সেউজ বিপ্লৱে আনি দিয়া পৰিৱৰ্তনৰ পিছত দেশত বৰ্তমান চিৰসেউজ বিপ্লৱৰ ধাৰণাই স্থান পাইছে। কৃষিখণ্ডৰ একক গুৰুত্বৰ বাবেই ১৯১৯ চনৰ ১৬ জুলাইত ব্ৰিটিছ চৰকাৰে প্ৰতিষ্ঠা কৰে ‘ইম্পিৰিয়েল কাউন্সিল অৱ অগ্ৰিকালচাৰেল ৰিছাৰ্চ’। পৰৱৰ্তী পৰ্যায়ত ভাৰতীয় কৃষি গৱেষণা পৰিষদ(ICAR) নামে পূৰ্ণাংগ ৰূপ পায়। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ তত্ত্বাৱধানত ১০১ খন গৱেষণা প্ৰতিষ্ঠান(নতুনকৈ এখন অসমৰ গোগামুখত স্থাপন হ’ব) আৰু আছে ৭১খন কৃষি বিশ্ববিদ্যালয়। দেশৰ কৃষি শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত পঞ্চম স্থানপ্ৰাপ্ত অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হয় ১৯৬৯ চনত যোৰহাটত। এই বিশ্ববিদ্যালয়ৰ অধীনত বৰ্তমান দুখন কৃষি মহাবিদ্যালয়, দুখন উদ্যান শস্য মহাবিদ্যালয়, দুখন পশু চিকিৎসা মহাবিদ্যালয়, এখন মীন মহাবিদ্যালয় আছে। এইসমূহ মহাবিদ্যালয়ত স্নাতক শ্ৰেণীৰ লগতে স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰ উপৰি গৱেষণা কৰাৰ সুবিধা উপলব্ধ। উত্তৰ-পূৰ্বাঞ্চলৰ মণিপুৰত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় অৱস্থিত। এই কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ অধীনত ছিকিম, অৰুণাচল প্ৰদেশ, মেঘালয়, ত্ৰিপুৰা, মণিপুৰ আদি ৰাজ্যত কৃষি আৰু আনুষংগিক খণ্ডৰ লগত জড়িত মহাবিদ্যালয় প্ৰতিষ্ঠা হৈছে। স্নাতক শ্ৰেণীৰ কৃষি, পশু চিকিৎসা, উদ্যান শস্য আদিৰ বাবে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ(বিজ্ঞান শাখাত) ছাত্ৰ-ছাত্ৰীয়ে আবেদন জনাব পাৰে। কাউন্সেলিঙৰ জৰিয়তে প্ৰাৰ্থী নিৰ্বাচিত হয়। পশু চিকিৎসাৰ বাবে প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে। কৃষি বিজ্ঞানৰ স্নাতক এজনৰ কৰ্মসংস্থান চৰকাৰী বিভাগৰ লগতে বেংক, অন্যান্য ৰাজহুৱা খণ্ড, কৃষি ব্যৱসায়ৰ লগত যুক্ত খণ্ডত হোৱাৰ লগতে বিভিন্ন প্ৰকাৰৰ কৃষিৰ লগত জড়িত বেচৰকাৰী খণ্ডত হোৱা গৈছে।
বৰ্তমান যুগ হ’ল কৌশলৰ যুগ। কৌশলৰ প্ৰয়োগৰ বাবে মানৱ সম্পদৰ উন্নয়নে এই খণ্ডক অধিক শক্তিশালী কৰিব। প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত ২৫টা কৌশলপূৰ্ণ খণ্ড নিৰ্বাচিত কৰা হৈছে। এই যোজনাৰ অধীনত যিকোনো এটা বিষয়ত বিশেষ কৌশল আহৰণ কৰিলে কৰ্মসংস্থাপনৰ সুবিধা বৃদ্ধি হয়।
অসমত প্ৰতিষ্ঠিত ১৩টা বিজ্ঞান কেন্দ্ৰয়ো কৌশল বিকাশৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। উদাহৰণস্বৰূপে ক’ব পৰা যায় যে অলপতে কামৰূপত অৱস্থিত কৃষি বিজ্ঞান কেন্দ্ৰই অসম চৰকাৰৰ উদ্যান শস্য আৰু খাদ্য সংসাধন সঞ্চালকালয়ৰ সহযোগত ৫০জন নিবনুৱাক নাৰ্ছাৰী প্ৰতিপালন, গ্ৰাফটিং আদিৰ বিষয়ৰ জ্ঞানেৰে নাৰ্ছাৰী মেন হিচাপে গঢ়ি তোলে। এক সম্ভাৱনাময় ক্ষেত্ৰ নাৰ্ছাৰী খণ্ডত এনে কৌশলপূৰ্ণ লোকৰ প্ৰয়োজন সদায়েই থাকিব।
ইয়াৰ উপৰি ভাৰতৰ কৃষি কৌশল পৰিষদে কৃষি কৌশলৰ বিকাশৰ বাবে বহু প্ৰশিক্ষণ দিয়ে, যাৰ জৰিয়তে উদ্যমী লোক কৃষিখণ্ডৰ বাবে তৈয়াৰ হয়।
শেষত ক’ব পাৰি যে বৰ্তমান কৌশলৰ যুগত দায়বদ্ধতাৰে কৃষি কৌশল আয়ত্ত কৰিলে কৰ্মসংস্থাপনৰ সুযোগৰ অভাৱ নাই। ইয়াৰ বাবে প্ৰয়োজন ঐকান্তিক প্ৰচেষ্টাৰ।
লেখক: দীপ গোস্বামী(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 2/26/2024