অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি বাৰ্তা

কৃষি বাৰ্তা লিখা হৈছে

কুকুৰাজাক সমগতিৰে বাঢ়িছে নে নাই জনাৰ বাবেঃ

 

ব্যৱসায়িক ভিত্তিত কুকুৰাপামৰ পৰা লাভজনক উৎপাদন পাবৰ বাবে বাঢ়নীয়া জাকটোৰ কুকুৰাবোৰৰ আকাৰ আৰু ওজন ওচৰা-ওচৰিকৈ সমান হোৱাটো বৰ আৱশ্যক। কুকুৰাবোৰ সমান জোখৰ হ’লে আটাইবোৰ কুকুৰাই প্ৰায় একে সময়ৰ ভিতৰতে কণী উৎপাদন আৰম্ভ কৰিব, নিৰ্দিষ্ট সময়ত ই উৎপাদনৰ চূড়া পাব আৰু উৎপাদন চক্ৰ একেলগে শেষ হ’ব। কিন্তু অ-সম বাঢ়নৰ জাক এটাৰ ক্ষেত্ৰত জাকটোৰ কেইটামান কুকুৰাই বহুদিন কণী পাৰি থকা অৱস্থাতো বাকীখিনিয়ে কণী পাৰিবলৈ আৰম্ভ নকৰিবও পাৰে। এনেক্ষেত্ৰত ইমানদিনে জাকটোৱে উৎপাদন চূড়া কিয় পোৱা নাই বুলি কেতিয়াবা দানা আৰু প্ৰায়েই কুকুৰা বিক্ৰী কৰা প্ৰতিষ্ঠানটোক গালি দিয়া দেখা যায়।

যিকোনো হাইব্ৰিড কুকুৰা বিক্ৰী কৰা প্ৰতিষ্ঠানৰ তেওঁলোকৰ কুকুৰাৰ ওপৰত এখন প্ৰতিপালনৰ পুস্তিকা বা নিৰ্দেশনা থাকে। এই নিৰ্দেশনাখনত প্ৰতিটো সপ্তাহৰ শেষত কিমান ওজন হোৱা উচিত, প্ৰথম কণীটো পাৰিবৰ সময়ত কুকুৰাজাকৰ কিমান বয়স হ’ব, প্ৰতি সপ্তাহত কিমান দানা খাব আদি লিখা থাকে। পালকসকলে প্ৰতিপালন কৰোতে প্ৰতিমাহৰ অন্তত শতকৰা ২০টা মান কুকুৰা ওজন কৰি নিৰ্দেশনাত লিখিত ওজনৰ লগত মিলাই চোৱা উচিত। এনেদৰে ৰিজাই চাওঁতে যদি দেখা যায় যে ওজন কৰা কুকুৰাখিনিৰ প্ৰতিটোৰ ওজন অথবা সিহঁতৰ গড় ওজন নিৰ্দেশনাত উল্লিখিত ওজনৰ শতকৰা দহ ভাগ সীমাৰ ভিতৰত আছে, তেনেহ’লে কুকুৰাজাক সঠিক জোখত বাঢ়িছে আৰু জাকটো সমজোখত আছে বুলি ধৰা হয়। উদাহৰণস্বৰূপে ধৰি লোৱা হওক যে কুকুৰা পোৱালি বিক্ৰী কৰা প্ৰতিষ্ঠানটোৰ নিৰ্দেশ মতে ২০ সপ্তাহ বয়সত প্ৰতিটো কুকুৰাৰ ওজন ১৩৫০ গ্ৰাম হ’ব লাগে। এতিয়া যদি দেখা যায় যে সেই বয়সত কোনো এখন পামত কুকুৰাজাকৰ ওজন ১৩৩৫ গ্ৰামৰ পৰা ১৩৬৫ গ্ৰামৰ ভিতৰত আছে তেনেহ’লে কুকুৰাজাক সমগতিৰে বাঢ়িছে আৰু সঠিক জোখত আছে বুলি ক’ব পৰা যায়। কিন্তু তাকে নহৈ যদি সিহঁতৰ গড় ওজন ১৩০০ গ্ৰামহে হৈছে, তেতিয়া সিহঁতৰ দ্ৰুত ওজন বঢ়াবলৈ দানাৰ পৰিমাণ বঢ়াই দিয়া উচিত যাতে কিছুদিনৰ ভিতৰতে নিৰ্দেশনা অনুসৰি ওজন হয়গৈ। যদিহে আকৌ কুকুৰাজাকৰ গড় ওজন ১৩৫০ গ্ৰামৰ ঠাইত ১৪০০ গ্ৰাম হৈছে তেনেহ’লে দানাৰ পৰিমাণ কিছু কমোৱা উচিত যাতে কিছুদিনৰ পাছত সিহঁতৰ গড় ওজন নিৰ্দেশনাৰ লগত সমান হয়গৈ। পালকৰ প্ৰতিপালন এনে হোৱা উচিত যাতে জাকটোৰ কমেও শতকৰা ৮০-৯০টা কুকুৰা সমজোখৰ হয়।

 

বিজ্ঞানসন্মতভাৱে মাছ শুকুৱাৰ পদ্ধতিঃ

 

আজিকালি Solar drierৰ সহায়ত বিজ্ঞানসন্মতভাৱে মাছ শুকুৱাব পাৰি। সম্পূৰ্ণ বন্ধ অৱস্থাত বাহিৰৰ ধূলি-মাকতিৰ পৰা মুক্ত কৰি ৰাখি মাছ শুকালে মাছৰ বজাৰ চাহিদা বেছি হয়। এনে Solar drierত কেইবাখনো প্লেট থাকে আৰু মাছৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি এইবাৰতে ৫০ কিঃ গ্ৰাঃ, ১০০ কিঃ গ্ৰাঃ, ২৫০ কিঃ গ্ৰাঃ মাছ শুকাব পৰা দ্ৰায়াৰ বজাৰত উপলব্ধ হৈছে। ইতিমধ্যে সাগৰীয় উপকূলৰ মাছমৰীয়াসকলে Solar drierত মাছ শুকোৱা প্ৰযুক্তি কৌশল ব্যৱহাৰ কৰি লাভৱান হৈছে। এই সন্দৰ্ভত বিস্তৃত জানিবৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰে-

Teewave Technologies

167/A, phase-II, IDA Cherlapally

Hyderabad-51, Phone No. 098499-96309

 

কেঁচুসাৰৰ উপকাৰিতা

 

