অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি কথা

কৃষি কথা লিখা হৈছে

ভাতকেৰেলাৰ কৃষি কথা-


গ্ৰীষ্মকালত উৎপন্ন হোৱা শাক-পাচলিবোৰৰ ভিতৰত ভাতকেৰেলা এবিধ উৎকৃষ্ট পাচলি বুলি গণ্য কৰা হয়। কাৰণ, ভাতকেৰেলা খনিজ লৱন, ভিটামিন আদিৰে পৰিপুষ্ট পুষ্টিকৰ পাচলি আৰু ইয়াক ৰোগী মানুহৰ বাহিৰেও নিৰোগীৰ কাৰণেও ভাল খাদ্য হিচাপে গণ্য কৰা হয়। ভাতকেৰেলাৰ ফল গ্রীষ্মকালৰে পৰা লাগিবলৈ আৰম্ভ কৰে যদিও বাৰিষাকাল অর্থাৎ শাওণ-ভাদমাহলৈকে ফল লাগি থাকে। এইবিধ পাচলি দেখাত ঋতুভিত্তিক যেন লাগিলেও প্রকৃতাৰ্থত ই এবিধ বহুবর্ষজীৱী শস্য।

ভাতকেৰেলাৰ বাবে ওখ, বালিয়া, পলসুৱা আৰু সহজে পানী ওলাই যাব পৰা মাটিৰ আৱশ্যক। মাটিত যথেষ্ট পৰিমাণে জৈৱিক পদার্থ থাকিব লাগে আৰু মাটিৰ অম্লতাৰ মূল্যমান অর্থাৎ পি এইচ মূল্য ৬.০-৭.০ ভিতৰত থাকিব লাগে। অসমত সাধাৰণতে ভাতকেৰেলাৰ খেতি নদীৰ পাৰৰ পলসুৱা মাটিত বা চৰ অঞ্চলৰ মাটিতহে ভাতকেৰেলা আৰু পটল শস্যৰ খেতি কৰা দেখা যায়। পটল আৰু ভাতকেৰেলা খেতিৰ বাবে থলুৱাভাৱে উপলব্ধ হোৱা বেছি উৎপাদনক্ষম সঁচবোৰেই উত্তম। এই খেতিৰ বাবে গছজোপাৰ মাটিৰ তলত বাঢ়ি অহা মঙহাল আলুবোৰ পসোজন হয়। উৎপাদনক্ষম ভাতকেৰেলা স্ত্ৰীপুষ্প গছৰ মঙহাল আলুবোৰ শস্যকাল শেষ হোৱাৰ সময়তে বাছনি কৰি থব লাগে। যিহেতুকে ভাতকেৰেলা আৰু পটল শস্যৰ বংশ বিস্তাৰ অংগজ প্ৰজননৰ দ্বাৰা হয়।

খেতিৰ বাবে বাছনি কৰা মাটিডোখৰ দকৈ হাল বা কোৰ মাৰি মৈয়াই সমান কৰি ল’ব লাগে। পাছত একমিটাৰ (৩ ফুট) ব্যৱধানত একোটা সৰু সৰু নলা তৈয়াৰ কৰি ল’ব লাগে আৰু নলাৰ গভীৰতা হ’ব লাগে মাত্র ৩০ ছেঃ মিঃ (একফুট)। প্ৰতিটো নলাত জৈৱিক সাৰ বা গোৱৰ সাৰ সৰহকৈ প্রয়োগ কৰি মাটিৰে পূৰাব লাগে। পাছত বাছনি কৰা আলুবোৰ দুই মিটাৰ (৬০ ছেঃ মিঃ) ব্যৱধানত তৈয়াৰ কৰি থোৱা নলাবোৰত ৮-১০ ছেঃ মিঃ গভীৰতাত ৰোপণ কৰিব লাগে। নলাত আলুবোৰ ৰোৱাৰ উপযুক্ত সময় হৈছে ফেব্ৰুৱাৰী– মার্চ মাহ বা ফাগুন-চ’ত মাহ।

