মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কীটনাশকৰ অবাধ ব্যৱহাৰ বিপন্ন মানৱৰ ভৱিষ্যৎ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কীটনাশকৰ অবাধ ব্যৱহাৰ বিপন্ন মানৱৰ ভৱিষ্যৎ :

কীটনাশকৰ অবাধ ব্যৱহাৰ বিপন্ন মানৱৰ ভৱিষ্যৎৰ বিষয়ে লিখা হৈছে ।

 

বৰ্তমান পৃথিৱীৰ জনসংখ্যা প্ৰায় ৭২০ কোটি। ৰাষ্ট্ৰসংঘৰ সমীক্ষা মতে, অহা ১২ বছৰত এই সংখ্যাই ৮০০ কোটি পাৰ কৰিব।

সময় বাগৰাৰ লগে লগে জনসংখ্যা যি হাৰত বৃদ্ধি পাইছে, প্ৰায় একে হাৰতেই কৃষিভুমিৰ পৰিমাণো হ্ৰাস পাইছে। প্ৰধানকৈ গৃহ নিৰ্মাণৰ বাবে কৃষিভুমিৰ ব্যৱহাৰৰ ফলত উৎপাদনৰ পৰিমাণ প্ৰভাৱিত হৈছে। ফলত খাদ্য সংকটে দেখা দিব লাগিছিল। কিন্তু বিগানৰ আশীৰ্বাদৰ ফলতেই মানুহে খাদ্যৰ  অভাৱআজিও বিশেষভাৱে অনুভৱ কৰা নাই। ৰাসায়নিক যাৰ আৰু কীটনাশকসমুহৰ আৱিষ্কাৰৰ সুবাদতে শস্যৰ উৎপাদন বৃদ্ধি কৰিব পৰা হৈছে। একোখন কৃষিভুমিত আগতে যি পৰিমাণৰ উৎপাদন হৈছিল, ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ ফলত সেই পৰিমাণ দুইৰ পৰা তিনিগুণলৈ ব্ৰিদ্ধি পাইছে। সমস্যাটোও সেইখিনিতেই সৃষ্টি হৈছে।

কৃষিভুমিত হকে-বিহকে কীটনাশক আৰু ৰাসায়নিক সাৰৰ ব্যৱহাৰৰ ফলত উৎপাদন বৃদ্ধি হৈছে সঁচা। কিন্তু অবাধ হাৰত ব্যৱহাৰৰ ফলত মানুহ আৰু আন জীৱ-জন্তুৰ জীৱন বিপন্ন হৈ পৰিছে। এই ৰসায়নসমুহৰ উচিত ব্যৱহাৰৰ বাবে উপযুক্ত জ্ঞানৰ অতিকৈয়ে আৱশ্যক। কিন্তু অতি পৰিতাপৰ বিষয় এই যে অৰ্ধশিক্ষিত আৰু অশিক্ষিত কৃষকসকলৰ গানৰ অভাৱে সমগ্ৰ মানৱ জাতিকেই ভয়াৱহ বিপদৰ ফালে আগবঢ়াই নিছে।

সেউজ বিপ্লৱৰ আগলৈকে ভাৰতবৰ্ষত থলুৱা পদ্ধতিৰেই প্ৰাকৃতিকভাৱেই কৃষিকৰ্ম কৰা হৈছিল। কিন্তু ষাঠিৰ দশকত দেশত ভয়াৱহ খাদ্য সংকটে দেখা দিলে। সেই সংকটৰ পৰা উদ্ধাৰ পাবৰ বাবে কেন্দ্ৰ চৰকাৰে আমেৰিকাৰ আশ্ৰিত হ’ল। খাদ্য, বীজ আৰু কৃষিজাত সামগ্ৰী আমদানি কৰা হ’ল। আমেৰিকাই ভাৰতৰ কৃষিনীতিক প্ৰভাৱিত কৰিবলৈ সুবিধা পালে। তাৰেই ফল সেউজ বিপ্লৱ। প্ৰকৃততে সেউজ বিপ্লৱ পুঁজিবাদৰে ফল। সেউজ বিপ্লৱৰ প্ৰভাৱ সফলতাৰে পৰা ৰাজ্যসমুহৰ ভিতৰত পাঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ নাম প্ৰথমে ল’ব লাগিব।