জৈৱিক সাৰসমূহৰ ভিতৰত কেঁচুসাৰ অন্যতম। কেঁচুসাৰে মাটিৰ গুণাগুণ উন্নত কৰাত বিশেষভাৱে সহায় কৰে। এইবিধ সাৰ কেঁচুৰ বিষ্ঠাৰ বাহিৰে আন একো নহয়। সাধাৰণ মাটিতকৈ কেঁচুসাৰত ৫ গুণ বেছি নাইট্ৰ’জেন, ৭ গুণ বেছি ফছফৰাছ, ১১ গুণ বেছি পটাছ, ২ গুণ বেছি মেগনেছিয়াম আৰু ২ গুণ বেছি কেলচিয়াম থাকে। ইয়াৰ উপৰি ইয়াত শস্যৰ বাবে প্ৰয়োজনীয় ভিটামিন, এনজাইম আৰু জিবাৰেলিন আদি হৰম’ন থাকে। কেঁচুসাৰে মাটিৰ পৰিৱেশ নষ্ট নকৰাকৈ স্বাভাৱিকভাৱে মাটিৰ উৰ্বৰতা শক্তি বৃদ্ধি কৰে আৰু স্থায়ীভাৱে অধিক উৎপাদনত সহায় কৰে।

কেঁচুসাৰৰ উপকাৰিতাসমূহঃ

  • এই সাৰে মাটিৰ গঠন আৰু গুণাগুণৰ উন্নতি সাধন কৰে।
  • মাটিৰ অম্লতা নিয়ন্ত্ৰণ কৰে।
  • মাটিৰ ভিতৰত বায়ুৰ চলাচল বৃদ্ধি কৰে।
  • মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে।
  • মাটিত থকা শস্যৰ উপকাৰী জীৱাণুৰ সংখ্যা বৃদ্ধি কৰে আৰু জীৱাণুবোৰক সক্ৰিয় কৰি তোলে।
  • মাটিত শস্যৰ কাৰণে অনুকূল পৰিৱেশৰ সৃষ্টি কৰে।
  • মাটিৰ পৰা সৃষ্টি হোৱা শস্যৰ কিছুমান বেমাৰ প্ৰতিহত কৰে।
  • মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে।

 

ধানখেতিৰ সমন্বয়ত মীনপালনঃ

 

বৰো ধানডৰাৰ মাজত সৰু এটা পুখুৰীত ফ্ৰাই আকাৰৰ মীন পোনা ৰখা হয় আৰু চাৰিওফালে পাৰ বন্ধা ধাননিডৰাত খেতি চপোৱাৰ পাছত পানী বঢ়াৰ লগে লগে মাছবোৰ ওলাই আহে। আৰু মুক্ত ধাননিডৰাত মাছপালন কৰা হয়। সাধাৰণতে যিবোৰ পথাৰত শালিধানৰ খেতি কৰা সম্ভৱ নহয় তেনে খেতি পথাৰতহে এনে পদ্ধতিত মীনপালন কৰা হয়। কিন্তু ধানখেতিৰ সমন্বয়ত (ধানখেতি আৰু মাছ পালন) একেলগে কৰা পদ্ধতিত যথেষ্ট গুৰুত্ব আছে। ইয়াৰ গোলকীয় গুৰুত্ব হ’ল-

জলবায়ু সলনি বন্ধ কৰাঃ ধাননি পথাৰৰ পৰা মিথেন গেছ নিৰ্গত হয় আৰু এই গেছে গোলকীয় উষ্ণতা বৃদ্ধিৰ লগতে জলবায়ু সলনি হোৱাত সহায় কৰে। ধাননি পথাৰত মাছ থাকিলে মাছৰ চলাচলৰ বাবে মিথেন গেছ নিৰ্গত হোৱাৰ হাৰ কমি যায়। ফলস্বৰূপে গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰাত সহায়ক হয়।

পানীৰ উৎপাদিকা শক্তিৰ যথোচিত ব্যৱহাৰ কৰাঃ ধাননি পথাৰত প্ৰায় ০.৫-১.০ মিটাৰতকৈও অধিক পানী থাকে। এই পানীখিনিৰো উৎপাদিকা শক্তি আছে। ধাননি পথাৰত মাছ দিলে এই উৎপাদিকা শক্তিৰ যথোচিত ব্যৱহাৰ কৰা হয়। মাছ উৎপাদনৰ ফলত কৃষকৰ উপাৰ্জন আৰু পৰিপুষ্টিৰ বাবে প্ৰভূত বৰঙণি আগবঢ়োৱা হয়।

জৈৱিক বৈচিত্ৰ্য ৰক্ষা কৰাঃ মাছ জল পৰিস্থিতিতন্ত্ৰৰ শীৰ্ষ উৎপাদনকাৰী। ধাননি পথাৰত মাছ নাথাকিলে পথাৰত জৈৱিক বৈচিত্ৰ্যৰ সন্তুলন ৰক্ষা নপৰে। ফলত বিভিন্ন পোক-পতংগ আৰু বেমাৰ-আজাৰৰ বাবে ধানৰ উৎপাদন ব্যাহত হয়।

গতিকে শালি খেতি কৰা খেতিয়কসকলে উপযুক্ত স্থানত ৫ প্ৰজাতিৰ মাছ বিঘাই প্ৰতি ১২০০টা (ছিলভাৰ কাৰ্প ২৫০টা, বাহু ১৫০টা, ৰৌ ৩০০টা, মিৰিকা ২০০টা আৰু ভাঙন/কমনকাৰ্প ৩০০টা) মেলিব পাৰে। পোনা মেলাৰ পাছত সম্ভৱস্থলত দৈনিক মাছৰ পৰিপূৰক খাদ্য হিচাপে ভুচি, খলিহৈ আদি যোগান ধৰিলে অধিক উৎপাদন পাব পাৰি। ধান চপোৱাৰ আগত বা পাছত যিকোনো সময়তে পথাৰ, নলা বা পুখুৰীৰ পানী কমি গ’লে গোটেই মাছখিনি উঠাই দিয়া হয়।

 

প্ৰাকৃতিক মীন মহলৰ বৰ্ষাকালীন পৰিচালনাঃ

 

নদী, বিলসমূহে অসমৰ সৌন্দৰ্যবৰ্ধন কৰাই নহয়, ৰাজকোষৰ বাবেও এক অক্ষয় ভাণ্ডাৰস্বৰূপ। এই নদী-বিলসমূহে কোষাগাৰলৈ বছৰি এক বুজন পৰিমাণৰ ৰাজহ কঢ়িয়াই আনি আছে। অসমৰ এই আপুৰূগীয়া সম্পদসমূহ বৰ্তমান সংৰক্ষণ কৰাটো নিতান্তই প্ৰয়োজন হৈ পৰিছে। নহ’লে এই সম্পদসমূহ বিলুপ্ত হৈ যাব।

