মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / কৃষি বিষয়ক বিভিন্ন আলোচনা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি বিষয়ক বিভিন্ন আলোচনা

বেঙেনাৰ অপকাৰী কীট-পতংগ নিয়ন্ত্ৰণ


ৰাখি থোৱা পাচলিৰ ভিতৰত বেঙেনা উল্লেখনীয়। উদ্ভিদবিদ্যাৰ দৃষ্টিৰে ই আলু আৰু বিলাহীৰ সৈতে একেটা জাতিৰ। প্ৰাক্‌ ঐতিহাসিক কালৰে পৰা পূব আৰু দক্ষিণ এছিয়াত বেঙেনাৰ খেতি কৰি অহা হৈছে। ৫৪৪ খ্ৰীষ্টাব্দত সম্পূর্ণ হোৱা চীনা কৃষি গ্রন্থ “কিমিন য়াউচ’ত লিপিবদ্ধ বেঙেনাৰ লেখাই হ’ল লিখিত ৰূপত পোৱা এই উদ্ভিদৰ প্ৰথম লিখিত তথ্য। সাধাৰণতে বেঙেনাৰ নিজস্ব স্বকীয় বৰণৰ বাবেই ‘বেঙুনীয়া’ ৰঙে অসমীয়া ৰঙৰ তালিকাত এক স্থান পাইছে। বেঙেনাত উপস্থিত এন্থচায়ানিনৰ বাবে ইয়াৰ বৰণ কাৰণ। বিশ্বৰ প্রেক্ষাপটত বেঙেনা উৎপাদনত ভাৰতৰ স্থান দ্বিতীয়। বেঙেনাত কম পৰিমাণে চর্বি, মাংসসাৰ আঁহ আৰু শর্কৰা থাকে। অৱশ্যে মানুহৰ বাবে নিতৌ প্রয়োজনীয় মাত্ৰাত মেংগানিজ থাকে। কিছুমান মানুহক বেঙেনাই এলাৰ্জী সৃষ্টি কৰাৰ তথ্যও পোৱা যায়।

বেঙেনাৰ গুৰুত্বপূর্ণ কীট-পতংগসমূহ

১) বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোক।

২) ফুটুকী পোক।

৩) মোৱা পোক আৰু

৪) শোহনি পোক আদি।

এই কীট-পতংগসমূহ নিয়ন্ত্রণৰ বাবে কৃষকসকলে তলৰ কথাখিনি মন দিয়া উচিত।

১) শস্যচক্ৰৰ অধীনত একেডৰা মাটিতে বছৰে বছৰে বেঙেনা খেতি কৰা অনুচিত। লগতে এবছৰতকৈ পুৰণি মুঢ়া বেঙেনা ৰাখিব নালাগে।

২) বেঙেনাৰ পুলি ৰোৱাৰ পূর্বে খেতিৰ মাটিডৰা ভালদৰে চহাই মাটি ওচৰে-পাজৰে থকা বনবাত নিৰাই ল’ব লাগে। এনে কৰিলে মাটিৰ তলত লেটা বান্ধি থকা আৰু বন-বাতত আশ্রয় লৈ থকা কীট-পতংগসমূহ আঁতৰি যায়।

৩) কীট-পতংগৰ আক্রমণ প্ৰতিৰোধী উচ্চ উৎপাদনক্ষম জাতসমূহৰ খেতি কৰাত গুৰুত্ব দিব লাগে।

৪) বেঙেনাৰ অনিষ্টকাৰী পতংগই আক্রমণ কৰা উদ্ভিদৰ অংশ বিশেষকৈ গছৰ আগ আৰু ফল যথাসম্ভৱ আঁতৰাই নষ্ট কৰিব লাগে। ইয়াৰ ফলত পতংগৰ বংশ বৃদ্ধি হৈ অধিক অনিষ্ট কৰাৰ সম্ভাৱনা দূৰ হয়।

৫) বেঙেনা খেতিত সঠিক পৰিমাণৰ সা-জাবৰ প্রয়োগৰ প্রয়োজন। মন কৰিব লগা যে শস্যত আৱশ্যকতকৈ অধিক মাত্ৰাত নাইট্ৰজেনযুক্ত সাৰ প্রয়োগ কৰিলে কীট-পতংগৰ বংশবৃদ্ধি হয়।

৬) ডিম্ব পৰজীৱী ‘ট্রাইক’গ্ৰামা কাইল’নিজ’ বিঘাই প্রতি ২০,০০০ কৈ ১০ দিনৰ অন্তৰালত ৩-৪ বাৰ প্রয়োগ কৰিলে বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকৰ আক্রমণ বহুত পৰিমাণে হ্রাস পায়।

৭) বেঙেনাৰ পাতখোৱা ফুটুকী পোকক নিয়ন্ত্রণ কৰিবলৈ বহু সময়ত ফুটছাই ব্যৱহাৰ কৰিও সুফল লাভ কৰিব পাৰি।

৮) আঠাযুক্ত হালধীয়া আকর্ষক কার্ড ব্যৱহাৰ কৰিও বেঙেনা গছৰ শোহনি পোক নিয়ন্ত্ৰণ কৰিব পাৰি।

৯) “লিউচি লিউৰ’ যুক্ত ফেৰমন ফান্দ ব্যৱহাৰ কৰিও বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকক নিয়ন্ত্ৰণ কৰিব পাৰি।

১০) নিমজাতীয় কীটনাশক ঔষধ প্রয়োগ কৰিও কীট-পতংগৰ পৰা বেঙেনাৰ খেতিডৰা ৰক্ষা কৰিব পাৰি।

১১) পখিলাজাতীয় পতংগ বিশেষকৈ বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোকৰ পৰা বেঙেনা ডৰাক ৰক্ষা কৰিবলৈ বেক্টেৰিয়াজনিত ঔষধ ‘বি টি’ দুই মিঃ লিঃ প্রতি লিটাৰ পানীত মিহলাই এসপ্তাহৰ অন্তৰালত দুবাৰ প্রয়োগ কৰা উচিত।

