অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি কথা

কৃষি কথা লিখা হৈছে

হালধি খেতিৰ শস্য সুৰক্ষাঃ

 

মচলা তথা বহুতো গুণেৰে পূৰ্ণ হালধি খেতিৰ বাবে ওখ, সহজে পানী ওলাই যাব পৰা বালিচহীয়া মাটি প্ৰয়োজন। ইয়াক আক্ৰমণ কৰা কীট-পতংগ আৰু বেমাৰ-আজাৰবোৰ তলত আলোচনা কৰা হ’ল।

কীট-পতংগঃ

মজাখোৱা পোকঃ এই পোক ৰঙচুৱা মুগা বৰণৰ আৰু দেহত ক’লা দাগ থকা পলুবোৰে হালধি গছৰ মুখ্য ডাল ফুটা কৰি ভিতৰলৈ সোমায় যায় আৰু ভিতৰৰ মজ্জা অংশ খাই পেলায়। ইহঁতৰ পখিলাবোৰ কমলা-হালধীয়া বৰণৰ হোৱা দেখা যায়। প্ৰতিকাৰ হিচাপে আক্ৰান্ত গছবোৰ উভালি আনি ধ্বংস কৰি পেলাব লাগে আৰু ৰগৰ নামৰ ঔষধ ১ মিলিলিটাৰ ঔষধ প্ৰতিলিটাৰ পানীৰ হিচাপত মিহলাই গছত স্প্ৰে’ কৰিব লাগে।

পাত মেৰিওৱা পোকঃ এই পোকে পাতৰ ৰস শুহি খায়। ই পাতবিলাকক লগ লগাই একোটাহঁত চুঙাৰ দৰে কৰি দিয়ে আৰু এই পাতৰ চুঙাৰ ভিতৰতে থাকি পাতবিলাক অনিষ্ট কৰে। এই পাতবোৰ লেৰেলি পাছলৈ শুকাই যোৱা দেখা যায়। প্ৰতিকাৰ হিচাপে ৰগৰ নামৰ ঔষধ ১ মিলিলিটাৰ প্ৰতিলিটাৰ পানীৰ হিচাপত বা কুইনালছছ ২৫টা ঔষধৰ ১ মিলিলিটাৰ প্ৰতিলিটাৰ পানীৰ হিচাপত মিহলাই গছত প্ৰয়োগ কৰিব লাগে।

বেমাৰ-আজাৰঃ

ৰাইজম পচা ৰোগঃ এই মাৰাত্মক বেমাৰবিধৰ লক্ষণ হিচাপে আৰম্ভণিতে পাতবোৰ পাতল সেউজীয়া বৰণৰ হয় আৰু পাতৰ আগবোৰ হালধীয়া হৈ শুকাই যায়। ক্ৰমে তলৰফালৰ পাতবোৰ শুকাই যোৱা দেখা যায়। গা-গছজোপা টানি দিলেই সহজতে উভাল খাই আহে। আক্ৰান্ত গছত লগা হালধিবোৰ কোমল হৈ পৰে আৰু এইবোৰক হেঁচি দিলে চেপেটা হৈ পৰে। শেষলৈ হালধিৰ ভিতৰৰ অংশ পচি যায়। পথাৰতে হোৱা ৰোগৰ কাৰ্য ভঁৰালত থোৱাৰ পাছতো অব্যাহত থাকি ক্ষতিসাধন কৰে। প্ৰতিকাৰ হিচাপে খেতি কৰা ঠাইত পানী জমা হ’ব দিব নালাগে। বীজ শোধন কৰিবৰ বাবে হালধি ৰোৱাৰ আগতে ৰাইজ’মবোৰ ইন্দোছিল এম-৪৫ নামৰ ঔষধৰ ৩ গ্ৰাম এক লিটাৰ পানীত মিহলাই প্ৰস্তুত কৰা মিশ্ৰণত ৪৫ মিনিট সময় তিয়াই শোধন কৰি ছাঁত শুকাই ৰোপণ কৰিব লাগে। বায়ফৰ পি এফ-২ নামৰ জৈৱিক ঔষধেৰে শোধন কৰি ১০ কিলোগ্ৰাম প্ৰতি কুইণ্টল ৰাইজ’ম হিচাপত মিহলাই বা মূল পথাৰতো প্ৰতি হেক্টৰত ১০০ কিলোগ্ৰাম হিচাপে প্ৰয়োগ কৰি সুফল পাব পাৰি। আক্ৰান্ত খেতিডৰাত ইন্দোছিল এম ৪৫ নামৰ ঔষধৰ ৩ গ্ৰাম প্ৰতিলিটাৰ পানীৰ হিচাপত মিহলাই মাটিত ভালকৈ তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে।

পাতত ক’লা দাগ পৰা ৰোগঃ এই ৰোগত প্ৰতিটো দাগ সৰু সৰু হয় আৰু সিৰাবোৰৰ কাষে কাষে শাৰী পাতি থাকে। পাছলৈ দাগবোৰ দীঘলীয়া হৈ পৰে আৰু পাতবোৰ ৰঙচুৱা মুগা হৈ শুকাই যায়। প্ৰতিকাৰ হিচাপে ১ শতাংশ শক্তিযুক্ত বৰড’ মিশ্ৰণ ১৫ দিনৰ ব্যৱধানত ৩-৪ বাৰ প্ৰয়োগ কৰিব লাগে।

পাতত দাগ পৰা ৰোগঃ এই ৰোগত পাতত মুগা বৰণ, ঐক্যকেন্দ্ৰিক ক’লা বলয়ে আগুৰি থকা অসংখ্য দাগ দেখা যায়। প্ৰতিকাৰ হিচাপে ইন্দোছিল এম ৪৫ নামৰ ঔষধৰ ৫ গ্ৰাম প্ৰতি দুই লিটাৰ পানীৰ হিচাপত মিহলাই ১০-১৫ দিনৰ মূৰে মূৰে স্প্ৰে’ কৰিব লাগে। ১ শতাংশ শক্তিৰ বৰড’ মিশ্ৰণ প্ৰয়োগ কৰিও সুফল পাব পাৰি।

(উৎসঃ খবৰ, ভাৰত চন্দ্ৰ নাথ)।

কৃষি বিশেষজ্ঞৰ পৰামৰ্শঃ

 

আত্মসংস্থাপনৰ উদ্দেশ্যে বিজ্ঞানসন্মত পদ্ধতিৰে কৃষি কাৰ্যত মনোনিৱেশ কৰাৰ প্ৰয়োজন হৈছে। বৰ বিশেষ আৰ্থিক হেঁচা নোহোৱাকৈ গ্ৰহণ কৰিব পৰা আত্মসংস্থাপনৰ সহজ পথ হৈছে কৃষি। এই কৃষি বুলি কওঁতে বিভিন্ন শস্যৰ খেতিৰ লগতে পশুপালন, মৎস্যপালন, মৌপালন আদিৰ কথাও কোৱা হৈছে। বৰ্তমান পৰিস্থিতিত পশুপালন আৰু মাছপালন অত্যন্ত লাভজনক ব্যৱসায় হিচাপে পৰিগণিত হৈছে। পশুপালন আৰু মীনপালনৰ বাবে চৰকাৰেও বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে।

