অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জালুক :

জালুকৰ বিষয়ে লিখা হৈছে ।

 

জালুক এবিধ মচলাজাতীয় বহুগুণী লতাজাতীয় উদ্ভিদ। পাণ গছৰ দৰে বহুবৰ্ষজীৱী এইবিধ মচলাৰ খেতি পৃথকভাৱে বা তামোল, কঁঠাল, আমগছ আদিত বগাবলৈ সুবিধা কৰি দি উৎপাদন কৰিব পাৰি। সুমথিৰা, নেমু আদিৰ মাজে মাজেও ইয়াৰ খেতি কৰিব পাৰি। গৰম আৰু সেমেকা জলবায়ুত জালুকৰ খেতি ভাল হয়। সেয়েহে অসমৰ জলবায়ু এই খেতিৰ বাবে অতি উপযোগী। স্মৰ্তব্য যে জালুকৰ খেতিৰ কাৰণে ছাঁৰ প্ৰয়োজন। সেয়েহে গছৰ তলত ইয়াৰ খেতি বেছি ভাল হয়। আজি এইবিধ খেতিৰ কৃষি পদ্ধতিৰ বিষয়ে চমুকৈ ক’বলৈ লোৱা হ’ল।

মাটি -

ৰঙা মাটিকে আদি কৰি বালীয়া মাটিলৈকে বিভিন্ন ধৰণৰ মাটিত ইয়াৰ খেতি কৰিব পাৰি। অৰ্থাৎ যিবোৰ মাতিত চাহ গছ আৰু তামোল গছ ভাল হয়, সেইবোৰ মাটিত জালুকৰ খেতি ভাল হয়। এই খেতিৰ বাবে যথেষ্ট জীপ থকা প্ৰয়োজন। কিন্তু পানী বন্ধ হৈ থকা হ’ব নালাগিব। এই খেতিৰ কাৰণে সাধাৰণতে ৰঙা আলতীয়া-পলসুৱা-অধিক জৈৱিক গুণযুক্ত মাটি নিৰ্বাচন কৰিব লাগে।

জাত -

অনুমোদিত উভলিংগ জাতসমূহ হৈছে- পানীমূৰ ১(দ্বিজাতীয়), কালুভাল লি, বালান কোট্টা, কাৰীমুণ্ডা, কোটানাদন আৰু আৰকুলাম মুণ্ডা।

ডাল কটাৰ সময় -

 

মাৰ্চ মাহত পূৰ্ণবয়স্ক গছৰপৰা তিনিটা গাঁঠি থকা ডাল সঁচৰ বাবে কাটিব লাগে। সাধাৰণতে যিবোৰ গছৰ ডাল পথালিকৈ মাতিৰ সমানে বিস্তাৰিত হৈ বাঢ়ি যায়, সেইবোৰ ডাল নিৰ্বাচন কৰিব লাগে। ডালবোৰ ৪৫ ছেন্টিমিটাৰ দীঘলকৈ কাটি লৈ পলিথিনৰ ঠোঙাত গজালি মেলিবলৈ দিব লাগে।

ৰোৱাৰ সময় -

মে’-জুন-জুলাই।

ৰোৱাৰ পদ্ধতি:

নতুন মাটিত জালুকৰ ডাল ৰুলে মদাৰৰ দৰে সোনকালে ডাঙৰ হোৱা গছত নাইবা কাঠৰ খুঁটা, তামোল গছৰ খুঁটা আদিত বগাব পৰাকৈ ৰুব লাগে। অৱশ্যে বাৰীৰ তামোল বা নাৰিকল গছত বগাবলৈ দিয়া গছজোপাৰপৰা ৩০ ছেন্টিমিটাৰ আঁতৰতহে ডাল ৰোৱা হয়। অকল জালুকৰ খেতি কৰা প্ৰণালীত বিঘাই প্ৰতি ১২০ টা ডাল, তামোল গছত ৰুলে ৫০টা আৰু সুমথিৰা গছত ৰুলে ২৫ টা ডালৰ প্ৰয়োজন হয়।

ব্যৱধান -

৩ মিটাৰ*৩ মিটাৰ দূৰত্বত ডালবোৰ ৰুব লাগে। গাঁতৰ আকাৰ ৫০ ছেন্টিমিতাৰ*৫০ ছেন্টিমিটাৰ*৫০ ছেন্টিমিটাৰ হ’ব লাগে।

সাৰ প্ৰয়োগ:

প্ৰতিজোপা গছত ৯ কিলোগ্ৰাম পচন সাৰ, ২২৫ গ্ৰাম ইউৰিয়া, ১ কিলোগ্ৰাম একক ছুপাৰ ফছফেট, ১০০ গ্ৰাম মিউৰিট অব পটাছৰ লগতে ৫০০ গ্ৰাম চূণ প্ৰয়োগ কৰিব লাগে। ৰাসায়নিক সাৰখিনি প্ৰথম বছৰৰপৰা চতুৰ্থ বছৰলৈ ৪ ভাগ কৰি প্ৰয়োগ কৰিব লাগে। এপ্ৰিল মাহ সাৰ প্ৰয়োহৰ উত্তম সময়।

প্ৰতিপালন -

জালুকৰ গছ সোনকালে বাঢ়ে। ৩০ ছেন্টিমিটাৰ আঁতৰে আঁতৰে জালুকৰ লতাবোৰ খুঁটাত বান্ধি দিব লাগে। গছজোপাৰ তলৰপিনে ৯০ ছেন্টিমিটাৰলৈক্ৰ পৰিষ্কাৰ কৰি ৰাখিব লাগে। সেই অংশত ডাল-পাত আদি ৰাখিব নালাগে। ডালবোৰ ৪ মিটাৰতকৈ ওপৰলৈ বগাবলৈ দিব নালাগে।

চপোৱা:

সাধাৰণতে ৰোৱাৰ চাৰি বছৰৰ পিছৰপৰা গুটি ধৰিবলৈ আৰম্ভ কৰে। ছয় বছৰমান পিছৰপৰা গুটি সম্পূৰ্ণকৈ ধৰে। জালুকৰ থোকবোৰ সাধাৰণতে ফাগুন-চ’ত মাহতহে পূৰঠ হয়। ফচল সুমথিৰা বৰণৰ হোৱাৰ লগে লগে চপাব লাগে।

উৎপাদন -

প্ৰতি বছৰে প্ৰতিজোপা জালুকৰ গছৰপৰা গড়ে ১ কিলোগ্ৰাম শুকান জালুক পোৱা যায়। মাটি আৰু বতৰৰ অনুকূলে এজোপা গছৰপৰা ৩-৪ কিলোগ্ৰাম পৰ্যন্ত পাব পাৰি।

লেখক: প্ৰবোধ চন্দ্ৰ শৰ্মা(দৈনিক অসম)

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top