অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কপৌফুল :

কপৌফুলৰ বিষয়ে লিখা হৈছে ।

 

আগকথা -

কপৌফুল প্রতিজন অসমীয়াৰ মন পুলকিত কৰা এটি নাম। এই নাম শুনিলেই এক অবুজ শিহঁৰণ অনুভৱ কৰা যায়। যৌৱনৰ ঋতু ব’হাগত মনৰ মানুহে যাচি দিয়া কপৌ এপাহৰ মূল্য লওঁতা আৰু যাচোঁতাজনৰ বাহিৰে আন কোনেও উপলব্ধি কৰিব নোৱাৰে।

আঁহতৰ ডাল বগাই কপৌফুল এপাহি নাচনিৰ খোপাত পিন্ধোৱাত গর্ব আছে, সাহস আছে আৰু আছে আত্মসন্মানবোধ তথা নিভাঁজ পবিত্র অনুভূতি।

সেইবাবে কপৌফুলক যৌৱনৰ প্রতীক বুলিও ক’ব পাৰি। কিন্তু অৰণ্য লুণ্ঠনকাৰীৰ হাতত পৰি প্রতিজন অসমীয়াৰ মন পুলকিত কৰা এই কপৌফুল ক্রমে বিলুপ্তিৰ পথত।

বিহুতলিৰ নাচনিৰ খোপাত আজি প্লাষ্টিকৰ কপৌফুল। সেয়ে জাতীয় পৰম্পৰা বহন কৰা কপৌফুলৰ প্রতি সন্মান জনাই ইয়াৰ উপযুক্ত সংৰক্ষণ কৰাটো প্রতিজন অসমীয়া নৈতিক কর্তব্য বুলি জ্ঞান কৰি এই ব’হাগতে কিছু আলোচনা কৰিবলৈ যত্ন কৰা হ’ব।

ৰূপ, ৰঙ আৰু গোন্ধেৰে আমোলমোল কপৌফুল উদ্ভিদ জগতৰ Orchidaceae  গোত্রৰ অন্তর্গত। ইংৰাজিত ফুলবিধক Orchid কোৱা হয়।

বহুতে আকৌ ৰাস্না বুলিও কয়। অৱশ্যে আমি অর্কিড শব্দটো ব্যৱহাৰ কৰিম। ৰহস্যময় গঠন,সুবাস, কোমলতা আৰু ৰঙৰ বৈচিত্র্যতাই অর্কিডক পুষ্প জগতত এক অনন্য আসন দিছে, যাৰ বাবে পৃথিৱীত এইবিধ ফুলৰ দৰে আন কোনো ফুলেই প্রকৃতি তথা ফুল প্রেমীসকলক ইমান বেছি আকৃষ্ট কৰিব পৰা নাই।

অসমত এই অর্কিড বা কপৌফুলৰ তিনিটা প্রজাতি পোৱা যায়। সেই কেইবিধ হ’ল- কপৌ, মতা কপৌ আৰু ভাটৌফুল যিকেইটা ক্রমে Rynchostylis, Cymbidium  আৰু Vanda প্রজাতিৰ অন্তর্গত। আমাৰ আলোচনাত প্রধানকৈএই তিনিবিধক লৈয়ে আগবাঢ়িম।

অর্কিডে গছ-গছনিত আশ্রয় লৈ থাকিলেও ইহঁত পৰজীৱি নহয়; বৰঞ্চ ৰ’দ, বৰষুণ, পঁচা পাত, নিয়ৰ কণা আদিৰ পৰা শিপা আৰু পাতৰ দ্বাৰা আহাৰ সংগ্রহ কৰি জীয়াই থাকে।

এনেবোৰ অর্কিডক বায়বীয় অর্কিড (Epiphytic)বুলি জনা যায়। ওপৰত উল্লেখ কৰা কেউবিধ প্রজাতি এই শাৰীত পৰে।

আনহাতে অধিক পাত সাৰযুক্ত, ছাঁ বা আংশিক ছাঁ পৰা ঠাইত যিবোৰ অর্কিড গজা দেখা যায় সেইবোৰক ভূমি অর্কিড (Terrestrial)বুলি কোৱা হয়।

বায়বীয় কিম্বা ভূমি অর্কিড দুয়োবিধৰ ফুলৰ গঠনৰ দ্বাৰা ইহঁতক আন উদ্ভিদৰ পৰা পৃথক কৰিব পৰা যায়।

অর্কিড নামটো আহিছে অণ্ডকোষ (Testicle) বুজোৱা গ্রীক শব্দ অর্কিচ (Orchis)-ৰ পৰা। এৰিষ্টটলৰ শিষ্য থিয়’ফ্রেষ্টাচে ভূমধ্য সাগৰীয় অঞ্চলত গজা এবিধ ভূমি অর্কিডৰ মাটিৰ তলতে থকা অণ্ডকোষৰ দৰে অংশটো দেখি The history of plants and the cause of plantsনামৰ পুথিত এই বিষয়ে পোন প্রথমে উল্লেখ কৰে।

তেতিয়াৰ দিনত ইয়াক উর্বৰতা আৰু প্রাণশক্তিৰ বাহক হিচাপে জ্ঞান কৰা হৈছিল। ভাৰতবর্ষৰ আয়র্ব্বেদ শাস্ত্রতো অর্কিডৰ ঔষধি গুণৰ বিৱৰণ পোৱা যায়।

এতিয়াও অসমৰ বিভিন্ন সম্প্রদায়ৰ মাজত ই বনদৰৱ হিচাপে পৰিগণিত। খ্রীষ্টপূর্ব ২৮০০ চন অর্থাৎ সম্রাট চেঙ-নুঙৰ দিনৰপৰা চীন দেশত অর্কিড ঔষধি গছ হিচাপে বিবেচিত হৈ অহাৰ উপৰিও ইয়াৰ ৰঙ-ৰূপ-সুৱাসে মানুহক আকৃষ্ট কৰি আহিছে।

খ্রীষ্টপূর্ব ৫০০ চনৰ চীনা পুথি ‘একি-কিঅ’ (Eki-Kyo) আৰু ১০০০ খ্রীষ্টাব্দৰ দর্শন পুথি ‘আই-চিং’ (I-Chingh)-ত অর্কিডৰ উল্লেখ আছে। কনফুচিয়াচে অর্কিডক সুগন্ধি ফুলৰ ৰজা বুলি কৈছে। চীনা ভাষাত অর্কিডক লেন বুলি কয়।

পুৰণি চীনত ইয়াৰ ইমানেই আদৰ আছিল যে অর্কিডৰ ছবি বা পুথি প্রণয়ন কৰা লোকসকলক বিশেষভাবে পুৰস্কৃত কৰা হৈছিল।

ফুলৰ দেশ জাপানত অর্কিডৰ নাম হ’ল ৰেন(Ran)। প্রাচীন জাপানত ইয়াৰ খেতিৰ বিষয়ে চিন্তা-চর্চ্চা কৰাৰ যথেষ্ট প্রমাণ পোৱা যায়।

উদাহৰণ স্বৰূপে ১৭৭২ চনত জাপানী পুথি ‘ইগানাচি’ (Iganashi)-ত গ্রন্থকাৰ মাতশ্বুকাই অর্কিডৰ প্রতিপালনৰ বিষয়ে এনেদৰে উল্লেখ কৰিছে

“বসন্তকালত বাহিৰত নথবা

গ্রীষ্মত ৰ’দলৈ নুলিয়াবা,

শৰৎকালত শুকাই যাবলৈ নিদিবা

আৰু

শীতকালত বেচিকৈ নিতিয়াবা।”

প্রাচ্যৰ সৌভাগ্য, ৰূপ-ৰস, প্রেম আৰু সৌন্দর্যৰ প্রতীক অর্কিড পশ্চিমত প্রথমে পানীয়ৰ সোৱাদ স্বৰূপেহে স্বীকৃত হয়।

স্পেইনৰ সম্রাট কর্টেজ ১৫১৯ চনত মেক্সিকোলৈ যাওঁতে ৰজা এজটেকে ভেনিলা অর্কিডৰ পৰা প্রস্তুত কৰা সুগন্ধি পানীয়ৰে আপ্যায়িত কৰিছিল।

এই পানীয়ৰ স্বাদত মোহিত হৈ সম্রাটে ভেনিলা অর্কিডৰ সঁচ নিজ দেশলৈ কঢ়িযাই নিয়ে। এয়াই আছিল আজিৰ বিখ্যাত ভেনিলা এচেঞ্চৰ আৰম্ভণি।

ইয়াৰ পাছত ১৭ শতিকাৰপৰা ইউৰোপীয়সকলে প্রাচ্যত অর্কিড বিচাৰি চলাথ কৰে আৰু ১৭৩১ চনত পিটাৰ কলিঞ্চে পোন প্রথমে গ্রীষ্ম দেশীয় অর্কিড ইংলেণ্ডলৈ নিয়ে। ইয়াতো অর্কিডে মানুহৰ মন-প্রাণ জয় কৰিবলৈ সক্ষম হয়।

সম্রাট অষ্টম এডৱার্ডে ৰাজউদ্যানত এজোপা অর্কিডেৰে প্রেয়সী ওৱালিচ চিম্পচনক মনৰ মৰম যাচিছিল আৰু বিশেষ যত্নৰে প্রতিপাল কৰা অর্কিডৰ ফুল ফুলা চাবলৈ ওৱালিচে অতীব আগ্রহেৰে অপেক্ষা কৰিছিল।

অর্কিডৰ বিষয়ে প্রথম বিজ্ঞানসন্মতভাবে অধ্যয়নৰ পৃষ্ঠপোষকতা কৰা অনুষ্ঠান হ’ল ‘ৰয়েল বটানিকেল গার্ডেন’। ইয়াৰে ভগ্নী অনুষ্ঠান ‘ৰয়েল হর্টিকালচাৰেল ছচাইটি’-য়ে ১৮৫৯ চনত কেট্টালিয়া অর্কিড এজোপাক পুৰস্কৃত কৰি এইবিধ উদ্ভিদক স্বীকৃতি প্রদান কৰে।

আনহাতে ১৯৫৪ চনত মার্কিন যুক্তৰাষ্ট্রৰ গর্ডন ডিলেনে অর্কিডৰ প্রথম আন্তজার্তিক সংস্থা ‘ওৱর্ল্ড অর্কিড কনফাৰেঞ্চ’ ৰ জন্ম দিয়ে।

পণ্ডিত, বিজ্ঞানী আৰু ফুল অনুৰাগীসকলৰ ‘মক্কা’ স্বৰূপ এই অনুষ্ঠানে জন্ম লগ্নৰে পৰা অর্কিডৰ চিন্তা-চর্চ্চাত বহুমূলীয়া অৱদান আগবঢ়াই আহিছে।

মৰুভূমিৰ পৰা তুন্দ্রা অঞ্চল আৰু সাগৰ পৃষ্ঠৰ পৰা ১৪,০০০ ফুট উচ্চতালৈকে অর্কিডৰ বাসস্থান। এতিয়ালৈকে ৬০০-৮০০ গোত্রৰ প্রায় ৩৫,০০০ মান প্রজাতিৰ সম্ভেদ পোৱা গৈছে।

