অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জৈৱিক কৃষি:

 

কৃষিক সকলো সংস্কৃতিৰে জননী বুলি কোৱা হয়। বিশ্বৰ সভ্যতা, সংস্কৃতি, পৰম্পৰা এই আটাইবিলাক কথা কৃষি অবিহনে ভাবিবেই নোৱাৰি। কিন্তু বহুলভাৱে প্ৰচলিত ৰাসায়নিক কৃষিৰ প্ৰভাৱে বিশ্বৰ পৰিৱেশ, জনস্বাস্থ্য, জৈৱ-বৈচিত্ৰ্য আদিলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে। ৰাসায়নিক কৃষিয়ে কঢ়িয়াই অনা ভয়ংকৰ পৰিণামৰ কথা সৰ্বত্ৰ প্ৰচাৰ হোৱা উচিত। ৰাসায়নিক কৃষি মানৱ সমাজৰ বাবে অভিশাপস্বৰূপ হৈ পৰিছে। ৰাসায়নিক কৃষিৰ কু-প্ৰভাৱ অকল যে মানুহেই ভুগিছে তেনে নহয়, পানী, মাটি, গছ-গছনি, কীট-পতংগ, আন জীৱ-জন্তু এই সকলোবোৰ উক্ত প্ৰভাৱৰ ভুক্তভোগী। জৈৱ-বৈচিত্ৰ্য আৰু জনস্বাস্থ্যৰ প্ৰত্যাহ্বান হৈছে ৰাসায়নিক সাৰ আৰু ৰাসায়নিক কীটনাশক।

ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ভয়াৱহ প্ৰভাৱ-

১)মাটিৰ স্বাস্থ্য আৰু পৰিৱেশতন্ত্ৰৰ ভয়ানক প্ৰভাৱ পৰিছে।

২)ৰাসায়নিক সাৰৰ ক্ৰমবৰ্ধমান প্ৰয়োগে কেঞ্চাৰ, চৰ্মৰোগ, প্ৰজনন শক্তিৰ দুৰ্বলতা, যকৃত- বৃক্ক দুৰ্বল হোৱা, স্নায়ুৰোগ, ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱা আদি বেমাৰৰ জৰিয়তে জনস্বাস্থ্যলৈ চৰম ভাবুকি কঢ়িয়াই আনিছে। আনহাতে, খেতিপথাৰত প্ৰয়োগ কৰা ৰাসায়নিক কীটনাশকসমূহৰ যি অৱশেষ থাকি যায়, সেয়াই জীৱ-জন্তু আৰু মানুহৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায়।

৩)ৰাসায়নিক কৃষিৰ ফলত মাটিৰ পানী ধৰি ৰখা ক্ষমতা কমি আহিছে আৰু পানী প্ৰদূষণে মাৰাত্মক ৰূপ লৈছে।

৪)ভাৰতবৰ্ষৰ ১৭৮ মিলিয়ন হেক্টৰ ভূমি অনূৰ্বৰ হোৱা, মাতৃদুগ্ধত ডি ডি টি আৰু আমাৰ দৈনিক ভোজনত পোৱা কীটনাশকৰ পৰিমাণ ০.২৭ মিঃ গ্ৰামলৈ বৃদ্ধি- এয়া ৰাসায়নিক খেতিৰে পৰিণাম।

৫)কৃষকৰ ডি এন এৰ অস্বাভাৱিক পৰিৱৰ্তন(যাৰ ফলত কেন্সাৰ ৰোগীৰ সংখ্যা সাংঘাতিকভাৱে বৃদ্ধি পাইছে)

ৰাসায়নিক খেতিৰ এনে অনেক পাৰ্শ্বক্ৰিয়াই সমগ্ৰ বিশ্বতে এক আতংকৰ সৃষ্টি কৰিছে।

আনহাতে জৈৱিক কৃষি হৈছে বহনক্ষম কৃষি ব্যৱস্থাৰ এনে এক অনন্য ৰূপ, যাৰ জৰিয়তে ভূমি স্বাস্থ্য, পৰিৱেশতন্ত্ৰ, মানৱ স্বাস্থ্য আদি সকলোতে ইতিবাচক প্ৰভাৱ পৰে। জৈৱিক কৃষি জনস্বাস্থ্য, জৈৱ-বৈচিত্ৰ্য আৰু বহনক্ষম উন্নয়নৰ বাবে অপৰিহাৰ্য। ইউৰিয়া, কপাৰ ছালফেট, মালাথিয়ান, ফুৰাডন আদি বৰবিহ খেতিত প্ৰয়োগ কৰাৰ পৰিৱৰ্তে কেঁচুসাৰ, অমৃতপানী, বীজামৃত, নেডেপ সাৰ, সমাধি সাৰ আদি প্ৰয়োগ কৰা উচিত। জৈৱিক কৃষি আই ধৰিত্ৰীৰ বাবে আশীৰ্বাদস্বৰূপ। জৈৱিক কৃষিৰ বাবে গৰু অতিকৈ প্ৰয়োজনীয়। জৈৱিক কৃষিৰ গতিশীলতা, বহনক্ষম গ্ৰামোন্নয়ন তথা উন্নত ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে গো-পালন, গো-ৰক্ষা আৰু গো-সংবৰ্ধন খুবেই আৱশ্যক। গৰু অবিহনে জৈৱিক কৃষিৰ কথা ভাবিবই নোৱাৰি৯।

জৈৱিক কৃষিৰ সু-প্ৰভাৱ:

১)জনস্বাস্থ্য, জৈৱ-বৈচিত্ৰ্যৰ দিশত ইতিবাচক প্ৰভাৱ পৰে।

২)জৈৱিক কৃষিৰ দ্বাৰা উৎপাদিত খাদ্য-সামগ্ৰী নিৰাপদ, স্বাস্থ্যসন্মত আৰু সু-স্বাদু হয়।

৩)মাটিৰ উৰ্বৰতা আৰু মাটিৰ পানী ধৰি ৰখা ক্ষমতা অটুট ৰাখে।

৪)ৰাসায়নিক কীটনাশকৰ অৱশেষে জীৱ-জন্তুৰ স্বাস্থ্যৰ হানি কৰে, কিন্তু জৈৱিক কীট নিয়ন্ত্ৰকত এনে আশংকাৰ কাৰণ নাই।

৫)জৈৱিক কৃষিয়ে গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰে।

লেখক: ভাৰ্গৱ কলিতা(নিয়মীয়া বাৰ্তা)

2.92592592593
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top