অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি বাৰ্তা

কৃষি বাৰ্তা লিখা হৈছে

কণী পৰা ঘৰলৈ কুকুৰাজাক কেতিয়া অনা উচিতঃ

 

কুকুৰাজাকক বাঢ়নীয়া অৱস্থাতে কণী পৰা ঘৰলৈ অনা উচিত। সাধাৰণতে জাকটোৰ বয়স ১৭ সপ্তাহ হ’লে সিহঁতৰ নতুন ঘৰলৈ অনাৰ ব্যৱস্থা কৰিব লাগে। কুকুৰাজাকটো স্থানান্তৰ কৰিবৰ বাবে ধৰা-মেলা কৰি আনোতে পাব পৰা হেঁচা বা পীড়নৰ পৰা মুক্ত হ’বলৈ সিহঁতক কিছুদিন সময়ৰ আৱশ্যক হয়। তদুপৰি নতুন ঘৰৰ নতুন পৰিৱেশৰ লগত মিলি যাবৰ বাবে জাকটোক দুদিনমান সময় লাগে। সেয়েহে ১৭ সপ্তাহ বয়সত নতুন ঘৰলৈ স্থানান্তৰ কৰিলে সঠিক সময়ত কণী উৎপাদন আৰম্ভ কৰাত একো অসুবিধা নহয়।

(উৎসঃ অসমীয়া খবৰ)।

চাৰা চাম্বেলী হাঁহৰ বৈশিষ্ট্যঃ

 

চাৰা হাঁহঃ

এইবিধ মাইকী হাঁহৰ পাখিবোৰ দেখাত প্ৰধানতঃ ক’লা-মুগা বৰণৰ আৰু মতা হাঁহবোৰৰ মূৰৰ পাখিবোৰ উজ্জ্বল সেউজীয়া ক’লা ৰঙৰ। এদিনীয়া হাঁহ পোৱালিবোৰৰ ওজন গড় হিচাপে ৪৭ গ্ৰাম আৰু ২০ সপ্তাহ বয়সত মাইকী হাঁহবোৰৰ ওজন ১৫৩৮ গ্ৰাম আৰু মতাবোৰৰ ১৬৪৩ গ্ৰাম।

চাম্বেলী হাঁহঃ

চাম্বেলী মাইকী হাঁহৰ পাখিৰ বৰণ দেখাত মুগা-ক’লা আৰু মতা হাঁহৰ মূৰৰ পাখিৰ ৰং শেঁতা পৰা সেউজীয়া ক’লা। চাম্বেলী হাঁহৰ এদিনীয়া পোৱালি আৰু মতাবোৰৰ ওজন চাৰাৰ সৈতে প্ৰায় সমান। মাইকী চাম্বেলী হাঁহৰ ওজন ১৪৯৭ গ্ৰাম।

উপৰিউক্ত দুয়োবিধ হাঁহৰ সংযোজনত যিবোৰ হাঁহ পোৱালি হয়, সেইবোৰক চাৰা চাম্বেলী হাঁহ বোলা হয়। এনেবোৰ হাঁহ দেখাত মুগা আৰু পখৰা ধৰণৰ হয়।

চাৰা চাম্বেলী হাঁহৰ উৎপাদন সামৰ্থ্যঃ

-  প্ৰথমটো কণী পাৰোতে গড় হিচাপে বয়সঃ ১৩৮-১৫০ দিন।

-  ৫০ শতাংশ কণী উৎপাদন কৰোতে বয়সঃ ১৪৮-১৮৭ দিন।

-  কণী উৎপাদন বাৰ্ষিকঃ ১৮০-২০০টা সংখ্যা।

-  ৪০ সপ্তাহ বয়সৰ হাঁহে পৰা কণীৰ গড় ওজনঃ ৬৮-৭০টা সংখ্যা।

-  ৪০ সপ্তাহ বয়সৰ হাঁহৰ গড় ওজনঃ ১৫৬০ গ্ৰাম।

- প্ৰতিটো/প্ৰতিজনী হাঁহে নিতৌ খোৱা আহাৰৰ ওজনঃ ১২০-১৫০ গ্ৰাম।

(উৎসঃ অসমীয়া খবৰ)।

বান্ধ পদ্ধতিৰে মাছৰ প্ৰজননঃ

 