ইয়াৰ উপৰি মানুহে অজস্র বর্ণ আংকৰ অর্কিডৰ উদ্ভাৱন কৰিছে। এইখিনিতে উল্লেখযোগ্য যে ১৮৫৬ চনত জন ডমিনি নামৰ ইংৰাজ উদ্যানবিদজনে দুটা কেলেন্থি (Calanthe) প্রজাতিৰ মাজত পৰাগযোগ ঘটাই উদ্ভাৱন কৰা গছজোপাই আছিল অর্কিডৰ প্রথম বর্ণ সংকৰ জাত।

অর্কিড গছজোপা -

অর্কিড উদ্ভিদ জগতৰ এক অগতানুগতিক বাসিন্দা। সাধাৰণ উদ্ভিদৰ জীৱন প্রণালীৰ লগত ইহঁতৰ বহুক্ষেত্রতে মিল নাই।

গতিকে অর্কিড পালন কৰিবলৈ যোৱাৰ আগতে সিহঁতৰ চৰিত্রৰ বিষয়ে কিছু কথা নেজানিলে কৃতকার্য হোৱাত অসুবিধা হয়।

সেই কাৰণে বহুতে মনৰ হেঁপাহত হাবি-বন অথবা অন্যান্য উৎসৰপৰা অর্কিড সংগ্রহ কৰি আনিলেও প্রতিপালনত সফল হ’ব নোৱাৰে।

অৱশ্যে ইয়াৰ বাবে উদ্ভিদ বিজ্ঞানৰ বিশদ জ্ঞানৰ আৱশ্যক নাই। আমি ইয়াত কেৱল অর্কিড পালনৰ ক্ষেত্রত প্রয়োজন হোৱা কথাখিনি যথাসম্ভৱ সৰলভাবে আলোচনা কৰিম।

অর্কিডৰ বংশবিস্তাৰ মূলতঃ বীজৰ দ্বাৰাই হয়। গর্ভধাৰণৰ পাছত ইহঁতৰ ফল ধৰে। ফলবোৰ (বীজ-কোষ) দেখিবলৈ কেপচুল (Capsule)-ৰ দৰে আৰু একেথোপা ফুলতে বহু সংখ্যক কেপচুল দেখা যায়।

কেপচুলবোৰৰ ভিতৰত চকুৰে নমনা পাউডাৰৰ দৰে অসংখ্য বীজ-কণিকা থাকে। কেপচুলবোৰ পূৰঠ হৈ ফাটি গ’লে এই বীজ কণিকাবোৰ বতাহ বা জীৱ-জন্তুৰ দ্বাৰা বহু দূৰলৈ বিস্তাৰিত হয়। অর্কিডৰ বীজ অন্যান্য সাধাৰণ বীজৰ দৰে অংকুৰিত হ’ব নোৱাৰে।

১৯০৪ চনত নোবেল বার্ণাড নামৰ ফৰাচী উদ্ভিদবিদজনে দেখিলে যে যিবোৰ ঠাইত অর্কিড গজি উঠে সেইবোৰ ঠাইত মাইক’ৰাইজা (Mycorrhiza) নামৰ এবিধ বিশেষ ভেঁকুৰউপস্থিত থাকে।

পাছত তেখেতে পৰীক্ষাৰ দ্বাৰা দেখিলে যে অর্কিডৰ বীজ কণিকাবোৰমাইক’ৰাইজাৰ লগত সহজীৱি (Symbiosis) প্রক্রিয়াৰে অংকুৰিত হয়।

তেখেতৰ এই আবিষ্কাৰৰ পাছত গৱেষণাগাৰত কৃত্রিমভাৱে মাইক’ৰাইজা গজাই গুটিৰ পৰা অর্কিড পাব পৰা হ’ল।

অৱশ্যে বীজৰ দ্বাৰা বিস্তাৰিত অর্কিডৰ জীৱন-চক্র বৰ লেহেম। গুটিবোৰ পূৰঠ হওঁতে দুমাহৰ পৰা ওঠৰমাহ পর্যন্ত সময় লাগে।

সেয়ে অংগজ প্রজননেই অর্কিডৰ বংশ বৃদ্ধিৰ সহজ আৰু সাধাৰণ উপায়। কিন্তু বর্ণসংকৰ জাত উদ্ভাৱন কৰিবলৈ যৌন প্রজননৰ আৱশ্যক হয়।

প্রকৃতিতে হওক বা ঘৰতেই হওক বীজ অংকুৰণৰ দৰেই অর্কিডৰ দৈনন্দিন জীৱনতো মাইক’ৰাইজাৰ সহযোগিতা অতি প্রয়োজন। এইবিধ ভেঁকুৰ গছজোপাৰ মূলতঃ শিপা আৰু গুৰি অংশত সহজীৱি প্রক্রিয়াৰে জীয়াই থাকে।

আনহাতে অর্কিডৰ প্রজাতি বিশেষে মাইক’ৰাইজাও বেলেগ বেলেগ। ভূমি অর্কিডত সাধাৰণ শিপা থাকে যদিও বায়বীয় অর্কিডত দুবিধ শিপা দেখিবলৈ পোৱা যায়।

এবিধে আশ্রয় থলীত খামুচি থাকি গছজোপা যথাস্থানত ৰাখে। আনবিধে শূণ্যত ওলমি থাকি বায়ুৰ পৰা আহাৰ সংগ্রহ কৰে।

শিপাবোৰ সাধাৰণতে গোটা চানেকীয়া হলেও কেতবোৰ ফিটাৰ দৰে চেপেটা হয়। বায়বীয় শিপাবোৰ সোপোকা, অগ্রভাগ সেউজীয়া হোৱাৰ বিপৰীতে আন অংশ বগা নাইবা ৰূপালী বৰণৰ হয়। এই সেউজীয়া অগ্রভাগে বতাহৰপৰা পানীৰ কণিকা আৰু আন পোষক দ্রব্য শুহি লয়।

প্রতিকুল পৰিৱেশত বাষ্পীভৱণ ৰোধ কৰিবলৈ কিছুমান প্রজাতিৰ পাতবোৰ সৰি পৰে আৰু শিপাবোৰ সেউজীয়া বৰণৰহৈ সালোক সংশ্লেষণত ভাগ লয়। কিছুমান প্রজাতিৰ বর্হিভাগ ৰূপালী নাইবা বগা সোপোকা কোষেৰে গঠিত।

ভেলামেন (Velamen) নামেৰে জনা এই কোষৰ তৰপটোৱে বায়ুৰপৰা পানীৰ কণিকা শোষণ কৰি গছজোপাক অত্যাধিক তাপৰপৰা ৰক্ষা কৰে।

এই সোপোকা অংশটোৱে গছজোপালৈ পানী সৰবৰাহ নকৰে; সেউজীয়া নিমজ অগ্রভাগেহে এই কার্য সম্পাদন কৰে।

সেয়ে শিপাৰ অগ্রভাগ নষ্ট হ’লে অর্কিডৰ জীৱন ধাৰণত ব্যাঘাট জন্মে। অর্কিড পালনত এইবিষয়টো অতি দৰকাৰী কথা।

সকলো অর্কিডৰে গুৰিভাগ শকত, মঙহাল অংশলৈ ৰূপান্তৰিত হয়। উপকন্দ বা কূটকন্দ (Pseudobulb) বুলি কোৱা এই অংশটোত খাদ্য সঞ্চয় হৈ থাকে।

ই আকাৰত গোটা, দীঘল কিম্বা চেপেটা হ’ব পাৰে। এইবোৰ থোপপাতি বা নির্দষ্ট দূৰত্ব বজাই অৱস্থান কৰে।

কেতিয়াবা উপকন্দৰ সলনি তুলনামূলকভাৱে কঠিন, দীঘলীয়া বা চেপেটা মঙহাল অংশও দেখা যায়। এই ৰূপান্তৰিত কাণ্ডবোৰ ক্ষুদ্রৰপৰা ১০ ফুট পর্যন্ত হ’ব পাৰে।

আর্কিডৰ পাতবোৰ উপকন্দৰ ওপৰত প্রণালীবদ্ধভাৱে সজোৱা থাকে। ভূমি অর্কিডৰ ক্ষেত্রত উপকন্দবোৰ মাটিৰ উপৰতে থাকে যদিও কেতিয়াবা মাটিৰ তলতো থাকে।

অষ্ট্রেলিয়াৰ এবিধ ভূমি অর্কিডে ( Rhizanthella gardeneri) গোটেই জীৱন মাটিৰ তলতে কটাই দিয়াৰ উদাহৰণ আছে। এইবিধ অর্কিডৰ ফুলবোৰো আনকি মাটিৰ ওপৰলৈ ওলাই নাহে।

অর্কিডৰ পাতবোৰ সচৰাচৰ বিপৰীতক্রমী, দুটা শাৰীত সজোৱা। ইহঁত কাচিৎহে মুখামুখি হয়। কেতিয়াবা এইবোৰ সৰু শল্কপত্র (Scale) লৈ ৰূপান্তৰিত হয়। প্রায়বোৰৰে গুৰিভাগ শকত বৌখাৰ দৰে।

অর্কিডৰ গা-গছবোৰ দুটা শ্রেণীত ভগাব পাৰি-

ক) একাক্ষী (Monopodial):-

গা-গছ ওপৰমুৱাকৈ এটা দিশত বাঢ়ে আৰু পার্শ্বীয় শাখা প্রায়ে নোলায়। ফুলবোৰ পার্শ্বীয়ভাবে ধৰে। এই শ্রেণীৰ গছবোৰৰ উচ্চতা সকলো প্রজাতিৰে একে নহয়।

*ভান্দা,

*পেলেন’পচিচ,

*এৰিডচ আদি এই শ্রেণীৰ অর্কিড।

খ) যুক্তাক্ষী (Sympodial) :-

এইবিধ অর্কিডত নতুন শাখাবোৰ ভূমিৰ সমান্তৰালভাবে নির্দষ্ট দূৰত্বত ওলায় আৰু এইবোৰৰ পৰা পুনৰ একেভাৱে নতুন শাখা ওলায়। প্রায়বোৰ যুক্তাক্ষী অর্কিডৰ গুৰিভাগত মঙহাল উপকন্দ দেখা যায়।

অর্কিডৰ ফুল:

উদ্ভিদ জগতৰ ভিতৰত অর্কিডৰ ফুলবোৰ সকলোতকৈ উন্নত, ৰহস্যময় আৰু পৰাগযোগৰ বাবে অভিনৱ কৌশল অৱলম্বন কৰে।

সাধাৰণ উদ্ভিদৰ ফুলবোৰত বেটুপাত (Sepal ), পাহি (Petal), পুংকেশৰ (Stamen) আৰু গর্ভকেশৰ(Carpel) এটাৰ ওপৰত আনটো চক্রকাৰে সজোৱা থাকে।

