অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষিৰ দিহা

 

অসম কৃষিপ্ৰধান ৰাজ্য। অসমৰ মাটি, পানী আৰু জলবায়ু খাৰিফ আৰু ৰবি শস্যৰ বাবে অতি উপযোগী। বিশেষকৈ ছেপ্টেম্বৰ ৮মাহ অসমৰ মাটিত কৰা ৰবি শস্যৰ বীজ সিঁচাৰ বাবে উত্তম সময়। এই মাহত বিশেষকৈ ফুলকবি, বন্ধাকবি, ওলকবি আদি পাচলিজাতীয় শস্যৰ বীজসমূহ ৰোপণ কৰিব লাগে। ইয়াৰ উপৰি ছেপ্টেম্বৰ মাহত পিঁয়াজৰো বীজ সিঁচিব পাৰি। কৃষক বন্ধুৰ সহায়ত উদ্দেশ্য তলত ছেপ্টেম্বৰ মাহৰ কৃষিৰ দিহাৰ ওপৰত আলোচনা কৰা হ’ল।

  • বানাক্ৰান্ত অঞ্চলত অনুকূল পৰিৱেশ সৃষ্টি হোৱাৰ লগে লগে পলমকৈ কৰিব পৰা শালিধানৰ উন্নত জাত লুইত, কপিলি, কালচাৰ-১ আদি জাতৰ শালি ধানৰ বীজ সিঁচক। বোকা মাটিত এই ধানসমূহৰ বীজ পোনপটীয়াকৈ সিঁচিব পাৰি। বিঘাই প্ৰতি ৫ কিলোগ্ৰাম ইউৰিয়া, ৮ কিলোগ্ৰাম একক ছুপাৰ ফচফেট আৰু ২ কিলোগ্ৰাম মিউৰিয়েট অব পটাছ সাৰ প্ৰয়োগ কৰক।
  • ধান খেতিডৰাৰ পোখা মেলা অৱস্থাত টুপলিকটা পোক আৰু পাতমেৰোৱা পোকৰ আক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিলিটাৰ পানীত ২.৫ মিলিলিটাৰ কুইন’লফ’ছ ২৫ ইচি নাইবা ২ মিলিলিটাৰ ট্ৰাইঅ’য’ফ’ল ২০ ইচি মিহলাই স্প্ৰে’ কৰক।
  • শ্ৰী পদ্ধতি অৱলম্বন নকৰা খেতিৰ ক্ষেত্ৰত শালি খেতিডৰাত ৩ৰ পৰা ৭ ছেন্টিমিটাৰ পানী ৰখাৰ ব্যৱস্থা কৰক। ইয়াৰ বাবে সময়মতে জলসিঞ্চনৰ ব্যৱস্থা কৰক।
  • ধান খেতিডৰাত এই সময়ত ছিথ ব্লাইট ৰোগে দেখা দিব পাৰে। এই ৰোগ প্ৰতিৰোধৰ বাবে ভেলিডামাইচিন ১ মিলিলিটাৰ প্ৰতি ১০ লিটাৰ পানীত মিহলাই এবাৰ স্প্ৰে’ কৰক। অথবা, বেভিষ্টিন ২ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই এসপ্তাহৰ অন্তৰে অন্তৰে তিনিবাৰ পথাৰত প্ৰয়োগ কৰক।
  • ধাননি পথাৰখনত বন-বাত নিয়ন্ত্ৰণৰ ব্যৱস্থা লওক।
  • কুঁহিয়াৰ খেতিডৰাত মোৱা পোকৰ আক্ৰমণ হ’লে ৫ লিটাৰ পানীত ৫ মিলিলিটাৰ ট্ৰায়োয়’ফ’ছ ২০ ইচি মিহলাই ৪০ লিটাৰ ঔষধ মিশ্ৰণ প্ৰতি বিঘাত প্ৰয়োগ কৰক।
  • এই সময়ছোৱাত তিল খেতিত ফাইটোফথ’ৰা নামৰ এবিধ ভেঁকুৰৰ আক্ৰমণ হোৱা দেখা যায়। এই ৰোগৰ পৰা খেতিডৰা সুৰক্ষিত কৰি ৰাখিবলৈ ৰিডোমিল-এম-জেড-১ গ্ৰাম প্ৰতিলিটাৰ পানীত মিহলাই দৰব মিশ্ৰণ বিঘাই প্ৰতি ৪০ লিটাৰকৈ প্ৰয়োগ কৰক।
  • পাণ খেতিত মুজুৰা পৰা আৰু পাণ পচা ৰোগে দেখা দিলে ১ শতাংশ বৰডো মিশ্ৰণ প্ৰয়োগ কৰক।
  • শীতকালীন বেঙেনাৰ বাবে এই মাহতে গুটি পচোৱাৰ দিহা কৰক। বেঙেনাৰ অনুমোদিত জাতসমূহ হ’ল পুছা ভৈৰৱ, পুছা পাৰ্পল, পুছা পাৰ্পল লং, পুছা পাৰ্পল ক্লাষ্টাৰ, ডি ডব্লিউ আৰ-১২ আদি।
  • অক্টোবৰ মাহত পূৰঠ হোৱা আগতীয়া ফুলকবিৰ গছবোৰৰ গুটিত মাটি চপাই দিয়াৰ লগতে প্ৰয়োজন সাপেক্ষে জলসিঞ্চনৰ ব্যৱস্থা কৰক। মধ্যমীয়া জাতৰ ফুলকবিৰ খেতিৰ বাবে বীজতলীত ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ পৰা অক্টোবৰ মাহৰ শেষলৈকে বীজ সিঁচিব পাৰি। ইমপ্ৰুভড জাপানীজ, পুছা চিন্ঠেটিক, পুছা স্নো বল, মেইন ক্ৰুপ পাটনা আদি মধ্যমীয়া ফুলকবিৰ জাত।
  • ফুলকবি, বন্ধাকবি, ওলকবি আদিৰ খেতিৰ বাবে অধিক জৈৱ পদাৰ্থ থকা, পাতল, সাৰুৱা, ৰ’দঘাই মাটি নিৰ্বাচনল কৰক।

উৎস: ৰাইজৰ বাতৰি

2.875
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top