজ্য চৰকাৰক এনেধৰণৰ পৰীক্ষাগাৰ বাবে স্থাপনৰ বাবে সৰ্বোচ্ছ ২০ লাখ টকাৰ সীমাবদ্ধতাত ১০০ শতাংশ সাহায্য আগবঢ়োৱা হ’ব। এই সাহায্যই পৰীক্ষাগাৰৰ নিৰ্মাণ আৰু সঁজুলিৰ ব্যয় সামৰি লৈছে। পৌনঃপুনিক ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব লাগিব। ব্যক্তিগতখণ্ডত এনেধৰণৰ পৰীক্ষাগাৰ স্থাপনৰ ক্ষেত্ৰত মুঠ ব্যয়ৰ ৫০ শতাংশ বা সৰ্বোচ্ছ পৰিমাণ ৫ লাখ টকা আগবঢ়োৱা হ’ব। পত্ৰ আৰু কোষ বিশ্লেষণ পৰীক্ষাগাৰত নিম্নলিখিত সুবিধাসমূহ থাকিব-

ক)মাইক্ৰ’জেলডাল(Kjeldahl) গোট

খ)এটমিক এবজৰপশ্যণ স্প্ৰেকট্ৰো ফট’মিটাৰ

গ)ফ্লেম ফট’মিটাৰ

ঘ)চেট্ৰিফিউজ

ঙ)তুলাচনী(এনালিটিকেল আৰু প্ৰেচিচিঅ’ন)

চ)অ’ভেন

ছ)ফ্লেছ ইভাপ’ৰেটৰ

জ)পি এইচ মিটাৰ

ঝ)কনডাকটিভিটি মিটাৰ

ঞ)ৱাটাৰ বইলাৰ

ট)হট প্লেট

ঠ)BOD ইনক্যুবেটৰ

ড)ৱাটাৰ ডিচটেলিশ্যন গোট

ঢ)শ্বেকাৰ

ণ)স্পেকট্ৰো ফট’মিটাৰ

ত)ষ্টিৰিঅ বাইন’কুলাৰ মাইক্ৰ’স্কোপ

থ)পৰীক্ষাগাৰ নিৰ্মাণ।

এই পৰীক্ষাগাৰ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ তত্বাৱধানত আৰু কাৰিকৰী সহযোগিতাত স্থাপন কৰা হ’ব।

উদ্যান শস্যৰ প্ৰযুক্তি অভিযান আঁচনিৰ বাবে উৎকৰ্ষতাৰ কেন্দ্ৰ(Centres of Excellence):

জিলা উদ্যানশস্য বিষয়াই তেওঁৰ জিলাত ‘উদ্যান শস্যৰ প্ৰযুক্তি অভিযান আঁচনিৰ বাবে উৎকৰ্ষতাৰ কেন্দ্ৰ’ স্থাপন কৰিবলৈ একত্ৰিত ভূমি নিৰ্বাচন কৰিব। এই একেলগে থকা ভূমিৰ পৰিমাণ কমেও ৪০-৫০ হেক্টৰ হ’ব লাগিব। গাওঁখনৰ হিতাধিকাৰীৰ মাটিৰে উক্ত সংলগ্ন ভূমি গঠিত হ’ব। উৎকৰ্ষতাৰ কেন্দ্ৰটোৰ বাবে নিৰ্বাচন কৰা ভূমি সহজে অহা-যোৱা কৰিব পৰা আৰু মূল পথৰ দাঁতিত বা ওচৰে পাজৰে হোৱাটো বাঞ্ছনীয়। জিলাখনৰ উদ্যান শস্যৰ সম্ভাৱনা আৰু প্ৰয়োজনসমূহক ভিত্তি কৰি প্ৰতিখন জিলা উদ্যান বিষয়াই নিজৰ জিলাত কমেও এটাকৈ উদ্যান শস্যৰ প্ৰযুক্তি অভিযানৰ আঁচনিৰ বাবে উৎকৰ্ষতাৰে কেন্দ্ৰ স্থাপন কৰা উচিত।

উৎকৰ্ষতাৰ কেন্দ্ৰসমূহ ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ ঘনিষ্ঠ সমন্বয়ত উন্নীত কৰা হ’ব। কেন্দ্ৰসমূহ সফল কৰি তুলিবলৈ ৰোপণ সামগ্ৰী, প্ৰযুক্তি ইত্যাদি ভাৰতীয় কৃষি গৱেষণা পৰিষদে যোগান ধৰিব।

