মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি বিষয়ক বিভিন্ন আলোচনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি বিষয়ক বিভিন্ন আলোচনা

শীতকালত ফলমূল শস্যৰ পৰিচৰ্যা

ফলমূল শস্যবোৰ সাধাৰণতে বহুবর্ষজীৱী উদ্ভিদ। গতিকে বছৰজুৰি বিভিন্ন ঋতুৰ মাজেৰে এই শস্যবোৰে জীৱন কাল পাৰ কৰিব পাৰে। কিছুমান ফল-মূল শস্যই শীতকালতো সহ্য কৰিব পাৰে আৰু কিছুমান শস্যই গ্ৰীষ্ম কালতো সহ্য কৰিব পাৰে। কিছুমান শস্যই দুয়োটা ঋতুৱে মাজে মধ্যে সহ্য কৰি জীৱন কাল অতিবাহিত কৰে। কিন্তু উদ্ভিদৰ বাঢ়ন, ধাৰণ, গঠন আদি বিশেষকৈ নিৰ্ভৰ কৰে বায়ুমণ্ডলৰ উষ্ণতাৰ ওপৰত। গতিকে ফলমূল শস্যৰ প্রতিপালন ঋতু ভেদে বেলেগ বেলেগ হয়।

টেঙাজাতীয় শস্য যেনে কমলা টেঙা, সুমধিৰা টেঙা, চকলা টেঙা, ৰবাব টেঙা, নেমু, টেঙা আদি শস্য শীতৰ প্ৰাৰম্ভিক অৱস্থাত পূৰঠ হয় আৰু পকিবলৈ ধৰে। গতিকে শীত কালত অর্থাৎ আঘোণ-পুহ মাহত পকা ফলবোৰ চপাব লাগে। কমলা টেঙাৰ বাহিৰে বাকীবোৰ ফল পুহৰ আৰম্ভণিতে ছিঙি শেষ কৰিব লাগে। পাছত গছত অলাগতিয়াল ডালবোৰ কলম দিব লাগে। টেঙা শস্যত (কাজি নেমুৰ বাহিৰে) মাটিৰ পৰা এক মিটাৰ ভিতৰত কোনো ডাল ৰাখিব নালাগে। ফল ছিঙা আৰু কলম দিয়া পলম হ’লে ফাগুন মাহত ফুল ফুলাৰ পৰিমাণ কমি যায়। এই সময়ছোৱাত গা-গছৰ তলৰ এক মিটাৰ অংশত চুণৰ প্রলেপ দিব লাগে। গুৰিৰ পৰা বন-বাতবোৰ চিকুণাই পাতলীয়াকৈ কোৰ মাৰি দিব লাগে। মাঘ বিহুৰ পাছত কমলাৰ বাগান আৰু নেমু, গছৰ গুৰিত এবাৰ পানী যোগান ধৰাৰ আৱশ্যক। যিহেতুকে মাঘৰ শেষৰ পৰা গছত ফুল ফুলিবলৈ ধৰে।

আম, লিচু, মধুৰী ফলমূল শস্যত গছৰ গুৰিৰ পৰা বন-বাতবোৰ আঁতৰাব লাগে আৰু এবাৰ পাতলীয়াকৈ কোৰ মাৰি দিব লাগে। গছৰ পৰা শুকান আৰু অলাগতিয়াল ডালবোৰ কাটি দিব লাগে। গছত এবাৰ বিশেষকৈ আঘোণ-পুহ মাহত ৰগৰ দৰৱ ৩০ টোপাল এক লিটাৰ হিচাপত মিহলাই ছটিয়াই দিয়ক। ফুল ফুলাৰ আগত দৰৱ ছটিয়ালে পোকে ফুলবিলাকত আক্ৰমণ নকৰে। গছৰ গুৰিত ডেৰমিটাৰ ওপৰলৈকে চূণৰ প্ৰলেপ দিব লাগে। মধুৰী গছত কাতি-আঘোণ মাহত কিছুমান ফুল ফুলে। তেনে ফুলৰ ফল মাঘ-ফাগুন মাহত পকিবলৈ ধৰে। গতিকে তেনে সময়ত ৰাসায়নিক পোক মৰা দৰৱ ব্যৱহাৰ কৰিব নালাগে।

নাৰিকল-তামোল গছত শীতকালত গছৰ গুৰিত পৰা বন-বাতবোৰ চিকুনাই দি গছৰ গুৰিত জীপ থাকিবৰ বাবে শুকান গছৰ পাত, ঘাঁহ-বন, মেটেকা আদি জাপি দিব লাগে। কাৰণ শীত কালত অর্থাৎ পুহ মাহৰ পৰা তামোলবোৰ গছত পূৰঠ হ’বলৈ আৰম্ভ কৰে। অন্যহাতে নাৰিকল গছত প্রতি মাহে এথোক ফুল ওলায় প্রতি খিলা পাতৰ গুৰিয়েদি আৰু ফুল ফুলাৰ পাছত নাৰিকল পকিবলৈ এবছৰ সময় লাগে। গতিকে নাৰিকল গছত শীতকালত বতৰ খৰাং হয় তেনে সময়ত অৰ্থাৎ আঘোণ মাহৰ পৰা ফাগুণ-চ’ত মাহলৈকে প্ৰতি দহদিনৰ ব্যৱধানত এবাৰ পানী দিয়াৰ ব্যৱস্থা কৰিব লাগে। এবাৰ বা দুবাৰ পানী দিয়াৰ পাছত বা কাতি-আঘোণ মাহত জাগল পতাৰ পাছত অৰ্থাৎ বৰষুণ হোৱাৰ পাছত গছৰ গুৰিত জীপ ৰাখিবৰ বাবে ওপৰত উল্লেখ কৰা শুকান পাত—মেটেকা, ধানৰ নৰা দিব জাপি দিব লাগে। বাৰিষা বৰষুণ পৰিলে এইবোৰ পচি গছৰ বাবে জৈৱিক সাৰ হ’ব। তামোল-নাৰিকল গছৰ গুৰি এক-ডেৰ মিটাৰ ওপৰলৈ চূণৰ প্রলেপ দিব লাগে।