অসমত প্ৰাকৃতিক বিল এক লাখ হেক্টৰ পানীকালিৰে সমৃদ্ধ। নদী আছে ৪,৫০০ কিঃ মিঃ। পিটনি-জলাশয় আছে ১০,০০০ হেক্টৰ। ভাৰতবৰ্ষৰ ভিতৰতে অসম প্ৰথম স্থানত আছে মিঠাপানীৰ বিলৰ বাবে। অসমৰ এই মিঠাপানীৰ বিলসমূহ মীন পালনৰ এক উত্তম জলক্ষেত্ৰ আৰু ৰাজহ উৎপাদনৰ এক অক্ষয় ভাণ্ডাৰ। কিন্তু অসমে এই সম্ভাৱ্যপূৰ্ণ জলক্ষেত্ৰৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰাৰ ফলত সময়ৰ গতিত মীন মহলসমূহ অব্যৱহৃত তথা অৱহেলিত হৈ ধ্বসৰ মুখত পৰিছে আৰু মানুহৰ জীৱিকাৰ এক গুৰুত্বপূৰ্ণ পথ বন্ধ হ’বলৈ ধৰিছে।

নদী-মীন মহল ধ্বংস হৈ যোৱাৰ কাৰণঃ

  • অসম বান অধ্যুষিত ৰাজ্য। প্ৰত্যেক বছৰে নদী উৎসৰ পৰা বান ঢাপলি মেলে মীন মহললৈ। এই বানে বোকা, মাটি, বালি আদি কঢ়িয়াই নি বিলত পলসৰ চৰ পেলাই আৰু মীন মহলসমূহৰ গভীৰতা হ্ৰাস কৰি বাম কৰি আনে।
  • বানৰ পলস আৰু মীন মহলৰ চাৰিওফালৰ পৰা অহা মাটি খহনীয়াই বিলৰ পাৰসমূহ চৰ পেলাই বাম কৰি আনে আৰু মীন মহলৰ পানীৰ সীমা হ্ৰাস কৰি আনে। মীন মহলৰ এই পাৰবোৰ সাৰুৱা উৰ্বৰা হৈ খেতি পথাৰৰ উপযোগী হৈ পৰে।
  • মীন মহলত বাৰিষা নদীৰ পৰা পানীৰ লগত মেটেকা আৰু জলজ উদ্ভিদ প্ৰৱেশ কৰে আৰু মীন মহলৰ পাৰত এক গোট হৈ লাগি ধৰে। মাটি সাৰুৱা হোৱাৰ বাবে মেটেকা আৰু জলজ উদ্ভিদ খৰতকীয়াকৈ বৃদ্ধি পায়। ফলত এই মেটেকা আৰু আন জলজ উদ্ভিদসমূহে বাৰিষাৰ মাটিত বালি-চৰ ৰক্ষণ কৰে আৰু সময়ত এই জলজ উদ্ভিদসমূহে বিলৰ পাৰত উদ্ভিদৰ পিটনিৰ সৃষ্টি কৰি একোখন জলজ হাবি গঢ়ি তোলে।
  • মীন মহলৰ পাৰবোৰ পলস পৰি বাম হৈ পৰে আৰু সাৰুৱা হোৱাৰ বাবে খেতিয়কে দখল কৰি খেতি কৰিবলৈ লয়। ফলত মীন মহলৰ পানীকালি হ্ৰাস হৈ যায়। নাঙল মাৰি বা ট্ৰেক্টৰ লগাই খেতি কৰাৰ বাবে চহাই দিয়া মাটিবোৰ বৰষুণৰ পানী, বিলৰ বাৰিষাৰ পানীয়ে ধুই নি মীন মহলৰ গভীৰতা হ্ৰাস কৰে।
  • মীন মহলৰ সাৰুৱা মাটি ইটা প্ৰস্তুত কৰাৰ বাবে উত্তম। গতিকে বিলৰ পাৰত অবৈধভাৱে ইটাৰ ভাটা স্থাপন কৰি একাংশ ব্যৱসায়ীয়ে প্ৰাকৃতিক জলাশয় ধ্বংসৰ মুখলৈ ঠেলি দিয়ে।
  • জমা হোৱা মেটেকা, জলজ উদ্ভিদ আদি প্ৰত্যেক বছৰে মৰি, তৰপে তৰপে জমা হৈ জৈৱিক স্তৰ তথা ভোকাৰ ভেৰণী হৈ মীন মহলখন বাম হয়।

মীন মহলত মাছৰ উৎপাদন হ্ৰাস হোৱাৰ কাৰণঃ

  • প্ৰাকৃতিক মীন মহলসমূহ অৱহেলিত আৰু আপদালহীন হৈ মাছৰ বসতিৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হৈ পৰিছে।
  • মীন মহল পৰিচালনাৰ কাৰিকৰী জ্ঞান সামাজিক সচেতনতাৰ অভাৱ।
  • মীন মহলসমূহ চৰ পৰি বাম হৈ পৰাত মাছৰ বসতিৰ অনুপযোগী হৈ পৰিছে।
  • মীন মহলসমূহ মেটেকা, জলজ উদ্ভিদেৰে ভৰি পৰি মাছ বিচৰণৰ পানীকালি হ্ৰাস কৰাৰ লগে লগে কাৰিকৰী জলজ বিজ্ঞানৰ দিশসমূহত আঘাত হানিছে।
  • জলজ উদ্ভিদ আৰু বালিৰ চৰে মীন মহলত প্ৰাকৃতিকভাৱে হোৱা মাছৰ প্ৰজনন পৰিৱেশ বিনষ্ট কৰিছে।
  • মীন মহলত কিছুমান পকেট বা ঘুলি থাকে। বাৰিষাৰ বানত মীন মহলসমূহ পানীৰে ওফন্দি উঠাৰ সময়ত প্ৰচণ্ড ঢৌত মাছে কণী নাপাৰি মীন মহলৰ পাৰৰ সেই পকেট অৰ্থাৎ ঘুলিবোৰত কণী পাৰে। পানী কমাৰ লগে লগে মাছ আৰু পোনাবোৰ বিললৈ নামি আহে। কিন্তু বৰ্তমান সেই পকেটবোৰ বাম আৰু বেদখল হৈ প্ৰাকৃতিক প্ৰজননৰ পৰিৱেশ নষ্ট কৰি পেলাইছে।

 

বেঙেনা খেতিৰ কৃষকলৈ কিছু কথাঃ

 