বান্ধ প্ৰজনন দুই ৰকমৰ, যেনে- আৰ্দ্ৰ বান্ধ প্ৰজনন আৰু শুকান বান্ধ প্ৰজনন। আৰ্দ্ৰ বান্ধত এটা প্ৰজননকাৰী মাছৰ বাবে পুখুৰী থাকে আৰু তাত বছৰৰ বাৰ মাহে পানী থাকে। প্ৰজননকাৰী মাছবোৰক ইয়াত খুৱাই-বুৱাই ৰাখি বাৰিষা যেতিয়া বৰষুণ আৰম্ভ হয়, তেতিয়া গোটেই অঞ্চলৰ ওখ ঠাইখিনিৰ জমা হোৱা পানীখিনি এই পুখুৰীৰ মাজেৰে যাব পৰা ব্যৱস্থা কৰি দিয়া হয়। পুখুৰীৰ দুই ফালে অন্তৰ্দ্বাৰ আৰু বহিৰ্দ্বাৰৰ ব্যৱস্থা থাকে। কিনকিনীয়া বৰষুণ দি থকা ঠাণ্ডা বতৰত বিশেষকৈ শুক্লপক্ষত প্ৰজননকাৰী মাছবোৰ বহিৰ্দ্বাৰৰ ওচৰৰ মুকলি এঢলীয়া ঠাইত মিলিত হৈ কণী পাৰে।

শুকান বান্ধ প্ৰজননত খৰালি পানী নাথাকে। ০.১ হেক্টৰৰ পৰা ২.০ হেক্টৰ আকাৰৰ শুকান পুখুৰীত অন্তৰ্দ্বাৰৰ ব্যৱস্থা কৰা থাকে। যেতিয়া বৰষুণ দিয়ে ওপৰৰ অঞ্চলৰ পৰা বৰষুণৰ পানীৰ সোঁতঢল নমাদি এই পুখুৰীৰ মাজেৰে বয়। তেতিয়া ওচৰৰ প্ৰজননকাৰী মাছ ৰখা পুখুৰীৰ পৰা মাছ আনি এই পুখুৰীত মেলিব লাগে। সম ওজনৰ এজনী মাইকী মাছৰ বিপৰীতে দুটা মতা মাছ এৰিব লাগে। এনেদৰে মেলাৰ এদিনৰ পৰা তিনিদিনৰ ভিতৰত মাছে কাষৰ এঢলীয়া ঠাইত মিলিত হৈ কণী পাৰে। কণী পৰাৰ পাছত পানীৰ সোঁত বন্ধ কৰি দি কণীবোৰ ঘন জালেৰে তুলি ওচৰতে সাজি ৰখা মাটিৰ গাঁতৰ একে ঠাইৰ পানীৰে পূৰ্ণ কৰি কণীবোৰ পোনা উৎপাদনৰ বাবে দিয়া হয়। যদি সুবিধা থাকে তেন্তে কণীবোৰ গ্লাছজাৰ হেচ্ছাৰীত পোনা উৎপাদনৰ বাবে দিয়া হয়।

ঢল সৃষ্টি কৰিব পৰাকৈ বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ নকৰি উত্তোলিত জলাধাৰত পানী জমা কৰি লৈ তাৰ পৰা পাইপৰ সহায়ত প্ৰজনন পুখুৰীত কৃত্ৰিম সোঁতৰ সৃষ্টি কৰিও মাছৰ কণী পৰোৱা হয়। এনে প্ৰজননকাৰী পুখুৰীবোৰ ১০ মিটাৰ x ৬ মিটাৰ আকাৰৰ কৰি পকা কৰি ল’লে সুবিধা হয়।

মিনি বান্ধ প্ৰজননঃ

আশীৰ দশকত এই পদ্ধতি পশ্চিমবংগত মীন পোনা উৎপাদকসকলৰ মাজত অতি জনপ্ৰিয় হৈ উঠে। ইয়াত এটা ৭৫ x ২৫ ফুট জোখৰ চিমেণ্টৰ পুখুৰী থাকে য’ত কাষৰ ঢালটো প্ৰায় ১∶১। পুখুৰীটোৰ তলৰ অংশটি পকা আৰু দুভাগত বিভক্ত। প্ৰথম পাৰ্শ্বীয় অংশটি ৫০ৰ পৰা ক্ৰমাৎ হেলনীয়া হৈ গভীৰ অংশটি ২৫ হয়গৈ। পুখুৰীটো এনেকৈ তৈয়াৰ কৰা হয় যাতে পাৰ্শ্বীয় অংশটিত এক মিটাৰ আৰু গভীৰ অংশটিত ২ মিটাৰ পানী থাকে। বান্ধটিৰ তলৰ অংশটি ৬ ইঞ্চি বালিৰে আবৃত। এবাৰত ৪০ৰ পৰা ৫০ কেজি মাইকী মাছ ইয়াত প্ৰজনন কৰিব পাৰি।

