মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / খাৰিফ বতৰৰ পাচলিৰ বাগিচাৰ যতন:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খাৰিফ বতৰৰ পাচলিৰ বাগিচাৰ যতন:

খাৰিফ বতৰৰ পাচলিৰ বাগিচাৰ যতন লিখা হৈছে

 

গ্ৰীষ্মকালীন শাক-পাচলি বুলিলে লাওজাতীয় পাচলি, বিশেষকৈ লাও, জিকা, কোমোৰা, ভোল, তিতাকেৰেলা, ভাতকেৰেলা, চিৰাল, ধুন্দুলি আৰু কুন্দলিৰ লগতে ভেণ্ডি, তিয়ঁহ, লেচেৰা, পটল, মৰিছা আদিকে বুজোৱা হয়।

কেইবিধমান পাচলিৰ উন্নত সঁচ:

তিয়ঁহ: জাপানীজ লংগ্ৰীণ আৰু ষ্ট্ৰেইট এইট ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উন্নত সঁচ। তদুপৰি, পইনছেটি, বলমখীৰা আদি উল্লেখযোগ্য সঁচ।

ৰঙালাও: লাৰ্জৰেড, লাৰ্জৰাউণ্ড, য়েল্ল’ ফ্লেছ আৰু ৰেডফ্লেছ আদিয়েই প্ৰধান।

তিতাকেৰেলা: পুছা ডুমেটমী আৰু পুছাবিশেষ।

জিকা: পুচা নাচডাৰ, চুৰেনা আৰু চটপুতিয়া আদি।

কোমোৰা: সাধাৰণতে ঘূৰণীয়া আৰু থোপোকা সঁচ ব্যৱহাৰ কৰা হয়।

ধুন্দুলি: লংগ্ৰীণ, লংহোৱাইট আৰু পুছামঞ্জিৰী।

ভেণ্ডি: পুছা ছাৱনী আৰু প্ৰভানী ক্ৰান্তি।

কীট-পতংগ নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজনীয় দিহা:

 

  • পাচলি শস্য ৰোপনৰ পূৰ্বে মাটিডোখৰ ভালদৰে চহাই লোৱা আৱশ্যক। ইয়াৰ ফলত মাটিৰ তলত আশ্ৰয় লৈ থকা পলু বা লেটা স্তৰৰ কীট-পতংগক পৰভোজী জীৱৰ দ্বাৰা ধ্বংস কৰিব পাৰি।
  • কীট-পতংগৰ আক্ৰমণ ৰোধ কৰিবলৈ সক্ষম জাত নিৰ্বাচন কৰি খেতি কৰা উচিত।
  • পাচলি বাগিচাখনৰপৰা আৰম্ভণি অৱস্থাত কীট-পতংগই আক্ৰমণ কৰা পুলিবোৰ উভালি নিৰাপদ স্থানত পুৰি বা পুতি পেলালে কীট-পতংগৰ বংশবৃদ্ধি ৰোধ হয়।
  • পাচলিজাতীয় শস্যৰ বাবে প্ৰয়োজনীয় সাৰ-জাৱৰ সঠিক মাত্ৰাত, সঠিক সময়ত প্ৰয়োগ কৰিলে শস্যৰ শ্ৰীবৃদ্ধি ঘটে আৰু কীট-পতংগৰ আক্ৰমণৰ বিৰুদ্ধে উদ্ভিদজোপাই প্ৰতিৰোধক্ষমতা গঢ়ি তুলিবলৈ সক্ষম হয়। মাত্ৰাধিক নাইট্ৰ’জেনযুক্ত সাৰে কীট-পতংগৰ আক্ৰমণ বৃদ্ধি কৰাৰ বিপৰীতে পটাছ সাৰ প্ৰয়োগে প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
  • শস্যাৱৰ্তনৰ যোগেদিও কীট-পতংগৰ আক্ৰমণ হ্ৰাস কৰিব পাৰি।

কীট-পতংগৰ আক্ৰমণৰ প্ৰতিকাৰ:

পতংগৰ আক্ৰমণৰ পৰা সকাহ পাবলৈ:

 

  • পাচলি গছৰ পাতেই হওক আন অংশই হওক, দেখাৰ লগে লগেই যথাসম্ভৱ প্ৰাপ্তবয়স্ক পতংগ বা পলু বা ডিম্ব আৰু প্ৰয়োজন সাপেক্ষে লেটা সংগ্ৰহ কৰি ধ্বংস কৰিব লাগে।
  • ভিনেগাৰ আৰু চেনিৰসৰ মিশ্ৰণ ঘটাই বৰলীয়া পোক নিৰ্মূল কৰিব পাৰি।
  • মাটিত বগোৱা লতাজাতীয় পাচলি(যেনে:ৰঙালাও)ক খেৰেৰে ঢাকি বৰলীয়া পোকৰ আক্ৰমণৰপৰা ৰঙা কৰিব পাৰি।
  • জেং গুজি চৰাইক আকৰ্ষণ কৰি পোক-পতংগৰ অপত্যস্তৰবোৰ খাদ্যৰ ৰূপত গ্ৰহণ কৰিবলৈ সহায় কৰিও পতংগ নিয়ন্ত্ৰণ কৰিব পাৰি।
  • বজাৰত উপলব্ধ বিউভেৰীয়া বেচিয়ানা নামৰ ভেঁকুৰ ছটিয়াই ৰেডপাম্পকিনবিটল ধ্বংস কৰিব পাৰি।
  • ৰেড পাম্পকিন বিটনৰ নিয়ন্ত্ৰণৰ বাবে ক্ল’ৰপাইৰিফছ ১০০ গ্ৰাম প্ৰতি হেক্টৰ মাটিত প্ৰয়োগ কৰা উচিত।
  • বৰলীয়া পোকৰ বিৰুদ্ধে ২ মিলিলিটাৰ মালাথিয়ন ৫০ ই চি আৰু ১০ গ্ৰাম গুড় প্ৰতি লিটাৰ পানীত মিহলাই এই দ্ৰৱনক লাওজাতীয় গছৰ পাতৰ তলপিঠিত ছটিয়াই সুফল পাব পাৰি। এই দ্ৰৱন মাটি চাকিত ভৰাই হেদালীৰ বিভিন্ন স্থানত কৰিলেও যথেষ্ট সুফল পাব পাৰি।

ৰোগৰপৰা সকাহপাবলৈ:

 

  • প্ৰতি ১০০ গ্ৰাম বীজৰ লগত ২ গ্ৰাম ট্ৰাইক’ডাৰমা ভিৰিডি সানি শোধন কৰিব লাগে।
  • লেৰেলা ৰোগৰ বিৰুদ্ধে বায়’ফৰপি, এফ ব্যৱহাৰ কৰিব লাগে।

শস্যকৃমি আৰু এন্দূৰৰপৰা সকাহ পাবলৈ:

  • ২ কিলোগ্ৰাম কাৰ্বফোৰাণ প্ৰতি হেক্টৰ মাটিত চহ কৰাৰ সময়ত ব্যৱহাৰ কৰিলে ৰুট-নট শস্যকৃমিৰ উপৰি ভুমিজ পতংগক ধ্বংস কৰিব পাৰি। এন্দূৰৰ বিৰুদ্ধে জিংক ফছফাইডৰ টোপ ব্যৱহাৰ কৰিব পাৰি।

লেখক:ৰুদ্ৰ নাৰায়ণ বৰকাকতি(দৈনিক অসম)

 

3.06976744186
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top