কৃষিভূমিৰ সম্প্ৰসাৰণৰ অধীনত বিভিন্ন উদ্যান শস্যৰ উন্নত সঁচৰ খেতি ‘লেঠাৰী নিচিগা’(Contiguous) ধৰণে কৰিব লাগিব। ইয়াৰ বাবে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ কাৰিকৰী সাহায্যৰ প্ৰয়োজন হ’ব। উৎকৰ্ষতাৰ কেন্দ্ৰই সংশ্লিষ্ট সকলো বিভাগ/সংস্থাৰ সমন্বয়ত প্ৰযুক্তি অভিযানৰ অধীনৰ আটাইবোৰ আঁচনিৰ অবিৰত ৰূপায়ণ কৰিব। হিতাধিকাৰীৰ অন্তৰ্ভুক্তিৰে আত্মসহায়ক গোট গঠনৰ জৰিয়তে উমৈহতীয়া সুবিধাসমূহ গ্ৰহণ কৰি নিমোক্ত ব্যৱস্থাসমূহৰ মাজেৰে আগবাঢ়িলে উৎকৰ্ষতাৰ কেন্দ্ৰ স্থাপনত সহায় হ’ব।

১)অঞ্চল ভিত্তিত হিতাধিকাৰীৰ নিৰ্বাচন।

২)ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ পৰামৰ্শমতে শস্য আৰু শস্যৰ জাত নিৰ্বাচন কৰা আৰু পৰিষদৰ পৰা বিভিন্ন শস্যৰ ৰোপণ সামগ্ৰী ক্ৰয়ৰ ব্যৱস্থা কৰা।

৩)সমূহীয়া পুখুৰী সৃষ্টি কৰা আৰু পাহাৰীয়া অঞ্চলত উপযুক্ত উচ্চতাত সমূহীয়া উচ্চ জলাধাৰ স্থাপন।

৪)ডিজেল ইঞ্জিনৰ সৈতে সংলগ্ন ড্ৰীপ জলসিঞ্চন ব্যৱস্থা স্থাপন।

৫)ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ সামগ্ৰিক পৰামৰ্শত ব্যক্তিগত খণ্ডত ক্ষুদ্ৰ সংহত বহুমুখী নাৰ্চাৰী স্থাপন কৰা। পৰিষদে ইয়াৰ বাবে প্ৰযুক্তি আৰু ৰোপণ সামগ্ৰী উৎপাদনৰ বাবে মাতৃগছৰ সুবিধা আগবঢ়াব। নাৰ্চাৰীৰ ছাঁ যোগোৱা নেট আৰু পলি হাউচৰ বাবে স্থান থাকিব লাগিব।

৬)১০০ বৰ্গ মিটাৰ আয়তনৰ ৫টা সেউজ গৃহ(পলি/গ্ৰীণ হাউচ)স্থাপন।

৭)প্ৰতিটো কেন্দ্ৰৰে কমেও এটাকৈ কেঁচুসাৰ উৎপাদন গোট থাকিব লাগিব।

৮)প্ৰতিখন ৰাজ্যতে নিৰ্বাচিত উৎকৰ্ষতাৰ কেন্দ্ৰসমূহত কমেও ২-৩ টা আদৰ্শ পুষ্পকেন্দ্ৰ আৰু ২-৩ টা সংহত মাশ্বৰুম গোট স্থাপন।

৯)উৎকৰ্ষতাৰ কেন্দ্ৰসমূহৰ নামত বিপণন কেন্দ্ৰ/গ্ৰাম্য প্ৰাথমিক বজাৰ/আপুনি মাণ্ডিৰ সংযোগ থাকিব লাগিব।

১০)উৎকৰ্ষতাৰ কেন্দ্ৰৰ স্থানৰ বিষয়ে ৰাস্তাৰ দাঁতিত কাঁড় চিহ্নৰে নিৰ্দেশিত চাইনবোৰ্ড থাকিব লাগিব। উৎকৰ্ষ কেন্দ্ৰ স্থানত লিখা আন এখন চাইনবোৰ্ডত ‘উদ্যান শস্যৰ প্ৰযুক্তি অভিযান- উৎকৰ্ষতাৰ কেন্দ্ৰ,- বৰ্ষ……’ কথাখিনি লিখিব লাগিব।

