মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / খাদ্য সুৰক্ষা আইন আৰু কৃষিত ইয়াৰ প্ৰভাৱ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খাদ্য সুৰক্ষা আইন আৰু কৃষিত ইয়াৰ প্ৰভাৱ

খাদ্য সুৰক্ষা আইন আৰু কৃষিত ইয়াৰ প্ৰভাৱ

ব্ৰাজিলৰ পুষ্টি বিশেষজ্ঞ, জঁছোৱা ডি কাষ্ট্ৰই, ১৯৫২ চনত “জিয়’পলিটিক্স অৱ হাংগাৰ” (Geopolitics of Hunger) নামৰ যুগান্তকাৰী গ্ৰন্থখনৰ বাবে “The Franklin D. Roosevelt Foundation ” এ আগবঢ়োৱা বঁটা লাভ কৰাৰ দুবছৰৰ পাছত বিশ্ব শান্তি বঁটাৰ বাবে মনোনীত হয়৷ কাষ্ট্ৰোৰ এই বহুল চৰ্চিত গ্ৰন্থখনত ক্ষুধা আৰু প্ৰজননৰ এক সমীকৰণ আছে৷ কাষ্ট্ৰোৰ মতে,- বুভুক্ষু জনতাৰ প্ৰজনন ক্ষমতা অধিক হয়৷ আন কথাত ক্ষুধাৰ্ত দেশত জনসংখ্যা বৃদ্ধিৰ প্ৰাবল্য অধিক৷ খাদ্য, বস্ত্ৰ আৰু বাসস্থানৰ দৰে মৌলিক প্ৰয়োজনীয়তা খিনিৰ অভাৱী সকলৰ কাৰণে মৈঠুনেই মনোৰঞ্জনৰ একমাত্ৰ উপকৰণ হৈ পৰাত, তেনে লোকৰ মাজত সন্তান উৎপাদনৰ মাত্ৰা বাঢ়ি যায়৷ খাদ্যাভাৱত নতুন প্ৰজন্মটো শাৰিৰীক আৰু মানসিক দুই প্ৰকাৰে দুৰ্বল আৰু পংগু হৈ পৰে, যথা সময়ত সেইটো প্ৰজন্ম প্ৰাপ্তবয়স্ক হৈয়েই পুনৰ একেধৰণৰ আন কেইবাটাও দুঃসহ জীৱনচক্ৰ আৰম্ভ কৰে৷ আলোচনাৰ গভীৰতালৈ আগবঢ়াৰ আগতে এটা ক্ষুদ্ৰ পৰিসংখ্যা চকু ফুৰালে দেখা পাও,- ১.৩% বাৰ্ষিক জনসংখ্যা বৃদ্ধিৰ হাৰেৰে আৰু ৬৫.৪৮ বছৰ গড় আয়ুসেৰে, ২০১২ চনত ভাৰতৰ মুঠ জনসংখ্যা ১.২৩৭ বিলিয়ন (১ৰ পাছত ৯টা শূন্য) হোৱাৰ বিপৰীতে মুঠ ঘৰুৱা উৎপাদন ১.৮৪২ ট্ৰিলিয়ন(১ৰ পাছত ১২টা শূন্য) মাৰ্কিন ডলাৰ৷ আনপিনে, ২০০৯ বৰ্ষৰ আন এক সমীক্ষা মতে, ৫০ %ৰ অধিক কৰ্মশক্তি নিয়োজিত কৃষি আৰু কৃষি জড়িত ক্ষেত্ৰ মানে পশুপালন তথা মৎস্যপালন আদিৰ পৰা ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনলৈ মাত্ৰ ১৬.৬% বৰঙণি আহে৷

এনে এক পৰিবেশত ভাৰতৰ সংসদীয় ব্যৱস্থাপনাত নানা তৰ্ক-বিতৰ্ক, আলোচনা- সমালোচনাৰ মাজেৰে ২০১৩ বৰ্ষৰ ১২ ছেপ্টেম্বৰ তাৰিখে খাদ্য সুৰক্ষা আইন’২০১৩ খন বলবত কৰা হয়৷ এই আইন অনুসৰি ভাৰতবৰ্ষৰ দুই তৃতীয়াংশ জনসংখ্যাই ৰেহাই মুল্যত খাদ্যশস্য লাভ কৰিব৷ ফলত, প্ৰত্যেকজন যোগ্য ব্যক্তিয়ে প্ৰতি মাহত পাঁচ কিলোগ্ৰাম পুষ্টিকৰ খাদ্যশস্য অতি কম মুল্যত; মানে,- প্ৰতি কিলোগ্ৰাম চাউল, ঘেহুঁ আৰু মিলেটজাতীয় শস্যক ক্ৰমে ৩.০০ টকা, ২.০০ টকা আৰু ১.০০ টকা দৰত ক্ৰয় কৰিব পাৰিব৷ উক্ত বিলৰ যোগেদি গৰ্ভৱতী, দৃগ্ধদাতৃ মাতৃ আৰু কমবয়সীয়া শিশুৱে দৈনিক বিনামুলীয়াকৈ আহাৰ লাভ কৰিব৷ ২০১২ চনৰ ডিচেম্বৰ মাহত সংসদত উত্থাপিত বিলখনে, ২০১৩ চনৰ জুলাই মাহত ৰাষ্ট্ৰপতিৰ সন্মতিক্ৰমে, সেই বৰ্ষৰে আগষ্ট মাহত আইনৰ ৰূপত গ্ৰহণ কৰা হয়৷ এই আইনৰ প্ৰথমছোৱাতে,- “An Act to provide for food and nutritional security in human life cycle approach,by ensuring access to adequate quantity of quality food at affordable prices to people to live a life with dignity and for matters connected therewith or incidental thereto.” এনেদৰে উল্লেখ আছে৷ এই বিলখনত উল্লেখ থকাৰ মতে,-

