মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / গণসংযোগ আৰু কৃষি উন্নয়ন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গণসংযোগ আৰু কৃষি উন্নয়ন

গণসংযোগ আৰু কৃষি উন্নয়ন

নতুন চিন্তা-ভাবনা, আশা-আকাংক্ষা সমাজত বিয়পাই দি নতুন নতুন চেতনা জাগ্ৰত কৰি পুৰণিক পৰিৱৰ্তন কৰিব পাৰি। কিন্ত পৰিৱৰ্তন যেতিয়া প্ৰয়োজনীয় পথত ঘটে তেতিয়াহে তাক কোৱা হত প্ৰগতি। পৰিৱৰ্তন ভালো হ’ব পাৰে বেয়াও হ’ব পাৰে। গণ সংযোগে সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত প্ৰধান ভূমিকা গ্ৰহণ কৰিব পাৰে। দায়বদ্ধ গণ মাধ্যমে দেশাৰ প্ৰগতি অনাত উল্লেখযোগ্য আৱদান আগবঢ়াব পাৰে। নিকা, স্বচ্ছ আৰু দায়বদ্ধ গণ মাধ্যমে বাঞ্ছিত পৰিৱৰ্তন লাভত সহায় কৰে। আনহাতে তথ্যই আমাৰ জ্ঞান আৰু অভিজ্ঞতাক সমৃদ্ধ কৰে আৰু নতুন জ্ঞানৰ দিশলৈ লৈ যায়। গণ সংযোগে এই তথ্য যোগদানৰ দায়িত্ব পালন কৰে। ইংৰাজীত ইয়াক ডিফিউজন বুলি কোৱা হয়। গণ মাধ্যমে নতুন উদ্ভাৱন সমূহ মানুহৰ মাজত বিয়পাই দেশৰ উন্নয়নত যোগাত্মক ভূমিকা পালন কৰিব পাৰে। কিয়নো উদ্ভাৱনৰ সাৰ্থকতা নিৰ্ভৰ কৰে জন সাধাৰণৰ মাজত এই সম্পৰ্কে প্ৰচাৰ হোৱাৰ ওপৰত। সংবাদ মাধ্যমে প্ৰণোদিত ভাৱে সমাজলৈ নতুন তথ্য সমূহ লৈ যাবলৈ সক্ষম হ’ব লাগিব। মানুহে যেতিয়া কোনো এটা নতুন বস্ত্তৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিব তেতিয়া গণ মাধ্যম সমূহে বস্ত্তটো সম্পৰ্কত বিভিন্ন তথ্য অৱগত কৰাৰ উপৰি জনাৰ আগ্ৰহ বঢ়াব পাৰে। গতিকে উন্নয়ন আৰু গণসংযোগৰ মাজত অবিচ্ছেদ্য সম্পৰ্ক আছে। কৃষি উন্নয়নে হওক বা অন্য উন্নয়নে হওক, ই হ’ল এটা সামাজিক প্ৰক্ৰিয়া। গতিকে ইয়াৰ বাবে জনগণৰ সক্ৰিয় অংশ গ্ৰহণ অতি প্ৰয়োজনীয়। ইয়াতেই আহি পৰে গণ মাধ্যম সমূহৰ দায়িত্ব। কিয়নো গণমাধ্যম হৈছে সমাজ পৰিৱৰ্তনৰ প্ৰতিভূ। সমাজৰ আচা-ব্যৱহাৰ, ধ্যান-ধাৰণাৰ সৃষ্টি, জনগণৰ মনোভাৱ, বিশ্বাস আদিত বিশেষ ভাৱে গণমাধ্যমে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। সেয়ে গণমাধ্যম সমূহ দায়বদ্ধ হোৱা উচিত। সেয়া ভাষাৰ ক্ষেত্ৰতে হওক বা বা-বতৰি প্ৰচাৰৰ ক্ষেত্ৰতে হওক।