১২) পৰিস্থিতি সাপেক্ষে বেঙেনা পুলি ৰোপণৰ ২৫-৩০ দিনৰ পিছত দানাজাতীয় কীটনাশক কার্বফোৰান, ৩ জি প্রতিজোপা গছৰ গুড়িত ৩ গ্ৰামকৈ প্রয়োগ কৰিও বেঙেনাৰ আগ আৰু ফল বিন্ধোৱা পোক নিয়ন্ত্ৰণ কৰিব পাৰি। তদুপৰি, ২ মিঃ লিঃ প্রফেন’ফজ ৫০ ই চি প্রতি লিটাৰ পানীত মিহলাই ১০ দিনৰ অন্তৰালত ৩ বাৰ বেঙেনা খেতিত প্রয়োগ কৰি আগ আৰু ফল বিন্ধোৱা পোক আৰু ফুটুকী পোক নিয়ন্ত্ৰণ কৰিব পাৰি। অৱশ্যে পূৰঠ বেঙেনাতলীত বেঙেনা ছিঙাৰ আগতে কৃত্রিম ৰাসায়নিক প্রয়োগ কৰা অনুচিত।

লিখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতী, দৈনিক জনমভূমি।

 

সীমান্ত সেউজ কৰা কুছি ফুলৰ খেতিত নিয়োজিত হৈ স্বাৱলম্বী মহিলা


কোনো ধৰণৰ সাৰ আৰু ঔষধ প্রয়োগ নকৰাকৈয়ে উদ্যান শস্য এবিধৰ জৰিয়তে লাভবান হোৱাৰ আশাৰ বতৰা কঢ়িয়াই আনিছে। উদ্যান শস্যবিধ হ’ল কুছি ফুলৰ খেতি। মহিলাসকলে ঘৰ সৰা কামত ঝাড়ু হিচাপে ব্যৱহাৰ কৰা কুছি ফুলৰ খেতিত কোনোধৰণৰ সাৰ আৰু ঔষধ, পানীৰ প্রয়োগৰ প্রয়োজন নহয়। অসমৰ কামৰূপ আৰু গোৱালপাৰা জিলাৰ মেঘালয় ৰাজ্যৰ সীমান্তত এতিয়া শ শ বিঘা এই ফুলৰ খেতি। কেইবছৰমান আগতে দুই-এগৰাকী গাৰো সম্প্রদায়ৰ খেতিয়কে হাবি-জংঘলত গজা বনৰীয়া বাৰীত ৰোপণ কৰিবলৈ আৰম্ভ কৰে। সাধাৰণ যত্নতে লহ্‌পহ্‌ হোৱা দেখিবলৈ পাই পৰৱৰ্তী পর্যায়ত খেতিয়কসকলে সীমান্তত হাবি-জংঘল হৈ এনেয়ে পৰি থকা মাটিত উদ্যান শস্য হিচাপে এই ফুলৰ খেতি কৰিবলৈ আৰম্ভ কৰে। গাৰো সম্প্রদায়ৰ খেতিয়কসকলক দেখি বর্তমান সীমান্তৰ ৰাভা আৰু বড়ো খেতিয়কসকলেও কুছি ফুলৰ খেতি কৰিছে। এই খেতিত কোনো কষ্টই নাই, মাজে মাজে মাথোঁ গা-গছবোৰৰ মাজত গজি উঠা বন-জংঘল উভালি চাফা কৰাৰ প্রয়োজন। ঝাড়ু হিচাপে ব্যৱহাৰ হৈ অহা কুছি ফুল ছিঙাৰ সময় ফ্রেব্রুৱাৰী আৰু মার্চ মাহ। মার্চ মাহটো ফুল ছিঙাৰ ভৰ সময়। এপ্রিল মাহটোতো অৱশ্যে কুছি ফুল ছিঙে খেতিয়কে।

বর্তমানে কুছি ফুল ছিঙা আৰম্ভ হৈছে। ফুল ছিঙা কামত মহিলা নিয়োজিত হৈ সীমান্তত সৌন্দর্য বৃদ্ধি কৰিছে। এই ফুল ছিঙোতে মহিলাসকলৰ শৰীৰত যাতে গছৰ পাতে কাটিব নোৱাৰে তাৰ বাবে দীঘল দীঘল চোলা পিন্ধি, মূৰত কাপোৰেৰে পাগুৰি বান্ধি লয়। ফুল ছিঙি থকা সময়ত মহিলাসকলক দূৰৈৰ পৰা পুৰুষ নে মহিলা ধৰিবই নোৱাৰি। ওখ ওখ কুছি ফুলৰ গছবোৰে গিলি পেলোৱা খেতিৰ মাজত মহিলাসকলে গান গাই গাই ফুল ছিঙি সীমান্তৰ পৰিৱেশত যেন সোণত সুৱগা চৰায়। পুৱাতে এখন মোনাত দুপৰীয়া খাবলৈ ভাত-পানী নিয়া গোৱালপাৰা জিলাৰ দুধনৈৰ জ্যোতি গাঁৱৰ মহিলা শৰ্মিলা ৰাভাক তেওঁ দিনটোত কিমান ফুল ছিঙিব পাৰে বুলি প্রশ্ন কৰিছিলো। উত্তৰত মহিলাগৰাকীয়ে এটা দিনত আশী কিঃগ্ৰামৰ পৰা এশ কিঃগ্ৰাম ছিঙিব পাৰে বুলি জনায়। প্রতি কিঃগ্ৰাম কুছি ফুল ছিঙাৰ বিনিময়ত মহিলাগৰাকীয়ে লাভ কৰে তিনি টকা। সেই হিচাপত তেওঁ এটা দিনত উপার্জন কৰে আঢ়ৈশ টকাৰ পৰা তিনিশ টকা। সীমান্তত ফুল ছিঙি থকা কামৰূপ জিলাৰ বকোৰ চুকুনীয়া পাৰাৰ টিটুলা ৰাভাৰো একেধৰণৰ উত্তৰ। পাংখে ৰাভা, সৰুমণি ৰাভাকে ধৰি বহু মহিলাই কুছি ফুল ছিঙাত নিয়োজিত হৈ পৰিয়াল চলাই আহিছে। খেতিয়কৰ পৰা ব্যৱসায়ীয়ে ক্ৰয় কৰা খেতিত মহিলাসকল ফুল ছিঙাৰ পৰা আৰম্ভ কৰি ৰ’দত শুকুওৱাৰ লগতে ঝাড়ু হিচাপে বন্ধা কামত নিয়োজিত হয়। বিনিময়ত মহিলাসকলো লাভ কৰে পাৰিশ্রমিক। একাংশ মহিলাই খেতি ক্ৰয় কৰি খেতিডৰাৰ পৰা কুছি ফুল ছিঙি ব্যৱসায়ীসকলৰ ওচৰত পাইকাৰী মূল্যত প্রতি কিঃগ্ৰামত কেঁচাতে পোন্ধৰ টকাকৈ বিক্ৰী কৰি আহিছে। যাৰ বাবে কিঃগ্ৰাম হিচাপত ফুল ছিঙি পাৰিশ্ৰমিক লাভ কৰা মহিলাসকলতকৈ ব্যৱসায় কৰা মহিলাসকল লাভবান হৈছে। সীমান্তৰ উদ্যান শস্য কুছি ফুলৰ খেতিত নিয়োজিত হৈ দেশৰ অৰ্থনীতিত মহিলাসকলে প্রভূত অৰিহণা যোগাইছে।