মাটিকঁঠাল গছৰ গুৰিৰ পৰা বন-বাতবোৰ কাটি পৰিষ্কাৰ কৰি ৰাখিব লাগে। অমিতা গছৰ গুৰিত মাটি চপাই দি গোবৰ বা পচন সাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে। বতৰ একেবাৰে

খৰাং হ’লে মাহেকত দুবাৰ পানী দিব লাগে।

লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি

 

বাঁহ খেতিৰ পৰিচালনা ব্যৱস্থা

বাঁহ খেতি আমাৰ ৰাজ্যখনত সফলতাৰে কৰিব পৰা গৈছে। সময়োচিত পৰিচর্যাৰ ব্যৱস্থা কৰিলে এই খেতিৰ পৰা আশানুৰূপ উপার্জন লাভ কৰিব পৰা যায়। বাঁহ ৰোৱাৰ পিছত বাঁহৰ পুলিবোৰ যাতে গৰু-গায়ে অনিষ্ট সাধন কৰিব নোৱাৰে তাৰ প্ৰতি বেৰাৰ ব্যৱস্থা কৰিব লাগে। প্রতি বছৰৰ ফেব্ৰুৱাৰী-মার্চ মাহত গোবৰ-জাৱৰৰ ব্যৱস্থা কৰিব লাগে। সাধাৰণতে বাঁহ ৰোৱাৰ ৪-৫ বছৰ পিছত কাটিবৰ হয়। কাটোতে পৈণত বাঁহবিলাক কাটি মুকলোৱা বাঁহবিলাক বাঢ়িবলৈ দিব লাগে। পোক বা বেমাৰে আক্রমণ কৰা বাঁহবিলাক চোকা কটাৰীয়ে কাটি আঁতৰাই পেলাব লাগে। এনেদৰে খেতি কৰা বাঁহৰ উৎপাদন সাধাৰণতে প্রতি হেক্টৰত কমেও ২০ টন হয়। অসমত ব্যৱসায় ভিত্তিত ১০ বিধ বাঁহৰ খেতি কৰা হয়। অনুমোদন কৰা ঘাই জাতি কেইবিধ হ’ল— ভলুকা, জাতি, কাক, কুটুহা আৰু মকাল বাঁহ। বাঁহত আক্রমণ কৰা পোক-পৰুৱাৰ ভিতৰত উঁই, ৰঙা পৰুৱা আৰু উইভিলেই প্রধান। নিয়ন্ত্ৰণৰ কাৰণে এলড্রিন ৩০ ই চি প্রতিলিটাৰ পানীত ৬-১০ মিলিলিটাৰ হিচাপত মিহলাই ছটিয়াই দিব লাগে। এন্দুৰ বাঁহৰ অন্যতম শত্রু। এন্দুৰে বাঁহৰ কুমলীয়া অংশ কুটি বাঁহ নষ্ট কৰে। নিয়ন্ত্ৰণৰ কাৰণে এন্দুৰৰ গাঁতবিলাক ধ্বংস কৰি এন্দুৰবিলাক মাৰি পেলাব লাগে। বেমাৰৰ ভিতৰত ফিউজেৰায়াম উইল্টেই প্রধান। প্রতিকাৰৰ মিনিত্তে বেভিষ্টিন নামৰ ঔষধ শতকৰা ২ ভাগ শক্তিযুক্ত আক্রান্ত অংশত প্রয়োগ কৰিব লাগে। মানৱ জীৱন-নির্বাহৰ প্ৰতিটো স্তৰতে বাঁহৰ ভূমিকা উল্লেখযোগ্য। বাঁহে মানৱ সমাজৰ আর্থিক দিশতো উল্লেখযোগ্য অৰিহনা যোগোৱাৰ লগতে পৰিৱেশ সুৰক্ষাতো বিশেষ ভূমিকা পালন কৰে। বাঁহ গছৰ শিপা আৰু ৰাইজ’মে ভূ-পৃষ্ঠৰ মাটি টানকৈ খামুচি ধৰি থকাৰ ফলত মাটিৰ খহনীয়া হ্ৰাস পায়। বাঁহে অন্যান্য গছ-গছনিৰ তুলনাত প্রতি একক মাটিত যথেষ্ট পৰিমাণৰ জৈৱ পদাৰ্থ উৎপন্ন কৰে। বাঁহ গছে বায়ুমণ্ডলত সৃষ্টি হোৱা ধোঁৱা, ধূলিকণা লগতে অন্যান্য দূষিত পদার্থ শোষণ কৰি বায়ুমণ্ডল নিকা কৰে। প্রতিকিল’ বাঁহগছে মাটিত থকা মৌলসমূহ বিশেষকৈ পটাছ মৌল সংৰক্ষণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধিত সহায় কৰে। বাঁহ ৰোৱাৰ ৫-৬ বছৰত কাটিব পাৰি। প্রতি হেক্টৰ (৭.৫ বিঘা) মাটিত বছৰি বাঁহৰ উৎপাদন হয় গড়ে ০.২-৪.০ টন। অসমৰ বাঁহ উৎকৃষ্ট গুণমানবিশিষ্ট হোৱা হেতুকে বাঁহৰ উৎপাদন বৃদ্ধি কৰি অসমৰ অৰ্থনীতি টনকিয়াল কৰাৰ যথেষ্ট সুযোগ আছে। বাঁহ খেতিৰ বাবে অসমত আছে এক উপযুক্ত পৰিৱেশ। অন্যান্য শস্যৰ উৎপাদনত ব্যৱহৃত কৃষি ভূমি অধিগ্রহণ নকৰাকৈ বাঁহ খেতিৰ বাবে উপযুক্ত মাটি পোৱা যায়। এই খেতিৰ বাবে বিশেষ মূলধনৰো প্রয়োজন নহয় আৰু উৎপাদনো হয় তৎকালীনভাৱে।

