মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কুঁহিয়াৰ খেতিৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কুঁহিয়াৰ খেতিৰ বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ:

“ছয় পো ছয় নাতি,তেনে কৰিবা কুঁহিয়াৰৰ খেতি”।সঁচাকৈয়ে অশেষ দুখ কষ্টৰ মাজেৰে কৰা কুঁহিয়াৰৰ খেতি ডৰা বিভিন্ন সময়ত বিভিন্ন ৰোগত আক্ৰান্ত হৈ আমাৰ কৃষক সকলৰ কষ্টৰ প্ৰকৃত মূল্যায়ণৰ হেঙাৰ হিচাপে থিয় দি আহিছে

“ছয় পো ছয় নাতি,তেনে কৰিবা কুঁহিয়াৰৰ খেতি”।সঁচাকৈয়ে অশেষ দুখ কষ্টৰ মাজেৰে কৰা কুঁহিয়াৰৰ খেতি ডৰা বিভিন্ন সময়ত বিভিন্ন ৰোগত আক্ৰান্ত হৈ আমাৰ কৃষক সকলৰ কষ্টৰ প্ৰকৃত মূল্যায়ণৰ হেঙাৰ হিচাপে থিয় দি আহিছে।বৰ্তমানলৈকে সমগ্ৰ বিশ্বতে দুশতকৈও অধিক কুঁহিয়াৰৰ ৰোগ চিনাক্ত কৰা হৈছে।ইয়াৰে প্ৰায় পঞ্চাশ বিধমান কুঁহিয়াৰৰ ৰোগ ভাৰতবৰ্ষত চিনাক্ত কৰা হৈছে।অসমত দেখা দিয়া কুঁহিয়াৰ খেতিৰ বিভিন্ন ৰোগ সমূহৰ ভিতৰত ৰঙা পৰা( Red Rot),লেলেৰি যোৱা(Wilt),হালধীয়া পৰা(Yellew Leaf-Disease),গ্ৰাছী চুট(Grassy Shoot),ইত্যাদিয়ে প্ৰধান।ফলস্বৰূপে 10-15 শতাংশ উৎপাদন হ্ৰাস হ’ব পাৰে।

অসমত দেখা দিয়া কুঁহিয়াৰ খেতিৰ বিভিন্ন ৰোগ সমূহ আৰু ইয়াৰ লক্ষণ-

 

ৰঙা পৰা ৰোগ(Red Rot):

 

কুঁহিয়াৰৰ কেঞ্চাৰ ৰোগ নামেৰে খ্যাত ৰঙা পৰা ৰোগবিধৰ আক্ৰমণৰ ফলত প্ৰতে কুঁহিয়াৰ জোপাৰ ওপৰত দুই বা তিনিনম্বৰ পাতটো ক্ৰমাৎ কমলা হালধীয়া বৰণৰ হৈ লাহে লাহে আটাইবোৰ পাতেই হালধীয়া হৈ পৰে আৰু দুই তিনিদিনৰ ভিতৰতে শুকাই যায়।আক্ৰান্ত কুঁহিয়াৰৰ গাঠিৰ অংশৰ ৰং সলনি হ’বলৈ ধৰে।এনে কুঁহিয়াৰ দীঘলে দীঘলে ফালি চালে মাজৰ সাহ অংশটি ৰঙা পৰা আৰু মাজে মাজে কিছুমান বগা দাগ পোৱা যায়।এই বগা দাগ সমূহ পাছত নাইকিয়া হৈ গোটেই কুঁহিয়াৰ ডালেই ৰঙচুৱা বৰণৰ হৈ পৰে।এনে ধৰণৰ কুঁহিয়াৰৰ পৰা টেঙাভাৱ থকা গোন্ধ পোৱা যায়।ৰঙা পৰা ৰোগবিধত আক্ৰান্ত কুঁহিয়াৰ গুৰ প্ৰস্তুত কৰাৰ অনুপযোগী হৈ পৰে।কিয়নো এই ৰোগবিধ সৃষ্টি কৰা কলেট্ৰ’ট্ৰাইকাম ফালকেটাম(Colletotrichum falcatum)নামৰ ভেঁকুৰবিধৰ অনুসূত্ৰই কুঁহিয়াৰ গছত জমা হোৱা চুক্ৰজ নামৰ শৰ্কৰাবিধক ইনভাৰটেজ(Invertase)নামৰ উৎসেচক বা এনজাইম বিধে ভাঙি গ্লুক’জ আৰু ফ্ৰুক্টজলৈ ৰূপান্তৰ কৰে।যাৰ পৰা চেনি বা গুৰ প্ৰস্তুত কৰিব নোৱাৰি।