কিন্তু অর্কিডৰ ক্ষেত্রত এইবোৰৰ গঠন অগাতানুগতিক। বাহিৰৰ ফালে থকা বেটুপাত কেইটাৰ ৰং আৰু আকাৰ পাহিতকৈ পৃথক। কেতিয়াবা অৱশ্যে একে হোৱা দেখা যায়।

ৰং আৰু আকাৰত পাহি তিনিটাৰ দুটা একে হ’লেও তৃতীয়টো পাহি ৰূপান্তৰিত হৈ মঙহাল ওঠৰ দৰে অংগটোৰ জন্ম দিয়ে। অর্কিডৰ এই অংগটোৱেই আটাইটকৈ আকর্ষণীয়। ইয়াক অধৰদল (Labellum) বুলি কোৱা হয়।

বিভিন্ন ৰং আৰু ৰূপৰ সমষ্টি এই অংশই হ’ল অর্কিডৰ বহুমূলীয়া চকুজুৰুৱা অলংকাৰ। এই অংশ দেখাত কেতিয়াবা নানা জীৱ-জন্তু বা চৰিত্রৰ দৰে হয় আৰু ৰূপ অনুসৰি সিহঁতৰ নাম সুকীয়া হয়। উদাহৰণ হিচাপে লেডিজ শ্লিপাৰ, টাইগাৰ, বাটাৰফ্লাই আদি নামেৰে নামাংকিত অর্কিডৰ কথা ক’ব পাৰি।

অর্কিডৰ আন এক কৌতুহলপূর্ণ অংশ হ’ল ইয়াৰ প্রজনন অংগ। ইহঁতৰ ছডাল পুংকেশৰৰ এডালহে পূর্ণাংগ অৱস্থাপ্রাপ্তহৈ কার্যক্ষম হয় আৰু গর্ভদণ্ডৰ লগ লাগি স্তম্ভ (Column) নামৰ অংশটো গঠন কৰে।

এই স্তম্ভৰ ওপৰতে পৰাগকোষ অৱস্থিত আৰু ই বন্ধ্যা খণ্ড এটাৰ দ্বাৰা গর্ভমুণ্ডৰপৰা পৃথক হৈ থাকে। এই বন্ধ্যা খণ্ডটোক তুণ্ডক (Rostellum) বুলি কোৱা হয়।

লেডিজ শ্লিপাৰ নামৰ অর্কিডত আকৌ পার্শ্বপাহি দুটা লগ লাগি Synsepalum  আৰু তৃতীয় পাহিটো অতিমাত্রা্ ডাঙৰ হৈ শ্বিপাৰৰ দৰে অংশলৈ ৰূপান্তৰিত হয়।

অর্কিডৰ স্তম্ভ অংশও ৰং আৰু ৰূপত কোনো গুণে কম নহয়। কিছুমান অর্কিড স্বপৰাগণ হ’লেও বেছিভাগ অপ-পৰাগণ। পৰাগ ৰেণুবোৰ সাধাৰণতে থোপখাই থাকে আৰু ইহঁতক পৰাগপিণ্ড বোলা হয়।

প্রতিটো পৰাগপিণ্ড এখন শ্লেষ্মা চক্রিকাত স্প্রিঙৰ দৰে আঁহ এডালেৰে লাগি থাকে। পৰাগযোগৰ সময়ত পোক-পতংগৰ দ্বাৰা শ্লেষ্মা চক্রিকাখন পৰাগকোষৰপৰা এৰাই পৰাগপিণ্ডটো সিহঁতৰ গাতে লাগি আহে।

পাছত পোক-পতংগবোৰ অন্য ফুলত পৰিলে পৰাগৰেণুবোৰ গর্ভমুণ্ডত লাগি ধৰে আৰু গর্ভধাৰণ হয়। ফুলবোৰে জীৱ-জন্তুক আকর্ষণ কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰে।

এইবোৰৰ ভিতৰত উজ্বল ৰং, গোন্ধ, মৌ-নিসঃৰণ আদিয়েই প্রধান। কিছুমান ফুলত পোক-পতংগই জিৰণি ল’ব পৰা আসনৰ দৰে অংশও থাকে। আনহাতে কিছুমান ফুলে পতংগৰ বিপৰীত লিংগৰ আকৃতি ধাৰণ কৰে।

ইয়াৰ উপৰিও কিছুমান ফুলৰ গঠন প্রণালী এনেকুৱা যে কেতবোৰ বিশেষ বিশেষ পতংগইহে পৰাগযোগ ঘটাব পাৰে। এইদৰে অর্কিডবোৰে জটিল নীতি-নিয়ম অনুসৰণ কৰি নিজ বর্ণৰ পবিত্রতা ৰক্ষা কৰি চলে।

পৰাগযোগৰ পাছৰপৰা বীজ ওলোৱালৈকে সময়চোৱা বৰ দীঘলীয়া আৰু এলানি জটিল প্রক্রিয়াৰ মাজেৰে এই কার্য সম্পন্ন হয়। ডিম্বাণুবোৰৰ প্রকৃত গর্ভধাৰণ আচলতে পৰাগযোগৰ কেইসপ্তাহ বা কেইবামাহমানৰ পাছতহে হয়।

অর্কিডৰ ক্ষেত্র এটা কথা লক্ষ্যণীয় যে ফুলবোৰৰ মাজত বৈচিত্রতা থাকিলেও বীজকোষ বা কেপচুলবোৰ তুলনামূলকভাবে সকলোৰে একে।

বায়বীয় অর্কিডবোৰক সিহঁতৰ অংগজ চৰিত্রৰ ভিত্তিত পাঁচভাগত ভগাব পৰা যায়:-

১)মঙহাল পাতৰ গছ:

এইবোৰ চিৰ সেউজীয়া, উপকন্দবিহীন, অতি ঘন ছাঁ পিয়াসী। ইহঁতৰ সুপ্তকাল নাই।  Phalaenopsis spp.আদি এই শ্রেণীত পৰে।

২) ঠেক পাতৰ গছ:

এইবোৰৰ পাত পৰিবর্দ্ধন কালৰ শেষত সৰি যায়। শক্তিশালী উপকন্দ থকা গছবোৰক পৰিবর্দ্ধনৰ সময়ত পর্যাপ্ত পৰিমাণে পানী লাগিলেও সুপ্তকালচোৱাত একেবাৰে পানী নালাগে। ইহঁতে আংশিক ছাঁ ভাল পায়।  উদাহৰণ হিচাপে  Catasetum spp নাম ল’ব পাৰে।

৩) মসৃণ চামৰাৰ দৰে পাতৰ গছ:

এইবোৰ চিৰসেউজ বা পাত সৰি যোৱা প্রকৃতিৰ, আংশিক ছাঁ বিচৰা উন্নত উপকন্দযুক্ত গছ। পৰিবর্দ্ধনৰ সময়ত পর্যাপ্ত পৰিমাণে আৰু সুপ্তকালচোৱাত মজলীয়াভাৱে পানী বিচৰে। কন্দ থকাবোৰক পোহৰ বেছি লাগে। Cattleyaspp এনে শ্রেণীত পৰে।

৪) চামৰাৰ দৰে পাতৰ গছ:

এইবোৰ পোহৰ পিয়াসী, পৰিবর্দ্ধনৰ সময়ত অফুৰন্ত পানী বিচৰা গছ। ইহঁতৰ উপকন্দ নাথাকে। জিৰণিৰ কালচোৱাত মধ্যমীয়াকৈ পানীৰ প্রয়োজন হয়। উদাহৰণ হিচাপে Oncidium sppআদি।

৫) খণ্ডিত বা আংশিক খণ্ডিত পাতৰ গছ:

এইবোৰৰ উপকন্দ নাথাকে। পোহৰ পিয়াসী এইবোৰ গছক পৰিবর্দ্ধনৰ সময়ত বেছিকৈ আৰু সুপ্তকালত মজলীয়াকৈ পানী লাগে। উদাহৰণ হিচাপে Vanda spp আদি।

অর্কিড পালন কৰিবলৈ যোৱাৰ আগতে সিহঁতক লগা প্রাকৃতিক পৰিৱেশটোৰ বিষয়ে জানি লোৱা ভাল। দুই-এটা ব্যতিক্রম বাদ দি পৃথিৱীৰ সকলো ঠাইতে অর্কিড প্রাকৃতিকভাৱে পোৱা যায়।

অসম তথা উত্তৰ পূর্বাঞ্চল প্রাকৃতিকভাৱে অর্কিডে ঠাঁহ খায় আছে। উষ্ণতাৰ প্রতি অর্কিডবোৰ অত্যন্ত সংবেদনশীল।

প্রজাতি অনুসৰি ইহঁতে ঠাণ্ডা, শুকান অথবা উষ্ণ জলবায়ু বিচাৰে। অন্য উদ্ভিদৰ তুলনাত অর্কিডে বেছি পোহৰ সহ্য কৰিব পাৰে; কিছুমান আনকি অতিমাত্রা ৰ’দতো সুন্দৰভাৱে জীয়াই থাকে।

সাধাৰণতে পুৱাৰ ৰ’দ অর্কিডৰ অতি প্রয়োজন। অৱশ্যে বেলি উঠি আহাৰ লগে লগে ছাঁ নাপালে গছবোৰ মৰি যাব পাৰে। প্রজাতিবোৰৰ পাতলৈ লক্ষ্য কৰিয়েই সিহঁতৰ প্রয়োজনীয় পোহৰৰ কথা অনুমান কৰিব পাৰি।

ছাঁ বিচৰা গছবোৰৰ পাত সচৰাচৰ বহল আৰু কোমল। আনহাতে ৰ’দ বিচৰা গছবোৰৰ পাত ঠেক, মঙহাল আৰু কঠিন।এই আচৰণলৈ লক্ষ্য কৰি অর্কিড ৰখা ঠাইবোৰ নির্বাচন কৰি ল’ব পাৰি।

সেইদৰে উষ্ণতা আৰু আদ্রতাৰ ক্ষেত্রটো যিমান দূৰ সম্ভৱ প্রজাতিবোৰৰ প্রাকৃতিক বাসস্থানৰ পৰিৱেশ এটা গঢ়ি তুলিবলৈ চেষ্টা কৰা উচিত।

নবাগতসকলে প্রথমে যিমান পাৰি নিজৰ বাসস্থানৰ লগত সামঞ্জস্য থকা ঠাইৰ পৰা অর্কিড সংগ্রহ কৰি সেইবোৰৰ প্রতিপালনৰ জড়িয়তে অভিজ্ঞতা অর্জন কৰা ভাল।

অর্কিডৰ বংশবৃদ্ধি:

তিনি প্রকাৰে অর্কিডৰ বংশবৃদ্ধি কৰিব পাৰি-

ক)বীজ

খ)কলাকর্ষণ আৰু

গ)অংগজ।

প্রথম পদ্ধতি দুটা জটিল আৰু ইয়াৰ বাবে যথেষ্ট কাৰিকৰী জ্ঞানৰ আৱশ্যক হয়। আনহাতে অংগজ পদ্ধতি তুলনামূলকভাৱে সহজ। সেয়ে ইয়াত এইবিধ পদ্ধতিৰ বিষয়ে কিছু আলোচনা কৰা হ’ব।