বেঙেনা এবিধ ৰান্ধি খোৱা পাচলি। উদ্ভিদবিদ্যাৰ দৃষ্টিৰে ই আলু আৰু বিলাহীৰ সৈতে একে জাতৰ। প্ৰাগৈতিহাসিক কালৰে পৰা পূব আৰু দক্ষিণ এছিয়াত বেঙেনাৰ খেতি কৰি অহা হৈছে। ৫৪৪ খ্ৰীষ্টাব্দত সম্পূৰ্ণ হোৱা চীনা কৃষি গ্ৰন্থ ‘কিমিন য়াউচা’ত লিপিবদ্ধ বেঙেনাৰ লেখাই হ’ল লিখিত ৰূপত পোৱা এই উদ্ভিদৰ প্ৰথম লিখিত তথ্য। সাধাৰণতে বেঙেনাৰ নিজস্ব স্বকীয় বৰণৰ বাবেই ‘বেঙুনীয়া’ ৰঙে অসমীয়া ৰঙৰ তালিকাত এক স্থান পাইছে। বেঙেনাত উপস্থিত এন্থচায়ানিনৰ বাবে ইয়াৰ বৰণ কাৰণ। বিশ্বৰ প্ৰেক্ষাপটত বেঙেনা উৎপাদনত ভাৰতৰ স্থান দ্বিতীয়। বেঙেনাত কম পৰিমাণে চৰ্বি, মাংসসাৰ, আঁহ আৰু শৰ্কৰা থাকে। অৱশ্যে মানুহৰ বাবে নিতৌ প্ৰয়োজনীয় মাত্ৰাত মেংগানিজ থাকে। কিছুমান মানুহক বেঙেনাই এলাৰ্জী সৃষ্টি কৰাৰ তথ্যও পোৱা যায়।

বেঙেনাৰ গুৰুত্বপূৰ্ণ কীট-পতংগসমূহঃ

(১) বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোক।

(২) ফুটুকী পোক।

(৩) মুৱা পোক আৰু

(৪) শোহনি পোক আদি।

এই কীট-পতংগসমূহ নিয়ন্ত্ৰণৰ বাবে কৃষকসকলে তলৰ কথাখিনি মন দিয়া উচিত-

(১) শস্যচক্ৰৰ অধীনত একেডৰা মাটিতে বছৰে বছৰে বেঙেনা খেতি কৰা অনুচিত। লগতে এবছৰতকৈ পুৰণি মুঢ়া বেঙেনা ৰাখিব নালাগে।

(২) বেঙেনাৰ পুলি ৰোৱাৰ পূৰ্বে খেতিৰ মাটিডৰা ভালদৰে চহাই মাটিৰ ওচৰে-পাঁজৰে থকা বন-বাত নিৰাই ল’ব লাগে। এনে কৰিলে মাটিৰ তলত লেটা বান্ধি থকা আৰু বন-বাতত আশ্ৰয় লৈ থকা কীট-পতংগসমূহ আঁতৰি যায়।

(৩) কীট-পতংগৰ আক্ৰমণ প্ৰতিৰোধী উচ্চ উৎপাদনক্ষম জাতসমূহৰ খেতি কৰাত গুৰুত্ব দিব লাগে।

(৪) বেঙেনাৰ অনিষ্টকাৰী পতংগই আক্ৰমণ কৰা উদ্ভিদৰ অংশসমূহ বিশেষকৈ গছৰ আগ আৰু ফল যথাসম্ভৱ আঁতৰাই নষ্ট কৰিব লাগে। ইয়াৰ ফলত পতংগৰ বংশবৃদ্ধ হৈ অধিক অনিষ্ট কৰাৰ সম্ভাৱনা দূৰ হয়।

(৫) বেঙেনা খেতিত সঠিক সময়ত সঠিক পৰিমাণৰ সাৰ-জাবৰ প্ৰয়োগৰ প্ৰয়োজন। মন কৰিব লগা যে শস্যত আৱশ্যকতকৈ অধিক মাত্ৰাত নাইট্ৰ’জেনযুক্ত সাৰ প্ৰয়োগ কৰিলে কীট-পতংগৰ বংশ বৃদ্ধি হয়।

(৬) ডিম্ব পৰজীৱী ট্ৰাইক’গ্ৰামা কাইলনিজ বিঘাই প্ৰতি ২০,০০০ কৈ ১০ দিনৰ অন্তৰালত ৩-৪ বাৰ প্ৰয়োগ কৰিলে ছেঁই বিন্ধোৱা পোকৰ আক্ৰমণ বহুত পৰিমাণে হ্ৰাস পায়।

(৭) বেঙেনাৰ পাতখোৱা ফুটুকী পোকক নিয়ন্ত্ৰণ কৰিবলৈ বহু সময়ত ফুটছাই ব্যৱহাৰ কৰিও সুফল লাভ কৰিব পাৰি।

(৮) আঠাযুক্ত ‘হালধীয়া আকৰ্ষক কাৰ্ড’ ব্যৱহাৰ কৰিও বেঙেনা গছৰ শোহনি পোক নিয়ন্ত্ৰণ কৰিব পাৰি।

(৯) ‘লিউচি লিউৰ’ যুক্ত ফেৰমন ফান্দ ব্যৱহাৰ কৰিও বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকক নিয়ন্ত্ৰণ কৰিব পাৰি।

(১০) নিম জাতীয় কীটনাশক ঔষধ প্ৰয়োগ কৰিও কীট-পতংগৰ পৰা বেঙেনাৰ খেতিডৰা ৰক্ষা কৰিব পাৰি।

(১১) পখিলাজাতীয় পতংগ বিশেষকৈ বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকৰ পৰা বেঙেনা ডৰাক ৰক্ষা কৰিবলৈ বেক্টেৰিয়াজনিত ঔষধ বি টি দুই মিঃ লিঃ প্ৰতি লিটাৰ পানীত মিহলাই এসপ্তাহৰ অন্তৰালত দুবাৰ প্ৰয়োগ কৰা উচিত।

(১২) পৰিস্থিতি সাপেক্ষে, বেঙেনা পুলি ৰোপণৰ ২৫-৩০ দিনৰ পাছত, দানাজাতীয় কীটনাশক কাৰ্বফোৰান ৩ জি, প্ৰতিজোপা গছৰ গুড়িত ৩ গ্ৰামকৈ প্ৰয়োগ কৰিও বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোক নিয়ন্ত্ৰণ কৰিব পাৰি। ইয়াৰ উপৰি ২ মিঃ লিঃ প্ৰফেন’ফজ ৫০ ই চি প্ৰতি লিটাৰ পানীত মিহলাই ১০ দিনৰ অন্তৰালত ৩ বাৰ বেঙেনা খেতিত প্ৰয়োগ কৰি আগ আৰু ফল বিন্ধোৱা পোক আৰু ফুটুকী পোক নিয়ন্ত্ৰণ কৰিব পাৰি। অৱশ্যে পূৰঠ বেঙেনাতলীত বেঙেনা ছিগাৰ আগতে কৃত্ৰিম ৰাসায়নিক প্ৰয়োগ কৰা অনুচিত।

 

অমিতাৰ অপকাৰী কপাহী পোকৰ জৈৱিক নিয়ন্ত্ৰণ ব্যৱস্থাঃ

 

