অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ওল কবি:

ওল কবিৰ বিষয়ে লিখা হৈছে

মাটি:

আগতীয়া খেতিৰ বাবে বালিচহীয়া মাটি উত্তম। মধ্যমীয়া আৰু শেহতীয়া জাতৰ বাবে পলসুৱা আৰু পাতল আলতীয়া মাটি উপযুক্ত। মাটিত পি এইচজ(অম্লতা) ৬-৭তকৈ বেছি থাকিব নালাগে। ৫তকৈ কম থাকিলে চূণ প্ৰয়োগ কৰিব লাগে।

পথাৰ প্ৰস্তুত:

৩-৪ বাৰ হাল বাই মৈ দি মাটিখিনি মিহি কৰি ল’ব লাগে।

জাত নিৰ্বাচন:

ইণ্ডিয়ান আৰ্লি, ভিগৰো, হোৱাইট ভিয়েনা- এইবোৰ আগতীয়া জাত। শেহতীয়া জাত হৈছে- কুইক ষ্টাৰ, উইনাৰ, প্ৰিয় ০০৫, টুইষ্টাৰ আদি।

ৰোৱাৰ সময়:

আগতীয়া- জুলাইৰ মধ্যভাগৰপৰা আগষ্টলৈ। মধ্যমীয়া- ছেপ্তেম্বৰৰ প্ৰথম ভাগৰ পৰা অক্টোবৰলৈ। শেহতীয়া নৱেম্বৰ।

বীজৰ পৰিমাণ:

প্ৰতি বৰ্গমিটাৰ বীজতলীৰ ১০ গ্ৰাম বীজ লাগে। এবিঘা মাটিৰ বাবে এনে ১৮খন বীজতলীত পুলি লাগিব। অৰ্থাৎ এবিঘা মাটিৰ বাবে ১৮০ গ্ৰাম বীজৰ প্ৰয়োজন।

সাৰ প্ৰয়োগ:

বিঘাই প্ৰতি পচন সাৰ বা গোবৰ ১.৩ টন। ইউৰিয়া- ২২ কিলোগ্ৰাম, ছুপাৰ ফচফেট ৫০ কিলোগ্ৰাম, মিউৰিয়ট অব পটাচ- ১১ কিলোগ্ৰাম আৰু বৰাক্স ১ কিলোগ্ৰাম।

ইউৰীয়া সাৰ আধা ৰোৱাৰ আগেয়ে আৰু আধা ৰোৱাৰ ২০ দিন পিছত নিৰণি দিয়াৰ সময়ত প্ৰয়োগ কৰিব লাগে।

দূৰত্ব:

৪-৫ সপ্তাহ বয়সীয়া পুলি পথাৰত ৰুব লাগে। শাৰীৰ ব্যৱধান ৩০ ছেন্টিমিটাৰ আৰু পুলিৰ ব্যৱধান ২৫ ছেন্টিমিটাৰ হ’ব লাগে।

প্ৰতিপালন:

ৰোৱাৰ ২০-২৫ দিন পিছত পুলিৰ গুৰিবোৰ খুচৰি ইউৰীয়া সাৰখিনি পচন সাৰৰ লগত মিহলাই পুলিটোৰ চাৰিওফালে দি মাটি চপাই দিব লাগে।

চপোৱা:

ৰোৱাৰ ৬০-৭০ দিন পিছত কবিবোৰ পূৰঠ হ’লে চপাব লাগে।

উৎপাদন:

৮-১০ টন প্ৰতি হেক্টৰত।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)

2.93103448276
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top