-  পশুপালনৰ ভিতৰত গৰু আৰু ম’হপালন অত্যন্ত লাভজনক ব্যৱসায়। অৱশ্যে গাখীৰ উৎপাদনেৰে লাভজনকভাৱে ব্যৱসায় কৰিবলৈ হ’লে গৰু অথবা ম’হৰ পামখন বিজ্ঞানসন্মতভাৱে পৰিচালনা কৰিব লাগিব।

-  কণী আৰু মাংস উৎপাদনৰ বাবে হাঁহ-কুকুৰা পালন অসমৰ এক প্ৰাচীন পৰম্পৰা। অধিক কণী উৎপাদনক্ষম উন্নত জাতৰ হাঁহ আৰু কুকুৰা, মাংসৰ বাবে ব্ৰয়লাৰ কুকুৰা আৰু ব্ৰয়লাৰ হাঁহ, চীনা হাঁহ আদি ব্যৱসায়িক ভিত্তিত পালন কৰিলে লাভ নিশ্চয় হ’ব।

-  ছাগলী আৰু ভেড়া পালনৰ উপযুক্ত পৰিৱেশ অসমত আছে। ছাগলী আৰু ভেড়া পালন কৰি ৰাজ্যখনৰ একাংশ যুৱক-যুৱতীয়ে আত্মসংস্থাপনৰ পথেৰে আগবাঢ়িছে।

- মাছপালন হ’ল আন এবিধ লাভজনক ব্যৱসায়। উন্নত প্ৰণালীৰে পুখুৰীত মাছপালন কৰিলে লাভ নোহোৱাৰ কোনো কাৰণ নাই।

কথাবোৰ অলপ দকৈ চিন্তা কৰি কামত আগবাঢ়কচোন। কৃষিৰ জৰিয়তে আত্মসংস্থাপনৰ সুন্দৰ পথ এটা নিশ্চয় বিচাৰি পাব।

(উৎসঃ খবৰ)।

আত্মসংস্থাপনৰ বাবে গাহৰি পালনঃ

 

পশুপালন অসমৰ জনজীৱনৰ এক অবিচ্ছেদ্য অংগ। ঘৰৰ চৌহদত ঘৰচীয়া বা পোহনীয়া জন্তুৰ উপস্থিতিক, সম্ভাৰ, সৌষ্ঠৱ আৰু সন্মানৰ প্ৰতীক হিচাপে গণ্য কৰা কথাটো আমাৰ সকলোৱে নিশ্চয় সহজেই অনুমান কৰিব পাৰে। বিভিন্ন পোহনীয়া জন্তুবোৰৰ ভিতৰত গাহৰি পালন এনে এটা বিষয়, য’ত আমাৰ গ্ৰাম্য জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত লোকসকলে যথেষ্ট উন্নতি লাভ কৰিছে বুলি সহজেই দাবী কৰিব পাৰি।

গাহৰি পালন এক অতি লাভজনক ব্যৱসায়। অতীজৰে পৰা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন জনগোষ্ঠীয়ে গাহৰি পালনৰ যোগেদি ভাৰতবৰ্ষৰ ভিতৰতে এক সুকীয়া স্থান দখল কৰি আছে। শেহতীয়া পৰিসংখ্যা মতে ইয়াত ২.০৩৩ নিযুত গাহৰি আছে। অৰ্থাৎ দেশখনৰ ৬ ভাগৰ ১ অংশ গাহৰি অকল উত্তৰ-পূৰ্বাঞ্চলতে আছে। অসমত গাহৰি পালনৰ বাবে সুবিধাও বহুত। ইয়াৰ সুবিধাসমূহ নিম্নোক্ত ধৰণে বৰ্ণনা কৰিব পাৰি।

বজাৰ চাহিদাঃ

উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ অধিকাংশ লোকেই গাহৰিৰ মাংস খায়। সেয়েহে ইয়াৰ বাবে এখন বৃহৎ বজাৰ আছে। এই বজাৰ ক্ৰমে বৃদ্ধি পোৱাটোও সন্তোষৰ কথা।

জলবায়ুঃ

অসমৰ জলবায়ু গাহৰি পোহাৰ উপযোগী।

ব্যয়ঃ

গাহৰি পালনৰ বাবে ব্যয়বহুল ঘৰৰ কোনো প্ৰয়োজন নহয়। থলুৱা সামগ্ৰীৰে অতি কম খৰচতে গাহৰি ৰখা ঘৰ সাজিব পাৰি।

খাদ্যঃ

গাহৰিয়ে খাদ্যৰ বাবে অন্য জীৱ-জন্তুৰ সৈতে প্ৰতিযোগিতা কৰিবলগীয়া নহয়। আন জীৱ-জন্তুৰ বাবে ব্যৱহাৰ নোহোৱা পেলনীয়া খাদ্যবস্তুৰ অধিকাংশই গাহৰিৰ খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি।

বৃদ্ধিঃ

গাহৰি কম দিনৰ ভিতৰতে বাঢ়ি অহা জন্তু। তদুপৰি এজনী গাহৰিয়ে ১২ মাহৰ ভিতৰতেই গৰ্ভধাৰণ কৰিব পৰা অৱস্থা পায় আৰু এবাৰত ই ৮-১২টা পোৱালি জগায়। সেয়েহে সোনকালেই ইয়াৰ পৰা আয় আশা কৰিব পাৰি।

শ্ৰম ব্যয়ঃ

বৈজ্ঞানিক পদ্ধতিৰে গাহৰি পাম কৰিলে শ্ৰম ব্যয় কম হয়। ফলত গৰু বা ম’হ পালনৰ তুলনাত শ্ৰমিকৰ মজুৰিৰ বাবদ কম খৰচতে গাহৰি পালন কৰিব পাৰি।

কাৰিকৰী দক্ষতাঃ

গাহৰি পালনৰ বাবে বৰ বেছি উচ্চমানৰ কৌশলৰ প্ৰয়োজন নহয়। মাত্ৰ পালকজনৰ গাহৰিবিলাক চোৱা-চিতা কৰাৰ বাবে সামান্য ব্যৱহাৰিক জ্ঞান থাকিব লাগে।

এককালীন ব্যয়ঃ

গাহৰি পালনত এবাৰ মাত্ৰ মূলধন ব্যয় কৰিলেই একেৰাহে উৎপাদন পাই থাকিব পাৰি।

বংশ বৃদ্ধিঃ

গাহৰিয়ে একেবাৰতে কেইবাটাও পোৱালিৰ জন্ম দিয়ে। গতিকে অতি সহজেই সিহঁতৰ বংশ বৃদ্ধি হয়। তদুপৰি পালন কৰিব লোৱাৰ প্ৰথম বছৰতেই এই ফল পোৱা দেখা যায়।