এইখিনিতে এটা কথা উনুকিয়াই থোৱাটো সমীচীন হ’ব যে সেউজ বিপ্লৱে ভাৰতক খাদ্য সংকটৰ সৈতে মোকাবিলা কৰাত সহায় কৰিলে যদিও পাছদুৱাৰেদি এক বিষাক্ত ভৱিষ্যতো কঢ়িয়াই আনিলে।

পাঞ্জাবত কৃষিক্ষেত্ৰত বিপ্লৱৰ সুচনা হ’ল। খাদ্য উৎপাদনত জলসিঞ্চন, ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰৰ ফলত অভাৱনীয়ভাৱে খাদ্য-শস্যৰ উৎপাদন বৃদ্ধি পালে।

কৃষকৰ দিন ভাললৈ আহিল। খাদ্য সংকট নোহোৱা হ’ল। থলুৱা কৃষিপদ্ধতি বিলুপ্তিৰ পথত ধাৱমান হ’ল। প্ৰথম অৱস্থাত মানুহে ইয়াৰ কু-প্ৰভাৱসমুহ দেখা নাপালে। কিন্তু সময় বাগৰাৰ লগে লগে অত্যধিক ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰৰ কু-প্ৰভাৱসমুহ দৃষ্টিগোচৰ হ’বলৈ ধৰিলে।

সৰ্বপ্ৰথমে থলুৱা কৃষিপদ্ধতি বিসৰ্জন দিয়াৰ ফলত কৃষকে এডোখৰ কৃষিভুমিত একেবিধ শস্যৰে উৎপাদনত মনোনিৱেশ কৰিলে। ফলত মাটিৰ উৰ্বৰা শক্তি ক্ৰমাৎ হ্ৰাস পালে। প্ৰতিবছৰে অধিকহাৰত ৰাসায়নিক সাৰৰ প্ৰয়োজন হ’ল। কীটনাশকৰ ক্ষেত্ৰতো একেই কথা। বছৰি অধিক কীটনাশকৰ প্ৰয়োজন হ’ল। কীটসমুহৰ মাজত কীটনাশক প্ৰতিৰোধী ক্ষমতা বাঢ়ি আহিল। এই কীটনাশক আৰু ৰাসায়নিক সাৰ ক্ৰয় কৰিবলৈ কৃষকে বেংকৰ পৰা ধন পোৱাৰ প্ৰথা এটা সৃষ্টি হ’ল। তাৰে কোনো কোনোৱে বিভিন্ন কাৰণত ঋণ ঘুৰাই দিব নোৱাৰি আত্মহননৰ পথ বাছি লোৱাৰ প্ৰথা এটাৰো সৃষ্টি হ’ল। আজি দেশত আঢ়ৈ লাখতকৈ বেছি কৃষকে আত্মহত্যা কৰিছে।

দ্বিতীয়তে, বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিল। কৃষিভুমিত কৃষকে ব্যৱহাৰ কৰা পদাৰ্থসমুহ ৰাসায়নিক পদাৰ্থ। মেলাথায়ন, এলড ছালফাম, অনিছ, গ্লিচাইনছ, মিথাইল কাৰ্বমেটছ , মেক্ৰ’ চাইক্লিনছ ইত্যাদি। এই পদাৰ্থসমুহৰ বটল বা টোপালবোৰ স্বাস্থ্যৰ বাবে হানিকাৰক বুলি সাৱধানবাণী লিখা থাকে। কিন্তু সেইবোৰ পঢ়ি চোৱাৰ বাবে কাৰো যেন আহৰি নাই। মুঠতে ক্ৰয় কৰি কৃষিভুমিত প্ৰয়োগ কৰি উৎপাদন বৃদ্ধি কৰিব লাগে। ফলাফল যিয়েই নহওক লাগে।