ইয়াৰোপৰি ৰোগাক্ৰান্ত কুঁহিয়াৰৰ ৰস সতেজ ৰসৰ লগত কেনেবাকৈ মিহলি হ’লেও ৰসৰ গুণাগুণ নষ্ট কৰে আৰু গুৰ তৈয়াৰ কৰোতেও ভালদৰে পাগ নাখায়।সেয়ে এই ৰোগবিধে আক্ৰমণ কৰিলে উৎপাদন যথেষ্ট হ্ৰাস হয় আৰু কৃষক সকলকো আৰ্থিক দিশত ক্ষতি সাধন কৰে।

মৰহি যোৱা ৰোগ(Wilt of Sugarcane):

 

কুঁহিয়াৰ খেতিৰ ৰঙা পৰা ৰোগ আৰু মৰহি যোৱা ৰোগৰ লক্ষণ সমূহ দেখাত প্ৰায় একে হোৱাৰ বাবে কৃষকে চিনি পোৱাত অসুবিধাৰ সন্মুখীন হয়।দৰাচলতে এই দুইবিধ ৰোগ একেজোপা গছতে দেখা দিব পাৰে।মৰহি যোৱা ৰোগবিধত কুঁহিয়াৰ জোপাৰ পাতবোৰ হালধীয়া পৰি শুকাই যায় আৰু ই বহুদূৰৰ পৰা চকুত পৰে।শেষৰ ফাললৈ গোটেই গছজোপা শুকাই গৈ কেৱল ফোপোলা কুঁহিয়াৰডালহে ৰয়গৈ।আক্ৰান্ত কুঁহিয়াৰডাল মাজে মাজে ফালি চালে ভিতৰত সাহখিনি ৰঙা মুগা বৰণৰ হৈ মাজৰ অংশ শুকাই গৈ ফোপোলা গাঁতৰ দৰে হৈ পৰে।আক্ৰান্ত গছে ৰঙা পৰা ৰোগৰ দৰে টেগা ভাৱথকা গোন্ধ উৎপন্ন নকৰে আৰু বগা ফুটফুটীয়া দাগ সমূহো মৰহি যোৱা ৰোগবিধত পোৱা নাযায়।ইয়াৰ দ্বাৰাই কৃষক সকলে ৰঙা পৰা আৰু মৰহি যোৱা ৰোগ সঠিকভাৱে নিৰূপন কৰিব পাৰিব।

আগ পচা ৰোগ(Pokkah boeng):

 

সাধাৰণতে দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা বৰষুণ জাকৰ পাছত এই ৰোগবিধে আক্ৰমণ কৰে।ৰোগবিধৰ দুটা লক্ষণ-

প্ৰথমটো লক্ষণত গা-গছৰ কোঁহ অংশ বেঁকা হৈ পাক খাই যায়।যাৰ বাবে ইয়াক পকা বয়েঙ্গ বুলি কোৱা হয়।গছ বেছিকৈ আক্ৰান্ত হ’লে আগ তললৈ দোঁ খাই যায়।আক্ৰান্ত গছৰ কোঁহ অংশটি হালধীয়া পৰি শুকাই পাক খাই লেৰেলি যোৱাৰ দৰে হয়।এই ৰোগৰ আগতীয়া লক্ষণত কোঁহটো শুকাই এছাৰিৰ দৰে হয়।