লিখক: দিগন্ত বৈদ্য, নন্দিনী।

ষ্ট্ৰবেৰী এক লাভজনক খেতি


আধুনিক যুগত অন্যতম সুস্বাদু আৰু পুষ্টিপূর্ণ ফল হিচাপে জনপ্ৰিয়তা লাভ কৰা, দেখাত অতি সুন্দৰ ফল ষ্ট্ৰ’বেৰীৰ খেতি পোনপ্ৰথমে আৰম্ভ হৈছিল ফ্রান্সত। ভিটামিন আৰু কেলছিয়াম, ফছফৰাছ আৰু পটাছিয়ামেৰে পৰিশিষ্ট ষ্ট্র’বেৰীবোৰে বর্তমান যুগত এণ্টিঅক্সিডেণ্টৰ অন্যতম উৎস হিচাপেও সমাদৰ লাভ কৰিছে। যদিও ষ্ট্র’বেৰী মূলতঃ শীতল অঞ্চলত হোৱা খেতি, উপক্রান্তীয় জলবায়ুযুক্ত ঠাইত তথা গ্ৰীষ্মকালীন জলবায়ুত ওখ, পাহাৰীয় ঠাইতো এইবিধ ফলৰ খেতি সফলৰূপে কৰিব পৰা যায়। অতি সহজে আৰু খৰতকীয়াকৈ সংস্থাপন হোৱা ষ্ট্ৰ’বেৰীৰ খেতি সাধাৰণতে সেউজ গৃহ অথবা প্লাষ্টিকৰ ঢাকনি ব্যৱহাৰ কৰিও কৰা হয়।

ভাৰতত প্রথমে হিমাচল প্রদেশ, জম্মু আৰু কাশ্মীৰ, উত্তৰাঞ্চল আৰু উত্তৰ প্ৰদেশৰ কোনো কোনো ঠাইতহে ষ্ট্ৰ’বেৰীৰ খেতি কৰা হৈছিল। কিন্তু দিন-ৰাতি দৈর্ঘ্যৰ নিৰপেক্ষ জাতবোৰৰ জনপ্ৰিয়তাই ভাৰতৰ উপক্ৰান্তীয় জলবায়ুযুক্ত ৰাজ্যবোৰতো এই খেতিৰ প্ৰচলন আৰম্ভ তথা বহুপ্ৰসাৰিত কৰিলে। বর্তমান ভাৰতৰ ভিতৰত সর্বাধিক ষ্ট্ৰ’বেৰী উৎপাদন হয় মহাৰাষ্ট্ৰত। ষ্ট্ৰ’বেৰীৰ উৎপাদনৰ ক্ষেত্ৰত অন্যতম ৰাজ্যবোৰৰ ভিতৰত চিকিম, মিজোৰাম আৰু মেঘালয়ৰ নাম উল্লেখনীয়।

জলবায়ু অনুসৰি বিভিন্ন ষ্ট্র’বেৰীৰ জাত আছে। ভাৰতত মূলতঃ বিদেশৰ পৰা আমদানিকৃত প্রসিদ্ধ জাতবোৰেই ব্যৱহাৰ হোৱা দেখা যায়। ভাৰতৰ বিভিন্ন জলবায়ু অনুসৰি খেতিৰ বাবে ব্যৱহাৰত জাতসমূহ হ’ল— চেণ্ডলাৰ অফ্ৰা কামাৰ’জা চুইট, চার্লি চি স্কেপ, ব্লেক ম’ৰ, ফায়াৰ ফক্স ইত্যাদি। অন্যান্য কিছুমান জাত, যেনে: প্রেমিয়াৰ, ৰে’ড ক’ষ্ট, দিলপচন্দ, বেংগাল’ৰ, ফ্ল’ৰিডা ৯০ আদি বহু ঠাইত খেতি কৰা দেখা গৈছে।

ষ্ট্র’বেৰী খেতিৰ সবিশেষ

খুব সুন্দৰভাৱে চহাই লোৱা সাৰুৱা মাটিত ওখ ঢিপ বান্ধি ষ্ট্ৰ’বেৰী পুলিবোৰ ৰোৱা হয়। চহাই লোৱা মাটিত অপতৃণ নাশক ঔষধ আৰু পচন সাৰ বা শুকান পচা গোবৰ মিহলি কৰাটো প্রয়োজনীয়। ষ্ট্র’বেৰীৰ শিপাবোৰ বৰ বেছি দলৈ নাবাঢ়ে। সেয়ে মাটিত মিহলোৱা জৈৱিক বা ৰাসায়নিক সাৰৰ প্রয়োগ চহোৱা মাটিৰ ওপৰৰ স্তৰতে কৰাটো লাভজনক। অন্য এটা মন কৰিব লগা কথা হৈছে মাটিত জীপ থকাটো, অন্যথা শিপাৰ বৃদ্ধি আৰু পুলিবোৰৰ সংস্থাপনত ব্যাঘাত জন্মে। অপতৃণ নিবাৰণ ষ্ট্ৰ’বেৰী খেতিৰ ক্ষেত্ৰত অতিশয় গুৰুত্বপূর্ণ। ষ্ট্ৰ’বেৰী গছবোৰ সৰু তৃণজাতীয় হয় আৰু সেয়ে বহু সময়ত অপতৃণ নিবাৰণ কৰাত অসুবিধা হয়, এনে ক্ষেত্ৰত ৰাসায়নিক অপতৃণনাশকৰ উপৰি ক’লা বা বগা পলিথিন অথবা খেৰ, কাঠৰ গুড়ি আদি মাটি ঢাকনি হিচাপে ব্যৱহাৰ কৰিব পাৰি। মাটি ঢাকনিৰ ব্যৱহাৰ, শিপাৰ বৃদ্ধি আৰু বিকাশতো জলবায়ু বিশেষে সুপ্ৰভাৱ বিস্তাৰ কৰে।