সমগ্ৰ পৃথিৱীৰ লগতে ভাৰতবৰ্ষত বৰ্তমান কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ বাবে সাধাৰণতেই ধঁপাতজাত সামগ্ৰীসমুহ, সুৰা আদিক দোষাৰোপ কৰা যায়। কিন্তু বৰ্তমান গৱেষণাসমুহৰ পৰা প্ৰমাণিত হৈছে যে কৰ্কট ৰোগীৰ সংখ্যা সাংঘাতিকভাৱে বৃদ্ধি পোৱাৰ এটা মুখ্য কাৰণ হৈছে কীটনাশকৰ ব্যৱহাৰ।

অসমৰ ক্ষেত্ৰতো ব্যতিক্ৰম দেখা নাযায়। যোৱা কিছু বছৰত অসমত কৰ্কট ৰোগীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি পাইছে। এই ৰোগীসকলৰ ভিতৰত বুজনসংখ্যকেই ধঁপাতজাতীয় সামগ্ৰী সেৱন নকৰে আৰু স্বাস্থ্য ৰক্ষাৰ দৈনন্দিন নিয়মসমুহ মানি চলে। বহু বিশেষজ্ঞ চিকিত্‌সকে মত পোষণ কৰিছে যে কীটনাশকৰ অত্যধিক ব্যৱহাৰ ইয়াৰ মুল কাৰণ। বৰ্তমান আমাৰ ৰাজ্যত চাহ আৰু আন শস্যসমুহত নীতিবহিৰ্ভুতভাৱে অত্যধিক হাৰত কীটনাশক ব্যৱহৃত হৈছে। ফলত আন্ত:ৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহৰ চাহিদাও কমি আহিছে। ভুটানৰ দৰে দেশে অসমত উৎপাদিত পাচলিত নিষেধাজ্ঞা জাৰি কৰিছে। প্ৰতিখন জিলাত একোটাকৈ পৰীক্ষাগাৰৰ ব্যৱস্থা কৰি সময়ে সময়ে শাক-পাচলি, ফলমুল ইত্যাদিত থকা কীটনাশকৰ মাত্ৰা পৰীক্ষা কৰাৰ ব্যৱস্থা কৰা উচিত।

কৃষকে কৃষিভুমিত ব্যৱহাৰ কৰা কীটনাশকৰ কেৱল ২ শতাংশ পৰিমাণেহে উদ্দেশ্যত অৰ্থাৎ কীটসমুহ আক্ৰমণ কৰে। বাকী ৯৮ শতাংশ কীটনাশকেই কৃষিভুমিত, বতাহত আৰু শস্যত মিহলি হয়। বায়ুত মিশ্ৰিত হোৱা অংশৰ এক বুজন  অংশ ছ’টিয়াই দিয়াজনৰ শ্বাসৰ লগত শৰীৰত প্ৰৱেশ কৰে। এটা তথ্য মতে, ভাৰতবৰ্ষত প্ৰতিবছৰে কীটনাশক ছটিওৱাৰ ফলত স্প্ৰে কৰোঁতে ৭৬,০০০ কৃষক মৃত্যুমুখত পৰে। তেনে সন্ধিক্ষণত উপযুক্ত ঔষধো বিচাৰি পোৱা নাযায়। যি দুই-একে পায় তেওঁলোকৰো শৰীৰৰ গুৰুত্বপুৰ্ণ অংগ নি:শেষ হৈ গৈ জীৱনটোৰ বাবে ঘুণীয়া হয়।

পাঞ্জাবৰ ভাটিণ্ডা জিলা উৎপাদনৰ ফালৰ পৰা শীৰ্ষত আছে। প্ৰতি একৰ ভুমিত কীটনাশক আৰু ৰাসায়নিক সাৰ ব্যৱহাৰৰ ক্ষেত্ৰতো এই জিলাই শীৰ্ষ স্থান দখল কৰি আহিছে। কৰ্কট ৰোগীৰ সংখ্যাৰ ফালৰ পৰাও এই জিলা পাছপৰি থকা নাই। সেউজ বিপ্লৱৰ পাছৰ সময়ছোৱাত কৰ্কট ৰোগীৰ সংখ্যা এই অঞ্চলত ভাবিব নোৱাৰা ধৰণে বৃদ্ধি পাইছে। ৰাজস্থানৰ বিকানেৰত থকা কেন্সাৰ গৱেষণা অনুষ্ঠানলৈ বহু লোক চিকিৎসাৰ বাবে অহা-যোৱা কৰে। ভাটিণ্ডাৰ পৰা এখন বিশেষ ৰে’লগাড়ী গধুলি পৰত বিকানেৰ অভিমুখে ৰাওনা হৈ পাছদিনা পুৱাবেলাত লক্ষ্য স্থানত উপনীত হয়। এই ৰে’লগাৰীখনত কৰ্কট ৰোগীৰ সংখ্যা ইমানেই বেছি যে ট্ৰেইনখনক ‘কেন্সাৰ স্পেচিয়েল ট্ৰেইন’ নাম দিয়া হৈছে।