অধিকাংশ অর্কিডকেই সিহঁতৰ গুৰি অংশ বা শিপাৰ সৈতে উপকন্দবোৰ ভাগ কৰি বঢ়াব পাৰি। প্রায়ে বুঢ়া হৈ যোৱা পুৰণি উপকন্দৰ ওপৰত ক্ষুদ্র শিপাৰ সৈতে সৰু সৰু পুলি দেখা যায়। এনে পুলি নাৰিকলৰ বাকলিৰ জাৱৰ বা শুকান মচৰে বান্ধি দিলে সুন্দৰকৈ শিপায়।

ডেন্দ্রবিয়ামৰ দৰে কিছুমান অর্কিডৰ পুৰণি উপকন্দবোৰ ১০-১৫ চেঃমিটাৰ দীঘলকৈ কাটি ট্রে বা আন এনে পাত্রত লৈ তাৰ ওপৰত মচ দি পানী ছটিয়াই থাকিলে অলপদিনতে উপকন্দৰ ‘চকু’বোৰৰপৰা গজালি ওলাব। এনে গজালিবোৰ আঁতৰাই আনি ৰোব পৰা যায়।

বয়সীয়াল গছবোৰ টাব বা আশ্রয়স্থলীৰপৰা উলিয়াই বিভাজন কৰিব লাগে। কিন্তু সৰু নিচেই সৰু গছ টাবৰপৰা উলিয়াই আনিলে মৰি যোৱাৰ আশংকা থাকে।

ভাণ্ডা টেৰিচৰ দৰে অর্কিডৰ ক্ষেত্রত প্রায় ২০ ছে: মিটাৰৰ ওপৰত বায়বীয় শিপা ওলোৱা অংশ কাটি আনি ৰোব লাগে।

সুপ্তকালচোৱাৰ শেহৰফালে বা ফুলি যোৱাৰ পাছৰ সেমেকা সময়চোৱাত অর্কিডৰ বংশবৃদ্ধি কৰাৰ উপযুক্ত সময় বুলি বিবেচনা কৰা হয়।

অর্কিড ৰোৱা -

অসমৰ পৰিৱেশত বায়বীয় অর্কিডবোৰ খহতা চালৰ গছত বান্ধি দিব পাৰি। এনে অর্কিডবোৰ আংশিক ৰ’দ পৰা নাইবা ঘৰৰ বাৰান্দাতো ওলোমাই ৰাখিব পাৰি। কিন্তু সকলোতকৈ উত্তম ব্যৱস্থা হ’ল অর্কিড ঘৰ এটা নির্মাণ কৰি লোৱা।

দহ-বাৰ ফুট ওখ এনে ঘৰবোৰৰ চালখন জালিৰ দৰে কৰি আংশিক ৰ’দ পৰিব পৰা কৰি দিব লাগে। ঘৰটোৰ মাজেদি অহা-যোৱা বাট ৰাখি দুয়োকাষে ফালে খলপা খলপ চাং সাজি ল’ব পৰা যায়। ইয়াত ছাঁ আৰু ৰ’দ ভালপোৱা অর্কিডবোৰ ক্রম অনুসৰি শৃংখলাবদ্ধভাৱে থব পৰা যাব।

গছত অর্কিড লগাবলৈ হ’লে খহতা ছালৰ শাখা- প্রশাখাযুক্ত মজলীয়া পৰিমাণৰ ছাঁ দিয়া গছ বাচি ল’ব লাগে। বেছি ছাঁ দিয়া আৰু নিমজ ছালৰ গছ অর্কিডৰ বাবে উপযুক্ত নহয়।

বগাই যোৱা শিপাবোৰ গছৰ বাকলিত আলসুৱাকৈ মেলি দি ঢেকিয়াৰ পুৰণি শিপাৰ পাতল চামনি বা শুকান মচৰ আৱৰণ এটা দি নাৰিকলৰ ৰচীৰে গছৰ লগত ভালদৰে বান্ধি দিব লাগে।

এনে কৰিলে কুমলীয়া শিপাবোৰে ৰক্ষণাবেক্ষণ পোৱাৰ উপৰিও জলীয় বাষ্প সংৰক্ষণত সহায় কৰে। মনত ৰখা ভাল যে অতি ডাঠ তৰপে শিপাৰ অনিষ্ট কৰাৰ ভয় থাকে।

গছৰ কটা ডাল বা কাঠৰ টুকুৰাতো অর্কিড ৰোৱ পাৰি। ইয়াৰ বাবে দুই ইঞ্চি ব্যাসার্দ্ধৰ টুকুৰা এটা এফুটমান দীঘলকৈ কাটি ল’ব লাগে।

এনে টুকুৰাবোৰৰ এটা মূৰ জুইত পুৰি আন ফালটোত শুকান মচ বা ঢেকীয়াৰ পুৰণি শিপাৰ তৰপ এটা বহুৱাই শিপাবোৰ মেলি দি আকৌ শুকান মচ বা ঢেকীয়াৰ পুৰণি শিপাৰ পাতল তৰপ এটাৰে ঢাকি নাৰিকলৰ ৰচিৰে জালৰ দৰে সুন্দৰকৈ গুঠি বান্ধি দিব লাগে।

নাৰিকলৰ ৰচিৰ সলনি প্লাষ্টিকৰ ৰচিও ব্যৱহাৰ কৰিব পাৰি যদিও এনে ৰচি পৰাপক্ষত ল’ব নালাগে। বৃক্ষ ঢেকিয়া বা ওচমুণ্ডা ঢেকিয়াৰ টুকুৰাও অর্কিড ৰোবলৈ ব্যৱহাৰ কৰিব পাৰি।

তামোল বা নাৰিকলৰ গা-গছ ফালি আঁহ থকা ফালেও অর্কিড ৰোবলৈ ল’ব পাৰি। সদ্যৰোপিত গছবোৰ ঠন ধৰি উঠিলে টুকুৰাবোৰ তাঁৰেৰে বান্ধি ওলোমাই দিব লাগে।

কাঠৰ মাৰি ছয় ইঞ্চিমান ওখকৈ জাপে জাপে গজাল মাৰি লৈও অর্কিড ৰোৱা বাস্কেট সাজি ল’ব পাৰি।

এনে বাস্কেটৰ তলি আৰু কাষবোৰত ঢেকিয়াৰ পুৰণি শিপা বা কাঠ বাহঁৰ চোঁচ দি মাজত উপযুক্ত মিশ্রণ ভৰাই অর্কিড ৰোৱ পাৰি।

টাবত অর্কিড ৰোৱাটোৱেই সকলোতকৈ সুবিধাজনক ব্যৱস্থা বুলি কব পাৰি। প্লাষ্টিকৰ টাব ব্যৱহৃত হলেও মাটিৰ পাত্রই অধিক উপযুক্ত।

তলি আৰু কাষবোৰত ফুটা থকা টাব কিনিবলৈ পোৱা যায়। নহলেও সাৱধানে টাবৰ কাষবোৰত বিন্ধা কৰি ল’ব পাৰি। এই টাববোৰ ওলোমাই বা তলিখন দাং খোৱাই সমান ঠাইতো থব পাৰি।

সহজে পানী সৰকি যাব পৰা এনে টাবৰ তলিত ভঙা ইটাৰ টুকুৰা বা খোলাকটি আদিৰ তৰপ এটা দি তাৰ ওপৰত তলত উল্লেখ কৰা মিশ্রণটো ভৰাই  অর্কিড ৰোৱ লাগে।

এভাগ শোধিত হাড়ৰ টুকুৰা, দুভাগ ডাঙৰ কাঠ-কয়লাৰ টুকুৰা, এভাগ ইটাৰ সৰু ভগা টুকুৰা, এভাগ নাৰিকলৰ পুৰণি কোৰোকাৰ ভগা টুকুৰা, এভাগ পিট বা শুকান মচ বা পচা ঢেকিয়াৰ শিপা।

পাত্রৰ তলিৰ ভগা ইটাৰ টুকুৰাৰ ওপৰত পিট, পচা ঢেকিয়াৰ শিপা বা শুকান মচৰ তৰপ দি কাঠ-কয়লা, হাড়, ভগা ইটাৰ টুকুৰা আৰু নাৰকলৰ কোৰোকাৰ টুকুৰা একেলগে মিহলাই টাবটোৰ কাষলৈকে পূৰাই দড়ি মাজ ভাগ ঢিপ কৰ ৰখিব লাগে। ৰোৱ লগা গছজোপাৰ দীঘল শিপাবোৰ মিশ্রণটোৰ মাজেদি তললৈকে সুমাই দি বাকীবোৰ উপৰিভাগত বোৱাই দিয়া উচিত। অৱশ্যে পিট, ঢেকিয়াৰ শিপা বা শুকান মচৰ পাতল চামনি এটা শিপাৰ ওপৰত মেলি দিলে পুলিটোৱে ঠন ধৰি নুঠালৈকে নিৰাপত্তা পায়।

পাত্র সলোৱা -

শিপাৰে পাত্রটো ভৰি পৰিলে, শ্রীবৃদ্ধি বাবে যোগান ধৰা মিশ্রণটো অনুর্বৰ হৈ গ’লে, টাবৰ ফুটাবোৰ বন্ধ হৈ বতাহ চলাচল কৰিব নোৱৰা হ’লে অথবা টাবটো ভাঙিলেহে পাত্র সলোৱা উচিত। এনেবোৰ ক্ষেত্রতো আৰু কিছু দিন অপেক্ষা কৰিব পাৰি নেকি এবাৰ চিন্তা কৰি চাব পাৰি। অৱশ্যে সাধাৰণ নিয়ম অনুযায়ী-

*কেলেন্থা,

*ডেনদ্রবিয়াম,

*ফেলেন’পচিচ,

*আদি এবছৰ,

*কেট্রুলিয়া,

*অনচিডিয়াম,

*অড’নট’গ্লচিয়াম দুবছৰ আৰু ভান্দা,

*চিমবিডিয়ম আদি তিনিবছৰৰ মূৰে মূৰে সলাব লাগে।

পাত্র সলনি কৰাৰ সময় হিচাপে পৰিবর্দ্ধনৰ আৰম্ভণি নাইবা নতুন পোখা ওলোৱাৰ  অর্থাৎ ফেব্রুৱাৰীৰ - মে’ মাহ উপযুক্ত সময়।

কেট্রুলিয়াৰ আকৌ পোখাবোৰ পাঁচ ছে:মি:মান দীঘল হ’লেহে পাত্র সলাব লাগে। পাত্র সলাওঁতে নির্দিষ্ট নীতি-নিয়ম মানি নচলিলে শিপাত আঘাট লাগি গোটেই গছজোপা নষ্ট হোৱাৰ সম্ভাৱনা থাকে।

শিপাৰে কামোৰ খাই থকা মিশ্রণখিনিৰে সৈতে গছজোপা উঠাবলৈ চুৰি কটাৰি এখন ব্যৱহাৰ কৰিব পাৰি। পুৰণি মিশ্রণ, মৃত শিপা, শুকান উপকন্দ আদি লাহে লাহে এৰুৱাই পেলোৱা উচিত।