ষ্ট্ৰ’বেৰীৰ পুলিবোৰ প্ৰকৃততে হৈছে সুবিকশিত একো একোটা পোখা। পূর্ণ বিকশিত শিপা আৰু সুদৃঢ় মূঢ়াযুক্ত এনে পুলিবোৰ মাত্র গছৰ কাষৰ পৰা উঠাই মূল বাৰীত ৰুব লাগে। এনে কৰোঁতে মন কৰা প্রয়োজনীয় যাতে পোখাবোৰত অধিক ৰ’দ-বতাহ নালাগে। ৰোৱাৰ আগতে পোখাৰ বাহিৰৰ ফালৰ পাতবোৰ আঁতৰাই দিব লাগে আৰু শিপাবোৰ পানীৰে ভালকৈ ধুই লৈ শিপাবোৰৰ ১/২ ৰ পৰা ১/৩ অংশ কাটি ল’ব লাগে। ৰোৱাৰ সময়ত এটা মন কৰিব লগীয়া কথা হ’ল যাতে মূঢ়া অংশ মাটিৰ ওপৰৰ স্তৰৰ সৈতে সমানত থাকে, অন্যথা দকৈ ৰুলে মূঢ়া পচি পুলি মৰিব পাৰে বা পৰৱৰ্তী সময়ত পোখা ওলোৱা পলম হ'ব পাৰে, অৱশ্যে মাটিৰ পৰা বেছি ওপৰত মুঢ়াটো উলিয়াই ৰুলে মূঢ়া / শিপা শুকাই যাব পাৰে।

ভাৰতৰ জলবায়ু অনুসৰি ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মধ্যভাগলৈকে ষ্ট্র’বেৰীৰ পুলিবোৰ ৰোৱাটো বাঞ্ছনীয়। বেছি সোনকালে ৰুলে সৰু পুলিৰ মৃত্যুৰ হাৰ বৃদ্ধি পায়, অৱশ্যে বেছি দেৰিকৈ ৰুলে পুলিবোৰৰ সুসংস্থাপনৰ হাৰ হ্রাস হোৱা দেখা যায়। সেয়ে, সঠিক সময়ত পুলি ৰোৱাটো অতি দৰকাৰী।

পুলি ৰোৱাৰ অৱশ্যে বিভিন্ন বিজ্ঞানসন্মত প্রণালী আছে। যেনে—

১।মেটেডৰ’

২। স্পেচড বেডচ্‌ আৰু

৩। হিল্‌ৰ’।

এই প্রণালীসমূহ তলত ব্যাখ্যা কৰা হ’ল—

 

১। মেটেডৰ’: এই প্রণালীত ৰোপণ কৰিবলৈ পুলিৰ দুটা শাৰীৰ মাজত ৯০ ছেঃ মিঃ দূৰত্ব থাকিব লাগে আৰু একো একোটা শাৰীত ৪৫ ছেঃ মিঃ ব্যৱধানত পুলিবোৰ ৰুব লাগে। সাৰুৱা মাটিৰ বাবে এই ৰোপণ প্রণালী লাভজনক। তদুপৰি, এই পদ্ধতিত ৰোৱা গছবোৰৰ পৰা অত্যধিক হাৰত পোখা মেলা দেখা যায়।

২। স্পেচড্‌ বেড্‌চ: এই পদ্ধতিত শাৰীবোৰৰ মাজত ৯০-১০০ ছেঃ মিঃ দূৰত্ব হ’ব লাগে আৰু পোখাবোৰ ৩০-৫০ ছেঃ মিঃ আঁতৰে আঁতৰে প্রত্যেক শাৰীত ৰুব লাগে। এই পদ্ধতিত ষ্ট্র’বেৰীৰ ফলৰ আকাৰ ডাঙৰ হোৱা দেখা যায় যদিও অত্যধিক সংখ্যক পোখা উঘালি অনাটো (নিয়ন্ত্ৰণৰ অর্থে) এই পদ্ধতিৰ অসুবিধাজনক কথা।

৩। হিলৰ এই পদ্ধতিত কেইবাধৰণেৰে পুলিবোৰ ৰুব পাৰি যদিও সাধাৰণতে ২০-২৫ ছেঃ মিঃ ওখ সমান ঢিপ বান্ধি প্রত্যেক ঢিপত দুটাকৈ শাৰীত পুলিবোৰ ৩০.৫×৩০.৫ ছেঃ মিঃ ব্যৱধানত ৰোৱা হয়। এনে ধৰণৰ দুটা ঢিপৰ মাজত সাধাৰণতে ১০৭ ৰ পৰা ১২২ ছেঃ মিঃ দূৰত্ব থকাটো বাঞ্ছনীয়। এই ধৰণৰ ৰোপণ পদ্ধতি খেতি ডৰাৰ প্ৰতিপালন তথা ডাঙৰ আকাৰৰ অধিক ফল উৎপাদনৰ বাবে অধিক সুবিধাজনক পদ্ধতি ৰূপে পৰিগণিত হৈছে।