ভাতকেৰেলাৰ খেতিৰ বাবে প্ৰচুৰ পৰিমাণে গোৱৰ বা পচন সাৰ আৱশ্যক হয়। সাধাৰণতে গোৱৰ সাৰৰ পৰিমাণ হেক্টৰে (চাৰে সাত বিঘা) প্রতি ২০ টন, ইউৰিয়া সাৰ ১০০ কিঃগ্ৰাঃ, একক ছুপাৰ ফছফেট ২৪০ কিঃ গ্ৰাঃ আৰু মিউৰেট অব পটাচ সাৰ ৮০ কিঃগ্ৰাঃ অর্থাৎ বিঘাই প্রতি ২.৫ টন গোৱৰ, ১৩ কিঃগ্ৰাঃ ইউৰিয়া, ৩০ কিঃ গ্রাঃ ছুপাৰ ফচফেট ১০ কিঃগ্ৰাঃ মিউৰেট অব পটাছ সাৰ প্রয়োজন হয়। এই সাৰখিনিৰ সম্পূর্ণ ভাগ গোৱৰ, ছুপাৰ ফচফেট, পটাছ সাৰ আৰু আধাভাগ ইউৰিয়া সাৰ নলা প্রস্তুত কৰাৰ সময়ত প্রয়োগ কৰিব লাগে। আৰু বাকী থকা আধাভাগ ইউৰিয়া গছত জেং দিবৰ সময়ত অর্থাৎ গছ যেতিয়া চাঙত বগাবৰ হ’ব তেতিয়া প্রয়োগ কৰিব লাগে বা তাৰ এমাহৰ পাছলৈকে প্রয়োগ কৰিব পাৰি।

ভাতকেৰেলা শস্যত পুং পুষ্প আৰু স্ত্রীপুষ্পক দুজোপা বেলেগ বেলেগ গছত হয়। গৰ্ভধাৰণ হ’বৰ বাবে স্ত্রীপুষ্পৰ ওচৰত পুংপুষ্পৰ গছ থাকিব লাগে। গতিকে ভাতকেৰেলাৰ আৰু পটল শস্যত সঠিক পৰাগযোগ হৈ গৰ্ভধাৰণ কৰিবলৈ দহ জোপা স্ত্রীপুষ্প গছৰ মাজত এজোপা পুংপুষ্পৰ গছৰ আলু ৰোপণ কৰিব লাগে। ইয়াৰ বাবে পুংপুষ্পৰ গছবোৰ গছত ফুল ফুলি থকাৰ সময়ত বাছনি কৰি থব লাগে আৰু পাছত মাঘ-ফাগুন মাহত তাৰ পৰা আলুবোৰ খান্দি আনি মুল পথাৰত স্ত্রীপুষ্পৰ গছৰ লগত ৰোপণ কৰিব লাগে। সাধাৰণতে পুং পুষ্পজোপা দুশাৰী স্ত্রীপুষ্পৰ মাজত যথেষ্ট ব্যৱধানত অৰ্থাৎ ৬-৭ ফুটৰ (২ মিটাৰ) ব্যৱধানত ৰোপণ কৰিব লাগে আৰু তাত এটা খুঁটি পুতি ৰাখিব লাগে।

কাৰণ আহিন-কাতি মাহত গছ শুকাই মৰি গ’লে কোন জোপা পুংপুষ্প আৰু কোনজোপা স্ত্রীপুষ্প ধৰিব নোৱাৰা হয়। স্ত্ৰীপুষ্প আৰু পুংপুষ্পৰ চিন গছত ফুল পুলি থকা অৱস্থাতহে চিনাক্ত কৰিব পাৰি।

বসন্ত কালত মাটিৰ উপৰিভাগত পোখাবোৰ ওলোৱাৰ ১৫-২০ দিন পাছৰ পৰাই বাঁহৰ জেং বা গছৰ ডাল পুতি বগাবলৈ সুবিধা কৰি দি পাছত বাঁহৰ চাঙৰ ব্যৱস্থা কৰিব লাগে। এমাহ মানৰ পৰা গছৰ গুৰিৰ পৰা বন-বাতবোৰ আঁতৰাব লাগে। মাজে সময়ে হাউলি অহা আগ বা লতিবোৰ চাঙলৈ বা জেঙৰ মাজলৈ ঘূৰাই দিব লাগে।