১১)প্ৰতিটো উৎকৰ্ষতাৰ কেন্দ্ৰৰ পৰা বছৰত ১০ জনকৈ কৃষকে ৰাজ্যৰ বাহিৰৰ উদ্যান উন্নয়ন কেন্দ্ৰসমূহ ভ্ৰমণ কৰিব লাগিব। জিলা উদ্যান বিষয়া আৰু উদ্যান সঞ্চালকে এই ভ্ৰমণ নিশ্চিত কৰিব লাগিব।

১২)উদ্যান শস্য খণ্ডৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে ৰাজ্যৰ বাহিৰৰ বিশেষত্ব থকা উদ্যানশস্য উন্নয়ন কেন্দ্ৰ/সংস্থা সমূহলৈ দহজন নিৰ্বাচিত কৃষকক ভ্ৰমণৰ বাবে পঠিওৱাৰ ক্ষেত্ৰত প্ৰতিজন জিলা উদ্যানশস্য বিষয়াই ৰাষ্ট্ৰীয় উদ্যান শস্য পৰিষদৰ(আঁচনি নং ৩)সহায় ল’ব পাৰিব।

১৩)প্ৰতিখন জিলাৰ পৰা প্ৰতিবছৰে তলত দিয়া ধৰণে অনুষ্ঠান/প্ৰতিষ্ঠানসমূহলৈ কৃষকক প্ৰশিক্ষণৰ বাবে পঠিওৱা নিশ্চিত কৰিব: ১০ জন কৃষক প্ৰশিক্ষণৰ বাবে ভাৰতীয় কৃষি গৱেষণা পৰিষদলৈ, ১০ জন কৃষক প্ৰশিক্ষণৰ বাবে ৰাষ্ট্ৰীয় উদ্যান শস্য পৰিষদলৈ, ১০ জন কৃষকক ৰাজ্যৰ ভিতৰত প্ৰশিক্ষণৰ বাবে, ১০ জন কৃষকক ৰাজ্যৰ বাহিৰত প্ৰশিক্ষণৰ বাবে।

১৪)প্ৰশিক্ষকৰ প্ৰশিক্ষণ: আঁচনিৰ নিয়ম অনুসৰি প্ৰতিজন জিলা উদ্যানশস্য বিষয়াকে ৰাজ্যৰ বাহিৰত প্ৰশিক্ষণ দিয়া হ’ব। উদ্যানশস্য বিভাগৰ জ্যেষ্ঠ বিষয়াসকলকো উদ্যান শস্যৰ শেহতীয়া প্ৰযুক্তিৰ সৈতে পৰিচিত হ’বলৈ প্ৰশিক্ষণ দিয়া হ’ব। উদ্যানশস্য সঞ্চালকে এই বিষয়টো কৰ্ম আঁচনিত সন্নিবিষ্ট কৰিব।