পিটুইটাৰী গ্ৰন্থি সংগ্ৰহঃ

পিটুইটাৰী গ্ৰন্থি সংগ্ৰহ কৰিব খোজা মাছটো উবুৰি কৰি লৈ মূৰৰ ওপৰফালৰ টান খোলাটো এখন কছাইৰ দা নাইবা বটালিৰে চুকীয়াকৈ কাটি উলিয়াই দিব লাগে। ইয়াৰ পাছত তুলাৰ সহায়ত চৰ্বিখিনি আঁতৰাই দিলে মগজুটো দেখা যাব। লাহে লাহে মগজুৰ ওপৰপিনৰ দুডাল শিৰ আৰু তলপিনৰ এডাল শিৰ কাটি মগজুটো আনি গাঁতটোত গোট খোৱা তেজ-চৰ্বি আদি চাফা কৰি উলিয়াই দিলেই এটা ভেণ্ডিৰ গুটিৰ আকৃতিৰ গ্ৰন্থি দেখা যাব। খুব সাৱধানে নভঙাকৈ উলিয়াই আনি প্ৰথমে ব্লটিং পেপাৰত থৈ তাত লাগি থকা তেজ, পানী আদি শুকুৱাই পেলাব লাগে। কিয়নো পানী থাকিলেই এই গ্ৰন্থি গেলি যায়। এই গ্ৰন্থিটোৱেই পিটুইটাৰী গ্ৰন্থি। এই পিটুইটাৰী গ্ৰন্থিবোৰ সৰু ডাঠ বটলত এলক’হলত ডুবাই ৰাখিব লাগে। ২৪ ঘণ্টাৰ পাছত এলক’হলখিনি আকৌ বদলাই দিব লাগে। ইয়াৰ পাছত গ্ৰন্থিবোৰ এটা এটাকৈ জুখি ওজনৰ ক্ৰম অনুসাৰে ৰঙচুৱা বটলত ভৰাই শুকান ঠাইত নাইবা ৰেফ্ৰিজাৰেটৰত ভৰাই থ’ব লাগে। ভালকৈ সংৰক্ষণ কৰা পিটুইটাৰী গ্ৰন্থি দুই-তিনি বছৰলৈকে ব্যৱহাৰ কৰিব পাৰি।

মৃত মাছ অথবা বৰফত সংৰক্ষণ কৰা মাছৰো পিটুইটাৰী গ্ৰন্থি সংগ্ৰহ কৰিব পাৰি। আনকি বিক্ৰীৰ বাবে ৰখা কটা মাছৰ মূৰৰ পৰাও পিটুইটাৰী গ্ৰন্থি উলিয়াব পাৰি। পিটুইটাৰী গ্ৰন্থি যিকোনো মাছৰে প্ৰয়োগ কৰিব পাৰি। কিন্তু ৰৌ, বাহু, মিৰিকা আদি মাছৰ পিটুইটাৰী গ্ৰন্থি বেছ ফলদায়ক হিচাপে চিহ্নিত হৈছে। পিটুইটাৰী গ্ৰন্থি প্ৰয়োগ কৰিবলৈ প্ৰতি কিলোগ্ৰাম ওজনৰ মাছৰ বাবে ২-৩ মিলিগ্ৰামকৈ পিটুইটাৰী গ্ৰন্থি লৈ ব্লটিং কাগজ এখনত ল’ব আৰু পেষণ যন্ত্ৰত ভৰাই গুড়ি কৰিব লাগে। গুড়ি কৰোতে শতকৰা তিনিভাগ নিমখযুক্ত পানী মিহলাই ল’ব লাগে। এনেদৰে দ্ৰৱ বনাওতে চাব লাগে যাতে এজনী মাছত ১ মিলিলিটাৰৰ বেছি দ্ৰৱ দিয়া নহয়।

এনে ধৰণৰ দ্ৰৱ প্ৰস্তুত কৰি কেন্দ্ৰ বহিঃমুখী ঘূৰোৱা যন্ত্ৰত কাঁচৰ নলটো দি এক মিনিটমান সময় ঘূৰাব লাগে। এইদৰে গেদখিনি তলত পৰে আৰু ওপৰৰ পৰা পৰিষ্কাৰ দ্ৰৱ বেজীৰে শুহি আনিবলৈ সুবিধা হয়।

