মূল পৃষ্ঠা / কৃষি / শস্য উৎপাদন / ছাইলেজৰ বিষয়ে কিছু কথা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ছাইলেজৰ বিষয়ে কিছু কথা:

ছাইলেজৰ বিষয়ে কিছু কথা লিখা হৈছে

 

‘ছাইলেজ’নো কি?

 

সহজ ভাষাত ক’বলৈ হ’লে- আমাৰ কৃষক ৰাইজৰদ্বাৰা পালিত গৰু, ম’হ, ছাগলী, ভেড়া ইত্যাদি পশুধনৰ মূল খাদ্য হ’ল সেউজীয়া ঘাঁহ। এই সেউজীয়া ঘাঁহ(সংৰক্ষণ বাবে) এক নিৰ্দিষ্ট বৈজ্ঞানিক পদ্ধতিৰে অবায়বিক আবহাৱাত গাপ দি পকাই() অন্য এক অৱস্থালৈ ৰূপান্তৰ ঘটোৱা হয়। সেউজীয়া ঘাঁহৰ এই ৰূপান্তৰিত অৱস্থাটোকে ‘ছাইলেজ’ বুলি কোৱা হয়।

সাধাৰণতে ওৱাদানি ঋতুৰ উৎপাদিত ঘাঁহৰ অতিৰিক্তখিনি ছাইলেজলৈ ৰূপান্তৰ ঘটাই ছমাহৰপৰা এবছৰলৈ সংৰক্ষিত কৰিব পৰা যায় আৰু সেউজীয়া ঘাঁহৰ মহাৰ্ঘ দিনত এই ছাইলেজেৰে ঘাঁহৰ চাহিদাৰ জোৰা মাৰিব পৰা যায়। ছাইলেজ হ’ল সেউজীয়া ঘাঁহৰ আটাইতকৈ উৎকৃষ্ট বিকল্প। শুকান ঘাঁহ বা খেৰত ছাইলেজৰ সমান ৮সোৱাদ আৰু খাদ্যগুণ নাথাকে। এই কথাখিনি ভালদৰে অনুধাৱন কৰিব পাৰিলেই বুলিব পাৰি যে এজন পশুধন- কৃষকৰ বাবে ৰাইজৰ বাবে ঘাঁহৰ ছাইলেজকৰণ কিমান প্ৰয়োজনীয় আৰু উপকাৰী।

ছাইলেজৰ ব্যৱহাৰ আৰু উপকাৰিতা:

 

  • ছাইলেজ হ’ল পশুধনৰ পুষ্টিকাৰক খাদ্যৰ উৎস।
  • নিয়মিতভাৱে ছাইলেজ খুৱালে কম সময়ৰ ভিতৰতে পশুধনৰ বিশেষকৈ ভেড়াৰ ওজন যথেষ্ট বাঢ়ে।
  • নিয়মিত ছাইলেজ সেৱনে গাই গৰুৰ গাখীৰ উৎপাদনৰ হাৰ বৃদ্ধি কৰে।
  • প্ৰাকৃতিক ঘাঁহনিৰ মহঙা দিনত ছাইলেজৰ গুৰুত্বৰ কথা ভালদৰে উপলব্ধি কৰিব পৰা যায়।
  • গৰু, ম’হ, ছাগলী, ভেড়া আৰু অন্যান্য পশুৱেও ছাইলেজ আগ্ৰহেৰে গ্ৰহণ কৰে ইত্যাদি।

ছাইলেজ প্ৰস্তুতকৰণৰ পদক্ষেপসমূহ:

 

পৰ্যাপ্ত পৰিমাণে নহ’লেও আমাৰ ৰাজ্যখনৰ কৃষকে উন্নত জাতৰ ঘাঁহ, যেনে- ৰিণা, পাৰা, হাইব্ৰিড নেপিয়াৰ, মাকৈ বা গোমধান, ওট আদি বিভিন্ন জাতৰ খেতি ছেগা-চোৰোকাকৈ কৰে। ছাইলেজ প্ৰস্তুতিৰ কাৰণে উন্নত জাতৰ ঘাঁহৰ খেতি কৰাটো পূৰ্বচৰ্ত বুলিলেই ধৰিব লাগিব। কাৰণ, উন্নত জাতৰ ঘাঁহৰপৰা ছাইলেজ প্ৰস্তুত কৰিবলৈ সুবিধাজনক আৰু পশুধনৰ বাবেও ই পুষ্টিবৰ্দ্ধক। তলত ছাইলেজকৰণৰ বিভিন্ন পদক্ষেপসমূহ চমুকৈ আগবঢ়োৱা হ’ল।