সচেতন গণমাধ্যমে উন্নয়নৰ বাবে প্ৰয়োজনীয় বিভিন্ন দেশ-বিদেশৰ সামাজিক, ৰানৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰৰ তথ্য সমূহ সমাজত বিয়পাই দিয়ে। নতুন নতুন উদ্ভাৱন সমূহ জন সাধাৰণৰ মাজত স্পষ্ট আৰু আকৰ্ষণীয় ৰুপত দাঙি ধৰিলে, ইয়াৰ প্ৰচাৰ হোৱাৰ লগে লগে জনসাধাৰাণৰ মানসিকতাৰ পৰিৱৰ্তন ঘটি তাক নিজ কৰ্ম ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ উৎসাহিত হ’ব। অৰ্থাৎ আমি ক’ব পাৰো যে গণসংযোগে উন্নয়নৰ বাবে বিভিন্ন তথ্য আদান-প্ৰদান কৰি মানুহৰ মনত আকাংক্ষাৰ সৃষ্টি কৰিব পাৰে আৰু উন্নয়নৰ প্ৰতি সাধাৰণ মানুহৰ দৃষ্টি আকৰ্ষণ কৰি উন্নয়ন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰে। এই ক্ষেত্ৰত মাতৃভাষাৰ ব্যৱহাৰ অধিক ফলপ্ৰসু হয়। সেয়া বৈদ্যুতীন মাধ্যমেই হওক বা ছপা মাধ্যমেই হওক।

আমাৰ ৰাজ্য খনৰ গণসংযোগ সেৱা সমূহৰ এই দিশত আৰু কৰণীয়া আছে যেন অনুভৱ হয়। যোৱা বছৰৰ শেষৰ ফালে আমি নিজে চলোৱা এটা সমীক্ষাত লক্ষ্য কৰিছিলো যে উন্নয়নৰ ক্ষেত্ৰত বেছি ভাগৰেই যেন ঋণাত্মক ছবি এখন দাঙি ধৰাৰ প্ৰৱণতা আছে আৰু কোনো কোনো ক্ষেত্ৰত ছবিবোৰ তথ্য ভিত্তিক নহয়। অৱশ্যে ইতিবাচক খবৰ যে প্ৰচাৰ কৰা নাই তেনে নহয়। কিন্ত্ত আমি ভাবো প্ৰতি খন কাকতে উন্নয়নৰ বাবে বিশেষ পৰিপূৰিকা প্ৰকাশ কৰা বা বৈদ্যুতিন মাধ্যম সমূহে শ্লট বান্ধি ৰাখিব লাগে। তেতিয়া প্ৰতিটো গণ মাধ্যমেই চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়ন মূলক আঁচনি সমূহৰ ৰুপায়ণ সম্পৰ্কীয় বাতৰি পৰিবেশন কৰাৰ উপৰি এই আঁচনি সমূহৰ সুফল লাভ কৰাৰ প্ৰক্ৰিয়া সমূহ জনসাধাৰণক অৱগত কৰি উন্নয়ন প্ৰক্ৰিয়াত তেওঁলোকৰ অংশ গ্ৰহণ নিশ্চিত কৰিব পাৰে। সময়ে সময়ে পোন পটীয়া সম্প্ৰচাৰ কৰাৰ উপৰি বিভিন্ন ঠাইলৈ নিজে গৈ জনসাধাৰণৰ মনৰ বুজ ল’ব পাৰে আৰু কৰ্ম স্পৃহা জাগ্ৰত কৰিব পাৰে।

সমগ্ৰ দেশৰ লগতে আমাৰ অসমো এখন কৃষি প্ৰধান ৰাজ্য। গতিকে সংহত কৃষি উন্নয়নৰ জৰিয়তে ৰাজ্য খনৰ অৰ্থনৈতিক ভেটি সুদৃঢ় কৰিব পৰাৰ থল নিশ্চয়কৈ আছে। ইয়াৰ বাবে লাগিব সজাগতা। আওপুৰণি কৃষি পদ্ধতিৰ পৰিৱৰ্তন হ’ব লাগিব। কৃষিৰ আধুনিকী কৰণ হৈছে যদিও ইয়াৰ সম প্ৰয়োগ হোৱা নাই। জনসিঞ্চনেই হওক, দুঅতৰপীয়া কৃষি আঁচনিয়েই হওক, উনত মানৰ বীজ প্ৰদানেই হওক সকলো ক্ষৰেঅতে সকলো ঠাইতে একেধৰণে আগবাঢ়িব পৰা নাই। উন্নয়ন হোৱা নাই- এনে নহয়। ধান আৰু মাহ জাতীয় শস্যৰ গড় উৎপাদনৰ ক্ষেত্ৰত দেখুওৱা সফলতাৰ বাবে আমাৰ ৰাজ্য খনে ইতিমধ্যে চাৰিটাকৈ ‘কৃষি কৰ্ম’ বঁটা লাভ কৰি ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। এয়া আমাৰ বাবে উৎসাহ জনক খবৰ। আমাৰ ৰাজ্য খনৰ উঠি অহা প্ৰজন্মৰ মানসিকতাৰ পৰিৱৰ্তনেৰে কৃষি আৰু ইয়াৰ সহযোগী খণ্ডৰ আৰু অধিক উন্নয়ন সাধন কৰিব পৰা যায়। চৰকাৰী চাকৰিৰ পিছত ঘূৰি ফুৰা যুৱ শক্তিক যদি আত্মনিৰ্ভৰশীলতাৰ দিশে ধাৱিত কৰিব পৰা যায়, তেন্তে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধান হোৱাৰ উপৰি আয় বাঢ়িব, ৰপ্তানি বাঢ়িব। আনহাতে আমদানি কমিব। ইয়াৰ বাবেও সুসংঘবদ্ধ গণসংযোগৰে প্ৰয়োজন।