যদি পোনা উৎপাদনকাৰীসকলে পিটুইটাৰী গ্ৰন্থি সংগ্ৰহত অসুবিধা পায় তেন্তে বজাৰৰ পৰা ভাল গ্ৰন্থি সংগ্ৰহ কৰিও মাছৰ আৱিষ্ট প্ৰজনন কৰিব পাৰি।

(উৎসঃ অসমীয়া খবৰ, ড ধ্ৰুৱজ্যোতি শৰ্মা, ড সঞ্জয় শৰ্মা)।

শীতকালত পুখুৰীৰ যতনঃ

 

শীতকালত পুখুৰীৰ পানী কমি যোৱাৰ সময়তে মাছৰ এবিধ মহামাৰী ৰোগ হোৱা দেখা যায়। এই সংক্ৰামক ৰোগবিধত বিশেষকৈ ৰৌ, কমনকাৰ্প, মিৰিকা, শিঙি, মাগুৰ, কাৱৈ, শ’ল আদি মাছ আক্ৰান্ত হোৱা দেখা যায়। এই ৰোগ আৰম্ভ হোৱাৰ মাত্ৰ কেইদিনমানৰ ভিতৰতে পুখুৰীৰ অধিকাংশ মাছৰে মৃত্যু হয়। শীতৰ সময়ছোৱাত পুখুৰীৰ পানীৰ গভীৰতা কমাৰ উপৰি পানীৰ উষ্ণতা হ্ৰাস পায়, পানী ঘোল হয় তথা পানীৰ গভীৰতাৰ তুলনাত মাছৰ সংখ্যা বাঢ়ি যায়। এনে প্ৰতিকূল পৰিস্থিতিৰ উপৰি পুখুৰীত নিয়মীয়াকৈ চূণ প্ৰয়োগ নকৰাৰ ফলতো মাছৰ মহামাৰী ৰোগ হ’ব পাৰে। এই ৰোগ হোৱাৰ পাছত প্ৰতিকাৰ কৰা সহজ নহয়। সেইবাবে ৰোগ প্ৰতিৰোধৰ আগতীয়া ব্যৱস্থা গ্ৰহণ কৰাটোহে গুৰুত্বপূৰ্ণ কথা। সেইবাবে কেতবোৰ দিশত মীনপালকসকলে গুৰুত্ব দিব লাগে।

-  প্ৰতিবিঘা পানীকালিৰ একোটা পুখুৰীত ৩০-৪০ কিলোগ্ৰাম পোৰা চূণ তিনিটা সমান কিস্তিত প্ৰয়োগ কৰিব।

- প্ৰতিবিঘা পানীকালিৰ হিচাপত ৩০০-৫০০ গ্ৰাম পটাছ প্ৰয়োগ কৰিব।

- প্ৰতিলিটাৰ পানীত পাঁচ গ্ৰাম হিচাপত নিমখ মিহলাই প্ৰস্তুত কৰা মিশ্ৰণত আক্ৰান্ত মাছবোৰ আধা ঘণ্টা ডুবাই ৰাখি পুনৰ পুখুৰীত এৰি দিব।

- প্ৰতিবিঘা পানীকালি পুখুৰীৰ বাবে ১০ কিলোগ্ৰাম পোৰা চূণ আৰু এক কিলোগ্ৰাম হালধি গুড়িৰ মিশ্ৰণ কৰি তিনিভাগ কৰি ল’ব। এদিনৰ ব্যৱধানত এভাগকৈ পুখুৰীত প্ৰয়োগ কৰিব।

- মাছৰ প্ৰতি কিলোগ্ৰাম খাদ্যৰ সৈতে এক গ্ৰাম টেট্ৰা চাইক্লিন মিহলাই সাতদিন খাবলৈ দিব।

- প্ৰতিবিঘা পানীকালিৰ বাবে ১২০ গ্ৰাম চিফেক্স প্ৰয়োগ কৰিব পাৰে।

ওপৰত উল্লিখিত প্ৰতিষেধক ব্যৱস্থাবোৰৰ ভিতৰৰে যিকোনো এটা গ্ৰহণ কৰিলেই মাছবোৰ ৰোগমু্ক্ত হৈ থাকিব। অৱশ্যে এইক্ষেত্ৰত স্থানীয় মীন বিষয়াৰ পৰামৰ্শ লৈহে কামত আগবাঢ়িব।

