মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষকলৈ দিহা: উন্নত পদ্ধতিৰে শালি ধানৰ খেতি কৰো আহক:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষকলৈ দিহা: উন্নত পদ্ধতিৰে শালি ধানৰ খেতি কৰো আহক:

কৃষকলৈ দিহা: উন্নত পদ্ধতিৰে শালি ধানৰ খেতি কৰাৰ বিষয়ে লিখা হৈছে

 

অসমৰ কৃষকসকলৰ বাবে ধানেই হৈছে ঘাই খেতি। অসমত চাৰিবিধ ধানৰ খেতি কৰা হয়। আহু ধান, বাও ধান, বৰো ধান আৰু শালি ধান। ইয়াৰ ভিতৰত শালি ধানৰ খেতিয়েই মূল। এই খেতিৰ ওপৰতে অসমৰ কৃষকে জীৱিকা নিৰ্বাহ কৰে। অসমৰ সৰহসংখ্যক ধান শালি হিচাপে কৰা হয়। অসমত প্ৰায় ২০ লাখ হেক্টৰ মাটিত শালি ধানৰ খেতি কৰা হয়। তলত শালি ধানৰ খেতি পদ্ধতিৰ বিষয়ে আলোচনা কৰা হ’ল-

উন্নত জাত: শালি ধানৰ উন্নত জাতসমূহ হৈছে-

 

অৰ্ধচাপৰ জাত:

সুভদ্ৰা, ৰংদৈ, আই আৰ ৩৬, পংকজ, লখিমী, বাহাদুৰ, ৰঞ্জিত, কুশল আৰু মণিৰাম আদি।

আঠাযুক্ত জাত: ভোগালী।

ওখ জাত: মাচুৰী।

জহা: কেতেকী জহা, বকুল জহা।

মনোহৰ শালি, প্ৰসাদভোগ, কলাচাৰ-১, সোণমুখী হীৰা আৰু হীৰা।

ৰোৱাৰ সময়:

শালি ধান জুনৰ পৰা আগষ্ট-ছেপ্টেম্বৰ মাহলৈ ৰোৱা হয় আৰু নৱেম্বৰ-ডিচেম্বৰ মাহত কাটিবৰ সময় হয়।

মাটি প্ৰস্তুতি:

মাটিডৰা ভালকৈ চহ কৰি বোকা কৰি ল’ব লাগে। ইয়াৰ পাছত ৩০ ছেঃমিঃ আঁতৰে আঁতৰে ১০-১২ মিটাৰ দীঘল আৰু ১-২ মিটাৰ বহলে বীজ তলিখন প্ৰস্তুত কৰি ল’ব লাগে। প্ৰতিখন বীজ তলীত ৩০-৩৫ কেজি পচন সাৰ, ৩৫-৪০ গ্ৰাম ইউৰীয়া, ৭০-৮০ গ্ৰাম একক ছুপাৰ ফছফেট আৰু ৩৫-৪০ গ্ৰাম পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। প্ৰতিখন বীজ তলিত বিঘাই প্ৰতি ৭-৮ কেজি বীজ সিঁচিব লাগে।

সাৰ প্ৰয়োগ:

অৰ্ধচাপৰ জাতৰ বাবে ১০-১৫ কেজি ইউৰীয়া, ১৮-২০ কেজি একক ছুপাৰ ফছফেট আৰু ৪ কেজি মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। ওখ জাতৰ বাবে ৫-৭ কেজি ইউৰীয়া, ৯-১০ কেজি একক ছুপাৰ ফছফেট আৰু ২ কেজি মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰাটো জৰুৰী। সাৰ প্ৰয়োগ কৰাৰ সময়ত পথাৰত জমা হোৱা পানী উলিয়াই দিয়াৰ ব্যৱস্থা কৰিব লাগে। পাতত যদি ব্লাইট ৰোগে দেখা উদিয়ে তেতিয়া বিঘাই প্ৰতি ইউৰীয়া সাৰেৰে টপড্ৰেচ নকৰি পটাছ সাৰেৰে টপড্ৰেচ কৰিব। কঠীয়াৰ দূৰত্ব সাধাৰণতে ২০*১৫ আৰু ২৫*২০ ছেঃমিঃ হোৱা উচিত। (মধ্যকালীন জাত আৰু দীৰ্ঘকালীন জাতৰ কাৰণে)।

