মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি বিজ্ঞানৰ অ.আ.ক.খ.- শস্যৰ পুষ্টি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.- শস্যৰ পুষ্টি :

কৃষি বিজ্ঞানৰ অ.আ.ক.খ.- শস্যৰ পুষ্টিৰ


শস্যৰ পুষ্টি -

উদ্ভিদ শৰীৰৰ বাবে অৰ্থাৎ পুষ্টিৰ বাবে যে বিভিন্ন পুষ্টিমৌলৰ প্ৰয়োজন হয় আৰু উদ্ভিদে সেইবোৰ যে মাটিৰ পৰাই আহৰণ কৰে সেইবিষয়ে প্ৰথম পাঠতে আলোচনা কৰা হৈছিল। শস্যৰ বাবে প্ৰয়োজনীয় পুষ্টিমৌল মাটিত পৰ্যাপ্ত পৰিমাণে থাকিলে তেনে মাটিক সাৰুৱা মাটি বুলি কোৱা হয়। অন্যহাতে মাটিত ইয়াৰ অভাৱ থাকিলে বাহ্যিকভাৱে সেইবোৰ যোগান ধৰা হয়, যিবোৰক আমি সাৰ বুলি কও। মুঠ কথাত মাটিত উদ্ভিদৰ বাবে প্ৰয়োজনীয় পুষ্টিমৌল যোগানৰ বাবে যিবোৰ দ্ৰব্য প্ৰয়োগ কৰা হয় তাকে আমি ঠোৰতে সাৰ বুলি কব পাৰো।

উদ্ভিদৰ পৰিপুষ্টিৰ বাবে ১৬ বিধ মৌলৰ প্ৰয়োজনীয় বুলি বিজ্ঞানীসকলে ঠাৱৰ কৰিছে। সেইবোৰ হল-

১। মুখ্য পুষ্টিদ্ৰব্যঃ এইবোৰক অধিক পৰিমাণে শস্যৰ দৰকাৰ হয়- নাইট্ৰজেন, ফচ্ফৰাচ আৰু পটেছিয়াম
২। গৌণ পুষ্টিদ্ৰব্যঃ এইবোৰক কিছু কম পৰিমাণে দৰকাৰ হয় যদিও বহুতো শস্যৰ বাবে অতি লাগতিয়াল- কেলছিয়াম, মেগনেছিয়াম আৰু ছালফাৰ
৩। সুক্ষ্ম পুষ্টিদ্ৰব্যঃ শস্যক অতি কম পৰিমাণৰ লাগে, কিন্তু এইবোৰৰ অভাৱেও কেতিয়াবা শস্যৰ অপুষ্টি হয়- আইৰণ (লো),মেঙ্গানিজ, বৰণ, জিংক(দস্তা), কপাৰ (তামা), মলিবডেনাম আৰু ক্লৰিণ।
লক্ষ্যণীয় বিষয় এই যে শস্যৰ বাবে অতি প্ৰয়োজনীয় তিনিবিধ মৌল-কাৰ্বন, হাইড্ৰজেন আৰু অক্সজেন উদ্ভিদে বায়ুমণ্ডল আৰু পানীৰ পৰা সংগ্ৰহ কৰে।

বিধে বিধে মৌল, বিধে বিধে কাম

নাইট্ৰজেনঃ

১)ই উদ্ভিদক গাঢ় সেউজীয়া কৰে।
২)গা-গছ আৰু পাতৰ বৃদ্ধিত অৰিহণা যোগায়।
৩)খাদ্যশস্যত মাংসসাৰৰ (প্ৰটিন) পৰিমাণ বৃদ্ধি কৰে।
৪) শিপাই মাটিৰ পৰা পুষ্টিমৌল আহৰণত সুবিধা হয়।
নাইট্ৰজেনৰ অভাৱ হলে-
৫) শস্যৰ বৃদ্ধি আৰু বিকাশত বাধা জন্মে
৬)বয়সীয়াল পাতবোৰ ক্ৰমান্বয়ে হালধীয়া হয় আৰু শেতা পৰি শুকাই যায়।
৭)অকালতে পাত আৰু ফল সৰি পৰে।
নাইট্ৰ’জেনৰ পৰিমাণ অধিক হলে-
৮)শস্যৰ অনিষ্টকাৰি পোক-পৰুৱা আৰু বেমাৰ-আজাৰে সহজে আক্ৰমণ কৰে।
৯)শস্য চপোৱাৰ সময় দীঘলীয়া হয়।
১০)জেপজেপীয়া হৈ শস্য বাগৰি পৰে।
১১)শিপাৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয়।

