মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কবিজাতীয় পাচলিৰ আনুসংগিক বিকাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কবিজাতীয় পাচলিৰ আনুসংগিক বিকাৰ

কবিজাতীয় পাচলিৰ আনুসংগিক বিকাৰৰ বিষয়ে লিখা হৈছে

 

কবিজাতীয় পাচলি যেনে ফুলকবি, বন্ধাকবি, ওলকবি আদিৰ খেতিডৰা ভালদৰে প্রতিপালন কৰা স্বত্বেও এই শস্যবোৰত দেহৰ গঠনত বিভিন্ন ধৰণৰ আনুসংগিক বিকাৰে দেখা দিয়ে। মাটিত অনুসাৰৰ অভাৱ, অত্যাধিক সাৰ প্রয়োগ, অসময়ত পুলি ৰোপন, পানীৰ অভাৱ ইত্যাদি কাৰকৰ বাবে এনেধৰণৰ বিসংগতিয়ে দেখা দিয়ে। ফুলকবি, বন্ধাকবি আৰু ওলকবিৰ খেতিত সচৰাচৰ দেখা পোৱা কেইটামান আনুসংগিক বিকৃতি আৰু নিয়ন্ত্ৰণৰ বিষয়ে আলোচনা কৰা হ’ল।

ফুলকবি

 

কবি মুগা পৰা বা ব্রাউনিং

মাটিত ব’ৰণ অনুসাৰৰ অভাৱৰ বাবে এই ব্যাধি হোৱা দেখা যায়। এই বিকাৰৰ লক্ষণবোৰ হ’লঃ- ফুল পাহৰ মাজ অংশত পানীয়ে খোৱাৰ নিচিনা হয; কবিৰ ঠাৰিডাল ফোপোলা হয় আৰু ভিতৰঅংশ গেলি যোৱাৰ দৰে হয়। একেবাৰে শেহত ফুলপাহৰ উপৰিভাগত মামৰে খোৱাৰ নিচিনা মুগা বৰণৰ ৰং ধৰি খোৱাৰ বাবে অনুপযোগী হৈ পৰে। এই ফুলবোৰৰ সোৱাদ তিতা। এই ব্যাধি নিৰাময়ৰ বাবে পুলি ৰোপনৰ বাবে শেষৰ বাৰ মাটি চহাওতে বিঘাই প্রতি ১ কিলোগ্রাম বৰাক্স সাৰ প্রয়োগ কৰিব লাগে।

লঠঙা কবি বা হুইপ টেইল

অসমৰ মাটি অম্লযুক্ত হোৱাৰ বাবে এই মাটিত মলিবডেনাম নামৰ অনুসাৰৰ অভাৱ হয় যাৰ ফলত ফুলকবি লঠঙা হোৱাৰ লগতে গছজোপা বিসদৃশ হয় আৰু ফুল নধৰে। গছজোপাৰ ফলক অংশ নেবাঢ়ে মাত্ৰ ঠাৰিডালহে থাকে। এই বিকাৰৰ প্ৰতিকাৰৰ বাবে কবি ডৰাত শেহৰ বাৰ মাটি চহাওঁতে চূণ প্ৰয়োগ কৰাৰ লগতে বিঘাই প্ৰতি ১ কিলোগ্ৰামকৈ ছডিয়াম বা এম’নিয়াম মলিবডেট প্ৰয়োগ কৰিব লাগে।

বুটাম ফুলা বা বাটনিং

এই বিসংগতিৰ লক্ষণবোৰ হ’ল- ফুলকবিৰ গছবোৰ মুজুৰা পৰা বিধৰ হয় আৰু সৰু সৰু বুটামটোৰ দৰে কবি ধাৰণ কৰে। মাটিত নাইট্ৰ’জেন সাৰৰ অভাৱ, বয়সীয়া পুলি ৰোপন বা আগতীয়া সঁচৰ পুলি শেহতীয়াকৈ ৰোপন কৰিলে এনে বিসংগতিয়ে দেখা দিয়ে। গছজোপাই পানীৰ অভাৱত ভুগি বা বহুদিন ধৰি গছৰ গুৰিত পানী জমা হৈ থাকিলেও এই এই বিকাৰ হোৱা দেখা যায়। অনুমোদিত হাৰত নাইট্ৰজেন সাৰ প্রয়োগ, ফুল ধৰাৰ সময়ত পানী যোগানৰ ব্যৱস্থা ল’লে ফুলকবিত এনে ব্যতিক্রম পৰিলক্ষিত নহয়।