পাছৰ লক্ষণত আক্ৰান্ত গছৰ কোঁহ অংশটি পচি ৰঙচুৱা বৰণৰ হ’বলৈ আৰম্ভ কৰে।এই কোঁহ অংশটিৰ পাতবোৰ মেল নাখায়।এই লক্ষণক আগ পচা বেমাৰ বুলি কোৱা হয়।এনে গছৰ পৰা কোনো উৎপাদন পোৱা নাযায়।

পাত হালধীয়া পৰা ৰোগ(Yellow leaf disease):

 

ভাইৰাছজনিত এই ৰোগবিধ সাধাৰণতে আক্ৰান্ত কুঁহিয়াৰৰ আগ ৰুলে আৰু দ্বিতীয়তে মোৱা পোকৰ দ্বাৰা ৰোগবিধ এজোপাৰ পৰা আনজোপালৈ বিয়পে।সাধাৰণতে আগ অংশৰ তিনিৰ পৰা পাঁচ নম্বৰ পাতৰ মাজৰ শিৰা আৰু তাৰ দুয়োকাষে হালধীয়া পৰিবলৈ আৰম্ভ কৰে।এনেদৰে হালধীয়া অংশ বহল হৈ প্ৰায় 2 ছে: মি: মান হয়গৈ আৰু আগ অংশৰ পৰা পাতবোৰ শুকাই আহে আৰু ইংৰাজী(V) আখৰৰ আকৃতি লয়গৈ।খৰাং বতৰে ৰোগবিধ বেছিকৈ হোৱাত সহায় কৰে।ৰোগাক্ৰান্ত কুঁহিয়াৰ দেখাত চুটি চাপৰ হয় আৰু মেলি থোৱা জাপানীজ বিচনিৰ দৰে হৈ পৰে।এই ৰোগত আক্ৰান্ত কুঁহিয়াৰৰ গাঠিৰ মাজৰ ব্যৱধান হ্ৰাস পায় আৰু উৎপাদন যথেষ্ট কমি যায়।

মুঢ়া কুঁহিয়াৰ মুজুৱা হোৱা ৰোগ(Ratoon Stunting):

 

লেইফচনিয়া যাইলি নামৰ এবিধ বেক্টেৰিয়াৰ পৰা সৃষ্টি হোৱা এই ৰোগবিধ হ’লে মুঢ়া কুঁহিয়াৰজোপা চুটি চাপৰ হয়,পোখা মেলা কমি যায়,পাত হালধীয়া পৰে।কুঁহিয়াৰ গছৰ বৃদ্ধিৰ সময়ত খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হ’লে ৰোগবিধৰ প্ৰাৱল্যতা বৃদ্ধি পায়।মুঢ়া কুঁহিয়াৰণিডৰাত একে জাতৰে কিছুমান কুঁহিয়াৰ ওখ আৰু কিছুমান চাপৰ হোৱাটোৱেই এই ৰোগবিধৰ চিনাক্তকৰণৰ লক্ষণ।ৰোগাক্ৰান্ত কুঁহিয়াৰ দীঘলে দীঘলে ফালি চালে গাঁঠি অংশত পাতল ৰঙচুৱা বা হালধীয়া বৰণৰ সৰু সৰু দাগ দেখা পোৱা যায়।

পাত জ্বলা ৰোগ(Leaf Scald):

 

কুঁহিয়াৰৰ পৈণত হোৱা পাতত 1-2 মিলিমিটাৰ বহল পেঞ্চিলেৰে আঁক মৰাৰ দৰে পাতৰ শিৰাৰ সমান্তৰালভাৱে বগা হালধীয়া বৰণৰ(White Pencil Line)দাগ কিছুমান দেখা পোৱা যায়।নতুবা শিৰাৰ দুয়োকাষে আগ অংশৰ পৰা জ্বলি যোৱাৰ দৰে দীঘলীয়া দাগ পোৱা যায়।সময়ৰ লগে লগে হালধীয়া দাগ বহল হৈ গোটেই পাতখিলাই হালধীয়া পৰি শুকাই যায়।এই ৰোগৰ আন এটা লক্ষণ হৈছে কুঁহিয়াৰডালৰ চকুবোৰৰ পৰা নতুন গজালি ওলায়।অৱশ্যে জাতভেদে এই লক্ষণ কম বেছি হ’ব পাৰে।দীঘলীয়া খৰাং বতৰ নতুবা খৰাংৰ পিছত হঠাৎ বৰষুণ হ’লে এই ৰোগবিধ বেছিকৈ হয়।শেষৰফাললৈ কুঁহিয়াৰজোপা লেৰেলি শুকাই যায়।