ফচফৰাচঃ

১) শিপাৰ গঠনত সহায় কৰে।
২) কোষ বিভাজনত সহায় কৰি উদ্ভিদৰ বিকাশ খৰতকীয়া কৰি তোলে।
৩)ফচল সোনকালে পূৰঠ হয়।
৪)খৰাং আৰু ঠাণ্ডা সহ্য কৰাত শস্যক সহায় কৰে।
৫)অনিষ্টকাৰী পোক-পৰুৱা আৰু বেমাৰ-আজাৰ প্ৰতিৰোধ কৰাত উদ্ভিদক সহায় কৰে।
৬)মাহজাতীয় শস্যৰ শিপাত টেমুনাৰ সংখ্যা বঢ়াই মাটিত নাইট্ৰ’জেনৰ পৰিমাণ বঢ়াই তোলে।
৭) ধানজাতীয় শস্যৰ ক্ষেত্রত পোখাৰ সংখ্যা বঢ়ায়।
ফচফৰাচৰ অভাৱ হ’লে-
৮) শস্যৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয়।
৯) পাতবোৰ সৰু সৰু হয়।
১০) পলমকৈ পুৰঠ হয়।
১১)কিছুমান শস্যত পাত আৰু গা-গছৰ ৰং বেঙুনীয়া বা ৰংচুৱা হয়।
ফচফৰাচৰ পৰিমাণ অধিক হ’লে-
১২)মাটিত লো আৰু দস্তাৰ অভাৱ হয়।

পটেছিয়াম

১) ই শস্যৰ খাদ্য পৰিবহণত সহায় কৰে।
২)শস্যৰ গা-গছ শক্তিশালি কৰে আৰু সহজে বাগৰী নপৰে।
৩)খৰাং আৰু শীত সহ্য কৰাত সহায় কৰে।
৪)অনিষ্টকাৰী পোক-পতঙ্গ আৰু বেমাৰ-আজাৰৰ প্ৰতিৰোধ কৰাত উদ্ভিদক সহায় কৰে।
৫) শিপা আৰু আলুৰ আকাৰ বৃদ্ধি কৰাত সহায় কৰে।
পটেছিয়ামৰ অভাৱ হ’লে-
৬)পাতৰ কাষবোৰ মূগা বৰণীয়া হৈ শুকাই যায়।
৭) বয়সীয়াল পাতবোৰ আগৰ পৰা আৰু কাষৰ পৰা মুগা বৰণীয়া হৈ শুকাই যায়।
৮)গছৰ বৃদ্ধি বাধাপ্ৰাপ্ত হয়।
পটেছিয়ামৰ পৰিমাণ অধিক হ’লে-
৯) টেঙাজাতীয় শস্যৰ উৎপাদন কমি যায়।

তালিকা: বিভিন্ন জৈৱিক সাৰত থকা পুষ্টিমৌলৰ পৰিমাণ

জৈৱিক সাৰৰ নাম- পুষ্টিমৌলৰ পৰিমাণ (গ্ৰাম/কিলোগ্ৰাম)
নাইট্ৰজেন / ফচফৰাচ/ পটেছিয়াম
পাম সাৰ- ৫.০/ ২.৫/ ৬.০
পচন সাৰ- ৮.৯/ ৫.১/ ৩০.৫
বিষ্ঠা সাৰ- ১০.০/ ৮.০/ ৪.০
বাদাম খলিহৈ- ৭২.৯/ ১৫.৩/ ১৩.৩
তিচি খলিহৈ- ৫৫.৬/ ১৪.৪/ ১২.৮
এঢ়ি খলিহৈ- ৪৩.৭/ ১৮.৫/ ১৩.৯
নিম খলিহৈ- ৫২.২/ ১০.৮/ ১৪.৮