এনেধৰণৰ বহু উদাহৰণ আছে। কীটনাশকৰ ব্যৱহাৰৰ ফলত বছৰি প্ৰতিজন ব্যক্তিৰ শৰীৰলৈ প্ৰায় ২০০ গ্ৰাম বিহৰ প্ৰৱেশ ঘটে। আমি ইতিমধ্যেই উল্লেখ কৰিছোঁ যে যি পৰিমাণত কীটনাশক ব্যৱহাৰ কৰা হয়। তাৰ কেৱল ২-৩ শতাংশহে কামত আহে। বাকীখিনি মাটি, পানী আৰু বায়ুমণ্ডলত মিহলি গৈ সমগ্ৰ পৰিৱেশতন্ত্ৰ দুষিত কৰি তোলে। এই ৰাসায়নিক পদাৰ্থসমুহ পানীত মিহলি হৈ মাছৰ শৰীৰলৈ যায়। আমি মাছ খালে আওপকীয়াকৈ আমাৰ শৰীৰত প্ৰৱেশ কৰে। কৃষিভুমিত চৰণীয়া জন্তু যেনে- গৰু-ছাগলীয়ে খাদ্য সেৱন কৰাৰ ফলত সেই জন্তুসমুহৰ শৰীৰতো এই বিহ প্ৰৱেশ কৰে। গৰুৰ গাখীৰ সেৱন কৰিলে আওপকীয়াকৈ আমাৰ শৰীৰত পুনৰ কীটনাশকে স্থিতি লয়।

আটাইতকৈ দুখজনক কথাটো হ’ল যে বিভিন্ন ফল-মুল, শাক-পাচলিৰ জৰিয়তে এই কীটনাশকবোৰ আমাৰ শৰীৰত প্ৰৱেশ কৰাৰ পাছৰ পৰ্যায়ত মাতৃদুগ্ধৰ জৰিয়তে প্ৰতিটো কেঁচুৱাৰ শৰীৰলৈ স্থানান্তৰ হয়।

শিক্ষাৰ বিকাশৰ লগে লগে শিক্ষিতচামৰ মাজত সজাগতা সৃষ্টি নোহোৱাকৈ থকা নাই। বজাৰৰ পৰা ক্ৰয় কৰা শাক-পাচলি বহু লোকেও গৰম নিমখ পানীত বহু সময় তিয়াই থৈ উপকৃত হ’বলৈ চেষ্টা কৰে। আনহে নালাগে, অতি আপোন আপেলটোৰো বাকলি গুচাই খাই কীটনাশকৰ প্ৰভাৱৰ পৰা মুক্ত হোৱাৰ প্ৰয়াস কৰা দৃষ্টিগোচৰ হয়। এনেবোৰ প্ৰয়াসে কীটনাশকৰ প্ৰভাৱ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে, কিন্তু নোহোৱা কৰিব নোৱাৰে। কাৰণ অত্যধিক মাত্ৰাত ব্যৱহাৰৰ ফলত খাদ্য বস্তুৰ প্ৰতিটো কোষলৈ কীটনাশকৰ প্ৰৱেশ ঘটিছে। মানৱ সমাজে এনে এক কঠিন পৰিস্থিতিৰ পৰা উদ্ধাৰ পোৱাৰ উপায় নথকা নহয়। তাৰবাবে আটাইতকৈ প্ৰয়োজনীয় দিশটো হৈছে শিক্ষা আৰু সজাগতা।

লেখক: বিশ্বজ্যোতি শৰ্মা (দেওবৰীয়া সুকন্যা)

2.92857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top