বাঁহ কটাৰ সময়

বাঁহ বাগান এখন উপযুক্তভাৱে তদাৰক কৰি উৎপাদনশীল কৰি তুলি বছৰে বাঁহ কটা উচিত। ফলত নতুন বাঁহ গজৰ পথ সুচল হয় আৰু নিয়মীয়াকৈ বাঁহ কটা বাগান এখনৰ বাঁহবোৰৰ স্বাস্থ্যও ভালে থাকে আৰু উৎপাদনো অব্যাহত থাকে। ইয়াৰ পৰা নিয়মীয়াকৈ পোৱা যায়।

বাঁহ বাগান এখন পতাৰ পঞ্চম বছৰৰ পৰাই ব্যাৱসায়িক উদ্দেশ্যত বাঁহ কাটিব পৰা যায়। চাৰি বছৰ পাৰ হ’লেই বাঁহজোপা সম্পূৰ্ণ পৈণত হোৱা বুলি ধৰা হয়। চাৰিবছৰীয়া বাঁহ এডালৰ আয়তনহে সঠিক জোখৰ বুলি গণ্য কৰা হয়। কি কামত ব্যৱহৃত হ’ব তাৰ ওপৰত নিৰ্ভৰ কৰি বাঁহ এডালৰ বয়সে গুৰুত্ব লাভ কৰে। অৱশ্যে বেছিভাগ কামৰ বাবে ৪ বছৰীয়া বাঁহহে কটা উচিত।

পাঁচ বছৰতকৈ পুৰণি বাঁহ লাহে লাহে চনকা আৰু দুর্বল হৈ আহে আৰু মৰি যায়। নিয়মমতে ব্যাৱসায়িক উদ্দেশ্যেৰে পতা বাঁহ বাগান এখনত পাঁচ বছৰতকৈ অধিক হোৱা বাঁহবোৰ কাটি পেলাব লাগে। বাঁহ বাঢ়ি থকাৰ সময়ত কটা উচিত নহয়।

লিখক: ড° বিপিন খঙীয়া, দৈনিক জনমভূমি।

মাটিৰ উৰ্বৰতা বৃদ্ধিৰ উপায়

জনসংখ্যা বৃদ্ধিৰ অনুপাতে যে খাদ্য শস্যৰ উৎপাদন সমানে বৃদ্ধি হোৱা নাই এই কথা সহজেই অনুমেয়। অনাগত দিনবোৰত জনসাধাৰণৰ প্রয়োজনীয় খাদ্য শস্যৰ যোগান ধৰিবলৈ আমাৰ খাদ্য শস্যৰ উৎপাদন প্রতি একক মাটিত আৰু প্রতি একক সময়ত বৃদ্ধি কৰিব লাগিব। শস্য উৎপাদনত মাটিৰ উৰ্বৰতা অবিৰতভাৱে অটুট ৰখাটো অতীব প্রয়োজনীয়। বর্তমান সময়ত বহুতৰপীয়া খেতিৰ প্ৰচলন, অধিক উৎপাদনক্ষম জাতৰ ব্যৱহাৰ, শস্যক্ষেত্ৰত অপতৃণৰ প্ৰাদুৰ্ভাৱ, সঘনাই মাটি চহোৱা প্রণালী, ভূমিক্ষয় আদিৰ জৰিয়তে আমাৰ শস্যক্ষেত্ৰৰ উৰ্বৰতা সহজেই নষ্ট হোৱা পৰিলক্ষিত হয়। ফলস্বৰূপে শস্য উৎপাদিকাৰ হাৰ যথেষ্ট কমি যায়। মাটিৰ এই উৰ্বৰাশক্তি অটুট ৰাখি শস্য উৎপাদিকাৰ ক্ষমতা বৃদ্ধি কৰিবলৈ শস্যৰ লাগতিয়াল মৌলবিলাকৰ সঠিক মতে মাটিত যোগান ধৰাটো নিতান্তই প্রয়োজন। মাটিৰ ভৌতিক গুণ জৈৱ ৰাসায়নিক তথা ৰাসায়নিক গুণাগুণ অটুট ৰাখিবলৈ শস্যক্ষেত্ৰত ৰাসায়নিক সাৰ প্রয়োগৰ লগে লগে, জৈৱিক সাৰ, জীৱাণুসাৰ আদি সুষমসাৰ একত্রিতভাৱে প্রয়োগ কৰিব পাৰিলেহে শস্যৰ উৰ্বৰত অবিৰতভাৱে অটুট ৰাখিব পৰা যায়।