জিলা উদ্যানশস্য বিষয়া/জিলা কৃষি বিষয়াই অকল প্ৰযুক্তি অভিযানৰ বাবেহে একাউন্টযোগে হিচাপ নিকাচ ৰাখিব লাগিব আৰু ইয়াৰ সবিশেষ উদ্যানশস্য সঞ্চালকৰ ওচৰত জমা দিব লাগিব। জিলা উদ্যান বিষয়া/জিলা কৃষি বিষয়াই ক্যাশ ৰেজিষ্টাৰ(Cashbook) লিখা/ৰক্ষা কৰি চলাৰ উপৰিও হিতাধিকাৰীৰ সম্পূৰ্ণ তথ্যৰ লগতে ডাক ঠিকনা, হিতাধিকাৰীয়ে লাভ কৰা পুঁজিৰ পৰিমাণ, উদ্দেশ্য আদি লিপিবদ্ধ কৰি ৰাখিব লাগিব। এই তথ্যসমূহ উদ্যানশস্য সঞ্চালকলৈ প্ৰতিমাহে প্ৰেৰণ কৰিব লাগিব আৰু উদ্যানশস্য সঞ্চালকে সামগ্ৰিকভাৱে ৰাজ্যখনৰ তথ্য-পাতি মজুত ৰাখিব। অভিযানৰ অগ্ৰগতিৰ পুনঃৰীক্ষন কৰিবলৈ উদ্যানশস্য সঞ্চালকে/উদ্যানশস্য সচিবে প্ৰতিমাহে জিলা উদ্যানশস্য বিষয়াসকলৰ সভা আহ্বান কৰিব। উদ্যানশস্য সচিব/সঞ্চালকে জিলাসমূহ আৰু উৎকৰ্ষতাৰ কেন্দ্ৰসমূহ নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আৰু নতুন দিল্লীত থকা প্ৰযুক্তি অভিযান কোষলৈ প্ৰতিবেদন পঠাব। প্ৰতিখন জিলাতেই কম্পিউটাৰৰ সুবিধা থকা উচিত যিহেতু ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰই এই উপাংশৰ ৰূপায়ণ কৰি আহিছে। প্ৰতিটো বছৰতে জিলা উদ্যানশস্য বিষয়াসকলে সজাগতা শিবিৰ অনুষ্ঠিত কৰিব লাগিব। ইয়াৰ বাবে আৱশ্যকীয় পুঁজি মিনি মিশ্যন-২ৰ কাৰিকৰী সাহায্য উপাংশৰ পৰা পোৱা যাব। এই সজাগতা শিবিৰ সন্দৰ্ভত ৰাজ্যৰ উদ্যানশস্য সঞ্চালকে আলোকচিত্ৰ আৰু বাতৰি কাকতত প্ৰকাশ পোৱা খবৰৰ সৈতে এক প্ৰতিবেদন প্ৰযুক্তি অভিযান কোষলৈ নিশ্চিতভাবে পঠাব লাগিব। হিতাধিকাৰীৰ সৈতে সকলোধৰণৰ লেনদেন চেকৰ জৰিয়তে হ’ব আৰু আঁচনিৰ ৰূপায়ণৰ অগ্ৰগতিৰ পুনঃৰীক্ষণ কৰি হিতাধিকাৰীলৈ পুঁজি ৩-৪ টা কিস্তিত মুকলি কৰি দিয়া হ’ব। যদিহে আঁচনিৰ কাম-কাজৰ অগ্ৰগতি সন্তোষজনক নহয়, তেন্তে পৰবৰ্ত্তী কিস্তিৰ পুঁজি মুকলি কৰি দিয়া নহ’ব আৰু ততালিকে প্ৰযুক্তি অভিযান কোষক অৱগত কৰি পূৰ্বতে মুকলি কৰি দিয়া কিস্তিৰ ধন ওভোটাই লোৱাৰ ব্যৱস্থা কৰা হ’ব।

মৌ পালন:

৮৫ শতাংশ শস্যতেই সংমিলিত পৰোগ সংযোগ হয়। এই শস্যসমূহৰ ফুলৰ গৰ্ভধাৰণ হ’বলৈ বহিঃকাৰকৰ সহায়ত একেবিধ প্ৰজাতিৰেই অন্য গছৰ বা অন্য ফুলৰ পুং ৰেণু গৰ্ভমুণ্ডত পৰাৰ প্ৰয়োজন হয়। এনেধৰণৰ বহিঃ কাৰকসমূহৰ ভিতৰত এবিধ উল্লেখযোগ্য বহিঃ কাৰক হ’ল মৌ মাখি। মৌ মাখিৰ কেইটামান বাহ যদি শস্যক্ষেত্ৰত থৈ দিয়া হয়, তেন্তে ফুল ফুলাৰ সময়ত এই মৌ মাখিবোৰে পৰাগযোগৰ ক্ষেত্ৰত অবিশ্বাস্য বৰঙণি আগবঢ়ায়। পৰাগ সংযোগকাৰীৰ আধিক্যই সোনকালে বীজৰ গঠন হোৱাত সহায় কৰাৰ লগতে সোনকালে আৰু সম আকাৰৰ উৎপাদনত সহায় কৰে। অধ্যয়ন দেখুৱাইছে যে মৌ মাখিৰ সহায়ত হোৱা পৰাগযোগৰ ফলত বিভিন্ন শস্যৰ উৎপাদন ২০ শতাংশৰ পৰা ১০০ শতাংশ পৰ্যন্ত বৃদ্ধি পায়। প্ৰকাশিত তথ্যমতে অৰ্থনৈতিক মূল্য থকা ১২ বিধ শস্য যেনে- কাঠবাদাম, আপেল, নাৰিকল, আঙুৰ, মধুৰিআম, অমিতা, সৰিয়হ, বেলিফুল, কঁপাহ আদিৰ উৎপাদন মৌ মাখিৰ দ্বাৰা সংঘটিত পৰাগযোগৰ ওপৰত নিৰ্ভৰ কৰে বা বৃদ্ধি পায়।