অমিতাৰ উৎপত্তিস্থল আমেৰিকা আৰু ইয়াক মেক্সিকোৰ কৃষকে প্ৰথম খেতি কৰিবলৈ আৰম্ভ কৰিছিল। বৰ্তমান সমগ্ৰ বিশ্বত আম আৰু আনাৰসৰ পাছত অমিতাই হ’ল তৃতীয় সৰ্বাধিক উৎপাদিত ফল। বিশ্বত প্ৰতি বছৰে প্ৰায় ১১.২২ নিযুত মেট্ৰিক টন অমিতা উৎপাদন হয়। ইয়াত ভাৰতবৰ্ষৰ বৰঙণি প্ৰায় ৩৮.৬১ শতাংশ। ভাৰতৰ কেইখনমান ৰাজ্য বিশেষকৈ অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাট, উৰিষ্যা, পশ্চিমবংগ, কেৰালা, তামিলনাডু, মধ্যপ্ৰদেশ আৰু অসমত অমিতাৰ খেতি কৰা হয়। ভাৰতৰ ৭৩.৭ হেজাৰ হেক্টৰ মাটিকালিৰ পৰা প্ৰায় ৪.২ নিযুত মেট্ৰিক টন অমিতা উৎপাদিত হয়। বৰ্তমান সময়ত অমিতা খেতিৰ কৃষকক মিলিবাগ বা কপাহী পোকৰ আক্ৰমণে বিপাঙত পেলোৱা পৰিলক্ষিত হৈছে।

১৯৯২ চনৰ পৰাহে এই পতংগৰ আক্ৰমণৰ বিষয়ে জনা গৈছে। সেউজ হালধীয়া বৰণৰ এই পতংগৰ আক্ৰমণ প্ৰথমাৱস্থাত মেক্সিকো, বেলিজ, গোৱাটেমালা আদি অঞ্চলত পৰিলক্ষিত হৈছিল। পাছত পৰ্যায়ক্ৰমে আন আন দেশলৈ বিয়পি ভাৰততো প্ৰৱেশ ঘটে। অমিতাকে ধৰি অন্যান্য প্ৰায় ৫৫ বিধ উদ্যানশস্য বিশেষকৈ ভেণ্ডি, বেঙেনা, মধুৰীআম, ডালিম, শিমলু আলু, ৰঙালাও আদিক ক্ষতি কৰা এই পতংগ ২০০৮ চনৰ জুলাই মাহত তামিলনাডুৰ কইম্বাটুৰ নামৰ ঠাইত প্ৰথমবাৰলৈ চিনাক্ত কৰা হয়। এই অনিষ্টকাৰী পোকবিধ যাতায়াত তথা অন্যান্য কাৰকৰ দ্বাৰা সমগ্ৰ ভাৰততে বিয়পি পৰিছে। এতিয়া কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, ত্ৰিপুৰাৰ লগতে ২০১১ চনৰ শেষ ভাগত অসমতো এই পতংগৰ অপকাৰী প্ৰাদুৰ্ভাৱ পৰিলক্ষিত হৈছে। পৰৱৰ্তী সময়ত বাংগালুৰুস্থিত ‘নেচনেল ব্যুৰ অব এগ্ৰিকালচাৰেলি ইম্পৰটেণ্ট ইনচেক্ট’ নামৰ প্ৰতিষ্ঠানৰ নেতৃত্বত এই পতংগৰ সমস্যা বহু পৰিমাণে নিৰ্মূল কৰিবলৈ সক্ষম হৈছে। বিভিন্ন মাধ্যমেৰে এই পতংগ বৰ্তমান অসমতো প্ৰৱেশ কৰিছে। কপাহী পোক আক্ৰমণৰ ফলত অমিতা গছৰ পাতবোৰ শোটোৰা-শোটোৰ হৈ পৰে। প্ৰথমাৱস্থাত এই পোকে অমিতাৰ পাতৰ তলফালে একগোট হৈ থাকি সময়ৰ ব্যৱধানত অমিতাৰ ফলক আক্ৰমণ কৰে। ইয়াৰ ফলত অমিতাৰ ফলত ক’লা বৰণীয়া দাগ পৰি খাদ্যৰ অনুপযোগী কৰি তোলে। মিলিবাগে আক্ৰান্ত কৰাৰ বাবে ৬০ৰ পৰা ১০০ শতাংশ পৰ্যন্ত অমিতা গছ অনিষ্ট হোৱা পৰিলক্ষিত হয়। পূৰঠ নোহোৱা অমিতা গছত মিলিবাগৰ প্ৰাদুৰ্ভাৱ অধিক হয় আৰু এই পতংগই ক্ষৰণ কৰা বিষাক্ত দ্ৰব্যৰ প্ৰভাৱত গছবিলাক মৰি যায়। তদুপৰি এই পোকে নিঃসৰণ কৰা মধুকনা বা ‘হনী দিউ’ৰ বাবে অমিতাৰ পাত, গা-গছ আৰু ফলবোৰক ক’লা ভেঁকুৰৰ আচ্ছাদন বা ‘চুটি ম’ল্ড’-এ ঢাকি ধৰে। আক্ৰমণ বাঢ়ি যোৱাৰ লগে লগে পাতৰ সালোক সংশ্লেষণ বাধাপ্ৰাপ্ত হয় আৰু উদ্ভিদজোপা মৰহি যাবলৈ ধৰে। সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত গছৰ তলত থিয় হলে মধুকনা সৰি পৰা পৰিলক্ষিত হয়। অৱশ্যে সামান্য ক্ষতিকাৰী অৱস্থাত পাত, ফুল আৰু ফলত পতংগৰ অৱস্থিতি পৰিলক্ষিত হয়।