এই সুবিধাবোৰৰ কাৰণেই অসমত গাহৰি পালন আজি এক জনপ্ৰিয় ব্যৱসায়। আৰ্থিক লাভ বা নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰতেই নহয়, বৰং সামূহিক পুষ্টিহীনতাৰ বিপক্ষেও ই এক দৃঢ় পদক্ষেপ। পৃথিৱীৰ কেইবাখনো উন্নয়নশীল দেশত গাহৰিক বৰদান হিচাপে গণ্য কৰা হয়। সঠিক, সু-পৰিকল্পিত আৰু সু-সংহত গাহৰি পালনে আমাৰ ৰাজ্যখনতো আৰ্থিক বা সামাজিকভাৱে পিছপৰা লোকসকলৰ দ্ৰুত উন্নতি সাধন কৰাৰ উপৰি সামাজিক উন্নয়ন আৰু নিবনুৱা সমস্যাৰ সমাধানত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে।

(উৎসঃ খবৰ)।

নিজ ঘৰতে নাৰ্ছাৰী খুলি স্বাৱলম্বী আনন্দ বজাৰৰ যুৱকঃ

 

নিজ গৃহতেই নাৰ্ছাৰী খুলি স্বাৱলম্বিতাৰ পথ দেখুৱাইছে বাগছাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আনন্দ বজাৰৰ গাতে লাগি থকা পূব ইটাখোলা গাঁৱৰ ৰতন দাস নামৰ যুৱকজনে প্ৰায় ৮ বছৰ পূৰ্বে গঢ়ি তোলা নাৰ্ছাৰীখনত বিভিন্ন প্ৰকাৰৰ ফুলৰ লগতে আছে আম, কঁঠাল, লিচু, ডালিমকে ধৰি ভিন ভিন ফলৰ গছপুলি। অসমৰ গুৱাহাটী, ধুবুৰী, তেজপুৰ, বাইহাটা চাৰিআলি পৰ্যন্ত বিক্ৰীৰ বাবে লৈ যোৱা গছপুলিবোৰৰ পৰা যুৱক ৰতন দাসে যথেষ্ট লাভৱান হোৱা বুলি উল্লেখ কৰি পৰিয়াল পৰিচালনাতো কোনো ধৰণৰ অসুবিধা নাই পোৱা বুলি জানিবলৈ দিয়ে। সম্প্ৰতি ৮-৯ জন কৰ্মী নাৰ্ছাৰীখনৰ কাম-কাজৰ দায়িত্বত আছে। কঠোৰ পৰিশ্ৰম কৰিও নাৰ্ছাৰী খুলি যথেষ্ট সুখী অনুভৱ কৰা কৰ্মঠ যুৱক ৰতন দাসে কিন্তু এতিয়ালৈ এপইচাও চৰকাৰী সাহায্য লাভ কৰা নাই। তেওঁ কয়- ‘চাকৰিৰ পিছে পিছে দৌৰি হাবাথুৰি খোৱাতকৈ এনেদৰে স্বাৱলম্বী হৈ চলাৰ সুবিধা কৰি ল’ব পাৰি আৰু সুখী হ’ব পাৰি’।

(উৎসঃ খবৰ)।

ৰাষ্ট্ৰীয় মীনপালক দিৱসৰ প্ৰাসংগিকতাঃ

 

মীনপালন তথা মীন খণ্ডৰ লগত জড়িত সকলোৰে বাবে ১০ জুলাই তাৰিখটো এটা গুৰুত্বপূৰ্ণ দিন। কিয়নো প্ৰতিবছৰে ১০ জুলাই তাৰিখটো সমগ্ৰ দেশতে উদযাপিত হয় ৰাষ্ট্ৰীয় মীন পালক দিৱস হিচাপে। ১৯৫৭ চনৰ এই দিনটোতে সূচনা হৈছিল ভাৰতীয় মৎস্য ইতিহাসৰ এক সোণালী অধ্যায়। প্ৰখ্যাত মীন বিজ্ঞানী ড হীৰালাল চৌধুৰীয়ে ওড়িয়া আঙ্গুল মীন পামত সংশ্লিষ্ট তত্ত্বাৱধায়ক বিষয়া ড কে এইচ আলিকুহনিৰ বিশেষ সহযোগত এই দিনটোতে বহুদিনীয়া বিৰামহীন গৱেষণাৰ ফলত কাৰ্প জাতীয় মাছৰ আবিষ্ট প্ৰজননৰে মাছৰ পোনা উৎপাদন সম্ভৱ কৰি তোলে। প্ৰথমতে লাচিম ভাঙন মাছত এইদৰে পোনা উৎপাদন সম্ভৱপৰ হৈছিল আৰু পৰৱৰ্তী সময়ত ভাৰতীয় আৰু বিদেশী মূলৰ আন মাছসমূহতো আবিষ্ট প্ৰজনন সম্ভৱ হৈছিল। এই কৌশলত মাছৰ মস্তিষ্কৰ তলিভাগৰ পৰা সংগ্ৰহ কৰা পিটুইটাৰী গ্ৰন্থিৰ প্ৰৰস প্ৰস্তুত কৰি এক নিৰ্দিষ্ট বেজীৰে মাছৰ দেহত প্ৰয়োগ কৰি আবিষ্ট প্ৰজনন সংঘটিত কৰা হয়। আবিষ্ট প্ৰজননৰ সফলতাই দেশৰ মীন খণ্ডক বাৰুকৈয়ে সমৃদ্ধিশালী কৰি তোলে। ফলশ্ৰুতিত মীন পালকসকলে পোনাৰ বাবে কেৱল প্ৰকৃতিৰ ওপৰতেই নিৰ্ভৰ কৰি থাকিব লগা সমস্যাৰ অৱসান ঘটিল আৰু সঠিক সময়ত সঠিক জোখৰ নিৰ্দিষ্ট প্ৰজাতিৰ পোনা থাওকতে উপলব্ধ হ’ল। দেশৰ বিভিন্ন প্ৰান্তত ভালেকেইটা পোনা উৎপাদন কেন্দ্ৰ গঢ়ি উঠিল আৰু ক্ৰমাৎ প্ৰায়বোৰ অঞ্চলতে মীন পোনাৰ সমস্যাটো জোৰা মাৰিব পৰা অৱস্থা হ’ল। লগে লগে ন ন ব্যক্তি-প্ৰতিষ্ঠান-উদ্যোগী আদি মীন পালনৰ প্ৰতি আগ্ৰাহন্বিত হ’ল আৰু ফলশ্ৰুতিত মীন পালনে এক নতুন গতি লাভ কৰে। সেয়েহে ১৯৫৭ চনৰ মুঠ অন্তৰ্দেশীয় মীন উৎপাদন অলৱণীয় পানীৰ মাছ উৎপাদন ২.৫ লাখ মেট্ৰিক টনৰ বিপৰীতে আজি এই অংকটো প্ৰায় ৭ নিযুত মেট্ৰিক টন। দেশৰ মুঠ মৎস্য উৎপাদন ১০.৭০ নিযুত মেট্ৰিক টন। ই কি সূচায় ? উল্লেখযোগ্য যে মীন খণ্ডই এক বুজন সংখ্যক অৰ্থনৈতিক অনগ্ৰসৰ আৰু উৎসবিহীন জনসাধাৰণক প্ৰত্যক্ষ বা পৰোক্ষভাৱে নিয়োগ সম্ভাৱনীয়তাৰ সুযোগ দিছে। আজি প্ৰায় ৩০,৪২১ কোটি মূল্যৰ প্ৰায় ১০ লাখ টন মৎস্য বা মৎস্য উৎপাদিত সামগ্ৰী বছৰেকত ৰপ্তানি হয়। ই দেশৰ মুঠ ৰপ্তানিৰ ৫ শতাংশ আৰু কৃষি খণ্ডৰ ৰপ্তানি ২৭ শতাংশ। মীন খণ্ডই দেশৰ মুঠ ঘৰুৱা উৎপাদনত ০.৯২ শতাংশ আৰু কৃষি খণ্ডৰ মুঠ ঘৰুৱা উৎপাদনত ৫.৫৮ শতাংশ বৰঙণি যোগাব সক্ষম হৈছে। অন্তৰ্দেশীয় মৎস্য উৎপাদনত চীনৰ পাছতেই আমাৰ স্থান আজি দ্বিতীয়।