(উৎসঃ অসমীয়া খবৰ)।

মুগা পলু পালনেৰে আত্মসংস্থাপনৰ নতুন পথঃ

 

শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত থকা চাৰিদুৱাৰ মুগা পলু খাদ্য গছৰ ৰোপণ কেন্দ্ৰটিত ধেমাজিৰ ঘুগুহা গাঁৱৰ নিৱাসী সুৰেন গগৈ, হোমেন গগৈ, তিতু গগৈ আৰু লক্ষী গগৈয়ে মুগা পলু পালন কৰি আহিছে। মুগা পলুৰ পৰা পৰৱৰ্তী সময়ত মুগা সূতা তৈয়াৰ কৰি পত্নীসকলৰ দ্বাৰা মুগাৰ মেখেলা-চাদৰ তৈয়াৰ কৰি বজাৰত বিক্ৰী কৰি পৰিয়ালকেইটা স্বাৱলম্বী হৈ আহিছে। মুগা পালক সুৰেণ গগৈয়ে এই প্ৰতিবেদকক জানিবলৈ দিয়ে যে যোৱা বৰ্ষত ধেমাজিৰ পৰা অহা ১০ জনীয়া এটা দলে চাৰিদুৱাৰ মুগা পলু খাদ্য গছৰ ৰোপণ কেন্দ্ৰটিত মুগা পলু পালনেৰে গাইপতি প্ৰায় ৪০ হেজাৰ টকাকৈ লাভৰ মুখ দেখিছিল। ৰাজ্যখনৰ ভিন্ন প্ৰান্তত থকা চৰকাৰী ফাৰ্মসমূহত চৰকাৰক ১০ শতাংশ ৰাজহ আদায় দি তেওঁলোকে মুগা পলু পালন কৰি আহিছে। তেওঁলোকে চাৰিদুৱাৰকে ধৰি বিহপুৰীয়া, মাজুলী, নাৰায়ণপুৰ, গহপুৰ, মালিপুৰ, গোগামুখ আদি ঠাইত মুগা পলু পালন কৰি আহিছে। লগতে তেওঁ সদৰী কৰে যে প্ৰতিখন ফাৰ্মত ১৪ হেজাৰ টকাৰে এক কেজি মুগা পলুৰ কণী ক্ৰয় কৰি আনি উক্ত কণীৰ পৰা প্ৰায় ৬০ হেজাৰ পলু জন্ম দিয়ে। জাৰুৱা মুগা, জেঠৰুৱা মুগা আৰু কটিয়া মুগাৰে তিনিটা ভাগত মুগা পালকসকলে মুগা পলু পালন কৰি আহিছে। ইতিমধ্যে মুগা পালকসকলে চাৰিদুৱাৰত মাঘ-ফাগুনৰ পৰা আৰম্ভ কৰি চ’তৰ শেষত মুগা সূতা তৈয়াৰ কৰে। বৰ্তমান পালন কৰি থকা মুগা পলুবোৰৰ পৰা জেঠৰ শেষত সূতা তৈয়াৰ কৰিব বুলি জানিবলৈ দিয়ে। ধেমাজিৰ মুগা পালকসকলে শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, শ্বিলঙৰ গাৰো পাহাৰৰ পৰা মুগা পলুৰ কণী ক্ৰয় কৰি আনে যদিও তেওঁলোকে মাজে-সময়ে নিজেও পালন কৰি থকা একাংশ পলুবোৰ চকৰি (পখিলা) কৰি কণীৰ পৰা ব্যৱস্থা কৰি আহিছে। ১৯৭১ চনত চাৰিদুৱাৰ মুগা পলু খাদ্য গছৰ ৰোপণ কেন্দ্ৰটিৰ অধীনত প্ৰায় ৩০ হেক্টৰ তথা ২২৭ বিঘা ভূমি আছে। উক্ত ভূমিত প্ৰায় ৩৩৫০ (তিনি হেজাৰ তিনিশ পঞ্চাশ) ডাল সোম গছ আছে। শেহতীয়াকৈ কেন্দ্ৰটিৰ তিনি হেক্টৰ ভূমিত এম জি এনৰেগা আঁচনিৰ দ্বাৰা প্ৰায় তিনি হেজাৰ সোম গছৰ পুলি ৰোপণ কৰিছে। উল্লেখ্য যে উক্ত কেন্দ্ৰটিত প্ৰায় ৫-৬ গৰাকী কৰ্মচাৰী থাকিব লাগে যদিও দীপক শইকীয়া নামৰ এগৰাকী কৰ্মচাৰীয়ে দুৰ্ভাগ্যজনকভাৱে সকলোবোৰ চোৱা-চিতা কৰিবলগীয়া হৈছে। ইফালে কেন্দ্ৰটিত চৰকাৰে পৰ্যাপ্ত সুবিধা প্ৰদান নকৰাৰ অভিযোগ উঠিছে। বৰ্তমান দায়িত্বত থকা দীপক শইকীয়া অঞ্চলটোৰ নিবনুৱা যুৱকসকলৰ চাৰিদুৱাৰত থকা মুগা পলুৰ কেন্দ্ৰটিত মুগা পলু পালনেৰে নিজকে স্বাৱলম্বী হোৱাৰ লগতে আনকো কৰ্মসংস্থাপনৰ নিদৰ্শন দাঙি ধৰিবলৈ আহ্বান জনাইছে।