(১) আইন বলবত হোৱাৰ পৰা পাছৰ তিনি বছৰলৈ, সমগ্ৰ ভাৰতীয় জনসংখ্যাৰ ৭৫% গ্ৰাম্য আৰু ৫০% চহৰৰ জনসাধাৰণে মাহে পাঁচ কিলোগ্ৰাম পুষ্টিকৰ খাদ্যশস্য ৰেহাই মুল্যত লাভ কৰিব৷,

(২) প্ৰতিখন ৰাজ্যই যোগ্য হিতাধিকাৰীৰ বাছনি কৰিব৷,

(৩) গৰ্ভৱতী মাতৃ আৰু দৃগ্ধদাতৃ মাতৃয়ে দৈনিক ৬০০ কেলৰি শক্তিৰ খাদ্য লাভ কৰিব৷ লগতে গৰ্ভৱতী মহিলাই সন্তান প্ৰসৱৰ ৬ মাহলৈকে ৬ হেজাৰ টকাৰ প্ৰসৱকালিন ভাট্টা লাভ কৰিব৷,

(৪)কমবয়সীয়া শিশুৱে জন্মৰ ৬ মাহৰ পৰা ১৪ বছৰলৈকে বিনামুলীয়া তপত আহাৰ ঘৰুৱা ৰেচনৰ জড়িয়তে লাভ কৰিব৷,

(৫) খাদ্যশস্যৰ নাটনি হ’লে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰক প্ৰয়োজনীয় অৰ্থৰ যোগান ধৰিব৷,

(৬) বৰ্তমান আগন্তুক ৬ মাহলৈ কেন্দ্ৰীয় চৰকাৰে খাদ্যশস্য আগবঢ়াব৷,

(৭) খাদ্যশস্যৰ নাটনি হ’লে ৰাজ্যিক চৰকাৰে হিতাধিকাৰীৰ মাজত খাদ্য সুৰক্ষা ভাট্টা প্ৰদান কৰিব৷,

(৮) ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ পৰিবৰ্তন প্ৰয়োজনীয়তা৷,

(৯) বয়সত, ১৮ বা ইয়াৰ উৰ্ধৰ ঘৰৰ বয়োজেষ্ঠ মহিলাগৰাকী ৰেছন কাৰ্ডৰ গৰাকী হ’ব৷,

(১০) জিলা আৰু ৰাজ্যিক ভিত্তিত ইয়াক পৰিচালনা কৰা হ’ব৷,

(১১) ৰাজ্যিক খাদ্য আয়ুক্ত গঠনেৰে খাদ্য সুৰক্ষা আইনৰ যথাযোগ্যতা চোৱাচিতা কৰা হ’ব৷

খাদ্য সুৰক্ষা আইনৰ নেতিবাচক দিশসমূহ

ভাৰতৰ এক বুজন অংশ জনসাধাৰণেই দৈনিক প্ৰয়োজন অনুসাৰে উপযুক্ত মান বিশিষ্ট খাদ্য লাভ নকৰে৷ মাত্ৰাধিক শ্ৰম নিয়োজিত কৃষিক্ষেত্ৰৰ বৃদ্ধি আকৌ শামুকীয়া মানে এতিয়াও ২%ৰ তলতে আছে৷ বেছি সংখ্যক ভাৰতীয় কৃষকৰ নিজস্ব কৃষিভূমি তাকৰ হোৱাৰ কাৰণেই যে এনে দশা তেনে নহয়, কিয়নো, চীনৰ দৰে গাইগোটিয়াকৈ কম কৃষিভূমি থকা কৃষকে ভৰি থকা দেশ এখনৰো কৃষিক্ষেত্ৰৰ বৃদ্ধিৰ হাৰ ৬% ৷ এটা কথা স্বীকাৰ কৰিবই লাগিব যে,- কপাহ খেতিৰ শ্ৰমিকজনে যিদৰে দুবেলাৰ অন্ন পাব লাগিব, ঠিক সেইদৰেই ধানখেতিৰ কৃষক জনেও লজ্জা নিবাৰণৰ বাবে কপাহৰ আঁহ পাব লাগিব৷ মানে, সুষম ভাৱে কৃষি উৎপাদিত খাদ্য সামগ্ৰী বিতৰণ হ’ব লাগে৷ খাদ্য সুৰক্ষা আইনৰ নেতিবাচক দিশসমূহ বিশ্লেষণ কৰিলে দেখা যায়,-