ভাতকেৰেলা শস্য সাধাৰণতে এপিলেকানা বিটল পোকে পাতৰ ৰস শুহি খায় আৰু লগতে পাতৰ সেউজীয়া অংশ খায় আৰু পাতখিলা সিৰাবিলাকৰ সৈতে ডালৰ আকৃতি লয়। ইয়াৰ নিবাৰণৰ বাবে ক’লা চাধাৰ পানী বা গৰু মূতৰ মিশ্রণ ছটিয়াব লাগে। এই ব্যৱস্থাত নিৰাময় নহ’লে মালথিয়ন ৫০ ই চি দৰৱৰ ৩০ টোপাল একলিটাৰ পানীত মিহলাই ছটিয়াব লাগে। শস্যত লগা বৰল পোকৰ আক্ৰমণৰ পৰা নিবাৰণৰ বাবে মালাথিয়ন জুলীয়া দৰৱ ৩০ টোপাল এক লিটাৰ পানীত মিহলাই লগত অলপমান গুৰ মিহলাই ছটিয়াব লাগে। গছত মাইট পোকে আক্রমণ কৰিলে কেৰেথেন একগ্রাম এক লিটাৰ মিহলাই গছত ছটিয়াব লাগে। নতুবা নুভাক্রম ৩০ টোপাল একলিটাৰ পানীত মিহলাই ছটিয়াব লাগে। শস্যৰ মাজৰ কালছোৱাত পাতৰ উপৰিভাগত বগা বগা দাগ পৰি পাউদাৰী মালদিউ বেমাৰ হয়। ইয়াৰ নিবাৰণ বাবে দুই গ্রাম বেভিষ্টিন একলিটাৰ পানীত মিহলাই ছটিয়াব লাগে। শস্যত ৰাসায়নিক দৰৱৰ মিশ্রণ ব্যৱহাৰ কৰাৰ আগতে ছিঙিব লগা ফলবোৰ ছিঙি ল’ব লাগে। কাৰণ দৰৱ প্রয়োগ কৰা ৮-১০ দিনলৈ ফল ছিঙিব নেলাগে।

 

ননী খেতিৰ প্ৰাৰম্ভিক কথা-


অতীজৰ পৰা অসম এখন কৃষিপ্রধান ৰাজ্য। কৃষিৰ সৈতে কৃষকসকল ওতপ্রোতভাৱে জড়িত। কিয়নো এখন দেশ বা ৰাজ্য অর্থনৈতিকভাৱে টনকিয়াল হয় এই কৃষিৰ ওপৰত নিৰ্ভৰ কৰিয়েই। অসমৰ জলবায়ু উষ্ণ, আদ্রতাবিশিষ্ট হোৱাৰ বাবে চাহ খেতিৰ পৰা আৰম্ভ কৰি ধান, কুঁহিয়াৰ বিভিন্ন ধৰণৰ ফলমূল আৰু শস্যৰ খেতি অসমত ভাল হোৱা দেখা যায়। যদিও অসমৰ জলবায়ু কৃষিৰ বাবে অনুকূল তথাপি কৃষিভূমিৰ উৰ্বৰতা কমি যোৱা, কীটনাশকৰ উপযুক্ত ব্যৱহাৰ নজনা আৰু বৈজ্ঞানিক ভাবধাৰাৰ অভাৱত ব্যাৱসায়িক দিশত পর্যাপ্ত পৰিমানে উন্নতি হোৱা দেখা নাযায়। এনে ক্ষেত্ৰত কৃষকসকল নতুন কৃষি পদ্ধতিৰ প্ৰতি আগ্রহশীল হয় আৰু চৰকাৰৰ ফালৰ পৰাও বিভিন্ন সহায়-সহযোগিতা আৰু দিহা-পৰামর্শ বিচাৰে। কৃষকসকলৰ উন্নতি সাৰোগত কৰিয়েই বর্ষা অৰণ্য গৱেষণা প্রতিষ্ঠানে এবিধ নতুন ফলৰ বিষয়ে অসমবাসীৰ মাজত পৰিচয় বিচাৰিছে যিবিধ ফলৰ কৃষি কাৰ্যই কৃষকসকলক আর্থিকভাৱে স্বাৱলম্বী কৰে। তেনেকুৱা এবিধ ফলেই হৈছে ননী যাৰ বৈজ্ঞানিক নাম মৰিণ্ডা চাইট্ৰিফলিয়া। পুষ্টিকৰ গুণেৰে সমাহাৰ ঔষধিগুণ সম্পন্ন মৰিণ্ডা চাইট্ৰিফলিয়া (ননী) অসমৰ বাবে এবিধ নতুন ফল। এই ফলৰ উৎপত্তি স্থল হ’ল অষ্ট্রেলিয়া আৰু ইণ্ডোনেছিয়া। বৰ্তমান আন্দামান নিকোবৰ দ্বীপপুঞ্জত ননীগছ প্রাকৃতিকভাৱে পোৱা যায় আৰু মাত্ৰ কেইখনমান দক্ষিণ ভাৰতীয় ৰাজ্য কর্ণাটকত এই গছ পোৱা যায়। মুঠ ৮০টা প্রজাতিৰে গঠিত মৰিণ্ডা বর্তমান পৃথিৱীৰ প্ৰায় সকলো দেশতে উপলব্ধ আৰু ইয়াৰে ১২টা প্রজাতিহে ভাৰতত পোৱা যায়।