ষ্ট্র’বেৰীৰ খেতিত পুষ্টি যোগান

বছৰি প্রতি বিঘা মাটিত ১০ টন শুকান গোবৰৰ যোগানে ষ্ট্ৰ’বেৰীৰ প্ৰয়োজনীয় পুষ্টি পূৰ্ণ কৰিব পাৰে। অন্যথা মাটি চহোৱা সময়ত প্রতি বিঘাত ২.৫-৩ টন শুকান গোবৰ মিহলি কৰাৰ লগতে ৫-৬ কিল’গ্রাম ইউৰিয়া, ৩৩ কিঃ গ্ৰাঃ একক চুপাৰ ফছফেট আৰু ৮ কিঃগ্ৰাঃ মিউৰেট অৱ পটাছ মিহলি কৰি পুলিবোৰ ৰুব পৰা যায়। পুলি সংস্থাপনৰ পাছৰ পৰা বছৰৰ মূৰত পুনৰ প্ৰতি বিঘাত ৪০ কিঃগ্ৰাঃ ফছফৰাছ আৰু ৮০ কিঃগ্ৰাঃ পটাছ প্রয়োগ কৰিব লাগে।

অধিক উৎপাদন আৰু শস্যক গুণগত মানৰ উন্নতি কৰিবৰ বাবে ২% ইউৰিয়া (প্রতি লিটাৰত ২০ গ্রাম /৪ চাহ চামুচ), ০.৫% জিংক চালফেট (প্রতি লিটাৰত ৫ গ্রাম বা এক চাহ চামুচ), ০.৫% কেলছিয়াম চালফেট (প্রতি লিটাৰত ৫ গ্রাম বা এক চাহ চামুচ), ০.৫% কেলছিয়াম চালফেট (প্ৰতি লিটাৰত ৫ গ্ৰাম বা এক চাহ চামুচ) আৰু ০.২% বৰিক এচিড (প্রতি লিটাৰত ২ গ্রাম) হিচাপত স্প্ৰে’ কৰিব লাগে।

অপতৃণ নিবাৰণ

অপতৃণ নিবাৰণৰ বাবে পাৰাকোৱেট, চিমাজিং ৪০০ গ্রাম / প্রতি বিঘাত আৰু পেণ্ডিমিঠালিন ৪৪ গ্রাম / প্রতি বিঘা হিচাপত মাটি চহোৱাৰ সময়ত প্রয়োগ কৰিব লাগে। অন্যথা অপতৃণৰ পৰা পৰিত্ৰাণ পাবলৈ জৈৱিক সামগ্ৰী, যেনে: খেৰ, কাঠৰ গুড়ি আদি বা অজৈৱিক সামগ্ৰী, যেনে: ক’লা বা বগা পলিথিনৰ মাটি ঢাকনি ব্যৱহাৰ কৰি অধিক লাভৱান হ’ব পাৰি।

অন্য যতন

অত্যধিক সংখ্যক পোখা উৎপাদন হ’লে তাক নিয়ন্ত্ৰণ কৰিব লাগে, যিবোৰ পোখাৰ গঠন পুলি হিচাপে বিক্ৰীৰ বাবে উপযুক্ত হয়, তেনেবোৰ পোখাত ফল লগা বন্ধ কৰিবলৈ ফুলৰ কলিবোৰ ছিঙি দিব লাগে। পোখাসমূহ মেলাৰ সময়ত পোখা বঢ়াৰ দিশ ৰোপণ পদ্ধতিৰ সমান্তৰাল কৰি দি নিয়ন্ত্ৰণ কৰিব লাগে, যাতে খেতিয়কৰ মাজত সোমোৱাত অসুবিধা নহয়।

ফল ছিঙা/চপোৱা

ষ্ট্র’বেৰী ফলবিধ কোমল গঠন বিন্যাসৰ হোৱা হেতুকে খুব সোনকালে নষ্ট হোৱাৰ ভয় থাকে, সেয়ে ফল ছিঙা তথা বজাৰলৈ পঠোৱা প্ৰক্ৰিয়াত সাৱধানতা অৱলম্বন কৰাটো অতি প্রয়োজনীয়। ওচৰৰ বজাৰত বিক্ৰীৰ বাবে ফলটোত আধা বা ৩/৪ অংশ ৰঙা পৰা সময়েই সঠিক সময় ফল ছিঙাৰ। কিন্তু দূৰৰ বজাৰলৈ পঠাবৰ বাবে পূৰঠ কিন্তু সেউজীয়া টান অৱস্থাতে ফলবোৰ চপাব লাগে। চপোৱা কামটো প্রত্যেক এটা দিনৰ অন্তৰালত কৰাটো বাঞ্ছনীয় আৰু ছিঙাৰ সময়ত ফলটোত হেঁচা প্রয়োগ কৰিব নালাগে, অর্থাৎ ঠাৰিডালত ধৰি ছিঙিব লাগে যাতে ফলৰ চুপহিৰ ওপৰত ঠাৰিৰ ২-৩ ছেঃ মিঃ অংশ লাগি থাকে। ছিঙাৰ সময়তেই পৰাপক্ষত সৰু সৰু ফুটাযুক্ত প্লাষ্টিকৰ সৰু বাকচত ১৫-২০ টা মানকৈ ষ্ট’বেৰীবোৰ শেষ কৰিব লাগে আৰু পৰাপক্ষত ছিঙাৰ পাছত সকলো সময়তে শীতল কক্ষ অথবা ফ্রিজ ব্যৱহাৰ কৰি ষ্ট্র’বেৰীবোৰ সংৰক্ষণ কৰিব লাগে (৫-৭ ডিগ্ৰী ছেণ্টিগ্রেডত)।

ষ্ট্র’বেৰীবোৰ ৰোৱাৰ পৰা অতি কম সময়ৰ ভিতৰতে ফল দিয়া এবিধ লাভজনক খেতি। অসমৰ জলবায়ুত লাভজনক শীতকালীন খেতি হিচাপে ই বর্তমান জনপ্রিয়তা লাভ কৰিছে।

লেখিকা: সুদেষ্ণা বৰুৱা আৰু শেৱালি শইকীয়া, দৈনিক জনমভূমি।

 

মাজুলীৰ মৃৎশিল্পত মহিলাৰ ভূমিকা

মা মানে লক্ষ্মী, জুলি মানে ভঁৰাল— লক্ষ্মীৰ ভঁৰাল। প্রতি পুৱা সত্ৰৰ নামঘোষাৰে সাৰ পায় মাজুলী। সূৰ্যৰ প্রথম কিৰণে যুঁজি জীয়াই থকাৰ সাহস বিলায় প্ৰতিদিনে মাজুলীক প্ৰাকৃতিক সৌন্দর্য তথা বিভিন্ন গুণ-গৰিমাৰ সমাহাৰ মাজুলী। প্রকৃতিৰ এক অপূর্ব সৃষ্টি মাজুলী।