  • ঘাঁহৰ বাছনি- কম সময়ৰ ভিতৰত অধিক উৎপাদন হোৱা উন্নত জাতৰ চিৰসেউজ ঘাঁহ ছাইলেজৰ কাৰণে পছন্দ কৰা হয়। কিন্তু ভাৰতত ছাইলেজকৰণৰ বাবে আটাইতকৈ পছন্দৰ ঘাঁহ হৈছে মাকৈ বা গোমধান। সেয়ে এই লেখাত গোমধানকে মডেল হিচাপে লোৱা হ’ল। মাকৈ গছ(মানে ঘাঁহ) কুমলীয়া গুটি ধৰাৰ সময়তে চপাব লাগে ছাইলেজকৰণৰ বাবে, কিয়নো সেইটো সময়ত মাকৈ ঘাঁহৰ পুষ্টিকাৰক গুণটো বেছি পৰিমাণে থাকে।
  • সামান্যভাৱে এঢলীয়া বকৰাণি মাটি বাছনি কৰি উতাত নিৰ্দিষ্ট আকাৰত গাঁত এটা খান্দিব লাগিব। গাঁতৰ গভীৰতা মাটিৰ ওখ ফালৰপৰা হেলনীয়া ফাললৈ ক্ৰমাৎ কমি যাব। ঘাঁহৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰিহে গাঁতৰ আকাৰ বা জোখ নিৰ্দ্ধাৰণ কৰিব লাগিব। উদাহৰণ স্বৰূপে ২০ বস্তা(এবস্তাত ৫০ কিলোগ্ৰাম) ঘাঁহৰ বাবে গাঁতটো ২ ঘনমিটাৰ আকাৰৰ হ’ব লাগিব(মানে দৈৰ্ঘ্য, প্ৰস্থ আৰু গভীৰতা সকলোতে ২ মিটাৰ জোখ হ’ব লাগিব)। ইয়াৰ লগতে আৱশ্যকীয় আন দুটা বস্তু হ’লে ১০ মিটাৰ পলিথিন চিট এখন আৰু ৩০ লিটাৰ গুৰ।
  • চপোৱা ঘাঁহখিনি ঘাঁহ কটা যন্ত্ৰেৰে(Chaff cutter) এক ইঞ্চি জোখত কুটি ল’ব লাগিব। এই কুটি লোৱা ঘাঁহখিনি ৩-৪ ঘন্টা সময়ৰ বাবে মুকলিকৈ মেলি দিব পাৰিলে ভাল ইয়াৰ(ঘাঁহৰ) জলীয় বাষ্পৰ পৰিমাণ কিছু পৰিমাণে কমাবলৈ।
  • গাঁতৰ ভিতৰত মাটিৰ সংস্পৰ্শ সম্পূৰ্ণভাৱে ৰহিত কৰিবলৈ পলিথিন চিটখনেৰে গাঁতটোৰ তলি আৰু চাৰিওটা কাষ কপকপীয়াকৈ ঢাকি দিব লাগিব।
  • কুটি লোৱা ঘাঁহবোৰ ভালদৰে সান মিহলি কৰি গাঁতটোত পাতলকৈ সমানুপাতিকভাৱে ঢালি দিব লাগে আৰু ভালদৰে মেলি দি এটা তপৰৰ সৃষ্টি কৰিব লাগে।
  • এই মেলি দিয়া ঘাঁহৰ তৰপটোৰ ওপৰত এক লিটাৰ গুৰ তিনি লিটাৰ পানীত মিহলি কৰি ভালদৰে ছটিয়াই দিব লাগে। ঘাঁহৰ তৰপটোৰ প্ৰতিটো অংশই যাতে গুৰৰ মিশ্ৰণটো পায় তাৰ বাবে গাৰ্ডেন স্প্ৰেয়াৰ ব্যৱহাৰ কৰিব পাৰিলে বেছি ভাল হয়। তেনে কৰিলেহে ঘাঁহবোৰ গাপ লগাই পকাবলৈ কাম কৰা অনুজীৱবোৰে নিজৰ খাদ্য ঠিকমতে পাব আৰু সিঁহতৰ কামটো ভাল হ’ব।
  • গুৰৰ মিশ্ৰণটো ছটিওৱাৰ পিছত ঘাঁহৰ এই স্তৰটোৰ ভিতৰত সোমাই থকা বায়ুখিনি ভৰিৰে গছকি ভালদৰে উলিয়াই দিব লাগিব। এই কামটো নিখুঁটভাৱে কৰিব লাগে কাৰণ সামান্যভাৱে আটকি থকা বায়ু মানে অম্লজানেও তাত ভেঁকুৰ বা শেলুৱৈ(Fungus) গা কৰি উঠাত সহায় কৰে আৰু এইবোৰে ছাইলেজকৰণৰ ক্ৰমসংহতিত বাধাৰ সৃষ্টি কৰে আৰু গুণগত মানৰো অৱনমন ঘটায়।
  • উপৰোক্ত ঘাঁহৰ স্তৰটোৰ ওপৰত অনুৰূপ ধৰণে আকৌ এটি ঘাঁহৰ তৰপ জাপি গুড়ৰ মিশ্ৰণ ছটিয়াই ভৰিৰে গছকি বায়ুশূন্য কৰিব লাগিব আৰু এনেকৈয়ে একেই পদ্ধতিৰে কেইবাটাও স্তৰত ঘাঁহৰ টুকুৰাবোৰ জাপি গাঁতটো পূৰ কৰিব লাগিব আৰু একেবাৰে ওপৰতো গুৰৰ মিশ্ৰণটো ভালদৰে সমতুল্যভাৱে ছটিয়াব লাগিব আৰু বায়ুখিনি উলিয়াই দিব লাগিব।
  • এতিয়া ঘাঁহৰ গাঁতটো পলিথিনেৰে নিকপকপীয়াকৈ ঢাকি দিব লাগিব, যাতে কোনো পধ্যেই পানীৰ সংস্পৰ্শ হ’ব নোৱাৰে। এনেদৰে সামান্য সফিত ৰূপত গাঁতটো বন্ধ কৰি ইয়াৰ চাৰিওফালে পানী জমা নহ’বলৈ নলা খান্দি দিব লাগে।
  • ইয়াৰ পিছত এই গাঁতটোৰ ওপৰৰ পলিথিনৰ অৱৰণটো মাটিৰে ডাঠকৈ সম্পূৰ্ণভাৱে ঢাকি দিব লাগে, যাতে কোনো চৰাই-চিৰিকতি বা জন্তুই ইয়াৰ ক্ষতিসাধন কৰিব নোৱাৰে।
  • এই অবায়ৱীয় পদ্ধতিত এই ঘাঁহবোৰো ছাইলেজৰ ৰূপ পাবলৈ দুইৰপৰা চাৰি সপ্তাহ সময় লাগে আৰু এই ছাইলেজ দুবছৰ পৰ্যন্ত সংৰক্ষণ কৰিব পৰা যায় যদিহে প্ৰস্তুতকৰণৰ পদ্ধতিসমূহ নিখুঁতভাৱে সম্পাদন কৰা হয়।
  • ব্যৱহাৰৰ বাবে ছাইলেজৰ গাঁতটো হেলনীয়া ফালৰপৰাহে খুলিব লাগে। এদিনৰ বাবে প্ৰয়োজনীয় ছাইলেজখিনি উলিয়াই গাঁতৰ ফুটাটো আকৌ বন্ধ কৰি থ’ব লাগে।

