অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ওল কচুৰ খেতি:

ওল কচুৰ খেতিৰ বিষ্যে লিখা হৈছে

 

ওল কচুৰ তলৰ আলুটো এবিধ সুস্বাদু পাচলি কাৰণেই আমাৰ ৰাজ্যখনত এই খেতিৰ প্ৰাধান্য বেছি। ই এবিধ সোৱাদযুক্ত পাচলিৰ উপৰি কেঁচুমূৰীয়া আৰু গ্ৰহণী আদি ৰোগৰ গাঁৱলীয়া ঔষধ। ওল কচুৰ কৃষি পদ্ধতি থোৰতে এনেধৰণৰ-

মাটি আৰু জলবায়ু:

 

বালিচহীয়া মাটি এই খেতিৰ বাবে উপযুক্ত। ওল কচু গ্ৰীষ্ম অঞ্চল উপগ্ৰীষ্ম অঞ্চলত হোৱা এবিধ শস্য। আদ্ৰতা থকা জলবায়ুত ইয়াৰ খেতি ভাল হয়।

জাত নিৰ্বাচন:

 

সাধাৰণতে ইয়াৰ তিনিটা জাত আছে- ককা কচু, হোৱাইট গৌৰা আৰু পঞ্চমুখী। পঞ্চমুখীৰ ওলটোৰপৰা টোপোৰা ওলাই আহে। সাধাৰণতে এই জাতটোৱে জনপ্ৰিয়।

মাটি প্ৰস্তুতকৰণ:

 

মাটিডৰা হাল বাই মিহি কৰি কোৰেৰে ৬০*৬০*৪৫ ছেন্টিমিটাৰ আয়তনৰ গাঁত কৰিব লাগে। গাঁতবোৰৰ দূৰত্ব ৯০ ছেন্টিমিটাৰ হ’ব লাগে। গাঁতবোৰৰ প্ৰতিটোতে মিহি মাটিৰ লগত গোবৰ বা পচন পচন সাৰ দুইৰপৰা আঢ়ৈ কিলোগ্ৰামকৈ দিব লাগে। গাঁতবোৰ এনেদৰে ২০ ছেন্টিমিটাৰ পূৰাই দিব লাগে।

ৰোৱাৰ সময়:

 

মাৰ্চ-এপ্ৰিলৰ পৰা আগষ্ট মাহলৈ ওল কচু ৰুব পাৰি।

ৰোপণ পদ্ধতি:

পূৰঠ আৰু প্ৰায় ১ কিলোগ্ৰাম ওজনৰ কচু নিৰ্বাচন কৰি টুকুৰাকৈ কাটি ল’ব লাগে। টুকুৰাবোৰ গোবৰৰ পলসত ডুবাই ৰাখিব লাগে। তাৰ পিছত ২-৩ দিন ছাত শুকুৱাই সাজু কৰি থোৱা গাঁতবোৰত ওপৰ মূৰীয়াকৈ ৰূই পাতল মাটিৰে ঢাকি দিব লাগে।

সাৰ প্ৰয়োগ:

 

কাঠ খৰিৰ ছাই, বাৰীৰ জাবৰ আদি পটাছ সাৰযুক্ত দ্ৰৱ্য ওল কচুৰ বাবে উপযুক্ত। গোবৰ অবিহনে তুঁহ, শুকান ঘাঁহ-পাত আদিও উৎকৃষ্ট। অৱশ্যে ব্যৱসায়ভিত্তিত ইয়াৰ খেতি কৰিলে প্ৰতি বিঘাৰ বাবে ১১ কিলোগ্ৰাম ইউৰীয়া, ৪০ কিলোগ্ৰাম ছুপাৰ ফছফেট আৰু ২৫ কিলোগ্ৰাম মিউৰেট অব পটাচ সাৰ ব্যৱহাৰ কৰিব লাগে।

খেতি চপোৱা:

 

গছৰ পাতবোৰ হালধীয়া পৰি শুকাবলৈ ধৰিলে এই খেতি চপোৱাৰ উপযুক্ত সময়। ৰোৱাৰ ৬-৮ মাহ পিছত খেতি চপোৱা হয়।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)

2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top