অসমীয়া সংস্কৃতিত মৃৎশিল্পৰ এক এৰাব নোৱাৰা স্থান আছে। মাজুলীয়ে এৰি দিয়া নাই এই পৰম্পৰা আৰু সংস্কৃতি। অতীজৰে পৰা চলি আহিছে এই শিল্প ইয়াত। প্রতি বছৰে বানত ভাৰাক্ৰান্ত হোৱা মাজুলীৰ নদী কাষৰীয়া অঞ্চল শালমৰা, বাৰবকা, বেছামৰা, কামজান এলেঙী, চিনাতলী ঠাইসমূহত এই শিল্প আছে। হীৰা আৰু কুমাৰসকলে এই নদীকাষৰীয়া অঞ্চলসমূহত বাস কৰে। এই গাঁওসমূহৰ প্রধান জীৱিকা এই মৃৎশিল্পসমূহ। পুৰুষ-মহিলা সকলোৱে আগ-ভাগ লয় এই শিল্পকলাত। এয়া টেকেলি, নদীয়া দুণৰি, মঠিয়া, চাকি, ভুৰুকা, ধূপ-দানি, নেগেৰা, খোল, উধান, কলহ, ভাবুকি, সৰু কলহ, ধূনামলা, মাটিৰ টাব তথা বিভিন্ন মাটিৰ সামগ্রী তৈয়াৰ কৰা হয়। কোনো আধুনিক সা-সৰঞ্জাম নোলোৱাকৈ প্রকৃতিৰ পৰা আহৰণ কৰা কুমাৰ মাটিৰ সহায়েৰে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ পাত্ৰসমূহ তৈয়াৰ কৰে। মাটিৰ পাত্র এটাই গঢ়ন প্রক্রিয়াত পূর্ণতা লাভ কৰাৰ বিভিন্ন স্তৰত মৃৎশিল্পী পৰিয়ালৰ সকলো সদস্য জড়িত হৈ থাকে। পুৰুষসকলে মাটি খন্দা পেঘালিত পাত্ৰসমূহ পোৰা আৰু বিক্ৰী কৰাৰ কামখিনি কৰে। শালমৰা অঞ্চলৰ মৃৎশিল্পীসকলে পৌৰাণিক দিনত তিৰোতাসকলে পৰিধান কৰা আ-অলংকাৰৰ চিত্ৰসমূহ পাত্ৰসমূহত অংকন কৰে। কুমাৰনীসকলে আকাৰ দিবলৈ ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীখিনি হ’ল-খুন্দা মাৰি, কাঠৰ পাত, পিতুন, চোঁচা মাৰি, বনিয়া, এঠালি, আফৰি, ভুটুঙা, মাজনী, পেঘালি ইত্যাদি। এই সামগ্ৰীসমূহ পৰম্পৰাগত। বিজ্ঞানসন্মত কাৰিকৰী কৌশলে মাজুলীৰ এই শিল্পক চুব পৰা নাই। পুৰণিকলীয়া নিয়মেৰে নিৰ্মাণ কৰি আহিছে এই মৃৎশিল্প। প্রতিঘৰতে কেঁচা কলহসমূহ ৰ’দাই থোৱা দৃশ্য আৰু ব্ৰহ্মপুত্ৰৰ ওখ গড়াৰ কাষত পকাই থোৱা কলহসমূহৰ দৃশ্য অতি মনোমোহা।

মাজুলীত ছমাহ বাৰিষা আৰু ছমাহ খৰালি। বানপানীয়ে প্রতিবছৰে ধুৱাই নিয়ে এই অঞ্চলসমূহ। খৰালিৰ দিনকেইটাত যুদ্ধংদেহি মনোভাৱেৰে বাৰিষাৰ পেটৰ জুইকুৰা নুমুৱাবলৈ সাজু হয় তেওঁলোক। ব্ৰহ্মপুত্ৰৰ নিচেই দাঁতি কাষৰীয়া হোৱা বাবে বাৰিষাত খাদ্যসংকটত পৰে তেওঁলোক। খৰালিৰ দিনকেইটাত কুমাৰসকলে ব্ৰহ্মপুত্ৰৰ পানী কমি থকাত বিভিন্ন ঠাইলৈ পাত্ৰসমূহ লৈ নদীযাত্ৰা কৰিবৰ বাবে সাজু হয়। এই মাটিৰ সামগ্ৰীসমূহ ছৈ দিয়া নাৱত বোজা দি মুখত হৰিনাম লৈ বেপাৰৰ বাবে বহুদিনলৈ ওলাই যায় যেন পৌৰাণিক দিনৰ সদাগৰৰ সাধুকথাহে। এনেদৰেই ওলাই যাওঁতে মহিলাগৰাকীয়ে নিজৰ কুমাৰজনক সুন্দৰকৈ খুৱাই-বুৱাই আদৰেৰে উলিয়াই পঠিয়ায়। যেনেকৈ পঠিয়াই তেনেকৈয়ে ঘৰলৈ ঘূৰি আহোতে নদীত গা-ধুই ডাঢ়ি-চুলি কাটি ঘৰ সোমায়। শদিয়াৰ পৰা ধুবুৰীলৈও অসমৰ বিভিন্ন ঠাইৰ বাদেও অসমৰ বাহিৰলৈও যায় মাজুলীৰ মৃৎশিল্প।

গ্রাম্য জীৱনত বাৰীৰ এটা লাউৰ বদলি পুখুৰীৰ এটা মাছ সলাই খোৱাৰ পৰম্পৰা এতিয়াও আছে। ঠিক তেনেদৰে এই কুমাৰ বা হীৰাসকলেও মাটিৰ এটা পাত্ৰৰ বদলি ধান, মাহ আদি সলাই লয়। মাজুলীৰ ভিতৰুৱা গাঁওবোৰত এতিয়াও এনে কৰা হয়।