দেখা যায় যে বহুতৰপীয়া কৃষি ব্যৱস্থা আৰু অধিক উৎপাদনক্ষম জাতৰ শস্যকৰণৰ ফলত মাটিৰ পৰা এক বুজন পৰিমাণৰ শস্যৰ লাগতিয়াল মৌল আহৰণ কৰে। একাধিক শস্যাকৰণৰ ফলত বহুতো ক্ষুদ্র অত্যাৱশ্যকীয় মৌলৰো ঠাই বা অঞ্চল বিশেষে অভাৱ দেখা যায়। এহাতে ৰাসায়নিক সাৰৰ ক্ৰমাগত মূল্যবৃদ্ধি, আনহাতে আমাৰ কৃষকসকলৰ দুৰ্বল অর্থনৈতিক অৱস্থালৈ লক্ষ্য কৰি কি কি উপায়েৰে আমাৰ এই শস্যক্ষেত্ৰৰ উৰ্বৰতা বৃদ্ধি কৰিব পৰা যায় তাক গুৰুত্ব সহকাৰে চোৱাটো প্রয়োজন।

শস্য ক্ষেত্ৰত ৰাসায়নিক সাৰৰ প্রয়োগ

শস্য ক্ষেত্ৰত ৰাসায়নিক সাৰ প্রয়োগৰ কথা ক’লে মূলতঃ আমি নাইট্ৰ’জেনযুক্ত সাৰ, ফছফেটজাতীয় সাৰ তথা পটাছজাতীয় সাৰৰ প্রয়োগৰ ওপৰতে গুৰুত্ব দিওঁ। ৰাসায়নিক সাৰৰ মূল্য, আন জৈৱিক বা জীৱাণুসাৰৰ মূল্যৰ অনুপাতে যদিও যথেষ্ট বেছি তথাপি আমি ৰাসায়নিক প্রয়োগৰ ওপৰতো যথেষ্ট মনোনিৱেশ কৰিব লাগিব, কিয়নো শস্যক্ষেত্ৰত প্রয়োগ কৰা এই সাৰৰ পৰা কেনেকৈ অধিক সুফল লাভ কৰিব পাৰি তাক জনাটো নিতান্তই প্রয়োজন।

শস্যক্ষেত্ৰত ৰাসয়নিক সাৰ ব্যৱহাৰ কৰোঁতে কেইটামান দিশত বিশেষভাৱে গুৰুত্ব দিব লাগে। এই দিশকেইটা এনেধৰণৰ:

(ক) সঠিক ধৰণৰ সাৰৰ ব্যৱহাৰ,

(খ) মাটি আৰু শস্যৰ চাহিদা অনুসাৰে শস্যক্ষেত্ৰত সঠিক বিষ্ণুৰ সাৰৰ ব্যবহাৰ, (গ) শস্যৰ চাহিদ অনুসাৰে সঠিক সময়ত ব্যৱহাৰ,

(ঘ) সঠিক প্রণালীত ব্যৱহাৰ ইত্যাদি।

মাটি আৰু শস্যৰ প্রয়োজনীয়তা অনুসাৰে কোনধৰণৰ সাৰ প্রয়োগ কৰিলে অধিক সুফল পোৱা যাব তাক জনাটো প্রয়োজনীয়। এনেক্ষেত্ৰত মাটিৰ অম্লতা বা খাৰুৱা গুণটোও চোৱাটো প্রয়োজনীয়। কিয়নো অম্লীয় মাটি বা খাৰুৱা মাটিত কেতবোৰ মৌল সহজে শস্যৰ সহজলভ্য অৱস্থাত নাথাকে। মাটিত থকা শস্যৰ লাগতিয়াল মৌলৰ পৰিমাণো ভিন্ন হ’ব পাৰে। কেতবোৰ মৌল মাটিত বেছিকৈ থাকিব পাৰে বা কেতবোৰ মাটিত ক পৰিমাণে থাকিব পাৰে। শস্যভেদে লাগতিয়াল মৌলৰ পৰিমাণো ভিন্ন হ’ব পাৰে। সেয়েহে, সুবিধা অনুসৰি শস্যক্ষেত্ৰৰ মাটিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰত মাটিত থকা মৌলৰ পৰিমাণ জানি লৈ শস্যক্ষেত্ৰত সাৰ প্রয়োগ কৰিব পাৰিলে অধিক সুফল পাব পাৰি।