(উৎসঃ অসমীয়া খবৰ)।

নিবনুৱাৰ স্বাৱলম্বিতাৰ পথ হ’ব পাৰে কল খেতিঃ

 

তিনিশ ষাঠিজোপা ৰুবা কল/মাহেকে-পষেকে চিকুণাবা তল/পাত-পচলা লাভত পাবা/লংকাৰ বণিজ ঘৰতে পাবা’।– তাহানিতে ডাকে উল্লেখ কৰি যোৱা এই প্ৰবচনফাকি আজিৰ এই একবিংশ শতিকাতো সমানে প্ৰযোজ্য। উন্নত পদ্ধতিৰে কল খেতি কৰিবলৈ হ’লে জাত নিৰ্বাচনৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয়। ব্যৱসায়িক ভিত্তিত কৰিবলৈ হ’লে আমাৰ কৃষকে মালভোগ, জাহাজী, অমৃতসাগৰ আদি জাত নিৰ্বাচন কৰা উচিত। ইয়াৰ বাবে কলৰ নিৰ্দিষ্ট জাতৰ ২-৩ মহীয়া পুলি (১.৫-২০ কিলোগ্ৰাম ওজনৰ) উঠাই আনি ভালদৰে প্ৰস্তুত কৰা ওখ পানী জমা নোহোৱা মাটিত ফাগুন-চ’তৰ পৰা আহাৰ মাহ পৰ্যন্ত শাৰী আৰু গছৰ মাজত ৭ ফুট x ৭ ফুট ব্যৱধান ৰাখি ৰোপণ কৰিব লাগে। পুলি ৰোৱাৰ এমাহৰ আগেয়ে ৪৫ চেণ্টিমিটাৰ দীঘল, ৪৫ চেণ্টিমিটাৰ বহল আৰু ৪৫ চেণ্টিমিটাৰ গভীৰতাৰ জোখত গাঁতবোৰ খান্দিব লাগে। প্ৰতিটো গাঁতত পুলি ৰোৱাৰ সময়ত ১০ কিলোগ্ৰাম শুকান গোবৰ আৰু শুকান মাটিৰ দ্বাৰা পূৰ কৰি ল’ব লাগে। এজোপা কলগছৰ বাবে ২৪০ গ্ৰাম ইউৰিয়া সাৰ, ২১০ গ্ৰাম ছুপাৰ ফছফেট আৰু ৫৫০ গ্ৰাম মিউৰিয়েট অৱ পটাছ সাৰৰ প্ৰয়োজন। এই সাৰখিনি এবাৰতে নিদি পুলি ৰোৱাৰ তিনি মাহ পাছত ১২০ গ্ৰাম ইউৰিয়া আৰু ২৭৫ গ্ৰাম পটাছ সাৰৰ সৈতে সমুদায় ছুপাৰ ফছফেট সাৰখিনি পুলিটোৰ এফুট আঁতৰত ১৫ চেণ্টিমিটাৰ বহল আৰু ১৫ চেণ্টিমিটাৰ দ’ ঘূৰণীয়া নলাত প্ৰয়োগ কৰি নলাটো মাটিৰে ভালদৰে ঢাকি দিব লাগে। বাকী থকা ১২০ গ্ৰাম ইউৰিয়া আৰু ২৭৫ গ্ৰাম পটাছ সাৰ পুলি ৰোৱাৰ ৯ মাহৰ পাছত প্ৰয়োগ কৰিব লাগে। কল খেতিডৰা পৰিষ্কাৰকৈ ৰখা উচিত। আন এটা মন দিবলগীয়া কথা হ’ল যে কলৰ ডিল নোহোৱালৈকে মাতৃগছত এটাও পুলি ৰাখিব নালাগে। এনে কৰিলে কলগছজোপাত বেমাৰ-আজাৰ কম হোৱাৰ লগতে কলৰ থোকবোৰো ডাঙৰ হয়। শস্যকৃমিৰ আক্ৰমণৰ পৰা কল খেতিডৰা বচাবলৈ পুলিও ৰোৱাৰ সময়ত প্ৰতিটো পুলিৰ বাবে ৪০ গ্ৰামকৈ ফুৰাডন ঔষধ বোকাৰ সৈতে মিহলাই প্ৰয়োগ কৰিব লাগে। গা-গছত ঘুণে ধৰা পোক নিবাৰণ কৰিবলৈ ১.৫ মিলিলিটাৰ মালাথিয়ন ৫০ ইচি দৰব প্ৰতিলিটাৰ পানীত মিহলাই গছ আৰু পাতত স্প্ৰে’ কৰিলে সুফল পোৱা যায়। কলৰ বাকলি খোৱা এবিধ বিশেষ পোকে কলৰ বজাৰ মূল্য যথেষ্ট হ্ৰাস কৰে। এই পোকবিধ নিবাৰণ কৰিবলৈ ইকালাক্স নাইবা মালাথিয়ন ৫০ ইচি দৰব ১.৫ মিলিলিটাৰ প্ৰতিলিটাৰ পানীত মিহলাই কলৰ ডিল মেলাৰ লগে লগে গছৰ পাতত এবাৰ আৰু কলৰ আখি ওলোৱাৰ সময়ত আৰু এবাৰ স্প্ৰে’ কৰিব লাগে। পানাম নামৰ কলৰ মহামাৰীসদৃশ বেমাৰবিধ নিয়ন্ত্ৰণ কৰিবলৈ আক্ৰান্ত গছবোৰ মূঢ়ালৈকে উভালি আনি আঁতৰত পুতি পেলোৱাৰ লগতে মাটিৰ উপৰিভাগ, আন কলৰ গা-গছ, পাত আদিত ১ শতাংশ বৰডো মিশ্ৰণ নাইবা বেভিষ্টিন নামৰ দৰব ১ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই ভালদৰে তিতি যোৱাকৈ প্ৰয়োগ কৰিব লাগে। বাঞ্চিটপ নামৰ বেমাৰবিধ নিবাৰণ কৰিবলৈ আক্ৰান্ত গছবোৰ কাটি পেলাব লাগে আৰু কল খেতিডৰাত ৰগৰ নামৰ দৰব ২ মিলিলিটাৰ প্ৰতিলিটাৰ পানীত মিহলাই প্ৰয়োগ কৰিব লাগে। একেডৰা মাটিত তিনিবাৰ ফচল চপোৱাৰ পাছত ঠাইডোখৰ সলোৱা উচিত।