বর্ষা অৰণ্য গৱেষণা প্ৰতিষ্ঠানে অসমবাসীৰ বাবে ননী খেতি সম্পর্কে উন্নত মান বিশিষ্ট গুৰুত্বপূর্ণ পদক্ষেপ আগবঢ়াইছে আৰু লগতে কাৰিকৰী কৌশল প্রয়োগ কৰি ইয়াৰ পৰা প্ৰস্তুত সামগ্রী তৈয়াৰ কৰি উলিয়াইছে। ননী খেতি অসমৰ কৃষক বন্ধুসকলৰ বাবে এটা স্বাস্থ্য উপযোগী আৰু কম খৰচতে পাব পৰা খেতি যিটোৱে পথ অৱলম্বনৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ বৰঙনি আগবঢ়াইছে। পশুপালনৰ ক্ষেত্ৰতো ননীখেতিয়ে বিশেষভাৱে অৰিহণা আগবঢ়ায় কাৰণ ননীফল গাহৰিৰ প্রিয় খাদ্য।

কৃষকসকলৰ বাবে ননীখেতি অতি লাভজনক খেতি। এই ননীগছৰ সকলো অংশ (পাত, গা গছ, শিপা আদি) ঔষধি গুণসম্পন্ন। পলিনেচিয়া আৰু দক্ষিণ পূব এছিয়াৰ দেশবিলাকত ননীফলৰ ৰস কাহ, পানীলগা, বিষ, মেলেৰিয়া, উচ্চৰক্তচাপ, যকৃতৰ বেমাৰ, বৃক্কৰ বেমাৰ আদি ৰোগ আৰোগ্যৰ বাবে ব্যৱহাৰ কৰে। নেশ্যনেল মেডিচিনেল প্লেটন ব’ৰ্ডে ননীৰ এই ঔষধি গুণসমূহৰ বাবে ইয়াৰ খেতি কৰি উৎপাদন বঢ়াবৰ বাবে অনুমোদন জনাইছে। ননীগছত ১৯৬ বিধ পুষ্টিকৰ উপাদান নিহিত হৈ আছে যিবোৰ সুস্বাস্থ্যৰ বাবে অতি প্রয়োজনীয়। ননী গছত এণ্টি অক্সিডেণ্ট ধর্ম, কর্কটৰোগ প্ৰতিৰোধক যৌগ, বহু ভিটামিন, এমিন’ এচিড আৰু বহুমূত্ৰৰোগ প্ৰতিৰোধক যৌগ পোৱা যায়। ননীৰ প্ৰস্তুত সামগ্রীৰ চাহিদা এখন বিশাল বজাৰৰ সম্ভাৱনীয়তা আছে। বর্তমান ননীজুচ, কেপচুল, ননীক্ৰীমৰ চাহিদা অধিক আৰু অতি দামী। প্রতি ৮০০ মিলি লিটাৰ ননীজুচৰ মূল্য ১৫০০ টকা আৰু বিভিন্ন অনুপাতে ইয়াক বহুমূত্র, জণ্ডিজ, উচ্চ ৰক্তচাপ, কর্কটৰোগ আদি বেমাৰৰ স্বাস্থ্যবর্ধক হিচাপে ব্যৱহাৰ কৰা হয়। অলপতে বর্ষা অৰণ্য গৱেষণা প্রতিষ্ঠানে উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্য অসম, মিজোৰাম আৰু ত্ৰিপুৰাত এই গছৰ খেতিৰ পৰিচয় ঘটাইছে আৰুত চমকপ্ৰদ সাফল্য দেখুৱাবলৈ সমক্ষ হৈছে।