শস্যক্ষেত্ৰত সাৰ প্রয়োগৰ সময় কেইবাটাও কথাত নিৰ্ভৰ কৰে। যেনে, শস্যৰ প্ৰকৃতি, শস্যৰ জীৱনচক্ৰৰ বিভিন্ন অৱস্থা, শস্যৰ বিভিন্ন মৌলৰ প্রয়োজনীয়তা, মাটিৰ গুণাগুণ তথা অৱস্থা, বিভিন্নধৰণৰ সাৰ ইত্যাদি। সাধাৰণতে শস্যক্ষেত্ৰত সাৰ গুটি সিঁচাৰ কিছু আগতে বা বীজ সিঁচাৰ সময়ত বা কিছুদিনৰ পিছত প্রয়োগ কৰা হয়। উদাহৰণস্বৰূপে, শৈলফছফেট্‌ অম্লীয় মাটিত বীজ সিঁচাৰ ২-৪ সপ্তাহ আগেয়ে শস্য ক্ষেত্ৰত প্রয়োগ কৰিব লাগে। কিয়নো, এনেবিধ সাৰ শস্যৰ সহজলভ্য অৱস্থালৈ আহিবলৈ কিছু সময়ৰ প্রয়োজন হয়। এনে কৰিলে শস্যৰ প্ৰাৰম্ভিক অৱস্থাত এই ফছফেট সহজলভ্য অৱস্থাত থাকে আৰু গঠনৰ সহায় হয়। প্রায়বিলাক শস্যৰ ক্ষেত্ৰত দেখা যায় যে আৰম্ভণিতে শিপাৰ গঠন আৰু বৃদ্ধিৰ বাবে ফছফেট আৰু পটাছ সাৰৰ প্রয়োজনীয়তা বেছি। এনেধৰণৰ সাৰু মাটিৰ পৰা সহজে নিগৰি নষ্ট হোৱাৰ সম্ভাৱনা কম। গতিকে এনেবিলাক সাৰ বীজ সিঁচাৰ কিছুদিন আগতে বা বীজ সিঁচাৰ সময়ত প্রয়োগ কৰিব পাৰি। আনহাতে, নাইট্ৰ’জেনযুক্ত সাৰ শস্যৰ প্ৰাৰম্ভিক অৱস্থাৰ পৰা প্রায় গুটি ধৰা অৱস্থালৈকে প্রয়োজন হয়। এনেবিধ সাৰ পানীত সহজেই দ্রৱীভূত হয় আৰু মাটিৰ পৰা নিগৰি নষ্ট হৈ যোৱাৰ আশংকা বেছি। গতিকে এনেধৰণৰ সাৰ শস্যক্ষেত্ৰত একেবাৰতে প্রয়োগ নকৰি কেইবা অংশত ভাগ কৰি শস্যৰ জীৱন কালৰ বিভিন্ন অৱস্থাত প্রয়োগ কৰিব পাৰি। এনে পদ্ধতিত প্রয়োগ কৰিলে শস্যক্ষেত্ৰত ব্যৱহৃত সাৰৰ পৰা অধিক সুফল আশা কৰিব পৰা যায়।

শস্যক্ষেত্ৰত জৈৱিক সাৰৰ প্রয়োগ

মাটিৰ উৰ্বৰতা অটুট ৰখাত জৈৱিক সাৰৰ ভূমিকা মন কৰিব লগীয়া। জৈৱিক সাৰ বুলিলে সাধাৰণতে গছ-গছনি, জীৱ-জন্তু, শস্য চপোৱাৰ পিছত শস্যক্ষেত্ৰত ৰৈ যোৱা অৱশিষ্ট অংশ (যেনে— ডাল-পাত, শিপা ইত্যাদি) গোবৰ-জাৱৰ আদি পচি যি সাৰ উৎপন্ন হয় তাকেই বুজায়। এই গছ-গছনি বা জীৱ-জন্তুৰ অৱশিষ্ট অংশত মাটিত থকা ক্ষুদ্র ক্ষুদ্ৰ জীৱাণু যেনে ভেঁকুৰ, বেক্‌টেৰিয়া, প্ৰট'জুৱা, কেঁচু আদিৰ আক্ৰমণৰ ফলত হিউমাছ নামৰ একপ্রকাৰ ক’লা বা মুগাবৰণৰ পদার্থৰ সৃষ্টি হয় আৰু গেঁৰত এই হিউমাছভাগৰ শস্য উৎপাদনত এক যথেষ্ট অৰিহনা আছে। যদিও শস্যৰ লাগতিয়াল পোষক দ্রব্যৰ পৰিমাণ জৈৱিক সাৰত তুলনামূলকভাৱে কম তথাপি মাটিৰ ভৌতিক, ৰাসায়নিক তথা জৈৱ ৰাসায়নিক গুণাগুণ উন্নীত কৰাত জৈৱিক সাৰৰ গুৰুত্ব যথেষ্ট বেছি। মাটিৰ গঠন, পানী ধৰি ৰাখিব পৰা গুণ, বতাহ চলাচল কৰা সুবিধা তথা শস্যক্ষেত্ৰত প্রয়োজনীয় ক্ষুদ্র ক্ষুদ্র জীৱাণুৰ বৃদ্ধি আৰু গঠন এই জৈৱিক সাৰৰ জৰিয়তে উন্নীত হয়। জৈৱিক সাৰ প্রয়োগৰ ফলত মাটিত থকা তথা প্রয়োগ কৰা ৰাসায়নিক সাৰৰ নষ্টৰ পৰিমাণে কমায় আৰু জৈৱিক সাৰে শস্যৰ প্রয়োজনীয় মৌলবিলাকৰ সহজলভ্য অৱস্থা প্রাপ্তিত যথেষ্ট সহায় কৰে। আজিকালি বহুতৰপীয়া খেতিৰ প্ৰচলন তথা অধিক উৎপাদনক্ষম জাতৰ ব্যৱহাৰৰ ফলত শস্যক্ষেত্ৰত ৰৈ যোৱা শস্যৰ অৱশিষ্ট অংশৰ পৰা অধিক সুফল পাবলৈ ইবিলাকৰ সহজে পচনকার্য ঘটোৱাৰো প্রয়োজন। এই অৱশিষ্ট শিপা, ডাল-পাত আদি সহজে পচন ঘটাবলৈ কিছু পৰিমাণে নাইট্র’জেনযুক্ত সাৰ প্রয়োগ কৰিব পাৰি। শস্যচক্ৰত মাহজীতায় শস্যৰ অন্তর্ভুক্তি, সেউজ সাৰ যেনে, ধৈনচা আদিৰ অন্তর্ভুক্তিৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। এনে কৰিলেহে মাটিৰ উৰ্বৰতা অবিৰতভাৱে ৰক্ষা কৰিব পৰা যাব।