গ্ৰাছী চুট ৰোগ(Sugarcane Grassy Shoot):

 

ফাইট’প্লাজমা(Phytoplasma)নামৰ একোষ কেন্দ্ৰীয় প্ৰাণীৰ আক্ৰমণৰ ফলত সৃষ্টি হোৱা এই বেমাৰবিধৰ লক্ষণবোৰ হৈছে-

গজালি ওলোৱা কুঁহিয়াৰৰ পাতবোৰ হালধীয়া পৰি যায়।নতুনকৈ ওলোৱা পোখা সমূহো হালধীয়া পৰি যায়।আক্ৰান্ত কুঁহিয়াৰৰ পৰা পাতল সেউজীয়া বা হালধীয়া বৰণৰ ক্ষীণকায় বহু সৰু সৰু নতুন পোখা মেলে।এইবোৰ দেখাত চুটি চুটি ঘাঁহৰ দৰে হৈ পৰে।সেয়ে এই ৰোগ বিধক কুঁহিয়াৰৰ গ্ৰাছী চুট ৰোগ বোলা হয়।

মুঢ়া কুঁহিয়াৰ এই ৰোগবিধত আক্ৰান্ত হ’লে আগতীয়াকৈ পোখা মেলিব আৰু দেখাত ক্ষীণ আৰু ওখ হ’ব।কিন্তু এনে কুঁহিয়াৰ কেইদিনমানৰ ভিতৰতে মৰি গৈ মুঢ়া কুঁহিয়াৰণিডৰাৰ মাজত বহুতো খালী ঠাই থাকি যায়।

নিৰাময়ৰ উপায়:

 

সু-সংহত আৰু বিজ্ঞান সন্মতভাৱে খেতি কৰি কুঁহিয়াৰ খেতিৰ বহু ৰোগ নিৰ্মূল কৰিব পাৰে।ইয়াৰ কেইটামান উপায় তলত উল্লেখ কৰা হ’ল-

ক)কুঁহিয়াৰ খেতিৰ প্ৰায়বোৰ ৰোগেই যেনে:-ৰঙাপৰা ৰোগ,মৰহি যোৱা ৰোগ,গ্ৰাছী চুট,পাত জ্বলা ৰোগ,হালধীয়া পৰা ৰোগ ইত্যাদি ৰুবলৈ অনা কুঁহিয়াৰৰ আগৰ পৰা বিয়পে।সেয়ে সদায় নিৰোগী,স্বাস্থ্যৱান গছৰ পৰাহে ৰুবলৈ অনা কুঁহিয়াৰৰ আগৰ পৰা বিয়পে।সেয়ে সদায় নিৰোগী,স্বাস্থ্যবান গছৰ পৰাহে ৰুবলৈ অনা কুঁহিয়াৰৰ আগসমূহ সংগ্ৰহ কৰিব লাগে।ইয়াৰোপৰি আগসমূহ বেভিষ্টিন 1 গ্ৰাম প্ৰ্তিলিটাৰ পানীত মিহলাই 10-15 মিনিটমান সময় ডুবাই ৰাখি ছাঁত শুকুৱাই ৰুব লাগে।এনে কৰিলে বহু ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

খ)কুঁহিয়াৰ খেতিডৰা সদায় পৰিস্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগে।ৰোৱাৰ আগতে বন-বাত আঁতৰাই ল’ব লাগে।খেতিৰ আৱৰ্জনাই বহু ৰোগৰ বীজাণু বিয়পোৱাত সহায় কৰে।ৰঙাপৰা,মৰহি যোৱা,মুঢ়া কুঁহিয়াৰ মুজুৱা পৰা ৰোগ ইত্যাদি খেতিৰ আৱৰ্জনাৰ পৰাই বিয়পে।কুঁহিয়াৰ কটাৰ পাছত আৱৰ্জনা সমূহ আঁতৰাই পেলাব লাগে।