কপাহী পোকৰ মতা আৰু মাইকী পতংগৰ আকৃতি ভিন্ন ভিন্ন হয়। অধিক উষ্ণতাত ইহঁতৰ বংশবৃদ্ধি দ্ৰুত হয়। এই পতংগই পৰুৱাৰ জৰিয়তে চলাচল কৰা দেখা যায়। ‘নেচনেল ব্যুৰ অব এগ্ৰিকালচাৰেলি ইম্পৰটেণ্ট ইনচেক্ট’ নামৰ প্ৰতিষ্ঠানে চলোৱা এক সমীক্ষা মতে মিলিবাগৰ আক্ৰমণৰ ফলত ভাৰতীয় হিচাপত প্ৰতি বছৰে প্ৰায় ১৫০০ কোটি টকাৰ অপচয় হয়। উক্ত প্ৰতিষ্ঠানে মিলিবাগৰ নিয়ন্ত্ৰণৰ বাবে ‘এচাৰ’ফেগাচ পাপায়ি’ নামৰ এক সূক্ষ্ম পৰজীৱী মেক্সিকোৰ পৰা আমদানি কৰি ভাৰতত মেলি দিয়ে। এই কাৰ্যসূচী কিছু পৰিমাণে সফল হৈছে যদিও ৰাসায়নিক কীটনাশকৰ দ্বাৰা তেনেই নামমাত্ৰ সফলতাহে পোৱা গৈছে। কিয়নো ৰাসায়নিক কীটনাশকে মিলিবাগ পতংগৰ প্ৰাকৃতিক শত্ৰুবোৰক নষ্ট কৰাৰ ফলত দীৰ্ঘদিনীয়া নিয়ন্ত্ৰণ অসম্ভৱ হৈ পৰে। যাতায়াত ব্যৱস্থাই এই পতংগ এঠাইৰ পৰা আন ঠাইলৈ বিয়পি যোৱাত সহায় কৰে। নতুন খেতিত ব্যৱহৃত পুলিবোৰ পতংগমুক্ত হোৱা উচিত। ৰোগাক্ৰান্ত উদ্ভিদৰ অৱশিষ্ট অংশত এই পোকে বাহ লৈ অন্য নিৰোগী গছলৈ বিয়পিবলৈ সুবিধা পায়। সাময়িক সকাহৰ বাবে প্ৰফেন’ফছ নামৰ ৰাসায়নিক কীটনাশক প্ৰতি লিটাৰ পানীত দুই মিলিলিটাৰকৈ মিহলাই ছটিয়াব লাগে। অৱশ্যে খুব জোৰেৰে দৰব নিমিহলোৱাকৈ পানী ছটিয়ালেও সুফল পাব পাৰি। ‘এচাৰ’ফেগাচ পাপায়ি’ৰ উপৰি ‘ছিউড’লেপ্টমেষ্টিক্স মেক্সিকানা’ আৰু ‘এনাগাইৰাছ লকি’ নামৰ আন দুবিধ সূক্ষ্ম পৰজীৱীয়েও মিলিবাগ পতংগ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম। ইয়াৰ উপৰি পখিলাজাতীয় পৰভোজী পতংগ, স্পেলজিছ এপিয়াছৰ পলুৱে কপাহী পোকক ভক্ষণ কৰে। নেচনেল ব্যুৰ অব এগ্ৰিকালচাৰেলি ইম্পৰটেণ্ট ইনচেক্ট নামৰ জৈৱিক নিয়ন্ত্ৰণৰ সৰ্বভাৰতীয় প্ৰতিষ্ঠানটিয়ে কৃষকৰ মাজত বিনামূল্যে এই উপকাৰী পৰজীৱী পতংগ প্ৰজাতিক যোগান ধৰে। এনে ৫০০ পৰজীৱীক এবাৰত মুকলি কৰিলে অমিতা পৰিৱেশতন্ত্ৰত খাপ খাই পৰে বাবে পুনঃ পুনঃ প্ৰয়োগ বা মুকলি কৰাৰ প্ৰয়োজন নহয়। বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ৰ জৈৱিক নিয়ন্ত্ৰণ বিভাগৰ জৈৱিক গৱেষণাগাৰত এনে পৰজীৱী পতংগক কৃত্ৰিমভাৱে উৎপাদন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

(উৎসঃ অসমীয়া খবৰ)।

ফল-মূল শস্যত সাৰ প্ৰয়োগ


পৃথিৱীৰ জীৱ-জন্তু আৰু উদ্ভিদক জীয়াই থাকি কার্যক্ষম হৈ থাকিবৰ বাবে খাদ্যৰ প্রয়োজন। উদ্ভিদ জগতৰ তৰু-তৃণ, গছ-গছনিক খাদ্যৰ প্ৰয়োজন আৰু এই খাদ্য উদ্ভিদে মাটিৰ পৰাই গ্রহণ কৰে। ফলমূল শস্যবোৰ উদ্ভিদ জগতৰ এটা প্রধান অংশ আৰু ইহঁত পৰিমাণ বহুত বেছি। গছৰ খাদ্যবোৰ হৈছে মূলতঃ ষোল্লবিধ মৌল তাৰে কাৰ্বন, অক্সিজেন আৰু হাইড্রজেন মৌল বায়ু আৰু পানীৰ পৰা সংগ্রহ কৰে আৰু বাকীবোৰ মৌল মাটিৰ পৰা সংগ্রহ কৰে। বর্তমান বিজ্ঞানৰ উন্নতি হোৱা বাবে এইটো প্রমাণিত হৈছে গছক বিশেষকৈ ফলমূল শস্যক এই ষোল্লবিধ মৌলৰ বাহিৰেও আৰু পাঁচ-ছয়বিধ মৌলৰ অতি কম পৰিমাণে হ’লেও প্রযোজন হয় যাক উপকাৰী মৌল বোলা হয়।

মানৱ জাতিক খাদ্যৰ বাবে প্ৰয়োজন হোৱা ফলমূলবোৰ জলবায়ু অনুসৰি তিনিটা ভাগত ভাগ কৰা হৈছে। তাৰে আমাৰ অসমৰ জলবায়ুৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান ক্রান্তীয় আৰু উপ ক্রান্তীয় ফল-মূলৰ শস্যৰ খেতি কৰা হয়। ইয়াৰে ভিতৰত আম, কঠাল, নেমু, কমলা, ৰবাব টেঙা, মধুৰি আম, আমলখি, শিলিখা, কৰ্দৈ, বগৰী, জলফাই, পনিয়ল, লেটেকু ইত্যাদি। এই শস্যবিলাক ওখ পানী জমা নোহোৱা সাৰুৱা, বালিয়া পলসুৱা মাটিত ৰোপণ কৰা হয়। এই সাৰুৱা মাটিৰ পৰাই গছজোপাই ইয়াৰ প্রয়োজনীয় মৌল বা খাদ্যবোৰ আহৰণ কৰে। এই ফলমূল শস্যবোৰ বহুবর্ষজীৱী হোৱা বাবে প্রতিবছৰে গছজোপাৰ ডাল-পাত, শিপাবোৰ বাঢ়ি ডাঙৰ হৈ থাকে বাবে গছজোপাৰ বছৰে প্রতি প্রয়োজনীয় খাদ্যৰ পৰিমাণ বাঢ়ি গৈ থাকে। গতিকে গছজোপাই একেডোখৰ মাটিৰ পৰা বাহিৰৰ পৰা গছৰ খাদ্য বা মৌলবোৰ ৰাসায়নিক সাৰ হিচাপে প্রয়োগ কৰিব লাগে।

