মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / খেতিডৰাত শুৰ পোকে আক্ৰমণ কৰিলে কি কৰিব?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

খেতিডৰাত শুৰ পোকে আক্ৰমণ কৰিলে কি কৰিব?

 

অসম কৃষিপ্ৰধান ৰাজ্য।ধান অসমৰ প্ৰধান খেতি-

 

অসমৰ মাটি,পানী আৰু জলাশয় ধান খেতিৰ বাবে যথেষ্ট উপযোগী।অক্টোবৰ-নৱেম্বৰ মাহত শালিধান পকাৰ সময়।শালিধানৰ খেতি পকাৰ সময়ত পথাৰত শুৰ পো কৰ আক্ৰমণ পৰিলক্ষিত হয়।শুৰ পোকে প্ৰধানত: নিশাহে পথাৰত আক্ৰমণ কৰা দেখা যায়।শুৰ পোকে এডৰা খেতি খাই শেষ কৰাৰ পাছত কাষৰ অইন এডৰা খেতিতো আক্ৰমণ কৰে।শুৰ পোকৰ পলুৱে ধানগছৰ পাতৰ দাঁতিৰ পৰা খাবলৈ আৰম্ভ কৰে আৰু শেষত পাতৰ মধ্যশিৰা আৰু কাণ্ডডালহে থাকে।ইহঁতে ধান গছৰ শীহো গুৰিতে খাই পেলায়।

শুৰ পোকৰ আক্ৰমণৰ পৰা নিজৰ খেতিডৰাক ৰক্ষা কৰিবলৈ হ’লে তলত দিয়া নিম্নলিখিত ব্যৱস্থাসমুহ গ্ৰহণ কৰিবলৈ কৃষক ৰাইজক অনুৰোধ জনোৱা হ’ল-

এডৰা খেতিৰ পৰা আন এডৰা খেতিলৈ শুৰ পোকৰ বিস্তাৰ ৰোধ কৰি বলৈ খেতিডৰাৰ চাৰিওফালে পথাৰৰ আলিত মালাথিয়নৰ ৫ শতাংশ গুড়ি ঔষধ প্ৰয়োগ কৰক।

ক্ল’ৰপাইৰিফ’চ ২০ ই চি নামৰ দৰব ২ মিলিলিটাৰ নাইবা কুইনালফ’চ ২৫ ই চি নামৰ দৰব ২.৫ মিলিলিটাৰ ১০ লিটাৰ পানীত মিহলাই স্প্ৰে কৰক।প্ৰতি বিঘাৰ বাবে ৬০-৭০ লিটাৰ এনে দৰব মিশ্ৰণৰ প্ৰয়োজন।এই দৰব আবেলি পৰত স্প্ৰে কৰিব।

কীটনাশক দৰব প্ৰয়োগ কৰোতে আক্ৰান্ত পথাৰ্খনৰ চাৰিওফালৰ পৰা মাজভাগলৈ ঘুৰণীয়াকৈ লাহে লাহে আগবঢ়ি দৰব স্প্ৰে কৰক।

নিয়মিতভাৱে ধানখেতিডৰাত দেখা দিব পৰা বিভিন্ন ৰোগ/পোক-পৰুৱাৰ উপস্থিতি পৰ্যবেক্ষণ কৰি কৃষি-বিষয়া কৰ্মীৰ পৰামৰ্শ অনুযায়ী বিহিত ব্যৱস্থা গ্ৰহণ কৰক।বিত্ংভাৱে জানিবলৈ কৃষি সম্প্ৰসাৰণ বিষয়া,কৃষি উন্নয়ন বিষয়াৰ সৈতে যোগাযোগ কৰক।

উৎস:ৰাইজৰ বাতৰি

3.10344827586
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top