একাক্ষী অর্কিড যেনে কেট্রুলিয়া, ডেনদ্রবিয়াম আদিৰ পাঁচটাতকৈ অধিক আৰু তিনিটাতকৈ কম উপকন্দ থকা অনুচিত। কেতিয়াবা পুৰণি বা আগৰ বছৰৰ উপকন্দবোৰত সুপ্ত ‘চকু’ দেখিলে সৰু টাবত ৰুই আকৌ নতুন গছ পাব পাৰি।

পাত্রবোৰত যাতে অনায়সে কমেও দুটামান নতুন গজালিৰ বাবেও ঠাই ওলাই তাৱ প্রতি লক্ষ্য ৰাখিব লাগে। কিন্তু ডাঙৰ পাত্র হ’লে গছবোৰ বঢ়াত আৰু ফুল ধৰাত বিলম্ব হয়।

ৰোৱৰ সময়ত পুৰণি উপকন্দবোৰ পাত্রৰ বাহিৰৰ ফালে আৰু নতুনবোৰ মাজ ভাগত থাকিলে গছজোপা অনায়সে বাঢ়িব পাৰে।

উপকন্দহীন ভান্দা টেৰিচ আদি অর্কিডবোৰো একে ধৰণে কিন্তু সোমাজত ৰোৱা উচিত। বেছিকৈ পানী বিচৰা অর্কিডৰ্ ক্ষেত্রত উপৰিভাগত মচৰ তৰপ এটা দি থলে পানীৰ প্রয়োজনীয়তা বুজিব পাৰি।

আঘাটপ্রাপ্ত শিপাবোৰে পানী শুহি ল’ব নোৱাৰে বাবে ৰোৱাৰ প্রথম কেইসপ্তাহমান ওপৰৰপৰা পানী ছটিয়াই দিব লাগে। আনহাতে পাত্র সলোৱাৰ সময়তে কাঠৰ বা বাঁহৰ মাৰি এডাল তলিলৈকে পুতি দি প্লাষ্টিকৰ সূতাৰে গছজোপা হাউলি নোযোৱাকৈ বান্ধি দিয়া উচিত।

বায়বীয় অর্কিডৰ দৰেই ভূমি অর্কিডৰো উপকান্দ থাকে। এইবোৰ দেখিবলৈ গোলাকাৰ, উপবৃত্তাকাৰ, আংগুলিকাৰ বা অণ্ডকাৰ। সচৰাচৰ এইবোৰ মাটিৰ উপৰিভাগত থাকে যদিও মাটিৰ তলতো দেখা যায়।

কিছুমান ভূমি অর্কিডৰ মাটিৰ তলত থকা কাণ্ড  মঙহাল মূঢ়ালৈ ৰূপান্তৰিত হ’ব পাৰে। প্রতিকুল পৰিৱেশত ওপৰৰ অংশ মৰি গ’লেও সময়ত এই অংশৰ পৰা গজালি ওলায়। কেতবোৰ অর্কিড এইদৰে বহুবছৰলৈ সুপ্ত অৱস্থাত জীয়াই থাকিব পাৰে।

ইহঁতৰ শিপাবোৰ সাধাৰণ শিপাৰ দৰে হ’লেও প্রজাতি বিশেষে অতি কম সংখ্যকহে সুপৰিবর্দ্ধিত শিপা থাকে আৰু অগ্রভাগৰ বাহিৰে ইহঁতৰ উপৰিভাগ সৰু সৰু চুলি শিপাৰে আবৃত্ত।

প্রায়বোৰ ভূমি অর্কিডৰে পাতবোৰ সেউজীয়া কিন্তু জুৱেল অর্কিড আদিৰ পাত বহুমূলীয়া ৰত্নৰ দৰেই ৰঙচঙীয়া।

মাটিত গজা অর্কিডবোৰ সাৰযুক্ত আংশিক ৰ’দ পৰা হাবিতলীয়া ঠাইত বেছিকৈ দেখা যায়। ভূমি অর্কিডবোৰ টাবত ৰুবৰ বাবে তলত দিয়া মিশ্রণটো প্রস্তুত কৰি লোৱা উচিত।

*এভাগ ভালদৰে দৰে পচা পচনসাৰ,

*ঢভাগ পাতসাৰ,

*এভাগ সাধাৰণ মাটি,

*এভাগ মিহি বালি,

*এভাগ কাঠ কয়লাৰ টুকুৰা।

বায়বীয় আর্কিডৰ দৰেই ভূমি অর্কিডৰো নতুন পোখা ওলোৱাৰ সময়ত উপকন্দ বা্ মূঢ়া বিভাজন কৰি পাত্র সলোৱাৰ হয়।

ওপৰত উল্লেখ কৰা মিশ্রণটো নতুন জছ ৰোবলৈকো ব্যৱহাৰ কৰিব পাৰি। সৰি পৰা পাতবোৰ দুফুটমান দ গাঁত এটা কৰি মাটিৰে দুই-তিনিমাহমান ঢাকি ৰাখি উৎকৃষ্টমানৰ পাতসাৰ পাব পাৰি।

অর্কিড সংগ্রহ -

কপৌফুল বা অর্কিডে মানুহক আকর্ষণ কৰাৰ ঘাই কাৰণ হ’ল ইয়াৰ অগতানুগতিক জীৱন প্রণালী আৰু অপৰূপ সৌন্দর্য। এই আকর্ষণে মানুহক অর্কিড সংগ্রহ কৰাত উৎসাহ যোগায়। তদুপৰি পুষ্প প্রদর্শনী, নার্চাৰী, অর্কিড কেন্দ্র, কিতাপ, উদ্যান আদিয়েও অর্কিডৰ প্রতি মন আকৃষ্ট কৰে।

আনহাতে অসমত থাকি কপৌফুল জাতীয় গছবোৰ নিজে ৰুই প্রতিপালন কৰি গৌৰৱবোধ কৰাৰ অধিকাৰ সকলোৰে আছে। অৱশ্যে এই কথা অপ্রিয় হলেও সত্য যে আজি কালি বহুতৰ বাবে অর্কিড সংগ্রহ এটি ফেশ্বন আৰু অভিজাত্য প্রদর্শনৰ স্বৰূপ হৈ পৰিছে। সি যিকি নহওক অর্কিড সচৰাচৰ তিনিধৰণৰ উৎসৰপৰা সংগ্রহ কৰিব পাৰি-

১) প্রাকৃতিক বাসস্থান

২) নার্চাৰী

৩) ব্যক্তিগত সংগ্রহ।

আংশিক ছাঁ, সেমেকা জলবায়ু তথা বৰষুণ, প্রকট শীত কাল থকা অঞ্চলেই আমাৰ থলুৱা অর্কিডবোৰৰ প্রাকৃতিক বাসস্থান। বায়বীয় আর্কিডবোৰ গছৰ ডাল, শিলৰ চেপ বা খোৰোং আদিত আৰু ভূমি অর্কিডবোৰ অধিকমাত্রাত পাতসাৰ থকা, কম অম্লতাযুক্ত মাটিৰ চিৰ সেউজ হাবি- বননিত পোৱা যায়।

জানুৱাৰীৰপৰা মে’-জুন মাহলৈকে প্রকৃতিত অর্কিড সংগ্রহ কৰাৰ উপযুক্ত সময়। সংগ্রহৰ সময়ত গছজোপাই দুখ নোপোৱাকৈ আশ্রয়স্থলীত কামোৰ মাৰি থকা শিপাবোৰ চুৰি এখনেৰে সাৱধানে এৰুৱাই লৈ বিভক্ত কৰিব পৰা কাণ্ডবোৰ কাটি এৰুৱাই আনিব লাগে।

এটা কথা সদায় মনত ৰাখিব লাগে যে প্রয়োজনীয় পৰিমাণতকৈ কেতিয়াও অধিক সংগ্রহ কৰা উচিত নহয়, কাৰণ কিবা কাৰণত সংগ্রহ কৰা গছজোপা বচাব নোৱাৰিলে সিহঁতৰ বংশ লোপ পোৱাৰ সম্ভাৱনা থাকে।

বিৰল প্রজাতিৰ অর্কিডৰ ক্ষেত্রত নিজৰ অর্হতাৰ ওপৰত সন্দেহ থাকিলে তাক সংগ্রহ নকৰি প্রকৃতিৰ বুকুতে এৰি থৈ অহাই শ্রেয়। প্রকৃতিৰ প্রতিজোপা অর্কিডত হাত দিওঁতে ভবা উচিত যে সেই জোপাই হয়তো সেই প্রজাতিৰ শেষ বংশধৰ।

ইয়াক প্রতিজন অর্কিড প্রেমীয়েই নৈতিক দায়িত্ব আৰু কর্তব্য বুলি জ্ঞান কৰা উচিত। এইখিনিতে এটা কথা উনুকিয়াই থোৱা ভাল হ’ব যে অর্কিড সংগ্রহৰ বাবে কোনো হাবিত প্রৱেশ কৰাৰ আগতে সংশ্লিষ্ট কর্তৃপক্ষৰ অনুমতি লোৱা উচিত।

দূৰণিৰপৰা সংগ্রহ কৰি অনা অর্কিডৰ বহুবোৰ ঘৰ আহি পাওঁতে প্রায়ে নষ্ট হোৱা দেখা যায়। এনে নহ’বলৈ প্রচলিত ‘ওৱার্ডিয়ান বাকচ’ (Wardian case) ব্যৱহাৰ কৰা উচিত। আয়নাৰ ঢাকনিযুক্ত এনে বাকচ সহজে তৈয়াৰ কৰিব পাৰি।

সংগ্রহিত অর্কিডবোৰ এই বাকচত লৈ তাৰ ওপৰত পানী ছটিয়াই ঢাকনিখন জপাই লৈ আহিব লাগে। এই পদ্ধতি ১৮৪২ চনত ডঃ ওৱার্ডে উদ্ভাৱন কৰিছিল বাবে তেখেতৰ নামেৰে বাকচবিধৰ নাম ‘ওৱার্ডিয়ান বাকচ’ ৰখা হৈছে।

ওৱার্ডিয়ান বাকচ:

একেটা স্থানতে বিভিন্ন পৰিৱেশৰপৰা অনা অর্কিড জীয়াই ৰখাটো টান। এনে পৰিস্থিতিত ‘গ্রীণ হাউচ’ৰ দৰে বিশেষ কাৰিকৰী সুবিধা থকা গৃহৰ প্রয়োজন হয়। অৱশ্যে আমাৰ ইয়াত প্রায় সকলো অর্কিডেই সাধাৰণ পৰিৱেশত পালন কৰিব পৰা যায়। মাত্র চাব লাগে যাতে ইহঁতে প্রকৃতিৰ দৰে পৰিৱেশ এটা পায়।