শস্য উৎপাদনত জীৱাণুসাৰৰ প্রয়োগ

বর্তমান সময়ৰ পৰিপ্ৰেক্ষিতত মাটিৰ উৰ্বৰাশক্তি অবিৰতভাৱে ৰাখিবলৈ শস্যক্ষেত্ৰত ৰাসায়নিক সাৰৰ লগতে জৈৱিক তথা জীৱাণুসাৰ আদি একত্রিতভাৱে ব্যৱহাৰ কৰাটো প্রয়োজনীয় হৈ পৰিছে। অৱশ্যে জৈৱিক সাৰ, জীৱাণুসাৰ আদিৰ ৰাসায়নিক সাৰৰ পৰিপূৰক হিচাপেহে ৰাসায়নিক সাৰৰ পৰিৱর্তে নহয়। জীৱাণু প্রকৃতাৰ্থত মাটি, পানী আৰু বায়ুমণ্ডলত থকা কেতবোৰ ক্ষুদ্র ক্ষুদ্ৰ জীৱাণু যেনে, বেক্‌টেৰিয়া, শেলাই, ভেঁকুৰ ইত্যাদি। এই জীৱাণুবোৰে আমি ক’ব নোৱাৰাকৈয়ে শস্য উৎপাদনৰ বিভিন্ন কার্যসম্পাদন কৰি আহিছে।

অৱশ্যে এই জীৱাণুবোৰ সকলো মাটিতে সমপৰিমাণে নাথাকে আৰু সকলোবিধ জীৱাণুৱেই শস্য উৎপাদনৰ বাবে সমানে উপকাৰী নহয়। বর্তমান এনেধৰণৰ জীৱাণুবিলাকৰ পৰীক্ষাগাৰত বংশ বৃদ্ধি কৰাই শস্যক্ষেত্ৰত ৰাসায়নিক সাৰৰ অনুপূৰক হিচাপে ব্যৱহাৰ কৰাটো পৃথিৱীৰ উন্নত আৰু উন্নয়নশীল দেশবোৰত জনপ্রিয় হৈ পৰিছে। এই জীৱাণুসাৰৰ মূল্যও কম আৰু প্ৰদূষণৰ সমস্যাও ইয়াত নাই। প্রকৃতাৰ্থত এই ক্ষুদ্র ক্ষুদ্ৰ জীৱাণুবোৰৰ অবিহনে কৃষিকার্য অসম্ভৱ। এনেবিলাক জীৱাণুৱে মাটিত শস্যৰ লাগতিয়াল মৌলবিলাকৰ যোগান ধৰাৰ উপৰি মাটিত থকা বিভিন্ন জৈৱিক তথা অজৈৱিক পদার্থৰ ৰূপান্তৰ ঘটনাই শস্যই সহজলভ্য অৱস্থালৈ পৰিৱর্তিত কৰে। আমি জানো যে বায়ুমণ্ডলৰ ৭৮ শতাংশই হ’ল নাইট্ৰ’জেন গেছ। কিন্তু কেতবোৰ ক্ষুদ্র ক্ষুদ্ৰ জীৱাণু আৰু উদ্ভিদৰ বাহিৰে অধিকাংশ উদ্ভিদেই নাইট্ৰ’জেন ভাগ আহৰণ কৰিব নোৱাৰে। এই ক্ষুদ্র ক্ষুদ্ৰ জীৱাণুবিলাকে মাটিত বা মাটিৰ উপৰিভাগত থাকি বায়ুমণ্ডলৰ নাইট্র’জেনভাগ ধৰি ৰাখি মাটিত যোগান ধৰে।

শস্যক্ষেত্ৰত মুক্তভাৱে থাকি বায়ুমণ্ডলৰ নাইট্র’জেনভাগ স্থিতি কৰিব পৰা আন এবিধ বেক্‌টেৰিয়া হৈছে এজট’বেক্টৰ। এইবিধ বেক্‌টেৰিয়াৰ কালচাৰ প্রয়োগ কৰি ধান, কুঁহিয়াৰ, ঘেঁহু, বাজৰা আৰু বিভিন্ন শাক-পাচলিৰ ক্ষেত্ৰত যথেষ্ট সুফল লাভ কৰিব পৰা গৈছে।

ধাননি পথাৰত এক বুজন পৰিমাণৰ নাইট্ৰ’জেন স্থিতি কৰা আন এবিধ জীৱাণু হ’ল নীলা-সেউজীয়া শেলাই। ১৯৩৯ চনত পি কে দে’ নামৰ এজন ভাৰতীয় বৈজ্ঞানিকে পোন প্রথমে এইবিধ শেলুৱৈয়ে বায়ুমণ্ডলৰ নাইট্র’জেনভাগ স্থিতিকৰণৰ কথা উদ্ভাৱন কৰে। পানী থকা ধাননি পথাৰত এইবিধ শেলুৱৈয়ে প্রতি বছৰে প্ৰায় ৮০ কিঃগ্ৰাঃ পৰিমাণৰ নাইট্র’জেন স্থিতিকৰণ কৰিব পাৰে। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত কৰা গৱেষণাৰ পৰা দেখা গৈছে যে এইবিধ শেলুৱৈ ব্যৱহাৰ কৰিলে ধানৰ উৎপাদন ২০-২৫ শতাংশ বৃদ্ধি পোৱা যায়।

