মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কাঠফুলাৰ কৃষি পদ্ধতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাঠফুলাৰ কৃষি পদ্ধতি

কাঠফুলা নিৰামিষ ভোজনৰ এবিধ উৎকৃষ্ট খাদ্য| অসমৰ জলবায়ুত কাঠফুলা গোটেই বছৰ জুৰি কৰিব পৰা যায়|

চমু বিৱৰণ

কাঠফুলা নিৰামিষ ভোজনৰ এবিধ উৎকৃষ্ট খাদ্য| অসমৰ জলবায়ুত কাঠফুলা গোটেই বছৰ জুৰি কৰিব পৰা যায়| কিয়নো এই খেতিৰ আৱশ্যকীয় ধান খেৰ আৰু নৰা অসমত প্ৰচুৰ পৰিমাণে পোৱা যায়|

ইয়াৰ খেতি পদ্ধতি সমূহ

কাঠফুলাৰ জাত কেইবাপ্ৰকাৰৰো আছে| অসমত সাগৰীয় শামুকীয়া কাঠফুলা জাতৰ কাঠফুলাৰ খেতি সহজে কৰিব পাৰি| কিন্তু কাঠফুলাৰ বীজ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠানৰ পৰাহে ক্ৰয় কৰা উচিত|

প্ৰথমতে এক কিলোগ্ৰাম ধান খেৰ বা নৰা চুটি চুটিকৈ কাটি ল’ব লাগে| কটা খেৰখিনি পানীত এনিশা তিয়াই থ’ব লাগে| পিছদিনা পানীখিনি নিগৰাই পেলাই দিব লাগে| নাইবা ভিজা খেৰ আধা ঘণ্টা মান ভাপত দিব পাৰি অথবা উতলা পানীত সিজাই ল’বও পাৰি| সিজোৱা খেৰখিনি ঠাণ্ডা হ’বলৈ পৰিষ্কাৰ মজিয়াত বা ঢাৰিৰ ওপৰত মেলি দিব লাগে| তাৰ পিছত ৪০*৬০ ছেণ্টিমিটাৰ জোখৰ পলিথিনৰ মোনা এখন লৈ মোনাখনৰ গাত বুটামৰ জোখত সৰু সৰু ফুটা কেইটামান কৰি ল’ব লাগে| সংগ্ৰহ কৰা কাঠফুলাৰ বীজখিনি জৰজৰিয়াৰ কৰি ল’ব লাগে|

এতিয়া পলিথিনৰ মোনাখনত ঠাণ্ডা হোৱা খেৰেৰে ৪ ইঞ্চিৰ এটা তৰপ কৰিব লাগে| তৰপটোৰ ওপৰত এমুঠি বীজ সিঁচিব লাগে| তাৰ ওপৰত খেৰৰ দ্বিতীয়টো তৰপ কৰি পুনৰ এমুঠি বীজ সিঁচি দিব লাগে| এইদৰে মোনাখনত খেৰ আৰু বীজৰ চাৰিটা তৰপ কৰি ওপৰৰ বীজখিনি খেৰেৰে পাতলকৈ ঢাকি দিব লাগে|

তাৰ পিছত মোনাখনৰ মুখখন বান্ধি ১৫ দিন ছাঁত থৈ দিব লাগে| ১৫ দিন পিছত মোনাখন কাটি বা খুলি পেলাই থ’ব লাগে| ৫ দিন পিছত পৈণত হোৱা কাঠফুলা প্ৰথমবাৰৰ বাবে চপাব পাৰি| তাৰ পিছৰ দিনৰ পৰা কাঠফুলাৰ পালেঙত প্ৰতিদিনে প্ৰয়োজন অনুপাতে পানী চতিয়াব লাগে| এনেদৰে ৭ দিনৰ অন্তৰে অন্তৰে দুবাৰ বা তিনিবাৰ খেতি চপাব পৰা যায়| চপোৱা কাঠফুলাখিনি কোঠালিৰ উষ্ণতাত এদিনতকৈ বেছি সময় ৰাখিব নালাগে| ৰিফ্ৰীজেৰেটৰত অৱশ্যে তিনি বা চাৰি দিনলৈ ৰাখিব পৰা যায়| বৰ্তমানে বৈজ্ঞানিক পদ্ধতিৰে কাঠফুলা বহুদিনলৈ সংৰক্ষণ কৰাৰ ব্যৱস্থাও আছে|

লেখক:- প্ৰবোধ চন্দ্ৰ শৰ্মা

উৎস:- দৈনিক অসম

3.26829268293
বিজিত হাজং Jul 03, 2017 03:34 PM

কাঠফুলা খেতি কৰিব খোজো ।কত যাওঁ কি কৰো ।প্ৰশিক্ষন কত লও।সহায
কৰক মোৰ ফোন নম্বৰ ....86*****23

Mrs Daisy kalita. Jan 05, 2017 02:04 PM

moi kathfula hketi korib khuju iar babe proujonio bij kot pua jab.

Mrs Daisy kalita. Jan 05, 2017 02:04 PM

moi kathfula hketi korib khuju iar babe proujonio bij kot pua jab.

Mrs Daisy kalita. Jan 05, 2017 02:04 PM

moi kathfula hketi korib khuju iar babe proujonio bij kot pua jab.

Mrs Daisy kalita. Jan 05, 2017 02:04 PM

moi kathfula hketi korib khuju iar babe proujonio bij kot pua jab.

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top