গ)খেতিডৰাত ৰোগাক্ৰান্ত গছ দেখিলেই কাটি উভালি দূৰৈত পুতি বা পুৰি পেলাব লাগে।ৰুগীয়া গছ কাটিবলৈ ব্যৱহাৰ কৰা সঁজুলিসমূহো 1% ডেটল(1 মিলিলিটাৰ 1 লিটাৰ)পানীত 5 মিনিটমান সময় ডুবাই ৰাখি বীজাণু মুক্ত কৰি পুণৰ ব্যৱহাৰ কৰিব লাগে যাতে ৰোগৰ বীজাণু সঁজুলিৰ দ্বাৰা এজোপাৰ পৰা আনজোপালৈ নিবিয়পে।মুঢ়া কুঁহিয়াৰৰ মুজুৱা পৰা ৰোগ বিধত(Rotoon Stunting) বীজাণুযুক্ত সঁজুলিৰ দ্বাৰা বেক্টেৰিয়াবিধ এজোপাৰ পৰা আনজোপালৈ বিয়পিব পাৰে।সেয়ে ৰোগাক্ৰান্ত কুঁহিয়াৰ কাটিবলৈ ব্যৱহাৰ কৰা সঁজুলিসমূহো ৰোগমুক্ত হোৱাটো নিত্যান্তই প্ৰয়োজনীয়।

ঘ)একেডৰা মাটিতে বছৰ বছৰ ধৰি কুঁহিয়াৰ খেতি নকৰি শস্যাৱৰ্তন কৰিব পাৰিলে বহু ৰোগ যেনে:-ৰঙাপৰা,মৰহি যোৱা ইত্যাদিৰ পৰা হাত সাৰিব পাৰি।শস্যাৱৰ্তন এনে এক পদ্ধতি য’ত একেদৰা মাটিতে একেবিধ শস্য কৰাৰ সলনি বিভিন্ন শস্য যেনে:-তৈল বা মাহজাতীয় শস্যৰ খেতি কৰি ৰোগসৃষ্টিকাৰী বীজাণুৰ বাবে এটি প্ৰতিকুল পৰিৱেশৰ সৃষ্টি কৰাহয়।কুঁহিয়াৰৰ ৰঙা পৰা ৰোগ,মৰহি যোৱা ৰোগ ইত্যাদি ৰোগৰ বীজাণু মাটিত বা ৰৈ যোৱা খেতিৰ আৱৰ্জনাত বহু বছৰ ধৰি জীয়াই থাকিব পাৰে।সেয়ে মাহজাতীয় শস্য কৰিবলৈ মাটি যেতিয়া মিহিকৈ হালবোৱা হয় তেনে পৰিস্থিতিত ৰোগৰ বিজাণু সমূহ জীয়াই থকা কঠিন হৈ পৰে আৰু ফলত কুঁহিয়াৰ খেতিডৰা ৰোগমুক্ত হয়।

ঙ)প্ৰবাহিত পানীয়েও বহু ৰোগৰ বীজাণু বিয়পায়।ৰঙা পৰা ৰোগৰ বীজাণু প্ৰবাহিত পানীৰ দ্বাৰাও এখন পথাৰৰ পৰা আনএখন পথাৰলৈ বিয়পে।ঠিক সেইদৰে পথাৰত কেইবাদিনো একেৰাহে পানী জমা হৈ থাকি পাছত খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হ’লে মৰহি যোৱা(Wilt),মুঢ়া কুঁহিয়াৰ মুজুৱা পৰা ৰোগৰ প্ৰাৱল্যতা বৃদ্ধি পায়।মৌচুমী বায়ুৰ প্ৰভাৱত হোৱা বৰষুণৰ পানী খেতিডৰাত বহু সময়ৰ বাবে জমা হৈ থাকিলে ৰোগ বৃদ্ধি হোৱাত অৰিহনা যোগায়।