বর্তমান সময়ত পৃথিৱীৰ বিভিন্ন উন্নত আৰু উন্নয়নশীল দেশবোৰত জনপ্রিয় লাভ কৰা আন এবিধ জীৱাণু সাৰ হ’ল এজলা। এজলা হৈছে এবিধ পুণী জাতীয় উদ্ভিদ। এইবিধ উদ্ভিদ পানীত ওপঙি থাকে। এই এজলাৰ পাতত থকা কেতবোৰ কোঠালিত ‘এনাবিনা এজলি’ নামৰ এবিধ নীলা সেউজীয়া শেলাই থাকে আৰু ই বায়ুমণ্ডলৰ পৰা নাইট্ৰ’জেনভাগ ধৰি ৰাখিব পাৰে। এইবিধ এজলাৰ ৬টা প্রজাতি আছে। অৱশ্যে ভাৰতত সাধাৰণতে এজলা পিনাটা নামৰ প্ৰজাতিটোহে প্রধানতঃ পোৱা যায়। এই এজলাবিধে ধাননি পথাৰত সেউজীয়া চামনিৰ সৃষ্টি কৰে। বর্তমান আমেৰিকা, জাপান, ফিলিপাইনছ, চীন, ইণ্ডোনেছিয়া আদিত এই এজলা প্রয়োগ যথেষ্ট জনপ্রিয় হৈ পৰিছে। বর্তমান ভাৰতবৰ্ষতো এই এজলা প্রয়োগৰ জনপ্রিয়তা বাঢ়িছে। এজলা এবিধ কম খৰচতে আৰু সহজে উৎপন্ন কৰিব পৰা সাৰ। এজলা সাৰ হিচাপে ব্যৱহাৰ কৰাৰ উপৰিও হাঁহ-কুকুৰাৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰিব পাৰি। অসমৰ বহু অঞ্চলত এজলা স্বাভাৱিকভাৱে উৎপাদন হোৱা দেখা যায়। আমাৰ কৃষকসকলে কিছু যত্ন কৰি এই এজলা সহজেই উৎপাদন তথা প্রয়োগ কৰিব পাৰে।

দেখা যায় যে জনসাধাৰণৰ খাদ্য শস্যৰ যোগান ধৰিবলৈ প্রতি একক মাটিৰ পৰা অধিক শস্য উৎপাদন লাভ কৰিবলৈ মাটিৰ উৰ্বৰতা অটুট ৰখাটো নিতান্তই প্রয়োজনীয়। শস্যক্ষেত্ৰত এই উৰ্বৰতা ৰক্ষা কৰিবলৈ ৰাসায়নিক সাৰৰ ব্যৱহাৰৰ লগতে জৈৱিক সাৰ, জীৱাণুসাৰ আদিৰ ব্যৱহাৰ অতীব প্রয়োজন। সুষমভাৱে এই বিলাকৰ প্রয়োগ, লগতে আনুষংগিক উন্নত কলা-কৌশলৰ ব্যৱহাৰৰ জৰিয়তে ক্ৰমাগত বৃদ্ধি হোৱা জনসাধাৰণৰ খাদ্য চাহিদা পূৰণ কৰিবলৈ আমি চেষ্টা কৰিব লাগিব।

লেখিকা: ড° কাবেৰী মহন্ত, দৈনিক জনমভূমি।

 

শাক-পাচলিত ব’ৰণ সাৰৰ প্ৰয়োজনীয়তা

মানুহকে ধৰি জীৱ-জন্তুক জীৱন ধাৰণৰ বাবে যি দৰে খাদ্যৰ প্রয়োজন, ঠিক তেনেদৰে উদ্ভিদ জগতকো জীয়াই থাকিবলৈ খাদ্যৰ প্রয়োজন। উদ্ভিদ তথা গছ-গছনি, ফল-মূল, শাক পাচলি আদিৰ খাদ্যবোৰ হৈছে মাটি, পানী আৰু বায়ুমণ্ডলত থকা মৌলবোৰ। এই খাদ্য বা প্রয়োজনীয় মৌলবোৰৰ অভাৱত শাক-পাচলি, ফল-মূল, ফুল, মচলা জাতীয় গছবোৰৰ জীৱন ধাৰণ অসম্ভৱ। সাধাৰণতে উদ্ভিদ জগতক ষোল্লবিধ মৌলৰ আৱশ্যক যদিও আজিকালি বিজ্ঞানীসকলে আৰু ছয়-সাতবিধ মৌল উদ্ভিদক প্ৰয়োজন বুলি ঠাৱৰ কৰিছে।

উদ্ভিদক অতিকৈ প্রয়োজনীয় ষোল্লবিধ মৌলৰ নাইট্র’জেন, ফছফৰাছ, পটাচিয়াম, কেলচিয়াম, মেগনেচিয়াম, ছালফাৰ, কার্বন, হাইড্র’জেন, অক্সিজেন মৌলিক মুখ্য মৌল আৰু জিংক, আইৰন, কপাৰ, ব'ৰণ, মেংগানিজ, মলিবডেনাম আৰু ক্লৰিণ মৌলিক গৌণ মৌল বোলা হয়। শাক-পাচলি যিহেতুকে বতৰৰ পাচলি অর্থাৎ এটা ঋতুতহে জীয়াই থাকে, গতিকে এই ১১০-১২০ দিনৰ জীৱন কালছোৱাত সকলো মৌল বা খাদ্যৰ অতি প্রয়োজন। নহ’লে এটা মৌলৰ অভাৱতে শস্য নষ্ট হ’ব পাৰে বা উৎপাদন বাধাগ্রস্ত হ’ব পাৰে বা কমি যায়।

