মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / চাহ পুলিৰ পৰিচৰ্যা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাহ পুলিৰ পৰিচৰ্যা

চাহ পুলিৰ পৰিচৰ্যাৰ বিষয়ে লিখা হৈছে

 

চাহ পুলিটো ক্ৰমাৎ বাঢ়িবলৈ ধৰাৰ লগে লগে গছজোপাৰ ফ্ৰেমটো বনাই লোৱাৰ বাবে কেতবোৰ বিশেষ কলম দিয়া হয়।প্ৰথমটো কলম দিয়া হয় ২০-২৬ ছেণ্টিমিটাৰ উচ্চতাত।কলম কৰাৰ পুৰ্বে গছৰ ষ্টাৰ্চ পৰীক্ষা কৰা দৰকাৰ।এই কলমৰ পিছত ফ্ৰেম বনোৱাৰ অন্তিমটো প্ৰুণ কৰা হয় ২-৩ বছৰৰ পিছত শেষৰ কলমৰপৰা ৮-১০ ছেণ্টিমিটাৰ ওপৰত।এইবোৰ কলম কৰাৰ মুখ্য উদ্দেশ্য হ’ল যাতে ৬০*৪৫ বা ৬৫*৪৫ বা ৬৫*৫০ বৰ্গ ছেণ্টিমিটাৰ স্থানত এজোপা পুৰ্ণবয়স্ক চাহ গছে ২,৭০০ ৰ পৰা ৩,২০০ বৰ্গ ছেণ্টিমিটাৰ ঠাই আগুৰি থাকিব পাৰে আৰু গছজোপাত ৩০ টা পৈণত ডাল পোৱা যায়।স্থায়ী ফ্ৰেমৰ ওপৰত থকা ডালবোৰৰ ৭০ শতাংশৰ এক ছেণ্টিমিটাৰ বহল হোৱা বাঞ্চনীয়।১০০ বৰ্গ ছেণ্টিমিটাৰ স্থানত এডাল ষ্টিক থাকিব লাগিব।চাহ গছজোপা অৰ্থনৈতিকভাৱে উৎপাদনক্ষম হ’বলৈ ডালবোৰ ১:৩:৭ অনুপাতত গঠন হোৱা ভাল।

বিজ্ঞানীসকলে কৰা পৰীক্ষা মতে,ভাল উৎপাদন দিব পৰা গছজোপাৰ সাধাৰণতে ৫.৫ -৭ টা মুল ডাল থাকে আৰু পিছলৈ ইয়াৰ পৰিমাণ ২৫-৩০ লৈ বৃদ্ধি পায়।মুল ডালৰ গুৰি ৩.৪ ছেণ্টিমিটাৰ হয় আৰু সৰু ডালবোৰ ১.৮ ৰ পৰা ২ ছেণ্টিমিটাৰ হয়।চাহ পুলিৰ পৰিচৰ্যাৰ কায়দাবোৰ সমতল আৰু পাহাৰীয়া অঞ্চলভেদে ভিন্ন হয়।যিহেতু আমাৰ অসমৰ চাহ খেতি সৰহভাগ সমতলতে কৰা হয়,এই আলোচনাৰ ক্ষেত্ৰখন অকল তাৰ বাবে সীমাবদ্ধ কৰা আছে।অধিক জানিবলৈ হ’লে খেতিয়কসকলে আমাৰ ফোন নম্বৰত (৯৪০১৪৩৪৫২২)যোগাযোগ কৰিব পাৰে।

চাহ পুলি ৰোৱাৰ লগে লগে ছাঁ দিয়া গছবোৰো একেলগে ৰোপণ কৰি দিব লাগে।শিপাৰ শ্ৰীবৃদ্ধিৰ প্ৰতি লক্ষ্য কৰি চাহ পুলিত ২-১-২ অনুপাতত নাইট্ৰ’জেন-পটাছ-ফছফৰাছ প্ৰয়োগ কৰিব লাগে।যদি মাটিত পটাছৰ পৰিমাণ কম থাকে,তেন্তে ২-১-৩ অনুপাত ব্যৱহাৰ কৰা ভাল।