মৌ বাহৰ পৰা উৎপাদিত মৌ জোল, মৌসিতা আৰু জেলিৰ পৰা কৃষকৰ অতিৰিক্ত আয় হয়। ইয়াৰ উপৰিও মৌ মাখিয়ে কেৱল এবিধ প্ৰজাতিৰ পৰাগযোগৰ ক্ষেত্ৰতেই সীমাবদ্ধ নৈ নাথাকে, ইহঁতে শস্যক্ষেত্ৰৰ বিভিন্ন শস্যৰ পৰাগযোগ ঘটোৱাত সিমানেই সহায় কৰে।

এই উপাংশৰ মুখ্য উদ্দেশ্য:

ক)শস্যৰ উৎপাদিকা শক্তি বৃদ্ধিৰ বাবে পৰাগ সংযোগকাৰী হিচাপে মৌ মাখিৰ ভূমিকা বৃদ্ধি।

খ)বেমাৰ প্ৰতিৰোধী আৰু অধিক মৌ জোল দিব পৰা মৌ মাখিৰ জাত উদ্ভাৱন।

গ)মৌ জোলৰ ক্ৰয়, সংৰক্ষণ তথা বিপণনত সহায় কৰাৰ লগতে মৌ পালনৰ সঁজুলি সাজিবলৈ ৰাজ্যিক/আঞ্চলিক পৰ্যায়ৰ সংস্থা/সমবায়/সংঘলৈ উৎসাহ যোগোৱা।

ঘ)নিৰ্বাচিত অঞ্চলত সংহত মৌ পালন উন্নয়ন সংঘ গঠনত সহায় কৰা।

ঙ)মৌ পালন ব্যৱস্থাপনাৰ বাবে নিবনুৱা আৰু যুৱ উদ্যোগী/কৃষক/অনুসূচিত জাতি/জনজাতিৰ লোকলৈ প্ৰশিক্ষণৰ দিহা।

চ)ছপা মাধ্যম, ইলেকট্ৰনিক মাধ্যম, মৌ উৎসৱ, প্ৰদৰ্শনী, সন্মান প্ৰদৰ্শন আদিৰ দ্বাৰা মৌ পালনৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি আৰু উৎসাহ যোগোৱা।

সাহায্যৰ ধৰণ:

উত্তম শ্ৰেণীৰ ৰাণী মৌ আৰু মৌ মাখিৰ গোটৰ মূল্য বহু বেছি হোৱা বাবে উত্তম শ্ৰেণীৰ ৰাণী আৰু মৌ বাহৰ ক্ৰয়ৰ বাবে ব্যয়ৰ ৫০ শতাংশ অথবা প্ৰতিটো মৌ মাখি গোট(Colony) ৰ বাবে ২৫০.০০ টকাকৈ যিটোৱে সৰ্বনিম্ন সেই হাৰত সাহায্য আগবঢ়োৱা হ’ব। একেদৰে সঠিক মৌ পালনৰ ক্ষেত্ৰত উপযুক্ত মৌ বাকচ এটাৰ ভূমিকাও যথেষ্ট বেছি। সেইবাবে উপযুক্ত বাকচ আৰু সঁজুলি ক্ৰয়ৰ বাবে ৩৫০.০০ টকা অথবা ব্যয়ৰ ৫০ শতাংশ যিটো সৰ্বনিম্ন সেই হাৰত ৰাজসাহায্যৰ ব্যৱস্থা হৈছে।

মহিলা কৃষকৰ ঔদ্যোগিক প্ৰৱণতাৰ উন্নয়ন:

সম সুবিধা প্ৰদানৰ জৰিয়তে চলি থকা কৃষি ব্যৱস্থাসমূহৰ উপকাৰিতা আৰু সুবিধাসমূহ গ্ৰহণ কৰাত সহায়ক হোৱাকৈ মহিলা কৃষকক স্ব-নিৰ্বাহী কৰি তুলিবলৈ এই আঁচনিয়ে সেৱা আগবঢ়াব।