চ)এজোপা কুঁহিয়াৰৰ পৰা আনজোপালৈ শাৰীবোৰ ব্যৱধান 75 ছে:মি:ৰ পৰা 90 ছে:মি: থকাতো অতি প্ৰয়োজন।ব্যৱধান কম থাকিলে নানা ৰোগৰ বীজাণু এজোপাৰ পৰা আনজোপালৈ সংক্ৰমিত হয় আৰু সাৰ,পানী,মাটি ইত্যাদিৰ বাবে প্ৰতিযোগিতাও বৃদ্ধি পায়।ফলস্বৰূপে কুঁহিয়াৰ জোপাৰ শ্ৰীবৃদ্ধি হ্ৰাস পায়।

ছ)ৰুবলৈ অনা কুঁহিয়াৰৰ আগ সমূহ জৈৱিক ভেঁকুৰনাশক যেনে: ট্ৰাইক’ডাৰমা হাৰজিয়ানাম(Trichoderma

harjinun),কেইট’মিয়াম(Chaetomium sp.)নামৰ অনুজীৱৰদ্বাৰা শোধিত কৰিলে গজালি ওলোৱা সোনকাল হয়।ইয়াৰ লগতে বিভিন্ন ৰোগ যেনে: ৰঙা পৰা ৰোগবিধো প্ৰতিৰোধ কৰিবপৰা যায়।এই জৈৱিক ভেঁকুৰনাশক বোৰ পাওদাৰ আৰু পণ্যউপাদানত পোৱা যায়।এই ঔষধবোৰ ৰোৱাৰ আগত মাটিৰলগত মিহলায়ো দিব পাৰে নতুবা ছটিয়াইয়ো দিবপাৰে।মৰহি যোৱা,ৰঙা পৰা ইত্যাদি ৰোগসমূহ ট্ৰাইক’ডাৰমানামৰ জৈৱিক ভেঁকুৰ নাশক বিধ ছটিয়াই নিৰাময় কৰিব পাৰি।

জ)পৰম্পৰাগত পদ্ধতিৰে একেবোৰ জাতকে বছৰৰ পাছত বছৰ ধৰি খেতি নকৰি বুঢ়ালিকচন কুঁহিয়াৰ গৱেষণাকেন্দ্ৰৰ পৰা উদ্ভাৱিত অতি উচ্চ উৎপাদনক্ষম আৰু ৰোগপ্ৰতিৰোধক ক্ষমতা থকা জাতযেনে:কলং(CoBln 9102),লোহিত(CoBln 9104),দৈয়াং( CoBln 02173),কপিলিপাৰ( CoBln 90006),নামবৰ( CoBln 94063)ইত্যাদিৰ উন্নত বিজ্ঞানসন্মত পদ্ধতিতে খেতি কৰিব লাগে।ঝ)ৰোৱাৰ পিছত কুঁহিয়াৰ খেতিডৰা ভালদৰেনিৰীক্ষণ কৰি লাগে।ৰোগাক্ৰান্ত গছ দেখাৰ লগে লগেইউভালি আঁতৰাই পেলাব লাগে।খেতিডৰাত পানী জমা হ’বলৈদিব নালাগে আৰু এখন পথাৰৰ পৰা আনখন পথাৰলৈ যাতেপানী বৈ নাযায় তালৈ লক্ষ্য ৰাখিব লাগে।এনেদৰে বিজ্ঞান সন্মতভাৱে উচ্চ উৎপাদনক্ষম জাতআৰু ৰোগ নিৰাময়ৰ পৰামৰ্শাৱলী সঠিক সময়ত প্ৰয়োগকৰি উৎপাদন যথেষ্ট বৃদ্ধি কৰিব পাৰি আৰু কৃষকসকলোআৰ্থিক ভাৱে স্বাৱলম্বী হ’ব পাৰে।

উৎস: কুঁহিয়াৰ গৱেষণা কেন্দ্ৰ(অসম কৃষি বিশ্ববিদ্যালয়)

3.04081632653
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top