বীজ শোধন:

বীজ সিঁচাৰ আগতে বীজসমূহ শোধন কৰি ল’লে সুফল পোৱা যায়। ধানৰ বীজত বহু বেমাৰৰ জীৱাণু থাকে, যাৰ ফলত ধানৰ উৎপাদন কমি যাব পাৰে। বীজসমূহ দুটা পদ্ধতিৰে শোধন কৰিব পাৰি।

ক)তিয়াই বীজ শোধন পদ্ধতি আৰু

খ)শুকান পদ্ধতি।

প্ৰথম পদ্ধতিত বীজসমূহ প্ৰতি লিটাৰ পানীত বেভিষ্টিন পাউদাৰ এক গ্ৰাম বা কেপটাফ ২.৫ গ্ৰাম মিশ্ৰণ কৰি শোধন কৰিব লাগে।

আনটো পদ্ধতিত এটা মুখ বন্ধ পাত্ৰত বেভিষ্টিন পাউদাৰ এক গ্ৰাম বা কেপটাফ ২.৫ গ্ৰাম বা ইন্দোফিল-৪৫ লগত বীজসমূহ মিহলাই দিব লাগে। তাৰ পাছত মুখখন বন্ধ কৰি বীজখিনি এদিন ৰাখিব লাগে।

কঠীয়াৰ শস্য ৰক্ষা:

 

কঠীয়াতলীত ব্লাষ্ট বেমাৰে দেখা দিলে বেভিষ্টিন ঔষধ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। কঠীয়াডৰাত বিভিন্ন পোকে আক্ৰমণ কৰা দেখা যায়। উক্ত পোকৰ পৰা কঠীয়াডৰাক ৰক্ষা কৰিবলৈ ফুৰাডন ঔষধ প্ৰয়োগ কৰিলে সুফল পোৱা যায়।

শালি ধানৰ খেতিত চহৰা পোক, মজা খোৱা পোক, টুপলি কটা পোক, শূঁৰ পোক আৰু গান্ধী পোক আদিয়ে আক্ৰমণ কৰা দেখা পোৱা যায়। উক্ত পোকবোৰে খেতিডৰাত আক্ৰমণ কৰিলে ধানৰ উৎপাদন যথেষ্ট পৰিমাণে হ্ৰাস পায়। উক্ত পোকসমূহৰ পৰা খেতিডৰাক ৰক্ষা কৰিবলৈ প্ৰতি লিটাৰ পানীত এক মি.লি. ডাইমেক্ৰন ১০০ ইচি, ফছফোমিডেন ১০০ ইচি, মোনোক্ৰটোফচ ৪০ ইচি, এক মি.লি. ডাৰ্চবান আৰু মালাথিয়ন ৫ শতাংশ মিহলাই স্প্ৰে কৰিব লাগে।

শালি ধানৰ খেতিত ব্লাষ্ট বেমাৰে দেখা দিয়ে। এই ভেঁকুৰজনিত বেমাৰবিধৰ পৰা খেতিডৰাক ৰক্ষা কৰিবলৈ হ’লে বীজসমূহ শোধন কৰি ল’ব লাগে। ইয়াৰ উপৰি আন কেইবিধমান বেক্টেৰিয়াজনিত ৰোগ যেনে- ব্লাইট, ব্ৰাউন স্পট আদিয়েও দেখা দিব পাৰে। এই বেমাৰবোৰ হ’লে ধান গছৰ শ্ৰীবৃদ্ধি নহয়, পাত শুকাই যায় আৰু মৰি যায়। উক০ত বেমাৰসমূহ প্ৰতিৰোধ কৰিবলৈ প্ৰতি লিটাৰ পানীত ২.৫ গ্ৰাম ইন্দোফিল এম ৪৫ স্প্ৰে কৰাৰ উপৰি কেঁচা গোবৰ ১৫ লিটাৰ পানীত মিহলাই স্প্ৰে কৰিব লাগে। কাতি-আঘোণ মাহত শালি ধান চপাবৰ হয়।

উৎস:ৰাইজৰ বাতৰি

3.04166666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top