নদীদ্বীপটোৰ সম্ভাৱনাময় মুখাশিল্পৰ লগতে এই মৃৎশিল্প উল্লেখযোগ্য শিল্প। প্রকৃতিয়ে যেনেকৈ আধুনিকতাৰ পৰশ নোপোৱাকৈ এই শিল্পক মাজুলীলৈ উপহাৰ দিছে, ঠিক এতিয়াও অসুবিধা নহ’বলৈ পুৰুষসকলে খৰালিৰ দিনতে মাটিৰ সংৰক্ষণ কৰি ৰাখিব লগা হয়। এই মাটিসমূহ একেবাৰে নদীৰ কাষৰ পৰা অনা হয়। গড়াখহনীয়াৰ ইও এটা কাৰণ হিচাপে ভাবি প্রশাসনে এই মাটি খন্দাত বাধা আৰোপ কৰে। যিয়েই নহওক কিয়, মাজুলীৰ এই মৃৎশিল্পটো ই অসম গৌৰৱ তথা পর্যটকৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বানত বিধস্ত হোৱা এই পৰিয়ালসমূহক বচাবৰ বাবে অৰ্হতাসম্পন্ন মৃৎশিল্পীৰ উপযুক্ত প্রশিক্ষণ তথা বুনিয়াদী সা-সুবিধাৰ ব্যৱস্থা কৰি, বজাৰৰ উপযুক্ত সুবিধাৰ সৃষ্টি কৰি এই শিল্পক সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে।

লেখিকা: মৌচুমী দলে, নন্দিনী।

মেটেকা উদ্যোগ স্ব-নিয়োজনৰ উত্তম আহিলা

আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সাজ-পাৰ তথা অন্য বস্ত্ৰ সামগ্ৰীবোৰ আঁহৰ পৰা সূতা উলিয়াই হস্ততাঁত নাইবা বিদ্যুৎচালিত তাঁতত প্রথমে বৈ উলিওৱা হয়।

এই আঁহ প্ৰধানকৈ দুই প্রকাৰৰ

(ক) প্রাকৃতিক আঁহ যেনে, কপাহ, পাট, এৰী, মুগা, উল ইত্যাদি।

(খ) কৃত্ৰিম আঁহ বা মানৱসৃষ্ট আঁহ যেনে-পলিয়েষ্টাৰ, নাইলন ইত্যাদি।

প্ৰাকৃতিক আঁহৰ ভিতৰতে এনে কিছুমান আহোঁ আছে, যিবিলাকৰ পৰা যোগাসন কৰা কঠ, নামঘৰত ভকত বহা কঠ, ডাইনিং মেট, পুৰুষ-মহিলাৰ বিভিন্ন ধৰণৰ বেগ, বটল বেগ, বাস্কেট, ফাইল কভাৰ, জপা, পেন হ’ল্ডাৰ, টুপি ট্ৰে, ফুলদানি, ড্রয়িংৰূমত সজোৱা সামগ্রীকে ধৰি বিভিন্ন ধৰণৰ সা-সামগ্রী তৈয়াৰ কৰা হয়।

এই আঁহবোৰ আহৰণ কৰা হয় প্রধানকৈ মৰাপাট, কলগছ, আনাৰস তথা আনাৰসৰ দৰে অন্য উদ্ভিদৰ পাত আৰু সম্প্রতি বহুলভাৱে প্রচলিত হোৱা পানী মেটেকা বা দল মেটেকাৰ পৰা। আমাৰ এই লেখাত মেটেকাৰ পৰা কেনেদৰে সামগ্রী প্রস্তুত কৰাৰ উদ্যোগ গঢ়ি লাভবান হ’ব পাৰি, তাৰেই এটি আভাস দিবলৈ প্রয়াস কৰা হৈছে।

মেটেকাৰ পৰা সামগ্রী প্রস্তুত কৰাৰ আগতে প্রথমে এখন বিশেষ ধৰণৰ হস্তশালত দীঘত ৯ নম্বৰ সূতা আৰু বাণিত মেটেকাৰ শুকান আঁহ ভৰাই টাৰ মৰা হয়, এনেদৰে চাৰি মিটাৰ দীঘল আৰু ৬৩ ছেঃমিঃ বহল একোখন ঠান পোৱা যায়। ইয়াৰ পৰা প্ৰয়োজন অনুসৰি কাটি চিলাই মেচিনত চিলোৱা হয়। ৰঙীন কাপোৰৰ চাইড ব’ৰ্ডাৰ দিয়া হয়। এনেদৰে যোগাসন কঠ, ভকত বহা কঠ আদি তৈয়াৰ কৰা হয়।

ডাইনিং টেবুল মেট, ফাইল ক’ভাৰ, বটল বেগ, লেডিজ বেগ, বজাৰ কৰা মোনা আদিৰ কাৰণে ঠান কাপোৰখন মিহিকৈ বব লাগে। এনেক্ষেত্ৰত দীঘত ১৫ নম্বৰ সূতা আৰু বাণিত মিহিকৈ কাটি লোৱা মেটেকা আঁহ বোৱা হয়। এনেদৰে চাৰি মিটাৰ দীঘল আৰু চল্লিশ ছেঃমিটাৰ বহল কাপোৰ পাব পাৰি। ইয়াৰ পৰা কাটি সামগ্রী চিলোৱা হয়।

প্রয়োজনীয় সঁজুলি

১) এখন বিশেষ ধৰণৰ কাঠৰ নাইবা লোহাৰ শাল। দীঘল ৭৭ ইঞ্চি, বহল ৪৪ ইঞ্চি, ওখ ২২ ইঞ্চি। ঠিক মাজত ৩০ ইঞ্চি ওখ দুডাল খুঁটি ঠিয়কৈ থাকিব। ইয়াৰ ওপৰত ৫৪ ইঞ্চি দীঘল এডাল মাৰি পথালিকৈ থাকিব। খৰচ পৰিব প্রায় ১০,০০০ টকা।

২) শুকান মেটেকা ঠাৰি চেপেটা কৰা যন্ত্র (flating machine)। ই প্ৰায় কুঁহিয়াৰ পেৰা যন্ত্রৰ দৰে, কিন্তু তাতোকৈ বহুত সৰু। দাম হ’ব প্রায় ৬৫০০ টকা।

৩) সাধাৰণ চিলাই মেচিন নাইবা প্রয়োজন অনুসৰি ৩১ K চিলাই মেচিন, ১০৩চিলাই মেচিন, DDL 8100 EH চিলাই মেচিন।

কেঁচী, স্কেল, টেইলৰ চক পেঞ্চিল, ১৪ ৰ পৰা ২৩ নম্বৰ বেজী ইত্যাদি।

8) ফেভিকল আঠা SR 998.