কেলছিয়ামঃ
১)শিপা সোনকালে বৃদ্ধি পোৱাত সহায় কৰে।
২) গা-গছ আৰু ডাল সবল হোৱাত সহায় কৰে।
৩) ফল আৰু গুটি ধৰাত সহায় কৰে।
৪) মাটিৰ টেঙা গুণ নাইকীয়া কৰাত সহায় কৰে।
৫)মাহজাতীয় শস্যৰ শিপাত টেমুনা সৃষ্টিত সহায় কৰে।
কেলছিয়ামৰ অভাৱ হ’লে-
৬) অগ্ৰজ মুকুল শুকাই যাব ধৰে আৰু কেঁকুৰা-কেঁকুৰি হ’ব পাৰে।

মেগনেছিয়ামঃ
১) উদ্ভিদৰ খাদ্য প্ৰস্তুত কৰাত সহায় কৰে।
২) নাইট্ৰজেন, ফচফৰাচ আৰু অন্যান্য মৌল মাটিৰ পৰা আহৰণত সুবিধা হয়।
৩)চৰ্বি আৰু তেল সৃষ্টি কৰাত সহায় কৰে।
মেগনেছিয়ামৰ অভাৱ হ’লে-
৪) গছৰ পাতবোৰ অপৈণত অৱস্থাতে সৰি যায়।
৫)পাতৰ সিৰাবোৰৰ মাজৰ অংশত হালধীয়া আঁচ পৰে।

চালফাৰঃ
১)পত্রহৰিৎ গঠনত সহায় কৰে।
২)শিপাৰ গঠন, বীজ ধাৰণ আৰু মাহজাতীয় শস্যৰ শিপাত টেমুনাৰ সৃষ্টিত সহায় কৰে।
৩)শস্য লহপহকৈ বাঢ়ি যোৱাত সহায় কৰে।
৪) উদ্ভিদৰ মাংসসাৰ আৰু পাচক ৰস সৃষ্টিত ই অৰিহণা যোগায়।
৫)সৰিয়হ, ছয়াবিন, আদিত তেলৰ পৰিমাণ বৃদ্ধি কৰে।
চালফাৰৰ অভাব হ’লেঃ
৬)কুঁহিপাতবোৰ হালধীয়া হয় আৰু শুকাই যাব পাৰে। শিপা আৰু কাণ্ড অস্বাভাৱিকভাৱে দীঘল আৰু টান হয়।

বৰণঃ
১) উদ্ভিদে কেলছিয়াম গ্ৰহণ কৰাত সহায় কৰে।
২) মাংসসাৰ গঠনত সহায় কৰে।
৩) ফুল ফুলা আৰু ফল ধৰা, পৰাগ ৰেণুৰ অংকুৰণ আদিৰ বাবে ইয়াক দৰকাৰ হয়।
বৰণৰ অভাৱ হ’লে-
৪)পাতবোৰ ঘন হয় আৰু পাতৰ আগ অংশৰ কাষবোৰ ঘেৰ খাই যায়।
৫)বয়সীয়াল পাতৰ আগ আৰু কাষবোৰ অকালতে সুকাই যায়।
৬) অগ্ৰজ মুকুল মৰি যাব পাৰে।
৭)কোমল পাতবোৰ ছুটি হয়।
৮) বন্ধাকবিৰ পাতবোৰ বান্ধ নেখায়, ফুলকবিৰ ঠাৰি ফোপোলা হয় আৰু কবিৰ ৰং ’ব্ৰঞ্জ’ৰ নিচিনা হয়, নাৰিকল অপৈণত অৱস্থাতে সৰি যায়, বিলাহী আৰু বেঙেনা টান হয় আৰু ফাটি যায়।
বৰণৰ পৰিমাণ অধিক হ’লেঃ
৯)বয়সীয়াল পাতৰ আগ অংশ বগা-হালধীয়া ৰঙৰ হয় আৰু পিছত মুগাবৰণীয়া হৈ শুকাই যাব পাৰে।