  • উদ্যান শস্যৰ সৈতে জড়িত বিভিন্ন ক্ৰিয়াসমূহক সমৰ্থন আগবঢ়োৱা মহিলা গোট/সংস্থাৰ চিনাক্তকৰণ।
  • মহিলা কৃষকৰ বাবে উদ্যান শস্যৰ বিভিন্ন দিশত সমৰ্থনৰ- যেনে কৃষি সামগ্ৰীৰ সমৰ্থন, প্ৰযুক্তিৰ সমৰ্থনহ, সম্প্ৰসাৰণ সমৰ্থন আদি প্ৰয়োজনীয় ক্ষেত্ৰসমূহৰ চিনাক্তকৰণ।
  • প্ৰয়োজনীয় ক্ষেত্ৰসমূহ চিনাক্তকৰণৰ পাছত মহিলা গোটসমূহৰ কৰ্মৰাজিৰ অগ্ৰাধিকাৰভিত্তিত বিবেচনা।
  • আত্ম সহায়ক গোট গঠন কৰিবলৈ মহিলা গোটসমূহলৈ পৰ্যাপ্ত সাংগঠনিক আৰু বিত্তীয় সাহায্য যোগান।
  • মহিলা কৃষকলৈ উদ্যান আৰু সহযোগী ক্ষেত্ৰসমূহৰ বাবে কাৰিকৰী প্ৰশিক্ষণ।
  • ব্যৱস্থাপনা, সাংগঠনিক, ঔদ্যোগিক আৰু সিদ্ধান্ত গ্ৰহণৰ কৰ্মকুশলতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণৰ ব্যৱস্থা।
  • নিজস্ব কাম-কাজ, সম্পদ আৰু নিজৰ মাজত ভাৱৰ বিনিময়ৰ সংহতি সাধনৰ বাবে মহিলা গোটসমূহক সমৰ্থবান কৰি তোলা।

কামৰ ধৰণ আৰু পৰিমাণৰ যোগেৰে মহিলাসকলে উদ্যান শস্যক্ষেত্ৰলৈ যোগোৱা অৱদান, সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত মহিলাসকলে লোৱা ভূমিকা আৰু কৃষিক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ চিনাক্তকৰণৰ বাবে প্ৰাথমিক পৰ্যায়ৰ জৰীপৰ ব্যৱস্থা কৰা হ’ব। এনেধৰণৰ প্ৰাথমিক পৰ্যায়ৰ জৰীপৰ বাবে প্ৰতিখন জিলাৰ বাবে ১০ হাজাৰ টকা, পাঠ্যক্ৰমৰ উন্নয়নৰ বাবে প্ৰতিখন জিলালৈ ২০ হাজাৰ টকা আৰু প্ৰতিটো মহিলা আত্মসহায়ক গোটৰ বাবে ৫ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱা হৈছে। এই সন্দৰ্ভীয় কামত সুবিধা আগবঢ়োৱা ব্যক্তি(facilitator)ৰ পুনৰালোচন প্ৰশিক্ষণ(Refresher training)ৰ বাবে প্ৰতিখন জিলালৈ ১০ হাজাৰ টকাৰ সাহায্য আগবঢ়োৱাৰ সুবিধাও আছে।

উৎপাদনৰ সৈতে জড়িত প্ৰযুক্তি, কৃষি কাৰ্যৰ বাবে ঋণ লাভ কৰাৰ পদ্ধতি, উৎপাদিত সামগ্ৰীৰ বিপণন কৌশল, বিভিন্ন সুবিধা আৰু ইয়াৰ দিশসমূহৰ বিষয়ে মহিলা কৃষকলৈ প্ৰতিজন কৃষকৰ বিপৰীতে ১ হাজাৰ টকাকৈ এটি পাঁচদিনীয়া প্ৰশিক্ষণৰ ব্যৱস্থা আছে। প্ৰশিক্ষণৰ প্ৰশিক্ষকসকলে উদ্যান শস্যৰ বিভিন্ন ভাগ/সহযোগী খণ্ড/ঋণ/বেংক/নিৱেশ()ৰ সৈতে জড়িত সংস্থা/বিপণন আদিৰ বিষয়ে প্ৰশিক্ষণ দিব।