১৯২১ চনৰ ২১ নৱেম্বৰত জন্ম লাভ কৰা ড চৌধুৰীয়ে ১৯৫৫ চনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ঔবাম বিশ্ববিদ্যালয়ৰ পৰা মীন ব্যৱস্থাপনা বিষয়ত স্নাতকোত্তৰ আৰু ১৯৬১ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি সন্মান অৰ্জন কৰে। পোনতে চিলেট মহাবিদ্যালয়ত প্ৰবক্তা আৰু পৰৱৰ্তী সময়ত ভাৰতীয় পশু গৱেষণা প্ৰতিষ্ঠানত গৱেষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পাছলৈ মীন বিষয়ক গৱেষণাত মনোনিৱেশ কৰে। ১৯৪৮ চনত কেন্দ্ৰীয় অন্তৰ্দেশীয় মীন গৱেষণা প্ৰতিষ্ঠানত কাৰিকৰী বিষয়া হিচাপে কৰ্মত যোগ দি মীন সম্পৰ্কীয় বিশেষকৈ মৎস্য প্ৰজনন সম্পৰ্কীয় গৱেষণাত মনপুতি লাগি পৰে। তেওঁ ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংগঠন, ‘SEAFDEC’, ফিলিপাইন বিশ্ববিদ্যালয় আদি সন্মানীয় অনুষ্ঠানত উচ্চ মৰ্যাদাৰে সেৱা আগবঢ়োৱাৰ উপৰি মালয়েছিয়া, ছুডান, ৰাছিয়া আদি দেশতো তেওঁ সুখ্যাতিৰে সেৱা আগবঢ়াইছিল। উল্লেখযোগ্য যে SEAFDEC-ত থকাকালীন সময়ত তেওঁ ঈষৎ লৱণীয় পানীৰ অতি চাহিদাযুক্ত দুগ্ধ মাছ (Chanos chanos) বা Milkfish-ৰো সফল আবিষ্ট প্ৰজনন সম্ভৱপৰ কৰি মৎস্য খণ্ডলৈ আন এক অৱদান আগবঢ়ায়। দেশৰ বাবেই গৌৰৱ যে ১৯৭৫ চনত Pacific Science Congress-ৱে চৌধুৰীক আবিষ্ট প্ৰজননৰ পিতৃ উপাধিৰে সন্মানিত কৰে। বিশ্বৰ প্ৰায় ৯০ খনৰো অধিক বিশ্ববিদ্যালয়ে তেওঁক যাচিছে সন্মানীয় ডক্টৰেট উপাধি। তদুপৰি ‘চন্দ্ৰ কলা হোৰা’ সোণৰ পদক, ৰফি আহমেদ কিডৱাই বঁটা আদিৰে সন্মানিত ড চৌধুৰীক ভালেমান আন্তৰ্জাতিক সংস্থাই যাচিছে সন্মানীয় সদস্য পদ আৰু কলিকতা বিশ্ববিদ্যালয়ে প্ৰতিষ্ঠা কৰিছে তেওঁৰ নামত আসন। মাছৰ আবিষ্ট প্ৰজনন বিষয়ক তেওঁ প্ৰস্তুত কৰা তথ্যচিত্ৰখনে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সোণৰ পদক, জাৰ্মানীৰ ‘Silver bear’ পুৰষ্কাৰ আৰু ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ শ্ৰেষ্ঠ তথ্যচিত্ৰৰ পুৰষ্কাৰ আজুৰি আনিবলৈ সক্ষম হৈছিল। ২০১৪ চনৰ ১২ ছেপ্তেম্বৰ ৯৩ বছৰ বয়সত এই বিশিষ্ট বিজ্ঞানীজনৰ দেহাৱসান ঘটে।