ৰিচিনেছ

এনে বিসংগতিয়ে দেখা দিলে, অপৈণতভাৱে ফুল ওলায়, ফুলৰ ঠাৰিডাল দীঘল হয়, ফুলবোৰ সৰু আৰু ঢিলা হয়। বায়ুমণ্ডলত অধিক আদ্রতা, প্রয়োজনীয় তাপমাত্ৰাৰ ব্যতিক্রম, মাত্ৰাধিক নাইট্ৰজেন সাৰৰ প্রয়োগ, পলমকৈ কবি চপোৱা আদি কাৰকৰ বাবে এনেধৰণৰ বিসংগতিয়ে দেখা দিয়ে। অনুমোদিত হাৰৰ নাইট্ৰজেন সাৰ প্রয়োগৰ লগতে সময়মতে কবি চপোৱাৰ ব্যৱস্থা ল’লে এই বিকাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি।

কণী ফুল কবি বা ব্লাইন্দনেচ

কেতিয়াবা কিবা কাৰণত কবি পুলিৰ আগ অংশটো ভাগি গ’লে বা পোক-পৰুৱাই নষ্ট কৰিলে তেনে কবিৰ ফুল নধৰে। গছজোপাৰ তলৰ পাতবোৰ গাঢ় সেউজীয়া বৰণৰ হয় আৰু চামৰাৰ দৰে ডাঠ হয়। পুলিৰোপন আৰু বন-বাত নিৰণি কৰাৰ সময়ত যাতে পুলিৰ আগ অংশ ভাগি নেযায় তাৰ প্ৰতি সচেতন হোৱা আৱশ্যক।

বন্ধাকবি

 

কবি ফটা

বন্ধাকবি ডৰাত বহুদিন ধৰি পানী নেথাকিলে হঠাতে যদি বেছিকৈ পানী যোগান ধৰা হয়। তেন্তে বন্ধাকবিবোৰ ফাটিবলৈ আৰম্ভ কৰে। ব’ৰণ সাৰৰ অভাবেও এই বিকাৰ ঘটাব পাৰে। নিয়মীয়া পানী যোগান আৰু বৰণ সাৰৰ ব্যৱহাৰে এই সমস্যা নিৰাময় কৰিব পাৰি।

কবি বান্ধ নোখোৱা

কেতিয়াবা বন্ধাকবিজোপাৰ পাতবোৰ বান্ধ নেখায়, গছজোপা লেং লেংকৈ বাঢ়িবলৈ বিচাৰে আৰু পাতবোৰ মেল খাই যায়। পুলি ৰোপনৰ আগেয়ে শেহৰ বাৰ মাটি চহাওতে বিঘাই প্রতি ১ কিলোগ্রাম বৰাক্স প্রয়োগ কৰিলে এনে বিকাৰে দেখা নিদিয়ে।

চুঙাকৃতিৰ কবি

বন্ধাকবি পানীৰ অভাৱত ভুগিলে কবি গোলাকৃতি হোৱাৰ পৰিবর্তে চুঙাকৃতিৰ হয়। অৱশ্যে চুঙাকৃতিৰ কিছুমান বন্ধাকবিৰ জাতো পোৱা যায়। কবিডৰাত নিয়মীয়া পানী যোগানৰ ব্যৱস্থা কৰিলে এনে সমস্যা দেখা নেযায়।

ওলকবি

 

কবি ফটা

কবিতলীত বৰণ, পটাছ সাৰ আৰু পানীৰ অভাৱ হ’লে এই বিকাৰে দেখা দিয়ে। কবি তলীখন বহুদিন ধৰি খৰাং অৱস্থাত থকাৰ পাছত হঠাতে তলীত বেছিকৈ পানী দিলে সমতা ৰক্ষা কৰিব নোৱাৰি কবি ফাটি যায়। বৰণ সাৰৰ লগতে সুষম হাৰত সাৰ প্রয়োগ আৰু কবি ধৰাৰ পাছৰ পৰা মাটিত উপযুক্ত জীপ ৰাখিলে এই বিসংগতি নহয়।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

2.825
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top