উদ্যান শস্যৰ বাবে আন্তঃগাঁথনিৰ সাহায্য(Infrastructure support for horticulture):

মুখ্য কাৰ্যালয়ত প্ৰযুক্তি অভিযান কোষৰ স্থাপন, উত্তৰ পূৰ্বাঞ্চলত অভিযানৰ সঞ্চালকালয় স্থাপন, প্ৰতিখন ৰাজ্যৰে উদ্যানশস্য বিভাগসমূহক সমৰ্থন আৰু তথ্য প্ৰযুক্তিৰ নেটৱৰ্কৰে সংযোগীকৰণ, কাৰিকৰী সাহায্য আৰু বহিঃ মূল্যায়ণ আদিৰ প্ৰস্তাৱ এই আঁচনিৰ অন্তৰ্গত। উদ্যানশস্য সঞ্চালকালয়সমূহক শক্তিশালী কৰাৰ লগতে কম্পিউটাৰ আৰু অন্যান্য আহিলাপাতিৰে ব্লক পৰ্যায়লৈকে আন্তঃগাঁথনিৰ সুবিধা আগবঢ়োৱা হ’ব।

এই কম্পিউটাৰসমূহৰ জৰিয়তে ৰাজ্যসমূহৰ সঞ্চালকালয়ৰ অভিযান ৰূপায়ণকাৰী কোষৰ লগত নতুন দিল্লীৰ কৃষি আৰু সমবায় বিভাগৰ সংযোগ কৰা হ’ব। ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰই প্ৰযুক্তি অভিযান কোষ আৰু ৰাজ্যসমূহৰ ব্লক পৰ্যায়লৈকে কম্পিউটাৰ সংযোগীকৰণৰ বাবে প্ৰকল্প প্ৰস্তাৱ দাখিল কৰিব। এই প্ৰস্তাৱত ৰাজ্যৰ কৰ্মীসকলক প্ৰশিক্ষণ দিয়া আৰু কাৰিকৰী সহযোগিতাৰ বিষয় অন্তৰ্ভুক্ত কৰিব লাগিব। এই প্ৰস্তাৱত প্ৰযুক্তি অভিযান কোষে অনুমোদন জনাব আৰু ক্ষুদ্ৰ কৃষক কৃষি বাণিজ্য কনছ’ৰ্টিয়ামৰ জৰিয়তে পুঁজি মুকলি কৰি দিয়া হ’ব।

ৰাষ্ট্ৰীয় তথ্য কেন্দ্ৰই কম্পিউটাৰৰ হাৰ্ডৱেৰ আৰু চফটৱেৰ ক্ৰয়ৰ ক্ষেত্ৰত নিয়মীয়া নীতিসমূহ মানি চলিব লাগিব। দিল্লীৰ মূল্যায়ন কোষ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰযুক্তি অভিযান সঞ্চালকালয়ৰ কৰ্মীৰ ক্ষেত্ৰত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটিয়ে(CCEA) কৰ্মীৰ পুনৰ্ভুক্তিত(Rediployment) অনুমোদন জনাইছে। ৰাজ্যৰ আন্তঃগাঁথনিৰ উন্নয়নৰ সাহায্যৰ বাবে ৰাজ্যিক পৰ্যায়ৰ ষ্টিয়েৰিং কমিটিৰ অনুমোদন সাপেক্ষে নিৰ্দ্দিষ্ট প্ৰস্তাৱৰ বিপৰীতে পুঁজি আগবঢ়োৱা হ’ব। প্ৰযুক্তি অভিযান কোষৰ সন্মতিৰ পাছতহে এই উপাংশৰ অধীনত ৰাজ্য চৰকাৰে পুঁজি ব্যৱহাৰ কৰিব পাৰিব।

মুখ্য কাৰ্যালয়ত থকা প্ৰযুক্তি অভিযান কোষলৈ আন্তঃগাঁথনি উপাংশত অন্তৰ্ভুক্ত নোহোৱা কাৰিকৰী আৰু অন্য প্ৰয়োজনীয় সহযোগিতা ক্ষুদ্ৰ কৃষক বাণিজ্য কনছ’ৰ্টিয়ামে আগবঢ়াব।

উৎস:অসম ক্ষুদ্ৰ কৃষক কৃষি বাণিজ্য কনছ’ৰ্টিয়াম।

2.89473684211
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top