চৌধুৰীৰ সফলতাৰ আধাৰত মীন প্ৰযুক্তিৰ বিকাশ ঘটি আজি গ্ৰাম্য অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। অসমতো মৎস্য উৎপাদন আৰু মীন পোনা উৎপাদন ক্ৰমাৎ বৃদ্ধি পাইছে। অসমতো পৰৱৰ্তী সময়ত এটা-দুটাকৈ মীন পোনা উৎপাদন কেন্দ্ৰ স্থাপন হৈ বৰ্তমান ৩৯১টা মীন পোনা উৎপাদন কেন্দ্ৰ কাৰ্যক্ষম হৈ আছে। এইসমূহ ৫০০ সংখ্যক হাপাৰ জৰিয়তে পোনা উৎপাদনকাৰীৰ মুঠ উৎপাদন ৬৭৫৮ নিযুত ফ্ৰাই পোনা। দেশৰ ভিতৰতে এই স্থান চতুৰ্থ। ৰাজ্যত মৎস্য উৎপাদনো আশাতীতভাৱে বাঢ়ি বিগত বৰ্ষত ৩০৭ নিযুত কিলোগ্ৰাম হৈছেগৈ। দেশৰ ভিতৰতে এই স্থান দ্বাদশ। অৱশ্যে আমাৰ ৰাজ্যখনত এতিয়াও চাহিদা অনুপাতে যোগান সুনিশ্চিত কৰিবলৈ আৰু অধিক উৎপাদনৰ থল আছে। সেয়েহে মৎস্য উৎপাদনৰ প্ৰাৰম্ভিক পূৰ্বচত্ত গুণগত মানৰ মীন পোনা উৎপাদনৰ ওপৰত গুৰুত্ব দিব লাগিব। মীন পোনা উৎপাদক, মীন পালক, অনা-চৰকাৰী সংস্থা আৰু সৰ্বোপৰি জনসাধাৰণ একেলগে আগবাঢ়ি আহিলেহে এইটো সম্ভৱ হ’ব। বিশেষকৈ অপৈণত মাছক হৰম’ন বেজী প্ৰয়োগেৰে আবিষ্ট প্ৰজনন ঘটোৱা, গাভিনী মাছ প্ৰতিপালনৰ বিহিত ব্যৱস্থাপনা নকৰা, একে পৰিয়ালৰ মতা-মাইকী মাছৰ প্ৰজনন ঘটোৱা, বিভিন্ন প্ৰজাতিৰ মাছক একেটা প্ৰজনন কক্ষত একেলগে একে সময়তে প্ৰজনন কৰোৱা আদি কাৰ্যকলাপ বন্ধ কৰিব লাগিব। ইতিমধ্যে কিছু সচেতনতা দেখা গৈছে যদিও আৰু অধিক কৰণীয় অস্বীকাৰ কৰিব নোৱাৰি। ৰাজ্যখনত গুণগত মানৰ মীন পোনাৰ যোগান সুনিশ্চিত কৰিবলৈ দেশৰ ভিতৰতে প্ৰথমবাৰলৈ অসম মীন পোনা আইন, ২০০৫ আৰু অসম মীন পোনা নীতি, ২০১০ বলবৎ কৰা হৈছে। এই আইন মৰ্মে পোনা উৎপাদকসকলে বিভাগীয় বিধি-বিধান মৰ্মে পোনা উৎপাদন কৰিবলৈ বাধ্য। তেওঁলোকে বিভাগীয় অনুজ্ঞাপত্ৰ ব্যতিৰেক তথা বিভাগীয় নীতি-নিৰ্দেশনা বা প্ৰয়োজনীয় আন্তঃগাঁথনি অবিহনে পোনা উৎপাদন কৰিব নোৱাৰিব। বিক্ৰীৰ ক্ষেত্ৰতো ক্ৰেতাক বিভাগীয় বিষয়াই প্ৰদান কৰা গুণগত মানৰ নিশ্চিতিৰ প্ৰমাণ পত্ৰ দেখুৱাবলৈ বিক্ৰেতা বাধ্য।

সমগ্ৰ দেশতে ১০ জুলাই তাৰিখটো ‘মীন পালক দিৱস’ হিচাপে ধুমধামেৰে আয়োজন কৰা হয়। আমাৰ ৰাজ্যতো চৰকাৰী আৰু বেচৰকাৰী পৃষ্ঠপোষকতাত এই দিৱস বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। যথাসম্ভৱ অসমৰ গোলাঘাটত ২০০০ চনত ৰাজ্যৰ প্ৰথম মীন পালক দিৱস উদযাপন কৰা হৈছিল। আমাৰ ৰাজ্যখনতো ক্ৰমবৰ্ধমান মৎস্য উৎপাদনৰ ধাৰা অব্যাহত ৰাখি নীল বিপ্লৱৰ জয়যাত্ৰা আৰু অধিক ত্বৰান্বিত কৰাটো আমাৰ সকলোৰে দায়িত্ব। মীন পালন সম্পৰ্কীয় যিকোনো দিহা-পৰামৰ্শ আৰু নিদানৰ বাবে সংশ্লিষ্ট বিষয়ক বিশেষজ্ঞৰ লগত ৯৪২৫৩-০৯৫৬৮ত যোগাযোগ আদৰণীয়।

(উৎসঃ খবৰ, ড ধ্ৰুৱজ্যোতি শৰ্মা, ড সঞ্জয় শৰ্মা)।

মীনপালক বাপুকণ ত্ৰিপুৰাত সম্বৰ্ধিতঃ

 

ত্ৰিপুৰাৰ লেম্বুচেৰাস্থিত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মীন মহাবিদ্যালয়ত ১০ জুলাইত আয়োজিত ৰাষ্ট্ৰীয়ভিত্তিক মীনপালক দিৱসত অসমৰ নলবাৰী জিলাৰ লখোপুৰ গাঁৱৰ শিক্ষিত প্ৰগতিশীল মীনপালক বাপুকণ বৰ্মনক ত্ৰিপুৰাৰ ৰাজ্যপাল তথাগত ৰায়ে সম্বৰ্ধনা জনায়। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অতিৰিক্ত সঞ্চালক ড এছ ৰায়জাদা, বিজ্ঞানগুৰু ড পি কে পাণ্ডে, ত্ৰিপুৰাৰ মীন সচিব ড আৰ দাস আৰু দেশৰ বিভিন্ন প্ৰান্তৰ গৱেষক বিজ্ঞানী, প্ৰশাসক, নীতি-নিৰ্ধাৰক আৰু ৰাইজৰ উপস্থিতিত ৰাজ্যপালগৰাকীয়ে ত্ৰিপুৰী চেলেং, মানপত্ৰ আৰু নগদ ধনেৰে বৰ্মনক সম্বৰ্ধনা জনোৱাৰ সময়ত প্ৰেক্ষাগৃহত উপস্থিত সকলোৱে সমস্বৰে তেওঁক অভিবাদন জনায়। পৰৱৰ্তী সময়ত ৰাজ্যপালগৰাকীৰ লগতে বিশিষ্ট ব্যক্তিসকল আৰু অংশগ্ৰহণকাৰীসকলে বাপুকণৰ লগত মত বিনিময় কৰে। নিস্ব পৰিয়ালৰ সন্তান তথা উচ্চশিক্ষিত বাপুকণে কেনেদৰে অত্যন্ত চালুকীয়া অৱস্থাৰ পৰা মীনপালনৰ জৰিয়তে আজিৰ মৰ্যাদাপূৰ্ণ আসন লাভ কৰিছে সেইখিনি জানিবলৈ সকলোৱে অতি ব্যগ্ৰ হৈ পৰে। দুখ, কাৰুণ্য, আৰ্থিক দুৰৱস্থা আদিৰ লগত সহাৱস্থান কৰিও নিষ্ঠা, সততা, একাগ্ৰতা, দুৰন্ত অভিলাষ থাকিলে প্ৰাপ্তিৰ পথত একোৱেই হেঙাৰ হ’ব নোৱাৰে বুলি সমস্বৰে সকলোৱে বাপুকণক শুভেচ্ছা জনায়। বাপুকণে বক্তব্যত অসমৰ মীন খণ্ডৰ এক চিত্ৰ দাঙি ধৰে আৰু মীনপালনৰ জৰিয়তে আত্মপ্ৰত্যয়ৰে আত্মসংস্থাপন প্ৰশস্ত কৰিব পৰাৰ অন্তৰ্নিহিত তত্ত্ব ব্যাখ্যা কৰে। বাপুকণৰ সাফল্যত নলবাৰীৰ লগতে সমগ্ৰ ৰাজ্যৰ মীনপালকসকলৰ লগতে জনসাধাৰণে সন্তোষ প্ৰকাশ কৰিছে।