ৰাজ্য খনৰ বাবে প্ৰায়োজনীয় সামগ্ৰী যেতিয়া ৰাজ্য খনতেই উৎপাদন হ’ব, প্ৰতিটো পৰিয়ালেই আৰ্থিক ভাবে টনকিয়াল হ’ব। এই ক্ষেত্ৰত শিক্ষা প্ৰতিষ্ঠান, বিশেষকৈ কৃষি বিশ্ববিদ্যালয়, গৱেষণা প্ৰতিষ্ঠান, মীন মহাবিদ্যালয়, ৰেচম প্ৰতিষ্ঠান, টেক্সটাইল প্ৰতিষ্ঠান ইত্যাদি সকলো কতৃপক্ষৰে কৰণীয় নুই কৰিব নোৱাৰি। তেওঁলোকেও তেওঁলোকৰ প্ৰতিষ্ঠানত উদ্ভাৱন কৰা নৱ কৌশল তথা ইয়াৰ ব্যৱহাৰৰ জৰিয়তে লাভ কৰা সু-ফল সমূহৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰি তৃণমূল পৰ্যায়ত এই বোৰৰ বিষয়ে সজাগতা সৃষ্টিৰ ব্যৱস্থা কৰাৰ লগতে সৰ্বসাধাৰণক আকৰ্ষিত কৰাৰো উদ্যোগ গ্ৰহণ কৰিব লাগিব। এই ক্ষেত্ৰত গণ সংযোগৰ উৎকৃষ্ট মাধ্যম লোক কৃষ্টি সমূহৰ সঠিক প্ৰয়োগেৰে যোগাত্মক সঁহাৰি আনিব পাৰি।