ঠান কটাৰ আগতে কাটিব খোজা অংশত এই আঠা লগাই ল’লে আঁহ ওলাই যোৱাৰ ভয় নাথাকে।

কেঁচামাল

মেটেকা

মেটেকা হ’ল বেঙুনীয়া ফুল ধৰা এবিধ জলজ উদ্ভিদ। এই মেটেকাৰ কেবাটাও প্রজাতি আছে। এবিধ মেটেকাৰ ফুল তৰকাৰী হিচাপেও খোৱা হয়। ইয়াৰ ভিতৰত দল মেটেকা কেঁচামাল হিচাপে ব্যৱহাৰ হয়। অসমৰ খাল-বিলবোৰত ইয়াক পোৱা যায়।

প্রস্তুতি

মেটেকা কটাৰ উপযুক্ত সময় হ’ল নৱেম্বৰৰ পৰা মার্চ মাহ পর্যন্ত। এই মেটেকাৰ গুৰি আৰু পাতবোৰ কাটি ঠাৰিবোৰ প্রায় পোন্ধৰ দিন ৰ’দত শুকুৱাব লাগে, নিয়ৰ নাইবা বৰষুণত তিতিব নালাগে।

শালত বোৱাৰ আগেয়ে ঠাৰিবোৰ পানীৰে ধুই এখন কপাহী কাপোৰেৰে চাফা কৰি লোৱা হয় আৰু ফ্লেটিং মেচিনৰ সহায়ত চেপেটা কৰি লোৱা হয়।

পেন হ’ল্ডাৰ, ফুলদানি, বাস্কেট, ট্ৰে, টুপি, জপা, কাছ আদি কিছুমান সামগ্ৰী তাঁতত নবৈ হাতেৰে গোঁঠা হয়। ইয়াত কেৱল মেটেকাৰ আঁহ ব্যৱহাৰ হয়।

সামগ্ৰী প্রস্তুত হোৱাৰ পিছত প্রয়োজন অনুসৰি বাৰ্ণিচ কৰা হয়, অৱশ্যে বিদেশত মূল প্রাকৃতিক ৰঙৰ সামগ্ৰীৰ চাহিদা বেছি।

বিপণন ব্যৱস্থা

উদ্যোগত উৎপাদিত সামগ্ৰীবোৰ ভাৰতীয় উদ্যামিতা প্রতিষ্ঠান, লালমাটি, গুৱাহাটী, নেড্‌ফি গুৱাহাটী; আৰ্টফেড, খাদী ইণ্ডিয়া, শিল্পগ্রাম আদি প্রতিষ্ঠানৰ জৰিয়তে জাপান, আমেৰিকা, বুলগেৰিয়া আদি দেশলৈ ৰপ্তানি কৰিবও পাৰি।

 

এইখিনিতে আমি কেইগৰাকীমান উদ্যমী মহিলাৰ কথা উল্লেখ কৰিব খুজিছো, যিয়ে নেকি নিজে স্বাৱলম্বী হোৱাৰ লগতে আনকো আত্মনিৰ্ভৰশীলতাৰ পথ দেখুৱাইছে।

শিৱসাগৰ জিলাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ ভটিয়াপাৰ নিবাসী প্রিয়ম হাজৰিকাই মেটেকা, কলগছ, মৰাপাটৰ আঁহৰ পৰা প্রস্তুত কৰা সামগ্ৰীৰে কেৱল অসমতে নহয়, বিদেশতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়ালৈকে ৫০ টাতকৈও অধিক মহিলা গোটক প্রশিক্ষণ প্রদান কৰি মহিলাসকলক আত্মসংস্থাপনৰ বাট দেখুৱাইছে।

গোলাঘাট জিলাৰ জ্যাকগ্রান্ত গাঁৱৰ ৫০ উর্ধৰ শ্ৰীমতী স্বৰ্ণলতা দত্তই নিজৰ বয়সকো আওকাণ কৰি নিজ হাতেৰে মেটেকা কটাৰ পৰা সামগ্ৰী প্রস্তুত কৰালৈকে সকলো কাম নিজেই কৰে। বর্তমান ধলগুৰি চাহ বাগানৰ ল’ৰা- ছোৱালীক তেওঁ প্ৰতি ৰবিবাৰে প্ৰশিক্ষণ দি আছে। নিজৰ উপাৰ্জনৰ পথ নিজে বাছি উলিওৱা এইগৰাকী মহিলা আজিৰ যুৱক-যুৱতীচামৰ আদৰ্শস্বৰূপ হ’ব পাৰে।

কোকৰাঝাৰৰ শ্ৰীমতী পুষ্পী ব্ৰহ্মই SAl Industryৰ বেনাৰত মেটেকাৰ পৰা ব্যৱসায় ভিত্তিত অত্যধিক পৰিমাণৰ সামগ্ৰী প্রস্তুত কৰে। তেওঁৰ সামগ্রী দিল্লী, মুম্বাই আদিতো বিক্ৰী হয়। তাৰোপৰি মধ্যভোগীৰ জৰিয়তে জাপান, বুলগেৰিয়া আদি দেশলৈও ৰপ্তানি হয়। এনে উদাহৰণ আৰু আছে।

মোখনি

নতুনৰ প্রতি সকলোৰে যে এটি আকর্ষণ থাকে সেয়া অৱধাৰিত। মেটেকা, কলগছ, মৰাপাট, বাঁহ আদিৰ আঁহৰ পৰা প্রস্তুত কৰা সা-সামগ্ৰীৰ চাহিদা অসম বা ভাৰততে নহয়, বিদেশতো আছে।

আজিৰ এই নিবনুৱা সমস্যাৰ দিনত এনেবোৰ উদ্যোগক আঁকোৱালি ল’লে যুৱক, যুৱতী, মহিলাসকল নিশ্চয় উপকৃত হ'ব।

লিখক: প্ৰদীপ ভূঞা, নন্দিনী।

2.9375
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top