(উৎসঃ নিয়মীয়া বাৰ্তা)।

কৰ্মসংস্কৃতিৰ বিপ্লৱ অভয়াপুৰীৰ আই সেউজ সমিতিৰঃ

 

অভয়াপুৰীত আৰম্ভ হৈছে কৰ্মসংস্কৃতি। অঞ্চলটোৰ অগ্ৰণী আত্মসহায়ক গোট ‘আই সেউজ সমিতি’য়ে আনিছে কৰ্মসংস্কৃতিৰ এই বিপ্লৱ। ইয়াৰে গুৰিব’ঠা ধৰিছে আই সেউজ নামৰ আত্মসহায়ক গোটটোৰ সম্পাদক বলোৰাম দত্তই। উত্তৰ শালমাৰা মহকুমাৰ বিভিন্ন প্ৰান্তৰ নিবনুৱা পুৰুষ-মহিলাক একগোট কৰি সমিতিৰ উদ্যোগত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শী ব্যক্তিৰ জৰিয়তে প্ৰশিক্ষণ দি বিষয়ভিত্তিক পটু হিচাপে গঢ়ি তুলি নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে পৰিয়ালৰ ভৰণ-পোষণৰো সহায়ৰ হাত আগবঢ়াবলৈ সক্ষম কৰি তুলিছে। কৰ্মক্ষেত্ৰত আত্মসংস্থাপন দিয়াৰ উদ্দেশ্যেৰে চৰকাৰী তথা বেংক আদিৰ সাহায্যক উচিত ব্যৱহাৰ কৰি উৎপাদন ক্ষেত্ৰত এক বিপ্লৱ আনিবলৈ সক্ষম হৈছে আই সেউজ সমিতিয়ে। সমান্তৰালভাৱে আৰ্থিকভাৱে স্বাৱলম্বী হৈছে বহু লোক। দুগ্ধ উৎপাদনৰ পৰা আৰম্ভ কৰি গাহৰি পালন, বোৱা-কটা, নাৰিকলৰ আঁহৰ পৰা বিভিন্ন বয়-বস্তু তৈয়াৰ কৰাকে ধৰি অঞ্চলটোৰ বহু পুৰুষ-মহিলা সদাব্যস্ত। মুখত স্বস্তিৰ হাঁহি। গোটৰ উদ্যোগত দেওহাটীস্থিত কাৰ্যালয়তে দেখিবলৈ পোৱা যায় এই পৰিৱেশ। কাৰ্যালয়টোতে থকা হলঘৰটোতে মেঘালী ৰায়, জুবলী দেৱী, বন্তি সূত্ৰধৰ, ববিতা চৌধুৰী, পূৰ্ণিমা ৰায়, নিলোত্তমা ৰায়, জ্যোতিপ্ৰভা ৰায়, ৰনে বসুমতাৰী, মবিনা খাতুন, বাসনা চৰকাৰ আদি কৰি বহু মহিলাই এতিয়া ব্যস্ত হৈ পৰিছে নাৰিকলৰ আঁহৰ পৰা বিভিন্ন সা-সামগ্ৰী তৈয়াৰত। দলীয়ভাৱে কৰা এই কামত কোনোটোৱে যদি নাৰিকলৰ আঁহৰ পৰা ৰছী বনোৱাত ব্যস্ত কোনোটোৱে আকৌ ৰং-বিৰঙৰ বিভিন্ন আকাৰৰ কাৰ্পেট তৈয়াৰত। ইতিমধ্যে আই সেইজ সমিতিৰ উদ্যোগত প্ৰশিক্ষকৰ দ্বাৰা এই বিষয়ত প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰি আহিছে। মহকুমাটোৰ দেওহাটী, উত্তৰ শালমাৰা, কাকৈজানা, মালেগড়, পাচনীয়া, লেংটিছিঙা, কুশবাৰী, সৃজনগ্ৰাম আদি অঞ্চলৰ মহিলাক সামৰি লৈ ২০টা গোটক এই বিষয়ত দুমাহকৈ প্ৰশিক্ষণ প্ৰদান কৰিছে। ইপিনে সম্পূৰ্ণৰূপে মহিলাসকলেই তৈয়াৰ কৰা নাৰিকল আঁহৰ ৰছী, কাৰ্পেট, পুতলা আদিয়ে স্থানীয় বজাৰ দখল কৰাৰ লগতে আন আন অঞ্চলৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওচৰত পাইকাৰী হিচাপত বিক্ৰী কৰি আহিছে। এনে কামত ব্যস্ত হোৱাৰ ফলতে মহিলাসকলে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাই নহয়, এনে সামগ্ৰী অন্য ঠাইৰ পৰা সৰবৰাহ হোৱাটো বন্ধ হৈ পৰিছে। কাৰ্পেট, ৰছী, পুতলা তৈয়াৰীৰ বাবে বিভিন্ন বেংকৰ ঋণ গ্ৰহণ কৰি যন্ত্ৰপাতি ক্ৰয় কৰাৰ লগতে নাৰিকলৰ বাকলিৰ পৰা আঁহ প্ৰস্তুতকৰণৰ বাবেও সমিতিয়ে নিজাববীয়াকৈ যন্ত্ৰ ক্ৰয় কৰি লৈছে। মন কৰিবলগীয়া যে আঁহ প্ৰস্তুত কৰাৰ সময়ত বৰ্জিতখিনিৰ পৰাও উত্তম জৈৱিক সাৰ তৈয়াৰ কৰি তাৰ পৰাও লাভান্বিত হৈছে গোটটোৱে। আনপিনে আই সেউজ সমিতিৰ তত্ত্বাৱধানত ৪০টা আত্মসহায়ক গোটক গাহৰি পালনত নিয়োজিত কৰাৰ লগতে সেউজ দুগ্ধ উৎপাদক সমিতিৰ অধীনত প্ৰায় ৩০০ বৰ্ণসংকৰ গাইগৰু পালনৰো ব্যৱস্থা কৰিছে। কেইবাটাও আত্মসহায়ক গোটৰ অধীনত পুৰুষ-মহিলাক নিয়োজিত কৰি প্ৰতিদিনে ৫০০ লিটাৰৰো অধিক দুগ্ধ উৎপাদন কৰিবলৈ সক্ষম হৈছে। উক্ত দুগ্ধখিনি বিক্ৰীৰ বীবে ইতিমধ্যে অভয়াপুৰী, উত্তৰ শালমাৰা, তুলুঙুীয়াকে ধৰি চাৰিটা স্থানত দুগ্ধ বিক্ৰী কেন্দ্ৰ খুলিছে। উৎপাদিত দুগ্ধৰ পৰাই নিজাববীয়াকৈ উৎকৃষ্ট দৈ, ক্ৰীম, ৰসগোল্লা আদি প্ৰস্তুত কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। তদুপৰি সমিতিৰ তৎপৰতাত বয়ন শিল্পয়ো গঢ় লৈ উঠিছে। ইতিমধ্যে ২০ খন হস্তচালিত তাঁতশালত উন্নত চানেকিৰ উৎপাদিত মেখেলা-চাদৰ, গামোচাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ইতিমধ্যে গুৱাহাটী, মুম্বাই, দিল্লী, মণিপুৰ, চিকিম আদিত অনুষ্ঠিত শিল্প মেলাৰ যোগেদি বহিঃৰাজ্যতো উৎপাদিত সা-সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছে আই সেউজ সমিতি।