মেঙ্গানিজঃ
১)মাংসসাৰ গঠনত সহায় কৰে।
২) শ্বাখ-প্ৰশ্বাস প্ৰক্ৰিয়াত ভূমিকা লয়।
৩) পত্রহৰিৎ গঠনত সহায় কৰে।
মেঙ্গানিজৰ অভাৱ হ’লে-
৪)ধানজাতীয় শস্যত পাতৰ আৰু গা-গছৰ বৰণ ধোঁৱা বৰণীয়া হয়, পাতত বগা ৰেখা পৰে। মটৰমাহ, উৰহী, পালেং আদিৰ পাতবোৰ হালধীয়া হৈ পৰে। চাহগছৰ কুঁহিপাতবোৰ শুকাই যাব পাৰে।
মেঙ্গানিজৰ পৰিমাণ অধিক হ’লে-
৫)পাতৰ ফলকত মুগা বৰণীয়া দাগ পৰিব পাৰে আৰু শস্যজোপা জুপুৰা লাগিব পাৰে, পোখা কম হব পাৰে।

আইৰণ (লো):
১) পত্রহৰিৎ গঠনত সহায় কৰে।
২) উদ্ভিদৰ কিছুমান গুৰত্বপূৰ্ণ ৰাসায়নিক প্ৰক্ৰিয়া যেনে- সলোক-সংশ্লেষণ, শ্বাখ-প্ৰশ্বাস আদিত অংশগ্ৰহণ কৰে।
৩) অন্যান্য পুষ্টিদ্ৰব্য শোষণত ভূমিকা লয়।
আইৰণৰ অভাৱ হ’লে-
৪)কুঁহিপাতৰ সেউজীয়া ৰং নাইকীয়া হৈ যাব ধৰে আৰু বাকী পাতবোৰৰ সিৰাৰ মাজ অংশ হালধীয়া হৈ পৰে।
আইৰণৰ পৰিমাণ অধিক হ’লে-
৫) পাতবোৰৰ মুগা, বেঙুনীয়া, হালধীয়া বা সুমথিৰা ৰঙৰ দাগ পৰে। বিশেষকৈ ধানত এই লক্ষণসমূহ প্ৰকাশ পায়।

জিংক):
১) শস্যৰ বিপাক প্ৰণালীত সহায় কৰে।
২) বৃদ্ধি হৰমোণ সৃষ্টিত অৰিহণা যোগায়।
৩) উত্তাপ আৰু শীত সহ্য কৰাত সহায় কৰে।
৪) শস্যৰ পানী আহৰণত ভূমিকা লয়।
জিংকৰ অভাৱ হ’লে-
৫)গছ জুপুৰা লাগে।
৬)ৰঙা, মুগা বৰণীয়া দাগ পৰে।
৭)পাতৰ মধ্য সিৰাৰ ৰং সলনি হৈ শুকাই যাব পাৰে।

মলিবডেনামঃ
১)ই মাংসসাৰ গঠনত সহায় কৰে।
২) মাহজাতীয় শস্যৰ শিপাত থকা বেক্টেৰীয়াই বায়ু মণ্ডলৰ নাইট্ৰজেনভাগ গ্ৰহণ কৰি মাটিত সংস্থাপন কৰাত সহায় কৰে।
মলিবডেনামৰ অভাৱ হ’লে-
৩) অম্লিক মাটিত মলিবডেনামৰ অভাৱ ঘটে।
৪)ইয়াৰ অভাৱত ফুলকবিৰ কোমলীয়া পাতবোৰ মেল নেখায় আৰু চামুচ পাতৰ নিচিনা হয়।
৫)ইয়াৰ অভাৱত প্ৰায়বোৰ শাক-পাচলিৰ উৎপাদন আৰু মানদণ্ডত প্ৰতিকূল প্ৰভাৱ পেলায়।

তাম (কপাৰ):
১) কপাৰ (তাম)ৰ অভাৱ হ’লে-
২)পাতৰ আগবোৰ বগা হব পাৰে।
৩) কুমলীয়া পাত লেৰেলি যাব পাৰে।
৪)শ্বাখ-প্ৰশ্বাস আৰু প্ৰটিন সৃষ্টিত ভূমিকা লয়।

ক্লৰিণঃ
১)সলোক-সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজন হয়।

ক্লৰিণ আৰু তামৰ অভাব হ’লে-
২) গোটেই উদ্ভিদজোপাই হালধীয়া হব পাৰে।

লেখক: নয়ন কুমাৰ বৰা

উৎস: সেউজ চিন্তা

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top