(উৎসঃ নিয়মীয়া বাৰ্তা, তৰুণ হাজৰিকা)।

কলৰ খেতিৰে অৰ্থনৈতিক ভেটি গঢ়িছে ভেৰগাঁৱৰ থানেশ্বৰেঃ

 

ইতিহাস বিজড়িত এটি নাম হৈছে মালমূৰা। ওদালগুৰি জিলাৰ মহকুমা সদৰ চহৰ ভেৰগাঁৱৰ পৰা ১০ কিলোমিটাৰ নিলগত অৱস্থিত এই মালমূৰ ৰাজহ গাঁও। এই গাঁৱৰেই থানেশ্বৰ কছাৰী নামৰ লোকজনে কলৰ খেতিৰে স্বাৱলম্বী হোৱাৰ আদৰ্শ পথ দেখুৱাইছে। যি সময়ত ৰাজ্যখনৰ লাখ লাখ নিবনুৱা স্ব-সংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গমন কৰি চাকৰিৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে, এনে সময়ত এই লোকজনে পতিত মাটিত কল খেতিৰে নিজৰ অৰ্থনৈতিক ভেটি গঢ়াৰ লগতে আন দহজনকো কৰ্ম-সংস্থাপনৰ বাট দেখুৱাই উৎসাহিত তথা অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে। স্বাৱলম্বিতাৰ চানেকি দাঙি ধৰা লোকজন হৈছে মালমূৰ গাঁৱ নিবাসী কৃষক চাবুৰাম কছাৰীৰ বৰ পুত্ৰ। প্ৰায় ৫০ বছৰ গৰকা থানেশ্বৰ কছাৰীয়ে অঞ্চলটিত নানা সামাজিক কামত জড়িত হোৱাৰ উপৰি বিগত সময়ছোৱাত বড়ো আন্দোলনতো প্ৰত্যক্ষভাৱে জড়িত হৈছিল। অশেষ দুখ-কষ্টৰ মাজেৰে জীৱন-যাপন কৰাৰ পিছত গাঁৱৰ ওচৰৰেই হেমন্ত বড়ো, বিপ্লৱ নাৰ্জাৰীক লগত লৈ চিটিচিৰ ই এম লৌমশ্ৰাউ দৈমাৰীৰ পৰামৰ্শ মতে ঘৰৰ সমীপৰ পতিত প্ৰায় দহ বিঘা মাটিত উন্নত প্ৰজাতিৰ মালভোগ আৰু চেনিচম্পা কলৰ বৈজ্ঞানিক পদ্ধতিৰে প্ৰায় তিনি হেজাৰজোপা কল ৰোপণ কৰিছে। বিগত বৰ্ষৰ আহিন মাহত ৰোপণ কৰা কল গছবোৰত ইতিমধ্যে থোপাথোপে কল লাগিবলৈ ধৰিছে। কোনো চৰকাৰী সাহায্য অবিহনে তিনিওগৰাকী ব্যক্তিয়ে মিলি কলৰ খেতিত নিমজ্জিত হয়। প্ৰৱল আত্মবিশ্বাসী আৰু কঠোৰ পৰিশ্ৰমী লোক থানেশ্বৰ কছাৰী, হেমন্ত বড়ো আৰু বিপ্লৱ নাৰ্জাৰীহঁত কেৱল কল খেতিতে সীমাৱদ্ধ থকা নাই, বিভিন্ন শাক-পাচলি, যেনে- আদা, হালধিৰ খেতিও কৰিছে। তেওঁলোকে দহবিঘা কলখেতিৰ পৰা নিঃসন্দেহে আৰ্থিক স্বাৱলম্বী হোৱাৰ থল আছে। একান্ত ইচ্ছাৰে কৰা কামত সদায় নতুন উপায় উদ্ভাৱনৰ চিন্তাশক্তি লুকাই থাকে। সেয়ে মনৰ ইচ্ছা, আগ্ৰহ আৰু চিন্তা থাকিলে সকলোতে সফলতা লাভ কৰিব পাৰি বুলি বিশ্বাস কৰে কছাৰীয়ে। আমিও কওঁ বৰ্তমান সময়ত অসমৰ দৰে ৰাজ্য এখনত কৰ্ম-সংস্কৃতিৰ অধিক উন্নয়ন আৰু যিকোনো অপচয় ৰোধ কৰি যুৱচামক উৎপাদনমুখী কৰি তুলিব লাগিব। কৰ্ম-সংস্কৃতিৰ উন্নয়ন হ’লে অৰ্থনীতিৰ বুনিয়াদো দৃঢ় হব। চৰকাৰৰ ফালৰ পৰাও একোখন জাননী দি বা মেল-মিটিঙত কৰ্ম-সংস্কৃতিৰ ফুলজাৰি নামাৰি হাতে-কামে কৰি দেখুৱাবলৈ যত্নপৰ হওক। থানেশ্বৰ, হেমন্ত, বিপ্লৱহঁতৰ দৰে বহু লোক আছে, যিসকলে অশেষ ত্যাগ কষ্ট কৰিও চৰকাৰৰ পৰা সামান্যতম সহযোগিতা পাবলৈ সক্ষম হোৱা নাই। চৰকাৰৰ পৰা যিকোনো ভাল কাম কৰাৰ বাবে একোটা পুৰষ্কাৰেৰে উৎসাহ জগাই ঐক্যৱদ্ধ প্ৰচেষ্টাৰে কৰ্ম-সংস্কৃতিৰ উন্নতি কৰাৰ উপৰি উৎপাদকতা বৃদ্ধি আৰু সময়ৰ অপচয়ো ৰোধ কৰিব নোৱাৰেনে ? আহক আমি সকলোৱে থানেশ্বৰ কছাৰীহঁতৰ দৰে কৰ্ম-সংস্কৃতি গঢ়ি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হওঁ।

(উৎসঃ নিয়মীয়া বাৰ্তা, প্ৰফুল্ল কুমাৰ বড়ো)।

2.93333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top