মগু মাহৰ ঔষধি গুণঃ

মগু এবিধ মাহজাতীয় উদ্ভিদ। ইয়াৰ মাখি পাতৰ সংখ্যা বিযোৰ। ইয়াৰ চিৰা (ফল) ১০ৰ পৰা ১২ চেণ্টিমিটাৰমান দীঘল হয় আৰু ০.৫ চেণ্টিমিটাৰমান বহল হয়। চিৰাবোৰত প্ৰায় ১০-১২টা মানকৈ বীজ থাকে। ইয়াক সাধাৰণতে দাইল হিচাপে খোৱা হয় যদিও বিভিন্ন পূজাত প্ৰসাদ হিচাপেও আগবঢ়োৱা হয়। মগু মাহ এনেয়ো তিয়াই খোৱা হয়। ই এবিধ পুষ্টিকৰ খাদ্য। ই প্ৰ’টিনযুক্ত। মগু মাহৰ পৰা বৰফি, হালোৱা আদি উপাদেয় খাদ্য তৈয়াৰ কৰা হয়। ইয়াক পিহি আদা-নহৰু, জলকীয়াৰে তৈয়াৰ কৰা চাটনিও সোৱাদযুক্ত। মগু মাহৰ ঔষধি গুণো আছে। ইয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

  • পিত্তশূল ৰোগীৰ বাবে মগুমাহ উপকাৰী।
  • মগুমাহ সহজে হজম হয় কাৰণে ইয়াক ৰোগীৰ পথ্য হিচাপে ব্যৱহাৰ কৰা হয়।
  • গোটা মগুমাহ তিয়াই পুৱা খালী পেটত খালে কোষ্ঠকাঠিন্য দূৰ হয়।
  • মগুমাহ বটি মুখত লগালে ছাল নিমজ আৰু সজীৱ হয়।

(উৎসঃ অসম বাণী, ললিতা শৰ্মা লহকৰ)।

বানাক্ৰান্ত ধাননিডৰাত পোক আৰু ৰোগৰ বিৰুদ্ধে মহাসংগ্ৰামঃ

 

ভয়াবহ বানপানীয়ে অসমৰ কৃষকসকলক জুৰুলা কৰি ধাননি পথাৰ উদং কৰি থৈ গল। ৰণজিৎ, বাহাদুৰ, মাচুৰী আদি জাতৰ খেতি কৰা কৃষকসকলে শাওণৰ শেষৰ পৰা পুনৰাই এই দিৰ্ঘদিনীয়া জাতসমূহৰ খেতি কৰিব নোৱাৰিব। বানপানীৰ পাছত কৃষকসকলে লুইত, কপিলী, দিচাং আদি কমদিনীয়া (৯০-১০০ দিন) জাতসমূহ নিৰ্বাচন কৰিব পাৰে। এইবোৰ জাতৰ ধানৰ ২৫ দিনীয়া কঠীয়া ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহলৈকে ৰুব পাৰিব। বানপানীত ১০-১২ দিন ডুব যোৱা জলশ্ৰী, জলকুঁৱৰী, স্বৰ্ণ চাব-১, চিহেৰাং চাব-১ আদি জাতসমূহ পানী শুকুৱাৰ পাছত নতুনকৈ পোখা মেলিব।

বানপানীৰ কবলৰ পৰা ৰক্ষা পোৱা ধান খেতিডৰাত নাইবা বানপানীৰ পাছত নতুনকৈ ৰোৱা খেতিডৰাত অনিষ্টকাৰী কীট-পতংগ আৰু ৰোগৰ আক্ৰমণ ব্যাপকভাৱে পৰিলক্ষিত হ’ব। এই আক্ৰমণ প্ৰতিহত কৰিব নোৱাৰিলে বানপানীৰ পাছত অধিক পৰিশ্ৰম কৰি আৰম্ভ কৰা খেতিডৰাও লোকচানৰ সন্মুখীন হ’ব। বানপানীৰ পাছত ধাননিডৰাত সঘনাই হ’ব পৰা পোক-পৰুৱা নাইবা ৰোগৰ আক্ৰমণ আৰু তাৰ প্ৰতিকাৰৰ বিষয়ে কৃষকসকলৰ জ্ঞাতাৰ্থে কিছু আভাষ দিয়া হ’ল।

বানপানীৰ পাছত খেতিডৰাত মজাখোৱা, পাতমেৰোৱা আৰু টুপলি কটা পোকৰ আক্ৰমণ হোৱাৰ আশংকা থাকে। বানপানীত ডুব যোৱা খেতিডৰাত আকৌ অত্যন্ত বিপজ্জনক শূৰপোকৰ আক্ৰমণ দেখা যায়। এই পোকবিধে ইমান ব্যাপকভাৱে আক্ৰমণ কৰে যে অতি কম সময়ৰ ভিতৰত ইডৰাৰ পাছত সিডৰা গৰুৱে খোৱাৰ দৰে অৱস্থা কৰি পেলায়। দিনৰ ভাগত সিহঁতে নৰাৰ মাজত লুকাই থাকিবলৈ যত্ন কৰে যদিও চৰাই-চিৰিকটিৰ পৰা সাৰি যাব নোৱাৰে। চৰহা বা পাত-চেলেকা নামৰ ক’লা ৰঙৰ গোটেই গা-টোত কাঁইটেৰে ভৰা পোকবিধে লম্বভাৱে পাতৰ সেউজীয়া অংশ চুহি খায়। ইয়াৰ পলুবোৰে পাতৰ মাজত থাকি তাৰ ৰস আৰু সেউজীয়া অংশ ভক্ষণ কৰে। চৰহা পোকৰ আক্ৰমণৰ ফলত পাতবোৰ শুকান খেৰৰ নিচিনা হৈ গোটেই ধাননিডৰা বগা বা ধোঁৱা বৰণীয়া হৈ পৰে। ধানৰ গাখীৰতী অৱস্থাত আকৌ গান্ধী পোকে ধাননিডৰাত আক্ৰমণ কৰি থোকবোৰ পতনুৱা কৰি পেলায়।