অভিজ্ঞতা আৰু দক্ষতা অনুসৰি অনুৰাগী সকলে বিভিন্ন স্তৰৰ অর্কিড সংগ্রহ কৰিলে পালন-পোষণত বেমেজালি নহয়। একেবাৰে নতুন লোকে অতি স্বাস্থ্যবান, প্রাপ্তবয়স্ক পৰিচিত গছ সংগ্রহ কৰাই ভাল। অভিজ্ঞসকলে কুমলীয়া, অপ্রাপ্তবয়স্ক আৰু অচিন অর্কিডো সংগ্রহ কৰিব পাৰে।

পার্গতসকলে অপৈণত পুলি, পুৰণি কাণ্ড বা উপকাণ্ড আৰু বিশেষজ্ঞসকলে অর্কিডৰ যিকোনো প্রজাতিৰ সাধাৰণ অথবা বর্ণসংকৰ বীজ সংগ্রহ কৰি প্রতিপালন কৰাত অসুবিধা নাপায়। নকলেও হ’ব যে পাছৰ দুই শ্রেণীৰ লোকৰ বাবে ‘গ্রীণ হাউচ’ৰ দৰে আধুনিক সুবিধা থকাৰ প্রয়োজন।

অর্কিডৰ যতন:

নতুন সংগ্রহ:

সংগ্রহিত অর্কিডবোৰ ঘৰলৈ আনি লগে লগে শীতল, ছাঁ ঠাইত ৰখা উচিত। ৰুগীয়া, মৰি যোৱা অংশবোৰ কাটি আঁতৰাই আৰু মোটোকা খাই থকাবোৰ পোনাই পাজৰাই দিব লাগে। থুপখাই থকাবোৰ বিভাজন কৰিলেও প্রতিটো অংশতে যাতে স্বাস্থ্যবান শিপা থাকে তাৰ প্রতি লক্ষ্য ৰাখিব লাগে।

বিভাজিত অংশবোৰ সৰু টাবত ঢেঁকীয়াৰ শিপা আৰু মচ সম অনুপাতত মিহলাই ৰুই বা কাঠ অথবা কাগজৰ বাকচত মেলি পাতলীয়াকৈ মচ ছটিয়াই দিব পাৰে। এনেদৰে থোৱা অর্কিডৰ ওপৰত নিয়মিত পানী দিয়া উচিত।

তদুপৰি ঠাইডোখৰত ভালদৰে বতাহ চলাচল কৰিব পাৰিব লাগে। ইহঁতক অতি মাত্রা পানী দিব নালাগে। ভুলতো যেন সংগ্রহিত অর্কিডবোৰ পানীত ডুবাই দিয়া নহয় তাৰ প্রতি সচেতন হৈ থাকিব লাগে।

কিছুদিনৰ পাছত গছবোৰত পৰিবর্দ্ধনৰ লক্ষণ ফুটি উঠা দেখা যাব। কেতিয়াবা ফুলৰ কলিও ওলোৱা দেখা যায়। প্রথম বছৰৰ বাবে এনে কলিবোৰ কাটি পেলোৱা ভাল।

পুৰণি অর্কিড:

এইক্ষেত্রত প্রয়োজনীয় কথাটো হ’ল প্রকৃতিত গছবোৰে ঋতু পৰিবর্তনৰ প্রতি দিয়া সঁহাৰিবোৰ মন কৰাটো। জানুৱাৰী-ফেব্রুৱাৰীৰপৰা গছবোৰত পৰিবর্দ্ধনৰ চিন ফুটি উঠে আৰু উষ্ণতা, পোহৰ তথা আর্দ্রতা বৃদ্ধিৰ লগে লগে লহপহকৈ বাঢ়ি গ্রীষ্মৰ শেষৰ ফালে শীর্ষ অৱস্থা পায়গৈ।

বহু অর্কিডৰ ফুলৰ কলি ওলোৱাও দেখা যায়। এই সময়চোৱাত গছবোৰক পর্যাপ্ত পৰিমাণে পোহৰ, বতাহ আৰু পানী লাগে। প্রয়োজন অনুসৰি ছাঁ অথবা আংশিক ছাঁ দৰকাৰ হয়। শৰৎ কাল আৰম্ভ হোৱাৰ লগে লগে উপকণ্ডবোৰ পূৰঠ হৈ জিৰণিৰ যো-জা কৰে।

এই সময়চোৱাত অর্কিডবোৰক তুলনামূলকভাবে কম উষ্ণতা আৰু আর্দ্রতা লাগিলেও শ্বাস-প্রশ্বাসৰ বাবে বতাহ চলাচলৰ সুবিধা থকা উচিত। এনেদৰে পোহৰ, উষ্ণতা আৰু আর্দ্রতা হ্রাস হৈ আহি পুনৰ নতুন বছৰৰ পৰা গছবোৰ সক্রিয় হৈ উঠে।

কিছুমান অর্কিডৰ আকৌ নতুন পোখা আৰু ফুল বিভিন্ন সময়ত ওলায় বাবে ফুল ফুলাৰ পাছৰ আৰু পোখা ওলোৱাৰ আগৰ সময়চোৱাক সুপ্তকাল বুলি গণ্য কৰা হয়।

সকলো অর্কিডৰ খাদ্য সঞ্চয়ৰ বাবে উপকণ্ড নাথাকে। এনেবোৰ অর্কিডে ইহঁতৰ মঙহাল পাতবোৰৰ সহায়ত সুপ্তকালচোৱা অতিবাহিত কৰে।

এনে জাতীয় অর্কিডৰ ক্ষেত্রত শীতকালি উষ্ণতা আৰু পানী সামান্যভাবে কমোৱা উচিত। ফেলেন’পচিচ আদিৰ পাত কেতিয়াও লেৰেলি যাবলৈ দিব নালাগে। ইহঁতৰ শিপাবোৰ যথেষ্ট সেমেকাকৈ ৰখাৰ দৰকাৰ।

অর্কিড প্রতিপালৰ সবাটোকৈ গুৰুত্বপূর্ণ দিশটো হৈছে প্রয়োজনীয় পোহৰ, উষ্ণতা আৰু আর্দ্রতাৰ জ্ঞান। ঋতু অনুসৰি পোহৰ বৃর্দ্ধিৰ লগে লগে গছবোৰ বাঢ়ি যায়। পাছলৈ পোহৰ কমিবলৈ ধৰে। এই সময়ত অযথা পোহৰে গছজোপাৰ ক্ষতিসাধন কৰিব পাৰে।

কৃত্রিম পৰিৱেশত বেছি পোহৰৰ বাবে গছবোৰ ডেই যোৱা বা হালধীয়া পৰা দেখা যায়। এনে অৱস্থাত ইহঁতক উপযুক্ত পৰিমাণৰ ছাঁ আৰু পানী দিব লাগে।

পাতবোৰ চুই চালে পৰিবেষ্টিত পৰিৱেশতকৈ গৰম অনুভূত হলেই পোহৰ অথবা উষ্ণতা বেছি হৈছে বুলি অনুমান কৰিব পাৰি।

আনহাতে বেছি ছাঁত গছবোৰ অস্বাভাৱিক দীঘল হৈ পৰে। এনে হ’লে পোহৰৰ ব্যৱস্থা কৰিব লাগে। গছবোৰ মুজুৰা মাৰি থাকিলেও পোহৰ কম হৈছে বুলি বুজিব লাগে। বসন্ত কালত ৰ’দ হঠাতে বেছি হ’লে ছাঁ দিব লাগে।

কিন্তু বতৰৰ শেষৰ ফালে অতিৰিক্ত ছাঁ দিয়া উচিত নহয়। এইখিনিতে উল্লেখ কৰা উচিত হ’ব যে পোহৰৰ বিষয়ে স্পষ্ট ধাৰণা নাথাকিলে আংশিক ছাঁ পৰা ঠাই, যেনে: পাতসৰা গছৰ তলত, অর্কিড ৰাখিব লাগে।

উষ্ণতাৰ ক্ষেত্রত অর্কিড আন গছ-গছনিতকৈ বেছি সংবেদনশীল। উষ্ণতাৰ উপযুক্ত পৰিসীমাৰ ভিতৰতহে ইহঁত ভাল দৰে জীয়াই থাকে।

অন্যথা গছবোৰ মৰি যোৱাৰ সম্ভাৱনা বেছি। দেখা যায় যে উষ্ণতা, পোহৰ আৰু আর্দ্রতাৰ সামূহিক ভাৰসম্যতাতহে অর্কিডৰ জীৱন ধাৰণ সম্ভৱ।

কম আর্দ্রতা আৰু উচ্চ উষ্ণতা গছৰ বাবে ক্ষতিকৰ। আনহাতে কম উষ্ণতা আৰু উচ্চ আর্দ্রতা আর্কিডৰ বাবে উত্তম। বহুতে উষ্ণ মণ্ডলৰ অর্কিডৰ বাবে উচ্চ উষ্ণতাৰ প্রয়োজন বুলি ভুল ধাৰণা পোষণ কৰা দেখা যায়।

প্রতি পালনৰ সুবিধার্থে প্রয়োজনীয় উষ্ণতাৰ পৰিমাপক তিনিটা ভাগত ভাগ কৰা হৈছে:-শীতল, মধ্যমীয়া আৰু উষ্ণ।

এনে পৰিৱেশত গ্রীষ্ম আৰু শীত কালত বিভিন্ন অর্কিডৰ বাবে প্রয়োজনীয় দিন-ৰাতিৰ উষ্ণতাৰ বিষয়ে তলত উল্লেখ কৰা হ’ল।

শীতল পৰিৱেশ:

 

 

গ্রীষ্ম

দিন

১৬-২১° চে

উদাহৰণ:

চিমবিডিআম,অড’ন’গ্লাচাম, পেচিঅ’পেডিলাম আদি

 

ৰাতি

১৩° চে

 

শীত

দিন

১৩-১৬° চে

ৰাতি

১০° চে

 

মধ্যমীয়া পৰিৱেশ

 

 

গ্রীষ্ম

দিন

১৮-২৪° চে

উদাহৰণ:

কেট্রলিয়া, অনচিডিয়াম, ডেনদ্রবিয়াম আদি

 

ৰাতি

১৬-১৮° চে

 

শীত

দিন

১৬-২১° চে

ৰাতি

১৩-১৬° চে

 

উষ্ণ পৰিৱেশ

 

 

গ্রীষ্ম

দিন

২১-২৯° চে

উদাহৰণ:

ফেলেন’পচিচ, চিৰসেউজীয়া ডেনদ্রবিয়াম আদি

 

ৰাতি

১৮-২১° চে

 

শীত

দিন

২১-২৯° চে

ৰাতি

১৮-২১° চে

 

উল্লেখ কৰা এনে উষ্ণতা সর্বসাধাৰণৰ বাবে নিয়ন্ত্রণ কৰাটো সম্ভৱ নহয়। অৱশ্যে উষ্ণতাৰ চৰম সীমা বেছি দিন স্থায়ী নহ’লে অর্কিডৰ বিশেষ ক্ষতি নহয়।

আর্দ্রতা আৰু জলীয় বাষ্প:

অর্কিড পালকসকলে বায়ুমণ্ডলৰ আর্দ্রতাৰ লগত পাত্রৰ মিশ্রণ, মাটিৰ জলীয় ভাপ আদিৰ পার্থক্য বুজি লোৱাটো একান্তই বাঞ্চনীয়। বায়ুৰ আর্দ্রতা উদ্ভিদৰ বাবে এক গুৰুত্বপূর্ণ কাৰক। অতি কমেও ৫০% আর্দ্রতা সকলো অর্কিডৰ বাবে প্রয়োজন।

আনহাতে আর্দ্রতাৰ হ্রাস-বৃদ্ধিৰ লগত উষ্ণতা আৰু পোহৰৰ কথাও জড়িত হৈ আছে। সাধাৰণতে স্প্রেয়াৰ আদিৰ সহায়ত আর্দ্রতা বৃদ্ধি কৰিব পাৰি যদিও পাতৰ ওপৰত পানী ছটিয়াই দিলে সিমান কামত নাহে।

এটা কথা মনত ৰাখিব লাগে যে সন্ধিয়াৰ সময়ত অর্কিডত পানী নিদিয়াই ভাল। কাৰণ আর্দ্রতা বেছি হ’লে ৰাতিৰ ভাগলৈ উষ্ণতা কমি যোৱাৰ বাবে পাতৰ ওপৰত পানীৰ কণিকা জমা হৈ গছৰ ক্ষতি কৰিব পাৰে।

আনহাতে পাত্রৰ মিশ্রণত পানীৰ পৰিমাণ আৰু বাহিৰৰ আর্দ্রতাৰ প্রত্যক্ষ সমন্ধও মন কৰিবলগীয়া। মূলতঃ আর্দ্রতা বেছি হ’লে পাত্রৰ মিশ্রণ কমকৈ আৰু কমিলে পাত্রৰ মিশ্রণ বেছিকৈ সেমেকি থকা উচিত।

নীতি অনুযায়ী অর্কিড ঘৰত পানী বেছিকৈ স্প্রে কৰি আর্দ্রতা বঢ়াই পাত্রত কমকৈ পানী দিয়াই নিয়ম। শিপাৰ বাবে বেছি পানী ক্ষতিকৰ। আনহাতে শুকান অৱস্থাত ফুল আৰু পাতবোৰ অনিষ্ট হয়।

পাত্রৰ মিশ্রণটো পানীৰে ওপচাই দিয়া অনুচিত; মিশ্রণটো যাতে সেমেকি থাকে সেইটোলৈ চকু দিব লাগে। কেতিয়াবা পত্রবোৰ অলপ সময়ৰ বাবে একেবাৰে শুকাই যাবলৈ দিয়াটো বেয়া নহয়। ভূমি অর্কিডবোৰত পানী সাধাৰণতে বেছি লাগে। অৱশ্যে সুপ্তকাল থকা প্রজাতিবোৰত সুপ্তকালত একেবাৰেই পানী দিব নালাগে।

পানী দিয়াৰ নিয়মৰ লগত পানীৰ গুণাগুণৰ কথাও মনত ৰখা উচিত। কোনো ৰাসায়নিক পদার্থ মিহলি পানী কেতিয়াও ব্যৱহাৰ কৰিব নালাগে। গতিকে যোগান ব্যৱস্থাৰ পানী অর্কিডৰ বাবে উপযোগী বুলি ক’ব নোৱাৰি। অতি খাৰুৱা বা অতি আম্লিক পানী ব্যৱহাৰ কৰা অনুচিত। সেইদৰে কঠিন পানী ব্যৱহাৰৰ অনুপযোগী। আজিকালি কঠিন পানী কোমল কৰাৰ বিভিন্ন উপায় ওলাইছে যদিও সর্বসাধাৰণে গ্রহণ কৰিব পৰা এটা সহজ উপায় ইয়াত উল্লেখ কৰা হ’ল।

এটা ডাঙৰ পাত্রত পানী ভৰাই তাত পিটপূর্ণ বস্তা এটা ডুবাই থলে কঠিন পানী কোমল হয়। ব্যৱহাৰ কৰা পানীত যথেষ্ট পৰিমাণে অক্সিজেন থাকিব লাগে। সেইবাবে বন্ধ পানীতকৈ বোঁৱতি পানী বেছি উপকাৰী। এনে পানী বহু ৰোগৰ বীজাণুৰ পৰা মুক্ত বুলিব পাৰি।

অৱশ্যে সকলোতকৈ উত্তম হ’ল বৰষুণৰ পানী। এনে পানীয়ে গছৰ বাবে উপযোগী বহুকেইটা পোষক দ্রব্যৰ যোগান ধৰিব পাৰে। পানী যোগান ধৰোতে এটা কথা মনত ৰাখিব লাগে যাতে ব্যৱহাৰ কৰা পানীৰ উষ্ণতা পাৰিপার্শ্বিক উষ্ণতাৰ সমান হয়।

অর্কিডত কৃত্রিম সাৰ প্রয়োগ কৰা-নকৰালৈ তর্কৰ অন্ত হোৱা নাই। বহু বিশেষজ্ঞৰ মতে কৃত্রিম সাৰ ব্যৱহাৰ নকৰাই ভাল।

দক্ষ আৰু অভিজ্ঞ লোকসকলৰ বাবে বিশেষ সাৰ বিশেষ সময়ত বিশেষ পদ্ধতিৰে প্রয়োগ কৰাৰ বিধান থাকিলেও সাধাৰণ ৰীতি অনুযায়ী বৰষুণৰ পানীৰ বাহিৰে কোনো ধৰণৰ সাৰ প্রয়োগ কৰা অনুচিত। বিশেষকৈ পৰিবর্দ্ধনৰ সময়চোৱাত যিমান পাৰি সিমান বৰষুণৰ পানী ব্যৱহাৰ কৰিলে উত্তম ফল পোৱা যায়।

প্রতিৰক্ষা ব্যৱস্থা:

তুলনামূলকভাবে অন্যান্য গছ-গছনিতকৈ অর্কিডৰ পোক-পৰুৱা, ৰোগ-ব্যাধিৰ সমস্যা কম। তথাপি সঁচৰাচৰ দেখা দিয়া কেতবোৰ এনে সমস্যাৰ বিষয়ে আজি আলোচনা কৰা হ’ব।

অৱশ্যে সাধাৰণ পৰিষ্কাৰ-পৰিচ্ছনতা আৰু নিয়মিত পৰিচর্যাৰ নিয়মবোৰ মানি চলিলে বহুতো সমস্যা এৰাই চলিব পাৰি।

গ্রীণ ফ্লাই:

ইহঁতে কুমলীয়া গজালি আৰু কলিবোৰ খাই নষ্ট কৰে। মালাথিয়ন ৫০ ইচি বা তেনে তুলনামূলকভাবে নিৰাপদ ঔষধৰ চাহ চামুচৰ এচামুচ প্রতি দহ লিটাৰ পানীত মিহলাই ষ্প্রে কৰিব লাগে।

ৰঙা মকৰা:

ইহঁতে সাধাৰণতে কোমল পাতৰ তল পিঠিত থাকে। আক্রান্ত অংশত প্রথমে বগা ফুটফুটীয়া দাগ পৰে যিবোৰ পাছলৈ ৰঙচুৱা হৈ পৰে। ধপাত মিশ্রণ পানীত কপাহ তিয়াই পাতবোৰ মচি দিলে ইহঁতৰ উপদ্রব কমে।

স্কেল:

এইবিধ টান পাতৰ অর্কিড, যেনে-

*কেট্রলিয়া,

*অনচিডিয়াম,

*ভান্দা আদিত দেখা যায়। মালাথিয়ন জাতীয় ঔষধ ব্যৱহাৰ কৰি ইহঁতৰ আক্রমণ ৰোধ কৰিব পাৰি।

উল্লি এফিড:

ইহঁতৰ আক্রমণৰ বাবে পাতত বগা মমৰ দৰে পদার্থ উৎপন্ন হয়। ধপাত মিহলি পানীৰে পাতবোৰ মচি দিলে ইহঁত আঁতৰ হয়।

পইতাঁচোৰা:

ইহঁতে ফুল আৰু শিপা খাই নষ্ট কৰে। ৰুটি, আলুৰ চকল আদিত ঔষধ দি গছবোৰৰ মাজে মাজে প্রলোভন টোপ হিচাপে থৈ ইহঁতক কমাব পাৰি। এনে টোপ ব্যৱহাৰ কৰি উঁইচিৰিঙা, কুমটি আদিও নিয়ন্ত্রণ কৰিব পৰা যায়।

স্প্রিংটেইল:

এই ক্ষুদ্র কীটবোৰে মাটিত থাকি নতুন শিপাবোৰ নষ্ট কৰে। চাবোন অথবা ধপাত মিহলি পানীৰে ইহঁতক আঁতৰাব পাৰি।

থ্রিপচ:

অতি ক্ষুদ্র এইবিধ কীটৰ আক্রমণৰ বাবে পাত আৰু ফুলত দাগ পৰে। পাতত বা ফুলত ছবিত দেখাৰ দৰে দাগ দেখিলে ইহঁতৰ উপদ্রৱৰ কথা বুজিব পাৰি। মালথিয়ন জাতীয় ঔষধ ব্যৱহাৰ কৰি থ্রিপচৰ আক্রমণ ৰোধ কৰিব পাৰি।

পাত ক’লাপৰা ৰোগ:

কেট্রলিয়া আদি অর্কিড এই ৰোগত সহজে আক্রান্ত হোৱা দেখা যায়। পিথিয়াম নামৰ ভেঁকুৰ জাতীয় বীজাণু এবিধৰ বাবে হোৱা এই ৰোগ প্রথমে শিপাত আৰম্ভ হৈ উপকণ্ডবোৰ শুকুৱাই দিয়ে। পাছলৈ পাতবোৰ ক’লা পৰে।

পুলিবোৰ আক্রান্ত হ’লে এফালৰ পৰা পচি যায়। এই ৰোগবিধ অতি মাৰাত্মক আৰু সহজে সোঁচৰে। সেয়ে বেমাৰী অংশ কাটি আঁতৰত পুতি দি নষ্ট কৰিব লাগে আৰু আক্রান্ত গছবোৰত বেভেষ্টিন, ব্লাইটক্স আদি ঔষধৰ এক গ্রাম প্রতি লিটাৰ পানীত মিহলাই ষ্প্রে কৰিব লাগে।

পাত মুগা বা ৰঙচুৱাপৰা ৰোগ:

গ্লিয়স্পৰিয়াম নামৰ ভেঁকুৰবিধৰ বাবে পাতত প্রথমে ক্ষুদ্র মুগা বৰণৰ ঘুৰণীয়া দাগ পৰে। পাছলৈ দাগবোৰ লগলাগি ডাঙৰ হৈ গোটেই পাতখিলাত বিয়পি পৰে।

এনে অৱস্থাত পাতবোৰ ৰঙচুৱা হৈ পৰে। যথা সময়ত ব্যৱস্থা নললে উপকণ্ডলৈ ৰোগ বিয়পি গছজোপা মাৰি পেলায়। এই ৰোগ দেখা দিলে ব্লাইটক্স এক গ্রাম প্রতি লিটাৰ পানীত মিহলাই ষ্প্রে কৰিব লাগে।