সংবাদ মাধ্যমে যিকোনো আঁচনি ৰুপায়ণৰ ক্ষেত্ৰত থকা আসোঁৱাহ সমূহ দেখুৱাই দিয়াৰ লগতে কৰ্তৃপক্ষই গাফিলতি কৰিব নোৱাৰাকৈ জনসাধাৰণক তেওঁলোকৰ প্ৰাপ্য আদায়ৰ বাবে সজাগ কৰাৰ বাবে আৰু অধিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই খিনিতে এটা কথা মনলৈ আহিছে। কৃষি বুলি ক’লেই আমাৰ মনলৈ গ্ৰাম্য জীৱনৰ এক সুন্দৰ প্ৰতিচ্ছবি মনলৈ আহে। অৰ্থাৎ কৃষি আৰু গ্ৰাম্য জীৱন অভীন্ন বুলি ক’লেও হয়তো বঢ়াই কোৱা নহ’ব। গতিকে কৃষি উন্নয়নত সহায় আগবঢ়াবলৈ হ’লে গণ মাধ্যমৰ লগত জড়িত ব্যক্তি সকলৰ মনটো এই দুয়োটাৰ লগত নিবিড় ভাবে সংপৃক্ত হ’ব লাগিব, অন্যথা বাঞ্ছিত ফল আশা কৰিব নিৱাৰি। অৰ্থাৎ আমি ক’ব পাৰো যে কৃষিৰ ক্ষেত্ৰত উন্নয়ন সাধিবলৈ হ’লে গণমাধ্যমৰ লগত জড়িত আৰু দয়িত্ববাহী ব্যক্তি গৰাকী নিজেই এই ক্ষেত্ৰত উৰ্বৰ হ’ব লাগিব, তেতিয়াহে তেওঁ সজাগতা আনিবলৈ সক্ষম হ’ব। উদাহৰণ স্বৰুপে, শস্য পৰিৱৰ্তন পদ্ধতি, অৰ্থাৎ একেডৰা মাটিতে বেলেগ বেলেগ খেতি কৰি যেমাটিৰ উৰ্বৰতা শক্তি অটুট ৰাখিব পাৰি, খেতিৰ বাবে উপকাৰী অনুজীৱ অঢ়াবৰ বাবে যে মাটি ডৰা সম্পূৰ্ণ উদং কৰি ৰাখিব নালাগে, ধান কটাৰ আগেয়ে যে মাহ জাতীয় শস্য ছটিয়ালে ভাল বা ধান চপোৱাৰ পিছত মাটিডোখৰৰ নৰা যে গুৰি লৈকে কাটিব নালাগে, আলুতলী মেটেকাৰে ঢাকি ৰাখিলে কি উপকাৰ হয়, কেঁচু সাৰ বা জৈৱ সাৰৰ সৃষ্টি আৰু প্ৰয়োগৰ উপকাৰিতা কি- ইত্যাদি ইত্যাদি বিভিন্ন তথ্য সমূহ কৃষক সমাজক অনুপ্ৰাণিত কৰাকৈ উপস্থাপন কৰিব পাৰিব লাগিব। আজিকালি গাঁৱত প্ৰায় ৮৫% লোকৰ ঘৰতে টেলিভিশ্যন থাকে আৰু প্ৰায় সকলো গা৬ৱেই বাতৰি কাকত ঢুকি পায়। গতিকে প্ৰয়োজনত বাতৰি কাকতৰ প্ৰয়োজনীয়তা বা টেলিভিশ্যনত উন্নয়ন মূলক বাতৰি উপভোগৰ প্ৰতি আকৃষ্ট কৰিবলৈও দায়বদ্ধ গণমাধ্যমে প্ৰচেষতা হাতত ল’ব পাৰে। বৰ্তমানে যেন এটা ঋণাত্মক চিন্তাধাৰা সৃষ্টি হ’বলৈ ধৰিছে তেনে অনুভৱ হয়। জনসাধাৰণে যেন চাঞ্চল্যকৰ বাতৰিৰ প্ৰতি আকৃষ্ট হ’বলৈ ধৰিছে। যাৰ বাবে তথ্যৰ লগতে সাংবাদিকে নিজৰ মতামত জনোৱা হৈছে, খৰটকীয়া নাটকীয় ৰুপ দিয়া হৈছে বা মালিক গোষ্ঠীয়ে ভবাৰ দৰে বাতৰি পৰিৱেশনত গুৰুত্ব দিয়া হৈছে আৰু এই প্ৰৱণতা যদি দূৰ কৰিবলৈ হয় তাৰ বাবেও প্ৰধান অস্ত্ৰ হৈছে গণমাধ্যম নিজে। জনসাধাৰণৰ পূৰ্বৰ ৰুচি ঘূৰাই অনাৰ এই পৱিত্ৰ দায়িত্ব পালন কৰিলেই আমি ভাবো আমাৰ দেশ প্ৰগতিৰ পথত আগবাঢ়াৰ বাবে যি মানসিক স্পৃহাৰ দৰকাৰ সেয়া ঘূৰাই পাব। গোলকীয় উষ্ণতা, জলবায়ু পৰিৱৰ্তন, উদ্যোগী কৰণ আদিয়ে আমাৰ সুন্দৰ পৃথিৱীলৈ যি ভাবুকি কঢ়িয়াই আনিছে তাৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লেও কৃষিৰ উন্নয়ন সাধনত অধিক গুৰুত্ব দিয়াটো নিশ্চয়কৈ অতীব  প্ৰয়োজনীয়।