অসমৰ মাটি আৰু জলবায়ু অনুসৰি বাৰ মাহে ফল পাই থকা শস্য হৈছে কল। কল শস্য যদিও বছৰেকীয়া শস্য তথাপি এজোপাৰ পাছত আনজোপা গছ ওলাই থাকে বাবে ই বহু বর্ষজীৱী ৰূপ ধাৰণ কৰে। প্রতিজোপা কলগছত ২-৩ পাচি গোবৰ, ২৪ ০ গ্রাম ইউৰিয়া, ২০০ গ্রাম একক চুপাৰ ফচফেট আৰু ৫৫০ গ্রাম মিউৰেট অব পটাছ সাৰ প্ৰয়োগ কৰিব লাগে। এই সাৰখিনিৰ সম্পূর্ণ ভাগ, ছুপাৰ ফচফেট আৰু আধাভাগ ইউৰিয়া আৰু পটাছ সাৰ কলপুলি ৰোৱাৰ তিনিমাহৰ পাছত আৰু বাকী থকা ইউৰিয়া আৰু পটাছ সাৰখিনি পুলি ৰোৱাৰ পাঁচমাহৰ পাছত প্রয়োগ কৰিব লাগে|

নাৰিকল শস্যত ফলৱতী গছত সাৰ প্রয়োগৰ নিৰিখ হৈছে গছে প্রতি ৫-৬ পাচি গোবৰ, ১৫০০ গ্রাম ইউৰিয়া, ২৫০০ গ্রাম একক ছুপাৰ ফচফেট ১৭০০ গ্রাম মিউৰেট অব পটাছ আৰু ৫০ গ্রাম বৰাক্স সাৰ প্রয়োগ কৰিব লাগে। তামোল গছৰ বাবে ৰাসায়নিক সাৰৰ নিৰিখ হৈছে গছে প্রতি ২-৩ পাচি গোবৰ, ২২৫ গ্রাম ইউৰিয়া, ২৫০ গ্রাম চুপাৰ ফচফেট, ২৭৫ গ্রাম মিউৰেট অৱ পটাছ সাৰ আৰু ২৫ গ্রাম বৰাক্স সাৰ প্রয়োগ কৰিব লাগে। নিৰিখৰ দুটা ভাগ কৰি এটা ভাগ চ’ত-ব’হাগ মাহত আৰু আনটো ভাগ আহিন-কাতি মাহত প্রয়োগ কৰিব লাগে।

টেঙা জাতীয় শস্যৰ ফলমূল গছ (যেনে নেমু, কমলা, সুমথিৰা, ৰবাব টেঙা, চকলাটেঙা আদি শস্যত ইয়াৰ প্ৰয়োজনীয় সাৰখিনি সমানে তিনিটা ভাগত ভাগ কৰি এটা ভাগ ব’হাগ মাহত, এভাগ আহাৰ মাহত আৰু তৃতীয়টো ভাগ ভাদ মাহত প্রয়োগ কৰিব লাগে। কাজি নেমু, গোল নেমু শস্যৰ ফলৱতী গছত (চাৰি বছৰৰ ওপৰৰ বয়স) ৪-৫ পাচি গোবৰ, ১২০০ গ্রাম ইউৰিয়া, ২৫০০ গ্রাম ছুপাৰ ফচফেট, ১০০০ গ্রাম পটাছ সাৰ প্রয়োগ কৰিব লাগে। এইখিনি সাৰৰ বাহিৰেও জেঠমাহ, আহাৰ মাহ আৰু শাওণ মাহত এবাৰ এবাৰকৈ তিনিবাৰ অনুসাৰৰ মাল্টি প্লেক্স আদিৰ যিকোনো এটা সাৰৰ দশমিক দুই বা তিনি শতাংশ মিশ্রণ গছৰ পাতত ছটিয়াব লাগে।

মাটিকঁঠাল শস্যৰ বাবে বিঘাই প্রতি ১৫-২০ কুইণ্টল গোবৰ আৰু প্ৰতিটো পুলিৰ বাবে ২৫-২০ কুইণ্টল গোবৰ, আৰু প্ৰতিটো পুলিৰ বাবে ২৫ গ্রাম ইউৰিয়া, ১২ গ্রাম একক ছুপাৰ ফচফেট আৰু ২০ গ্রাম মিউৰেট অব পটাছ সাৰ প্রয়োজন।

ইয়াৰে সম্পূর্ণ গোবৰ, ছুপাৰ ফচফেট আৰু পটাছ সাৰ আৰু আধাভাগ ইউৰিয়া সাৰ পুলি ৰোৱাৰ আগত আৰু বাকীভাগ ইউৰিয়া পুলি ৰোৱাৰ দুমাহৰ পাছত প্রয়োগ কৰিব লাগে। লিচু শস্যৰ ফলৱতী গছত ৫-৬ পাচি গোবৰ, ১০০০ গ্রাম ইউৰিয়া, ২০০০ গ্রাম একক চুপাৰ ফচফেট আৰু ৫০০ গ্রাম মিউৰেট অব পটাছ সাৰৰ প্রয়োজন। অন্যহাতে, ফলৱতী মধুৰি আম গছত ৫-৬ পাচি গোবৰ, ৫০০ গ্রাম ইউৰিয়া, ১৫০০ গ্রাম একক ছুপাৰ ফচফেট আৰু ৪০০ গ্রাম পটাছ সাৰৰ প্রয়োজন হয়। লিচু আৰু মধুৰিআমৰ গছত এই প্রয়োজনীয় সাৰখিনি দুটা ভাগ কৰি এটা ভাগ চ’ত-ব’হাগ মাহত আৰু আনটো ভাগ ভাদ-আহিন মাহত প্রয়োগ কৰিব লাগে। ফলমূল শস্যত ৰাসায়নিক সাৰ প্ৰয়োগ কৰিব নোৱাৰিলেও প্রতি দুমাহৰ মূৰে মূৰে দুই-এপাচি গোবৰ বা পচন সাৰ বা কেঁচুসাৰ প্ৰয়োগ কৰাটো অতি প্ৰয়োজনীয়। ঠিক তেনেদৰে গৌণ ফলমূল, পনিয়ল, কৰ্দৈ, থেকেৰা, আমলখি শস্যতে প্রতি দুমাহৰ অন্তৰত ২-৩ পাচি গোবৰ বা পচনসাৰ প্রয়োগ কৰিব লাগে।

লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি।

 