ননী এবিধ চিৰসেউজীয়া, বহুবর্ষীয়, গুল্মজাতীয় গছ। ইয়াৰ আন এটা নাম ইণ্ডিয়ান মালবেৰি। প্রাপ্তবয়স্ক গছবোৰৰ উচ্চতা ১০ মিটাৰ পর্যন্ত হয়। ইয়াৰ গা গছবোৰৰ ঘেৰ ১২ ৰ পৰা ১৫ চেঃ মিঃ বা তাতোকৈ বেছি হয়। বাহ্যিক গঠন অনুযায়ী ননী গছৰ পাত সেউজীয়া, ফুলবিলাক বগা, ফলবোৰ সেউজ হালধীয়া ৰঙৰ আৰু মঙহাল হয়। ফলবিলাক পকিলে মাখন বগা বৰণৰ আৰু কোমল হয়। ফলৰ আৱৰণ মিহি আৰু ভাগ ভাগ থকা। পুৰঠ অৱস্থাত ফলবিলাক নচপালে সৰি পৰে আৰু ফল পকিলে অতি বেয়া গোন্ধায়। বীজবোৰ মুগা বৰণৰ শিৰ থকা কোণীয়া আৰু এবছৰলৈ ব্যৱহাৰৰ বাবে উপযুক্ত হৈ থাকে।

ঔষধিগুণ সম্পন্ন এই ননীগছে ৰোৱাৰ ৮-১০ মাহৰ ভিতৰতে ফুল ফুলিবলৈ আৰম্ভ কৰে। অসমৰ জলবায়ুত ফুল-ফল লগাৰ উপযুক্ত সময় এপ্রিলৰ পৰা নৱেম্বৰ মাহলৈকে। সমীক্ষাৰ পৰা জনা গৈছে যে গছবোৰ ৭-৮ বছৰলৈকে ভাল ফল দিয়ে আৰু ৪০-৫০ বছৰ পর্যন্ত উৎপাদনক্ষম হৈ জীয়াই থাকে। অসমত ফল লগাৰ সময়ত বছৰি ৬–৭ বাৰতকৈ বেছি ফল পাব পাৰি।