ৰোগৰ ভিতৰত আকৌ পাত, গাঁঠি আৰু থোক ওলোৱাৰ পাছত থোকৰ গুৰিত হোৱা ব্লাষ্ট ৰোগ উল্লেখযোগ্য। থোকৰ গুৰিত হোৱা ব্লাষ্ট ৰোগৰ ফলত গোটেই শিহটো পতান হৈ যায় আৰু ধানৰ যথেষ্ট ক্ষতিসাধন হয়। ইয়াৰ উপৰি বানপানীৰ পাছত ধাননিডৰাত চিথ ব্লাইট আৰু ব্ৰাউন লিফ স্পট ৰোগৰো প্ৰাদুৰ্ভাৱ হোৱা দেখা যায়।

ওপৰত উল্লেখ কৰা কীট-পতংগ আৰু ৰোগসমূহ কৃষকসকলে চিনাক্ত কৰিব নোৱাৰিলে জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞসকলৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

ধানৰ মজাখোৱা আৰু পাত মেৰোৱা পোক নিয়ন্ত্ৰণ কৰিবলৈ মূল পথাৰত ধান ৰোৱাৰ এমাহ পাছত কৃষি বিশেষজ্ঞৰ পৰামৰ্শ লৈ ট্ৰাইক’কাৰ্ড প্ৰয়োগ কৰিব পাৰে। প্ৰতি বিঘাত ১৫০০০ কণী থকা একোখনকৈ ট্ৰাইক’কাৰ্ডৰ প্ৰয়োজন হয়। প্ৰথমবাৰ ট্ৰাইক’কাৰ্ড প্ৰয়োগ কৰাৰ দহ দিনৰ অন্তৰত ৫-৬ বাৰ প্ৰয়োগ কৰি কৃষকসকলে এই পোক দুবিধ ৰাসায়নিক কীটনাশক প্ৰয়োগ নকৰাকৈ নিয়ন্ত্ৰণ কৰিব পাৰে। মজাখোৱা, পাত মেৰোৱা, টুপলি কটা আদি পোকবোৰ ৰাসায়নিক কীটনাশকৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিবলৈ হ’লে কাৰ্টাপ হাইড্ৰ’ক্লৰাইড ৪% G নামৰ দৰববিধ প্ৰতি বিঘা মাটিত প্ৰয়োগ কৰিব পাৰে। ধানত আক্ৰমণ কৰা বাদামী সোহনী পোক আৰু সেউজীয়া সোহনী পোক প্ৰতিহত কৰিবলৈ কাৰ্বচালফান ২৫ শতাংশ ই চি নামৰ দৰববিধ প্ৰতি বিঘা মাটিত ১৩০ মিঃ লিঃকৈ প্ৰয়োগ কৰিব পাৰে। চৰহা পোক নিয়ন্ত্ৰণৰ বাবে বিউভেৰিয়া বেচিয়ানা নামৰ জৈৱিক কীটনাশকবিধ দহ গ্ৰাম প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰিব পাৰে। পথাৰ এখনত চৰহা পোকৰ আক্ৰমণ দেখা পালে কৃষকসকলে সমূহীয়া ভিত্তিত পোকবিধ দমন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা উচিত। ৰাসায়নিক কীটনাশকৰ দ্বাৰা এই পোকবিধ নিয়ন্ত্ৰণ কৰিবলৈ হ’লে অৰ্গেন ফছফৰাছ শ্ৰেণীৰ কীটনাশক ট্ৰায়াজফছ ২৫ শতাংশ ই চি নামৰ দৰববিধ প্ৰতি বিঘা মাটিত ১৫০ মিঃ লিঃকৈ প্ৰয়োগ কৰক। জাকৰুৱা শূৰপোক ভেটিবৰ বাবে পথাৰৰ আলিবোৰত এক ইঞ্চিমান বহল আৰু ওখকৈ থিমেট ১০ শতাংশ জি বা ক্লৰ’পাইৰিফছ ডাষ্ট। ১.৫ শতাংশ প্ৰয়োগ কৰি গড় বান্ধিব লাগে। পোকবিধৰ দ্বাৰা আক্ৰান্ত পথাৰখনত ক্লৰ’পাইৰিফছ ২০ ই চি নামৰ দৰববিধ ২ মিঃ লিঃ প্ৰতি লিটাৰ পানীত মিহলাই স্প্ৰে’ কৰাৰ ব্যৱস্থা কৰক।

ধানৰ ব্লাষ্ট ৰোগ প্ৰতিহত কৰিবলৈ টেবুক’নাজ’ল ২৫০ ই চি নামৰ দৰববিধ ১০০ মিঃ লিঃ প্ৰতি বিঘা মাটিত প্ৰয়োগ কৰক। তাৰ পৰিৱৰ্তে ট্ৰাইচাইক্লাজ’ল ৭৫ শতাংশ ডব্লিউ পি নামৰ দৰববিধ প্ৰতি বিঘা মাটিত ৫০ গ্ৰামকৈ স্প্ৰে’ কৰিব পাৰে। ব্ৰাউন লিফ স্পট নামৰ ৰোগবিধ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰপিনেব ৭০ ডব্লিউ পি নামৰ দৰববিধৰ ২০০ গ্ৰাম এক বিঘা মাটিত প্ৰয়োগ কৰক। বান আক্ৰান্ত ধাননিডৰাত চিথ ব্লাইট ৰোগে দেখা দিলে কৃষি বিশেষজ্ঞৰ পৰামৰ্শ লৈ হেক্সাক’ণাজ’ল ৫ শতাংশ ই চি নামৰ দৰববিধ প্ৰতি বিঘা মাটিত ১৩০ মিঃ লিঃকৈ দহ দিনৰ অন্তৰত দুবাৰ স্প্ৰে’ কৰক। তাৰ পৰিৱৰ্তে প্ৰপিকণাজ’ল ২৫ শতাংশ ই চি নামৰ দৰববিধ প্ৰতি বিঘা মাটিত ৭০ মিঃ লিঃকৈ দহ দিনৰ অন্তৰত দুবাৰ স্প্ৰে’ কৰিব পাৰে।

বানপানীৰ বিৰুদ্ধে কৰা মহাসংগ্ৰামৰ পাছত নতুনকৈ ৰোৱা খেতিডৰা কৃষকসকলে কীট-পতংগ আৰু ৰোগৰ পৰা ৰক্ষা কৰিবই লাগিব। তাৰ বাবে সঠিক সময়ত সঠিক ৰোগ নাইবা পোকবিধ চিনাক্ত কৰি সঠিক দৰব প্ৰয়োগ কৰাটো অত্যন্ত প্ৰয়োজনীয়। প্ৰয়োজনসাপেক্ষে কৃষকসকলে ধানৰ কীট আৰু ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞসকলৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

(উৎসঃ খবৰ, গুণাঢ্য কুমাৰ উপমন্য)।

3.05882352941
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top