ৰবি শস্যৰ শাক পাচলি যেনে: ফুলকবি, বন্ধাকবি, ওলকবি, মূলা, বীন, মটৰ, গাজৰ, শস্যৰ লগতে বৰণ সাৰৰ প্রয়োজন অতি বেছি, ব’ৰণ সাৰ এটা গৌণ মৌল যদিও অতি কম পৰিমাণে প্রয়োজন হয়। তথাপি ব’ৰণৰ অভাৱত এই শাক-পাচলিবোৰৰ জীৱন চক্ৰ সম্পূর্ণ নহয়, যাৰ বাবে শস্যৰ উৎপাদন একেবাৰে কমে বা নষ্ট হয়।

ফুলকবি শস্যত বৰণ সাৰৰ অভাৱত কবিটো ধাৰণ কৰিবৰ সময়ত কবিটো মুগা বৰণৰ হয়। লাহে লাহে ৰঙা হৈ পৰে আৰু শেষত গেলিবলৈ ধৰে। কবিটো কাটি দিলে ঠাৰিডাল ফোপোলা হোৱা দেখা যায়। বন্ধাকবি শস্যৰ ক্ষেত্ৰত আকৌ বৰণ সাৰৰ অভাৱত বন্ধাকবিটো বান্ধ নেখায়। পাতবোৰ মেল খাই থাকে আৰু এটা সময়ত কবিটো সোনকালে ফুলিবলৈ ধৰে৷ ওলকবিৰ শস্যত কবিটো ধাৰণ কৰাৰ পাছত কবিটো ফাটিবলৈ ধৰে লগত যদি পটাছ সাৰৰ অভাৱ হয় তেন্তে কবিটো ফাটি যায়। অৱশ্যে ওলকবি শস্যত পানীৰ অভাৱ হ’লেও কেতিয়াবা কবি ফটা দেখা যায়। ব্ৰকলী শস্যত কবিটো ব’ৰণ সাৰৰ অভাৱত ভালদৰে গঠন নহয়।

অন্যধৰণৰ শাক-পাচলি যেনে: মূলা শস্যত ব’ৰণ সাৰৰ অভাৱত মঙহাল মূলাটোৰ ভিতৰ ভাগ কপাহৰ দৰে কোমল হয়। লাহে লাহে দীঘলীয়াকৈ ভিতৰত মুগা বৰণ ধাৰণ কৰে। ফ্রেন্সবীন শস্যত বীনৰ চিৰাবোৰ ব’ৰণ সাৰৰ অভাৱৰ বাবে ভালদৰে গুটি নধৰে। চিৰাটোৰ মাজে মাজে দুটা এটা গুৰি ধৰে আৰু দুই-এটা বীজ অপইতা হৈ থাকে। ঠিক তেনেদৰে মটৰ মাহৰ শস্যৰ চিৰাবোৰতো ব’ৰণ সাৰৰ অভাৱৰ বাবে চিৰাবোৰত গুটিবোৰ সম্পূর্ণ নহয়। এটা চিৰাত দুই-তিনিটাহে গুটি পূৰঠ হয়। ব’ৰণ সাৰৰ অভাৱৰ বাবে মটৰ, বীন শস্যত হোৱাৰ দৰে উৰহী, লেচেৰা মাহ আদিতো চিৰাবোৰত ভালদৰে গুটি নধৰে। ফলস্বৰূপে চিৰাবোৰৰ ওজন কমি যায়।

ব’ৰণ সাৰৰ অভাৱৰ বাবে গাজৰ শস্যত মাটিৰ তলত ধাৰণ কৰা মঙহাল ধুনীয়া গাজৰটোৰ মূৰত দুই-তিনিটা ঠেঙুলি মেলে আৰু গাজৰটো চিয়া হৈ ওজন কমি যায়। আকৌ গাজৰটো কেতিয়াবা দীঘে দীঘে ফাটি যায়। বিলাহী শস্যত ব’ৰণ সাৰৰ অভাৱ হ’লে বিলাহীৰ থোকটোত চাৰি-পাঁচটা বিলাহীৰ দুই-এটাহে ডাঙৰ হয় আৰু বাকীবোৰ বিলাহী সৰু আৰু ধেনা হয়। শাক-পাচলিৰ এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে এই শস্যবোৰৰ খেতিৰ পথাৰত মাটি চহোৱাৰ পিছত বিঘাই প্ৰতি এক কিল’গ্ৰাম বৰাক্স সাৰ প্ৰয়োগ কৰি গোবৰৰ সৈতে সমভাৱে মিহলাই ল’ব লাগে। পথাৰত পুলি ৰোৱাৰ আগতে যদি বৰাক্স সাৰ প্রয়োগ কৰা নহ’ল, তেন্তে পুলি ৰোৱাৰ পাছত বিঘাই প্রতি এক কিল’গ্রাম বৰাক্স সাৰ দুই-তিনি পাচি গোবৰৰ লগত মিহলাই প্ৰতিটো বিলাহী কবি পুলিৰ গুৰিত এমুঠিকৈ প্রয়োগ কৰক।

লিখক: ড° ৰাজেন্দ্ৰ প্ৰসাদ দাস, দৈনিক জনমভূমি।

 

2.90909090909
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top