সৌভাগ্যক্রমে অর্কিডত ভাইৰাচ জাতীয় ৰোগ নাই বুলিব পাৰি। কেৱল চিমবিডিয়াম আদিত ক’লা, দীঘল দাগ পৰা ভাইৰাচ ৰোগ এবিধ পোৱা গৈছে।

ভাইৰাচ ৰোগ কোনো ঔষধেৰে প্রতিৰোধ কৰিব পৰা নাযায়। সেয়ে এনে ৰোগৰ দ্বাৰা আক্রান্ত গছ জ্বলাই নাইবা আঁতৰত পুতি পেলোৱাই একমাত্র উপায়।

ভাইৰাচ ৰোগ যিহেতু কীট-পতংগৰ দ্বাৰা বিয়পে সেয়ে মালাথিয়ন আদি নিয়মিত প্রয়োগ কৰি প্রতিষেধক ব্যৱস্থা গ্রহণ কৰিব পাৰি।

নির্দিষ্ট ঋতুত সুন্দৰ, সুঠাম অর্কিডৰ সান্নিধ্য লাভ কৰিবলৈ বছৰ জোৰা যতন, পৰিচর্যা আৰু মৰমৰ লগতে ধৈর্যৰো প্রয়োজন হয়।

সেইবাবে বছৰটোৰ বাবে লাগতীয়াল যতনখিনি প্রণালীবদ্ধভাবে পৰিকল্পনা কৰি ল’ব পাৰিলে আগবাঢ়িবলৈ সুবিধা হয়। ইয়াৰ বাবে অৱশ্যে তেনে কোনো কটকটীয়া নীতি বান্ধি ল’ব নোৱাৰি।

ঋতু আৰু বতৰ অনুযায়ী অর্কিডৰ প্রজাতি বিশেষে প্রতিক্রিয়া বিভিন্ন যদিও ইয়াত প্রায়বোৰ অর্কিডৰ ক্ষেত্রতে প্রয়োগ কৰিব পৰা কর্মখিনি মাহ অনুযায়ী যুগুতাই উলিওৱা হৈছে।

এইখিনিতে এবাৰ সোঁৱৰাই দিয়া ভাল হ’ব যে অর্কিডৰ জীৱনত সুপ্তকালচোৱাই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। পৰিবর্দ্ধনৰ আৰম্ভণি ফেব্রুৱাৰী-এপ্রিলৰ কালচোৱাই অর্কিডৰ জীৱন প্রণালীত নির্ণয়কাৰী ভূমিকা লয়।

ইয়াৰ পাছতে মে’-জুলাই হ’ল পৰিবর্দ্ধনৰ শীর্ষকাল। তাৰ পাছত অর্থাৎ আগষ্ট- ছেপ্তেম্বৰ হ’ল প্রাপ্তবয়স্ক কাল। অক্টোবৰ মানত ইহঁত আৰু নবঢ়া হয়। নৱেম্বৰ-জানুৱাৰীলৈকে অর্কিডে সাধাৰণতে জিৰণি লয়। অৱশ্যে কিছুমান প্রজাতিৰ তেনে কোনো জিৰণি কাল নাথাকে।

জানুৱাৰী:

এই সময়ত উষ্ণতা কেতিয়াবা দীর্ঘদিনৰ বাবে কমি যাব পাৰে। এনে হ’লে পানী ছটিয়াই বাতাবৰণ সেমেকা কৰিবলগীয়া হয়।

অৱশ্যে বেছি সেমেকা নহ’বলৈ পুৱা ভাগতে পানী দিয়া আৱশ্যক। ঠাণ্ডা ভাল পোৱা প্রজাতিবোৰত পানী কমকৈ দিয়া উচিত।

আনহাতে যিবোৰৰ পাত সৰি যায় তেনেবোৰত পানী একেবাৰেই দিব নালাগে। ৰঙা মকৰা, থ্রিপচৰ পৰা সাৱধান হোৱা ভাল। এই মাহৰ শেহৰ ফালে অনুকুল পৰিৱেশত কেতবোৰ প্রজাতিত নতুন শিপা ওলাব পাৰে।

ফেব্রুৱাৰী:

ঠাণ্ডা নকমিলে জানুৱাৰী মাহত লোৱা ব্যৱস্থাই ল’ব পাৰি। নিশা ভাগত উষ্ণতা হঠাৎ কমিলে আর্দ্রতা কম কৰাৰ ব্যৱস্থা কৰিব লাগে।

গছবোৰত কলি ধৰা যেন দেখিলে পোহৰ আৰু বতাহৰ সু-ব্যৱস্থা কৰিব লাগে। গছবোৰত আগবেলা পানী দি নিশা ভাগলৈ শুকানকৈ ৰাখিব লাগে। ভূমি অর্কিডবোৰতো আগবেলাতে মধ্যমীয়াকৈ পানী দিব লাগে।

মার্চ:

এই মাহত পৰিবৃর্দ্ধিৰ লক্ষণবোৰ প্রকটহৈ উঠে। নতুন শিপা, পাত, গজালি আৰু ফুলৰ কলি ওলায়। বেছি টান ৰ’দৰ দিনত দক্ষিন দিশে মজলীয়া ছাঁৰ ব্যৱস্থা কৰা উচিত।

ভূমি অর্কিডৰ টাববোৰত পানী কমাই দিব লাগে। ৰাতিৰ ভাগত ঠাণ্ডা নকমিলে পানী আগবেলাই দিয়া উচিত। বতাহ চলাচলৰ ব্যৱস্থা কৰিব লাগে। ফুল ফুলি যোবা অর্কিডবোৰৰ পাত্র সলাব পাৰি। উপকণ্ড থকাবোৰৰ বিভাজন কৰিব পাৰি।

এপ্রিল:

এই সময়ত বেছিভাগ অর্কিডৰ ডাল,পাত আৰু শিপা বৃদ্ধি তুংগত উঠে। পোহৰ আৰু উষ্ণতা বাঢ়ি যায় বাবে ছাঁৰ আৱশ্যক হয়। মধ্যমীয়াভাবে সেমেকি থকা পাত্রবোৰত পানীৰ যোগান বঢ়াই দিব লাগে।

এই মাহতে কেট্রালিয়া আদিৰ পাত্র সলোৱা কার্য শেষ কৰিব লাগে। কাঠৰ টুকুৰাত লগোৱা অর্কিডবোৰত যথেষ্ট পানীৰ প্রয়োজন হৈ পৰে।

মে’:

উষ্ণতাপ্রিয় অর্কিডবোৰৰ বাদে আনবোৰত ছাঁ আৰু শীতল বাতাবৰণৰ ব্যৱস্থা কৰিব লাগে। মাহৰ শেষৰ ফালে ছাঁত থকা টানজাতীয় গছবোৰ মুকলিতো থব পৰা যায়। এইদৰে মুকলিলৈ অনা কার্যটো হঠাতে কৰিলে পাতবোৰ ডে’ই যাব পাৰে।

সেয়ে ছাঁৰপৰা পোহৰলৈ নিয়া কার্যটো পর্যায়ক্রমে কৰিব লাগে। ৰ’দৰ দিনত বেছি পানী ছটিওৱা ভাল যাতে আর্দ্র অৱস্থা বিৰাজহৈ থাকে।

জুন-জুলাই

এই সময়ত গছবোৰৰ পৰিবৃদ্ধিয়ে শীর্ষ পর্যায় পায়। পাত্র সলোৱাৰ আৱশ্যক হ’লে এই সময়ত সলাব পাৰি। ঠাণ্ডা পৰিলে ছাঁ গুচাই দিব লাগে।

শীত প্রধান অঞ্চলৰ পৰা সংগ্রহ কৰাঞ্চ অর্কিডবোৰ একেলগ কৰি ছাঁ দি বায়ু চলাচল কৰা ঠাইত থব লাগে। পোক-পৰুৱাৰ আক্রমণলৈ লক্ষ্য ৰাখিব লাগে।

আগষ্ট:

এই সময়ত গছ পুৰঠ হৈ উঠে। বায়ুমণ্ডলৰ তাপ বাঢ়ি থাকে বাবে আগবেলা পানী ছটিওৱা ভাল।বার্ষিক বৃদ্ধিৰ আংশবোৰ পুৰঠ হ’লে পানী কমাই দিব লাগে।

মুক্ত বায়ু সোমাবলৈ দিব লাগে আৰু পুৱা আবেলি ছাঁ কমাই দিব লাগে। ভান্দাৰ গছবোৰ অধিক পোহৰৰ পৰা আঁরৰাব লাগে।

ছেপ্তেম্বৰ:

এই সময়ত ঋতু পৰিবর্তন ক্রমে চকুত পৰে। দিনবোৰ চুটি হয়। কিছুমান অর্কিডৰ কলি ওলায়। ৰ’দৰ প্রকোপ একেবাৰে নকমে বাবে ছাঁ আঁতৰাব নালাগে।

ৰাতিৰ ভাগত গছবোৰত পানী জমা হ’বলৈ দিব নালাগে। ভূমি অর্কিডৰ ক্ষেত্রত গুৰি মধ্যমীয়াভবে সেমেকি থাকিবলৈ দিব লাগে।

কোনো সময়তে মাটি সম্পূর্ণভাবে শুকাই যাবলৈ দিব নালাগে। মুকলিত থকা গছবোৰ লাহে লাহে সংৰক্ষিত ঠাইলৈ অনাৰ ব্যৱস্থা কৰিব লাগে। এই সময়ত কাঠৰ টুকুৰাত ৰোৱা উপকণ্ডহীন গছবোৰ সেমেকাই ৰখাৰ প্রয়োজন।

অক্টোবৰ:

আর্দ্রতা পর্যায়ক্রমে হ্রাস কৰিব লাগে। পাত্রৰ পানীৰ পৰিমাণ কম কৰা আৱশ্যক। ছাঁৰ প্রয়োজন প্রায় নোহোৱা হৈ পৰে।

পোহৰৰ পৰিমাণ বৃদ্ধি কৰিব লাগে। ভূমি অর্কিডৰ গুৰিভাগ সেমেকা কৰি ৰাখিব লাগে। এই সময়ত ৰঙা মকৰাই দেখা দিব পাৰে।

নৱেম্বৰ-ডিচেম্বৰ:

পোহৰ অতি মাত্রাত আৱশ্যক হয়। কুঁৱলীৰপৰা গছবোৰ ৰক্ষা কৰিবলৈ নিশাৰ ভাগত ঢাকনিৰ ব্যৱস্থা কৰা উচিত।

দিনৰ ভাগত গৰম বেছি হ’লে পাতলীয়াকৈ পানী দিব পাৰি। গছবোৰ এই সময়চোৱাত ইফাল-সিফাল নকৰাই ভাল।

লেখক: নৱ কুমাৰ বৰা(সেউজী ধৰণী)

ফোন নং: ৮৪৭২০-২৪৮১৭

 

 

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top