বাণিজ্যিক মনোভাবেৰে যিবোৰ কৃষকে ঘাঁহ খেতি কৰে, তেওঁলোকে সমান্তৰালভাৱে এই ছাইলেজকৰণ পদ্ধতিটো গ্ৰহণ কৰি নিজৰ বাণিজ্যৰ প্ৰসাৰ ঘটাব পাৰে। ছাইলেজ উৎপাদন এটা সহজ পদ্ধতি, বিনিয়োগৰ নামতো লাগে মাথোন ঘাঁহ খেতিৰ বাবে এডৰা সাৰুৱা মাটি আৰু এটা ঘাঁহ কটা যন্ত্ৰ(দামটো) কুৰি হাজাৰ টকাৰপৰা এক লাখ টকালৈ); বজাৰত ছাইলেজৰ দাম প্ৰতি কিলোগ্ৰামত ১৫ৰ পৰা ২০ টকা। বাণিজ্যিক উদ্দেশ্যেৰে ঘাঁহ খেতি নকৰিলেও প্ৰতিজন পশুধন কৃষকে নিজৰ পালিত পশুধনৰ বাবে প্ৰয়োজন হ’ব পৰা ছাইলেজখিনি নিজাববীয়াকৈ প্ৰস্তুত কৰি লোৱাটো অতি আৱশ্যক। ব্যক্তিগতভাৱে আমি অনুভৱ কৰো যে আমাৰ ৰাজ্যত খৰাং বা বানপানীৰ দুৰ্যোগৰ সময়ত যদি এই ছাইলেজৰ পৰ্যাপ্ত পৰিমাণে যোগান ধৰিব পৰা যায়, তেনেহ’লে গৰু, ম’হ, ছাগলীকে ধৰি অজস্ৰ গো-ধনৰ প্ৰাণ বচোৱাৰ লগতে ৰাজ্যখনত হ’ব পৰা অৰ্থনৈতিক ক্ষতিও বহু পৰিমাণে লাঘৱ কৰিব পৰা হ’ব।

লেখক:ডাঃ দিলীপ কুমাৰ বৰুৱা(দৈনিক অসম)

3.02941176471
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top