এই খিনিতে এগৰাকী যুৱকৰ কথা মনলৈ আহিছে, যি গৰাকীয়ে নিজকে জাতীয়তাবাদী বুলি মুখেৰে জাহিৰ নকৰি তেওঁৰ কৰ্মৰে দেখুৱাই দিছে দেশপ্ৰেম আচলতে কি হয়। তেওঁ হ’ল গোৱালপাৰৰ ধুপ ধৰাৰ ওচৰৰ ৰংগুলিৰ দেৱব্ৰত ৰাভা। এগৰাকী স্নাতক ডিগ্ৰীধাৰী ল’ৰা, যি জনে চৰকাৰী চাকৰিৰ পিছত নদৌৰি নিজাববীয়াকৈ কলৰ খেতিৰে আৰম্ভ কৰিলে জীৱন ধাৰণৰ অৱলম্বন। তেওঁএ কৰ্ম স্পৃহাৰ ফলতেই পিছলৈ উদ্যান শস্য প্ৰযুক্তি অভিযানৰ পৰা অৰ্থ সাহায্য লাভ কৰি গৰু, ছাগলী, মৎস্য পালন কৰাই নহয় ইটাৰ ভাতা খুলিবলৈও সক্ষম হ’ল। তদুপৰি আটাইতকৈ উল্লেখনীয় কথাটো হ’ল এই সকলো ক্ষেত্ৰতে তেওঁ অঞ্চলৰ থলুৱা লোক সকলক গড়িত কৰিলে। আনকি ইটা বনোৱা কামতো। প্ৰথমে বাহিৰৰ শ্ৰমিক আনি থলুৱা লোকক কাম শিকাই কৰ্ম সংস্থাপন দি নিজৰ লগতে অঞ্চলৰ উন্নয়ন সাধিবলৈ নিজৰ সাধ্যানুসাৰে চেষ্টা কৰা দেৱব্ৰত ৰাভা বাৰু উগ্ৰ জাতীয়তাবাদৰ সঁচা বাহক নহয়নে।

আনহাতে যোৰহাটৰ এখন বিদ্যালয়ৰ কামটো চাওক। ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰিক শিক্ষা দিয়াৰ বাবে বিদ্যালয়তে কেঁচুসাৰ প্ৰস্ত্তত কৰাৰ আঁচনি গ্ৰহণ কৰি স্বেচ্ছাসেৱী সংগঠনকো জড়িত কৰি ছাত্ৰ- ছাত্ৰী সকলৰ বাবে ‘লাৰ্নিং বাই আৰ্নিং’ ব্যৱস্থাৰ যি নজিৰ সৃষ্টি কৰিলে ইয়ে বাৰু আধাতে বিদ্যালয় এৰা শিশু সকলৰ বাবে বা বিদ্যালয়লৈ নপঠিওৱা শিশু সকলৰ পিতৃ-মাতৃৰ বাবে উৎসাহৰ বা প্ৰেৰণাৰ কাৰক হ’ব নোৱাৰেনে? বা এই খবৰ বোৰে আৰু দহক এনে কামত জড়িত হ’বলৈ প্ৰেৰণা নোযোগাবনে? পিছে এয়া সম্ভৱ কেতিয়া? যেতিয়া এই প্ৰেৰণাৰ বাতৰি তৃণমূল পৰ্যায়লৈ বিয়পি যাব। এই দায়িত্ব কাৰ তাক পুনৰাবৃত্তি নিশ্চয়কৈ নকৰিলেও হ’ব। এই দুটা মাত্ৰ উদাহৰণহে।

আমাৰ অসম মুলুকত এনে বহু উদাহৰণ আছে যি বিলাকে অজ্ঞানীক জ্ঞান দিব পাৰে, অবাটে যোৱা সকলক সঠিক পথলৈ ধাৱিত কৰিব পাৰে। মুঠতে কৃষকে ধৰি যি কোনো দিশতে চকুত লগা পৰিৱৰ্তন বা উন্নয়নৰ বিপ্লৱ হ’ব লাগিলে সংশ্লিষ্ট সকলো পক্ষৰে সদিচ্ছা আৰু এক আত্মিক সমূহীয়া প্ৰচেষ্টাৰ প্ৰয়োজন; আৰু প্ৰয়োজন মাথোঁ সঁচা আন্তৰিকতাৰ।

লেখিকা: মঞ্জু ৰাণী ডেকা, অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়া, এগ্ৰি হৰ্টি প্ৰদৰ্শনী।

2.92
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top