(১) এই আঁচনিয়ে উপলব্ধ কৰা খাদ্যশস্য সাধাৰণ শ্ৰেণীৰ কাৰণে সহজলভ্য হোৱাৰ ফলত, কৃষি শ্ৰমিকৰ নাটনি দেখা গৈছে আৰু যাব,- ফলত কৃষি শ্ৰমিকৰ পাৰিশ্ৰমিক বাঢ়িব,

(২) কৃষি উৎপাদিকা শক্তি বৰ্ধনৰ কাৰণে প্ৰয়োজনীয় কৃষিযান্ত্ৰিকৰণৰ বাবে লগা ইন্ধনৰ দাম বাঢ়িব,

(৩) কৃষি শ্ৰমিকৰ পাৰিশ্ৰমিক আৰু কৃষিযান্ত্ৰিকৰণৰ বাবে লগা ইন্ধনৰ দাম বৃদ্ধিৰ ফলত কৃষিৰ ব্যয় বৃদ্ধি পাব,

৪) উৎপাদন ব্যয় বৃদ্ধি পালেও ক্ৰেতাৰ সংখ্যা কমিব,

(৫) ব্যয়ক জোৰা মৰাকৈ উৎপাদিত ধান বিক্ৰি কৰিব নোৱৰাৰ ফলত, ধানখেতিৰ প্ৰতি কৃষকৰ অনিহা আহিব, ইতিমধ্যে আহিছেই(!),

(৬) ধানৰ উৎপাদন কমাৰ ফলত, আঁচনি বিলাকৰ জড়িয়তে চাউল বিলাবলৈও ধানৰ নাটনিয়ে দেখা দিব,

(৭) ফলত হঠাৎ খাদ্যশস্য নাটনিৰ লেখিয়া পৰিস্থিতি উদ্ভৱ হ’ব পাৰে৷

খাদ্য সুৰক্ষা বিলৰ কৃষিত প্ৰভাৱ

খাদ্য সুৰক্ষা বিল খনে ভাৰতৰ কৃষি ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাব৷ ভাৰতবৰ্ষৰ সম্পূৰ্ণ জনসংখ্যাৰ দুই-তৃতীয়াংশ মানে প্ৰায় ৮২০ নিযুত জনসাধাৰণেই এই আইনৰ আওতাত পৰিব৷ ইয়াৰ ফলত অকল ২০১২-১৩ বৰ্ষত, ২৭.৬ নিযুত মেট্ৰিক টন চাউল আৰু ৩৩.৬ নিযুত মেট্ৰিক টন ঘেঁহুৰ মানে মুঠ ৬১.২ নিযুত মেট্ৰিক টন খাদ্যশস্যৰ প্ৰয়োজন হ’ব৷ ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ৰ অধীনস্থ “কমিছন অন এগ্ৰিকালছাৰেল কস্ত এণ্ড প্ৰাইচ”এ খাদ্য সুৰক্ষা বিল খনৰ বিষয়ে এনেদৰে দিছে,- “biggest ever experiment in the world for distributing highly subsidized food by any government through a ‘rights based’ approach.” এই কমিছনে হিছাপ কৰি উলিওৱা মতে খাদ্য সুৰক্ষা আইনৰ প্ৰণয়নৰ বাবে ১,২৫,০০০ ৰ পৰা ১,৫০,০০০ কোটি টকা ব্যয় হ’ব৷