যিহেতু চাহ পুলি সৰু হৈ থকা অৱস্থাত মাটিখিনি উন্মুক্ত হৈ থাকে,সেয়ে সুৰ্যৰ পোহৰ,বৰষুণ আৰু বতাহৰ ফলত ভুমিৰ উৰ্বৰতা কিছু হ’লেও হ্ৰাস পায়।সেইবাবে পুলিবোৰৰ মাজৰ ঠাইবোৰত মেটেকা বা শুকান গছৰ পাত বা ডাল আদি দিয়া হয়।এই পদ্ধতিক মালচিং (Mulching)কৰা বোলে।মালচিং কৰিলে মাটিৰ জৈৱিক গুণাগুণ বৃদ্ধি পায়,যিটো চাহ খেতিৰ বাবে অতি ফলদায়ক।মালচিং কৰাৰ উপযুক্ত সময় হ’ল নৱেম্বৰ-ডিচেম্বৰ।গুৱাটেমালা ঘাঁহ মালচিং কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।সাধাৰণতে এক হেক্টৰ মাটিত ১০ ছেণ্টিমিটাৰ ডাঠকে প্ৰয়োগ কৰিলে ১৫ মেট্ৰিক টন মালচিং দ্ৰব্যৰ প্ৰয়োজন হয়।চিত্ৰনলা ঘাঁহ,ধান খেতিৰ নৰা-খেৰ আদিও এই কামৰ বাবে ব্যৱহাৰ কৰিব পাৰি।মালচিং দ্ৰব্যবোৰ যাতে সোনকালে মাটিত মিহলি হৈ যাব পাৰে,তাৰ বাবে ১০০ কিলোগ্ৰাম এম’নিয়াম ছালফেট প্ৰতি হেক্টৰত দিব পাৰে।

চাহ পুলিৰ মাজত গ্ৰীণ ক্ৰপৰ বাবে ক্ৰোটোলাৰিয়া (মেডেলুৱা)ৰোপণ কৰা ভাল।ইয়াৰ ফলত পুলিবোৰ প্ৰখৰ ৰ’দৰপৰা ৰক্ষা পৰাৰ উপৰি মাটিৰ গুণাগুণ বেয়া নহয় আৰু পানী বেছি ক্ষণলৈ সংৰক্ষণ হৈ থাকে।খৰাং বতৰত গ্ৰীণ গ্ৰুপৰ সুফল অতি আৱশ্যক।

শীতকালি ৰোপণ কৰা গছ

 

গছৰ বয়স

মাহ

পদ্ধতি

০ বছৰ

অক্টোবৰ-ডিচেম্বৰ

গছপুলি ৰোপণ আৰু বাঢ়িবলৈ দিয়া

+১ বছৰ

ফেব্ৰুৱাৰী –এপ্ৰিল জুন-জুলাই অক্টোবৰ

২০ ছে:মি:ডিচেণ্টাৰ ৬৫ ছে:মি:ত পাত ছিঙা শকত মাজৰ ডাল কাটি দিয়া এটা পাত এৰি তোলা

+২ বছৰ

গোটেই বছৰ

কলম নকৰি জনম পাতলৈ ছিঙা

+৩ বছৰ

শেষ জানুৱাৰী প্ৰথম ফেব্ৰুৱাৰী অক্টোবৰ

প্ৰথম কলম ৩৫-৪০ ছে:মি:ত পাত ছিঙা ৬৫-৭০ ছে:মি:ত এটা পাত এৰি তোলা

 

+৪ বছৰ

গোটেই বছৰ

কলম নকৰি জনম পাতলৈ ছিঙা

+৫ বছৰ

জানুৱাৰী-ফেব্ৰুৱাৰী

দ্বিতীয় কলম ৪০-৪৫ ছে:মি:ত পাত ছিঙা ৭০ ছে:মি:ত

 

 

গ্ৰীষ্মকালি ৰোপণ কৰা গছ

 

গছৰ বয়স

মাহ

পদ্ধতি

০ বছৰ

এপ্ৰিল-জুন জুলাই –আগষ্ট

গছপুলি ৰোপণ ২০ ছে:মি: ডিচেণ্টাৰ ৬৫ ছে:মি:ত পাত ছিঙা

+১ বছৰ

গোটেই বছৰ

কলম নকৰি জনম পাতলৈ ছিঙা

+২ বছৰ

জানুৱাৰী-ফেব্ৰুৱাৰী অক্টোবৰ

পথম কলম ৩৫-৪০ ছে:মি:ত পাত ছিঙা ৬৫-৭০ ছে:মি:ত পাত ছিঙা ৬৫-৭০ ছে:মি:ত এটা পাত এৰি তোলা

+৩ বছৰ

গোটেই বছৰ

কলম নকৰি জনম পাতলৈ ছিঙা

+৪ বছৰ

জানুৱাৰী-ফেব্ৰুৱাৰী

দ্বিতীয় কলম ৪০-৫০ ছে:মি:ত,৭০ ছে:মি:ত পাত ছিঙা

+৫ বছৰ

গোটেই বছৰ

কলম নকৰি পাত ছিঙা

লেখক:ভাস্কৰ পাঠক (দৈনিক অসম)

 

 

 

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top