মীন পালনত এজ’লাৰ ব্যৱহাৰ-


এজ’লা এবিধ পানীত মুক্তভাৱে ওপঙি থকা গাঢ় সেউজীয়া ৰঙৰ জলজ উদ্ভিদ। সাধাৰণ ভাষাত এজ’লাক পুণি বুলিও জনা যায়। এই উদ্ভিদবিধৰ এবিধ বিশেষ ধর্ম হ’ল ইয়াৰ পাতৰ বহিঃপৃষ্ঠত থকা বেক্টেৰিয়াৰ সহায়ত বায়ুমণ্ডলৰ নাইট্ৰজেন সঞ্চয় কৰিব পৰা ক্ষমতা। বর্তমান সময়ত এজ’লাই নাইট্ৰজেনযুক্ত জৈৱিক সাৰ হিচাপে বিশেষ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে। পৃথিৱীত ৭ টা প্রজাতিৰ এজ’লা উপলব্ধ যদিও ভাৰতবৰ্ষত মাত্র তিনিটা প্রজাতি যেনে এজ’লা পিন্নাটা, এজ’লা মাইক্ৰ’ফাইলা আৰু এজ’লা কেৰ’লিনিয়ানাৰ উৎপাদন অধিক জনপ্রিয়। এইবিধ উদ্ভিদত থকা কিছুমান ধর্ম যেনে উচ্চ নাইট্ৰজেন আহৰণ ক্ষমতা, অতি দ্রুত বংশবৃদ্ধি আৰু দ্রুত পচন প্রক্রিয়াই জৈৱ সাৰ হিচাপে ইয়াৰ গুৰুত্ব অতিশয় বৃদ্ধি কৰাত অৰিহনা যোগোৱা পৰিলক্ষিত হৈছে। বিভিন্ন পৰীক্ষাৰ পৰা এইটো প্রমাণিত হৈছে যে এজ’লাই পাতত থকা ‘এনবিনা এজ’লী” নামৰ বেক্টেৰিয়াবিধৰ সহায়ত প্রতিদিনে প্রতি হেক্টৰ (৭.৫ বিঘা)ত প্রায় ১.০২–১.৬ কিঃ গ্ৰাঃ নাইট্র’জেন আহৰণ কৰিব পাৰে। ইয়াৰ উপৰি এইটোত প্রমাণিত হৈছে যে একক পৰিমাণৰ এজ’লাৰ বংশ বৃদ্ধি হৈ তাৰ দুগুণ হ’বলৈ মাত্র ৩ দিনৰহে প্রয়োজন হয়। এজ’লাৰ খৰতকীয়া বৃদ্ধি বাবে উৎকৃষ্ট তাপমান হ’ল ১৮–২৮ ডিগ্রী ছেণ্টিগ্রেড। ইয়াৰ উপৰি এই উদ্ভিদবিধৰ বৃহৎ পৰিসৰৰ অম্লগুণে (pH ৩.৫-১০) অসমৰ পৰিৱেশৰ বাবে এক অনন্য বৰঙনি যোগাইছে। এজ’লাত প্রায় ১৩-৩০% প্ৰ’টিন, ৪-৬.৩% স্নেহ পদার্থ, ৯–১৭% আঁহ জাতীয় পদার্থ থকাৰ উপৰি ১০-১৫% বিভিন্ন মণিক আৰু ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়।

কৃষি ক্ষেত্ৰত ব্যৱহাৰৰ বাবে এজ’লা ধানৰ লগতে পথাৰত উৎপাদন কৰিব পাৰি। কিন্তু মীন পালনত ব্যৱহাৰ কৰিবলৈ হ’লে ইয়াৰ পৰিচৰ্যা পৃথককৈ কৰা উচিত। এই ক্ষেত্ৰত পানী বেছিকৈ নথকা পুখুৰী বা নলা, পানীৰ চৌবাচ্চা, প্লাষ্টিকৰ যতন বা চিমেণ্টৰ চিষ্টার্ন ব্যৱহাৰ কৰিব পাৰি। সাধাৰণ মীন পালক এজনে গ্রহণ কৰিব পৰা কম খৰচী এটা ব্যৱস্থাৱলী হ’ল:

(ক) ১ মিঃ x ২ মিঃ x ০.২ মিঃৰ এটা গাঁত খান্দি লওক।

(খ) গাঁতটোত ০.৫ মিঃ মিঃ ডাঠ পলিথিন পাৰি দিয়ক।

(গ) গাঁতটোৰ চাৰিওকাষে মাটিৰে লিপি লওক আৰু ১০ ছেঃ মিঃ হোৱাকৈ পানী দিয়ক।

(ঘ) গাঁতটোৰ পানীত ২০০ গ্ৰাঃ গুড়ি গোবৰ, ১০ গ্ৰাঃ একক চুপাৰ ফছফেট আৰু ১০ গ্রাঃ মিউৰেট অৱ পটাছ প্রয়োগ কৰক|

(ঙ) ইয়াৰ পিছতে প্ৰতিটো খালত ৩০০-৪০০ গ্ৰাঃ এজ’লা মেলি দিয়ক।

(চ) ১৫ দিনত এজ’লাৰ বংশ বৃদ্ধি হৈ ১০-১৫ গুণ হয়। এই সময়তে এজ’লাখিনি চপাওক আৰু মীন ক্ষেত্ৰত ব্যৱহাৰ কৰক|

মীন পালনত এজ’লাৰ ব্যৱহাৰ

মীন পালনত এজ’লা প্রধানতঃ নাইট্ৰজেনযুক্ত জৈৱ সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ দ্রুত পচন প্রক্রিয়াৰ বাবে ই অনুজীৱজনিত খাদ্য শৃংখলৰ ভাঙন প্রক্রিয়াত এক উপযুক্ত আহিলা হিচাপে কাম কৰে। ইয়াৰ উপৰি এজ’লাৰ উচ্চ প্ৰ’টিন বিশিষ্ট গুণৰ বাবে ইয়াক কার্প আৰু মিছা মাছ উভয়ৰে ক্ষেত্ৰত পৰিপূৰক খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। পৰিপূৰক খাদ্য হিচাপে প্রয়োগ কৰোঁতে এজ’লাখিনি শুকুৱাই বা পচন কৰাৰ পিছত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি গ্ৰাছকাৰ্পৰ দৰে তৃণভোজী মাছৰ ক্ষেত্ৰত সতেজ এজ’লা খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি। সমন্বিত ধান-মাছপালন প্রক্রিয়াত ধাননি পথাৰৰ পানীত এজ’লা প্রতিবিঘাত প্রায় ৬৫ কিঃগ্ৰাঃ হাৰত মেলি দি ধানৰ লগতে মাছৰো উৎপাদন ব্যয় বহুখিনি হ্রাস কৰিব পৰা যায়। পৰীক্ষাৰ পৰা এইটো প্রমাণিত হৈছে যে প্রতি ৭.৫ বিঘা (১ হেক্টৰ) পানীকালিত প্রয়োজন হোৱা এজ’লা সাৰে ১০০ কিঃগ্ৰা: নাইট্ৰজেন, ২৫ কিঃগ্ৰাঃ ফছফৰাছ আৰু ৯০ কিঃগ্ৰাঃ পটাছিয়ামৰ অৰিহনা যোগায়।

লিখক: বিৰাজ বিকাশ শৰ্মা, দৈনিক জনমভূমি।

2.93548387097
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top