শাকৰ ৰজা পালেং।পৃথিৱীৰ প্ৰায় সকলো ঠাইতে জনপ্ৰিয় পালেং শাক মানুহৰ বাবে এবিধ শক্তিবৰ্দ্ধক আৰু পুষ্টিবৰ্দ্ধক পাচলি।অসমৰ মাটিৰ উপযোগী এই শাকবিধৰ কৃষি পদ্ধতি চমুকৈ এনেধৰণৰ-
মাটি:পানী ওলাই যোৱাৰ সুব্যৱস্থা থকা মাটিত অধিক জৈৱিক গুণ থকা আৰু ৬.০ ৰ পৰা ৭.০ লৈকে অম্লতা থকা মাটি পালেং শাকৰ খেতিৰ বাবে উপযোগী।
পথাৰ প্ৰস্তুতি:মাটিডৰা মিহিকৈ চাহ কৰি মিহি কৰি ল’ব লাগে আৰু সমান কৰিব লাগে।পচন সাৰ বিঘাই ৬ কুইণ্টল মাটি চাহ কৰোঁতে প্ৰয়োগ কৰিব লাগে।
জাত নিৰ্বাচন:অসমৰ বাবে অনুমৌদিত জাত হৈছে-জনাৰ গ্ৰীণ,অল গ্ৰীণ,এছ ২৩ পুছা জ্যোতি,গ্ৰীণ ফ্লেভাৰ আদি।
সিঁচাৰ সময়:ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰপৰা ডিচেম্বৰলৈ।
বীজৰ পৰিমাণ:বিঘাই প্ৰতি ৩-৪ কিলোগ্ৰাম
বীজ শোধন :প্ৰতি কিলোগ্ৰাম বীজ ৫ গ্ৰাম ব্ৰাচিকল ঔষধেৰে শোধন কৰিব লাগে।
ব্যৱধান:শাৰীৰ মাজত দুৰত্ব ২০ ছেণ্টিমিটাৰ।
সাৰ প্ৰয়োগ:ইউৰীয়া ১৫ কিলোগ্ৰাম প্ৰতি বিঘাত,ছুপাৰ ফছফেট ৭২ কিলোগ্ৰাম প্ৰতি বিঘাত ,মি: অ: পটাছ ৮ কিলোগ্ৰাম প্ৰতি বিঘাত।
প্ৰতিপালন:গুটিবোৰ গজালি মেলাৰ পিছত অৰ্থাৎ ১০-১২ দিন পিছত পুলিবোৰ শাৰীৰ মাজত ৫-৭ ছেণ্টিমিটাৰ হিচাপত পাতলাই দিব লাগিব।গুটি সিঁচাৰ ২০-২৫ দিন পিছত পুনৰ এবাৰ বন-বাত নিৰাই দিয়াৰ প্ৰয়োজন।আনহাতে,প্ৰয়োজনীয় কথাটো হৈছে বীজ।সিঁচাৰ পিছতে প্ৰয়োজনবোধে প্ৰথমবাৰ জলসিঞ্চন কৰিব লাগে আৰু তাৰ পিছত ১০-১২ দিনৰ অন্তৰে অন্তৰে জলসিঞ্চন কৰা দৰকাৰ।
লেখক:প্ৰবোধ চন্দ্ৰ শৰ্মা (দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 12/4/2023