ননীগছৰ বংশবিস্তাৰ প্ৰসাৰণ

ননী গছৰ গুটি গজালি উলিয়াই বা কাণ্ড কলমৰ দ্বাৰা প্ৰসাৰণ কৰা হয়। বীজৰ পৰা প্ৰসাৰণ কৰিবলৈ ৬-১২ মাহ সময় লাগে। কিন্তু কাণ্ড কলম কৰি প্ৰসাৰণ কৰিবলৈ মাত্র ১-২ মাহ সময় লয়। যদিও কাণ্ড কলম কৰি ইয়াৰ প্ৰসাৰণ সোনকালে পাব পাৰি তথাপি এই কলম কৰি ৰোৱা গছবিলাক শক্তিশালী বা ৰোগ প্ৰতিৰোধ কৰিব পৰা বিধৰ নহয়। ইয়াৰ গা-গছজোপা বা শাখা প্রশাখাবিলাক ফল লগাৰ সময়ত হালি বা ভাগি যাব পাৰে। এই গছৰ মজলীয়া টানবিশিষ্ট কাণ্ডবোৰ ৫-৭ চেঃমিঃ ব্যাসযুক্ত, ১২-১৪ চে:মিঃ দৈর্ঘ্য আৰু ২-৩ টা বিশিষ্ট অংগজ সম্প্রসাৰণৰ বাবে নির্বাচিত কৰা হয়। ইণ্ডল বিউটাৰিক এচিডৰ ৮০০ পি এমৰ দ্ৰব্য বনাই তাত ১৫-৩০ ছেকেণ্ড কলম দিয়া কাণ্ডবোৰ ডুবাই ৰাখিব লাগে। এইদৰে ডুবাই ৰখাৰ পাছত কাণ্ডবোৰ ৰোপণ কৰিলে। ৩—৪ সপ্তাহৰ ভিতৰতে শিপা আৰু কাণ্ড ওলোৱা দেখা যায়। ৯০-১২০ দিনৰ পুৰণি বীজপুলিবিলাক আৰু কলম কৰা কাণ্ডবোৰ ননীখেতিৰ বাবে প্রস্তুত কৰা মূল পথাৰলৈ নিব পাৰি। মে’ৰ পৰা জুলাই মাহলৈকে ননী পুলি ৰোপণ আৰু কলম কৰা কাণ্ডৰোপণৰ উত্তম সময়।

বীজ সংগ্ৰহ আৰু সংৰক্ষণ

গছতেই পৈণত হোৱা কোমল বগা বৰণৰ ফলবোৰহে বীজৰ বাবে ৰখা হয়। বীজবোৰ ফলৰ মঙহাল অংশৰ পৰা এৰুৱাই যদি ভালকৈ ধুই ৰখা হয় এক কেজি ফলৰ পৰা প্রায় ২০০ গ্রাম পৰিষ্কাৰ বীজ পোৱা যায়। ননী বীজবোৰ মুগা ৰঙচুৱা বৰণৰ। ত্রিকোণীয়া আৰু চেপেটা হয়। বীজবোৰৰ আৱৰণটো বৰ টান আৰু ডাঠ হয়। এটা পৈণত ননী ফলত এশতকৈ বেছি বীজ থাকে। এই বীজবোৰ তিনি-চাৰি দিন শুকুৱাই বায়ু সোমাব নোৱাৰা বটলত সোমোৱাই সংৰক্ষণৰ বাবে ৰাখিব লাগে। এইদৰে বটলত সুমুৱাই ৰখা বীজবোৰৰ অংকুৰৰ হাৰ ৬৫-৯০ শতাংশ। বীজবিলাক ৮০০ পি পি এম জিৱাৰেলিক এচিডৰ ট্রিটমেণ্ট দিলে বিশ-ত্রিশ দিনৰ ভিতৰত বীজবোৰ অংকুৰিত হয়। শীতকালতকৈ গ্ৰীষ্মকালত অংকুৰণ হাৰ বৃদ্ধি পায়। বীজ সিচিবৰ বাবে উদ্যান বিচনাবিলাক বালি, মাটি আৰু পচন সাৰ ১:২:১ অনুপাতত উপযুক্তভাৱে বিবেচিত হয় আৰু সেই কাৰণে বীজ সিঁচাৰ আগেয়ে এই উদ্যান বিচনাবিলাক প্রস্তুত কৰি ল’ব লাগে। ননী বীজবিলাকৰ পৰা অংকুৰিত হোৱা ননী সৰু পুলিবিলাক ত্রিশ দিনৰ পাছত ১:১:১ অনুপাতত মাটি, বালি আৰু পচনসাৰ মিহলি কৰি ৰখা পলিবেগবোৰলৈ পৰিৱর্তিত কৰিব লাগে।

উৎস-অসম বাণী।

 

2.95652173913
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top