এইখিনিতে হয়তো, সাধাৰণ পাঠকৰ মনত প্ৰশ্ন উঠিব, ইমানবোৰ খাদ্যশস্য ভাৰতে নিজেই উৎপাদন কৰিবলৈ সক্ষম হ’বনে? এই প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে,-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চালে দেখা যায়,-ধান, ঘেঁহু আৰু মাহজাতীয় শস্যৰ উৎপাদনত ভাৰতৰ স্থান দ্বিতীয়৷ তথাপি ভাৰতৰ কৃষি উৎপাদিকা শক্তি (Productivity) (মানে এক নিৰ্দিষ্ট জোখৰ কৃষিভূমিৰ পৰা উৎপাদিত সৰ্বোচ্চ পৰিমানৰ ফচল) এতিয়াও ব্ৰাজিল, মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ফ্ৰান্স আদি দেশৰ পাছত৷ ২০১০-১১ বৰ্ষত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ধান, ঘেঁহু আৰু মাহৰ গড় উৎপাদন প্ৰতি হেক্টৰ কৃষিভূমিত যথাক্ৰমে,- ২২৪০ কিলোগ্ৰাম, ২৯৩৮ কিলোগ্ৰাম, আৰু ৬৮৯ কিলোগ্ৰাম ৷ কিন্তু আচৰিত কথাটো হ’ল,- একেখন দেশৰে ভিন ভিন অঞ্চলত আকৌ কৃষি উৎপাদিকা শক্তি বেলেগ বেলেগ৷ এটা সাধাৰণ উদাহৰণেই এই ক্ষেত্ৰত যথেষ্ট হ’ব৷ ধান খেতি এটা সাৰ্বজনিন খেতি৷ ইয়াক অসম বা তামিলনাডুৰ দৰে চাউলেই মুখ্য খাদ্যৰ ৰাজ্যৰ দৰে পাঞ্জাৱ বা বিহাৰৰ দৰে ৰুটি মুখ্য খাদ্যৰ ৰাজ্যতো ধান উৎপাদন হয়৷ বিহাৰ, কৰ্নাটক আৰু পাঞ্জাৱত ধানৰ গড় উৎপাদন প্ৰতি হেক্টৰ কৃষিভূমিত যথাক্ৰমে,- ১৩৭০ কিলোগ্ৰাম, ২৩৮০ কিলোগ্ৰাম আৰু ৩১৩০ কিলোগ্ৰাম৷

বিশ্ববেংকৰ এটা টোকাত ভাৰতীয় কৃষিৰ অনগ্ৰসৰতাৰ কাৰণ এনেদৰে উল্লেখ কৰিছে,- “Slow agricultural growth is a concern for policymakers as some two-thirds of India’s people depend on rural employment for a living. Current agricultural practices are neither economically nor environmentally sustainable and India’s yields for many agricultural commodities are low. Poorly maintained irrigation systems and almost universal lack of good extension services are among the factors responsible. Farmers’ access to markets is hampered by poor roads, rudimentary market infrastructure, and excessive regulation.”

উপসংহাৰ

খাদ্য সুৰক্ষা বিলাক কাৰ্যকৰী কৰিব পৰাকৈ ভাৰতৰ কৃষি ব্যৱস্থা যথেষ্ট উন্নত৷ তথাপি যিসমূহ দিশক খাদ্যশস্যৰ অধিক উৎপাদনৰ বাবে অবহেলা কৰিব নোৱাৰি, সেইবোৰ হ’ল, ভাৰতৰ গ্ৰাম্য যোগাযোগ ব্যৱস্থা অত্যন্ত দুৰ্বল হোৱাৰ ফলত কৃষক সকলে কৃষিৰ বাবে প্ৰয়োজনীয় নিবেশ(input) সময়মতে লাভ কৰিব নোৱাৰে৷ জলসিঞ্চন ব্যৱস্থাও উন্নত মানদণ্ডৰ নোহোৱা বাবে শস্যৰ বাবে অত্যন্ত প্ৰয়োজনীয় কালত পানীৰ অভাৱত শস্যৰ উৎপাদনত প্ৰভাৱ পৰে৷ অন্যহাতে, অঞ্চলবিশেষে বানাক্ৰান্ত, নিকৃষ্টমানৰ বীজ, অবৈজ্ঞানিক কৃষি ব্যৱস্থাপনা, কৃষি চপোৱাৰ সুব্যৱস্থাৰ অভাৱত শস্যনষ্ট, চপোৱাৰ পাছত সংৰক্ষণৰ বাবে শীতলিকক্ষৰ অভাৱ আৰু উৎপাদিত কৃষি সামগ্ৰীৰ ক্ৰয়-বিক্ৰয়ৰ বাবে সুনিৰ্দিষ্ট বজাৰৰ অভাৱ৷

এই অভাৱ সমূহ যতদূৰ সম্ভৱ হ্ৰাস কৰি ভাৰতৰ কৃষিক্ষেত্ৰৰ উৎপাদিকা শক্তি আন্তঃৰাষ্ট্ৰীয় মানৰ কাষ চপাব পাৰিলেই ভাৰতবৰ্ষ অপুষ্টিৰ পৰাধীনতাৰ পৰা মুক্ত হ’ব পাৰিব৷

লেখক: ৰুদ্ৰ নাৰায়ণ বৰকাকতি, পতংগতত্ব বিশেষজ্ঞ

2.90909090909
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top